Dr Haris Well future : May 2021

Wednesday, May 5, 2021

কেঁচা জলকীয়াৰ উপকাৰীতা

কেঁচা জলকীয়াৰ উপকাৰীতা

জলকীয়াত খাদ্যৰ খোৱাদবঢ়োৱাত অতুলনীয় ভূমিকা আছে। বহুব্যক্তিৰ ক্ষেত্ৰতে দেখা যায় জলকীয়াৰ অবিহনে খাদ্য গ্ৰহণেই যেন অসম্পূৰ্ণ।

জলকীয়াৰ-ঔষধী-গুণ

জ্বলা স্বাদ যুক্ত এই জলকীয়াই আমাৰ শৰীৰক বহু ৰোগৰ পৰা বছাই ৰাখিব পাৰে। জলকীয়াই আমাৰ শৰীৰৰক কিদৰে সহায়কৰে আৰু ইয়াৰ প্ৰয়োগ কেনেধৰণে কৰিব লাগে জানো আহক।

জলকীয়াত পোৱা উপাদান আৰু ইয়াৰ উপকাৰীতাঃ-

ডায়েটেৰি ফাইভাৰ
থিয়ামিন
ৰাইব’ফ্লবিন
নিয়েচিন
ফলিক এচিড
আইৰণ
মেংগানিজ আৰু ফছফৰাছ।

এই সকলোবোৰ উপাদানেই দেহৰ পক্ষে বৰ উপকাৰী উপাদান।

কেঁচা জলকীয়া দৈনিক দুটাকৈ গ্ৰহনে শৰীৰত কেনেধৰণৰ উপকাৰীতা প্ৰদান কৰে জানো আহক।

জলকীয়াৰ-ঔষধী-গুণকেছাঁ জলকীয়াই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিঃ-

দৈনিক দুটাকৈ কেঁচা জলকীয়া গ্ৰহণ কৰি আমাৰ শৰীৰক যিকোনো ৰোগ হোৱাৰ পৰা দূৰৈত ৰাখিব পাৰি।

কাৰণ জলকীয়াত ভিটামিন C, বিটাকেৰ’টিন, এন্টিঅক্সিডেন্টৰ পৰীমাণ অধিক মাত্ৰাত পোৱা যায়। যি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক অধিক শক্তিশালী কৰি ৰখাত সহায় কৰে।

ভিটামিণ C য়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে সম পৰিমাণে দৃস্তি শক্তিৰ উন্নতি আৰু চালখনক উজ্জল কৰি ৰখাত অতুলনীয় অৱদান আগবঢ়ায়।

কেছাঁ জলকীয়াই মানসিক চাপঃ-

সানসিক-চাপ

বহু ব্যক্তি মানসিক চাপৰ সমস্যাত ভূগা পৰিলক্ষিত হয়। প্ৰাকৃতিক ভাৱে উপলব্ধ এই কেঁচা জলকীয়া সেৱন কৰিওঁ এই মানসিক চাপৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। কাৰণ এই কেঁচা জলকীয়া সেৱন কৰিলে শৰীৰৰ এণ্ডৰ’ফিন নামৰ হ’ৰমণৰ ক্ষৰণ বৃদ্ধি পায় আৰু তাৰ ফলত মন প্ৰফুল্ল থকাত সহায়ক হয় আৰু ক্ৰমান্বয়ে এই মানসিক চাপ দূৰ হবলৈ ধৰে।

কেছাঁ জলকীয়াই কেন্সাৰৰ পৰা দূৰৈত ৰাখেঃ-

স্তন কেন্সাৰ বা ব্ৰেস্ট কেন্সাৰ কেনেকৈ চিনাক্ত কৰিব ?কেঁচা জলকীয়াত অতিৰিক্ত মাত্ৰাত এন্টিঅক্সিডেন্টৰ গুণ থাকে আৰু এই এন্টিঅক্সিডেন্টে আমাৰ শৰীৰৰত থকা অলাগতীয়াল তথা ক্ষতিকাৰক টক্সিন সমূহ বাহিৰ কৰাত সহায় কৰে। তাৰ ফলত কেন্সাৰৰ চেল গঠন হোৱাত বাধা প্ৰদান কৰে আৰু আমাৰ শৰীৰক কেন্সাৰ ৰোগৰ পৰা দূৰত ৰাখাত সহায় কৰে।

কেছাঁ জলকীয়াই হাৰ্ট ভালে ৰাখেঃ-

[caption id="attachment_4050" align="alignnone" width="1000"]হাৰ্ট-এটেক হাৰ্ট[/caption]

