Dr Haris Well future : July 2018

Thursday, July 26, 2018

অনিয়মীয়া মাহেকীয়া বা ঋতুস্ৰাৱ বিসংগতিঃ আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসা

অনিয়মীয়া মাহেকীয়া বা ঋতুস্ৰাৱ  বিসংগতিঃ আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসা

বৰ্ত্তমান সময়ত মহিলাসকলৰ বিভিন্ন ধৰনৰ সমস্যা সমূহ বৃদ্ধি হোৱা দেখা গৈছে। মাহেকীয়া সময়ত পেটৰ বিষ হোৱা, বগাস্ৰাব হোৱা ইয়াৰ লগতে আন্য এক সমস্যাও দ্ৰুত গতিত বাঢ়িছে। সেইটো হ’ল ঋতুস্ৰাবৰ বিসংগতি বা অনিয়মীয়া ঋতুস্ৰাব। আজি মই আপোনালোকক এই লেখাটোৰ জৰিয়তে মহিলা যুৱতিৰ আনিয়মীয়া মাহেকীয়াৰ বিষয়ে কম। লগতে এই সমস্যা কিয় হয়? আৰু কি কি হোমিঅপেথিক ঔষধ ব্যৱহাৰ কৰিলে এই অনিয়মীয়া মাহেকীয়া সমস্যাৰ পৰা সহজতে মূক্ত হ’ব পাৰিব সেই বিষয়েও এই আলোচনা কৰিম। 

এতিয়া আহো মহীলাৰ অনিয়মীয়া মাহেকীয়া সমস্যালৈঃ অনিয়মীয় মাহেকীয়া সমস্যাৰ বিষয়ে কোৱা আগতে আপোনালোকক নিয়মীয়া মাহেকীয়া বিষয়ে কিছু কথা কম। নিয়মীয়া মাহেকীয়া হল যেতিয়া যুৱতী এগৰাকীৰ ১৪ বছৰ বয়স হয় তেতিয়া পৰা প্ৰথম মাহেকীয়া আৰম্ভ হয়। আজি কালি পিছে প্ৰায় ১০-১২ বছৰ বয়সৰ পৰাই মাহেকিয়া ঋতুস্ৰাৱ আৰম্ভ হোৱা দেখা যায়। এই ১০-১২ বছৰ বয়সতে আৰম্ভহৈ ৪০-৪৫ বছৰ বয়সলৈকে প্ৰতি মাহে মাহে ঋতুস্ৰাৱ হয়। যেতিয়া প্ৰথম মাহেকীয়া হয় সেই সময়খিনিক menarche বুলি কোৱা হয় আৰু একেবাৰে শেষৰ সময় থিনিক ৪০-৪৫ সেই সময় খিনিক menopausal বুলি কোৱা হয়। প্ৰথ অৰ্থাৎ মেনোপজেল সময় খিনিত ঋতুস্ৰাৱ অনিয়মীয়া হয়। কিন্ত ইয়াৰ মাজৰ সময় খিনিত যদি কিবা কাৰনত অনিয়মীয়া হয় সেই সমস্যাটোক অনিয়মীয়া মাহেকীয়া বুলি কোৱা হয়। এগৰাকী মহিলাৰ প্ৰতি মাহৰ ২৮-৩০ দিনৰ মূৰে মূৰে ঋতু হয়। যদি কোনোবা মাহৰ এক তাৰিখে ঋতুস্ৰাব হয় তেনেহলে ২৮ দিনৰ মূৰত বা ৩০ দিনৰ মূৰত পূনৰ স্ৰাব হয় এই মাহেকীয়া চক্ৰটো নিয়মিত ভাৱে চলি থাকে আৰু কিছুমানৰ ৪-৫ দিনৰ তাৰতম্য হয়। অৰ্থাৎ ২৮+৫ ইয়াক স্বাভাৱিক বুলিয়েই ধৰা হয়। এতিয়া আমি আহো কি কি কাৰনত অনিয়মীয়া ঋতু স্ৰাৱ হব পাৰে। অনিয়মীয়া মাহেকীয়াৰ আটাইতকৈ গুৰুত্ব পূৰ্ন কাৰনটো হল হৰমনৰ তাৰতম্য। কিবা কাৰনত যদি মহিলাৰ দেহত হৰমনৰ তাৰতম্য হয় তেনেহলে মাহেকীয়া অনিয়মীত হোয়াটো নিশ্চিত।
দ্বিতীয় কাৰন হল- 
যদি জন্মনিয়ন্ত্ৰক ঔষধ নিয়মীত ব্যৱহাৰ কৰে তেনেহলে ঔষধৰ পাশ্বক্ৰিয়া ৰুপে মাহেকীয়া অনিয়মীয়া হয়।
তৃতীয় কাৰনঃ PCOD পলি চিষ্টিক অভাৰীয়ান ডিজিজ হলেও মাহেকীয়া অনিয়মিত হয়।


