Learn about Health tips, Home remedies, Homeopathic treatment, know more about Anthropological research work.
Sunday, July 26, 2020
গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰঃ
গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰঃ
পেটৰ অসহ্য বিষ, পেট ফোলা, বমি বমি ভাব বা বমি হোৱা, খাদ্য খৱাৰ পাছত পেট গধুৰ অনুভব হোৱা বা পেটৰ অশান্তি হোৱা আদি লক্ষণ সমূহ পেপটিক আলচাৰ হলে প্ৰকাশ পোৱা প্ৰায়ে দেখা যায়।
বৰ্তমান সময়ত অধুনিক জীৱন যাত্ৰাই সৃস্টিকৰা অন্যান্য সমস্যা সমূহৰ ভিতৰত পেপটিক আলচাৰো এক গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যা ৰূপে পৰিগণিত হৈছে। অত্যাধুনিক জীৱনৰ ধামসুমীয়াত নিয়মিত খাদ্য গ্ৰহণ কৰিবলৈ সময় নোহোৱা, বিভিন্ন ধৰণৰ ফাচফুড, জাং ফুড আদি অত্যাধিক গ্ৰহণ কৰা, তেল, মচলা, ভজা, জ্বলা-পোৰা আদি মুখৰোচক খাদ্য অত্যাধিক গ্ৰহণ কৰা, অত্যাধিক মানসিক দুচিন্তা আদি কাৰণে এই সমস্যা দিনক দিনে ব্যাপক ৰূপে বৃদ্ধিহৈ গৈ আছে। এক গৱেষণাৰ তথ্য অনুসৰি প্ৰতি ১০ জন মানুহৰ এজন এই গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ সমস্যাত ভুগে।
গতিকে আজি আমি আলোচনা কৰিম পেপটিক আলচাৰ কি, কিয় হয়, পেপটিক আলচাৰ হলে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু লগতে এই সমস্যাত ব্যৱহৃত কিছুমান খুউব সুন্দৰ হোমিঅপেথিক মেডিচিন আছে এই মেডিচিন সমূহৰ বিষয়েও আলোচনা আগবঢ়াম।
পেপটিক আলচাৰ কি?
পেপটিক আলচাৰকে সাধাৰণতে আমি গেষ্ট্ৰিক আলচাৰ বা আলচাৰ বুলি কওঁ। গেষ্ট্ৰইনটেস্টিনেল ট্ৰেকৰ যিকোনো অংশতে আলচাৰ বা ঘাঁ হব পাৰে। কিন্তু পাকস্থলীৰ পৰা নিসৰিত হাইড্ৰক্লৰিক এচিড অথবা পেপচিনৰ কাৰণে স্টমাক বা ডিওডেনামত যেতিয়া ঘাঁ হয়, তাকেই পেপটিক আলচাৰ বুলি কোৱা হয়।
পেপটিক আলচাৰ বা গেষ্ট্ৰিক আলচাৰ কিয় হয়?
আমাৰ সকলোৰে পাকস্থলীৰ পৰা এচিড পেপচিনৰ নিসৰণ হয় যাৰ বাবে আমি খোৱা খাদ্য পৰিপাক হয়। পাকস্থলীৰ আৱৰণি চালখনৰ স্বাভাৱিক প্ৰতিৰোধ ক্ষমতাৰ কাৰণে এচিড পেপচিনে পাকস্থলীক ক্ষতি কৰিব নোৱাৰে। কিন্ত আমাৰ দৈনন্দিন জীৱন যাত্ৰাৰ কিছুমান ভুলৰ বাবে আমাৰ পাকস্থলীৰ আৱৰণি চালখনৰ স্বাভাৱিক প্ৰতিৰোধ ক্ষমতা নোহোৱাহৈ যায় আৰু পাকস্থলীত এচিড পেপচিনৰ নিসৰণো বৃদ্ধি হৈ যায়। যাৰ ফলত পাকস্থলী আৰু ডিওডেনামত ঘাঁৰ সৃষ্টি হয়। পাকস্থলীত খাদ্য প্ৰবেশ কৰাৰ পাছতেই স্বাভাবিকভাবে এচিড পেপচিনৰ নিসৰণ বাঢ়ি যায়। কাৰণ আমি খোৱা খাদ্য দব্যবোৰ হজম কৰিবৰ বাবে এচিড পেপচিনৰ প্ৰয়োজন হয়।
