হিমা দাস কোন? || Who is Hima Das??? the most google search topic
অনিচ্ছাস্বতেও এই কলমটো লিখিব লগীয়া হ'ল
#Hima Das
Google অত এই কেইদিন ভাৰতীয় মানুহে আটাইতকৈ অধিক search কৰা বিষয়বস্তু কি বাৰু?
বিশ্বকাপ ফুটবল ২০১৮ ? নে লোকা মড্ৰিক?
নে হেৰি কেন ? নে হিমা দাস?
নাইবা নৰেন্দ্ৰ মোডীক অত্যাধিক search কৰিছে নেকি ভাৰতীয় সকলে ?
ওপৰৰ সাম্ভাৱ্য এটাও নহয় |অৱশ্যে যিকেইটা আচলতে অত্যাধিক search হোৱাৰ সম্ভাৱনা আছিল |
এইকেইদিনত search হোৱা বিষয়টি হ'ল, ভাৰতীয় স্বৰ্ণকন্যা হিমা দাসৰ জাত কি ? মানে '
caste of Hima Das"
কি যে বিড়ম্বনামূলক এই দেশৰ বাবে |
কেৰেলা,মহাৰাষ্ট্ৰ ,ৰাজস্থান ,গুজৰাট আদি ৰাজ্যত এই প্ৰশ্নৰ উত্তৰ বিচাৰি হাহাকাৰ লগাই দিছে |অসমকে ধৰি বাকী ৰাজ্যবোৰতো কম নহয় এই প্ৰশ্নৰ সন্ধান কৰোতা | কিন্তু কিয় ? আমিতো কোনো দিন শচীন তেণ্ডুলকাৰ ,বিৰাট কোহলি ,ৰাজ্যবৰ্ধন ৰাথোড় বা আন কোনোবা চুপাৰষ্টাৰৰ জাত কি সন্ধান কৰি Google তল-ওপৰ কৰা নাই | আচলতে মহান ভাৰতবৰ্ষত জাত -পাতৰ নিলৰ্জ্জ ধ্যান-ধাৰণাবোৰ প্ৰশমিত হোৱা নাই
নেকি ? হিমা দাস অনুসূচিত জাতিৰ হৈ দেশলৈ গৌৰৱ কঢ়িয়াই অনাত একাংশ দেশবাসীৰ বাবে অসুবিধাজনক বা যন্ত্ৰণাদায়ক হৈছে নেকি ?
কথাবোৰ আচলতে তেনেকুৱাই |এতিয়াও জাত-পাতৰ কলীয়া ডাৱৰে দেশত মূষলধাৰে বৰষুণ দি আছে | কিন্তু আমি মনত ৰাখিব লাগিব যে ,হিমাই কিন্ত ফিনলেণ্ডত অসমীয়াৰ গামোচাখন আৰু ৰাষ্ট্ৰীয় পতাকাখনহে লৈ আনন্দত আত্মহাৰা হৈছিল,জাত -পাতৰ ঠেক চিন্তাবোৰ কঢ়িয়াই আত্মহাৰা হোৱা নাছিল | তেন্তে ভাৰতীয়সকলে হিমাৰ জাত বিচাৰি ৰাষ্ট্ৰৰ মান-মৰ্যাদা লাঘৱ কৰা নাইনে ?এই কথাবোৰ হিমাৰ বিদেশৰ প্ৰতিদ্বন্দীয়ে গম পালে অলিম্পিকৰ ফাইনেল ৰাউণ্ডত হিমাক ক'ব ....
Hello Hima ! You are scheduled Caste !
তেতিয়া বাৰু দৌৰিব পাৰিবনে?
হিমাৰ জাত বিচাৰি Google চলাথ কৰাসকলে তলৰ ছবিখন চালেই হ'ল |
No comments:
Post a Comment
Thanks