নিয়মিত দুটাকৈ কেঁচা জলকীয়া সেৱন কৰিলে আমাৰ হাৰ্ট ভালে থকাত সহায়ক হয়। জলকীয়াত থকা উপকাৰী উপাদান সমূহে তেজত থকা অপকাৰী কলেষ্টৰেলৰ মাত্ৰা কমায়। ট্ৰাইগ্লিচাৰাইড যাতে নিয়ন্ত্ৰণতো সহায় কৰে কেচাঁ জলকীয়াই। জলকীয়া সেৱনে হাৰ্ট এটেকৰ সমস্যাৰ পৰাওঁ দূৰৈত ৰাখিব পাৰে।

কেছাঁ জলকীয়াই চাইনোচাইটিচৰ যন্ত্ৰনা কমায়ঃ-

ইউৰিন-ইনফেকচন

জলকীয়াত পোৱা অন্য এবিধ উপাদান হৈছে কেপচাইচিন (Capsaicin) অৰ্থাৎ জলকীয়াৰ জলা গুণ যাৰ বাবে জলকীয়া জলা হয়। জলকীয়াত পোঁৱা কেপচাইচিন শৰীৰৰ বাবে বৰ উপকাৰী। এই জলকীয়া দেহৰ আভ্যন্তৰলৈ প্ৰবেশ কৰাৰৰ লগে লগে মিউকাচ মেমব্ৰেনৰ ৰক্তৰ প্ৰবাহ বাঢ়ি যায় আৰু তাৰ ফল স্বৰুপে চাইনোচাইটিছৰ যি অসয্য়কৰ যন্ত্ৰনা দ্ৰুত গতিত কমায় আৰু তিব্ৰ যন্ত্ৰনাৰ পৰা উপষম পাব পাৰি। ইয়াৰ বাহিৰেও জলকীয়াই তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰন কৰাত মুখ্য ভূমকা পালন কৰে। সেয়েহে ডায়েবেটিছ ৰোগীৰ বাবেওঁ জলকীয়া উপকাৰী।hi I am Dr Hari

লাইপমা LIPOMA


আজি আমি আলোচনা কৰিম মানুহৰ গাত হোৱা এবিধ টেমুনাৰ বিষয়ে। বহু মানুহৰ দেখা যায় দেহৰ কোনো কোনো অংগত সৰু সৰু টেমুনা থাকে, যেনে-হাত, ডিঙি, কপাল, অথবা পেট, পিঠি আদিত। আৰু এই টেমুনাক লৈ ব্যক্তিজন বহু সময়ত দূৰ্ভাৱনাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়।

গতিকে আজি আমি আলোচনা কৰিম-

কি এই টেমুনা?

কিয় হয়?

এই টেমুনাৰ পৰা কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে নেকি?

লিপমা-কিয়-হয় 

আৰু হোমিঅ’পেথিক মেডিচিনৰ বিষয়েও আপোনালোকক জনাম। যিবোৰ গ্ৰহণ কৰি আপোনি এই সমস্যাৰ পৰা মুক্ত হ’ব পাৰিব।

আচলতে এই সমস্যাটোক লাইপমা বুলি কোৱা হয়। লাইপমা হল এক ছৰ্বিযুক্ত ফোলা অংশ যিতো নেকি সুওব লাহে লাহে ডাঙৰ হয়। ই সাধাৰণতে মাংসপেশীৰ ওপৰত আৰু চালৰ তলত হয়। ইয়াক আমি হাতেৰে টিপি দিলে লৰচৰ হৈ থাকে। আৰু ইয়াত প্ৰায় দেখা যায় বিষহীন, বিষ নাথাকে। কোনো কোনো ক্ষেত্ৰত কেতিাবা ১/২% বিষ হোৱা দেখা যায়।

সাধাৰণতে এই লাইপমাৰ আকাৰ ১ ছেঃমিঃ ত কৈ কম হয়। কিন্তু কোনো কোনো ব্যক্তিৰ ৫ৰ পৰা ৬ ছেঃমিঃ প্ৰৰ্য়ন্ত বা তাতকৈ ডাঙৰো হোৱা দেখা যায়।

লাইপমা কাৰ হোৱাৰ সম্ভাৱনা থাকে?

যিকোনো বয়সৰ লোকৰে লাইপমা হ’ব পাৰে। বিশেষকৈ ৪০-৫০ বছৰ বয়সৰ লোকৰ গাত এই লাইপমা বেছি হোৱা দেখা যায়। শিশুৰ গাতো লাইপমা হোৱা দেখা যায়।

লাইপমাৰ পৰা কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে নেকি?

