Dr Haris Well future : August 2019

Wednesday, August 28, 2019

অশান্তি দায়ক মুখৰ দুৰ্গন্ধ কেনেকৈ আতৰাবঃ

অশান্তি দায়ক মুখৰ দুৰ্গন্ধ কেনেকৈ আতৰাবঃ



কেতিয়াবা উৎসৱ প্ৰাৱনত আপুনি বন্ধুবান্ধৱৰ লগত আনন্দপূৰ্ন মূৰ্হুত্ত উপভোগ কৰি আছে আৰু আপোনাৰ বাবে হয়তো আপোনাৰ বন্ধু মহলে অস্বন্তিত পৰিব লগা হৈছে। অথবা আপোনি আপোনাৰ প্ৰিয়জনৰ লগত অন্তৰংগ মূৰ্হুত্ত উপভোগ কৰি আছে আৰু আপোনাৰ কথোপকথনে আপোনাৰ প্ৰিয়জনক ভীষন অস্বস্তিত পেলাইছে। আপোনি একান্ত ব্যক্তিগত সময়খিনিত নিজৰ প্ৰিয় ব্যক্তিজনক আপোনাৰ মনৰ ভাৱ বোৰ সুন্দৰকৈ প্ৰকাশ কৰা সময়ত যদি আপোনাৰ প্ৰিয়জনে নাক কোচাব লগা হয়। নিশ্বয় আপোনি মৰ্মাহত হব। আৰু ইয়াৰ একমাত্ৰ কাৰণ যদি আপোনি মুখৰ দুৰ্গন্ধ বুলি গম পায় আপোনি হয়তো বিচলিত হব। বাহ্যিকভাৱে আপোনি যমানেই ধুনীয়া বা দেখনীয়া নহওক কিয় ?


যদি আপোনাৰ মুখৰ দূৰ্গন্ধ হয় সকলো ব্যক্তিত্ব আৰু সন্দৈৰ্য্য যেন নিমিষতে ম্লান হৈ যায়। এই মুখৰ দুৰ্গন্ধই য


দিও দেহৰ বিশেষ ক্ষতি নকৰে বা শাৰীৰিক সমস্যাৰ সৃস্টি নকৰে মানুহৰ ব্যক্তিগত আৰু সামাজিক সম্পৰ্ক তথা মানসিক দিশতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। অন্যহাতে ই শৰীৰত লুকাই থকা ৰোগৰ আগ জাননিও হব পাৰে।


সেয়েহে আজি আপোনালোকক কম এই মুখৰ দূৰ্গন্ধ কাৰ হয়? কিয় হয়? ইয়াৰ প্ৰতিকাৰ কি? কেনেকোৱা ধৰনৰ ঔষধ ব্যৱহাৰ কৰিলে এই অস্বস্তিকৰ মুখৰ দুৰ্গন্ধৰ পৰা আপোনি প্ৰৰিত্ৰান পাব পাৰিব, তাৰ বিষয়েও আপোনালোকক কম। মই ডাঃ হৰি, আপোনালোক সকলোকে ডাঃ হৰিচ well future channel লৈ স্বাগতম জনাইছো। লগতে ডাঃ হৰিচ chenille টো subscribe আৰু বেল আইকনটো hit কৰৰিবলৈ অনুৰোধ জনালো, তেতিয়াহে আপোনি পৰৱতী স্বাস্থ্য সম্পৰ্কীয় নতুন নতুন ভিডিঅ সমূহ পাই থাকিবলৈ সক্ষম হব। এতিয়া আহো বিষয়টোলৈ।


চিকিৎসা বিজ্ঞানৰ ভাষাত হেলিটছিছ, সৰ্ব্বসাধাৰনতে আমি যাক মূখৰ দূৰ্গন্ধ বুলি কওঁ। বৰ্তমান সময়ত মানৱ সমাজৰ প্ৰায় লোকেই ভূগী থকা এক অতি অস্বিন্তকৰ স্বাস্থ্য সমস্যা। এক সমীক্ষা অনুসৰি বিশ্বৰ মূঠ জনসংখ্যাৰ প্ৰায় ২০ শতাংশ লোকেই কিবা নহয় কিবা কাৰণত এই হেলিটছিছ বা মূখৰ পৰা উলোৱা দূৰ্গন্ধৰ সমস্যাত ভুক্ত ভোগী।


মুখ গহ্ৱৰৰ বাদেও, নাক গহ্ৱৰ, নাকৰ ছাইনাছ, ডিঙিৰ, হাওঁ-ফাওঁ, খাদ্য-নলী, পাকস্থলী, যকৃত, আদি শৰীৰৰ বিভিন্ন অংগৰ কেতবোৰ অসুখৰ বাবে মুখৰ পৰা দূৰ্গন্ধ উলাব পাৰে।






মুখৰ দূৰ্গন্ধৰ শতকৰা ৯০ ভাগ ক্ষেত্ৰতে মুখ গহ্বৰ জড়িত থকা দেখা যায়। আমাৰ মুখৰ ভিতৰত প্ৰায় ৭০০ বিধ বিভিন্ন প্ৰকাৰৰ অনুজীৱ থাকে। জিভাৰ গুৰি অংশত এই অনুজীৱ বোৰে সংক্ৰামণ সৃষ্টি কৰি মুখৰ দূৰ্গন্ধ সৃষ্টি কৰিব পাৰে।