চতুৰ্থতেঃ যৌন সংক্ৰামনক ৰোগ, যেনে-চিফিলিচ, গনৰিয় আদি হলেও মাহেকীয়া অনিয়মীয়া হোৱা দেখিবলৈ পোৱা যায়। লগতে মানসিক চাপ, নিদ্ৰাহীনতা, বহুত বেছি মানসিক চিন্তা কৰা, ডিপ্ৰেচন আদি হলেও মাহেকীয়া অনিয়মীয়া হব পাৰে। ডাইবেটিচৰ কাৰনেও মাহেকীয়া অনিয়মীয়া হব পাৰে। থাইৰইডো এনে এক বেমাৰ হয় এই বেমাৰত হৰমনৰ তাৰ তম্য বহুত বেছি দেখা যায়। গতিকে এই সমস্যা থাকিলেও মাহেকীয়া অনিয়মীয়া হোৱা দেখা যায়। ইয়াৰ উপৰিও যদি মহিলা গৰাকী টিউমাৰ বা ফাইব্ৰইড হয়। তেতিয়া মহিলা গৰাকী অনিয়মীয়া মাহেকীয়া হোৱা দেখা যায়।অন্যহাতে জীৱন ধাৰনৰ প্ৰণালী। যদি মহিলা গৰাকীৰ খাদ্যঅভ্যাস বেয়া হয়, বহুত বেছি পৰিমানে কাষ্টফুড, জাংফুট থাই দেহৰ ওজন বৃদ্ধি হয়, অত্যাধিক ছৰ্বি হয় তেনে কাৰনটো অনিয়মীয়া মাহেকীয়া হব পাৰে। ইয়াৰ উপৰিও অন্যান্য কাৰনো আছে কিন্ত সৰ্ব্ব সাধাৰনতে এই কাৰণ সমূহৰ বাবে অনিয়মীত মাহেকীয়া হোৱা বেছিকৈ দেখিবলৈ পোৱা যায়।
এতিয়া আহো লক্ষণলৈঃ 
এই অনিয়মীয়া মাহেকীয়া হলে কেনেধৰনৰ লক্ষণ প্ৰকাশ পাব পাৰে। এই সমস্যাৰ বাবে বহুত বেছি ব্লিডিং হব পাৰে। মহিলাগৰাকী ঋতু আৰম্ভ হোৱা লগে লগে অত্যাধিক পৰিমান স্ৰাৱ হব যাক আমি চিকিৎসা বিজ্ঞানৰ ভাষাত মেনোৰেজিয়া বুলি কওঁ। সাধাৰনতে মাহেকীয়া স্বাভাৱিক ব্লিডিং ৪ ৰ পৰা ৫ দিন মান হে থাকে কিন্ত যদি তাতকৈ বেচি দিন ব্লিডিং হৈ থাকে তেনেহলে বুজিব লাগিব যে আপোনাৰ মাহেকীয়া অনিয়মীয়া হৈছে।
পলিমেনোৰেজিয়াঃ 
পলিমেনোৰেজিয়া হল ঘনাই ঘনাই মাহেকীয়া হোৱা। মহিলাগৰাকী মাহেকীয়া হোৱা ১০-১২ দিনৰ পাচতে পুনৰ মহেকীয়া হয়। এনেদৰে পূনৰ পূনৰ ব্লিডিং হৈ থকাতো পলিমেনোৰেজিয়া বুলি কোৱা হয়।
ইয়াৰ পিছত হল মেটৰেজিয়াঃ-
মেটৰেজিয়াৰ লক্ষণ হল একেৰাহে ব্লিডিং হৈ থকা। কেতিয়াবা মহিলা এগৰাকীৰ মাহেকীয়া আৰম্ভ হোৱাৰ পিছৰ পৰা ধাৰাবাহিক ভাৱে ১৫-২০ দিন বা ১মাহ, দুইমাহ, তিনিমাহ লৈকে একেৰাহে ব্লিডিং বন্ধ হবই নিবিচাৰে। এই সমস্যাটোক মেটৰেজিয়া বুলি কোৱা হয়।

মেনমেটৰেজিয়াঃ- মেন মেটৰেজিয়া হল বহু দিঘলীয়া সময় ধৰি ব্লিডিং হোৱা। ব্লিডিং বহু সময় ধৰি হয় কিন্ত লগতে বহুত হেভি ব্লিডিং হয়। ইয়াৰ কাৰন হিচাপে হৰমনৰ তাৰতম্য জগৰীয়া হয়।

অলিগ মেনৰিয়াঃ- অলিগ মেনৰিয়া হল একেবাৰে অনিয়মীয়া মাহেকীয়া। কেতিয়াবা নাম মাত্ৰ ব্লিডিং হয়। আকৌ বন্ধ হয়। দুদিনৰ পিছত পূণঃ কম পৰিমানে দেখা দিয়ে। কোনো ধৰনৰ time limit নাথাকে যেতিয়াই তেতিয়াই হয়।

