Learn about Health tips, Home remedies, Homeopathic treatment, know more about Anthropological research work.
Friday, July 30, 2021
Saturday, July 24, 2021
Thursday, July 15, 2021
Friday, July 9, 2021
৬ টা উৎকৃষ্ট হোমিঅেথি মেডিচিন পাইলচৰ ববে যি আপোনাক অপাৰেচনৰ পৰা বচাই ৰাখিব।
৬ টা উৎকৃষ্ট হোমিঅেথি মেডিচিন পাইলচৰ ববে যি আপোনাক অপাৰেচনৰ পৰা বচাই ৰাখিব।
জান্তিকতাৰ ধামসুমীয়াত মানুহৰ দৈনন্দিন জীৱন যত্ৰাৰ পৰিৱৰ্তন আৰু খাদ্যভ্যাখৰ বিসংগতিৰ বাবে মানুহৰ শৰীৰত বিভিন্ন দুৰাৰোগ্য ৰোগৰ উৎপতি হব ধৰিছে। তাৰোপৰি অত্যন্ত কাৰ্যব্যস্ততাৰ বাবে আমাৰ খোৱা-বোৱা আৰু কামৰ কোনো নিৰ্দিষ্ট সময় নোহোৱা হৈ পৰিছে। আৰু ইয়াৰ লগে লগে শাৰীৰিক ব্যয়াম বা খেলা-ধূলাৰ বাবে মানুহৰ হাতত একেবাৰে সময়ৰ অভাৱ হৈ পৰিছে। যাৰ বাবে মানুহে মানসিক চাপ বা মানসিক অশান্তি, বদ হজম, গেষ্ট্ৰিক, এচিডিটি, কোষ্ঠকাঠিন্যৰ সমস্যাত বেছিকৈ ভুগিবলৈ লৈছে। যদি এই সমস্যা সমূহ দীৰ্ঘদিন ধৰি হৈ থাকে তেনে হলে ব্যক্তি এজন পাইলচত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে। আৰু বহু ব্যক্তিৰ এই পাইলচৰ সমস্যাৰ বাবে অস্ত্ৰোপ্ৰচাৰ কৰিব লগা পৰিস্থিতিও উদ্ভৱ হয়।
হোমিঅপেথিকত এই পাইলচৰ সুউব সুন্দৰ ফলপ্ৰসু চিকিৎসা আছে। অস্ত্ৰোপ্ৰচাৰৰ প্ৰয়োজন নাই। হোমিঅপেথিক চিকিৎসাৰ জৰিয়তে কেচুমূৰীয়া বা পাইলচ সম্পুৰ্ণ নিৰামই কৰাটো সম্ভৱ। এবাৰ সম্পুৰ্ণৰূপে ভাল হোৱাৰ পাছত ভবিষ্যতে হোৱাৰো সম্ভাৱনা নাথাকে বা একেবাৰে কম থাকে।
বহু বেছি বিষ আৰু ৰক্ত নিৰ্গত হৈ থকা সমস্যা হলে কিছুদিন হোমিঅ ঔষধ সেৱন কৰিলেই এই ৰক্ত উলোৱা সমস্যাটো আৰু বিষ জ্বলা-পোৰা হোৱা সমস্যাতো উপশম হয়।
হোমিঅপেথিক ঔষধে আপোনাৰ যিবোৰ পেটৰ সমস্যাৰ বাবে কেচুমুৰীয়া বা পাইলচ হৈছে এই সমস্যাবোৰ যেনে দীৰ্ঘদিনিয়া গেছ, এচিডিটি, বদহজম আদিবোৰ নিৰাময় কৰি হজম শক্তি বৃদ্ধি কৰি লিভাৰৰ কাৰ্যক্ষমতা দ্ৰুত উন্নতি ঘটাই পৰিপাক ক্ৰিয়াক দ্ৰুত কৰি অন্ত পৰিস্কাৰ কৰে, কোষ্ঠকাঠিন্যৰ পৰা মুক্তি দিয়ে আৰু কেচুমূৰীয়া সমস্যাৰ পৰা স্থায়ী ভাৱে মুক্তি দি স্বাভাৱিক জীৱন যাত্ৰাত সহায় কৰে।
ইস্কুলাচ হিপ্পোকাষ্টালামঃ- ( AESCULUS HIPPOCASTANUM )