মুখৰ ভিতৰত যিকোনো অংশত বিজানু সংক্ৰামন ঘটি মুখৰ দূৰ্গন্ধ ওলাব পাৰে।


খোৱা খাদ্য যদি দাঁতৰ ফাকত লাগি থাকে এই খাদ্যকনাবোৰত বিজানু সংক্ৰামন হোৱাৰ বাবে মুখৰ পৰা দূৰ্গন্ধ ওলাব পাৰে।


বাহিৰৰ নাসাৰন্ধৰ পৰা মুখ গহ্ৱৰলৈ সংযোগী অংশটোত মুখ গহ্ৱৰ এক গুৰুত্ব পূৰ্ণ অংশ। ইয়াৰ মূখ গহ্ৱৰ লগত সংলগ্ন অংশক noso pharynx বুলি কোৱা হয়। নাকৰ ভিতৰত এই অংশত বিজানু সংক্ৰামন হলেও মুখৰ পৰা দূৰ্গন্ধ ওলাব পাৰে। ক্ৰনিক টনছিলাইটিছৰ সমস্যাত ভোগাৰ বাবেও মুখৰ দূৰ্গন্ধ ওলাব পাৰে। ফেৰিনজাইটিছৰ


বাবেও মুখৰ দূৰ্গন্ধ ওলাব পাৰে। দাঁতৰ পোকে খোৱা ৰোগৰ বাবেও মুখৰ দূৰ্গন্ধ ওাব পাৰে। এচিডিটি, বুকু জ্বলাপোৰা কৰা, হজম শক্তি বিসংগতি, পাৰিপাক ক্ৰীয়াত বিসংগতি আদিৰ কাৰনতো মুখৰ দূৰ্গন্ধ হব পাৰে। পিয়াজ, নহৰু, মাছ, মাংস, কণী, পণীৰ জাতীয় খাদ্য গ্ৰহণৰ পিছতো মুখৰ দূৰ্গন্ধ বেছি হোৱাৰ সম্ভৱনা থাকে। উচ্চ মাত্ৰাত প্ৰটিন আৰু শ্বেতসাৰ সম্পন্ন খাদ্য নিয়মিত খালে কিটোছিছ নামৰ পৰিপাক জনিত সমস্যা এটা উদ্ভৱ হব পাৰে। যত শৰ্কৰাৰ সলনি ছৰ্বিৰ দহন বেছিকৈ হয়। তেনে অৱস্থাত মুখৰ পৰা বৰ বেয়া দূৰ্গন্ধ ওলাব পাৰে ।ভিটামিন বিৰ অভাৱৰ বাবে জিভা, ওঁঠৰ ভিতৰ ভাগত বা দাঁতৰ আলু আদিত ঘাঁ হোৱাৰ বাবেও মুখৰ দূৰ্গন্ধৱ হব পাৰে।


মদ্যপ্ৰানৰ আসক্তি, পৰিপুষ্টিৰ অভাৱ, যকৃতৰ দূৰ্ব্বলতা, হাওঁফাওঁ সংক্ৰমন, বিক্কৰ সংক্ৰমন আৰু বিকলতা, কৰ্কট ৰোগ, মধুমেহ, সময় মতে খাদ্য গ্ৰহন নকৰা, ফাষ্টফুড, জাংফুড আদি বেছিকৈ খোৱা, কিছুামান ঔষধ গ্ৰহন কৰা। মহিলা ঋতুৰ বিসংগতি, হৰমন জনিত কাৰনতো মুখৰ দূৰ্গন্ধ ওলাব পাৰে। ধপাত জাতীয় দব্য গ্ৰহন কৰা ফলতো মুখৰ দূৰ্গন্ধ ওলাব পাৰে।


মুখৰ এই দূৰ্গন্ধ আতৰাবৰ বাবে ভুক্ত ভোগীয়ে নিজেও কিছুমান সাৱধনতা অৱলম্বন কৰাটো অতি জৰুৰী।