আমি এনেকুৱা বহু লোক পাওঁ তেওঁলোকে গাত থকা এই লাইপমাৰৰ বাবে আমাৰ ওচৰত আহে আৰু চিন্তিত হোৱাৰ কথা কয়, যে তেওঁৰ এই সমস্যাৰ পৰা কেঞ্চাৰ হ’ব নেকি?

আচলতে এই লাইপমা নন কেন্সাৰাচ হয়, অৰ্থাৎ কেন্সাৰৰ সম্ভাৱনা একেবাৰেই কম। কেতিয়াবা 0.0১% ৰ কৰবাত কেনেবাকৈ কেন্সাৰ হ’ব পাৰে। যদি তেনে ধৰণৰ সম্ভাৱনা দেখা যায় তেতিয়া চিকিৎসকে এই টেমুনাৰ পৰা অলপমান মাংস কাটি উলিয়ই বায়পছি কৰাবলৈ দিয়ে। যদি কেন্সাৰৰ কোষ থাকে তেনে হলে ই ধৰা পৰে।


লাইপমা কিয় হয় ?

ইয়াৰ সঠিক কাৰণ এটিয়াও জানিব পৰা হোৱা নাই। তথাপিও ইয়াৰ কিছুমান কাৰণ নিৰ্ধাৰণ কৰা হৈছে। যেনে-

জেনেটিক কাৰণঃ- যদি ককাক-আইটাকৰ বা মাক-দেউতাৰ আছিল তেনে হলে সতি-সন্ততিৰো এই লাইপমা হোৱাৰ সম্ভাৱনা থাকে।

অত্যাধিক শকত-আৱত মানহ বা অত্যাধিক মেডবহুল মানুহ আৰু বহুত শকত আছিল কিন্তু পিছত শিনাই গ’ল তেনে লোকৰো লাইপমা হ’ব পাৰে।

বেছি জিম কৰা যুৱক-যুৱতীৰো এই লাপমা হোৱাৰ সম্ভাৱনা থাকে। বিশেষকৈ যিসকলে বিভিন্ন ধৰণৰ ব্যায়াম কৰি থকাৰ পিছত একেবাৰে এৰি দিয়ে তেনে লোকৰ এইসমস্যা বেছি হোৱা দেখা যায়।

লাইপমাৰ চিকিৎস্যালৈঃ-

এই লাইপমাৰ হোমিঅ’পেথিকত সুওব সুন্দৰ চিকিৎস্যা আছে। হোমিঅ’পেথিক ঔষধৰ দ্বাৰা এই লাইপমা সহজতে গলাই দিব পৰা হয়।

হোমিঅ-পেথিক-চিকিৎসাএইখিনিতে মই এটা উদাহৰণ দিব খুজিছো মোৰ সম্বন্ধীয় এজন ককাইদেউ আহিচিল মোৰ ওচৰলৈ তেখেঁতৰ কান্ধৰ ঠিক উপৰতে ৩ টা মান লাইপমা আছিল আৰু মোক লৈ যাব আহিছিল চাৰ্জাৰী ডাক্তৰৰ ওচৰলৈ জাবৰ বাবে। মই চাই তেওঁক দুটা মেডিচিন দিলো ১৫/২০ দিনৰ পিছত জনালে গুটিকেইটা ফাটি ওলাই আহিল আজিওঁ তেওঁৰ বেলেগ টেমুনাৰ সৃষ্টি হোৱা নাই তেখেঁতক মই  হোমিঅ’পেথিককৰ HEPER SULPHUR 30 আৰু SILICIA 30 ঔষধ দুটা দিছিলো।

lapis albus 3x লিপমাৰ এক উতকৃষ্ট ঔষধ লাইপমা যেতিয়া গোটেই গাতে হয়। এনেকুৱা মামুহ দেখা যায় গোটেই গাতে লাইপমাৰটেমুনা থাকে চিকিৎসকে যেতিয়া কাটিবলৈ অসুবিধা হয় তেতিয়া এইঔষধ ব্যৱহাৰ কৰিব লাগে।এই ঔষধৰ ২০০ শক্তি ৩বাৰকৈ ব্যৱহাৰ কৰিব।

calcarea fluorica 200 অতি উৎকৃষ্ট মেডিচিন। যিকোনো ধৰণৰ টেমুনা যদি অলপ অলপ টান হয় তেতিয়া অতি সোনকালে কাম কৰে।

Tthuja200 যিকোনো ধৰণৰ অতি বৃদ্ধি ৰোধ কৰি স্বাভাৱিক অৱস্থালৈ অনাত সহায় কৰে।

BELLADONA 200 যদি বিষ থাকে তেনে হ’লে এই ঔষধ ব্যৱহাৰ কৰিব।

Phytolacca 200 দেহৰ অতিবৃদ্ধিৰ লগতে লাইপমা থকিলে Phytolacca ব্যৱহাৰ কৰিব পাৰে। ২০০ ক্ষমতাৰ দিনে ৩বাৰ calcarea carb 200, baryta carb 200, sulphur200, bromium200.

