গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰঃ
পেটৰ অসহ্য বিষ, পেট ফোলা, বমি বমি ভাব বা বমি হোৱা, খাদ্য খৱাৰ পাছত পেট গধুৰ অনুভব হোৱা বা পেটৰ অশান্তি হোৱা আদি লক্ষণ সমূহ পেপটিক আলচাৰ হলে প্ৰকাশ পোৱা প্ৰায়ে দেখা যায়।
বৰ্তমান সময়ত অধুনিক জীৱন যাত্ৰাই সৃস্টিকৰা অন্যান্য সমস্যা সমূহৰ ভিতৰত পেপটিক আলচাৰো এক গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যা ৰূপে পৰিগণিত হৈছে। অত্যাধুনিক জীৱনৰ ধামসুমীয়াত নিয়মিত খাদ্য গ্ৰহণ কৰিবলৈ সময় নোহোৱা, বিভিন্ন ধৰণৰ ফাচফুড, জাং ফুড আদি অত্যাধিক গ্ৰহণ কৰা, তেল, মচলা, ভজা, জ্বলা-পোৰা আদি মুখৰোচক খাদ্য অত্যাধিক গ্ৰহণ কৰা, অত্যাধিক মানসিক দুচিন্তা আদি কাৰণে এই সমস্যা দিনক দিনে ব্যাপক ৰূপে বৃদ্ধিহৈ গৈ আছে। এক গৱেষণাৰ তথ্য অনুসৰি প্ৰতি ১০ জন মানুহৰ এজন এই গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ সমস্যাত ভুগে।
গতিকে আজি আমি আলোচনা কৰিম পেপটিক আলচাৰ কি, কিয় হয়, পেপটিক আলচাৰ হলে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু লগতে এই সমস্যাত ব্যৱহৃত কিছুমান খুউব সুন্দৰ হোমিঅপেথিক মেডিচিন আছে এই মেডিচিন সমূহৰ বিষয়েও আলোচনা আগবঢ়াম।
পেপটিক আলচাৰ কি?
পেপটিক আলচাৰকে সাধাৰণতে আমি গেষ্ট্ৰিক আলচাৰ বা আলচাৰ বুলি কওঁ। গেষ্ট্ৰইনটেস্টিনেল ট্ৰেকৰ যিকোনো অংশতে আলচাৰ বা ঘাঁ হব পাৰে। কিন্তু পাকস্থলীৰ পৰা নিসৰিত হাইড্ৰক্লৰিক এচিড অথবা পেপচিনৰ কাৰণে স্টমাক বা ডিওডেনামত যেতিয়া ঘাঁ হয়, তাকেই পেপটিক আলচাৰ বুলি কোৱা হয়।
পেপটিক আলচাৰ বা গেষ্ট্ৰিক আলচাৰ কিয় হয়?
আমাৰ সকলোৰে পাকস্থলীৰ পৰা এচিড পেপচিনৰ নিসৰণ হয় যাৰ বাবে আমি খোৱা খাদ্য পৰিপাক হয়। পাকস্থলীৰ আৱৰণি চালখনৰ স্বাভাৱিক প্ৰতিৰোধ ক্ষমতাৰ কাৰণে এচিড পেপচিনে পাকস্থলীক ক্ষতি কৰিব নোৱাৰে। কিন্ত আমাৰ দৈনন্দিন জীৱন যাত্ৰাৰ কিছুমান ভুলৰ বাবে আমাৰ পাকস্থলীৰ আৱৰণি চালখনৰ স্বাভাৱিক প্ৰতিৰোধ ক্ষমতা নোহোৱাহৈ যায় আৰু পাকস্থলীত এচিড পেপচিনৰ নিসৰণো বৃদ্ধি হৈ যায়। যাৰ ফলত পাকস্থলী আৰু ডিওডেনামত ঘাঁৰ সৃষ্টি হয়। পাকস্থলীত খাদ্য প্ৰবেশ কৰাৰ পাছতেই স্বাভাবিকভাবে এচিড পেপচিনৰ নিসৰণ বাঢ়ি যায়। কাৰণ আমি খোৱা খাদ্য দব্যবোৰ হজম কৰিবৰ বাবে এচিড পেপচিনৰ প্ৰয়োজন হয়।
