Dr Haris Well future : January 2020

Friday, January 24, 2020

বাত বিষৰ হোমিঅপেথিক চিকিৎসাঃ

বাত বিষৰ হোমিঅপেথিক চিকিসাঃ

       বৰ্তমান বিশ্বৰ সৰ্বমুঠ জনসংখ্যাৰ ১ শতাংশ লোক বাত ৰোগত আক্ৰান্ত। অতি যান্ত্ৰনা দায়ক এই ৰোগত পুৰুষৰ তুলনাত মহিলা সকল বেছিকৈ আক্ৰান্ত হোৱা দেখাযায়। প্ৰতি জন পুৰুষৰ বিপৰীতে ৩ গৰাকী মহিলা এই ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হয়।
        বাত বিষ বা ৰিমিউটিজিম বুলি কলে বহু সমস্যাৰ সমষ্টিক বুজোৱা হয়। যত দেহৰ হাত-ভৰি আদি কৰি দেহৰ অন্যান্য গাঁঠি সমুহ ফুলি উঠা বা অস্থি সন্ধি সমূহৰ আশে পাশে গৰম হৈ ৰঙাপৰি বিষ হোৱা, সকলো সময়তে ভয়ানক বিষ হোৱা বা সময়ে সমে অশান্তিদায়ক বিষ হোৱা, খোজকঢ়া বা লৰচৰ কৰিবলৈ অসুবিধা হোৱা আদি লক্ষণ সমূহ দেখাদিয়ে।
        সাধাৰণতে বাট বিষক ক্ৰনিক বা পোৰণা আৰু একিউট বা নতুন এই দুই ভাগত বিভক্ত কৰা হয়।
        নতুন বাত বেমাৰত প্ৰথমে অস্থি সন্ধি সমুহ ফুলে, ৰঙা পৰে, অসহ্যকৰ বিষ হয়, বিষৰ প্ৰকোপত জ্বৰ হয়। দেহৰ যিটো অংগতেই বিষ হয়-ভৰিত হলে গোটেই ভৰি জঠৰ হৈ যোৱাৰ দৰে হয়, জ্বলা-পোৰা বিষ হয়, সন্ধিবোৰ ঢাকি ৰখা চালখনৰ তলত প্ৰথমে তেজ জমা হয় আৰু পিছত পানী জমা হয় আৰু ফুলি উঠে। সন্ধি বাত বা গাঠি বাতত প্ৰথমে আঁঠুত আক্ৰান্ত হয়, ক্ৰমান্বয়ে এটাৰ পাছত এটা গাঁঠি ফুলিবলৈ ধৰে, বিষ এটা গাঁঠইৰ পৰা এটা গাঁঠিলৈ পৰিচালিত হয়। বিষৰ কাৰণে হাত ভৰি লৰাব নোৱাৰে, ইকাটি খিকাটি হবলৈ ভীষণ কষ্ট হয়, জ্বৰ ১০৪-১০৫ ডিগ্ৰী পৰ্যন্ত হয়।
বাত ৰোগ বাত ৰোগ[/caption]ৰোগ দীৰ্ঘদিন ধৰি হৈ থাকিলে ক্ৰনিক ৰোপ ধাৰণ কৰে। ক্ৰমাগত ডিঙিৰ বিষ. কঁকালৰ বিষ, আঁঠুৰ বিষ শৰীৰৰ বিভিন্ন ঠাইত হাড়ৰ বিষ, মাংসপেক্ষীৰ বিষ আদি স্থায়ী ভাবে হৈ থকাৰ সম্ভাৱনা থাকে।

বাত ৰোগৰ হোমিঅপেথিক চিকিসাঃ

Aconite Nap বতৰৰ পৰিৱৰ্তনৰ সময়ত হৰ্ঠাৎ বাত ৰোগ উৎপত্তি হলে এই দৰৱ ব্যৱহাৰ কৰিব লাগে। এই দৰব ব্যৱহাৰ কৰাৰ মূল লক্ষণ সমুহ হল- ৰোগী বিষৰ কাৰণে অস্থিৰ হৈ পৰে, চতফটাই থাকে, বিষত মৃত্যু হব যেন লাগে লগতে তীব্ৰ পানীৰ পিয়াহ আৰু জ্বৰ হয়. কিন্তু জ্বৰত ঘাম নোলায়। বাত ৰোগৰ প্ৰাৰম্ভিক অৱস্থাতে এই দৰবৰ ৩০ ক্ষমতাৰ প্ৰতি ২-৩ ঘন্টাৰ মূৰে মূৰে ১ টোপালকৈ ব্যৱহাৰ কৰি ৰোগৰ প্ৰতিৰোধ গঢ়ি তোলিব পাৰি।