Tuesday, May 4, 2021

লৰা সন্তান কেনেকৈ জন্ম হয়?

লৰা সন্তান কেনেকৈ জন্ম হয়?

মানুহে বিয়া পাতে এখন সূখৰ সংসাৰ গঢ়িবলৈ।কিন্তু একেৰাহে কণ্যা সন্তান জন্ম হলে অৰ্ধাঙ্গিনীৰ ওপৰত চলাই অত্যাচাৰ ‌। কিন্ত ইয়াৰ বাবে দায়ী কোন ?

[caption id="attachment_4440" align="alignleft" width="276"]লৰা-সন্তান-কেনেকৈ-জন্ম-হয় লৰা সন্তান কেনেকৈ জন্ম হয়?[/caption]

ইয়াৰ বাবে দায়ী পুৰুষ "তত্ৰশুক্ৰবাহুল্যাত পুমান , আৰ্তৱ বাহুল্যাত স্ত্ৰী "। অৰ্থাৎ শুক্ৰৰ বা Yক্ৰমজম বাহুল্যতাৰ বাবে ল'ৰা হয় আৰু আৰ্তব বা X ক্ৰমজম বাহুল্যতাৰ কাৰণে ছোৱালী সন্তান হয়।

এজন মানুহৰ শৰীৰত ৪৬ ক্ৰমজম থাকে।ইয়াৰে ৪৪ দৈহিক ক্ৰমজম (Autosomes) আৰু দুটা লিঙ্গ ক্ৰমজম (Sex Chromosomes)। এটা

সন্তানে মাক আৰু দেউতাকৰ প্ৰত্যেকৰ পৰা ২৩ ক্ৰমজম পায়। ইয়াৰে ২২ দৈহিক ক্ৰমজম আৰু এটা লিঙ্গ ক্ৰমজম। দৈহিক ক্ৰমজমবোৰ দেখাত একেধৰণৰ। কিন্ত লিঙ্গ ক্ৰমজম দেখাত আৰু কাৰ্যক্ষেত্ৰত দূই ৰকমৰ। কিছুমান লিঙ্গ ক্ৰমজম দেখিবলৈ ইংৰাজী এক্স আখৰটোৰ দৰে বাবে X ক্ৰমজম বোলে আৰু কিছুমান দেখিবলৈ ওৱাই আখৰটোৰ দৰে বাবে Y ক্ৰমজমবোলে। এক্স ক্ৰমজমক স্ত্ৰী ক্ৰমজম আৰু ওৱাই ক্ৰমজমক পূৰুষ ক্ৰমজম বোলে। স্ত্রীৰ ডিম্বত ২২ টা দৈহ ক্ৰমজম আৰু আৰু সদায় এক্স ক্ৰমজমহে থাকে যদিও স্ত্ৰীৰ এক্স ক্ৰমজম লিঙ্গ নিৰ্ণয়ৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা পালন নকৰি সদায় নিৰপেক্ষ হৈ থাকে। আনহাতে শুক্ৰত ২২ দৈহিক ক্ৰমজম আৰু ১ টা লিঙ্গক্ৰমজম এক্স বা ওৱাই থাকে। সন্তানৰ লিঙ্গ নিৰ্ণয় পূৰষৰ এক্স বা ওৱাই ক্ৰমজমৰ ওপৰত নিৰ্ভৰ কৰিহে হয়। তলত ইয়াৰ উদাহৰণ দিয়া হৈছে।

[caption id="attachment_4441" align="alignnone" width="1200"]লৰা-সন্তা-হয়ন-কেনেক লৰা সন্তান কেনেকৈ জন্ম হয়?[/caption]

(ক) মাকৰ ক্ৰমজম 22X আৰু দেউতাকৰ ক্ৰমজম 22X হ'লে সন্তানৰ ক্ৰমজম 44XX হোৱা বাবে সন্তান ছোৱালী হয়।

