Dr Haris Well future : June 2020

Thursday, June 25, 2020

আত্ম হত্যা কিয় কৰে! ইয়াৰ বাবে দায়ী কোন? এক ভয়াবহ সামাজিক ব্যাধি!

আত্ম হত্যা কিয় কৰে! ইয়াৰ বাবে দায়ী কোন?
এক ভয়াবহ সামাজিক ব্যাধি!

বৰ্তমান সময়ত প্ৰত্যাহ্বান স্বৰুপ হৈ পৰা এটা সমাজিক ব্যাধি আত্ম হত্যা! অৰ্থাত আত্ম হনন স্ব হত্যা। কিয় সংকটজনক ভাৱে বৃদ্ধি হৈ গৈছে এনে ধৰণৰ হতাস, যাৰ বাবে বাঢ়িছে আত্মহত্যাৰ প্ৰৱনতা। ইয়াৰ বাবে কোন জগৰীয়া, কেনে দৰে ইয়াক আমি ৰোধ কৰিব পাৰিম। এই সকলোবোৰ বিষয়ে আজি আমি আলোচনা কৰিম।

আজি কেইমাহমানৰ আগতে ঢকুৱাখানা মহকুমাৰ এখন মহাবিদ্যালয়ৰ এজন ছাত্ৰই শিক্ষকে প্ৰদান কৰা এক লঘু দণ্ডৰ পৰিপেক্ষিতত আত্ম হননৰ পথ বাছি ললে। কেই দিন মানৰ আগত এগৰাকী যুৱতীয়ে নিজৰ পেমাস্পদৰ আত্ম হত্যাৰ পৰিপেক্ষিতত নিজেও ৰেলৰ আগত জপিয়াই আত্ম হত্যা কৰিলে। পৰীক্ষাত ভাল ৰিজাল্ট কৰিব নোৱাৰি এগৰাকীয়ে কৰিলে স্ব হত্যা! থিক একেদৰে জনপ্ৰিয় অভিনতা সুশান্ত সিং ৰাজপুতৰ ব্যক্তিগত সহায়কে আত্ম হত্যা কৰা চাৰিদিনৰ পিছতেই প্ৰতিশ্ৰুতি সম্পন্ন বলিউদৰ উদীয়মান অভিনেতা সুশান্ত সিং ৰাজপুতেও চিৰদিনৰল বাবে নোমোৱাই পেলালে নিজৰ জীৱনৰ জ্যোতি। এই খবৰ বোৰে নিশ্চত ভাৱে সভ্য সমাজৰ মানুহ বোৰক এবাৰ হলেও ভাৱিবলৈ বাধ্য কৰাইছে।

কিয় এই হতাশা! কিয় এই কঠোৰ সিদ্ধান্ত! কিমান মানসিক আঘাট পালে, কিমান হতাশাই আৱৰি ধৰিলে নিজকে শেষ কৰি দিব পাৰে এজন মানুহে। কৰ পৰা গঢ়ি উঠে জীৱন যুদ্ধত পৰাজয় বৰণ কৰি নিজকে শেষ কৰা মানসিকতা? তাৰ বাবে দায়ী কোন ??

বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি প্ৰতি ৪০ চেকেণ্ডত বিশ্বত এজন ব্যক্তিয়ে আত্ম হত্যাৰ পথ বাছি লয়, অৰ্থাত বছৰত ৮০০০০০ মানুহে আত্ম হত্যা কৰে ।

ভাৰত বৰ্ষত প্ৰতি ঘন্টাত এজন ছাত্ৰই আত্ম হত্যা কৰে!

নেচনেল ক্ৰাইম ৰিপৰ্ট বিউৰৰ তথ্য অনুসৰি ২০১৬ বৰ্ষত ৯,৪৭৮, ২০১৭ বৰ্ষত ৯,৯০৫ জন আৰু ২০১৮ বৰ্ষত ১০,১৫৯ জন ছাত্ৰই আত্মহত্যা কৰিছে। গতিকে সংকট জনক ভাৱে ভাৰতত আত্ম হত্যাৰ হাৰৰ প্ৰতি বছৰতে বৃদ্ধি হৈ হৈ গৈ আছে।

লেনচেট নামৰ সাময়িক পত্ৰিকাখনৰ এক গৱেষণাৰ তথ্য অনুসৰি মৃত্যুৰ কাৰণ হিচাপে ভাৰতত আত্ম হত্যাৰ স্থান নৱম।

কেৱল ২০১৬ বৰ্ষত ২,৩০,৩১৪ টা আত্ম হত্যাৰ ঘটনা সংঘটিত হৈছে। আমি যদি লক্ষ্য কৰো ১৯৯০ চনৰ পৰা ২০১৬ চনৰ ভিতৰত আত্মহত্যাৰ হাৰ আশংকাজনক ভাৱে ৪১.১ শতাংশ বৃদ্ধি হৈছে। ১৯৯০ বৰ্ষত আত্ম হত্যাত মৃত্যুৰ সংখ্যা আছিল ১.৬৮ লাখ আৰু ২০১৬ বৰ্ষত ২.৩০ লাখ। গতিকে ই নিশ্চিত ভাৱে ভাৰতৰ বাবে এটা শংকাজনক বিষয়।

