liver chronic disease || লিভাৰ চিৰচিচ কিয় হয়?
চিৰোচিচ বা লিভাৰ চিৰচিচ নামৰ ৰোগৰ কথা আমি বহুতেই জানো। কিন্তু জন্ডিচ বুলি কলে আমি যিমান বিচলিতচিৰচিচ শব্দটোৰ প্রথম ব্যাখ্যা আগবঢ়াই বিখ্যাত ফৰাচী বিজ্ঞানী ডাঃ ৰিনে লেনেকে (Rene Laennec) ১৮১৯ খ্রীষ্টাব্দত । শব্দটি আহিছে গ্রীক শব্দ কিৰাচৰ (Kirrhos) পৰা। যাৰ অর্থ হালধীৰ দৰে হালধীয়া ৰঙ, যিটো লিভাৰৰ দীর্ঘস্থায়ী প্রদাহৰ বাবে ৰোগীৰ শৰীৰত দেখা যায়। আমি জানু যে যকৃত বা লিভাৰ হল মানুহৰ শৰীৰৰ এটি অতি গুৰুত্বপূৰ্ণ অঙ্গ। পিত্ত নিঃসৰণৰ দ্বাৰা খাদ্য হজম হোৱাৰ পৰা আৰম্ভ কৰি শৰীৰৰ যাৱতীয় বিপাকীয় কার্যাৱলী লিভাৰৰ দ্বাৰা সম্পাদিত হয়। গতিকে লিভাৰৰ অসুস্থতাৰ ফলাফল ব্যাপক ও ভয়াবহ হয় । বিভিন্ন কাৰণত লিভাৰ চিৰচিচ হব পাৰে। কাৰণ যিয়েই হওঁক নূন্যতম ছয় মাহধৰি প্রদাহ নহলে লিভাৰৰ স্বাভাবিক গঠন পৰিৱর্তন নহয়। লিভাৰ চিৰচিচ হবলৈ কমপক্ষেও ৪-১০ বছৰ সময় লাগে। ভাৰতত চিৰচিচৰ প্রধান কাৰণ শৰীৰত হেপাটাইটিচ ‘বি’ ভাইৰাচৰ সংক্রমণ।
ইয়াৰ ওপৰিও অন্যান্য কাৰণ সমূহ হল :-
o হেপাটাইটিচ ‘চি’ ভাইৰাচ সংক্রমণ।
o লিভাৰত অতিৰিক্ত চর্বি।
o অতিৰিক্ত মদ্যপান।
o ইমিউনলজিক্যেল ৰোগ: অটোইমিউন লিভাৰ ডিজিজ।
o প্রাইমাৰী বিলিয়াৰী চিৰচিচ।
o জেনেটিক বা বংশানুক্রমিক ৰোগ, যেনে: হেমোক্রমাটোচিচ, উইলচন্স ডিজিজ।
o কিছুমান অজ্ঞাত কাৰণটো লিভাৰ চিৰচিচ হব পাৰে।
ৰোগী যদি নূন্যতম ছয় মাহ বা তাতকৈ বেচিদিন এই কাৰক সমূহত আক্রান্ত হৈ থাকে তেনে হলে লিভাৰত দীর্ঘ ম্যায়াদী প্রদাহৰ সৃষ্টি হৈ চিৰচিচলৈ ৰুপান্তৰিত হয়। এই ৰোগৰ আৰম্ভনিতে কোন ধৰণৰ উপসর্গ নাথাকে বুলিয়েই কব পাৰি। কিন্তু লাহে লাহে ৰোগী শাৰীৰিক দুর্বলতা, ভোক নলগা, পেট ফোঁলা, হজমৰ বিসংগতি এনে বোৰ নানা ধৰণৰ সমস্যা বাবে চিকিৎসকৰ কাষ চাপে। আটাইতকৈ ভয়াৱহ কথাটো হল বেমাৰটো অতি বৃদ্ধি নোহোৱা পৰ্যন্ত আক্ৰান্ত ৰোগী কোনো শাৰীৰিক সমস্যা বা ৰোগৰ কোন লক্ষণ দেখা নাযায়।
লিভাৰ চিৰচিচক মূলত দুই ভাগত ভাগ কৰা হয়ঃ
প্রথম- Compensated Cirrhosis.
এই ৰোগীৰ চিৰচিচ অৱস্থাত স্বাভাবিক মানুহৰ দৰেই সাধাৰণ সমস্যা অথবা তেজবমি বা পায়খানা কোলা হোৱাৰ সমস্যাৰ বাবে চিকিৎসকৰ উচৰলৈ আহে । নিয়মিত শাৰীৰিক স্বাস্থ্য পৰীক্ষাত ইয়াৰ অধিকাংশৰেই চিৰচিচ ধৰা পৰে।
দ্ব্বিতীয়ত- Decompensated Cirrhosis.