(খ) মাকৰ ক্ৰমজম 22X আৰু দেউতাকৰ ক্ৰযজম 22Y সন্তানৰ ক্ৰমজম 44XY হোৱ বাবে সন্তান ল'ৰা হয়।

এতিয়া দেখা গৈছে যে সন্তান লৰা হ'বনে ছোৱালী হ'ব সেইটো সম্পূৰ্ণৰূপে শুক্ৰৰ লিঙ্গ ক্ৰমজমৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু আমাৰ সমাজত অজ্ঞাতাবশত: ছোৱালী সন্তান জন্মৰ বাবে ঘৈণীয়েক দোষাৰোপ কৰা হয়।

 

Antibiotic Resistance due to covid-19

Antibiotic  Resistance  due  to  covid-19

anti-biotic-resistance antibiotic[/caption]

বতমাৰ্ন আপোনালোকে হয়তো দেখিছে বা বহু লোকে নিজেওঁ এনেকুৱা ধৰণৰ সমস্যাত ভূগিছে যে গাত খৰ খজুৱতী আদি সমস্যাই ব্যক্তিজনক যথেষ্ট অসুবিধাত পেলাইছে।

বহু ৰোগী আমি পাওঁ যি সকলে এনে ধৰনৰ সমস্যালৈ আমাৰ উচৰলৈ আহে আৰু কয় দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণৰ এন্টিবায়টিকছ ব্যৱহাৰ কৰিছে যদিওঁ কিন্তু চালৰ এই সমস্যা সমূহৰ পৰা কোনো প্ৰকাৰে উপক্ষম পাবলৈ সক্ষম হোৱা নায়।

অৰ্থাৎ কোনোধৰণৰ এন্টিবায়টিকছে কাম কৰা নাই। মানে তেখেঁত সকল ইতিমধ্যে এন্টিবায়টিকছ ৰেজিষ্টেন্স হৈ গৈছে।

এন্টিবায়টিকছ ৰেজিষ্টেন্স বৰ্তমান বিশ্বৰ এক ভয়াবহ সমস্যাৰূপে পৰিগণিত হৈছে আৰু বৰ্তমান কোভিড ১৯ এ এই সমস্যা দুগুন বৃদ্ধি কৰিব। কেনেকৈ বৃদ্ধি কৰিব তাৰ বিষয়ে আমি আলোচনা কৰিম।

কোভিড-১৯ ৰ সংক্ৰমনৰ আগৰেপৰাই এন্টিবায়টিকছ ৰেজিষ্টেন্স সমস্যা চিকিৎসা বিজ্ঞানৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান ৰূপে থিয় দিছে। ইয়াৰ মূখ্য কাৰণ হল বৰ্তমান সময়ত আমাৰ হাতত বেছি এন্টিবায়টিকছ নাই আৰু যি কেইটা আছে সেই কেইটাও আমাৰ মানুহক সংক্ৰমিত কৰা যি বোৰ বেক্টেৰিয়া আছে এই বোৰে এই এন্টিবায়টিকছৰ প্ৰতিৰধ ক্ষমতা গঢ়ি তুলিছে।

এই এন্টিবায়টিকছ ৰেজিষ্টেন্স যি ইতিমধ্যে প্ৰত্যাহ্বান স্বৰুপ হৈ পৰিছে।  কোভিড -১৯ য়ে এই সমস্যা আৰু তীব্ৰতৰ কৰি তুলিব পাৰে।

এন্টিবায়টিকছ ৰেজিষ্টেন কাক বোলে?

চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক কোৱা হয় এন্টিমাইক্ৰবিয়েল ৰেজিষ্টেন্স। মাক্ৰবচৰ (Microbes) ভিতৰত বেক্টেৰীয়া, ভাইৰাচ, ফাংগাই, পটযোৱা এই সকলোবোৰেই পৰে। এই সলোবোৰেই আমাৰ দেহত ৰোগৰ সৃষ্টি কৰে। আৰু এই বোৰ যেতিয়া এন্টিবায়টিকছৰ প্ৰতি ৰেজিষ্টেন্স হৈ যায় তাকে AMR  বা এন্টিবায়টিকছ ৰেজিষ্টেন্স বোলা হয়।

 আৰু যেতিয়া আমাৰ বেমাৰ হব বেক্টেৰীয়া বাবে, তেতিয়া আৰু এন্টিবায়টিকছে কাম নকৰিব কাৰণ ইতিমধ্যে এই বেক্টেৰীয়াই এন্টিবায়টিকছ প্ৰতিৰোধী ক্ষমতা আহৰণ কৰি লৈছে।