এমনৰিয়াঃ- 

এমনৰিয়া হল মাহেকীয়া একেবাৰেই নোহোৱা। মহিলা গৰাকীৰ ২মাহ ৩মাহ বা কেতিয়াবা ৬মাহ পৰ্যন্ত হৈ গৈছে কিন্তু কোনো ধৰনৰ মাহেকীয়া স্পট এটাও দেখানাই তেনে সমস্যাটোক কোৱা হয় এমনৰিয়া। ইয়াৰ বহু কাৰন থাকে কেতিয়াবা PCOD কাৰনতো হব পাৰে। কেতিয়াবা থাইৰইডৰ কাৰনেও হব পাৰে। কোতিয়াবা আকৌ ডাইবেটিছৰ কাৰনেও এনে ধৰনৰ সমস্যা দেখা পোৱা যায়।
          ইয়াৰ উপৰিও অন্য এক লক্ষণ দেখিবলৈ পোৱা যায় সেইয়া হল-
ডিচমেনৰিয়াঃ- ডিচমেনৰিয়া অৰ্থ হল অশান্তি, অৰ্থাৎ মহিলা গৰাকী যেতিয়া মাহেকীয়া হয় বহুত বেছি অশান্তি ভোগ কৰে। মহিলা গৰাকীৰ প্ৰচণ্ড পেটৰ বিষ হয়, কঁকালৰ বিষ হয়, স্টমাকৰ বিষ হয়, বমি হয়, খাদ্য খাব নোৱাৰে, উৰুলৈকে টানি ধৰা বিষ হয়। ইয়াক painful menstruation বুলিও কব পৰা যায়। ডিচমেনৰিয়াও অনিয়মিয়া মাহেকীয়াৰ এক কাৰন। অনিয়মীয়া মাহেকীয়া এক কাৰন এই ডিচমেনৰিয়া কেইবা প্ৰকাৰৰ আছে যেনেঃ- মেকানিকেল কনজেচটিভ, নিউৰালজিক আদি। এই সমস্যা বোৰৰ উপৰত বৃষ্টিত বৰ্ণনা আগবঢ়াবলৈ বহু সময় পয়োজন হব। ইয়াত আপোনালোকৰ বুজিবলৈ খুবিধা হোৱাকৈ মূল কথাখিনি কোৱা হৈছে। যাতে আপোনালোকে এই সমস্যা বিষয়ে জানিব পাৰে।
মেডিচিনৰ বিষয়ে কোৱা আগতে মূল মূল কথা কেইটা আকৌ এবাৰ কৈ দিছো-
মহিলাৰ সাধাৰনতে ২৮ দিনৰ মূৰে মূৰে ঋতুস্ৰাব হয়। স্ৰাব সাধাৰনতে ৩ৰ পৰা ৫ দিনৰ পৰ্যন্ত থাকে আৰু এই নিয়মৰ ব্যতিক্ৰম হলেই অনিয়মীয়া ঋতুস্ৰাব বুলি কোৱা হয়।
Ø শৰীৰৰ এস্টজেন ও পজেস্টৰেন হৰমনৰ তাৰতম্য বাবে এই সমস্যা হয়।
Ø জন্ম নিয়ত্নক ঔষধ সেৱন কৰা ফলত হব পাৰে।
Ø মানসিক চাপৰ বাবে।
Ø উজন বাঢিগলেও এই সমস্যা হব পাৰে ।
Ø শৰীৰত ৰক্ত কমিগলে অৰ্থাৎ ৰক্তহিনতা হলেও এই সমস্যা হয়।
Ø জৰায়ু বিভিন্ন জটিলতা বাবেও হব পাৰে।
Ø সহবাসৰ সময়ত পুৰুষৰ শৰীৰৰ পৰা অহা সংক্ৰামিত বেমাৰ য়েনেঃ- চিফিলিচ, গনৰীয়া আদি বেমাৰ পৰাও হব পাৰে।
Ø টিউমাৰ আৰু কেন্সাৰ আদি বেমাৰৰ কাৰনেও হব পাৰে।

Ø প্ৰি মেনোপজৰ সময়ত হব পাৰে।
Ø শিশুৱে গাখীৰ খোৱা ফলতো অনিয়মীয়া ঋতুস্ৰাৱ হব পাৰে।
এতিয়া এই বৰ্ণনা কৰা লক্ষণ সমূহৰ অনুযায়ী হোমিঅপেথিক মেডিচিনৰ বিষয়ে কম
Sepia: চিপিয়া অত্যন্ত কাৰ্যকৰী ঔষধ হয়। যদি মাহেকীয়া দেৰি হয় বা স্ৰাব বহুদিন ধৰি হয় বা ১০-১৫ দন দেৰিকৈ হয় তেনে ক্ষেত্ৰত এই মেডিচিন উতকৃষ্ট মেডিচিন। লগতে একেবাৰে লিন থিন মহিলা, যদি মহিলা গৰাকী কিছুমান ক্ষেত্ৰত বহু বেছি চিন্তা কৰে। নিজৰ পৰিয়ালৰ বিষয়ে ভাই ককাই বা নিজৰ লৰা ছোৱালীৰ সৰ্ম্পকীয় চিন্তা ভাৱনাত ডুবগৈ থাকে। এনে মহিলা এই মেডিচিনে ভাল কাম কৰে। মহিলা গৰাকী এনে লাগে যেন গৰ্ভাশয়টো বাহিৰলৈ উলাই আহিছে। এনেকুৱা অনুভৱ হয় মহিলা গৰাকী prolapsed of uterus ৰ সমস্যা আছে তেনেহলে চিপিয়া বহুত কাৰ্যকৰী মেডিচিন হয়। এই ঔষধ প্ৰায় ২ মাহ দিন যদি ব্যৱহাৰ কৰা হয় এই সমস্যাৰ পৰা মুক্ত হব পাৰিব।
দ্বিতীয়তে Pulsatilla: - পালচাটিলা অত্যন্ত কাৰ্যকৰী ঔষধ হয়। যদি মাহেকীয়া বহু পলম হয় ২ মাহ ৩ মাহ বা ৪ মাহ হল মাহেকীয়া হোৱা নাই তেনেহলে pulsatila ললে মাহেকীয়া হৈ যায়।
শান্ত-শিষ্ট, দীঘলচুলি সহজতে সন্তুষ্টহোৱা, সহজ দুখ কৰা আদি দেখিবলৈ ধুনীয়া মহিলা যুৱতীৰ অনিয়মিয়া ঋতু সমস্যাত এই ঔষধ ভাল ফল দিয়ে।
Abroma radix(এব্ৰমা ৰেডিক্সঃ) অনিয়মীয়া মাহেকীয়াৰ এক অত্যন্ত ফলপসু ঔষধ হয়। লাগিলে মাহেকীয়া বহুত দেৰিকৈ হওঁক, বা ১৫ দিনৰ মূৰে মূৰেই হওঁক বা ২-৩ দিন হোৱা পিছত বন্ধ হৈ যায় বা অত্যাধিক ব্লিডিং হয়। যিকোনো ধৰনৰ মাহেকীয়াৰ সমস্যাতে এই ঔষধ কাৰ্যকৰী হয় কিন্তু এই মেডিচিন অলপ দিৰ্ঘদিন ধৰি ব্যৱহাৰ কৰিব লগা হয়।
Asoka(অচুকা):- অচোকা মেডিচিনটো জৰায়ু টনিক বুলিও কোৱা হয়। যদি কোনো কাৰনত জৰায়ুৰ বিসংগতি হয় বা দূৰ্বল হয় তেতিয়া এই ঔষধ ব্যৱহাৰ কৰা হয়। জৰায়ু দূৰ্বলতা বাবে বহুত বেছি ব্লিডিং হয়, অভাৰিত চিষ্ট হয়, এণ্ডমেট্ৰিয়াম হলে এই মেডিচিনে এই বিসংগতি দূৰ কৰাত সহায় কৰে ।
China:- চায়না ঔষধটো যদি বহুত বেছি ব্লিডিং হয়। অত্যাধিক ব্লিডিং হোৱা ফলত যদি মহিলাগৰাকী দূৰ্বল হৈ গৈছে। উঠিবলৈ অক্ষম হৈছে, হাত ভৰি কপঁনি হৈ যায়, বিচনাৰ পৰা মূৰ দাঙিবলৈ বল নাথাকে তেনে ক্ষেত্ৰত এই ঔষধ অতি কাৰ্যকৰী ।
FRAXINUS AMERICANA: - ফেৰক্সিনা আমেৰিকানা এক অত্যন্ত ফলপষু ঔষধ। যদি অভাৰী চিচৰ কাৰনে মাহেকীয়া অনিয়মীয়া হয় তেনেহলে এই ঔষধটো দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰিলে অভাৰী চিচ নোহোৱা হৈ যায়। ইয়াৰ লগতে calcaria carb ঔষধটো লব পাৰে। অন্যহাতে গ্ৰেফাইটিছ অস্তিলেগু, পিনাচ চিকেলিকৰ, জেলচেমিয়াম আদি ফলপষু ঔষধ আছে। গতিকে লক্ষণ অনুযায়ী এই ঔষধ ব্যৱহাৰ কৰি মহিলা সকলে কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ এই অনিয়মীয়া মাহেকীয়াৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰে।
ডা.হৰিকান্ত দাস।
মা হোমিঅপেথিক আৰু ফিজিঅথেৰাপি ক্লিনিক।
গোগামুখ,ধেমাজি(অসম)।

