Dr Haris Well future : Antibiotic Resistance due to covid-19

Tuesday, May 4, 2021

Antibiotic Resistance due to covid-19

Antibiotic  Resistance  due  to  covid-19

anti-biotic-resistance antibiotic[/caption]

বতমাৰ্ন আপোনালোকে হয়তো দেখিছে বা বহু লোকে নিজেওঁ এনেকুৱা ধৰণৰ সমস্যাত ভূগিছে যে গাত খৰ খজুৱতী আদি সমস্যাই ব্যক্তিজনক যথেষ্ট অসুবিধাত পেলাইছে।

বহু ৰোগী আমি পাওঁ যি সকলে এনে ধৰনৰ সমস্যালৈ আমাৰ উচৰলৈ আহে আৰু কয় দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণৰ এন্টিবায়টিকছ ব্যৱহাৰ কৰিছে যদিওঁ কিন্তু চালৰ এই সমস্যা সমূহৰ পৰা কোনো প্ৰকাৰে উপক্ষম পাবলৈ সক্ষম হোৱা নায়।

অৰ্থাৎ কোনোধৰণৰ এন্টিবায়টিকছে কাম কৰা নাই। মানে তেখেঁত সকল ইতিমধ্যে এন্টিবায়টিকছ ৰেজিষ্টেন্স হৈ গৈছে।

এন্টিবায়টিকছ ৰেজিষ্টেন্স বৰ্তমান বিশ্বৰ এক ভয়াবহ সমস্যাৰূপে পৰিগণিত হৈছে আৰু বৰ্তমান কোভিড ১৯ এ এই সমস্যা দুগুন বৃদ্ধি কৰিব। কেনেকৈ বৃদ্ধি কৰিব তাৰ বিষয়ে আমি আলোচনা কৰিম।

কোভিড-১৯ ৰ সংক্ৰমনৰ আগৰেপৰাই এন্টিবায়টিকছ ৰেজিষ্টেন্স সমস্যা চিকিৎসা বিজ্ঞানৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান ৰূপে থিয় দিছে। ইয়াৰ মূখ্য কাৰণ হল বৰ্তমান সময়ত আমাৰ হাতত বেছি এন্টিবায়টিকছ নাই আৰু যি কেইটা আছে সেই কেইটাও আমাৰ মানুহক সংক্ৰমিত কৰা যি বোৰ বেক্টেৰিয়া আছে এই বোৰে এই এন্টিবায়টিকছৰ প্ৰতিৰধ ক্ষমতা গঢ়ি তুলিছে।

এই এন্টিবায়টিকছ ৰেজিষ্টেন্স যি ইতিমধ্যে প্ৰত্যাহ্বান স্বৰুপ হৈ পৰিছে।  কোভিড -১৯ য়ে এই সমস্যা আৰু তীব্ৰতৰ কৰি তুলিব পাৰে।

এন্টিবায়টিকছ ৰেজিষ্টেন কাক বোলে?

চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক কোৱা হয় এন্টিমাইক্ৰবিয়েল ৰেজিষ্টেন্স। মাক্ৰবচৰ (Microbes) ভিতৰত বেক্টেৰীয়া, ভাইৰাচ, ফাংগাই, পটযোৱা এই সকলোবোৰেই পৰে। এই সলোবোৰেই আমাৰ দেহত ৰোগৰ সৃষ্টি কৰে। আৰু এই বোৰ যেতিয়া এন্টিবায়টিকছৰ প্ৰতি ৰেজিষ্টেন্স হৈ যায় তাকে AMR  বা এন্টিবায়টিকছ ৰেজিষ্টেন্স বোলা হয়।

 আৰু যেতিয়া আমাৰ বেমাৰ হব বেক্টেৰীয়া বাবে, তেতিয়া আৰু এন্টিবায়টিকছে কাম নকৰিব কাৰণ ইতিমধ্যে এই বেক্টেৰীয়াই এন্টিবায়টিকছ প্ৰতিৰোধী ক্ষমতা আহৰণ কৰি লৈছে।