ইতিমধ্যে বহু বিশেষজ্ঞই দাবী কৰিছে যে ভাৰতৰ বাবে আত্ম হত্যা এক জনস্বাস্থ্য সংকট আৰু অনতি পলমে ইয়াৰ উপৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহন কৰাটো প্ৰয়োজন।

১৯৯৯ৰ পৰা ২০০৩ বৰ্ষৰ ভিতৰত ২৭,৯৯০ জন ছাত্ৰই নিজৰ জীৱন শেষ কৰি দিছে। ২০০৪ৰ পৰা ২০০৮ ৰ সময় খিনিত ২৮,৯১৩ জনে ২০১৩-২০১৮ ৰলৈ এই ৫ বছৰত ২৬ শতাংশ বৃদ্ধি হৈ ইয়াৰ সংখ্যা হলগৈ ৪৬,৫৫৪ হাৰ্ভাড মেডিকেল স্কুলৰ এক তথ্য অনুসৰি এজন লোকৰ আত্ম হত্যাৰ ফলত তাৰ পৰিয়ালৰ কমেও ৬ জন লোক মানসিক ভাৱে বিধস্ত হব পাৰে। আৰু এই পৰিয়ালৰ লোক সকলৰ মাজত মানসিক অৱসাদ আৰু লগতে সংকটজনক অৱস্থাত বা যিকোনো কঠিন পৰিস্থিতি সৈতে সন্মুখিন হোৱাৰ সময়ত আত্ম হত্যাৰ কথা ভাৱে।

পুৰুষৰ তুলনাত মহিলাৰ মাজত আত্ম হত্যাৰ প্ৰৱনতা বেছি দেখি পোৱা গৈছে!

মহিলা সকলৰ মাজত দেখা দিয়া কিছুমান সমস্যা যেনে অৱসাদ, দুশ্চিন্তা, দৈহিক তথা শাৰীৰিক সমস্যা আদিৰ বাবে হতাশগস্ত হৈ আত্ম হত্যা কৰাৰ প্ৰৱনতা বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়। লেনচেট নামৰ সাময়িক প্ৰত্ৰিকাখনৰ গৱেষণাৰ তথ্য অনুসৰি বিশ্বত আত্ম হত্যা কৰা প্ৰতি ৫ গৰাকী মহিলাৰ ২ গৰাকী ভাৰতীয় বুলি কোৱা হৈছে।

মহিলাৰ সকলৰ মাজত মনসিক সমস্যাৰ প্ৰধান কাৰণ সমূহ হল যৌথ পৰিয়াল, কম বয়সত বিয়া হোৱা, অবিবাহিত বা অপত্যাশিত ভাৱে মাতৃত্বৰ বোজা বহন কৰা, ৰ্কমসমস্থাপন হীনতা, বিভিন্ন ধৰণৰ অবাঞ্চিত মানসিক সমস্যা আদি।

আটাইতকৈ দুখজনক কথাটো হল এগৰাকী মহিলাৰ যেতিয়া এই Depression ৰ লক্ষন সমূহ প্ৰকাশ পায় তেতিয়া মহিলা গৰাকীৰ এই সমূহ লক্ষণৰ প্ৰতি পৰিয়ালৰ লোকে বেছি গুৰুত্ব প্ৰদান কৰা দেখা নাযায়। যাৰ বাবে মহিলাৰ মানিক স্বাস্থ্যৰ ব্যাপক ক্ষতি হয়। ফলত মানসিক অৱসাদ আৰু পোষ্ট ট্ৰমটিক ষ্ট্ৰেচ ডিজিজ (PTSD) ৰ দৰে বেমাৰৰ স্বীকাৰ হয়, যি মহিলাৰ গৰাকীৰ মনত আত্ম হত্যাৰ প্ৰৱনতা প্ৰৱল কৰি তুলে, আত্ম হত্যাৰ মুখলৈ থেলি দিয়ে।

এক তথ্য অনুসৰি ২০১৬ বৰ্ষত সমগ্ৰ বিশ্বৰ সৰ্বমূঠ ২,৫৭,৬২৪ গৰাকী মহিলাই আত্ম হত্যা কৰিছিল, ইয়াৰে ৩৭ শতাংশ অৰ্থাৎ ৯৪,৩৮০ গৰাকী মহিলা ভাৰতীয়। লেনচেত নামৰ সাময়িক পত্ৰিকা খনৰ প্ৰতিবেদন তথ্য অনুসৰি ১৫ ৰ পৰা ৩৯ বছৰ বয়সীয়া মহিলা সকলৰ মৃত্যুৰ অন্যতম প্ৰধান কাৰণ হল আত্ম হত্যা আৰু ইয়াৰে ভিতৰত বিবাহিত মহিলাৰ সংখ্যা অধিক দেখা গল।