আমাৰ সকলো মানুহৰে খাদ্যখোৱাৰ এক নিৰ্দিষ্ট সময়সূচী থাকে। কিছুমান মানুহে ৪ ঘন্টাৰ ব্যৱধানত খায়, কিছুমানে ৬ ঘন্টাৰ ব্যৱধানত আৰু কিছুমানে ১২ ঘন্টাৰ ব্যৱধানত খাদ্য গ্ৰহণ কৰে। কিন্ত আমি সদায় নিদিৰ্ষ্ট সময়ত খাদ্য খোৱাত অতি প্ৰয়োজন। কাৰণ আমি যদি সদায় দিনৰ ৯ বজাত, ১ বজাত আৰু ৰাতি ৮ বজাত খাদ্য খাও তেনে হলে আমাৰ দেহৰ ভিতৰত থকা অদৃশ্য ঘড়ীয়ে এই সময় নিৰ্দ্ধাৰণ কৰি লয় আৰু এই নিৰ্দ্ধাৰিত সময়তে খাদ্য হজম কৰিবৰ বাবে পাচক ৰস বা এচিড পেপচিন নিসৰণ কৰিব। কিবা কাৰণত যদি এই স্বাভাবিক প্ৰক্ৰিয়া ব্যাহত হয় বা খাদ্য গ্ৰহণ প্ৰক্ৰিয়া অনিয়মিয়া হয় তেতিয়াই বিসংগতিৰ আৰম্ভ হয়। ১ বজাত পাকস্থলীত খাদ্য পৰিব লাগিছিল যদিও নপৰিল কিন্তু এচিড পেপচিন সেই সময়ত নিসতণতো হবই। আৰু যেতিয়া ই খাদ্য নাপাব পাকস্থলীৰ আবৰণী চালখনত ঘাঁৰ সৃস্টি কৰিব। ইয়াকে আমি গেষ্ট্ৰক আলচাৰ বা পেপটিক আলচাৰ বুলি কওঁ।
গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ কাৰণঃ
⇒ বহু ক্ষেত্ৰত বংশগত কাৰণো এই গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ কাৰক বুলি গন্য কৰা হৈছে। গবেষণাৰ পৰা জানিব পৰা গৈছে যে যিসকল ব্যক্তিৰ তেজৰ গ্ৰুপ O সেই সকল ব্যক্তিৰ গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ সম্ভাবনা বেছি থাকে।
⇒ অত্যাধিক মানসিক চাপ- হতাশা, দুচিন্তা আদিত ভুগা লোকৰ গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ সম্ভবনা থাকে।
⇒ অত্যাধিক চাহ, কফি, ধূ্ম্ৰপান, জৰ্দা, পান-মচলা আদি খোৱা ব্যক্তি, অত্যাধিক মদ্যপান কৰা ব্যক্তি, তেল, মচলা, ভজা, পোৰা, ফাস্ট ফুড, জাং ফুড আদি বেছি খোৱা ব্যক্তিৰ এই গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ সম্ভাবনা বেছি থাকে।
⇒ সময়মতে খাদ্য গ্ৰহণ নকৰা বা খাদ্য ভালদৰে ছোবাই নোখোৱাৰ বাবেও গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ সম্ভাৱনা বৃদ্ধি হয়।
⇒ নিদ্ৰাহীনতা বা সময় মতে নোশুৱা বা বিভিন্ন কাৰণত ৰাতি টোপনী ক্ষতি কৰাৰ বাবেও গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ সমস্যা হব পাৰে।
⇒ অধিক সংখ্যক লোকৰ ক্ষেত্ৰতেই হেলিক বেক্টাৰ পাইলুৰি নামৰ জীৱাণু সংক্ৰমণ গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰ কাৰণ বুলি গণ্য কৰা হৈছে। এই বেক্টেৰিয়া পদুষিত পানী, দুষীত খাদ্য আদিৰ জৰিয়তে আমাৰ পেটত প্ৰবেশ কৰি স্টমাক, ডিওডেনামৰ যি প্ৰতেকটিভ লেয়াৰ আছে তাত সংক্ৰমন কৰি ঘাঁৰ সৃস্টি কৰি দিয়ে।
⇒ কিছুমান ঔষধ যেনে বিশনাশক ঔষধ-এচপিৰিন, এনডোমেথাচিন, আইব্ৰুপ্ৰপেইন, ডাইক্লফিনেক, কিটুপ্ৰফেইন আদিৰ লগতে বিভিন্ন ধৰণৰ স্টেৰয়েড জাতীয় ঔষধ সমূহ গ্ৰহণ কৰিলেও গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ সম্ভাবনা বৃদ্ধি হয়।
গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ লক্ষণঃ
পেটৰ বিষ গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ প্ৰধান লক্ষণ। বিষ সাধাৰণতে পেটৰ ওপৰভাগত হয়। কেতিয়াবা ৰোগীয়ে বিষ হোৱা নিৰ্দিষ্ট ঠাইখিনি আঙুলিৰে দেখাই দিব পাৰে। গেষ্ট্ৰিক আলচাৰ হলে খোৱাৰ কিছু সময়ৰ পিছতে পেটৰ মৃদু বিষ হয় আৰু বমি কৰাৰ পিছত বা পেট খালি হলে আৰামবোধ কৰে। ডিওডেনাম আলচাৰত খালীপেটত বিষ আৰম্ভ হয় আৰু খাদ্য খোৱাৰ পাছত বিষৰ উপষম হয়। এনে ক্ষেত্ৰত বহুতৰে মাজ ৰাতি পেট খালী হলে বিষৰ বাবে টোপনি ভাঙি যায় কিন্তু খাদ্য খোৱাৰ পাছতে বিষ নোহোৱা হয় আৰু পুনৰ টোপনী আহে।