মুখ গহ্বৰৰ ভিতৰ ভাগ সৰ্ব্বত্ত পৰিষ্কাৰ কৰি ৰখাটো প্ৰথম আৰু প্ৰধান কতব্য। যিকোনো খাদ্য খোৱা পাছতেই মুখ ভাল দৰে কুল কুলি কৰিব লাগে। মাংস আদি খালে প্ৰয়োজন অনুযায়ী ব্ৰাচ কৰিব লাগে। ৰাতি খাদ্য খোৱাৰ পাছত মুখ পৰিষ্কাৰ কৰিব লাগে। দিনটোত অন্তত ২ বাৰ ব্ৰাচ কৰিব লাগে। দিনৰ ভাগত লালতিৰে আমাৰ মুখৰ ভিতৰ ভাগ তিতি থাকে কিন্তু ৰাতি শুৱাৰ পাছত লালতি নিসৰন কমি যায়। যাৰ ফলত জীৱানুৱে বংশ বৃদ্ধি কৰিবলৈ সুবিধা পায়। যদি দাঁতৰ ফাকত খাদ্য বস্তু টুকুৰা থাকি যায়তেনে হলে বিজানুৱে সংক্ৰমন ঘটাই দূৰ্গন্ধ বিয়পোৱাত সহায় কৰে। মুখৰ ভিতৰত আৰ্দ্ৰতা সঠিক ৰাখিৰ বাবে পৰ্যাপ্ত পানী খাব লাগে। জিহ্বা ভালদৰে পৰিষ্কাৰ কৰিব লাগে। ভালদৰে পৰিষ্কাৰ নকৰিলে জিহ্বাৰ ওপৰ ভাগৰ খহতা অংশতে মৃত কোষ, খাদ্যৰ অৱশিষ্ট, বেক্টিৰিয়া আদি জমা হৈ দূৰ্গন্ধ সৃষ্টি কৰিব পাৰে। বছৰত একবাৰ দন্ত চিকিতসকৰ দ্বাৰা দাঁত পৰিষ্কাৰ কৰাব লাগে। ধূম্ৰপ্ৰান আৰু মদ্যপ্ৰানৰ অভ্যাস থাকিলে পৰিহাৰ কৰিব লাগে।


খোৱাৰ খাদ্যৰ প্ৰতিও বিশেষভাৱে শতৰ্কতা অৱলম্বন কৰিব লাগে। মাছ মাংস বেছিকৈ খাব নালাগে। পানীৰ জাতীয় খাদ্য পৰাপক্ষ এভইড কৰিব। ভিতামিন চি যুক্ত আহাৰ গ্ৰহন কৰিব লাগে। কমলা, নেমু আমলখি আদি খাব লাগে। আঁহ যুক্ত ফলহাৰ গ্ৰহন কৰিব লাগে। green tea দিনটোত ২ কাপ খাব পাৰে ই মুখৰ বেয়া গোন্ধ আতৰ হোৱাত সহায় কৰে। সেউজীয়া শাক পাচলী খাব লাগে। চুংগ্ৰাম বা মিন্ট চোবাব পাৰে, সাময়িক ভাৱে দূৰ্গন্ধৰ পৰা উপশম পাবৰ বাবে। কিন্তু চুইংগ্ৰাম জোখত কৈ বেছি খালে দেহৰ ক্ষতি কৰিব পাৰে।
এতিয়া আহো মুখৰ দুৰ্গন্ধ দূৰকৰা মেডিচিনঃ


এই অস্বন্তিকৰ মুখৰ দূৰ্গন্ধ দূৰ কৰিবৰ বাবে খুওব সুন্দৰ হোমিঅপেথিক মেডিচিন আছে। লক্ষণ অনুযায়ী এই মেডিচিন ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা সুওব সহজতে মুক্ত হব পাৰিব।
মুখৰ দুৰ্গন্ধৰ হোমিঅ পেথিক মেডিচিনঃ


Merc sol


মুখৰ দূৰ্গন্ধ আতৰ কৰা অতি ফলপষু ঔষধ। লালতী গন্থীৰ অত্যন্ত সক্ষমতাৰ বাবে যদি লালতি নিসৰন কমি যায়, দাঁতৰ কেভিতিৰ বাবে বাবে যদি দূৰ্গন্ধ হয়, লগতে যদি মুখৰ ভিতৰ অংশৰ লেৰিং, ফেৰিংচ আদিৰ বিজানু সংক্ৰমনৰ বাবে যদি মুখৰ দূৰ্গন্ধ হয় তেনেহলে এই মেডিচিন ব্যৱহাৰ কৰি খুওব সহজতে এই সমসযাৰ পৰা মুক্ত হব পাৰে। এই মেডিচিনটো ২০০ ক্ষমতাৰ ২টোপালকৈ দিনে ২বাৰ কৈ ব্যৱহাৰ কৰিব।


pulsatilla


মুখৰ দূৰ্গন্ধ আতৰ কৰা ক্ষেত্ৰত এই মেডিচিনটো ভূমিকা অপৰিসীম। ৰোগীৰ মুখৰ দূৰ্গন্ধ লগতে যদি মুখ শুকাই যোৱা সমস্যা থাকে তেনেহলে এই মেডিচিনটো ব্যৱহাৰ কৰি এই সমস্যা পৰা সহজে উপকৃত হব পাৰিব।


carbo veg


দাঁতৰ আলু ফুলে, দাঁতৰ আলুৰ পৰা তেজ উলায়, ইনফেকচন হয়, পেটৰ সমস্যাৰ লগতে মুখৰ দূৰ্গন্ধ হয় তেনেহলে মুখৰ দূৰ্গন্ধত এই ঔষধে উতকৃষ্ট ফল প্ৰদাণ কৰে।


carbolic acid


যদি কুষ্ঠকাঠিন্য সমস্যা থাকে, পেট ফুলি থকাৰ দৰেহয়, পেটত খামুচি ধৰা দৰে যদি বিষ হয় লগতে যদি মুখৰ দূৰ্গন্ধ থাকে তেনেহলে এই মেডিচিন ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা সহজতে উপক্ষম পালৈ সক্ষম হব।