অন্যহাতে ভাৰতত বৰ্তমান যুৱ সমাজৰ মাজত যি হাৰত আত্ম হত্যাৰ প্ৰৱনতা বৃদ্ধি হৈছে এই বিষয়টোৱে সচেতন মহলক চিন্তিত কৰি তুলিছে। ভাৰতত ৫০ শতাংশতকৈ বেছি জনসংখ্যা বয়স ২৫ৰ তলত। ২০১৬ বৰ্ষত মূঠ ১,৪৫,৫৬৭ জন ১৫ পৰা ৩৯ বছৰৰ বয়সীয়া যুৱকে আত্ম হত্যা কৰি নিজৰ জীৱন শেষ কৰি দিছে।

এই যুৱক সকলে আত্ম হত্যা কৰা মূল কাৰণ আছিল পাৰিবাৰিক অশান্তি, পৰীক্ষাৰ ফলাফলৰ অসন্তুষ্টি, প্ৰেম জনিত সমস্যা, বিদ্যালয়ৰ মহাবিদ্যালৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যা, ক্ৰুতি জনক কৰ্মজীৱন নিৰ্বাচন বা ক্ৰুটি পূৰ্ণ পেছাগত সমস্যা, কিছুমানৰ ব্যক্তিগত সম্পৰ্কৰ ভুল বুজা বুজি, মাদক দব্য প্ৰতি আসক্তি আদি।

সমগ্ৰ বিশ্বৰ যিমান লোকে আত্ম হত্যা কৰে তাৰে ২৩.৪ শতাংশ ভাৰতীয়। ইয়াৰ মূল কাৰণ হল মানসিক ৰোগৰ সম্পৰ্কে সাধাৰণ ধাৰণা নথকাৰ বাবে ইয়াৰ চিকিৎসা গ্ৰহন নকৰা বা যি সকলৰ ইয়াৰ উপৰত নূন্যতম ধাৰনণা আছে। তেখেঁত সকলে সমাজত হাঁহিয়তৰ পাত্ৰ হোৱাৰ ভয়তো বিষয়টো গোপনে ৰখাৰ বাবে চেষ্টা কৰে। যাৰ বাবে ৰোগ বছৰ বছৰ ধৰি থকাৰ ফলত এদিন ইয়াৰ পৰিণতিত আত্ম হত্যা দৰে সমস্যা স্বীকাৰ হব লগা হয়।

আত্ম হত্যা বাবে দায়ী কোন?

এই আত্ম হত্যাৰ মূল কাৰণ হল মানসিক অৱসাদ বা উদ্যম হীনতা। এই মানসিক অৱসাদ বা DEPRESSION কৰ পৰা সৃষ্টি হয়। ই এটা অত্যন্ত গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যা, ই কেৱল এটা সন্তেকীয়া মনৰ বেদনা নহয়, যেনেদৰে আমি মনত কেতিয়াবা দুখ অনুভৱ কৰো, আমাৰ দুখ লাগে, বিষন্ন হৈ পৰো, DEPRESSION এনেকুৱা ধৰণৰ সমস্যা নহয়। পৃথিবীত আটাইতকৈ কমন মানে সাধাৰণতে দেখা বস্তুতোৱেই হল দোখ।

যিকোনো সময়তে, যিকোনো কাৰণতে আমি দুখিত হব পাৰো আৰু তাৰ লগে লগে DEPRESSION ও এটা সচৰাচৰ সমস্যা। DEPRESSION তাক কোৱা হয়, যেতিয়া আমাৰ মনত অনুভব হোৱা দুখ কেতিয়াও সমাপ্ত হব নিবিছাৰে। দিনৰ পিছত দি মাহৰ পাছত মাহ ধৰি একেটা দুখেই মানুহ জনক আছন্ন কৰি ৰাখে, তেনে সমস্যা DEPRESSION বুলি কোৱা হয়। আৰু আপোনালোকে চাব যেতিয়া এজন মানুহৰ কোনো ধৰণৰ কামৰ প্ৰতি গুৰুত্ব নাথাকে, নিজকে সদায় অকলশৰীয়া অনুভৱ কৰে, মানুহৰ সৈতে মিলা মিছা কৰিব নোখোজে, জীৱনৰ যেন সকলো উদ্যেম হেৰুৱাই পেলায়।

কম বয়সীয়া যুৱক সকলৰ মাজত এই সমস্যা বহু বেছি দেখিবলৈ পোৱা গৈছে। বৰ্তমান মূহূৰ্ত্বত বিশ্বত প্ৰায় ১৯ মিলিয়ন যুৱক এই depression সৈতে যুজি আহিছে। মানে প্ৰতি মূহুত্বত ১৯ মিলিয়ন কম বয়সীয়া যুৱক depression ৰ স্বীকাৰ হৈ আছে।