Bryonia Alb

বাত ৰোগত অস্থি সন্ধিবোৰ বেজিৰে খুচাৰ দৰে, ফালিযোৱাৰ দৰে বিষ হয়, বিষ ৰাতি বৃদ্ধি হয়, সন্ধিবোৰ ফুলে আৰু সামান্য ৰঙা পৰে। জ্বৰ হয়, বুকুত আৰু হৃদপিণ্ডত খোছা-বিন্ধা কৰা বিষ থাকে। বিষ কাঁহিলে, লৰচৰ কৰিলে বাঢ়ে, সম্পূৰ্ণ বিশ্ৰাম আৰু আক্ৰান্ত অংগত হেঁচাদি শুলে উপশম হয় আদি লক্ষণ থাকিলে এই ঔষধ ৩০ শক্তিৰ ২-৩ ঘন্টাৰ মূৰে মূৰে ১ টোপালকৈ ব্যৱহাক কৰিলে ৰোগ সহজে নিৰাময় হয়।

Rhus Tox

ৰোগীৰ মোচোকা খোৱাৰ দৰে, পেশী বা শৰীৰৰ গাঁঠি খোলকি যোৱাৰ দৰে বিষ হয়, কটাৰীৰে হাড়বোৰ যেন চাঁচি আছে এনেকুৱা অনুভব হয়, মাজনিশাৰ পাছত আৰু বৰষুণত তিতিলে বিষ বৃদ্ধি হয়, বিষ হোৱাৰ অংশত স্পৰ্শ কৰিলে ঘাঁহোৱাৰ দৰে অনুভব হয়।
        বহি থকাৰ পাছত বা বিশ্ৰামৰ পিছত যেতিয়া প্ৰথম উঠি গতি কৰে বা ৰাতিপুৱা বিছনাৰ পৰা উঠাৰ সময়ত ঘাঁ হোৱাৰ দৰে, জঠৰ আৰু বিষ অনুভৱ হয়, খোজ কাঢ়িলে বা অনবৰত সঞ্চালন কৰিলে উপশম হয়।
        ৰোগী অস্থিৰ হৈ পৰে, উৎকণ্ঠা, ভয়, বিছনাত শুই থাকিব নোৱাৰে, বিষৰ পৰা উপশমৰ কাৰণে ঠাই সলনি কৰিবলৈ বাধ্য হয়।    এনেকুৱা লক্ষণ প্ৰকাশ পালে এই ঔষধ ৩০ ক্ষমতাৰ ১ টোপালকৈ ২-৩ ঘন্টাৰ মূৰে মূৰে ব্যৱহাৰ কৰিলে ৰোগৰ পৰা পৰিত্ৰান পাব পাৰি।

Belladona

বাত ৰোগৰ আৰম্ভনিতে সন্ধিবোৰ ফুলি ৰঙা পৰে,আৰু ফুলা সন্ধিবোৰ অত্যন্ত গৰম হয়। ৰোগীৰ জ্বৰ থাকে আৰু অতিৰিক্ত ঘাম ওলায়, হৰ্থাৎ হৃদপিণ্ডৰ বিষ হয় আৰু হৰ্থাৎ নোহোৱা হয়, মূৰৰ বিষ থাকে আৰু ৰোগীয়ে প্ৰলাপ বকে। ৰোগীৰ আক্ৰান্ত অংশ চুলে, লৰচৰ কৰিলে বিষ বৃদ্ধি হয়। ৰোগীয়ে কোলাহল পচণ্ড নকৰে, হুলস্থুলীয়া পৰিবেশত বিষ বৃদ্ধি হয়, আবেলি ৩ বজাৰ পাছত, ৰাতি মাজ নিশাৰ পাছত, সূৰ্যৰ তাপত আৰু শুই থাকিলে বিষ বৃদ্ধি হয়। বিশ্ৰামত, থিয়হৈ থাকিলে বা পোন হৈ বহিলে, গৰম ঘৰত উপশম হোৱা লক্ষণ থাকিলে এই ঔষধ ১ টোপালকৈ ২-৩ ঘন্টাৰ মূৰে মূৰে ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা উপশম পাব পাৰি।

Cimicifuha

ডিঙিৰ মাংসপেশীৰ বাত বেমাৰ বা দেহৰ যিকোনো ঠাইৰ মাংসপেশীৰ বাত বিষত এই ঔষধ অত্যন্ত উপযোগী, বিশেষকৈ কলাফুলৰ বাত বেমাৰত এই ঔষধ ফলপসু ভাবে ব্যৱহাৰ কৰা হয়। এই ঔষধৰ ৩০ বা ২০০ ক্ষমতাৰ ১ টোপালকৈ দিনে ৩-৪ বাৰকৈ সেৱন কৰিলে এই ৰোগৰ পৰা নিশ্চিত ভাবে উপশম পাবলৈ সক্ষম হব।

