স্কুল, অফিচ, ৰাজহুৱা স্থানৰ প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰাৰ বাবেও ইউৰিন ইনফেকচন হব পাৰে। যিদৰে কোনো পাত্ৰত দীৰ্ঘ সময় ধৰি পানী জমাথাকিলে বেক্টেৰিয়া উতপত্তি হয় তেনেদৰে আমাৰ ইউৰিনাৰী ব্লাডাৰত বহুসময় ধৰি প্ৰস্ৰাৱ জমাথাকিলে প্ৰস্ৰাৱত থকা বেক্টেৰিয়া সক্ৰীয় হৈ যায়।পুৰুষৰ তুলনাত মহিলাৰ সংক্ৰমন হোৱাৰ সম্ভাৱনা বেছি। কাৰণ পুৰুষৰ তুলনাত মহিলাৰ মুত্ৰাশয় তুলনামূলক ভাবে সৰু হয়।যৌন সম্পৰ্ক স্থাপনৰ সময়ত ইয়াত পৰা প্ৰভাৱৰ ফলতো ইউৰিনাৰি ইনফেকচন হব পাৰে।
· প্ৰস্ৰাৱত দূৰ্গন্ধ
· বমি ভাৱ বা বমি বমি হোৱা
· প্ৰস্ৰাৱ গাঢ় হালধীয়া বা ৰঙা হোৱা
· তল পেট বা পিঠিত তীব্ৰ বীষ হোৱা
· ঘনাই ঘনাই প্ৰস্ৰাৱ লাগে কিন্তু ভালদৰে নহোৱা
· প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ বা জ্বলাপোৰা কৰা
· যিকোনো সময়তে জ্বৰ জ্বৰ ভাব লাগি থকা
· তলপেট বিষ হোৱা আদি।
বিশেষকৈ গৰমৰ দিনত মুত্ৰ সংক্ৰমণ বেচিহোৱা দেখাযায়।
ইউৰিনাৰি ইনফেকচনৰ কাৰনঃ-
কিডনীয়ে তেজ পৰিস্কাৰ কৰি বিষাক্ত পদাৰ্থ বা অন্য বিষাক্ত দব্য সমূহ মূত্ৰাশয়লৈ পথায়। মুত্ৰাশয় যেতিয়া সম্পূৰ্ণ ৰুপে ভৰিপৰে তেতিয়া মূত্ৰবাহী নলীত চাপৰ সৃষ্টি হবলৈ ধৰে। যাৰ বাবে আমাব প্ৰস্ৰাৱৰ অনুভৱ আহে। যদি কিবা কাৰণত ব্যক্তিয়ে ইয়াক বাধাদিয়ে বা প্ৰস্ৰাৱ বাহিৰ কৰি নিদিয়ে তেতিয়া ই সংক্ৰমনৰ কাৰণ হৈ পৰে। Coli-E একধৰণৰ বেক্তেৰিয়া হয় যি মুত্ৰ নলীৰ সংক্ৰমণৰ কাৰক হয়। এই বেক্টেৰিয়া মানুহৰ মূত্ৰনলী আৰু কিডনীত পোৱা যায় আৰু সম্পূৰ্ণ শৰীৰত ই বিচৰণ কৰে।
এতিয়া আহো ইয়াৰ অন্যান্য কাৰণ সমূহলৈঃ-
চাফচিকুন নোহোৱাটোও ইয়াৰ এটা মুখ্য কাৰণ হয়। গতিকে স্নানাগাৰ সদাই সু-পৰিস্কাৰ কৰি ৰাখিব লাগে।
যথাসাধ্যে ৰাজহুৱা প্ৰস্ৰাৱগাৰ ব্যৱহাৰৰ পৰা বিৰত থাকক। সাৰ্বজনীন প্ৰস্ৰাৱ গাৰো ইউৰিনাৰি ইনফেকচনৰ আন এক কাৰণ হয়। যৌন সম্পৰ্ক স্থাপনৰ সময়ত ইয়াত পৰা চাপৰ ফলত Coli-E নামৰ বেক্টেৰিয়া পেটৰ পৰা মূত্ৰাশয়লৈ গতি কৰে। কনডম ব্যৱহাৰ কৰোতে হোৱা ঘৰ্ষণৰ ফলতো এই সংক্ৰমণ হব পাৰে। মধুমেহ বা ডাইবেটিছত আক্ৰান্ত্ৰ ব্যক্তিৰ এই সংক্ৰামণ বহু গুৰুতৰ সমস্যা হব পাৰে।

ইউৰিনাৰি ইনফেকচনৰ পৰা বাচি থাকিবলৈ কি কৰিবঃ-

No comments:
Post a Comment
Thanks