কোনো কোনো ৰোগী শৰীৰত পানী জমা অবস্থাত, জন্ডিচৰ বাবে বা অজ্ঞাত কাৰণত চিকিতৎসকৰ শৰণাপন্ন হয়।
চিৰচিচ আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ লক্ষণীয় দিশ সমূহঃ-
o ৰোগ নির্ণয় (Diagnosis)
o ৰোগৰ কাৰণ নির্ণয় (Aetiology)
o ৰোগৰ বাবে সৃষ্ট জটিলতা নির্ণয় (Complication)
o ৰোগীৰ বর্তমান অবস্থা (Present Status)|
এই চাৰিটা বিষয়ৰ বাবে ৰোগীক বিভিন্ন পৰাক্ষা নিৰীক্ষা কৰাৰ প্ৰয়োজন। মূল চিকিৎসা এই দিশ সমূহৰ প্ৰতি লক্ষ্যৰাসি কৰা হয়।
লিভাৰ চিৰচিচৰ পৰৱৰ্তী জটিলতা কিছু লক্ষণ এনে ধৰণৰ-
ডিঙীৰ ৰক্তনলী টান হৈ যোৱা আৰু ৰক্তক্ষৰণ, বাৰে বাৰে অজ্ঞান হৈ পৰা, পেট ও শৰীৰত পানী জমা, জন্ডিচ, কিডনিৰ বিকলতা, প্রস্রাবৰ সমস্যা ইত্যাদি।
ৰোগ প্রতিৰোধৰ বাবে অগ্রসৰ হোৱাৰ পূর্বে ৰোগ নির্ণয়েই হল এই ৰোগৰ পৰা বচাৰ একমাত্ৰ উপায়। যেহেতু হেপাটাইটিচ ‘বি’ ভাইৰাচ সংক্রমণেই এই ৰোগৰ প্রধান কাৰণ, সেহে হেপাটাইটিচ ‘বি’ ৰ সংক্রমনণ প্রতিৰোধ কৰা জৰুৰী। তাৰ বাবে হেপাটাইটিচ ‘বি’ ৰ চিতা লব লাগে, নিৰাপদ ৰক্ত গ্ৰহণ, ডিচপজেবল বেজি ব্যবহাৰ আৰু ব্লেড, ৰোজৰ, ব্রাচ, ক্ষুৰ আদি যেন বহুতে ব্যবহাত কৰিব নোৱাৰে তাৰ বাবে সাৱধান হব লাগে। ‘বি’ ভাইৰাচত আক্রান্ত মাহিলা গর্ভবতী হলে সন্তান জন্মদিয়াৰ লগে লগে দুই ধৰণৰ চিতা দিয়া বাঞ্চনীয়। ইয়াৰ উপৰি পৰিয়ালৰ কোনো এজন ব্যক্তি চিৰচিচত আক্ৰান্ত হলে বাকী সদস্যসকলেও সাৱধানতা অৱলম্বন কৰিব লাগে আৰু প্ৰযোজন অনুসৰি লিভাৰ ৰোগৰ বিশেষজ্ঞ সৈতে পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
উন্নয়নৰ লগে লগে দেশত যিমান নগৰ চহৰ গঢ়ি উঠিছে সিমানেই বৃদ্ধি পাব ধৰিছে উশৃংসল জীৱন যাপন আৰু মদ্যপানৰ সমস্যা, প্রক্রিয়াজাত খাদ্য গ্রহণ আৰু ফাস্ট ফুড কালচাৰৰ ফলত সৃষ্টি হৈছে অতিৰিক্ত মেদ। যাৰ বাবে লিভাৰত চর্বি জমাহোৱাৰ লগতে চিৰচিচৰ সম্ভাৱনাও বাঢ়িছে। গতিকে সৃংশলীত জীবন ও খাদ্যাভ্যাস, নৈতিকতা বিৰোধী কাম কাজ পৰিহাৰ, পৰিশ্রম ও ব্যায়াম আৰু ডায়বেটিচ নিয়ন্ত্রনৰ দ্বাৰা এই ৰোগৰ পৰা মুক্ত থাকা সম্ভব। আৰু যি এই ৰোগত আক্রান্ত সি নিয়মিত লিভাৰ ৰোগ বিশেষজ্ঞেৰ পৰামর্শ গ্ৰহন, পৰীক্ষা নিৰীক্ষা ও আজীবন চিকিৎসা গ্রহণৰ দ্বাৰা ইয়াৰ পৰা সৃষ্ট জটিলতা সমূহৰ পৰা নিজকে মুক্ত ৰাখিব পাৰে।
No comments:
Post a Comment
Thanks