nux vomika


বদহজম আৰু কুষ্টকাঠিন্যৰ সৈতে যদি মুখৰ দৰ্গন্ধৰ সমস্যাত ভূগে তেনেহলে এই মেডিচিনে খুওব সুন্দৰ ফল দিয়ে।


belladona


ডিঙিৰ ইনফেকচন, ডিঙিৰ বিষৰ সৈতে যদি মুখৰ দূৰ্গন্ধ সমস্যা হয় এই মেডিচিন অত্যন্ত ফলদায়ক।


kerosote-

মুখ দূৰ্গন্ধ সৈতে দাঁতৰ কেভিতিৰ লগতে যদি অত্যাধিক ৰক্তক্ষ ক্ষৰন হয়, দাঁতৰ আলুৰ পৰা তেজ উলাই তেনে হলে এই মেডিচিনে খুওব সুন্দৰ ফল দিয়ে।hi I am Dr Harihi I am Dr Hari

Saturday, August 17, 2019

হাই প্ৰেচাৰ বা উচ্চৰক্তচাপতভূগিলে কি খাবঃ

হাই প্ৰেচাৰ বা উচ্চৰক্ততাপত ভূগিলে কি খাবঃ 


উচ্চৰক্তচাপক নিৰব ঘাটক বুলি কোৱা হয়। কাৰণ দীৰ্ঘ সময় ধৰি কোনো ধৰণৰ লক্ষণ দেখা নিদিয়াকৈয়ে ই দেহৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। ৰক্তচাপৰ উচ্চ সীমা যদি ১২০ পৰা ১২৯ আৰু নিম্ন সীমা যদি ৮০ ত কৈ বেছি থাকে তেনেহলে তাক আমি উচ্চ ৰক্তচাপ বুলিকওঁ। 

 উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা কাৰ বেছি থাকে? 


বংশগতঃ উদাহৰণ স্বৰূপে যদি মাক-দেউতাক বা ককাক-আইতাকৰ উচ্চৰক্তচাপৰ সমস্যা আছে বা আছিল তেনেহলে সতি সন্তিৰো উচ্চ ৰক্তচাপৰ সমস্যা হব পাৰে। ৩৫ বছৰৰ উপৰৰ পুৰুষ-মহিলা, বেছিকৈ নিমখ খোৱা ব্যক্তি, মেদবহুল ব্যক্তি, জন্ম নিৰোধক বড়ী দীৰ্ঘদিনধৰি ব্যৱহাৰ কৰি থকা মহিলা, শাৰীৰিক পৰিশ্ৰম নকৰা এলেহুৱা স্বভাৱৰ ব্যক্তি, মাত্ৰাধিক পৰিমানে মাংস খোৱা লোকৰো উচ্চ ৰক্তচাপত ভোগা সম্ভাৱনা থাকে। অত্যাধিক মানসিক চাপত ভুগা লোকৰো উচ্চৰক্ত চাপৰ সমস্য হব পাৰে। 


উচ্চ ৰক্তচাপ কমাই ৰাখিবৰ বাবে কিছুমান খাদ্য নিয়মিত গ্ৰহণ কৰাটো অতি জৰুৰী। 


১) বেৰিঃ বেৰি উচ্চৰক্তচাপৰ বাবে ভাল খাদ্য। ব্লুবেৰি আৰু স্টবেৰিত এন্টি অক্সিডেন্ট থাকে ই উচ্চ
হাই-প্ৰেচাৰ-বা-উচ্চৰক্ততাপত-ভুগিলে-কি-খাব
ৰক্তচাপ নিয়ন্ত্ৰনত সহায় কৰে। 

২) কলঃ কলত পৰ্যাপ্ত পৰিমানে পটাচিয়াম থাকে। পটাচিয়ামে উচ্চ ৰক্তচাপ কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমেৰিকান হাৰ্ট এচচিয়েচনৰ এক তথ্যত কোৱা হৈছে যে, পটাচিয়ামে চডিয়ামৰ প্ৰভাৱ হ্ৰসকৰি ধমনী সমূহৰ উত্তেজনা কমাই ৰক্তচাপ নিয়ন্ত্ৰনত সহায় কৰে। এজন প্ৰাপ্তবয়স্কৰ লোকক দৈনিক ৪৭০০ মিলিগ্ৰাম প্ৰটাচিয়াম প্ৰয়োজন হয়। গতিকে পৰ্যাপ্ত পৰিমানে পটাচিয়াম গ্ৰহণ কৰিব লাগে। তাৰ বাবে কলৰ উপৰিও নাচপতি, তৰমোজ (হালধীয়া), মাচৰোম, মিঠা আলু, বিলাহী, মতৰ মাহ আদিৰ উপৰিও ৰৌ, ভকুৱা আদি মাছ খাব লাগে। এইবোৰ পটাচিয়ামৰ ভাল উতস। কিন্তু কিডনি বেমাৰত ভুগা ৰোগীয়ে এইবোৰ খোৱাৰ আগতে চিকিতসকৰ পৰামৰ্শ গ্ৰহণ কৰিলে ভাল। কাৰণ কিডনি ৰোগীৰ বাবে কেতিয়াবা পটাচিয়াম জাত খাদ্য হানিকাৰকো হব পাৰে। 