শৌচ কৰাৰ কেইবা ঘন্টা লৈকে পায়খানাৰ দূৱাৰত জ্বলা-পোৰা আৰু ভিতৰৰ পৰা টানি থকাৰ দৰে বিয হয়। পায়ুদ্বাৰত খজুৱতী হয়। পাইলচৰ পদাহৰ বাবে মলদ্বাৰৰ ভিতৰত মল লাগি খোপামাৰি ধৰি থকাৰ দৰে অনুভৱ হয়। কোষ্ঠকাঠিন্যৰ প্ৰৱনতা হয়। কঁকালৰ বিষ হয়। মলাশয় গৰম আৰু শুকান, সৰু সৰু কাঁইটেৰে পূৰ্ণ হৈ থকাৰ দৰে বিষ হয়। মলাশয়ত চোকা কটাৰী খোমোৱাই দিয়াৰ দৰে বিষ হয়। পাইলচৰ গুটি বেঙুনীয়া অৰ্থাৎ বেঙেনা ৰঙৰ দৰে হয়। পাইলচৰ গুটিৰ পৰা কেতিয়াবা কেতিয়াবা তেজ নিৰ্গত হয়।
পোৰণি আৰু খজুৱতীৰ লগতে মলাশয়ত ক্ষত আৰু পৰিপূৰ্ণ ভাৱ হয়। মল টান আৰু শুকান, নিৰ্গত হওঁতে কষ্ট হয়। মলাশয় শুকান আৰু গৰম যেন লাগে। কঁকাল আৰু পিঠিৰ সংযোগ স্থলত অতিপাত বিষ হয়। এনেবোৰ লক্ষণ প্ৰকাশ পালে এই মেডিচিনৰ ৩ টোপাল কৈ দিনে ২-৩ বাৰ কৈ ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা উপসম পাব।
নাক্স ভমঃ-
পাইলচ বা কেচুমুৰীয়াৰ এক উৎকৃষ্ঠ মেডিচিন। কোষ্ঠকাঠিন্য নিৰাময়ত সহায় কৰে। কেচুমুৰীয়া বা পাইলচ ৰোগীৰ খাদ্য খোৱাৰ এক ঘন্টাৰ পাছতেই পেট গধূৰ লাগে। পায়খানাৰ নিস্ফল বেগ হয়, বাৰে বাৰে পায়খানাত যায়, কিন্তু পায়খানা নহয় বা পায়খানা কম হয়, আৰু কৰিম কৰিম লাগি থাকে। ডিঙিত কিবা খাদ্য সামগ্ৰী লাগি থকাৰ দৰে ভাব হয়। বহু মানুহৰ এনেকুৱা অনুভৱ হয় ডিঙিত কিবা খোৱা বস্তু লাগি থকাৰ দৰে হয়। ডিঙি খোপা মাৰি ধৰাৰ দৰে হয়। এই সমস্যাৰ বাবে বহুতে এণ্ডস্কপি পৰ্যন্ত কৰাই কিন্তু কোনোধৰণৰ বিসংগতি ধৰা নপৰে। ইয়াৰ লগে লগে জ্বলা-পোৰা থাকে।
যিসকল ব্যক্তিৰ অত্যাধিক জাংফুড, ফাষ্টফুড, জলা, মচলা, ভজা-পোৰা খাদ্য অনৰবৰত খায়। যিসকল ব্যক্তিয়ে ৰাতি বহুদেৰিলৈকে টোপনি খতি কৰে বিভিন্ন কাৰণত যান্ত্ৰিক জীৱন কতায়, উশৃংসল জীৱন যাপন কৰে তেনে লোকৰ পাইলচৰ সমস্যাত এই মেডিচিন অত্যন্ত কাৰ্যকৰী।
এনাকৰডিয়ামঃ- (ANACORDIUM )
খালী পেটত পেটৰ বিষ হয়। লগতে মূৰো বিষ হয়। খাদ্য খালে পেট আৰু মূৰৰ বিষ ভাল হয়। টোপনিত প্ৰায় চক খাই উঠে। কথা পাহৰে অৰ্থাৎ স্মৃতি শক্তি লোপ পায়। পাইলচ ৰোগীৰ কোষ্ঠকাঠিন্য হয়। শৌচকৰাৰ খুউব ইচ্চা হয়, কিন্তু পায়খানাত বহিলে শৌচৰ প্ৰবনতা নোহোৱা হৈ যায়। মলাশয় পক্ষাঘাট হয়, মলাশয় যেন সোপাদি বন্ধ কৰা আছে তেনে অনুভৱ হয়। পেটৰ আমনি বাঢ়ি যায়। এনেকুৱা লক্ষণ প্ৰকাশপালে এই ঔষধৰ ২০০ ক্ষমতাৰ ৩ টোপালকৈ দিনে ৩-৪ বাৰ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা পৰিত্ৰান পাব পাৰিব।
চালফাৰ (SULPHUR)