Depression ৰ স্বীকাৰ হোৱা যুৱক যুৱতীৰ বিভিন্ন লক্ষণ দেখা দিব পাৰে। যেনে খাবলৈ মন নকৰা বা অত্যাধিক খাদ্য খোৱা, দিন ৰাতি শুই থাকিব বিছৰা বা একেবাৰে টোপনি নহা, অত্যন্ত ভাগৰুৱা অনুভৱ কৰা, আশাহীন, উদ্যমহীন,সৰু সৰু কথাতে বহুত খংকৰা, মানসিক অন্ত দণ্ডত ভুগা, দেহত, বুকুত যেনি টেনি বিষ অনুভৱ কৰা, হাত ভৰিত কেম্প হোৱা, সিৰা মূৰী ধৰা, হজমী শক্তি বিসংগতি হোৱা আদিৰ লগতে মনলৈ আত্ম হত্যাৰ বেয়া চিন্তা অহা depression ৰ লক্ষণ। এই বোৰ লক্ষণ বা চিন্তা যদি কিছু মূহূৰ্ত্বৰ বাবে আহে তাক depression বুলি কোৱা নহয়। কিন্তু ই যদি ক্ৰমাগত ভাবে বাহি গৈ থাকে তেতিয়া তাক depression বুলি কোৱা হয়। ই এক মানসিক বিসংগতি। ই এক মগজুৰ বেমাৰ, ইয়াৰ সুন্দৰ চিকিৎসা আছে। যদি এই সমস্যাত ভুগে তেনে হলে আপোনালোকে মনোৰোগ বিশেষজ্ঞৰ কাষ চাপি এই সমস্যাৰ পৰা সহজতে হাত সাৰিব পাৰে। নহলে ওচৰৰ অভিজ্ঞ হোমিঅপেথিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহন কৰি এই সমস্যাৰ পৰা সহজতে মুক্ত হব পাৰে।

Depression ৰ বাবে দায়ী কোন?

বৰ্তমান ব্যস্ততাৰ্পূণ জীৱনত যান্ত্ৰিকতাৰ ধামসুমীয়াত মানুহে ইমানেই ব্যক্তি কেন্দ্ৰিক হৈ পৰিছে যে মানুহ সামাজীক প্ৰাণী হলেও মানুহৰ সামাজিক দায়বদ্ধতা নোহোৱা হৈ গৈছে। কেৱল অজস্ব ধন সংগ্ৰহ কৰি ব্যক্তিগত শুখ সমৃদ্ধি আহৰণ কৰাৰ প্ৰতিযোগিতাত আজি যেন আমি বৰ্তি হৈ গৈছো।

শিশু এটি সোনোৱালী শৈসৱৰ মাদকতা ম্লান কৰি ৩ বছৰ মান বয়স হবলৈ পালে কি নাই পিঠিত কিতাপ বহীৰ এটা বোজা দি পঠাই দিছো নাৰ্চাৰী স্কুললৈ। শিশুটিক পখিলা খেদাৰ বয়সত আমি মগজুত থেলি হেঁচি সোমোৱাই দিছো ডাক্তৰ, ইঞ্জিনিয়াৰ হোৱাৰ সপোন। আমি অভিভাৱক বোৰে নিজৰ শিশুটিক মন্ত পাঠ কৰাইছো ৰাতিপূৱাৰ পৰা গধূলিলৈকে - বেটা ডাক্তৰ হব লাগিব, ইঞ্জিনিয়াৰ হব লাগিব, আট্টালিকা বনাব লাগিব, ৰাজ প্ৰসাদ বনাব লাগিব। অফিচাৰ হব লাগিব কোটি কোটি টকা আহৰণ কৰি বৃত্ত শালী হব লাগিব।