আমাৰ সকলো মানুহৰে খাদ্যখোৱাৰ এক নিৰ্দিষ্ট সময়সূচী থাকে। কিছুমান মানুহে ৪ ঘন্টাৰ ব্যৱধানত খায়, কিছুমানে ৬ ঘন্টাৰ ব্যৱধানত আৰু কিছুমানে ১২ ঘন্টাৰ ব্যৱধানত খাদ্য গ্ৰহণ কৰে। কিন্ত আমি সদায় নিদিৰ্ষ্ট সময়ত খাদ্য খোৱাত অতি প্ৰয়োজন। কাৰণ আমি যদি সদায় দিনৰ ৯ বজাত, ১ বজাত আৰু ৰাতি ৮ বজাত খাদ্য খাও তেনে হলে আমাৰ দেহৰ ভিতৰত থকা অদৃশ্য ঘড়ীয়ে এই সময় নিৰ্দ্ধাৰণ কৰি লয় আৰু এই নিৰ্দ্ধাৰিত সময়তে খাদ্য হজম কৰিবৰ বাবে পাচক ৰস বা এচিড পেপচিন নিসৰণ কৰিব। কিবা কাৰণত যদি এই স্বাভাবিক প্ৰক্ৰিয়া ব্যাহত হয় বা খাদ্য গ্ৰহণ প্ৰক্ৰিয়া অনিয়মিয়া হয় তেতিয়াই বিসংগতিৰ আৰম্ভ হয়। ১ বজাত পাকস্থলীত খাদ্য পৰিব লাগিছিল যদিও নপৰিল কিন্তু এচিড পেপচিন সেই সময়ত নিসতণতো হবই। আৰু যেতিয়া ই খাদ্য নাপাব পাকস্থলীৰ আবৰণী চালখনত ঘাঁৰ সৃস্টি কৰিব। ইয়াকে আমি গেষ্ট্ৰক আলচাৰ বা পেপটিক আলচাৰ বুলি কওঁ।
গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ কাৰণঃ
⇒ বহু ক্ষেত্ৰত বংশগত কাৰণো এই গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ কাৰক বুলি গন্য কৰা হৈছে। গবেষণাৰ পৰা জানিব পৰা গৈছে যে যিসকল ব্যক্তিৰ তেজৰ গ্ৰুপ O সেই সকল ব্যক্তিৰ গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ সম্ভাবনা বেছি থাকে।
⇒ অত্যাধিক মানসিক চাপ- হতাশা, দুচিন্তা আদিত ভুগা লোকৰ গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ সম্ভবনা থাকে।
⇒ অত্যাধিক চাহ, কফি, ধূ্ম্ৰপান, জৰ্দা, পান-মচলা আদি খোৱা ব্যক্তি, অত্যাধিক মদ্যপান কৰা ব্যক্তি, তেল, মচলা, ভজা, পোৰা, ফাস্ট ফুড, জাং ফুড আদি বেছি খোৱা ব্যক্তিৰ এই গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ সম্ভাবনা বেছি থাকে।
⇒ সময়মতে খাদ্য গ্ৰহণ নকৰা বা খাদ্য ভালদৰে ছোবাই নোখোৱাৰ বাবেও গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ সম্ভাৱনা বৃদ্ধি হয়।
⇒ নিদ্ৰাহীনতা বা সময় মতে নোশুৱা বা বিভিন্ন কাৰণত ৰাতি টোপনী ক্ষতি কৰাৰ বাবেও গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ সমস্যা হব পাৰে।
⇒ অধিক সংখ্যক লোকৰ ক্ষেত্ৰতেই হেলিক বেক্টাৰ পাইলুৰি নামৰ জীৱাণু সংক্ৰমণ গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰ কাৰণ বুলি গণ্য কৰা হৈছে। এই বেক্টেৰিয়া পদুষিত পানী, দুষীত খাদ্য আদিৰ জৰিয়তে আমাৰ পেটত প্ৰবেশ কৰি স্টমাক, ডিওডেনামৰ যি প্ৰতেকটিভ লেয়াৰ আছে তাত সংক্ৰমন কৰি ঘাঁৰ সৃস্টি কৰি দিয়ে।