 আৰু যেতিয়া এটা এন্টিবায়টিকছৰ প্ৰতিৰোধ গঢ়ি লয় তেতিয়া বেলেগ এন্টিবায়টিকছ প্ৰয়োগ কৰিব লগা হয়, বা সেই এন্টিবায়টিকছৰ উচ্চ ক্ষমতাৰ ড'জ ব্যৱহাৰ কৰিব লগা হয়। কিন্তু ৰোগীৰ বাবে ই অত্যধিক ব্যয় বহুল হৈ পৰিব পাৰে। কাৰণ বাকী যিবোৰ চিকিৎসা পদ্ধতি, এইবোৰ বদলাব লগা হয়, যিটো হয়তো খৰচী হব পাৰে, অথবা হাই ডৰ্জ এন্টিবায়টিকছৰ দাম বেছি হব পাৰে। আৰু ইয়াৰ পৰা চাইদইফেক্টছও হব পাৰে বা ই টকচিক হব পাৰে। গতিকে যিকোনো প্ৰকাৰে এই ব্যৱস্থা ৰোগীৰ বাবে অসুবিধানক হব পাৰে।

প্ৰতিৰোধ ক্ষমতা আধাৰত বেক্টেৰীয়াক MDR, XDR, TDR আদি ভাগত ভাগ কৰা হয়।

anti-biotic-resistance 

টিউবাৰ কোলছিচচৰ ক্ষেত্ৰত আপোনালোকে কেতিয়াবা নিশ্চয় শুনিছে MDR TB, ইয়াৰ অৰ্থ হল MULTIDRUG RESISTENT

যেতিয়া সাধাৰনতে ব্যৱহাৰ হোৱা TB বেমাৰৰ দৰবে কাম নকৰা হয়। সাধাৰণ দৰববোৰৰ বিপক্ষে TB  বেমাৰৰ বিজাণুৱে প্ৰতিৰোধ ক্ষমতা গঢ়ি লয়, তেতিয়া তাক MDR বা MULTIDRUG RESISTENT TB বুলি কোৱা হয়। TB ক্ষেত্ৰত এই সমস্যা অতি ব্যাপক ভাৱে দেখা গৈছিল।

XDR – Extensively drug resistant

TDR - Totally drug resistant য'ত কোনো ধৰণৰ ঔষধে কাম নিদিয়া হয়, তেনে অৱস্থাটোক TDR বুলি কোৱা হয়।

বেক্টেৰীয়াই প্ৰতিৰোধ কেনেকৈ সৃষ্টি হয়?

দুই ধৰণে বেক্টেৰীয়াই প্ৰতিৰোধ ক্ষমতা লাভ কৰিব পাৰে, প্ৰাকৃতিক ভাৱে অথবা MUTATION বা জিনৰ চৰিত্ৰ পৰিৱৰ্তন কৰি।

 চিকিৎসা বিজ্ঞানত প্ৰায় ১০০ বছৰৰ পূৰ্বৰে পৰাই এন্টিবায়টিকছ ব্যৱহাৰ কৰি অহা হৈছে।

যেতিয়া বেক্টেৰীয়া বা জীৱাণুবোৰৰ বাবে এন্টিবায়টিকছ দিয়া হয়। তেতিয়া যিবোৰ শক্তিশালী অণুজীৱ বা বেক্টেৰীয়া থাকে তাৰ ১০০ ভিতৰত ৯৫ শতাংশৰেই মৃত্যু হব। কিন্তু তাৰে দুই চাৰিটা বাছি যাব। আৰু যি ২-৪ টা বাছি গল সেই কেইটাই হয়টো জীনৰ পৰিৱৰ্তণ কৰি বাছি থাকিব পৰা ক্ষমতা আহৰণ কৰি লৈছে। নহলে সেই কেইটাৰ ইতিমধ্যে ইয়াৰ প্ৰতিৰোধী ক্ষমতা আগৰ পৰাই আছিল।

এই যি ২-৪ টা বেক্টেৰীয়া বাছি গল সেই কেইটাই পৰৱৰ্তী সময়ত বংশ বিস্তাৰ কৰি ব্যাপক ভাবে প্ৰসাৰ হব আৰু পৰৱৰ্তী সময়ত এই বোৰে এন্টিবায়টিকছৰ প্ৰতিৰোধী ক্ষমতা গোটাই লব।

এতিয়া এই এন্টিবায়টিক প্ৰতিৰোধী ক্ষমতা ওপৰত বিজ্ঞানী সকলে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা ও গৱেষণা অব্যাহত ৰাখিছে, আৰু ইতিমধ্যে তেওঁলোকে কিছুমান এন্টিবায়টিকছ বছাই ৰাখিছে যাতে একেবাৰে সংকটপূৰ্ণ সময়ত এইবোৰ প্ৰয়োগ কৰিব পৰা যায়।