বমিঃ
° গেষ্ট্ৰিক আলচাৰহোৱা লোকৰ বমি হয় কিন্ত ডিওডেনাস আলচাৰ হোৱা ৰোগীৰ বমি সাধাৰণতে কম হয় কিন্ত দীৰ্ঘদিন ধৰি হলে বমি হয়। এটা সময়ত এনেকুৱা পৰ্যায়ত উপনীত হৈগৈ মুখত অঙুলি ভৰাই বমি কৰি দিব লগা হয়। বমি কৰিলেহে ৰোগীয়ে উপশম লাভ কৰে। দীৰ্ঘদিনীয়া পেপটিক অলচাৰৰ ক্ষেত্ৰত তেজ বমি হব পাৰে আৰু শৌচতো তেজ আহিব পাৰে। বমি আৰু পায়খানা কেচাঁতেজ অথবা চকলেট ৰঙৰ হব পাৰে।
° ডিওডেনাম আলচাৰ ৰোগীৰ প্ৰায় মেলিনা হয়। কলা আলকতৰাৰ দৰে পায়খানা হৈ থাকে।
° গেষ্ট্ৰিক আলচাৰ হোৱা ৰোগীয়ে খাদ্য খাবলৈ ভয় কৰে কাৰণ খাদ্য খোৱাৰ পাছতেই ৰোগীৰ বিষ বৃদ্ধি হৈ যায় কিন্তু ডিওডিনেল আলচাৰ ৰোগীৰ ক্ষেত্ৰত ওলোটা হয়। ঘনাই ঘনাই খাব বিছাৰে।
° গেষ্ট্ৰিক আলচাৰ ৰোগীৰ ক্ষেত্ৰত দেহৰ ওজন কমে কিন্তু দিওডিনেল আলচাৰৰ ক্ষেত্ৰত ওজন বৃদ্ধি হোৱা পৰিলক্ষিত হয়।
° ৰোগীৰ বুকু জ্বলাপোৰা, পেটফোলা, টেঙা উগাৰ অহা, হজম শক্তিৰ দূৰ্বলতা, ভোক নলগা আদি লক্ষণ সমূহ বহু সময়ত কোনো কোনো ৰোগীৰ দেখাপোৱা যায়।
° কেইদিনমান ভালে থাকে আৰু পুনৰ পেটবিষৰ সমস্যা হৈ থাকে। দিন বাঢ়ি যোৱাৰ লগে লগে বিষ ঘনাই হবলৈ ধৰে। শেষৰ সময়ত পেটৰ ওপৰৰ অংশ সদায় বিষ হৈ থকে।
গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচা কেনেকৈ নিৰ্ণয় কৰিব?
° ৰোগীৰ ৰোগৰ লক্ষণ ভালদৰে অধ্যয়ন কৰাৰ পাছত অভিজ্ঞ চিকিৎসকে ৰোগ সহজতে নিৰূপন কৰিব পাৰে তথাপিও নিশ্চিত হবৰ বাবে কিছুমান পৰীক্ষা কৰা হয়।
° পৰিপাক তন্ত্ৰৰ ওপৰৰ অংশৰ এন্ডস্কপি অথবা বেৰিয়াম মিল এক্সৰে কৰা হয়।
° এইচ পাইলৰি পৰীক্ষা, ৰেপিড ক্লো টেস্ট অথবা তেজৰ পৰীক্ষাও কৰা হয়।
গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰত লব লগা সাবধানতাঃ
° গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰ সমস্যা অতি বৃদ্ধি হৈ গলে ৰোগীয়ে সম্পূৰ্ণ বিশ্ৰাম লোৱাতো অত্যন্ত প্ৰয়োজন।
° সময়মতে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগিব। যিবোৰ খাদ্য খালে ৰোগীয়ে অশান্তি ভোগকৰে সেইবোৰ খাদ্য গ্ৰহণ কৰিব নালাগে। অতিৰিক্ত তেল, মচলা, জলা, ভজা-পোৰা খাব নালাগে।
° ধূম্ৰপান, মদ্যপান, পানমচলা, গুটখা, জৰ্দা আদি সম্পূৰ্ণৰূপে বৰ্জন কৰিব লাগিব।
° চাহ, কফি খাব নালাগে। যদি অত্যন্ত খোৱাৰ ইচ্ছা হয় তেনে হলে ৰঙাচাহ বা গ্ৰীণট্ৰি চেনি নিদিয়াকৈ দিনত ২ কাপ খাব পাৰিব।
° যদি বিষনাশক ঔষধ, স্টেৰয়েড জাতীয় ঔষধ যদি খাবলগা হয় চিকিৎসকৰ পৰামৰ্শ অবিহনে গ্ৰহন নকৰিব।
গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ জটিলতাঃ
গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ তীব্ৰতৰ হলে হঠাৎ আলচাৰৰ ঠাইত ফুটা হৈ প্ৰচুৰ ৰক্তপাত হব পাৰে যাৰ ফলত মুখেৰে তেজ বমি হব পাৰে, পায়খানা আলকটৰাৰ দৰে কলা হব পাৰে আৰু ৰোগী মূৰ্চ্ছা যাব পাৰে। দীৰ্ঘদিনীয়া গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ পৰা কেন্সাৰ হব পাৰে।
গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ হোমিঅপেথিক চিকিৎসাঃ
(১) nux vomica
খাদ্য খোৱাৰ ½ ঘন্টাৰ পাছতেই পাকস্থলীত পথৰ থকাৰ দৰে চাপ অনুভৱ হয়। মুখত পানী উঠে, পেট টান টান অনুভৱ হয়। ককাঁলৰ কাপোৰ ঢিলা কৰিবলৈ বাধ্য হয়। আহাৰ গ্ৰহন কৰা 2/3 ঘন্টাৰ পিছলৈকে মানসিক পৰিশ্ৰম কৰিব নোৱাৰে। দুপৰীয়া আহাৰ গ্ৰহন কৰা পিছতেই টোপনি আহে। মনত দূচিন্তা, উৎকণ্ঠা, অত্যাধিক কফি, মাদক দ্ৰব্য আদি খোৱা, টোপনি ক্ষতি আৰু অত্যাধুনিক জীৱন যাপনৰ বাবে হোৱা পাকস্থলী ৰোগত এই ঔষধ অত্যন্ত উপযোগী। ৰোগীৰ প্ৰতিদিনে ৰাতিপুৱা টেঙা আৰু তিতা উগাৰ অহে। প্ৰতিদিন ৰাতি পুৱা ওকালি ভাৱ আৰু বমি হোৱাৰ লগতে মানসিক উদ্যম হীনতাই দেখা দিয়ে। খাদ্য খোৱাৰ পাছতেই উগাৰ আহে। আহাৰৰ পাছত ধূম্ৰপ্ৰাণ কৰিলে অনবৰত ওকালি ভাৱ হয় আৰু ভাব হয় যেন বমি কৰি দিব পাৰিলেহে উপশম হব। এনেকুৱা লক্ষণ প্ৰকাশ পালে এই নাস্কভমিকা ঔষধ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়।
(৩) ইপিকাকুয়ানাঃ (IPECACUHANA)
সকলো সময়তে বমি বমি ভাৱ হয় ওকালি আহে আৰু ওকালি লগত প্ৰচুৰ প্ৰৰিমানে লেলাউটি উলায়, কনিৰ বগা বিজলুৱা অংশৰ দৰে প্ৰচুৰ পৰিমানে বমি হয়। বমি হলে উপশম নহয়। বমিৰ পাছত টোপনি আহে, কুজা হলে বৃদ্ধি হয়, পাকস্থলীটো তললৈ উলমিপৰা দৰে, ঢিলা যেন লাগে খামোচ মৰা, চেপি দিয়াৰ দৰে তীব্ৰ বিষ হয়। নাভিৰ চাৰিওফালে ফালি দিয়াৰ দৰে বিষ হয়। শৌচ ফেন যুক্ত ৰক্ত মিশ্ৰিত হয়। এনে ধৰণৰ লক্ষণ প্ৰকাশ পালে এই ঔষধে ভাল ফল দিয়ে।
(৪) এচাইনাইডঃ
পাকস্থলীত হূলে ফুটাৰ দৰে যান্ত্ৰণা, পানী পিয়াহ, জ্বৰ জ্বৰ ভাৱ, বমিৰ আদি লক্ষণ থাকিলে এই ঔষধ ব্যৱহাৰ কৰিব পাৰে।
(৬) চাইনা:
এই ঔষধত খাদ্য খোৱাৰ পিছত গোটা বস্তু এটাই পেটৰ পৰা বুকুৰ মাজলৈ ওজাই অহাৰ দৰে লাগে, পেট ফুলি উঠে। একেবাৰে ভোক নালাগে। খাদ্য হজম নোহোৱালৈকে পেটত অশান্তি বৃদ্ধি হয়, পেটত অনবৰতে গৰ গৰ শব্দ হৈ থাকে, বুকু জ্বলা পোৰা আৰু এচিডিটিৰ লক্ষণ থাকে। কেতিয়া ৰোগীৰ হিকটি আহে, বমি বমি ভাব, তেজ বমি আৰু টেঙা-তিতা উগাৰ আহে।
যিকোনো ধৰণৰ গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰ সমস্যাত
SymphytumQ + Hydrastis CanQ + OrnithogalumQ সমপৰিমানে লৈ ২০ টোপালকৈ দিনে ৩ বাৰ কৈ একাপ পানীৰ লগত কিছুদিন খাব লাগে।
Arsenic200+Anacardium 200 টেঙা ওগাৰ, বুকু জলাপোৰা লগতে বমি হোৱা আদি সমস্যা থাকিলে এই মেডিচিনে অত্যন্ত সুফল দিয়ে।
Natrum Phos 6x: মেডিচিনটো 4-6 টেবলেট দিনে 4 বাৰকৈ ছোবাই খাব লাগে।hi I am Dr HariSaturday, July 11, 2020
সাপে কামোৰিলে কেনেকৈ জানিব বিষাক্ত হয়নে নহয়
⇒ সাপে কামোৰিলে আমাৰ পূৰ্বপুৰুষ সকলে কি কৰিছিল? ⇒ সাপে কামোৰিলে কেনেকৈ জানিব বিষাক্ত হয়নে নহয়? ⇒ এন্টিভেনম ইনজেকচন কত পোৱা যায়? ⇒ দোকানৰ সন্মুখত নেমু আৰু জলকীয়া কিয় আৰি থয়? ⇒ সাপে কামোৰিলে প্ৰাণ বছাবলৈ তাতক্ষণিক ভাবে কি মেডিচিন খোৱাব?
