কেঁচা জলকীয়াৰ উপকাৰীতা
জলকীয়াত খাদ্যৰ খোৱাদবঢ়োৱাত অতুলনীয় ভূমিকা আছে। বহুব্যক্তিৰ ক্ষেত্ৰতে দেখা যায় জলকীয়াৰ অবিহনে খাদ্য গ্ৰহণেই যেন অসম্পূৰ্ণ।
জ্বলা স্বাদ যুক্ত এই জলকীয়াই আমাৰ শৰীৰক বহু ৰোগৰ পৰা বছাই ৰাখিব পাৰে। জলকীয়াই আমাৰ শৰীৰৰক কিদৰে সহায়কৰে আৰু ইয়াৰ প্ৰয়োগ কেনেধৰণে কৰিব লাগে জানো আহক।
জলকীয়াত পোৱা উপাদান আৰু ইয়াৰ উপকাৰীতাঃ-
ডায়েটেৰি ফাইভাৰ থিয়ামিন ৰাইব’ফ্লবিন নিয়েচিন ফলিক এচিড আইৰণ মেংগানিজ আৰু ফছফৰাছ।
এই সকলোবোৰ উপাদানেই দেহৰ পক্ষে বৰ উপকাৰী উপাদান।
কেঁচা জলকীয়া দৈনিক দুটাকৈ গ্ৰহনে শৰীৰত কেনেধৰণৰ উপকাৰীতা প্ৰদান কৰে জানো আহক।
কেছাঁ জলকীয়াই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিঃ-
দৈনিক দুটাকৈ কেঁচা জলকীয়া গ্ৰহণ কৰি আমাৰ শৰীৰক যিকোনো ৰোগ হোৱাৰ পৰা দূৰৈত ৰাখিব পাৰি।
কাৰণ জলকীয়াত ভিটামিন C, বিটাকেৰ’টিন, এন্টিঅক্সিডেন্টৰ পৰীমাণ অধিক মাত্ৰাত পোৱা যায়। যি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক অধিক শক্তিশালী কৰি ৰখাত সহায় কৰে।
ভিটামিণ C য়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে সম পৰিমাণে দৃস্তি শক্তিৰ উন্নতি আৰু চালখনক উজ্জল কৰি ৰখাত অতুলনীয় অৱদান আগবঢ়ায়।
কেছাঁ জলকীয়াই মানসিক চাপঃ-
বহু ব্যক্তি মানসিক চাপৰ সমস্যাত ভূগা পৰিলক্ষিত হয়। প্ৰাকৃতিক ভাৱে উপলব্ধ এই কেঁচা জলকীয়া সেৱন কৰিওঁ এই মানসিক চাপৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। কাৰণ এই কেঁচা জলকীয়া সেৱন কৰিলে শৰীৰৰ এণ্ডৰ’ফিন নামৰ হ’ৰমণৰ ক্ষৰণ বৃদ্ধি পায় আৰু তাৰ ফলত মন প্ৰফুল্ল থকাত সহায়ক হয় আৰু ক্ৰমান্বয়ে এই মানসিক চাপ দূৰ হবলৈ ধৰে।
কেছাঁ জলকীয়াই কেন্সাৰৰ পৰা দূৰৈত ৰাখেঃ-
কেঁচা জলকীয়াত অতিৰিক্ত মাত্ৰাত এন্টিঅক্সিডেন্টৰ গুণ থাকে আৰু এই এন্টিঅক্সিডেন্টে আমাৰ শৰীৰৰত থকা অলাগতীয়াল তথা ক্ষতিকাৰক টক্সিন সমূহ বাহিৰ কৰাত সহায় কৰে। তাৰ ফলত কেন্সাৰৰ চেল গঠন হোৱাত বাধা প্ৰদান কৰে আৰু আমাৰ শৰীৰক কেন্সাৰ ৰোগৰ পৰা দূৰত ৰাখাত সহায় কৰে।
কেছাঁ জলকীয়াই হাৰ্ট ভালে ৰাখেঃ-
[caption id="attachment_4050" align="alignnone" width="1000"] হাৰ্ট[/caption]নিয়মিত দুটাকৈ কেঁচা জলকীয়া সেৱন কৰিলে আমাৰ হাৰ্ট ভালে থকাত সহায়ক হয়। জলকীয়াত থকা উপকাৰী উপাদান সমূহে তেজত থকা অপকাৰী কলেষ্টৰেলৰ মাত্ৰা কমায়। ট্ৰাইগ্লিচাৰাইড যাতে নিয়ন্ত্ৰণতো সহায় কৰে কেচাঁ জলকীয়াই। জলকীয়া সেৱনে হাৰ্ট এটেকৰ সমস্যাৰ পৰাওঁ দূৰৈত ৰাখিব পাৰে।
No comments:
Post a Comment
Thanks