কিন্তু আমি কেতিয়াও দেশৰ ভৱিষ্যত এই শিশু-ছাত্ৰ সকলক কৈছোনে- বেটা আজি তুমি যাৰ অন্ন খাই জীয়াই আছা তাৰ এদিন ধাৰ খুজাব লাগিব দেশৰ লক্ষ লক্ষ কৃষক, বনুৱা, হালুৱা, হজুৱা যি আমাক জীয়াই ৰাখিছে যি ৰাষ্ট্ৰ নিৰ্মাণত নিজেই লঘোনে থাকিও সহায় কৰি আহিছে, এই সকল দুখীয়া-দৰিদ্ৰ মানুহৰ বাবে সেৱা আগবঢ়াব লাগিব, ডাঙৰ মানুহ হৈ সমাজৰ লক্ষ্য লক্ষ্য নিপীড়িত জনতাৰ মংগলৰ বাবে কাম কৰিব লাগিব। দেশত চলা অন্যায় অবিছাৰ, অনিয়মৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব। আমি সকলোৱে যিমান পাৰো নিজৰ সন্তানক এই বাস্তব সত্যাৰ পৰা দূৰৈত অৱস্থান কৰাইছো। আমি আমাৰ সন্তানক পাখি ভঙা চৰাই দৰে কৰি তুলিছো। সিঁহতক শৈশৱ, কৈশোৰতে দূৰ্দান্ত সাহসী কৰি তুলাৰ বিপৰীতে পিতৃ মাতৃৰ মৰমৰ আচলৰ আৱেস্তনীত ভৰাই ৰাখি কঠিন পৰিস্থিতিত মূৰ দাঙি থিয় দিব নোৱাৰা, মনোবল হীন ভীৰু বনাই তুলিছো। যাৰ পৰিণতিত প্ৰতি বছৰে আজি দেশৰ শ শ দেশৰ ভৱিষ্যত যুৱ প্ৰজন্মই depression ৰ স্বীকাৰ হৈ আত্ম হত্যা কৰিবলৈ বাধ্য হয়।

দেশত চলা ব্যপক দুৰ্নীতি, ভ্ৰষ্টাচাৰ পৰিপেক্ষিতত দেখা দিয়া দৰিদ্ৰতা ফলতো আজি হাজাৰ হাজাৰ কৃষকে আত্ম হত্যা কৰিবলৈ বাধ্য হৈছে। অন্যহাতে বছৰ বছৰ ধৰি ঋণৰ বোজাই কোঙা কৰা দৰিদ্ৰ লোকেও আজি depression স্বীকাৰ হৈ আত্ম হত্যাৰ দৰে পথ বাছি লব লগা হৈছে। এই সমস্যা ওপৰত সজাগতা সৃষ্টি কৰাটো আজি অত্যন্ত প্ৰয়োজন হৈ পৰিছে।

আত্ম হত্যাই একমাত্ৰ সমস্যাৰ সমাধানৰ পথ নেকি?

পৃথিৱীত সকলো জীৱৰ ভিতৰত শ্ৰেষ্ঠ আমি মানুহ। এই কাৰণেই আমাক জীৱ শ্ৰেষ্ঠ বুলি কুৱা হয়, আমাৰ নিজৰ বিছাৰ আছে, চিন্তা শক্তি আছে। বিবেক আছে। সকলো সমস্যা সমাধান কৰিব পৰাকৈ আমাৰ শক্তি আছ। কিন্তু সমস্যা সমূহৰ সৈতে সন্মুখীন হোৱাৰ বিপৰীতে পলায়ন কৰাতো কেতিয়াও আমাৰ লক্ষ্য হব নোৱাৰে। দেশৰ যিসকল যুৱক আজি মানসিক অন্ত দণ্ডত ভূগি আছে, হতাশাত ভূগি আছে সকলোৱে এবাৰ কথাবোৰ ভাৱক। আমি বহু পূন্যৰ ফলত মানৱ জীৱন লাভ কৰিছো। যাক আমি মানব সম্পদ হিচাপে অভিহিত কৰো। গতিকে আমি নিজৰ বাবে জীয়াই নাথাকি আমাৰ এজন ব্যক্তিৰ বাবে সমাজৰ ১০ জন ব্যক্তি উপকৃত হয় তাতে জীৱনৰ মাদকতা।

জীৱন সুন্দৰ, মধুময়। জীৱনৰ সকলো বোৰ দুখৰ অন্তত অহা শুখৰ অনুভূতি অন্যন্য। জীৱন দীঘলীয়া কিন্তু কোনো ধৰণৰ দুখেই দীৰ্ঘাস্থায়ী নহয়। ক্ষণস্থায়ী। জীৱনলৈ যিমানে দূৰ্যোগ নাহক কিয় সকলো সন্তেকীয়া, কেৱল আমি ধৰ্য্য আৰু সাহসেৰে এই সমস্যাবোৰৰ সন্মুখীন হবলৈ নিজকে প্ৰস্তুত কৰি লব লাগে।

আমি যদি সকলোৱে সকলোৰ বাবে, এখন সুন্দৰ সমাজৰ বাবে, এখন শক্তিশালী দেশৰ বাবে জীয়াই থাকো তেনে হলে জীৱনত যিমানেই দোখ নাহক কিয়, যিমানেই পাৰ ভঙা ধুমূহা নাহক কিয় কেতিয়াও এই depression নামৰ শত্ৰুৱে আমাক পৰাভূত কৰিব নোৱাৰে। আহক আমি সকলোৱে হাতে হাত ধৰি এখন সুন্দৰ সমাজ, এখন শক্তি শালী দেশ নিৰ্মানৰ বাবে আগুৱাই যাওঁ।