সাপে কামোৰিলে কেনেকৈ জানিব বিষাক্ত হয়নে নহয়
যোৱা বছৰ জুলাই মাহৰ কোনোবা এটা দিনত ৰাতি প্ৰায় ১১ মান বাজিছে। এজন যুৱক উধাতু খায় সোমাই আহিছে। যুৱক জনে খুব ঘনে ঘনে উশাহ লৈছে। ভয়ত একেবাৰে বিব্ৰত হৈ পৰিছে। তেওঁ ভৰিত সাপে কামোৰিলে। যুৱক জনে বছাবৰ বাবে মোক কাতৰ অনুৰোধ কৰিছে। মই ভয় নাখাবৰ বাবে অলপ সাহস দি বহিবলৈ কৈ সাপে কামোৰা ঠাই দোখৰত ভালদৰে নিৰীক্ষণ কৰিলো। বিষধৰ সাপে কামোৰা তেনে কোনো লক্ষণ পৰিলক্ষিত নহল যদিও যুৱক জনে ভয়ত চিঞৰি আছে। যুৱক জনৰ দেহত কোনো ধৰণৰ বিষৰ প্ৰভাৱ নাই যদিও তেওঁ মগজুত বিষ অনুভৱ কৰি আছে।
প্ৰাণ বছাবলৈ তাতক্ষণিক ভাবে কি মেডিচিন খোৱাব?[caption]যোৱা ২০১৯ বৰ্ষৰ জুলাই মাহ, ৰাতি প্ৰায় ৯.৩০ মান বাজিছে। ধেমাজি জিলাৰ বৰদলনি এখন ভিতৰুৱা গাওঁৱৰ পৰা এজন যুৱকে ফোন কৰি জনালে তেখেতৰ পিতৃক সৰ্পই দংশন কৰিলে। কিছু বিষ অনুভৱ কৰিছে। তেখেঁতক জৰুৰী চিকিৎসাৰ প্ৰয়োজন। ইতিমধ্য কোভিড-১৯ ৰ পৰিপেক্ষিতত কঠোৰ লকডাউন চলি আছে, গতিকে তেখেঁতক আনিবৰ বাবে গাড়ীৰো অভাৱ। মই বিষয় টো গম্ভীৰ দেখি ধেমাজি চিভিল হস্পিটেলৰ স্বাস্থ্য বিষয়াক ফোন কৰিলো এন্টিভেনম ইনজেকছন খবৰ লবলৈ। আৰু তেখেঁতে থকা বুলি জনালে। কিন্তু এতিয়া লকডাউনৰ বাবে তেখেঁতক চিকিৎসালয়লৈ নিয়াত যথেষ্ট অসুবিধা সন্মুখীন হব লগা হৈছে। ইফালে সময় মতে সিকিৎসালয়ত নাপালে সৰ্পই দংশন কৰা লোকজনৰ জীৱনলৈ সংকট আহিব। গতিকে এনে অৱস্থাত আমি এটা কথা জনাতো অতি জৰুৰী । ব্যক্তিজনক দংশন কৰা সাপটো বিষাক্ত নে বিষহীন।
গতিকে আমি আজি কৰিম সৰ্পই দংশন কৰিলে কি কৰিব, দংশন কৰা সাপটো বিষাক্ত নে বিষহীন কেনেকৈ জানিব তাৰ এটা সহজ উপায় আছে। যিটো পদ্ধতি অৱলম্বন কৰি আমাৰ পূৰ্ব্বপুৰুষ সকলে নিৰ্ণয় কৰিব পাৰিছিল সৰ্প বিষহীন নে বিষাক্ত, লগতে বিষাক্ত সাপে খুঁটিলে এটা ফলপষু হোমিঅপেথিক মেডিচিন আছে। এই মেডিচিন কেনেকৈ ব্যৱহাৰ কৰিব তাৰ বিষয়েও সবিশেষ জনাম।
আমাৰ দেশত প্ৰতি বছৰে ৮১ হেজাৰ লোক সৰ্প দংশনৰ স্বীকাৰ হয় আৰু তাৰ প্ৰায় ১১ হেজাৰ লোকৰ মৃত্যু হয়। বৰ্তমান যিহেতু পৃথিৱীত ১৫ টা পৰিয়ালৰ প্ৰায় ২,৯০০ টাতকৈও বেছি প্ৰজাতিৰ সাপ আছে। ইয়াৰ কেইবিধ মান বিষাক্ত বা প্ৰাণঘাটী বিষ যুক্ত, বাকীবোৰ প্ৰায় বিষ হীন।