৩) বিটঃ বিটৰ ৰখ খালে ৰক্তচাপ কমি যোৱাৰ সম্ভাৱনা থাকে। এক গৱেষণাৰ তথ্য অনুসৰি বিটৰ ৰখ প্ৰতিদিনে ২৫০ মিলিলিটাৰ কৈ অৰ্থাত ১ কাপ কৈ ৪ সপ্তাহলৈ প্ৰাণ কৰি উচ্চৰক্ত চাপত যথেষ্ট ইতিবাছক ফল লাভকৰিব পৰা বুলি প্ৰকাশ কৰা হৈছে। 

৪) ডাৰ্ক চকলেটঃ এক গৱেষণাত প্ৰকাশপোৱা অনুসৰি চকলেটেও উচ্চৰক্তচাপ কমাব পাৰে। সৰ্ব্বনিম্ন ৭০ শতাংশ কোকা সমৃদ্ধ উচ্চ মান বিশিষ্ট চকলেট প্ৰতিদিনে ১ আউন্স অৰ্থাত ২৮.৩৪ গ্ৰাম সেৱন কৰক। ৰক্তচাপ নিয়ন্ত্ৰনত সহায়ক হব। 

৫) কিউৱিঃ কিউৱি ফল ভিটামিন চি সমৃদ্ধ। গতিকে এই ফল গ্ৰহণ কৰিলে উচ্চ ৰক্তচাপৰ সমস্য কম হয়। 

৬) তৰমোজঃ তৰমোজত চাইট্ৰলিন (L-citrulline) নামৰ এক ধৰনৰ এমাইন এচিড থাকে যি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰনৰ সহায়ক হয়। চাইট্ৰলিনে শৰীৰক নাইট্ৰিক অক্সাইড উতপন্ন কৰাত সহায় কৰে। আৰু ৰক্ত প্ৰবাহ নমনীয় কৰি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰন কৰাত সহায় কৰে। 

৭) ওটচঃ ওটচত বিটাগ্লুকন নামৰ এক প্ৰকাৰৰ ফাইবাৰ থাকে। যি কলেষ্টৰেলৰ মাত্ৰা হ্ৰসকৰি ৰক্ত প্ৰৱাহ নিয়মিয়া হোৱাত সহায় কৰে। এক গৱেষনাৰ তথ্যত কোৱা হৈছে যে বিটাগ্লুকনে শৰীৰৰ ৰক্তচাপ কমাই দিব পাৰে। 

৮) সেউজীয়া শাক-পাচলিঃ পাতল সেউজীয়া শাক-পাচলি নাইট্ৰেট সমৃদ্ধ, যি ৰক্তচাপ নিয়ন্ত্ৰনত সহায় কৰে। 

৯) নহৰুঃ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰনৰ বাবে নহৰু এক উতকৃষ্ট খাদ্য উতস। নহৰু খালে দেহত নাইট্ৰিকঅক্সাইডৰ পৰিমান বৃদ্ধি হয়। নহৰু এক ধৰণৰ প্ৰাকৃতিক এন্টিবায়তিক আৰু এন্টি ফাংগেল খাদ্য। নহৰু খোৱাৰ ফলত শৰীৰত নাইট্ৰিক অক্সাইডৰ উতপত্তি বৃদ্ধি হয়। যাৰ বাবে হৃতপিণ্ডৰ ধমনী সমুহৰ শিঠিলতা দুৰহৈ ৰক্তচাপ স্বাভাৱিক হোৱাত সহায়ক হয়। 

১০) দৈঃ প্ৰাকৃতিক দৈ খাব পাৰ। দৈ প্ৰবয়টিক সমৃদ্ধ, যি উপকাৰী বেক্টেৰিয়া, ই আমাৰ অন্তিক স্বাস্থ্য সূচল কৰি ৰখাত সহায় কৰি ৰক্তচাপৰ উপৰত বিশেষ প্ৰভাৱ পেলায়। 

১১) মচুৰ দাইলঃ এই দাইলৰ ব্যাপক চাহিদা আছে। বিশ্বযুৰী এই দাইল প্ৰধান খাদ্যৰূপে বিবেচিত হৈছে। কাৰণ ই নিৰামিষ প্ৰটিন আৰু ফাইবাৰৰ উতস। গতিকে উচ্চৰক্ত চাপৰ ভুগা ৰোগীৰ বাবে এই দাইল উপযোগী। 

১২) ডালিমঃ ডালিমত এন্টিঅক্সিডেন্ট উপাদান থাকে। গতিকে প্ৰতিদিনে এক কাপ ডালিমৰ জুচ খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰনত সহায়ক হয়। জুচৰ পৰিৱৰ্তে ডালিমো খাব পাৰে। 