⇒ কিছুমান ঔষধ যেনে বিশনাশক ঔষধ-এচপিৰিন, এনডোমেথাচিন, আইব্ৰুপ্ৰপেইন, ডাইক্লফিনেক, কিটুপ্ৰফেইন আদিৰ লগতে বিভিন্ন ধৰণৰ স্টেৰয়েড জাতীয় ঔষধ সমূহ গ্ৰহণ কৰিলেও গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ সম্ভাবনা বৃদ্ধি হয়।
গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ লক্ষণঃ
পেটৰ বিষ গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ প্ৰধান লক্ষণ। বিষ সাধাৰণতে পেটৰ ওপৰভাগত হয়। কেতিয়াবা ৰোগীয়ে বিষ হোৱা নিৰ্দিষ্ট ঠাইখিনি আঙুলিৰে দেখাই দিব পাৰে। গেষ্ট্ৰিক আলচাৰ হলে খোৱাৰ কিছু সময়ৰ পিছতে পেটৰ মৃদু বিষ হয় আৰু বমি কৰাৰ পিছত বা পেট খালি হলে আৰামবোধ কৰে। ডিওডেনাম আলচাৰত খালীপেটত বিষ আৰম্ভ হয় আৰু খাদ্য খোৱাৰ পাছত বিষৰ উপষম হয়। এনে ক্ষেত্ৰত বহুতৰে মাজ ৰাতি পেট খালী হলে বিষৰ বাবে টোপনি ভাঙি যায় কিন্তু খাদ্য খোৱাৰ পাছতে বিষ নোহোৱা হয় আৰু পুনৰ টোপনী আহে।
বমিঃ
° গেষ্ট্ৰিক আলচাৰহোৱা লোকৰ বমি হয় কিন্ত ডিওডেনাস আলচাৰ হোৱা ৰোগীৰ বমি সাধাৰণতে কম হয় কিন্ত দীৰ্ঘদিন ধৰি হলে বমি হয়। এটা সময়ত এনেকুৱা পৰ্যায়ত উপনীত হৈগৈ মুখত অঙুলি ভৰাই বমি কৰি দিব লগা হয়। বমি কৰিলেহে ৰোগীয়ে উপশম লাভ কৰে। দীৰ্ঘদিনীয়া পেপটিক অলচাৰৰ ক্ষেত্ৰত তেজ বমি হব পাৰে আৰু শৌচতো তেজ আহিব পাৰে। বমি আৰু পায়খানা কেচাঁতেজ অথবা চকলেট ৰঙৰ হব পাৰে।
° ডিওডেনাম আলচাৰ ৰোগীৰ প্ৰায় মেলিনা হয়। কলা আলকতৰাৰ দৰে পায়খানা হৈ থাকে।
° গেষ্ট্ৰিক আলচাৰ হোৱা ৰোগীয়ে খাদ্য খাবলৈ ভয় কৰে কাৰণ খাদ্য খোৱাৰ পাছতেই ৰোগীৰ বিষ বৃদ্ধি হৈ যায় কিন্তু ডিওডিনেল আলচাৰ ৰোগীৰ ক্ষেত্ৰত ওলোটা হয়। ঘনাই ঘনাই খাব বিছাৰে।
° গেষ্ট্ৰিক আলচাৰ ৰোগীৰ ক্ষেত্ৰত দেহৰ ওজন কমে কিন্তু দিওডিনেল আলচাৰৰ ক্ষেত্ৰত ওজন বৃদ্ধি হোৱা পৰিলক্ষিত হয়।
° ৰোগীৰ বুকু জ্বলাপোৰা, পেটফোলা, টেঙা উগাৰ অহা, হজম শক্তিৰ দূৰ্বলতা, ভোক নলগা আদি লক্ষণ সমূহ বহু সময়ত কোনো কোনো ৰোগীৰ দেখাপোৱা যায়।
° কেইদিনমান ভালে থাকে আৰু পুনৰ পেটবিষৰ সমস্যা হৈ থাকে। দিন বাঢ়ি যোৱাৰ লগে লগে বিষ ঘনাই হবলৈ ধৰে। শেষৰ সময়ত পেটৰ ওপৰৰ অংশ সদায় বিষ হৈ থকে।
গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচা কেনেকৈ নিৰ্ণয় কৰিব?