যেতিয়া এজন মানুহক সাপে খুটেঁ তেতিয়া প্ৰথম কামোৰাৰ থাইত বিষ হব চালত কাঁইটে ফোটাৰ দৰে হব আৰু তেজ ওলাব আৰু লগতে যেতিয়া সাপে কামোৰা বুলি মানুহজনে গম পায় তেতিয়া মৃত্যুৰ ভয়ত বিব্ৰত হৈ পৰে ফলত হৃদস্পদন দ্ৰুত হব বা উশা নিশাহ ঘন ঘন হব আৰু কিছুমান মানুহ ভয়ত সংজ্ঞাহীন হৈ পৰাও দেখা যায়। কিছুমান মানুহৰ আকৌ সৰ্প দংৰ্শনত মৃত্যু নহৈ সাপে কামোৰা পাছত ভয়ত হাৰ্ট এটেক হৈ হে মৃত্যু হয়।
যেতিয়া মানুহ জনক সাপে খুঁটিব তেতিয়া মানুহজনৰ সেই ঠাইদোষৰত ১৫/২০ মিনিটৰ ভিতৰত ৰঙা পৰি ফোলি উঠিব আৰু অত্যন্ত বিষ হব। কিছুমানৰ বমি হব, কাৰণ সাপে খুটাঁৰ পাছত ব্যক্তি জনে সাংঘাটিক ভয় খায় আৰু ভয়ত বমি হয়, মূৰ অচণ্ডাই কৰে আদি সমস্যা হয়। কিছুমান সাপে খুঁটা প্ৰায় এক ঘন্টা মানৰ পিছতেই ব্যক্তি জনৰ দেহ নীলা হৈ যায় আৰু দেহৰ সকলো অংগতে তেজ গুট মাৰে। লগতে নাক, কানে, মুখেৰে তেজ উলায়, আৰু ৪-৫ ঘন্টাৰ মানৰ ভিতৰত কিডনি, হৃদপিণ্ড আদিৰ কাৰ্য বন্ধ হৈ ব্যক্তি জনৰ মৃত্যু মুখত পৰিব পাৰে। এনেবোৰ সাপৰ বিষক হেমৰাজিক বিষ বুলি কোৱা হয়।
কিছুমান সাপে কামোৰীলে কামোৰা ঠাইত অৰ্থাৎ যদি হাতত কামোৰে তেনে হলে কামোৰা অংশৰ পৰা লাহে লাহে ওপৰলৈ অন্তসাৰ শূণ্য হৈ আহিব ৰ্থাত পেৰেলাইছিচ হৈ আহিব। হয়তো কোনোবা এটা অংগ অথবা গোটেই দেহটোয়েই পেৰালাইচিছ হৈ যাব পাৰে। ব্যক্তিজনৰ ডিঙিত কিবা লাগি থকাৰ দৰে হব আৰু লাহে লাহে উশাহত কষ্ট হব, দেহত অক্সিজেনৰ অভাৱ ঘটিব আৰু ব্যক্তিজনৰ মৃত্যু হব। ১৫-২০ মিনিটৰ ভিতৰত মৃত্যু হব। চিকিৎসাৰ বাবে একেবাৰে সময় নাথাকিব। ইমান দ্ৰুত গতিত ইয়াৰ বীষে কাম কৰে। এই ধৰণৰ সাপৰ বিষক নিউৰলজিক বিষ বুলি কোৱা হয়।
হেমৰেজিক বিষ যিবোৰ সাপৰ থাকে সেইবোৰ সাপে কামোৰিলে ব্যক্তি জনৰ হাতত যথেষ্ট সময় থাকে। আৰু প্ৰায় আমাৰ গাওঁ বোৰত সাপে কামোৰিলে বেজৰ ওচৰত জৰা ফুকা দেখিবলৈ পোৱা যায়। এনে কৰিলে ব্যক্তিজনৰ মৃত্যু সম্ভাৱনা থাকে। গতিকে সাপে কামোৰিলে পলম নকৰি জিলা স্বাস্থ্য কেন্দ্ৰলৈ যাব লাগে আৰু এন্টি ভেনম ইনজেকচন দিব লাগে। সময়ত এন্টি ভেনম ইনজেকচন পালে ৰোগীৰ জীৱন ৰক্ষা পৰিব।
এতিয়া আৰু এটা সমস্যা হয়। সাপে কামোৰা লগে লগে আমাৰ মানুহৰ মনত ইমান বেছি ভয় সোমায় যায় যে একেবাৰে জীৱনৰ যেন সকলো আশা ভৰষা সতম। মই প্ৰথমেই উল্লেখ কিৰিছো এজন যুৱকৰ কথা যি একেবাৰে মানে গাত যেন বল শক্তি শতম হৈ গল, উশাহ নিশাহ লৈ যেনে তেনে জীয়াই আছে এনেকুৱা অৱস্থা। মই তেখেঁতক ইমান আস্বস্ত কৰিবলৈ চেষ্টা কৰিছো তথাপিতো তেখেঁতৰ অস্থিৰতা কমাবৰ বাবে যথেষ্ট সময় লাগিছিল। মেডিছিন দিয়া পাছতহে তেখেঁতৰ মানসিক স্থিতি সুস্থিৰলৈ আহিছিলো।