কিন্তু যোৱা ৪০ বছৰ ধৰি এই যি বোৰ এন্টিবায়টিকছ ব্ৰহ্মা অস্ত্ৰৰ দৰে সাঁচি ৰখা হৈছিল এই বোৰৰো প্ৰতিৰোধী ক্ষমতা এই বেক্টেৰীয়াবোৰে অৰ্জন কৰি লৈছে, যিটো সিকিৎসা বিজ্ঞানী সকলৰ বাবে এক নতুন প্ৰত্যাহ্বান ৰুপে পৰিগণিত হৈছে।

এতিয়া আহো ইয়াৰ কোভিড-১৯ ৰ সম্পৰ্কলৈঃ

কোভিড-১৯ ত সাধাৰনতে আমাৰ হাওঁফাওঁত সংক্ৰমন ঘটে, ই এক প্ৰকাৰৰ সংক্ৰমিত ৰোগ হয়। নিমোনীয়া সৃষ্টি কৰে। এই নিমোনীয়া আৰু হাওফাওঁ সংক্ৰমন অন্য বহু ধৰণৰ বেক্টেৰীয়া বাবেও হয়। আৰু তাৰ কাৰণে চিকিৎসকে যাতে অন্য বেক্টেৰিয়াৰ বাবে নিমোনিয়া হব নোৱাৰে তাৰ বাবে ICU ত থকা ৰোগী সকলক সুৰক্ষা জনীত কৰণত এন্টিবায়টিকছ ব্যৱহাৰ কৰা হৈছে। । প্ৰায় ৯০ শতাংশ ৰোগীক এনেধৰণৰ এন্টিবায়টিকছ ব্যৱহাৰ কৰা হৈছে বুলি এক অধ্যয়নত প্ৰকাশ হৈছে। গতিকে ৯০ শতাংশ ৰোগীক এন্টিবায়টিক দিয়া হৈছে।

[caption id="attachment_4433" align="alignleft" width="414"]antibiotic-resistance 

আপোনালোকেটো শুনিছেই আমেৰিকা ৰাষ্ট্ৰপতি ডনাল্ড টাম্পেতো হাইড্ৰক্সিক্লৰকুইনৰ সৈতে এজিনথ্ৰমাইছিল  খাবৰ বাবে উপদেশ দিছিল কৰোনা প্ৰতিৰোধৰ বাবে। আৰু এই AZINTHROMYCIN এক গুৰুত্বপূৰ্ণ এন্টিবায়টিকছ। আৰু আপোনালোকে সকলোৱে গমপাইছেই যে, ডনাল্ড ট্ৰাম্পে হাইড্ৰঅক্সিক্লুৰকুইন আৰু AZINTHROMYCIN   লবলৈ কোৱা পাঁচ দিনমানৰ ভিতৰত বিশ্বৰ বিভিন্ন প্ৰান্তত মানুহে এই টেবলেত অভাৰ দৌজ লৈ মৃত্যু হোৱাৰ খবৰ আহিছিল।

কোভিড-১৯ ৰ বাবে আমাৰ হাওঁফাওঁ আৰু দেহো দূৰ্ব্বল হৈ যায়, আৰু ৰোগীৰ অন্য বেলেগ সংক্ৰমণৰ সম্ভাৱনাই দেখা দিয়ে। ১৯১৮ চনত যেতিয়া স্পেনিছ ফ্লু হৈছিল তোতিয়াও এনে সমস্যাৰ সৃষ্টি হৈছিল।

ফ্লুত আক্ৰান্ত হোৱাৰ সপ্তাহ দহ দিনৰ পিছতেই অন্য সংক্ৰমণৰ কাৰনে মানুহৰ মৃত্যু হৈছিল। সেই সময়ত যিহেতু এন্টিবায়টিকছ নাছিল গতিকে  মৃত্যুৰ হাৰো ব্যাপক আছিল। শেহতীয়া যি অধ্যয়ন চলোৱা হৈছিল। তাতে দেখা গৈছিল যে স্পেইনিছ ফ্লুত যি ৫-১০ কোটি মানুহৰ মৃত্যুৰ হৈছিল, সেই সকল SECONDRY INFFRACTION ৰ বাবে মৃত্যু হৈছিল। ৰোগৰ সংক্ৰমণৰ বাবে যি SECONDERY INFECTION হয়। সেই সংক্ৰমণ কিন্তু ভয়ানক হয়।