ডা. হৰিকান্ত দাস।
গোগামুখ, ধেমাজি,
ফোন নং- ৯৯৫৪৩৪০১০২

 

Monday, June 8, 2020

anti-diabetic vegetable

14 anti-diabetic vegetable

14-anti-diabetic-vegetable 

আজি আমি আলোচনা কৰিম কেইবিধমান শাক-পাচলিৰ বিষয়ে, যি কোনোধৰণৰ ঔষধ গ্ৰহণ নকৰাকৈয়ে ডায়েবেটিছ নিয়ন্ত্ৰনত যথেষ্ট সহায়ক হব। কাৰন ডায়েবেটিছ ৰোগীয়ে খাদ্যৰ ক্ষেত্ৰত যিহেতু বিশেষ শতৰ্কতা অৱলম্বন কৰাতো জৰুৰী। আমাৰ বাৰীত এনেকুৱা কিছুমান সহজতে পোৱা শাক-পাছলি আছে যিবোৰ গ্ৰহণ কৰি কোনোধৰণৰ ঔষধ গ্ৰহণ নকৰাকৈয়ে ডায়েবেটিছ নিয়ন্ত্ৰন কৰাৰ লগতে কোষ্ঠকাঠিন্য, গেছ, এছিডিটি, বদহজম, কিডনিৰ বিভিন্ন সমস্যা, হৃদৰোগ, কেন্সাৰ আদিৰ দৰে গুৰুতৰ ৰোগৰ পৰা হাতসাৰি থাকিব পৰা যায়। গতিকে আমি এই শাক পাচলি বোৰৰ বিষয়ে আলোচনাকৰিম।

(১) মেথিঃ

মেথি অত্যন্ত উপকাৰী। মেথী শাক চবজি বনাই খাব পাৰে অথবা ভালদৰে ধুই চালাদ বনাই খাব পাৰে। মেথি কেঁচা পিঁয়াজ, জলকীয়া, আদা আদিৰ সৈতে কেঁচাকৈ খাব পাৰে। খাবলৈও ভাল হয়। কিন্তু বৰ্তমান যিহেতু কৰোনা সংক্ৰমন চলি আছে গতিকে চালাদ খোৱাতকৈ চবজি বনাই খাব।

মেথিত বিভিন্ন প্ৰকাৰৰ এমাইন এচিড, ফেটি এচিড, ভিটামিন খনিজ আদি উপাদান থাকে। মেথিয়ে ডায়েবেটিছ, কেন্সাৰ আদি ৰোগ প্ৰতিৰোধ কৰে লগতে মেথি শাকত এন্টিঅক্সিজেন উপাদান থাকে।

মেথিত soluble fibre থাকে, ই হজমী শক্তি বৃদ্ধি কৰে আৰু শৰীৰৰ কাৰ্বহাইড্ৰে আৰু গ্লুকজ শোষণৰ ক্ষমতা কমাই ইনচুলিন হৰমন নিসৰণৰ ক্ষমতা বৃদ্ধি কৰে। যি ডায়েবেটিছ নিয়ন্ত্ৰন কৰাত সহায় কৰে আৰু আমাৰ শৰীৰত কলেষ্টৰেল নিয়ন্ত্ৰনতো সহায় কৰি হাৰ্ট ৰোগৰ সম্ভাৱনা কম কৰে। গতিকে খাদ্যৰ তালিকাত মেথি শাক অন্তভূক্ত কৰাতো অত্যন্ত প্ৰয়োজন।

 (২)পালেং (spinach)

বিভিন্ন ভিটামিনৰ ভৰপূৰ উৎস পালেং। পালেং ভিটামিন C, E, K আৰু লগতে আইৰন কেলচিয়াম, মেংগনেচিয়াম, ফলিক এছিড, ফচফৰাচ, জিংক, পটাচিয়াম আদিৰো ভাল উৎস। আচলতে পালেংশাক শক্তিৰ ভৰাল। পালেংঅত থকা পটাচিয়ামে হাৰ্টৰ বিভিন্ন বেমাৰৰ সম্ভাৱনা কমায়। পালেং শাকত এন্টঅক্সডেন্ট উপাদান থাকে, কেলৰি আৰু কাৰ্বহাইড্ৰেত কম থকাৰ বাবে ডায়েবেটিছ ৰোগীৰ বাবে পালেং অত্যন্ত উপকাৰী।

পালেঙত বিটাকেৰটিন প্ৰচুৰ পৰিমাণে থাকে বাবে ৰেটিনপেথিৰ সৃস্টি হৈ চকুৰ ৰশ্মি কমিলে নিয়মিত পালেঙ খালে চকুৰ ৰশ্মি আৰু উজ্জ্বলতা বৃদ্ধি হয়।
পালেঙত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে গতিকে পালেঙ খালে হাড় আৰু মাংসপেশী সবল হৈ থাকাত সহায়ক হয়।