Medorrhinum

গোটেই শৰীৰত হেচাঁমাৰি ধৰাৰ দৰে, থেঁতেলি যোৱাৰ দৰে বিষ হয়, কান্ধৰ বাত বিষত এই ঔষধ বিশেষ ভাবে ব্যৱহাৰ হয়। এই  ঔষধৰ ২০০ ক্ষমতাৰ দিনত ২ বাৰকৈ ব্যৱহাৰ কৰিব লাগে।

Actaea Spicta

হাতৰ আঙুলি আৰু হাতৰ সৰু গাঁঠিৰ বাত ৰোগত এই ঔষধ বিশেষ ভাবে ব্যৱহাৰ হয়। হাতৰ আঙুলিবোৰত বাত ৰোগৰ বাবে ফুলি টানহৈ থাকিলে এই ঔষধ লক্ষণ অনুসৰি ব্যৱহাৰ কৰা হয়।
        বুকুৰ কামিহাড় আৰু মাংসপেক্ষীৰ বাত ৰোগত Rananculus Bulbosus ঔষধটো লক্ষণ অনুসৰি সঠিক মাত্ৰাত ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা পৰিত্ৰান পাব পাৰি। কম্পিউটাৰৰ কিবডত একেৰাহে আঙুলি বোলাই থকা লোক, নাপিত, দৰ্জী আদি কামকৰা লোকৰ হাতৰ জোৰাৰ পিছফালে বিষ হলে এই ঔযধ অত্যন্ত উপযোগী।
        কিছুমান মানুহৰ ডাৱৰীয়া বতৰত বাত ৰোগ হয় বা যিকোনো ধৰণৰ বিষ ডাৱৰীয়া বতৰত বৃদ্ধি হলে অন্যান্য ঔষধৰ লগতে হোমিঅপেথিক মেডিচিন Natrum Sulph ব্যৱহাৰ কৰিব লাগে।
        প্ৰস্ৰাৱৰ ৰোগৰ লগতে যদি বাত বিষ হয় তেনে হলে Acid Benz, Berberis Vulgaris, Lithium Carb, Stillingia আদি ঔষধ সমূহ লক্ষণ অনুসৰি ব্যৱহাৰ কৰি বাতৰোগৰ পৰা সম্পূৰ্ণ মুক্ত হব পাৰে।
        স্বপ্নদোষ আৰু অজ্ঞাতসাৰে শুক্ৰ ক্ষয়ৰণ হৈ বা অত্যাধিক হস্তমৈথুন্যৰ বাবে বাত ৰোগ হলে Acid Phos, Argentum Met, Ginseng আদি ঔষধ সমূহ সঠিক মাত্ৰাত ব্যৱহাৰ কৰি এই ৰোগৰ পৰা হাত সাৰিব পাৰি।
        মহিলা সকলৰ জৰায়ু সম্বন্ধীয় ৰোগৰ সৈতে যদি বাত ৰোগ হয় তেনেহলে Caulophyllum, Sulphur, Medorrhinum, Cimicifuga, Sabina আদি ঔষধ সমুহ ব্যৱহাৰ কৰি এই ৰোগ নিৰাময় কৰিব পাৰি।
        আজীৰ্ণ ৰোগ, গেষ্টিক আদিৰ পৰা বাত ৰোগ হলে Acid Lactic, Stillingia, Kali-Carb, China, Nux Vomica আদি ঔষধ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা সহযে মুক্ত হব পাৰে।
        ৰক্তহীনতা বা এনিমিয়াৰ বাবে হোৱা বাত বিষত China, Kali Carb আদি ঔষধ ব্যৱহাৰ কৰি ৰোগীক এই সমস্যাৰ পৰা সম্পূৰ্ণ ভাবে মূক্ত কৰিব পাৰি।