পায়খানা কৰাৰ পিচত মলদ্বাৰত অত্যন্ত জ্বলন হয়। সকলো সময়তে পায়খানা দূৱাৰত খজুৱতী হয়। পুৱা বিছনাৰ পৰা দুখোঁজ দিয়াৰ লগে লগেই পায়খানাৰ বেগ আহে। ৰোগীয়ে সামান্য হুলস্থুল সহ্য কৰিব নোৱাৰে। অলপমান হুলস্থুল হলেই টোপনি ভাঙে। এনেকুৱা লক্ষণ থাকিলে SULPHUR মেডিচিনটো ৩ টোপাল কৈ দিনে ২ বাৰকৈ ব্যৱহাৰ কৰিব।
বায়নিয়াঃ- (Bryonia)
পায়খানা খুউব শকত আৰু টান হয়। পায়খানা কৰাৰ সময়ত অত্যন্ত যোৰ দিব লগা হয়। পায়খানাৰ ৰং ক’লা হয় আৰু পায়খানা বাহিৰ হবৰ বাবে বৰ কঠিন হয়। বহুত সময় কচৰৎ কৰিব লগা হয়। লগতে পাইলচত ভুক্তভূগী ব্যক্তিজনে অনৰবৰত পিয়াহ অনুভৱ কৰে, পানী খায়থাকিব বিছাৰে। এনেকুৱা লক্ষণ থাকিলে এই বায়নিয়া মেডিচিনটো ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা পৰিত্ৰান পাব পাৰি।
লাইকপডিয়ামঃ (LYCOPODIUM)
পাইলচ ৰোগীৰ অত্যাধিক পেতফোলাৰ সমস্যা হয়। পেটত প্ৰায় গৰ গৰ কল কল শব্দ হয়। পিছবেলাৰ ভাগলৈ পেট গধূৰ অনুভৱ কৰে। ভোক লাগে কিন্তু অলপ মান খাদ্য খোৱাৰ পিছতেই পেট ভৰি যায়। বুকু জলা-পোৰা কৰে লগতে তেঙা স্বাদযুক্ত উগাৰ আহে। এনেকুৱা লক্ষণ প্ৰকাশ পালে এই ঔষধৰ ২০০ ক্ষমটাৰ ৩ টোপাল কৈ ৰোগৰ প্ৰাবল্য অনুসৰি দিনত ২-৩ বাৰ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা পৰিত্ৰান পাব পাৰি।
কাৰ্বভেজঃ (CARBOVEG)
পাইলচ হোৱা ব্যক্তিৰ স্বাস্থ্য অত্যন্ত বেয়া হয়, ভগ্নস্বাস্থ্য। যিবোৰ বস্তু খালে ৰোগ বৃদ্ধি হয় তেনেবোৰ বস্তু খাব বিছাৰে। মদাহীয়ে হুইস্কি, ব্ৰাণ্ডি আদি খাব বিছাৰে। পৰিপাক শক্তি অতি দূৰ্ব্বল, সহজতে হজম হোৱা বস্তু খাব নিবিছাৰে। পাকস্থলী আৰু অন্তত অতিপাত বায়ু জমা হয়। শুলে বৃদ্ধি হয়। খাদ্য আৰু পানী খোৱাৰ পিছত পেটত অশান্তিৰ বৃদ্ধি হয়। পাকস্থলী ফাটি যাব যেন লাগে। ৰাতি পলম কৈ খোৱা, অত্যাধিক মচলাৰে বনোৱা বস্তু খোৱাৰ ফলত সমস্যা বৃদ্ধি হয়। উগাৰ আহিলে পেটৰ অশান্তি সাময়িক উপসম হয়। সুনিৰ্বাচিত দৰবতো প্ৰতিক্ৰিয়াৰ অভাৱ। এনেকুৱা ধৰণৰ লক্ষণ থাকিলে এই ঔষধ ২০০ ক্ষমতাৰ দিনে ২-৩ বাৰ কৈ ৰোগৰ প্ৰাবল্য অনুসৰি ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা উপশম পাবলৈ সক্ষম হব।
ইয়াৰ ওপৰিও HAMAMELIS, COLINSONIA, CALCAREA FLOR, THUJA, CONIUM MAC, RATANHIA, CARICA PAPAYA, ACID NIT আদি ঔষধ সমূহ প্ৰয়োগ কৰিও পাইলচ সহজতে ভাল কৰিব পাৰি।
https://www.youtube.com/watch?v=nsRIylXtomchi I am Dr HariSaturday, July 3, 2021
কঁকালৰ বিষ হলে কি কি হোমিঅ’পেথিক মেডিচিন খাব ?