১৩) ডালচেনিঃ আমি সুগন্ধি মচলাৰুপে ব্যৱহাৰ কৰা ডালচেনিয়েও উচ্চৰক্তচাপ কম কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে ডালচেন খাব পাৰে। ইয়াৰ উপৰিও চজিনা, লাই, লফা, চুকাশাক খাব পাৰে। কমলা, আমলখি, নেমু খাব পাৰে। আপেল, আঙুৰ, নাচপতি, টিয়হ, জাতিলাউ, অমিতা, বিলাহী, কোমোৰা, গাজৰ খাব পাৰে। ছৰ্বী মুক্ত গাখীৰ খাব পাৰে।hi I am Dr Hari

Monday, August 5, 2019

সতী ৰাধিকা উৎসৱ || All Assam Scheduled Caste Students Union(AASCSU)

মাজুলীৰ দৰিয়াপাৰত অনুসূচিত জাতি ছাত্র সন্থা আৰু মাজুলী জিলা অনুসূচিত জাতিৰ ৰাইজৰ
AASCSUউদ্যোগত আয়োজিত অনুসূচিত জাতি সমাৰোহ আৰু মাজুলী জিলা উদ্যোগত আয়োজিত সতী ৰাধিকা দিৱস উদযাপন অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰি সভা পৰিচালনা কৰাৰ লগতে মহীয়সী নাৰীগৰাকীলৈ সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ।

নৱবৈষ্ণৱ যুগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অস্পৃশ্যতা দূৰ কৰি ভাতৃত্ববোধৰ জৰিয়তে বৃহত্তৰ অসমীয়া জাতিক একত্ৰিত কৰি থৈ গৈছে। আমাৰ সমাজত নাৰীৰ মৰ্যাদাক গুৰুজনাই তাহানিতে উচ্চ আসন প্ৰদান কৰিছিল। অনুসূচিত জাতি জন্ম জাত সতী ৰাধিকা হ'ল- অসমৰ নাৰী সমাজৰ সততা, নিষ্ঠা, ধৈৰ্য্য, শান্তি আৰু সাহসিকতাৰ প্ৰতীক।

AASCSU
আজিৰ এই সমাৰোহ তথা সতী ৰাধিকা উৎসৱত উপস্থিত থাকি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল ডাঙৰীয়াই অসমৰ লগতে মাজুলীৰ অনুসূচীত জাতিৰ লোকসকলৰ সামাজিক আৰু আৰ্থিক সুৰক্ষা নিশ্চিত কৰাৰ বাবে বিভিন্ন কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । সতী ৰাধিকাৰ আদৰ্শেৰে উদ্বুদ্ধ হৈ অনুসূচীত জাতিৰ সৰ্বাংগীণ উন্নয়নৰ বাবে আমি অনাগত দিনতো দৃঢ়তাৰে কাম কৰি যাম বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
AASCSU

All Assam Scheduled Caste Students

All Assam Scheduled Caste Studentshi I am Dr Hari

Sunday, August 4, 2019

আঁঠুৰ বিষ, হাত-ভৰিৰ বিষ, গাঁঠি গাঁঠি বিষ ইউৰিক এচিডৰ সমস্যা নেকি? Uric acid

ইউৰিক এচিড কি?

কিয় দেহত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হয়?

    বৰ্তমান সময়ত সচৰাচৰ দেখিবলৈ পোৱা এটা সমস্যা- সমস্যাটো হল ইউৰিক এচিড বৃদ্ধি।
uric-Acid
কেতিয়াবা ভৰিৰৰ বুঢ়া আঙুলিৰ পোৰনি, বিষ, হাতৰ আঙুলি বা কিলাকুটিৰ বিষ, আঠুঁৰ বিষ, শৰীৰৰ গাঁঠি গাঁঠি বিষ আদি সমস্যাই কিছুমান মানুহক বাৰুকৈ অশান্তি দিয়া পৰিলক্ষিত হৈছে। আৰু যেতিয়া এই সমস্যাবোৰ লৈ ব্যক্তিজন ডাক্তৰৰ কাষ চাপে তেতিয়া পৰিক্ষা নিৰীক্ষা কৰা পাছত গম পোৱা যায় যে ব্যক্তিজনৰ ইউৰিক এছিডৰ সমস্যা হৈছে। অৰ্থাত দেহত ইউৰিক এছিডৰ পৰিমান বৃদ্ধি হৈছে। আছলতে এই ইউৰিক এচিড নো কি? কিয় দেহত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হয়? এই ইউৰিক এচিডৰ মাত্ৰা বাঢ়িলে কেনেকুৱা ধৰনৰ খাদ্য বৰ্জন কৰিব লাগিব, কি কি হোমিঅপেথিক ঔষধ গ্ৰহন কৰিলে দেহত ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰনত ৰাখিব পাৰিব। সেই বিষয়েও আমি আলোচনা কৰিম।