° ৰোগীৰ ৰোগৰ লক্ষণ ভালদৰে অধ্যয়ন কৰাৰ পাছত অভিজ্ঞ চিকিৎসকে ৰোগ সহজতে নিৰূপন কৰিব পাৰে তথাপিও নিশ্চিত হবৰ বাবে কিছুমান পৰীক্ষা কৰা হয়।
° পৰিপাক তন্ত্ৰৰ ওপৰৰ অংশৰ এন্ডস্কপি অথবা বেৰিয়াম মিল এক্সৰে কৰা হয়।
° এইচ পাইলৰি পৰীক্ষা, ৰেপিড ক্লো টেস্ট অথবা তেজৰ পৰীক্ষাও কৰা হয়।
গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰত লব লগা সাবধানতাঃ
° গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰ সমস্যা অতি বৃদ্ধি হৈ গলে ৰোগীয়ে সম্পূৰ্ণ বিশ্ৰাম লোৱাতো অত্যন্ত প্ৰয়োজন।
° সময়মতে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগিব। যিবোৰ খাদ্য খালে ৰোগীয়ে অশান্তি ভোগকৰে সেইবোৰ খাদ্য গ্ৰহণ কৰিব নালাগে। অতিৰিক্ত তেল, মচলা, জলা, ভজা-পোৰা খাব নালাগে।
° ধূম্ৰপান, মদ্যপান, পানমচলা, গুটখা, জৰ্দা আদি সম্পূৰ্ণৰূপে বৰ্জন কৰিব লাগিব।
° চাহ, কফি খাব নালাগে। যদি অত্যন্ত খোৱাৰ ইচ্ছা হয় তেনে হলে ৰঙাচাহ বা গ্ৰীণট্ৰি চেনি নিদিয়াকৈ দিনত ২ কাপ খাব পাৰিব।
° যদি বিষনাশক ঔষধ, স্টেৰয়েড জাতীয় ঔষধ যদি খাবলগা হয় চিকিৎসকৰ পৰামৰ্শ অবিহনে গ্ৰহন নকৰিব।
গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ জটিলতাঃ
গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ তীব্ৰতৰ হলে হঠাৎ আলচাৰৰ ঠাইত ফুটা হৈ প্ৰচুৰ ৰক্তপাত হব পাৰে যাৰ ফলত মুখেৰে তেজ বমি হব পাৰে, পায়খানা আলকটৰাৰ দৰে কলা হব পাৰে আৰু ৰোগী মূৰ্চ্ছা যাব পাৰে। দীৰ্ঘদিনীয়া গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ পৰা কেন্সাৰ হব পাৰে।
গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ হোমিঅপেথিক চিকিৎসাঃ
(১) nux vomica
খাদ্য খোৱাৰ ½ ঘন্টাৰ পাছতেই পাকস্থলীত পথৰ থকাৰ দৰে চাপ অনুভৱ হয়। মুখত পানী উঠে, পেট টান টান অনুভৱ হয়। ককাঁলৰ কাপোৰ ঢিলা কৰিবলৈ বাধ্য হয়। আহাৰ গ্ৰহন কৰা 2/3 ঘন্টাৰ পিছলৈকে মানসিক পৰিশ্ৰম কৰিব নোৱাৰে। দুপৰীয়া আহাৰ গ্ৰহন কৰা পিছতেই টোপনি আহে। মনত দূচিন্তা, উৎকণ্ঠা, অত্যাধিক কফি, মাদক দ্ৰব্য আদি খোৱা, টোপনি ক্ষতি