 আৰু যেতিয়া এটা এন্টিবায়টিকছৰ প্ৰতিৰোধ গঢ়ি লয় তেতিয়া বেলেগ এন্টিবায়টিকছ প্ৰয়োগ কৰিব লগা হয়, বা সেই এন্টিবায়টিকছৰ উচ্চ ক্ষমতাৰ ড'জ ব্যৱহাৰ কৰিব লগা হয়। কিন্তু ৰোগীৰ বাবে ই অত্যধিক ব্যয় বহুল হৈ পৰিব পাৰে। কাৰণ বাকী যিবোৰ চিকিৎসা পদ্ধতি, এইবোৰ বদলাব লগা হয়, যিটো হয়তো খৰচী হব পাৰে, অথবা হাই ডৰ্জ এন্টিবায়টিকছৰ দাম বেছি হব পাৰে। আৰু ইয়াৰ পৰা চাইদইফেক্টছও হব পাৰে বা ই টকচিক হব পাৰে। গতিকে যিকোনো প্ৰকাৰে এই ব্যৱস্থা ৰোগীৰ বাবে অসুবিধানক হব পাৰে।

প্ৰতিৰোধ ক্ষমতা আধাৰত বেক্টেৰীয়াক MDR, XDR, TDR আদি ভাগত ভাগ কৰা হয়।

anti-biotic-resistance 

টিউবাৰ কোলছিচচৰ ক্ষেত্ৰত আপোনালোকে কেতিয়াবা নিশ্চয় শুনিছে MDR TB, ইয়াৰ অৰ্থ হল MULTIDRUG RESISTENT

যেতিয়া সাধাৰনতে ব্যৱহাৰ হোৱা TB বেমাৰৰ দৰবে কাম নকৰা হয়। সাধাৰণ দৰববোৰৰ বিপক্ষে TB  বেমাৰৰ বিজাণুৱে প্ৰতিৰোধ ক্ষমতা গঢ়ি লয়, তেতিয়া তাক MDR বা MULTIDRUG RESISTENT TB বুলি কোৱা হয়। TB ক্ষেত্ৰত এই সমস্যা অতি ব্যাপক ভাৱে দেখা গৈছিল।

XDR – Extensively drug resistant

TDR - Totally drug resistant য'ত কোনো ধৰণৰ ঔষধে কাম নিদিয়া হয়, তেনে অৱস্থাটোক TDR বুলি কোৱা হয়।

বেক্টেৰীয়াই প্ৰতিৰোধ কেনেকৈ সৃষ্টি হয়?

দুই ধৰণে বেক্টেৰীয়াই প্ৰতিৰোধ ক্ষমতা লাভ কৰিব পাৰে, প্ৰাকৃতিক ভাৱে অথবা MUTATION বা জিনৰ চৰিত্ৰ পৰিৱৰ্তন কৰি।

 চিকিৎসা বিজ্ঞানত প্ৰায় ১০০ বছৰৰ পূৰ্বৰে পৰাই এন্টিবায়টিকছ ব্যৱহাৰ কৰি অহা হৈছে।

যেতিয়া বেক্টেৰীয়া বা জীৱাণুবোৰৰ বাবে এন্টিবায়টিকছ দিয়া হয়। তেতিয়া যিবোৰ শক্তিশালী অণুজীৱ বা বেক্টেৰীয়া থাকে তাৰ ১০০ ভিতৰত ৯৫ শতাংশৰেই মৃত্যু হব। কিন্তু তাৰে দুই চাৰিটা বাছি যাব। আৰু যি ২-৪ টা বাছি গল সেই কেইটাই হয়টো জীনৰ পৰিৱৰ্তণ কৰি বাছি থাকিব পৰা ক্ষমতা আহৰণ কৰি লৈছে। নহলে সেই কেইটাৰ ইতিমধ্যে ইয়াৰ প্ৰতিৰোধী ক্ষমতা আগৰ পৰাই আছিল।

এই যি ২-৪ টা বেক্টেৰীয়া বাছি গল সেই কেইটাই পৰৱৰ্তী সময়ত বংশ বিস্তাৰ কৰি ব্যাপক ভাবে প্ৰসাৰ হব আৰু পৰৱৰ্তী সময়ত এই বোৰে এন্টিবায়টিকছৰ প্ৰতিৰোধী ক্ষমতা গোটাই লব।