কঁকালৰ বিষ হলে কি কি হোমিঅ’পেথিক মেডিচিন খাব ?
আমাৰ ৰাজহাড়দালক চাৰিটা ভাগত বিভক্ত কৰা হৈছে। প্ৰথম অংশটো CERVICAL, দ্বিতীয় অংশটো THORACIC, তৃতীয় অংশটো লাম্বাৰ(LUMBER) আৰু চতুৰ্থ অংশটো অৰ্থাত একেবাৰে শেষৰ অংশটো secrum চেক্ৰাম। যেতিয়া আমাৰ LUMBER অংশত বিষ হয় তেতিয়া তাক আমি কঁকালৰ বিষ হোৱা বুলি কওঁ। সাধাৰণতে আমি আমাৰ ৰাজহাড় ডালৰ কঁকালৰ অংশ অৰ্থাৎ LUMBER ত বেছিকৈ সমস্যা হোৱা দেখিবলৈ পাওঁ। আমাৰ প্ৰতিজন মানুহৰেই কঁকালৰ বিষত ভোগাৰ অভিজ্ঞতা আছে। কাৰণ যিহেতু বিশ্বৰ প্ৰতি ১০ জনৰ ভিতৰত এজন লোক কঁকালৰ বিষত ভুক্তভোগী। পুৰুষৰ তুলনাত মহীলা সকলৰ কঁকালৰ বিষ বেছি হোৱা দেখিবলৈ পোৱা যায়।
ককাঁল বিষৰ হোমিঅ’পেথিক মেডিচিনঃ-
ARNICA MONTANA 200
কঁকালৰ অত্যন্ত বিষ, বহিব নোৱাৰে। বহা চকীত পিঠিৰ অংশ স্পৰ্শ হোৱাৰ লগে লগে বিষ বৃদ্ধি হয়, কঁকালৰ বিষহোৱা অংশটোত হাত লগোৱাৰ লগে লগে বিষ হয়। ৰোগীয়ে বিষোৱা অংশত স্পৰ্শ কৰিলে চিঞৰি উঠে। বিছনাত শুব নোৱাৰে, শুৱা বিছনা টান অনুভৱ কৰে। কঁকালৰ বিষ কেতিয়াবা একেবাৰে ভৰিলৈকে অনুভৱ কৰে। বিষৰ প্ৰকোপত হাত, ভৰি লৰাব নোখুজে।
এনেধৰণৰ লক্ষণ প্ৰকাশ পালে ARNICA MONTANA 200 মেডিচিনটো ৩ টোপাল কৈ দিনে ৩-৪ বাৰকৈ খাব। ১৫-২০ দিন ব্যৱহাৰ কৰাৰ পাছত বিষৰ পৰা উপশম পাবলৈ সক্ষম হ’ব।
আপোনাৰ বিষ কিয় হৈছে বা কি হৈছে জানৰ প্ৰয়োজন নাই। যদি এই লক্ষণ সমূহ হৈছে। লাগিলে শ্লিপডিক্স হওঁক বা ডিক্স হানিয়েচনেই হওঁক বা অষ্টিয়আৰথাৰাইটিচেই হওঁক বা পোৰণা দূৰ্ঘটনা বসত দুখ পোৱা বিষেই হওঁক আপোনি এই দৰব ব্যৱহাৰ কৰি কঁকালৰ বিষ দূৰ কৰিবৰ বাবে সক্ষম হ’ব।
BRYONIA ALB 200 
বেজীয়ে বিন্ধাৰ দৰে, ফালি যোৱাৰ দৰে কঁকালৰ বিষ। বিষ ৰাতি বৃদ্ধি হয়। লৰচৰ কৰলে, উশাহ লোৱাৰ সময়ত, কাহ মাৰিলে বিষ বৃদ্ধি হয়। কঁকালৰ বিষ হোৱাৰ অংশত চাপদি শুলে উপশম হয়। এই লক্ষণ থাকিলে এই ঔষধৰ ৩০ ক্ষমতাৰ ৩ টেপালকৈ দিনে ৩-৪ বাৰ কৈ কিছুদিন ব্যৱহাৰ কৰিলে বিষৰ উপশম হয়।
RHUSTOXICODENDRON 30