আৰু অত্যাধুনিক জীৱন যাপনৰ বাবে হোৱা পাকস্থলী ৰোগত এই ঔষধ অত্যন্ত উপযোগী। ৰোগীৰ প্ৰতিদিনে ৰাতিপুৱা টেঙা আৰু তিতা উগাৰ অহে। প্ৰতিদিন ৰাতি পুৱা ওকালি ভাৱ আৰু বমি হোৱাৰ লগতে মানসিক উদ্যম হীনতাই দেখা দিয়ে। খাদ্য খোৱাৰ পাছতেই উগাৰ আহে। আহাৰৰ পাছত ধূম্ৰপ্ৰাণ কৰিলে অনবৰত ওকালি ভাৱ হয় আৰু ভাব হয় যেন বমি কৰি দিব পাৰিলেহে উপশম হব। এনেকুৱা লক্ষণ প্ৰকাশ পালে এই নাস্কভমিকা ঔষধ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়।
(৩) ইপিকাকুয়ানাঃ (IPECACUHANA)
সকলো সময়তে বমি বমি ভাৱ হয় ওকালি আহে আৰু ওকালি লগত প্ৰচুৰ প্ৰৰিমানে লেলাউটি উলায়, কনিৰ বগা বিজলুৱা অংশৰ দৰে প্ৰচুৰ পৰিমানে বমি হয়। বমি হলে উপশম নহয়। বমিৰ পাছত টোপনি আহে, কুজা হলে বৃদ্ধি হয়, পাকস্থলীটো তললৈ উলমিপৰা দৰে, ঢিলা যেন লাগে খামোচ মৰা, চেপি দিয়াৰ দৰে তীব্ৰ বিষ হয়। নাভিৰ চাৰিওফালে ফালি দিয়াৰ দৰে বিষ হয়। শৌচ ফেন যুক্ত ৰক্ত মিশ্ৰিত হয়। এনে ধৰণৰ লক্ষণ প্ৰকাশ পালে এই ঔষধে ভাল ফল দিয়ে।
(৪) এচাইনাইডঃ
পাকস্থলীত হূলে ফুটাৰ দৰে যান্ত্ৰণা, পানী পিয়াহ, জ্বৰ জ্বৰ ভাৱ, বমিৰ আদি লক্ষণ থাকিলে এই ঔষধ ব্যৱহাৰ কৰিব পাৰে।
(৬) চাইনা:
এই ঔষধত খাদ্য খোৱাৰ পিছত গোটা বস্তু এটাই পেটৰ পৰা বুকুৰ মাজলৈ ওজাই অহাৰ দৰে লাগে, পেট ফুলি উঠে। একেবাৰে ভোক নালাগে। খাদ্য হজম নোহোৱালৈকে পেটত অশান্তি বৃদ্ধি হয়, পেটত অনবৰতে গৰ গৰ শব্দ হৈ থাকে, বুকু জ্বলা পোৰা আৰু এচিডিটিৰ লক্ষণ থাকে। কেতিয়া ৰোগীৰ হিকটি আহে, বমি বমি ভাব, তেজ বমি আৰু টেঙা-তিতা উগাৰ আহে।
যিকোনো ধৰণৰ গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰ সমস্যাত
SymphytumQ + Hydrastis CanQ + OrnithogalumQ সমপৰিমানে লৈ ২০ টোপালকৈ দিনে ৩ বাৰ কৈ একাপ পানীৰ লগত কিছুদিন খাব লাগে।
Arsenic200+Anacardium 200 টেঙা ওগাৰ, বুকু জলাপোৰা লগতে বমি হোৱা আদি সমস্যা থাকিলে এই মেডিচিনে অত্যন্ত সুফল দিয়ে।
Natrum Phos 6x: মেডিচিনটো 4-6 টেবলেট দিনে 4 বাৰকৈ ছোবাই খাব লাগে।hi I am Dr Hari
No comments:
Post a Comment
Thanks