পালেঙ খালে দৃষ্টি শক্তি বৃদ্ধি হোৱাৰ উপৰিও আহজাতীয় খাদ্য হোৱা বাবে কোষ্ঠ কাঠিন্য সমস্যা নোহোৱা হয়। ডায়েবেটিচ ৰোগীয়ে পালেঙ খালে চকুৰ ৰেটিনাৰ ক্ষতিৰ পৰা বাচি থাকিব পৰে আৰু শৰীৰৰ বাবে প্ৰয়োজনীয় কেলৰি আহৰণ কৰিব সুস্বাস্থ্যবান হৈ থকাত সহায়ক হয়।

পালেং শাকত অজৈৱিক নাইট্ৰেত থকা বাবে এই শাক নয়মিত খালে শৰীৰৰ মাংসপেশী আৰু হাড়ৰ গাঁঠি সবল কৰি ৰাখে। সেয়েহে অষ্টিঅ আৰ্থাইটিচ ৰোগৰ সম্ভৱনা কমে।
ৰোক্ষ শুকান চালৰ লোকে পালেঙ পাতৰ ৰস আধাগিলাচকৈ কিছুদিন খালে খহতা আৰু শুকান ছাল মসৃন আৰু উজ্জ্বল হয়।

পালেঙত প্লেবোন'ইডচ নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে আৰু ই এন্টিঅক্সিডেন্ট হিছাপে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰোগমুক্ত কৰি ৰখাত সহায় কৰে। এন্টিঅকচিডেন্টৰ কাৰণে এলাৰ্জী আৰু শ্বাস-প্ৰশ্বাস জনিত ৰোগৰ সম্ভাৱনাও কম হয়।

 (৩) মৰিচাঃ-

আমাৰ মানুহে সততে অনাদৰ কৰা এবিধ শাক। আমি শাক পাচলি বজাৰলৈ গলে মুখৰ আগত যিমান থাকিলেও আনিবৰ বাবে মন নাযায়। কিন্তু এই বিধ শাক শৰীৰৰ বাবে অত্যাধিক ফল দায়ক। মৰিচাত গ্লাইকচাইড,(glycoside) ফ্লেভনইড (flavonoids) স্পনিনচ (sponins) টেনিনচ(tannis), কাৰ্বহাইডেট, আৰু এচেনচিয়েল অইল(essential oils) থাকে, গতিকে আৰ্থাৰাইটিছ, বাট বিষ, গাৰ বিষ, বদহজম, লিভাৰৰ সমস্যা, ভোক নলগা, হাৰ্টৰ বেমাৰ, ডায়বেটিছ, আদিৰ বিভিন্ন সমস্যাত এই শাক অত্যন্ত লাভদায়ক। হাইপাৰ গ্লিচেমিয়াৰ সমস্যাত এই শাকে অত্যন্ত ভাল ফল দিয়ে। যেতিয়া আমাৰ ব্লাড চুগাৰ ১৪০ ৰ উপৰত দীৰ্ঘ দিন ধৰি থাকে তেতিয়া আমাৰ দেহত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ যিবোৰ ব্লাডভোচলচ বা কোষেৰুকা আছে এই বোৰলৈ পৰ্য্যাপ্ত পৰিমানৰ তেজৰ চলাচল হব নোৱাৰে আৰু এই বোৰ নষ্ট হবলৈ ধৰে। লগতে হাৰ্ট, কিডনি, চকুৰ ৰেটিনাৰো ক্ষতি সাধন হব পাৰে। গতিকে এনেবোৰ সমস্যা ৰোধ কৰাত মৰিচা শাক যথেষ্ট সহায়ক হয়। সেইয়েহে ডায়েবেটিছ নিয়ন্ত্ৰনৰ বাবে ডায়েবেটিছ ৰোগীয়ে এই শাক খোৱাটো আত্যন্ত জৰুৰী।

(৪) পদিনা (mint)-

পদিনা এন্টি অক্সিডেন্ট আৰু ফাইটনিউটিনচৰ ( phytonutrients) ভাল উৎস। ই আমাৰ শৰীৰৰ বাবে অত্যন্ত লাভ দায়ক। পদিনা বদহজম, গ্ৰেছ, এচিডিটিৰ সমস্যাৰ বাবেও মহঔষধ। পেটৰ যিকোনো সমস্যাৰ বাবে পদিনা এক উৎকৃষ্ট ঔষধ। পৌৰানিক আয়ুবেদৰ মতে আমাৰ সলোবোৰ বেমাৰ মূল হল বাত, পিও, কফ, আৰু এই বাত, পিও, কফ আমি খোৱা খাদ্য বিসংগতিৰ পৰাই উৎপত্তি হয়। গতিকে পদিনা পেটৰ সকলো সমস্যা গ্ৰেছ, এচিডিটি, কোষ্ঠকাঠিন্য, বমি বমি ভাব, ডায়েৰিয়া, মাঠা ঘুৰোৱা প্ৰভাৱত হোৱা বমি বমি ভাৱ বা বমি হোৱা আদি বিভিন্ন ধৰনৰ  গুৰুত্বৰ সমস্যাত বিভিন্ন প্ৰকাৰে এই পদিনাৰ ব্যৱহাৰ হয়। গতিকে নিয়মিত পদিনা ব্যৱহাৰ কৰাতো অকল ডায়বেটিছ ৰোগীৰ বাবেই নহয় সকলোৰে বাবে অত্যন্ত ফলদায়ক।