hi I am Dr Hari

মধুমেহ বা ডায়েবেটিচ ৰোগীৰ যৌন দূৰ্বলতাৰ হোমিঅপেথিক চিকিৎসা

মধুমেহ বা ডায়েবেটিচ ৰোগীৰ যৌন দূৰ্বলতাৰ হোমিঅপেথিক চিকিৎসা

বৰ্তমান সময়ত অতী ব্যাপকতাৰে বৃদ্ধি হোৱা এক ভয়াৱহ সমস্যা ডায়েবেটিচ। বৰ্তমান দেশৰ প্ৰায় ৫ কোটি লোক এই ডায়েবেটিচ বা মধুমেহ ৰোগত আক্ৰান্ত। এই ডায়েবেটিচত ভূগা বহু সংখ্যক ৰোগীয়েই যৌন দূৰ্বলতা ভূগা বুলি অভিযোগ কৰে। গতিকে এই সমস্যাৰ পৰা সহজে পৰিত্ৰাণ পাবৰ বাবে খুব ফলপসু হোমিঅপেথিক দৰব আছে, আমি এই দৰব সমূহৰ বিষয়ে আপোনালোকক অৱগত কৰিম।
১) অধ্যয়নৰ পৰা দেখা গৈছে যে, ডায়েবেটিচে টেষ্ট্ৰটেৰণ হৰমনৰ পৰিমান কমায় যাৰ ফলত ডায়েবেটিচ ৰোগীৰ যৌন স্বাস্থ্যত প্ৰভাৱ পৰে।
২)দৈনিক উচ্চৰক্তচাপ, ডিপ্ৰেচন আদি সমস্যাৰ ঔষধ গ্ৰহণ কৰাৰ বাবেও ডায়েবেটিচ ৰোগীৰ যৌন দূৰ্বলতাৰ সমস্যা হব পাৰে।
৩) দূৰ্বলতা বা শক্তি হীনতাৰ বাবেও ডায়েবেটিচ ৰোগীৰ যৌন দূৰ্বলতাৰ সমস্যা হব পাৰে।
৪) ডায়েবেটিচ নিউৰপেথি- এক প্ৰকাৰৰ নাৰ্ভৰ সমস্যা, ডায়েবেটিচৰ বাবে সিৰা উপসিৰা বা কৌষিক জালিকা সমূহ নষ্ট হোৱাৰ বাবে ডায়েবেটিচ ৰোগীৰ যৌন দূৰ্বলতা বা যৌন অক্ষমতাৰ সমস্যা হব পাৰে।
৫) যৌন সম্পৰ্কৰ সময়ত যৌনাংগত বিষ হব পাৰে আৰু ওত্তেজনাৰ অভাৱ ঘটিব পাৰে যাৰ বাবে Erectile dysfunction বা যৌন অক্ষমতাৰ সৃষ্টি হব পাৰে।
৬) মহিলাৰ ক্ষেত্ৰত ভেজিনাৰ ড্ৰায়নেচ, ৰাচেচ খজুৱতী আদি সমস্যা হব পাৰে। গতিকে যৌন সম্পৰ্কৰ সময়ত লুব্ৰিকেন্ট বা জেল ব্যৱহাৰ কৰিব লাগে। এই ক্ষেত্ৰত ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব।