থিক এনেদৰেই ভয়ত প্ৰায় ৩০ শতাংশ মান মানুহে সাপে কামোৰা পাছত হাৰ্ট এটেক আহি মৃত্যু হয়। গতিকে সাপে কামোৰা ব্যক্তি জনে ভয় খাব নালাগে। ধৰ্য্য সহকাৰে পৰৱতী পদক্ষেপ গ্ৰহন কৰিব লাগে।
কামোৰা সাপটো বিষাক্ত নে বিষ হীন তাক কেনেকৈ নিৰ্ণয় কৰিব।
আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ কিছুমান ব্যবসায়ীক প্ৰতিষ্ঠান বা কিছুামান দোকানৰ সন্মুখত এটা নেমু টেঙাৰ সৈতে দুটামান জলকীয়া চিলাই ওলমাই থৈ দিয়া হয়। কিছুমান মানুহৰ মাজত এটা বিশ্বাস আছে যে ধনৰ অধিস্থাত্ৰী দেৱী লক্ষীৰ ভনীয়েকৰ নাম অলক্ষী অৰ্থাত কুলক্ষণী। আৰু এই অলক্ষীয়ে মানুহৰ ঘৰত প্ৰৱেশ কৰিলে মানুহে দৰিদ্ৰ হয় আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানৰ প্ৰবেশ কৰিলে প্ৰতিষ্ঠানটোৱেই দেউলীয়া হয়। এই নেমু আৰু জলকীয়া এই কাৰণেই বান্ধি থোৱা হয় যে অলক্ষী বোলে টেঙা আৰু জলা বৰ প্ৰিয়। আৰু এই টেঙা আৰু জলা মানুহৰ যেতিয়া প্ৰৱেশ পথতে আৰি থোৱা হয় তেতিয়া অলক্ষীয়ে আহিলে প্ৰবেশ পথতে টেঙা আৰু জলা খায় আনন্দ মনেৰে নাচি নাচি দুৱাৰ মুখৰ পৰাই গুছি যায়। এইয়া হল বিশ্বাস। প্ৰকৃত কথাতো হল পূৰ্ব্বতে বাটপথ যিহেতু সূচল নাছিল আৰু গাড়ী মটৰ নাচিল। প্ৰায় বোৰ দীঘলীয়া যাত্ৰাত বেলগাড়ী ব্যৱহাৰ কৰিব লগা হৈছিল। আৰু অতব্য অৰন্যৰ মাজত যিহেতু বহু মানুহক
দোকানৰ আগত নেমু, জলকীয়া কিয় আঁৰি থয়[caption]সাপে খুটিছিল। আৰু দিঘলীয়া য়াত্ৰাত বহু মানুহে ডিহাইড্ৰেচনৰ স্বীকাৰ হব লগা হৈছিল। গতিকে তেওঁলোকে ডিহাইড্ৰেচন দূৰ কৰাত নেমু অত্যন্ত জৰুৰী সেই কথা বুজিছিল আৰু নেমু লগত লৈ গৈছিল। লগতে জংঘল অৰণ্যৰ মাজত শৰীৰত লগা ঘাঁ আদি যাতে শুকোৱাত সহায় হয় তাৰ বাবে তেঁওলোকে নেমু ব্যৱহাৰ কৰিছিল। আৰু অতব্য অৰণ্যত যেতিয়া সৰ্পই দংশন কৰিছিল তেতিয়া তেওঁলোকে কেনেকৈ গম পাব যে সাপডাল বিষাক্ত আছিল। তেতিয়া সেই বিষয়ে জানিবৰ বাবে তেওঁলোকে এই অত্যন্ত জ্বলা জলকীয়া কিছুমান লগত নিছিল। সাপে খুঁটাৰ পাছত তেওঁলোকে জলকীয়া খায় চায়, যদি জলকীয়া খোৱাৰ পাছত জিহ্বাত জলা স্বাৱাদ অনুভৱ কৰে তেনে হলে সাপদাল বিষহীন বুলি তেওঁলোকে নিশ্চিত কৰিছিল আৰু যদি জলকীয়া জ্বলাৰ স্বাদ অনুভৱ নহয় তেনে হলে সাপদাল বিষাক্ত বুলি নিশ্চিত কৰিছিল।