Wednesday, July 18, 2018

হিমা দাস কোন? || Who is Hima Das??? the most google search topic

হিমা দাস কোন? || Who is Hima Das??? the most google search topic

অনিচ্ছাস্বতেও এই কলমটো লিখিব লগীয়া হ'ল
#Hima Das
Google অত এই কেইদিন ভাৰতীয় মানুহে আটাইতকৈ অধিক search কৰা বিষয়বস্তু কি বাৰু?
বিশ্বকাপ ফুটবল ২০১৮ ? নে লোকা মড্ৰিক?
নে হেৰি কেন ? নে হিমা দাস?
নাইবা নৰেন্দ্ৰ মোডীক অত্যাধিক search কৰিছে নেকি ভাৰতীয় সকলে ?
ওপৰৰ সাম্ভাৱ্য এটাও নহয় |অৱশ্যে যিকেইটা আচলতে অত্যাধিক search হোৱাৰ সম্ভাৱনা আছিল |
এইকেইদিনত search হোৱা বিষয়টি হ'ল, ভাৰতীয় স্বৰ্ণকন্যা হিমা দাসৰ জাত কি ? মানে ' 

caste of Hima Das"

কি যে বিড়ম্বনামূলক এই দেশৰ বাবে |

কেৰেলা,মহাৰাষ্ট্ৰ ,ৰাজস্থান ,গুজৰাট আদি ৰাজ্যত এই প্ৰশ্নৰ উত্তৰ বিচাৰি হাহাকাৰ লগাই দিছে |অসমকে ধৰি বাকী ৰাজ্যবোৰতো কম নহয় এই প্ৰশ্নৰ সন্ধান কৰোতা | কিন্তু কিয় ? আমিতো কোনো দিন শচীন তেণ্ডুলকাৰ ,বিৰাট কোহলি ,ৰাজ্যবৰ্ধন ৰাথোড় বা আন কোনোবা চুপাৰষ্টাৰৰ জাত কি সন্ধান কৰি Google তল-ওপৰ কৰা নাই | আচলতে মহান ভাৰতবৰ্ষত জাত -পাতৰ নিলৰ্জ্জ ধ্যান-ধাৰণাবোৰ প্ৰশমিত হোৱা নাই
নেকি ? হিমা দাস অনুসূচিত জাতিৰ হৈ দেশলৈ গৌৰৱ কঢ়িয়াই অনাত একাংশ দেশবাসীৰ বাবে অসুবিধাজনক বা যন্ত্ৰণাদায়ক হৈছে নেকি ?
কথাবোৰ আচলতে তেনেকুৱাই |এতিয়াও জাত-পাতৰ কলীয়া ডাৱৰে দেশত মূষলধাৰে বৰষুণ দি আছে | কিন্তু আমি মনত ৰাখিব লাগিব যে ,হিমাই কিন্ত ফিনলেণ্ডত অসমীয়াৰ গামোচাখন আৰু ৰাষ্ট্ৰীয় পতাকাখনহে লৈ আনন্দত আত্মহাৰা হৈছিল,জাত -পাতৰ ঠেক চিন্তাবোৰ কঢ়িয়াই আত্মহাৰা হোৱা নাছিল | তেন্তে ভাৰতীয়সকলে হিমাৰ জাত বিচাৰি ৰাষ্ট্ৰৰ মান-মৰ্যাদা লাঘৱ কৰা নাইনে ?এই কথাবোৰ হিমাৰ বিদেশৰ প্ৰতিদ্বন্দীয়ে গম পালে অলিম্পিকৰ ফাইনেল ৰাউণ্ডত হিমাক ক'ব ....
Hello Hima ! You are scheduled Caste !
তেতিয়া বাৰু দৌৰিব পাৰিবনে?
হিমাৰ জাত বিচাৰি Google চলাথ কৰাসকলে তলৰ ছবিখন চালেই হ'ল |