যৌন দূৰ্বলতাৰ হোমিঅপেথিক ঔষধ

ক) ডাইবেটিচ ৰোগত যেতিয়া ৰোগী শিনাই শুকাই শ্ৰী চেহেৰা নোহোৱা হৈ পৰে, অত্যন্ত দূৰ্বলতাৰ লগতে যৌন ক্ষমতাও একেবাৰে লোপ পোৱাৰ দৰেই হয়, কেতিয়াবা অলপ উত্তেজিত হলেও শীঘ্ৰে পতন ঘটে, মনসিক অশান্তিত ভূগে, চিন্তা শক্তি লোপ পায় আদি সমস্যাৰ লগতে প্ৰস্ৰাব আৰু তেজতো শৰ্কৰা নিৰগত হয়। এনে অৱস্হাত এই ঔষধ ব্যৱহাৰ কৰিলে ৰোগীৰ ওজন বৃদ্ধি হয়, ভংগ্ন স্বাস্থ্য পূনৰ ঘুৰি আহে, তেজ আৰু প্ৰস্ৰাৱত চুগাৰৰ মাত্ৰা দ্ৰুত গতিত কমি আহে আৰু যৌন স্বাস্থ্যও উন্নতি ঘটে। যৌনদূৰ্বলতাৰ লগতে ডায়েবেটিচ ৰোগীয়ে প্ৰস্ৰাব কৰাৰ পাছত অত্যন্ত দূৰ্বল অনুভব কৰে, ৰাতি দিন সকলো সময়তে বহুবাৰ প্ৰস্ৰাব কৰে, ৰাতি ঘনাই ঘনা প্ৰস্ৰাব কৰাৰ ফলত প্ৰায়ে টোপনি ক্ষতি হয়, গোটেই গাতে জ্বলা-পোৰা কৰাৰ দৰে হয়, শৰীৰত বিষাক্ত ফোড়া হয় আদি লক্ষণ থাকিলে Gymnema Sylvestree (জাইমনেমা ছিলভেষ্ট্ৰি) অত্যন্ত ফলপসু।
খ) পুৰুষৰ লিংগৰ আগৰ বগা অংশখিনি ঢাকি ৰখা আবৰণি চালখনত আৰু লিংগ মুণ্ডত কেতিয়াবা খজুৱতী হয়। স্ত্ৰী সহবাস কৰিলে চালখন বা লিংগ মুণ্ড ফাটি ঘাঁ হয় আৰু বিষ হয়, যাৰ বাবে সহবাস কৰিব নোৱাৰে, উত্তেজিত হলেও শীঘ্ৰে পতন হয়। ইসাৰ লগতে মুত্ৰনলীত কেতিয়াবা ঘাঁ হোৱাৰ দৰে হয়, অত্যন্ত বিষ অনুভব হয়, প্ৰস্ৰাবত অধিক পৰিমানে শৰ্কৰা বাহিৰ হয়, কেতিয়াবা অণ্ডকোষ ফোলি ওঠে, অণ্ডকোষ ওলমি যায়। কেতয়াবা প্ৰেস্ৰাৱৰ বেগ ধৰি ৰাখিব নোৱাৰে, কাপোৰে কানিয়ে যায়, অলপমান খোজ কাড়িলে ভীষণ ভাগৰ লাগে, মূৰ অচণ্ডাই কৰে। ৰাতি সঘনাই প্ৰস্ৰাৱ কৰাৰ বাবে নিদ্ৰা হীনতাত ভূগে, ৰোগীৰ প্ৰস্ৰাৱত এলবমিন থাকে, ৰোগী লাহে লাহে শীনাই শুকাই জীৰ্ন-শীণ হৈ পৰে। প্ৰস্ৰাব অত্যাধিক দূৰ্ঘন্ধ যুক্ত হয়, কেতিয়াবা ঘোঁলা পানীৰ দৰে প্ৰস্ৰাব হয়। ৰোগীৰ পিয়াহ লাগে আৰু প্ৰচুৰ পৰিমানে পানী পাণ কৰা, মুখ অনবৰত শুকাই থাকা আদি লক্ষৰ লগত যৌন দূৰ্বলতা থাকিলে Abroma Augusta (এব্ৰমা আগাষ্টা) ঔযধটো মাতাৰ টিংচা ১০ টোপালকৈ আধাকাপ পানীৰ লগত দিনে ৩-৪ বাৰ কৈ ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা শীঘ্ৰে মুক্তি লাভ কৰিবলৈ সক্ষম হব।
গ) স্নায়ু দূৰ্বলতাৰ লগতে যদি ডায়েবেটিচ ৰোগ থাকে যিটো ডায়েবেটিচ নিউৰপেথি বুলি কোৱা হয় তাৰ বাবে যদি যৌন দূৰ্বলতাৰ সমস্যা হয়। ৰোগীৰ ৰাতি শুই থকাৰ অৱস্থাতে কবনোৱাৰাকৈয়ে বীৰ্যস্খলন হয়, যাৰ বাবে ৰোগী অধিক দূৰ্বল হৈ পৰে। ইয়াৰ উপৰিও ৰোগীৰ বাৰে বাৰে প্ৰস্ৰাব লাগা, প্ৰৱল পিয়াহ লগা, ৰোগীৰ দিনক দিনে স্বাস্থ্যৰ অৱনতি ঘটা, মূৰ ঘোৰোৱা, মূৰৰ কেতিয়াবা প্ৰচণ্ড বিষ হোৱা, বুকুৰ ধপ ধপনি বাঢ়ি যোৱা, ইন্দ্ৰিয় দূৰ্বলতা অনুভব কৰা, অত্যধিক পেটৰ সমস্যা হোৱা, অলপ খালেই গেচ হোৱা, পেট গধুৰ গধুৰ অনুভব হোৱা, পেট ফুলা, পায়খানা খোলোচা নোহোৱা, আঠালেতীয়া পায়খানা হোৱা বা কেতিয়াবা বোকাৰ দৰে পায়খানা হোৱা, ভৰি-হাত জিন জিনোৱা, স্মৃতি শক্তি বা স্মৰণ শক্তি হ্ৰাস পোৱা, যিকোনো বিষয়ত চিন্তা কৰিব নোৱাৰা, মানুহৰ লগত মিলামিচা বা কথাবতৰা পাতিবলৈ ইচ্ছা নকৰা, লগতে নিদ্ৰা,ভয় আৰু মানসিক অৱসাদ বৃদ্ধি হোৱা, সামান্য পৰিশ্ৰম কৰিলেই ৰোগী দূৰ্বল হৈ পৰা আদি লক্ষণ থাকিলে শিকোনো বয়সৰ ব্যক্তিৰেই যৌন দূৰ্বলতাৰ সমস্যাত এচিড ফচ (Acid Phos) Q খুওব ভাল কাম কৰে। এই দৰব ৭ টোপালকৈ আধা কাপ পানীৰ লগত দিনে তিনি চাৰিবাৰ কৈ খালে এই সমস্যাৰ পৰা শীঘ্ৰে উপশম পাব পাৰে।
ঘ) ৰোগীৰ জননাংগ শীথিল, শীতল আৰু লগতে স্বপ্ন দোষ হয় ফলত যৌন অক্ষমতাই দেখা দিয়ে। যৌন ওত্তেজনা একেবাৰেই নোহোৱা হয়, লগতে ৰোগীৰ গমনোপোৱাকৈয়ে প্ৰস্ৰাব নিৰ্গত হয়, প্ৰস্ৰাব কৰোতে অত্যন্ত কষ্ট হয়, প্ৰস্ৰাৱ সাংঘাটিক জ্বলা পোৰা হোৱা, প্ৰস্ৰাব লাগিলেই তলপেটত সাংঘাটিক বিষ হোৱা, লগতে ঘনাই ঘনাই পিয়াহ লগা, সাংঘাটিক ভোকলগা আদি লক্ষণ থাকে। ৰোগীৰ মাজে সময়ে তেঙা, তিতা বমি হলে, খাদ্য খোৱাৰ পাছত পেটত গেচ উৎপত্তি হলে আৰু পেট ফোলিলে Uranium Nit (ইউৰেনিয়াম নাইট্ৰিকাম) ঔষধটো ৩০ বা ২০০ ক্ষমতাৰ দিনে ৩-৪ বাৰকৈ এক টোপাল কৈ ব্যৱহাৰ কৰিলে এই সমস্যা সমাধান হয়।
ঙ) যৌনাংগত খজুৱতী হৈ ঘাঁ হয়, ঘাঁ শুকাবলৈ যথেষ্ট সময় লাগে, শৰীৰত চুগাৰ নিয়ন্ত্ৰন কৰিব নোৱাৰাৰ বাবে সমস্যআ বৃদ্ধি হৈ গৈ থাকে। যৌন অক্ষমতা বাঢ়ি গৈ থাকিলে (syzygium jambolanum) ছিজিজিয়াম জাম্বোলিনাম Q ঔষধটো ১৫ টোপালকৈ দেনিক আধাকাপ পানীৰ লগত ৩-৪ বাৰ কৈ ব্যৱহাৰ কৰিলে ৰোগীৰ প্ৰস্ৰাব আৰু তেজৰ শৰ্কৰা কমাই আনি ৰোগীৰ চৰ্মৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়ায় আৰু ডায়েবেটিচ নিয়ন্ত্ৰন কৰাত সহায় কৰে আৰু যৌন অক্ষমতাও দূৰ হয়।hi I am Dr Hari