      আমাৰ দেহত পটাছিয়াম, ছডিয়াম কাৰ্বনেট, বা এলকালিন অৰ্থাত ইলেক্টো লাইটৰ ভাৰসাম্য ৰক্ষাত ইউৰিক এচিদৰ গুৰুত্বপূৰ্ন ভূমিকা আছে। আমাৰ তেজত এই ইউৰিক এচিদ খুউব কম পৰিমানে থাকে। যিটো সাধাৰনতে দেহৰ মৃত কোষ আৰু খাদ্যৰ উপাদানত থকা পিউৰিন নামৰ পদাৰ্থৰ পৰা উতপন্ন হয়। ই আমাৰ দেহৰ এক ধৰনৰ তক্সিক উপাদান। আমি খোৱাৰ খাদ্য পৰা পৰিপাক ক্ৰীয়াৰ জৰীয়তে আমাৰ দেহে প্ৰয়োজনীয় পোষন গ্ৰহন কৰা অন্তত বাকী থকা আৰ্ৱজনাবোৰ মল, মূত্ৰ, ঘাম, শ্বাস-প্ৰশ্বাসৰ জৰীয়তে শৰীৰৰ পৰা বাহিৰ হৈ যায়। ইউৰিক এচিদও নিৰ্দিষ্ট পৰিমানতকৈ বেছি হলে আমাৰ দেহে তাক অপসাৰন বা বাহিৰ কৰি দেহত ইয়াৰ ভাৰসাম্য ৰক্ষা কৰি থাকে। আমি দৈনন্দিন গ্ৰহন কৰা খাদ্য কিছুমানত পিউৰিন নামৰ পদাৰ্থ বিধ থাকে আৰু এইবোৰ বিপাকৰ অন্তত আমাৰ ৰক্তত মিশ্ৰিত হৈ কিডনিত প্ৰবেশ কৰে আৰু কিডনিয়ে ইয়াক বাহিৰ কৰে। 

        আমাৰ শৰীৰত থকা ইউৰিক এচিদৰ ৩ ভাগৰ ২ ভাগ আমাৰ লিভাৰতে উতপন্ন হয়। আৰু বাকী ১ ভাগ খাদ্যৰ পৰা সংগৃহীত হয়। যকৃতত উতপন্ন হোৱা এই অতিৰিক্ত ইউৰিক এছিড কিডনিয়ে প্ৰস্বাৱৰ জৰীয়তে শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। যদি আমি অত্যাধিক মাত্ৰাত পিউৰিন যুক্ত খাদ্য খাও তেতিয়া আমাৰ দেহত ৰক্তৰ ঘনত্ব বৃদ্ধি হয় আৰু ইউৰিক এচিডৰ মাত্ৰা বাঢ়ি যায়।

অতিমাত্ৰা ইউৰিক এচিডে আমাৰ দেহত কি কি ক্ষতি কৰেঃ- 


মাত্ৰাধিক ইউৰিক এছিদে আমাৰ দেহত অভ্যন্তৰীন বিভিন্ন অংগৰ ক্ষতি কৰিব পাৰে। বিশেষকৈ কিডনিত দীৰ্ঘদিন ধৰি জমা হলে কিডনি পাথৰ হোৱা সম্ভাৱনা বৃদ্ধি হয়। ফলত কিডনিয়ে সঠিক ভাৱে কাম নকৰে আৰু প্ৰস্বাৱৰ দ্বাৰা ইউৰিক এচিড ও অন্যান্য বহিজাত আৱৰ্জনা শৰীৰৰ পৰা বাহিৰ হব নোৱাৰে। কিডনিৰ কাৰ্য ক্ষমতা নষ্ট হৈ কিডনি বিকলও হব পাৰে। ইয়াৰ ওপৰিও বৰ্দ্ধিত ইউৰিক এচিড শৰীৰৰ বিভিন্ন অস্থি সন্ধী সমূহত জমা হয়। অস্থি সন্ধি সমূহত ক্ৰিষ্টেল গঠন হৈ অস্থিসন্ধি সমূহ ৰঙা পৰি ফুলি যোৱাৰ লগতে অত্যাধিক বিষ হবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত আক্ৰান্ত ৰোগীৰ দৈনন্দিন কাম কাজৰ লগতে চলা ফুৰা কৰাতো অসুবিধাৰ সৃষ্টি হব পাৰে। এই ৰোগক গাউট বুলিও কোৱা হয়। হাইপ্ৰেচাৰ বা উচ্চ ৰক্তচাপ হোৱাৰো সম্ভাৱনা বৃদ্ধি হয়। ইয়াৰ উপৰিও হাৰ্টৰ বেমাৰ হোৱাৰো সম্ভাৱনা বৃদ্ধি হয়।

আমাৰ শৰীৰৰত ইউৰিক এচিডৰ পৰিমান কিমান থাকিব লাগেঃ- 

আচলতে এজন প্ৰাপ্ত বয়ষ্কৰ লোকৰ তেজত প্ৰতি ডেচিলিটাৰত ৭ মিলি গ্ৰাম আৰু মহিলাৰ ক্ষেত্ৰত ৬ মিলি গ্ৰাম প্ৰতিডেচিলিটাৰত হব লাগে। তেজ পৰীক্ষা দ্বাৰা ইয়াৰ মাত্ৰা নিৰ্নয় কৰা হয়। 