গতিকে আমিও সেই কাম কৰিব পাৰো। আৰু সাপে কামোৰা ঠাইখিনিত চোকা অংস্তেৰে কাটি তেজটো অলপ সাৱধানে উলিয়াই দিব লাগে। কাটোতে বেছি দকৈ নাকাটিব, ভেইন কাটিলে সমস্যাৰ সৃস্টি হব। লগতে লক্ষ্য কৰিব যাতে সাপে কামোৰা ঠাইৰ পৰা ওলোৱা তেজ বেলেগ ব্যক্তি গাত নালাগে।
এতিয়া আহো হোমিঅপেথিক ঔষধলৈঃ
কি হোমিঅপেথিক ঔষধ ব্যৱহাৰ কৰিব সাপে কামোৰা লোকৰ প্ৰান বচাবৰ বাবে? আপোনালোকে ইতিমধ্যে দেখিছে যে বহু বিশেষজ্ঞই ফেচবুক, ইউটিউব আদি সামাজিক মাধ্যমত naja 200 নামৰ এটা হোমিঅপেথিক ঔষধৰ কথা ব্যাপক ভাৱে প্ৰচাৰ চলাই আছে। এই মেডিচিন যিহেতু কিং কোব্ৰা নামৰ ভয়ানক বিষাক্ত সাপ বিধৰ বিষৰ পৰা প্ৰস্তুত কৰা হয়। গতিকে সাপে কামোৰিলে এই ঔষধ প্ৰতি ১৫ মিনিটৰ মূৰে মূৰে খুৱাব, জিহ্বাত দিব, সাপৰ বিষৰ প্ৰভাৱ কিছু কম হব। যদি কোব্ৰাই দংশন কৰে তেনে হলে এই মেডিচিনে বিষৰ প্ৰভাৱ কম কৰি জীৱন বছাবলৈ সহায়ক হব। অন্য সাপ হলেও বিষৰ প্ৰভাৱ কিছু কম হব। কিন্তু ততাতৈয়াকৈ জিলা চিকিৎসা কেন্দ্ৰলৈ ব্যক্তিজনক লৈ যাব। বেলেগ চিকিৎসালয়লৈ নি সময় অপচয় নকৰিব।
ডা. হৰিকান্ত দাস।hi I am Dr Hari-
*MEDICAL ALERT* PLEASE SHARE THIS WITH FAMILY AND FRIENDS. IT MAY SAVE SOMEONE'S LIFE. Thanks. Stay blessed. BENEFITS OF WARM WATE...
-
এক সুস্থ সবল শিশু জন্ম দিয়াটো সকলো মাতৃৰে কামনা আৰু এই ইচ্ছা পূৰণ কৰিবৰ বাবেই প্ৰতি গৰাকী মাতৃয়ে পূষ্টিকৰ আহাৰ গ্ৰহন কৰাতো অতি জৰুৰী।...
-
আজি আমি আলোচনা কৰিম মানুহৰ গাত হোৱা এবিধ টেমুনাৰ বিষয়ে। বহু মানুহৰ দেখা যায় দেহৰ কোনো কোনো অংগত সৰু সৰু টেমুনা থাকে, যেনে-হাত, ডিঙি, কপাল, অ...
-
অসমীয়া অনুবাদঃ ছা-হা-বা হাৰ্টি * ( বিঃদ্ৰঃ অনুগ্ৰহ কৰি পোষ্টটো কপি নকৰিব। পঢ়ি ভাল লাগিলে ভাগবতৰা কৰিব পাৰে।) * ...
-
১. কেৰেলা পাত : English: Bitter gourd: Botanical : Momordica charantia : আইৰন, মেগনেচিয়াম, পতাচিয়াম, ভিটামিন C ৰ উ ৎস। মধুমেহ নিয়ন্ত...
-
সাৱধান আপোনাৰ চকুৰ নোমত থাকিব পাৰে ভয়ংকৰ পোকঃ কঠিত আছে যে মানৱ শৰীৰ বিভিন্ন ব্যধিৰ মন্দিৰ। জীৱন কালত মানুহৰ দেহত বিভিন্ন কাৰনত বিভিন্ন ধৰ...