এতিয়া এই এন্টিবায়টিক প্ৰতিৰোধী ক্ষমতা ওপৰত বিজ্ঞানী সকলে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা ও গৱেষণা অব্যাহত ৰাখিছে, আৰু ইতিমধ্যে তেওঁলোকে কিছুমান এন্টিবায়টিকছ বছাই ৰাখিছে যাতে একেবাৰে সংকটপূৰ্ণ সময়ত এইবোৰ প্ৰয়োগ কৰিব পৰা যায়।

কিন্তু যোৱা ৪০ বছৰ ধৰি এই যি বোৰ এন্টিবায়টিকছ ব্ৰহ্মা অস্ত্ৰৰ দৰে সাঁচি ৰখা হৈছিল এই বোৰৰো প্ৰতিৰোধী ক্ষমতা এই বেক্টেৰীয়াবোৰে অৰ্জন কৰি লৈছে, যিটো সিকিৎসা বিজ্ঞানী সকলৰ বাবে এক নতুন প্ৰত্যাহ্বান ৰুপে পৰিগণিত হৈছে।

এতিয়া আহো ইয়াৰ কোভিড-১৯ ৰ সম্পৰ্কলৈঃ

কোভিড-১৯ ত সাধাৰনতে আমাৰ হাওঁফাওঁত সংক্ৰমন ঘটে, ই এক প্ৰকাৰৰ সংক্ৰমিত ৰোগ হয়। নিমোনীয়া সৃষ্টি কৰে। এই নিমোনীয়া আৰু হাওফাওঁ সংক্ৰমন অন্য বহু ধৰণৰ বেক্টেৰীয়া বাবেও হয়। আৰু তাৰ কাৰণে চিকিৎসকে যাতে অন্য বেক্টেৰিয়াৰ বাবে নিমোনিয়া হব নোৱাৰে তাৰ বাবে ICU ত থকা ৰোগী সকলক সুৰক্ষা জনীত কৰণত এন্টিবায়টিকছ ব্যৱহাৰ কৰা হৈছে। । প্ৰায় ৯০ শতাংশ ৰোগীক এনেধৰণৰ এন্টিবায়টিকছ ব্যৱহাৰ কৰা হৈছে বুলি এক অধ্যয়নত প্ৰকাশ হৈছে। গতিকে ৯০ শতাংশ ৰোগীক এন্টিবায়টিক দিয়া হৈছে।

[caption id="attachment_4433" align="alignleft" width="414"]antibiotic-resistance 

আপোনালোকেটো শুনিছেই আমেৰিকা ৰাষ্ট্ৰপতি ডনাল্ড টাম্পেতো হাইড্ৰক্সিক্লৰকুইনৰ সৈতে এজিনথ্ৰমাইছিল  খাবৰ বাবে উপদেশ দিছিল কৰোনা প্ৰতিৰোধৰ বাবে। আৰু এই AZINTHROMYCIN এক গুৰুত্বপূৰ্ণ এন্টিবায়টিকছ। আৰু আপোনালোকে সকলোৱে গমপাইছেই যে, ডনাল্ড ট্ৰাম্পে হাইড্ৰঅক্সিক্লুৰকুইন আৰু AZINTHROMYCIN   লবলৈ কোৱা পাঁচ দিনমানৰ ভিতৰত বিশ্বৰ বিভিন্ন প্ৰান্তত মানুহে এই টেবলেত অভাৰ দৌজ লৈ মৃত্যু হোৱাৰ খবৰ আহিছিল।

কোভিড-১৯ ৰ বাবে আমাৰ হাওঁফাওঁ আৰু দেহো দূৰ্ব্বল হৈ যায়, আৰু ৰোগীৰ অন্য বেলেগ সংক্ৰমণৰ সম্ভাৱনাই দেখা দিয়ে। ১৯১৮ চনত যেতিয়া স্পেনিছ ফ্লু হৈছিল তোতিয়াও এনে সমস্যাৰ সৃষ্টি হৈছিল।

ফ্লুত আক্ৰান্ত হোৱাৰ সপ্তাহ দহ দিনৰ পিছতেই অন্য সংক্ৰমণৰ কাৰনে মানুহৰ মৃত্যু হৈছিল। সেই সময়ত যিহেতু এন্টিবায়টিকছ নাছিল গতিকে  মৃত্যুৰ হাৰো ব্যাপক আছিল। শেহতীয়া যি অধ্যয়ন চলোৱা হৈছিল। তাতে দেখা গৈছিল যে স্পেইনিছ ফ্লুত যি ৫-১০ কোটি মানুহৰ মৃত্যুৰ হৈছিল, সেই সকল SECONDRY INFFRACTION ৰ বাবে মৃত্যু হৈছিল। ৰোগৰ সংক্ৰমণৰ বাবে যি SECONDERY INFECTION হয়। সেই সংক্ৰমণ কিন্তু ভয়ানক হয়।