কি কি খাদ্যৰ দ্বাৰা ইউৰিক এচিড বাঢ়েঃ- 


১) ৰঙা মাংসঃ- গৰু, চাগলী, গাহৰীৰ মাংস, মাচৰ কনী, কলিজা ইত্যাদি যদি বেছিকৈ খোৱা হয় তেনেহলে ইউৰিক এচিড বৃদ্ধি হোৱা সম্ভাৱনা বৃদ্ধি হয়। ইয়াৰ উপৰিও পিউৰিন সমৃদ্ধ শাক-চবজিও বীজ জাতীয় খাদ্য যেনে বিভন্ন প্ৰকাৰৰ দাইল, বীজ, মাচৰোম, পালেং শাক, চীম, লেচেৰা মাহ, ফলৰ ভিতৰত, আম, কঠাল, খেজুৰ, কিচমিচ, তাল ইত্যাদি। ইয়াৰ উপৰিও অতিৰিক্ত চেনি খালেও ইউৰিক এচিড বৃদ্ধি হব পাৰে। মেদবহুল ব্যক্তি সকলৰো এই ইউৰিক এচিড হোৱা সম্ভাৱনা বেছি থাকে। কেন্সাৰ ৰোগী সকলৰো এই ইউৰিক এচিড বৃদ্ধি হোৱা সম্ভৱনা থাকে। যি সকল লোকৰ খোৱা লোৱা খুউব অনিয়মিত বা অধিক সময় নোখোৱাকৈ থাকে তেনে লোকৰো ইউৰিক এচিড বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে।

এতিয়া আহো ইউৰিক এচিডৰ সমস্যাত ভূগা ৰোগীয়ে কি কি খাদ্য খাবঃ- জলচৰ প্ৰানী ভিতৰত- মাছ খাব পাৰে। মূৰ্গীৰ মাংস, দীমৰ বগা অংশ, মাখন উলিওৱা গাখীৰ আৰু দূগ্ধজাত খাদ্য। সশ্যজাত খাদ্যৰ ভিতৰত- জটিল কাৰ্বহাইড্ৰেট অৰ্থাত ৰঙা চাউল, চিৰা ইত্যাদি। শাক পাচলীৰ ভিতৰত- জাতি লাও, চাল কোমোৰা, আলু, মিঠা আলু বা গৰীয়া আলু, পটল, জিকা, কুণ্ডুলী, কলপচলা, কঠালৰ মূচি, কলমৌ শাক, লাও-কোমোৰা আগ, ভেণ্ডি, গাজৰ, মূলা, চালগোম, কেপচিকাম, বন্ধাকবি, আদি। ফলৰ ভিতৰত টেঙা জাতীয় ফল সমূহ যেনে কমলা, নেমু, বগৰী, আমলখি, জামুক, আপেল, নাচপতি, আঙুৰ, অমৰা, আনাৰস, কল, খেজুৰ আদি খাব পাৰে।

হোমিঅ পেথিক ঔষধঃ-


মানুহৰ দেহত যেতিয়া ইউৰিক এচিড বৃদ্ধি হয় তেতিয়া লাহে লাহে এই ইউৰিক এছিড শৰীৰৰ গাঁঠি - যেনে আঠুৰ জয়েন্টত ক্ৰিষ্টেল ফৰ্ম হয়। আৰু অত্যন্ত বিষ হয় চলা ফুৰা কৰিব নোৱাৰা হয়। ৰক্তচাপ, হৃদৰোগ, বাতৰোগ আদি অজস্ব সমস্যা হয়। ইয়াৰ পৰা গাউত বা গাঁঠি বাত ৰোগ হয়। ইউৰিক এচিডে সৃষ্টি কৰা এই গাউট ৰোগৰ বিষয়ে আমি পৰৱৰ্তী ভিডিঅত কথা পাতিম। আপোনালোকে এটা কথা মনত ৰাখি থব যে যদি ইউৰিক এচিড বৃদ্ধি হবলৈ ধৰে তেনেহলে প্ৰথম অস্থাত প্ৰস্বাৱত অলপ ঘোৰাঁৰ প্ৰস্বাৱৰ দৰে গোন্ধ উলোৱা বা প্ৰস্বাৱত গেদ পৰা, প্ৰস্বাৱ ডাঠ হোৱাৰ লক্ষনৰ লগতে ভৰিৰ বুঢ়া আঙুলি বা টিকাত বিষ হোৱা আদি লক্ষন প্ৰকাশ পাব। এই লক্ষন প্ৰকাশ পালেই আপোনালোকে হোমিঅপেথিক ঔষধ acid benzic 200 ব্যৱহাৰ কৰিব। মেডিচিনটো ২ টোপালকৈ দিনত ২ বাৰ ব্যৱহাৰ কৰিব। মন্ত্ৰৰ দৰে কাম কৰে। যদি প্ৰাৰম্ভিক অৱস্থাত এই ঔষধ ব্যৱহাৰ কৰে তেনেহলে তেজত ইউৰিক এচিডৰ পৰিমান খুউব দ্ৰুতগতিত নিয়ন্ত্ৰনলৈ আহে।
hi I am Dr Hari