মাজুলীৰ দৰিয়াপাৰত অনুসূচিত জাতি ছাত্র সন্থা আৰু মাজুলী জিলা অনুসূচিত জাতিৰ ৰাইজৰ
উদ্যোগত আয়োজিত অনুসূচিত জাতি সমাৰোহ আৰু মাজুলী জিলা উদ্যোগত আয়োজিত সতী ৰাধিকা দিৱস উদযাপন অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰি সভা পৰিচালনা কৰাৰ লগতে মহীয়সী নাৰীগৰাকীলৈ সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ।
উদ্যোগত আয়োজিত অনুসূচিত জাতি সমাৰোহ আৰু মাজুলী জিলা উদ্যোগত আয়োজিত সতী ৰাধিকা দিৱস উদযাপন অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰি সভা পৰিচালনা কৰাৰ লগতে মহীয়সী নাৰীগৰাকীলৈ সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ।
নৱবৈষ্ণৱ যুগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অস্পৃশ্যতা দূৰ কৰি ভাতৃত্ববোধৰ জৰিয়তে বৃহত্তৰ অসমীয়া জাতিক একত্ৰিত কৰি থৈ গৈছে। আমাৰ সমাজত নাৰীৰ মৰ্যাদাক গুৰুজনাই তাহানিতে উচ্চ আসন প্ৰদান কৰিছিল। অনুসূচিত জাতি জন্ম জাত সতী ৰাধিকা হ'ল- অসমৰ নাৰী সমাজৰ সততা, নিষ্ঠা, ধৈৰ্য্য, শান্তি আৰু সাহসিকতাৰ প্ৰতীক।
আজিৰ এই সমাৰোহ তথা সতী ৰাধিকা উৎসৱত উপস্থিত থাকি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল ডাঙৰীয়াই অসমৰ লগতে মাজুলীৰ অনুসূচীত জাতিৰ লোকসকলৰ সামাজিক আৰু আৰ্থিক সুৰক্ষা নিশ্চিত কৰাৰ বাবে বিভিন্ন কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । সতী ৰাধিকাৰ আদৰ্শেৰে উদ্বুদ্ধ হৈ অনুসূচীত জাতিৰ সৰ্বাংগীণ উন্নয়নৰ বাবে আমি অনাগত দিনতো দৃঢ়তাৰে কাম কৰি যাম বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
hi I am Dr Hari


No comments:
Post a Comment
Thanks