cancer || কেন্সাৰ প্ৰাথমিক লক্ষণ

          কেন্সাৰ হোৱা আগতে আমাৰ শৰীৰে ইয়াৰ সংকেট ৰুপে কিছুমান লক্ষণ দেখাব। যদি আপুনিও শৰীৰত এনেকোৱা দেখাপায় তেনেহলে অবেহলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব। আহকচোন আমি জানো আমাৰ শৰীৰেনো কেন্সাৰ হোৱৰ পূৰ্বে কেনেধৰনৰ লক্ষ়ণেৰে কেন্সাৰৰ সংকেত দিয়ে।
পাকস্হলীৰ সমস্যাঃ-

পাকস্হলীত সামান্য সমস্যা হোৱাতো বৰ বেছি চিন্তনীয় বিষয় নহয়। কাৰন সকলো ব্যক্তিৰেই কিবা নহয় কিবা সৰু সুৰা সমস্যা থাকেই। কিন্তু অনবৰত পাকস্থলীত সমস্যাল হৈ থকাতো Colonial correctional কেন্সাৰৰ প্ৰাথমিক লক্ষণ হব পাৰে। ডায়েৰিয়া আৰু ডিচেন্তি আদি সমস্যা সমূহে এই লক্ষণ প্ৰকাশ কৰে। ইয়াৰ কাৰনে পেটত গেছ আৰু পিঠিৰ বিষৰ সমস্যা হব পাৰে।
ৰক্ত স্ৰাৱহোৱাঃ-
অনবৰতে ৰক্ত স্ৰাৱ উলাই থকাতো কেন্সাৰৰ লক্ষণ হব পাৰে। যদি কেন্সাৰৰ সম্ভাৱনা থাকে তেনে হলে অন্তত হোৱা ঘাঁৰ পৰা মলাশয়ৰ দ্বাৰা তেজ বাহিৰ হৈ থাকে। বিশেষকৈ কলন কেন্সাৰ সম্ভাৱনা থাকিলে এনেকুৱা সমস্যা হব পাৰে। ইয়াৰ লগতে শৌচ প্ৰস্ৰাৱ কৰা সময়ত যদি কষ্ট বা মুত্ৰৰ লগত তেজৰ মিশ্ৰণ পোৱা যায় তেনেহলে পষ্ট্ৰেত কেন্সাৰ অথবা ডিম্বগ্ৰন্থী কেন্সাৰৰ লক্ষণ হব পাৰে।
মহীলা সকলৰ মাহেকীয়া ঋতুস্বাৱৰ পাছতো যদি স্ৰাৱ বন্ধ নহয় তেনেহলে এই সমস্যাটো গুৰুত্ব সহকাৰে লব লাগে। কাৰন এইটো কেন্সাৰৰ প্ৰাথমিক লক্ষণ হব পাৰে। গতিকে শীৰ্ঘ্ৰে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব লাগে।
ৰাতি অত্যাধিক ঘমাঃ-
যদি ৰাতি শুৱাৰ সময়ত ঘাম অত্যাধিক উলাই তেনেহলে এইয়া কোনো ঔষধৰ খেৱন কৰাৰ বাবে শৰীৰত পৰা প্ৰভাব বা অন্তত হোৱা সংক্ৰমনৰ সংকটো হব পাৰে। যদি এই সমস্যা ধাৰাবাহিক ভাৱে কেইবা সপ্তাহলৈ হৈ থাকে আৰু শৰীৰৰ ঘাম উলোয়া বন্ধ নহয়। তেনে হলে আপুনি যিমান সোনকালে পাৰে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰক।
গাৰ বিষ হোৱা আৰু দূৰ্ব্বল অনুভৱ হোৱাঃ-


বেয়া কৈ খোৱা বা দিঘলীয়া সময় ধৰি অসুবিধা জনক ভাবে বহি থাকিলে পিঠিৰ বিষ হোৱাটো স্বাভাৱিক কিন্ত কোনো কাৰণ নোহোৱাকৈ দীৰ্ঘদিন ধৰি পিঠিত বিষ হোৱাটো colorectal বা প্ৰষ্টেত কেন্সাৰৰ কাৰন হব পাৰে। ইয়াৰ উপৰিও কঁকালৰ উচৰৰ মাংস পেশী বোৰতো বিষ হোৱা, কোনো ধৰনৰ শ্ৰম নোহোৱাকৈ সুউব ভাগৰুৱা অনুভৱ কৰা আদিক কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হিচাপে গন্য কৰা হয়।


ওজন কমি যোৱাঃ-
কোনো ধৰনৰ কাৰণ নোহোৱোকৈ দেহৰ ওজন কমি যোৱাটো কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষন হব পাৰে। ভোক নলগা খাদ্য খাবলৈ ইচ্ছা নকৰা বা যথেস্থ পৰিমানৰ খাদ্য খাব নোৱাৰাটোও কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হব পাৰে। একেৰাহে কাঁহ হোৱা আৰু খাদ্য খাওঁতে বিষ অনুভৱ কৰা ঠাণ্ডা আৰু ফ্লুৰ উপৰিও ধূ্ম্ৰপ্ৰান কৰা লোকৰ কাহ আহে কিন্তু যদি কোনো কাৰন নোহোৱাকৈ একেৰাহে কাহিঁ থাকে তেনে হলে ই হাওঁফাওঁ কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হব পাৰে। যদি কাঁহৰ সৈতে তেজ উলাই আহে তেনেহলে ডাক্তৰৰ কাষ চাপিব। ডি়ঙিৰ বিষ হলে খাদ্য খাবলৈ কষ্ট পালে আপুনি নিশ্চিত ভাৱে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰক।