ডায়েবেটিচ নিয়ন্ত্ৰনত মেথিৰ চমৎকাৰী প্ৰয়োগৰ বিষয়ে জানো আহকঃ

বিভিন্ন ৰোগৰ লগতে ডায়েবেটিচ নিয়ন্ত্ৰনত মেথিৰ চমৎকাৰী প্ৰয়োগৰ বিষয়ে জানো আহকঃ( Health Benefits of Fenugreek Seeds in Assamese)

মেথিৰ-চমৎকাৰী-প্ৰয়োগ মেথি
সকলোৰে পৰিচিত এবিধ মচলা জাতীয় বীজ মেথি। মেথি কেৱল মচলাই নহয় ঔষধী ৰূপেও ইয়াৰ ব্যাপক ব্যৱহাৰ আছে। ডায়েবেটিছ বা ব্লাডচুগাৰ নিয়ন্ত্ৰন কৰা, শৰীৰৰ ওজন কম কৰা বা মেডবহুলতা নিয়ন্ত্ৰন কৰা, কলেষ্ট্ৰৰেল কমোৱা, চুলি সৰা সমস্যা দূৰকৰা, বাধক্য দূৰকৰি শৰীৰৰ সতেজতা বৰ্তাই ৰখা আদি গুৰুত্ব পূৰ্ণ ভুমিকা পালন কৰে এই মচলাৰূপী মেথিয়ে।
মেথিত থিয়ামিল (thiamine), ফলিক এচিড(Folic Acid), ৰিবোফ্লাভিন (riboflavin deficiency), নিয়াচিন(niacin), ভইটামিন এ(vitamin A), বি ৬ (vitamin B 6) আৰু চি (vitamin C) থাকে। নানা প্ৰকাৰৰ মিনাৰেল যেনে, কপাৰ (copper), পটাচিয়াম (potassium), কেলচিয়াম (Calcium), আইৰণ (Iron), চেলেনিয়াম (selenium), জিং (Zink), মেংগানিজ (Magnesium), মেগনেচিয়াম প্ৰচুৰ পৰিমানে থাকে। মেথিগছৰ পাততো প্ৰচুৰ পৰিমানে ভিটামিন কে থকাৰ তথ্য পোৱা গৈছে।