অতি সম্প্ৰত্তি চীনৰ ওহানৰ দুখন চিকিৎসালয়ত ১৯১ জন ৰোগীৰ ওপৰত চলোৱা এক অধ্যয়নত পোৱা গল ইয়াৰ ১৫ শতাংশ ৰোগীৰ চেকেণ্ডাৰী ইনফেকচন হৈছে। আৰু ইয়াৰ আধা সংখ্যক ৰোগীৰ পিছত মৃত্যু ঘটিল, আৰু ফ্ৰান্সতো দেখা গল একে সমস্যা, একে সমস্যা ইটালিতো হৈছে।

ইউৰুপীয়ান ইউনিয়নৰ এক তথ্যত এন্টিবায়টিক ৰেজিষ্টেন্স সম্পৰ্কত কোৱা হৈছে যে, এন্টিবায়টিকছ ৰেজিষ্টেন্সৰ বাবে সমগ্ৰ ইউৰোপত ৩৩,০০০ হেজাৰ লোকৰ মৃত্যু হৈছিল আৰু ইয়াৰে ১১,০০০ হেজাৰ ইটালী আছিল। সমগ্ৰ ইউৰোপত ইটালী নম্বৰ প্ৰথমতেই আছে।

যেতিয়া কোভিড-১৯ৰ ইউৰোপৰত প্ৰথম আৰম্ভ হল সকলোতকৈ বেছি মৃত্যু প্ৰথম অৱস্থাত ইটালিতে হৈছিল। গতিকে antibiotics ৰেজিষ্টেন্সৰ সৈতে ইয়াৰ সম্পৰ্ক থাকিবও পাৰে। এই সম্পৰ্কত গবেষণা চলি আছে, এতিয়ালৈকে নিশ্চিত হোৱা নায়।

বেক্টেৰীয়া এন্টিবায়টিকছ ৰেজিষ্টেন্ট হোৱাৰ বিপৰিতে কিন্তু আমি ইয়াৰ নতুন এন্টিবায়টিকছ উদ্ভাৱন কৰিব নোৱাৰাতো এক সমস্যা ৰূপে পৰিগণিত হৈছে।

আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে বিগত বহু বছৰ ধৰি নতুন নতুন এন্টিবায়টিক উদ্ভাৱনৰ কোনো ধৰণৰ ভাল গৱেষণা আমাৰ দেশত একেবাৰে নোহোৱাৰ দৰেই হৈছে। কাৰণ ই ইমান লাভদায়ক ব্যৱসায় যি হেতু নহয়, খৰচ বেছি আৰু তাৰ বিপৰীতে লাভ একেবাৰে কম।  ইয়াক গৱেষণা কৰি এক নতুন এন্টিবায়টিকছ প্ৰস্তুত কৰিবৰ বাবে ১০-১৫ বছৰ সময় লাগি যায়, কিন্তু ১০-১৫ বছৰ ভিতৰত ইউ ৰেজিষ্টেন্ট হৈ যায়, গতিকে ইয়াৰ গৱেষণাও কম হোৱাটো স্বাভাৱিক কথা।

বহু বিশেষজ্ঞই ইতিমধ্যে সাৱধান বানী শুনাইছে যে কোভিড-১৯ ৰ বাবে বিশ্বত যি এন্টিবায়টিকছ ব্যাপক প্ৰয়োগ হৈছে ই কিন্তু ভৱিষ্যতৰ বাবে সমস্যা সৃষ্টি কৰিব আৰু দ্বিতীয় মহামাৰীৰ বাট প্ৰসস্ত কৰিব পাৰে। বৰ্তমান যিহেতু প্ৰতিবছৰে এন্টিবায়টিকছ ৰেজিষ্টেন্সৰ বাবে ৭ লাখ লোকৰ মৃত্যু হয়। গতিকে অকাৰণে এন্টিবায়টিকছ ব্যৱহাৰ কৰিলে অনাগত ভৱিষ্যতে এক ভয়াবহ সমস্যাৰ সন্মুখীন হব।

গতিকে সকলোকে অনুৰোধ কৰিম যধে মধে এন্টিবায়টিকছ ব্যৱহাৰ নকৰিব।

এক অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি ২০৫০ লৈকে প্ৰতি বছৰত ১০ মিলিয়ন অৰ্থাত ১ কোটি লোক এন্টিবায়টিক ৰেজিষ্টেনৰ বাবে মৃত্যু হব।