বুকুৰ জ্বলাপোৰা হোৱা আৰু বদহজমিঃ-
বুকুৰ জ্বলা পোৱা হোৱা আৰু বদহজমি এই দুই সমস্যা সৰ্ব সাধাৰনতে হৈ থকাটো এক সাধাৰন সমস্যা। কেতিয়াবা বেছিকৈ খাদ্য খালে, মচলা যুক্ত খাদ্য খালে এনেকুৱা হয়। এইটো এটা সাধাৰন সমস্যা কিন্ত যদি এই সমস্যা ধাৰাবাহিক ভাৱে হৈ থাকে তেনেহলে খাদ্য নলিত বা পাকসস্হলীত কেন্সাৰ হোৱা সম্ভাৱনা থাকে। গতিকে এনে সমস্যা হলে অবহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব লাগে।
খঘনাই জ্বৰ হোৱা আৰু ইনফেকচ্চন হোৱাঃ-
দীৰ্ঘ সময় ধৰি জ্বৰত ভূগি থকাতোওঁ অথবা ইনফেকচন হৈ থকাতো কেন্সাৰ কাৰণ হব পাৰে।
অত্যাধিক ভাগৰ অনুভৱ কৰাঃ-সাংঘাতিক ভাৱে একেৰাহে দূৰ্বল হৈ থকা অথবা ভগৰুৱা অনুভৱ কৰাতো বিভিন্ন ধৰনৰ কেন্সাৰৰ কাৰণ হব পাৰে।
উশাহ চুতি হোৱাঃ-
শ্বাস প্ৰশ্বাস ঘনাই লব লগা হলে আৰু বকুত ঘেৰঘেৰনী শব্দ হোৱাটোও হাঁওফাঁওৰ কৰ্কট ৰোগৰ কাৰণ হব পাৰে ।
জণ্ডিচঃ-
দীৰ্ঘদিন ধৰি লিভাৰ আৰু গল্ডব্লাডৰৰ সমস্যা হৈ থকা বা জণ্ডিচ হোৱা আৰু চকুৰ মনিৰ বগা অংশ হালধীয়া হৈ যোৱাতো কেন্সাৰৰ লক্ষণ হব পাৰে
শৰীৰৰ যিকোনো থাইত টেমুনা হোৱাঃ-
মহীলা স্তন, ডিঙি, পেট, কাষলতি আদিত দীৰ্ঘদিন ধৰি টেমুনা হৈ থকাতোও কেন্সাৰৰ লক্ষণ হব পাৰে।
শৰীৰত হোৱা তিলৰ পৰিৱৰ্তনঃ-
সাধাৰনতে শৰীৰত থকা তিলে কোনো ধৰনৰ সমস্যা সৃষ্টি নকৰে কিন্তু যদি এই তিলৰ পৰিৱৰ্তন আহি পৰে আৰু পাছত বিষ হবলৈ ধৰে তেতিয়া বুজিব লাগিব যে ই কেন্সাৰলৈ পৰিৱৰ্বন ঘতিব পাৰে।
নখৰ পৰিৱৰ্তনঃ-
কোনো কাৰন নোহোৱাকৈ যদি নখৰ পৰিৱৰ্তন হয় তেনে হলে বুজিব লাগিব যে আমাৰ দেহত নিশ্চয় কিবা নহয় কিবা পৰিৱৰ্তন ঘতিছে। যদি নখৰ ৰং মুকুটাৰ দৰে হয়, নখৰ মাজত ৰেখাৰ সৃষ্টি হয়, নখৰ ৰং পৰিৱৰ্তন হৈ মটীয়া হয় তেতিয়া অবহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব লাগে। কাৰণ এই লক্ষণ লিভাৰ, হাঁওফাওঁ আৰু চালৰ কেন্সাৰ ৰোগৰ সংকেট হব পাৰে।
পেটৰ বিষঃ-
ককাঁল আৰু তল পেতৰ বিষ হলে কেতিয়াও অৱহেলা নকৰিব। কাৰণ এনে লক্ষণ অভাৰি, স্তন, কলন আৰু গুহ্যদ্বাৰ কেন্সাৰৰ সংকট হব পাৰে।
আবৰ্ণনীয় বিষঃ-
ধাৰাবাহিক ভাৱে হোৱা অৱৰ্ণনীয় বিষ যদি এক মাহতকৈও বেছি দিন ধৰি হৈ থাকে তেনে হলে ই হাৰ্ট বা টেষ্টিকল কেন্সাৰৰ সংকেট হব পাৰে।

ডা.হৰিকান্ত দাস।
মা হোমিঅপেথিক আৰু ফিজিঅথেৰাপি ক্লিনিক।গোগামুখ, ধেমাজি।
৯৯৫৪৩৪০১০২ https://drhariswellfuture.blogspot.com/