কঁকালৰ বিষ। মোচোকা খোৱাৰ বাবে বা বৰকৈ কঁকালৰ পেক্ষীবন্ধনী টান খোৱাৰ ফলত হোৱা বিষ। অতিৰিক্ত গধূৰবস্তু দাঙি তুলিবলৈ টেষ্টা কৰাৰ ফলত মোচোকা খাই হোৱা কঁকালৰ বিষ বা উখ ঠাইৰ পৰা কোনো বস্তু হাতেৰে ঢুকি পোৱাৰ চেষ্টা কৰাৰ ফলত হোৱা কঁকালৰ বিষ। বিষ ইমানে বৃদ্ধি হয় যে, কঁকালৰ পেক্ষীবন্ধনী সন্ধীস্থানৰ পৰা বিছিন্ন হৈ গৈছে যেন অনুভৱ হয়।
কটাৰীৰে হাড়বোৰ চাঁচি থকাৰ দৰে অনুভৱ হয়। বিষ মাজনিখাৰ পাছত আৰু বৰষুণৰ বতৰত বা বৰষুণত তিতিলে বৃদ্ধি হয়।
কঁকালৰ বিষ হোৱা অংশত স্পৰ্শ কৰিলে ঘাঁ লগাৰ দৰে অনুভৱ হয়।
ৰাতিপূৱা বিছনাৰ পৰা উঠাৰ সময়ত যেতিয়া খোজকাঢ়িব কঁকালত ঘাঁ লগাৰ দৰে অনুভৱ হয়। একেবাৰে জঠৰ হৈ পৰাৰ দৰে হ’ব। অলপ সময় খোজকাঢ়িলে বিষ লাহে লাহে উপষম হ’ব।
বহিলে বা শুই থাকিলে বিষ বৃদ্ধি হয়। চলাফুৰা কৰিলে বিষ উপশম হয়। এনেকুৱা লক্ষণ প্ৰকাশ পালে এই ঔষধৰ ৩০ ক্ষমতাৰ ৩ টোপাল কৈ দিনে ৪-৫ বাৰ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা পৰিত্ৰান পাব পাৰি।
RUTA GRAVEOLENS
ৰোগী বিষত অস্থিৰ হৈ পৰে। শুই থকাৰ সময়ত সঘনাই ইকাতি সিকাতি কৰি থাকে। কঁকালৰ তলত ৰোগীয়ে এখন হাত ভৰাই বিষোৱা অংশত চাপ দি শুব বিছাৰে বা কিবা টানবস্তু বিষোৱা অংশত
ভৰাই লৈ শুব বিছাৰে। ৰোগীৰ কঁকালৰ হাড় স্থানচ্যুত হয়, যিটো ডিক্স হাৰ্নিয়েচন বুলি কোৱা হয়।
কঁকালৰ অংশৰ ৰাজহাড়ৰ ডিক্স বাহীৰলৈ উলাই আহে ৰাজহাড়ৰৰ ভৰ্টিব্ৰা ক্ষয় হয়। হাড়ৰ আৱ
ৰনিৰ প্ৰদাহ হয়। কেতিয়াবা দূৰ্ঘটনাত আঘাট পোৱাৰ পাছত টি বি হয়। হাড়ৰৰ টি বি ৰোগৰ বাবে হোৱা কঁকালৰ বিষ বা টিবিৰ বাবে হোৱা যিকোনো বিষতে এই ঔষধ অত্যন্ত উপকাৰী।
CALCEREA FLOR
কেতিয়াবা আপোনালোকে USG, CT, MRI কৰালে ৰিপৰ্টত লিখে নহয় অষ্টিয় ফাইট হোৱা (osteophyte formation)
বুলি অৰ্থাত কঁকালৰ ভাৰটিব্ৰাত অকনমানি জোঙা গজালৰ নিচিনা হাৰ বাড়ি আহে, সূচা-বিন্ধাৰ আৰম্ভ কৰে। ৰেডিয়েটিং পেইন হয়। একেবাৰে কঁকতালৰ পৰা তললৈকে। ভৰীৰ কলাফুলৰ লৈকে। কাৰণ এই জুঙা টুকুৰাটোৱে নাৰ্ভত খুচা মৰাৰ বাবে ৰক্ত সঞ্চালনত বাধা আহি পৰাৰ ফলত জিন জিনোৱা বিষ, জ্বলা – পাোৰা কৰা বিষ, একেবাৰে কাৰেণ্ট লগাৰ দৰে অনুভৱ হয়। এই অৱস্থাটোত ৰোগীৰ একেবাৰে অসহ্যকৰ অৱস্থা হয়।