অতি সম্প্ৰত্তি চীনৰ ওহানৰ দুখন চিকিৎসালয়ত ১৯১ জন ৰোগীৰ ওপৰত চলোৱা এক অধ্যয়নত পোৱা গল ইয়াৰ ১৫ শতাংশ ৰোগীৰ চেকেণ্ডাৰী ইনফেকচন হৈছে। আৰু ইয়াৰ আধা সংখ্যক ৰোগীৰ পিছত মৃত্যু ঘটিল, আৰু ফ্ৰান্সতো দেখা গল একে সমস্যা, একে সমস্যা ইটালিতো হৈছে।

ইউৰুপীয়ান ইউনিয়নৰ এক তথ্যত এন্টিবায়টিক ৰেজিষ্টেন্স সম্পৰ্কত কোৱা হৈছে যে, এন্টিবায়টিকছ ৰেজিষ্টেন্সৰ বাবে সমগ্ৰ ইউৰোপত ৩৩,০০০ হেজাৰ লোকৰ মৃত্যু হৈছিল আৰু ইয়াৰে ১১,০০০ হেজাৰ ইটালী আছিল। সমগ্ৰ ইউৰোপত ইটালী নম্বৰ প্ৰথমতেই আছে।

যেতিয়া কোভিড-১৯ৰ ইউৰোপৰত প্ৰথম আৰম্ভ হল সকলোতকৈ বেছি মৃত্যু প্ৰথম অৱস্থাত ইটালিতে হৈছিল। গতিকে antibiotics ৰেজিষ্টেন্সৰ সৈতে ইয়াৰ সম্পৰ্ক থাকিবও পাৰে। এই সম্পৰ্কত গবেষণা চলি আছে, এতিয়ালৈকে নিশ্চিত হোৱা নায়।

বেক্টেৰীয়া এন্টিবায়টিকছ ৰেজিষ্টেন্ট হোৱাৰ বিপৰিতে কিন্তু আমি ইয়াৰ নতুন এন্টিবায়টিকছ উদ্ভাৱন কৰিব নোৱাৰাতো এক সমস্যা ৰূপে পৰিগণিত হৈছে।

আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে বিগত বহু বছৰ ধৰি নতুন নতুন এন্টিবায়টিক উদ্ভাৱনৰ কোনো ধৰণৰ ভাল গৱেষণা আমাৰ দেশত একেবাৰে নোহোৱাৰ দৰেই হৈছে। কাৰণ ই ইমান লাভদায়ক ব্যৱসায় যি হেতু নহয়, খৰচ বেছি আৰু তাৰ বিপৰীতে লাভ একেবাৰে কম।  ইয়াক গৱেষণা কৰি এক নতুন এন্টিবায়টিকছ প্ৰস্তুত কৰিবৰ বাবে ১০-১৫ বছৰ সময় লাগি যায়, কিন্তু ১০-১৫ বছৰ ভিতৰত ইউ ৰেজিষ্টেন্ট হৈ যায়, গতিকে ইয়াৰ গৱেষণাও কম হোৱাটো স্বাভাৱিক কথা।

বহু বিশেষজ্ঞই ইতিমধ্যে সাৱধান বানী শুনাইছে যে কোভিড-১৯ ৰ বাবে বিশ্বত যি এন্টিবায়টিকছ ব্যাপক প্ৰয়োগ হৈছে ই কিন্তু ভৱিষ্যতৰ বাবে সমস্যা সৃষ্টি কৰিব আৰু দ্বিতীয় মহামাৰীৰ বাট প্ৰসস্ত কৰিব পাৰে। বৰ্তমান যিহেতু প্ৰতিবছৰে এন্টিবায়টিকছ ৰেজিষ্টেন্সৰ বাবে ৭ লাখ লোকৰ মৃত্যু হয়। গতিকে অকাৰণে এন্টিবায়টিকছ ব্যৱহাৰ কৰিলে অনাগত ভৱিষ্যতে এক ভয়াবহ সমস্যাৰ সন্মুখীন হব।

গতিকে সকলোকে অনুৰোধ কৰিম যধে মধে এন্টিবায়টিকছ ব্যৱহাৰ নকৰিব।

এক অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি ২০৫০ লৈকে প্ৰতি বছৰত ১০ মিলিয়ন অৰ্থাত ১ কোটি লোক এন্টিবায়টিক ৰেজিষ্টেনৰ বাবে মৃত্যু হব।

No comments:

Post a Comment

Thanks