ক্ৰিষ্টিয়ানো ৰোনাল্ডো জীৱনৰ পৰা ল'ব লগা এটি শিক্ষাঃ



অসমীয়া অনুবাদঃ ছা-হা-বা হাৰ্টি
*
( বিঃদ্ৰঃ অনুগ্ৰহ কৰি পোষ্টটো কপি নকৰিব। পঢ়ি ভাল লাগিলে ভাগবতৰা কৰিব পাৰে।) 
*
*
কিছুদিন আগতে ক্ৰিষ্টিয়ান ৰোনাল্ড'ক এটি অনুষ্ঠানত সম্বৰ্ধনা দিয়া হয়। সেই সভাত যেতিয়া তেওঁৰ হাতত এটি পুৰস্কাৰ তুলি দিয়া হ'ল, তেতিয়া সেই পুৰস্কাৰটো তেওঁ অ্যালবার্টো ফ্ৰানটাউ নামৰ এজন ব্যক্তিক সমৰ্পণ কৰি কলে, "হয়, আজি মই এজন নামীদামী খেলুৱৈ। কিন্তু আমাৰ এই সাফল্যৰ আতৰ যাৰ অবদান  ৰৈছে, তাৰ নাম - অ্যালবার্টো ফ্ৰানটাউ।"
*
সভাত উপস্থিত সকলোৱে জানিব বিচাৰিলে যে,  অ্যালবার্টো ফ্ৰানটাউ কোন?
ৰোনাল্ড' ক'লে, তেওঁ মোৰ বন্ধু। সৰুৰে পৰাই আমি একেলগে ফুটবল খেলিছিলোঁ। লিছবন স্প'ৰ্টছ  একাডেমীৰ পৰা খেলুৱৈ বাচনি কৰাৰ বাবে বাচনি কৰা কমিটিৰ দল  আমাৰ খেল চাবলৈ আহিছে। সিহঁতে ক'লে, যি খেলুৱৈয়ে সৰ্বাধিক গ'ল কৰিব তাকেই স্প'ৰ্টছ একাডেমীত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া হ'ব। সেইদিনাৰ খেলত আমাৰ দলটোৱে ৩-০ গ'লত জয় লাভ কৰিছিল। প্ৰথম গ'ল টো মই কৰোঁ। দ্বিতীয় গ'ল টো অ্যালবার্টো হেড মাৰি কৰে। তৃতীয় গ'ল টো আছিল সবাতোকৈ উত্তেজনাপূৰ্ণ। অ্যালবার্টো উইংৰ পৰা বলটো লৈ  গ'লকিপাৰৰ মুখামুখি হ'ল, গ'লকিপাৰক ড্ৰিবলড কৰি বলটো তেওঁ সিধা গ'ল পোষ্টত সুমুৱাই দিব পাৰিলহেঁতেন। কিন্তু তেওঁ খালি পোষ্টত বল সুমুৱাই নিদি, বলটো মোক পাছ কৰি দিলে আৰু মই গ'ল দিলো। ফলত মই লিছবন স্প'ৰ্টছ একাডেমীত ভৰ্তি হোৱাৰ সুযোগ লাভ কৰিলো।
*
খেল শেষ হোৱাৰ পাছত মই অ্যালবার্টোক সুধিলো, তুমি নিজেই দেখোন গ'ল টো দিব পাৰিলা হয়। সেয়া নকৰি মোক কিয় গ'ল দিবলৈ সুযোগ দিলা?
অ্যালবার্টো উত্তৰ দিলে, কাৰণ মই জানো তুমি মোতকৈ বহুত ভাল খেলুৱৈ।
*
ইয়াৰ পিছত সাংবাদিকসকলে অ্যালবার্টো ফ্ৰানটাউক বিচাৰি উলিয়াই। তেওঁৰ ওচৰত ৰোনাল্ড'ৰ কথাৰ সত্যতা জানিব বিচাৰিলে। অ্যালবার্টো ক'লে, হয়, এইটো সত্য ঘটনা। তেতিয়াৰ পৰা মোৰ ডাঙৰ খেলুৱৈ হোৱাৰ পথ বন্ধ হৈ যায় কাৰণ স্প'ৰ্টছ একাডেমীত যোৱাৰ সেইটো আছিল শেষ সুযোগ। আৰু তাৰ পাছৰে পৰা মই আজিলৈকে বেকাৰ।
*
সাংবাদিকসকলে অ্যালবার্টোৰ বিশাল সুদৃশ্য অট্টালিকা আৰু সন্মুখত মাৰ্ছিডিছ গাড়ী দেখি অবাক হৈ সুধিলে, আপুনি ক'লে যে আপুনি বেকাৰ। তেতিয়া হ'লে  ইমান দামী অট্টালিকা, গাড়ী ক'ৰ পৰা আহিল? আৰু আপোনাকো দেখি মনে হৈছে আপুনি ভালেই আছে।
অ্যালবার্টো ক'লে, হয়, এই সকলো ৰোনাল্ড'ৰ ভালপোৱাৰ দান।
*
Moral of the story:
---------------------------
*
পৃথিৱীত কিমানজন এনেকুৱা মানুহ আছে যিসকলে নিঃস্বাৰ্থভাৱে অন্য এজনৰ বাবে ত্যাগ স্বীকাৰ কৰে। বৰঞ্চ আমি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে চৰম নীচ কাম কৰিবলৈও দ্বিধাবোধ নকৰোঁ।
*
ৰোনাল্ড'  আৰু  অ্যালবার্টোৰ পৰস্পৰৰ বাবে কৰা এই ত্যাগ স্বীকাৰ অৱশ্যে এক শিক্ষনীয় বিষয়। এনেকুৱা ধৰণৰ স্বাৰ্থত্যাগ যদি আমি সকলোৱে নিজৰ বন্ধু-বান্ধৱী, ভাই-ভনী আৰু এজনে আনজনৰ বাবে কৰো তেতিয়া আমাৰ পৰস্পৰৰ মাজত এক মানবিক সম্পর্ক গঢ়ি উঠে আৰু তাৰ লগত তৈয়াৰ হয় এক সুন্দৰ সমাজ।
*
________________________________
(বিঃদ্ৰঃ এইটো ইন্টাৰনেটত ভাইৰেল হোৱা এটা পোষ্ট। পোষ্টটো বাংলা অনুবাদ #দেবযানী  বুলি উল্লেখ আছিল।)