মেথিৰ স্বাস্থ্য উৰকাৰিতা(Health Benefits of Fenugreek Seeds in Assamese)

১) মেথিয়ে ডায়েবেটিচ নিয়ন্ত্ৰ কৰেঃ

মেথিগুটিত প্ৰচুৰ পৰিমানে ফাইবাৰ আৰু ভিটামিন, খনিজ আদি উপাদান থাকে। ই হজমী শক্তি বৃদ্ধি কৰে আৰু শৰীৰৰ কাৰ্বহাইড্ৰেদ আৰু গ্লুকজ শোষণৰ ক্ষমতা কমাই ইনচুলিন হৰমন নিসৰণৰ ক্ষমতা বৃদ্ধি কৰে। এক গৱেষণাৰ তথ্য অনুসৰি প্ৰতি দিনে ১০ গ্ৰাম মেথিগুটি গৰম পানীত তিয়াই ৰাতিপূৱা খালী পেটত সেৱণ কৰাটো টাইপ ২ ডাইবেটিচ নিয়ন্ত্ৰনৰ বাবে অত্যন্ত কাৰ্যকৰী। অথবা ১ চামুচ মেথি পাউদাৰ গৰম পানীৰ লগত মিহলাই খাদ্য খোৱাৰ আধা ঘন্টাৰ আগত খাব লাগে অথবা মেথি পানী খোৱাৰ আধা ঘন্টাৰ পাছতেই খাদ্য খাব লাগে। অন্যথা অসুবিধিৰ সন্মুখীন হবও পাৰে।

২) মেথিয়ে কলেষ্ট্ৰৰেল নিয়ন্ত্ৰন কৰেঃ

মেথিয়ে আমাৰ তেজত থকা বেয়া ছৰ্বী বা বেড কলেষ্ট্ৰৰেল কম কৰাৰ লগতে এই বেয়া কলেষ্ট্ৰৰেল সমূহৰ পৰা আমাৰ শৰীৰত হোৱা পাৰ্শ্বক্ৰিয়াও দূৰকৰে। মেথিয়ে আমি খোৱা ছৰ্বীযুক্ত খাদ্যৰ পৰা নিৰ্গত হোৱা ট্ৰায়গ্লিচাৰয়েডৰ শোষণৰ মাত্ৰা কমাই আমাৰ দেহত বেয়া ছৰ্বীৰ পৰিমান বৃদ্ধি হোৱাত বাধা দিয়ে।

৩) মেথিয়ে বাত বিষ কমায়ঃ

আৰ্থাৰিটিছ আৰু বাত বিষ বৰ্তমান সময়ত চল্লিচ উদ্ধৰ লোক সকলৰ স্বাভাৱিক সমস্যাৰুপে পৰিগনিত হৈছে। মেথি আৰ্থাৰিটিছ আৰু বাত ৰোগৰ তীব্ৰ বীষ কমোৱাত খুবেই কাৰ্যকৰী। ইণ্ডিয়ান জাৰ্ণেল অফ মেডিকেল ৰিচাৰ্চৰ প্ৰতিবেদন অনুসৰি ইস্ট্ৰজেন ওপৰত মেথিৰ প্ৰভাৱ অপৰীসীম। বৰ্তমান চিকিতসকে এই মেথিক ইস্ট্ৰজেন ৰিপ্লেচমেন্ট থেৰাপীৰ সতে তুলনা কৰিছে।

৪) মেথিয়ে হৃদপিণ্ডক সৱল কৰি ৰখাত সহায় কৰেঃ

আমাৰ হৃদপিণ্ডক সুস্থ সৱল কৰি ৰখাত মেথিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মেথিয়ে আমাৰ শৰীৰৰ পৰা এচিডৰ পৰিমান খুব দ্ৰুত গতিত কমাব পাৰে। হৃদপিণ্ডৰ বিষ, বুকুৰ বিষ বা বুকুৰ জ্বলা পোৰা কৰিলে ১০ গ্ৰাম মেথিগুটি  ৰাতি টিয়াই ৰাখি পূৱা খালী পেটট পানীখিনি খালে সমস্যা সহজতে নোহোৱা হয়।

