Dr Haris Well future : হাই প্ৰেচাৰ বা উচ্চৰক্তচাপতভূগিলে কি খাবঃ

Saturday, August 17, 2019

হাই প্ৰেচাৰ বা উচ্চৰক্তচাপতভূগিলে কি খাবঃ

হাই প্ৰেচাৰ বা উচ্চৰক্ততাপত ভূগিলে কি খাবঃ 


উচ্চৰক্তচাপক নিৰব ঘাটক বুলি কোৱা হয়। কাৰণ দীৰ্ঘ সময় ধৰি কোনো ধৰণৰ লক্ষণ দেখা নিদিয়াকৈয়ে ই দেহৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। ৰক্তচাপৰ উচ্চ সীমা যদি ১২০ পৰা ১২৯ আৰু নিম্ন সীমা যদি ৮০ ত কৈ বেছি থাকে তেনেহলে তাক আমি উচ্চ ৰক্তচাপ বুলিকওঁ। 

 উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা কাৰ বেছি থাকে? 


বংশগতঃ উদাহৰণ স্বৰূপে যদি মাক-দেউতাক বা ককাক-আইতাকৰ উচ্চৰক্তচাপৰ সমস্যা আছে বা আছিল তেনেহলে সতি সন্তিৰো উচ্চ ৰক্তচাপৰ সমস্যা হব পাৰে। ৩৫ বছৰৰ উপৰৰ পুৰুষ-মহিলা, বেছিকৈ নিমখ খোৱা ব্যক্তি, মেদবহুল ব্যক্তি, জন্ম নিৰোধক বড়ী দীৰ্ঘদিনধৰি ব্যৱহাৰ কৰি থকা মহিলা, শাৰীৰিক পৰিশ্ৰম নকৰা এলেহুৱা স্বভাৱৰ ব্যক্তি, মাত্ৰাধিক পৰিমানে মাংস খোৱা লোকৰো উচ্চ ৰক্তচাপত ভোগা সম্ভাৱনা থাকে। অত্যাধিক মানসিক চাপত ভুগা লোকৰো উচ্চৰক্ত চাপৰ সমস্য হব পাৰে। 


উচ্চ ৰক্তচাপ কমাই ৰাখিবৰ বাবে কিছুমান খাদ্য নিয়মিত গ্ৰহণ কৰাটো অতি জৰুৰী। 


১) বেৰিঃ বেৰি উচ্চৰক্তচাপৰ বাবে ভাল খাদ্য। ব্লুবেৰি আৰু স্টবেৰিত এন্টি অক্সিডেন্ট থাকে ই উচ্চ
হাই-প্ৰেচাৰ-বা-উচ্চৰক্ততাপত-ভুগিলে-কি-খাব
ৰক্তচাপ নিয়ন্ত্ৰনত সহায় কৰে। 

২) কলঃ কলত পৰ্যাপ্ত পৰিমানে পটাচিয়াম থাকে। পটাচিয়ামে উচ্চ ৰক্তচাপ কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমেৰিকান হাৰ্ট এচচিয়েচনৰ এক তথ্যত কোৱা হৈছে যে, পটাচিয়ামে চডিয়ামৰ প্ৰভাৱ হ্ৰসকৰি ধমনী সমূহৰ উত্তেজনা কমাই ৰক্তচাপ নিয়ন্ত্ৰনত সহায় কৰে। এজন প্ৰাপ্তবয়স্কৰ লোকক দৈনিক ৪৭০০ মিলিগ্ৰাম প্ৰটাচিয়াম প্ৰয়োজন হয়। গতিকে পৰ্যাপ্ত পৰিমানে পটাচিয়াম গ্ৰহণ কৰিব লাগে। তাৰ বাবে কলৰ উপৰিও নাচপতি, তৰমোজ (হালধীয়া), মাচৰোম, মিঠা আলু, বিলাহী, মতৰ মাহ আদিৰ উপৰিও ৰৌ, ভকুৱা আদি মাছ খাব লাগে। এইবোৰ পটাচিয়ামৰ ভাল উতস। কিন্তু কিডনি বেমাৰত ভুগা ৰোগীয়ে এইবোৰ খোৱাৰ আগতে চিকিতসকৰ পৰামৰ্শ গ্ৰহণ কৰিলে ভাল। কাৰণ কিডনি ৰোগীৰ বাবে কেতিয়াবা পটাচিয়াম জাত খাদ্য হানিকাৰকো হব পাৰে। 

৩) বিটঃ বিটৰ ৰখ খালে ৰক্তচাপ কমি যোৱাৰ সম্ভাৱনা থাকে। এক গৱেষণাৰ তথ্য অনুসৰি বিটৰ ৰখ প্ৰতিদিনে ২৫০ মিলিলিটাৰ কৈ অৰ্থাত ১ কাপ কৈ ৪ সপ্তাহলৈ প্ৰাণ কৰি উচ্চৰক্ত চাপত যথেষ্ট ইতিবাছক ফল লাভকৰিব পৰা বুলি প্ৰকাশ কৰা হৈছে। 