Sunday, July 1, 2018

মানব জীৱন ধংসকাৰী ফাৰৰ্মলিন খোৱা বস্তুৰপৰা আতৰাব কেনেকৈ?? (lercadip)

মানব জীৱন ধংসকাৰী ফাৰৰ্মলিন খোৱা বস্তুৰপৰা আতৰাব কেনেকৈ?? (lercadip)


অধিক লাভ অৰ্জনৰ স্বাৰ্থতে একাংশ অসাধু ব্যৱসায়ীয়ে আমাৰ দেশত অবৈধ ভাৱে ফাৰ্মলিনৰ ব্যৱহাৰ কৰিবলৈ লৈছে।ফাৰৰ্মলিন মূলত টেক্সটাইল, প্লাস্টিক পেপাৰ, ৰং, কনস্ট্ৰাকশন আৰু মৃত দেহ সংৰক্ষণৰ কামত ব্যৱহাৰ কৰা হয়। কিন্তু এক শ্ৰেণীৰ যমদুত ৰূপি ব্যৱসায়ীয়ে বজাৰৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী সমূহত ব্যাপক ৰুপে ফাৰৰ্মলিন ব্যৱহাৰ কৰিবলৈ লৈছে। যিটোৱে বৰ্তমান মানৱ জাতিক লাহে লাহে মৃত্যুৰ পথ দেখুৱাবলৈ ধৰিছে।

ফাৰৰ্মলিনে কি ক্ষতি কৰেঃ-

ফাৰৰ্মলিন যুক্ত গাখীৰ, মাছ, ফল-মুল, শাক-পাচলি দৈনন্দিন ব্যবহাৰ কৰা এই দব্য সমূহ সেৱন কৰি আমাৰ কনমানি সকলৰ শৰীৰিক ৰোগ প্ৰতিৰোধী ক্ষমতা হেৰাই যাবলৈ ধৰিছে। কিডনি, লিভাৰ আৰু আমাৰ দেহৰ সমগ্ৰ অংঙ্গ নষ্ট, বিকলাঙ্গতা আৰু তাটোত কৈ মাৰাত্মক কে়ন্সাৰৰ উপৰিও দিনক দিনে নানান যটিল ৰোগত ভুক্তভুগি হব ধৰিছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যিসকল সন্তান সম্ভৱা গৰ্ভাৱতি মহিলা তেওঁলোকে যদি ফাৰৰ্মলিন যুক্ত খাদ্য বেছিকৈ ব্যৱহাৰ কৰে তেন্তে সন্তান প্ৰসৱৰ সময়ত বহোতো যটিলতাৰ সন্মুখীন হয় আৰু সন্তানৰো জন্মগত বিখংগতিয়ে দেখা দিব পাৰে। অনকি বিকলাঙ্গ শিশুৰো জন্ম হব পাৰে। প্ৰথমে অবস্থাত ফাৰৰ্মলিন, হাড্ৰজেনপেৰক্সাইড, কাৰবাইড আদি বিভিন্ন ধৰণৰ ক্ষতিকাৰক কেমিকেল ব্যৱহাৰ কৰাৰ প্ৰতিফল স্বৰুপে পেতৰ বিষ, হাঁচি, কফ, উশাহ-নিশাহত কষ্ট, বদহজম আলচাৰ, চৰ্মৰোগ আদি বহু যটিল সমস্যই দেখা দিয়ে।


ফাৰৰ্মলিন দূৰিকৰণৰ বাবে কি কৰিবঃ-



১. চবজি ৰন্ধাৰ পূৰ্বে ১০ৰ পৰা ১৫ মিনিত সময় গৰম পানীত সামান্য নিমখ দি ডোবাই ৰাখিব। তাৰ পাছত সেই পানীখিনি পেলাই অন্য পৰিস্কাৰ পানিৰে ধূই লওক এই প্ৰক্ৰীয়া অনুসৰন কৰিলে চবজিৰ পৰা ফাৰৰ্মলিন আতৰি যায়।


২.ফল-মূল খোৱাৰ আগত কমেও ১ ঘন্টা সময় সামান্য গৰম পানীত ডোবাই ৰাখিব। আপেল জাতীয় ফলৰ ক্ষেত্ৰত বাকলি গোচাই হে খাব।
৩. ১ ঘণ্টাৰো অধিক সময় মাছ-মাংখ পানীত ডুবাই ৰাখিলে শতকৰা ৬০% ফাৰৰ্মলিন নষ্ট হৈ যায়।

৪. প্ৰথমে চাউল ধূৱা পানীত মাছ ডুবাই ৰাখক ১ঘণ্টা মান সময় তাৰ পাছত পৰিস্কাৰ পানীৰে ভালকৈ ধূলে প্ৰায় ৭০%ফাৰ্ৰ্মলিন দূৰ হয়।

৫. ভিনেগাৰ আৰু পানী মিহলাই ১৫ মিনিট মাছ, মাংস ডুবাই ৰাখিলে মাছ, মাংস ফাৰৰ্মলিন মুক্ত হয়।

৬. গাখীৰ ভলদৰে উতলালে ফাৰৰ্মলিন দূৰ হয়।

৭. শুকান মাছত প্ৰচুৰ পৰিমানে ফাৰৰ্মলিন ব্যৱহাৰ কৰে।সেইবাবে শুকান মাছ খোৱাৰ আগত ১ঘণ্টা গৰম পানীত ডুবাই ৰাখিব তাৰ পাছত ঠাণ্ডা পানীত ১ঘণ্টা ৰাখিব ফাৰৰ্মলিন মূক্ত হোৱাৰ লগতে তাৰ খোৱাদো বাঢ়িব।

ডা. হৰিকান্ত দাস।