৫) মেথিয়ে মাহেকীয়াৰ পেটৰ বিষ নোহোৱা কৰেঃ

বৰ্তমান মাহেকীয়া সময়ত পেটৰ বিষৰ সমস্যা প্ৰায় সকলো যুৱতীৰে এক সাধাৰণ সমস্যা ৰূৰে পৰিগনিত হৈছে। এই অশান্তিদায়ক পেটৰ বিষ দূৰকৰাত মেথি অত্যন্ত কাৰ্যকৰী। ইউটেৰাচত মৃত কোষৰ সংখ্যা বৃদ্ধিহৈ গৈ থাকিলে মাহেকীয়াৰ সময়ত পেটৰ অসহ্যকৰ বিষ আৰম্ভ হয়। গতিকে মাহেকীয়া আৰম্ভ হোৱা দিন কেইটাত মেথি পাউডাৰ ১ চামুচকৈ পূৱা খালীপেটত গৰম পানীৰ লগত মিহলাই খাব, পেটৰ বিষৰ সমস্যাৰ পৰা উপষম পাব আৰু লগতে খাদ্যাৰ সৈতেও মেথি খাব পাৰে।

৬) মেথিয়ে হজমী শক্তি বৃদ্ধি কৰেঃ

১ চামুচ মেথি পাউদাৰ গৰম পানীৰ লগত মিহলাই ৰাতিপূৱা খালী পেটত খালে হজমী শক্তি বৃদ্ধি হয়।

৭) মেথিয়ে কেন্সাৰ প্ৰতিৰোধ কৰেঃ

মেথি মহিলাসকলৰ বাবে খুবেই উপকাৰী। মেথিয়ে ব্ৰেস্ট কেন্সাৰ প্ৰতিৰোধ কৰে।
৮) মেথিয়ে মাতৃ দুগ্ধ বৃদ্ধি কৰাত সহায় কৰেঃ
মেথিত থকা ডায়চজেনিনে মাতৃ দুগ্ধৰ উতপাদন বৃদ্ধি কৰে। অন্যহাতে মেথিত থকা ভিটামিন আৰু মিনাৰেলে মাতৃ দূগ্ধৰ পুষ্টি গুণ বৃদ্ধি কৰি নৱজাতকৰ বাবে অত্যন্ত উপযোগী কৰি তুলে।
৯)মেথিয়ে শৰীৰৰ ওজন কমোৱাত সহায় কৰেঃ
মেথি হল আইৰণ, মেগনেচিয়াম, মেংগানিজ, কপাৰ, ভিটামি বি ৬, প্ৰোটিন, ফাইবাৰ আদি ভাল উতস। লগতে ই এন্টি অক্সিডেন্ট আৰু এন্টি ইনফ্লামেটৰী উপাদান সমৃদ্ধ। মেথিত গ্লাক্টমান্নান() নামেৰে এক প্ৰকাৰৰ ফাইবাৰ থাকে, যি শৰীৰৰ মেটাবলিজিম বৃদ্ধি কৰি মেদ বহুলতাৰ সমস্যাৰ পৰা মুক্ত হোৱাত সহায়ক ৰূপে কাম কৰে।
১০) মেথিয়ে ৰক্তচাপ নিয়ন্ত্ৰন কৰেঃ
মেথিত অত্যধিক পতাচিয়াম আৰু ফাইবাৰ থকাৰ বাবে ৰক্তচাপ কমোৱাত সহায়ক হয়। ১ বা ২ চামুচ মেথিগুৰি ১ কাপ পানীত ১ মিনিত মান তিয়াই ফিটি লৈ খাব। এনে দৰে ২ তিনিমাহ ব্যৱহাৰ কৰিলে নিশ্চিত ভাৱে সুফল পাবলৈ সক্ষম হব।
১১) কিডনিৰ কাৰ্যক্ষমতা বঢ়ায়ঃ
২০০৭ বৰ্ষৰ ফাইটোথেৰাপি ৰিচাৰ্চৰ প্ৰকাশিত এক গৱেষণা অনুযায়ী মেথিয়ে কেলচিয়াম অক্সিলেট জাতীয় কিডনি পাথৰ গঠনত বাধা প্ৰদান কৰি কিডনিক সুৰক্ষা দিয়ে।
১২) লিভাৰক সুৰক্ষা প্ৰদান কৰেঃ
গৱেষণাৰ পৰা দেখা গৈছে যে, মেথিয়ে লিভাৰক এলকহল জনিত ক্ষতিৰ পৰা সুৰক্ষা প্ৰদান কৰে, লগতে লিভাৰৰ এন্টিঅক্সিডেন্ট এনজাইম সমূহৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।hi I am Dr Hari