৪) ডাৰ্ক চকলেটঃ এক গৱেষণাত প্ৰকাশপোৱা অনুসৰি চকলেটেও উচ্চৰক্তচাপ কমাব পাৰে। সৰ্ব্বনিম্ন ৭০ শতাংশ কোকা সমৃদ্ধ উচ্চ মান বিশিষ্ট চকলেট প্ৰতিদিনে ১ আউন্স অৰ্থাত ২৮.৩৪ গ্ৰাম সেৱন কৰক। ৰক্তচাপ নিয়ন্ত্ৰনত সহায়ক হব। 

৫) কিউৱিঃ কিউৱি ফল ভিটামিন চি সমৃদ্ধ। গতিকে এই ফল গ্ৰহণ কৰিলে উচ্চ ৰক্তচাপৰ সমস্য কম হয়। 

৬) তৰমোজঃ তৰমোজত চাইট্ৰলিন (L-citrulline) নামৰ এক ধৰনৰ এমাইন এচিড থাকে যি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰনৰ সহায়ক হয়। চাইট্ৰলিনে শৰীৰক নাইট্ৰিক অক্সাইড উতপন্ন কৰাত সহায় কৰে। আৰু ৰক্ত প্ৰবাহ নমনীয় কৰি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰন কৰাত সহায় কৰে। 

৭) ওটচঃ ওটচত বিটাগ্লুকন নামৰ এক প্ৰকাৰৰ ফাইবাৰ থাকে। যি কলেষ্টৰেলৰ মাত্ৰা হ্ৰসকৰি ৰক্ত প্ৰৱাহ নিয়মিয়া হোৱাত সহায় কৰে। এক গৱেষনাৰ তথ্যত কোৱা হৈছে যে বিটাগ্লুকনে শৰীৰৰ ৰক্তচাপ কমাই দিব পাৰে। 

৮) সেউজীয়া শাক-পাচলিঃ পাতল সেউজীয়া শাক-পাচলি নাইট্ৰেট সমৃদ্ধ, যি ৰক্তচাপ নিয়ন্ত্ৰনত সহায় কৰে। 

৯) নহৰুঃ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰনৰ বাবে নহৰু এক উতকৃষ্ট খাদ্য উতস। নহৰু খালে দেহত নাইট্ৰিকঅক্সাইডৰ পৰিমান বৃদ্ধি হয়। নহৰু এক ধৰণৰ প্ৰাকৃতিক এন্টিবায়তিক আৰু এন্টি ফাংগেল খাদ্য। নহৰু খোৱাৰ ফলত শৰীৰত নাইট্ৰিক অক্সাইডৰ উতপত্তি বৃদ্ধি হয়। যাৰ বাবে হৃতপিণ্ডৰ ধমনী সমুহৰ শিঠিলতা দুৰহৈ ৰক্তচাপ স্বাভাৱিক হোৱাত সহায়ক হয়। 

১০) দৈঃ প্ৰাকৃতিক দৈ খাব পাৰ। দৈ প্ৰবয়টিক সমৃদ্ধ, যি উপকাৰী বেক্টেৰিয়া, ই আমাৰ অন্তিক স্বাস্থ্য সূচল কৰি ৰখাত সহায় কৰি ৰক্তচাপৰ উপৰত বিশেষ প্ৰভাৱ পেলায়। 

১১) মচুৰ দাইলঃ এই দাইলৰ ব্যাপক চাহিদা আছে। বিশ্বযুৰী এই দাইল প্ৰধান খাদ্যৰূপে বিবেচিত হৈছে। কাৰণ ই নিৰামিষ প্ৰটিন আৰু ফাইবাৰৰ উতস। গতিকে উচ্চৰক্ত চাপৰ ভুগা ৰোগীৰ বাবে এই দাইল উপযোগী। 

১২) ডালিমঃ ডালিমত এন্টিঅক্সিডেন্ট উপাদান থাকে। গতিকে প্ৰতিদিনে এক কাপ ডালিমৰ জুচ খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰনত সহায়ক হয়। জুচৰ পৰিৱৰ্তে ডালিমো খাব পাৰে। 

১৩) ডালচেনিঃ আমি সুগন্ধি মচলাৰুপে ব্যৱহাৰ কৰা ডালচেনিয়েও উচ্চৰক্তচাপ কম কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে ডালচেন খাব পাৰে। ইয়াৰ উপৰিও চজিনা, লাই, লফা, চুকাশাক খাব পাৰে। কমলা, আমলখি, নেমু খাব পাৰে। আপেল, আঙুৰ, নাচপতি, টিয়হ, জাতিলাউ, অমিতা, বিলাহী, কোমোৰা, গাজৰ খাব পাৰে। ছৰ্বী মুক্ত গাখীৰ খাব পাৰে।hi I am Dr Hari

No comments:

Post a Comment

Thanks