চিন্তাৰ প্ৰয়োজন নাই ১৫-২০ দিনৰ ভিতৰত অষ্টিয়ফাইট গলি যাব। নোহোৱা হৈ যাব। এই মেডিচিনৰ ২০০ ক্ষমতাৰ ২ টোপাল কৈ দিনে ২ বাৰ বা ৩ বাৰ ব্যৱহাৰ কৰক।
LEDUM PAL
কঁকালৰ বিষ বৰফ লগালে বা ঠাণ্ডা পানী লগালে আৰাম পালে লিডাম পাল মেডিচিনটোৰ ২০০ ক্ষমতাৰ ৩ টোপাল কৈ ২ বাৰ কিছুদিন ব্যৱহাৰ কৰিলে কঁকালৰ বিষৰ পৰা উপশম পাব পাৰি।
HYPHERICUM
পোৰণা আঘাট লগাৰ বাবে বহুদীনিয়া কঁকালৰ বিষত এই ঔষধ উপযোগী।
KALICARB
পোৰনি কঁকালৰ বিষত এই ঔষধ অতি ফলপসু। বিশেষ কৈ কঁকাল বিষৰ ৰোগীয়ে ৰাতি শুব নোৱাৰে, বহি থাকিবলৈ বাধ্য হয়। ৰাতি ২ ৰ পৰা ৩ বজাৰ ভিতৰত বিষৰ প্ৰকোপ বৃদ্ধি হয়। এনে ধৰণৰ লক্ষণ থাকিলে এই ঔষধ ব্যবহাৰ কৰি কঁকালৰ বিষৰ পৰা অতি সহজে উপশম পাব পাৰি।
https://www.youtube.com/watch?v=GuI0QWBfOKk
ডাঃ হৰিকান্ত দাস।hi I am Dr Hari-
কি ভুলৰ বাবে আপোনাৰ কিডনীত হয়? কিডনী পাথৰ বৰ সাংঘাটিক বিষ হয়। আমাৰ ওচৰত কেতিয়াবা ৰোগী আহে দেখি পাওঁ, না বঢ়িব পাৰে না শুব পাৰে। ধৰফৰাই থাকে...
-
সাৱধান আপোনাৰ চকুৰ নোমত থাকিব পাৰে ভয়ংকৰ পোকঃ কঠিত আছে যে মানৱ শৰীৰ বিভিন্ন ব্যধিৰ মন্দিৰ। জীৱন কালত মানুহৰ দেহত বিভিন্ন কাৰনত বিভিন্ন ধৰ...
-
Gonorrhea – Homeopathic Medicines & Treatment গনৰিয়া এটা সুস্থ শৰীৰতহে সুস্থ মন এটাই বাস কৰে। সুস্থ সবল শৰীৰ এটাৰ অধি...
-
দেশত নিপা ভাইৰাচৰ আতংকঃ- কিছু বছৰৰ পূৰ্বে ইবলা নামৰ এটা বেমাৰে পৃথিৱীত আতংকৰ সৃষ্টি কৰিছিল এই বেমাৰত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল।...
-
২. চজিনা পাত : English: Drum stick:Botanical :Moringa oleifera: অস্থি মজবুত কৰে, ৰক্তসংশোধন কৰে,ডায়বেটিছ নিয়ন্ত্ৰনত সহায় কৰে, হজমী ...
-
A Study on the Socio-economic Condition among the Hajongs of Lakhimpur District, Assam JYOTI HAZARIKA Department of Anthropology, D...
-
অনিয়মীয়া মাহেকীয়া বা ঋতুস্ৰাৱ বিসংগতিঃ আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসা বৰ্ত্তমান সময়ত মহিলাসকলৰ বিভিন্ন ধৰনৰ সমস্যা সমূহ বৃদ্ধি হোৱা দেখা...