(৫)চজিনাঃ-

চজিনাক চুপাৰ ফুট বুলি কোৱা হয়। চজিনাৰ ফলতকৈ পাত বেচি গুণকাৰী। আমাৰ মানুহৰ ঘৰৰ বাৰীত পোৱা এবিধ অত্যন্ত ফলদায়ক খাদ্য। WHO  এও চজিনাক চুপাৰ ফুডৰ মান্যতা প্ৰদান কৰিছে। আমাৰ মানুহৰ বাৰীত সহজতে উপলব্ধ যদিও আমি সকলোৱে শুনিবলৈ পাওঁ মানিংগা পাউদাৰ, মানিংগা টেবলেট আদি বিভিন্ন ৰূপত কিছুমান কোম্পানীয়ে অত্যন্ত চৰা দামত আমাক বিক্ৰী কৰি ইয়াৰ পৰা মুনাপা লুটি আছ।কিন্তু আমি বজাৰত পালেও চজিনা কিনি নানো আৰু ইয়াক ইগন কৰো। কিন্তু চজিনাই আমাৰ লিপি পফাইলৰ উন্নতি সাধন কৰে, হাৰ্টৰ টনিক ৰূপে কাম কৰে। চজিনাই কেন্সাৰ, বেক্টেৰীয়া আদি প্ৰতিৰোধ কৰাৰ লগতে এন্টি অক্সিডেন্টৰো ভাল উতস। তেজৰ ভাল টনিক হয়। কোষ্ঠকাঠিন্যৰো ভাল ঔষধী ৰুপে কাম কৰে। অস্থি সন্দিৰ বিষ আৰু চকুৰ সমস্যা দূৰ কৰাত সহায় কৰে। চজিনাত - আৰ্জিনিন, হিষ্টিডিন, লাইচিন, লিউচিন, ভেলিন, আইচোলিউচিন, মিথঅ'নিন, থিঅ'নিন, মেথিঅ'নিন, ট্ৰিপ্তফেন আৰু ফেনাইলমিন নামৰ লাভ দায়ক এমাইনো এচিড থাকে৷

এশ গ্ৰাম চজিনাৰ ফলত কেলৰি থাকে ২৬, কাৰ্বোহাইড্ৰেট ৩.৭ গ্ৰাম, প্ৰটিন ২.৫ গ্ৰাম, ফেট ১০০ মিলিগ্ৰাম, ফাইবাৰ ৪.৮ গ্ৰাম, পানী ৮৭ শতাংশ৷ ইয়াত থাকে ভিটামিন-এ, ভিটামিন-বি, ভিটামিন-চি, আইৰন, কেলচিয়াম, কপাৰ, প'টাচিয়াম, জিংক, মেগনেচিয়াম, চালফাৰ, ফচফৰাচ, চডিয়াম আদি৷

৩৭ বিধ এন্টিঅক্সিডেন্ট উপাদান চজিনাত থাকে আৰু থাকে কেইবাবিধো সংক্ৰমণৰোধ কৰিব পৰা প্ৰাকৃতিক উপাদান৷ চজিনাত থকা কেলচিয়াম, আইৰণ আৰু ভিটামিনে আমাৰ হাঁড় মজবুত কৰি শক্তি বৃদ্ধি কৰে৷

শৰীৰৰ অলাগতিয়াল আৱৰ্জনাবোৰ বাহিৰ কৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (ইমিউনিটি) বঢ়ায় ৷

(৬) ৰঙলাউঃ

ৰঙলাওঁ এন্টি ডায়েৱেটিক পপাৰটি থাকে। গতিকে ৰঙলাওঁ খাব পাৰে। কিন্তু যদি চুগাৰ বহুত বেছি থাকে তেনে হলে খাব নালাগে চুগাৰ নিয়ন্ত্ৰনলৈ আহাৰ পাছতহে খোৱাতো ভাল হব।

(৭) কবিঃ-

ফুল কবি, বন্ধা কবি, ব্ৰকলি, আদিওঁ ডায়েবেটিছৰ বাবে অত্যন্ত উপকাৰী। কবিত কেলচিয়াম আৰু ভিটামিন কে থাকে। গতিকে ই হাড় মজবুট কৰি ৰখাত সহায় কৰে। লগতে শৰীৰৰ বাবে প্ৰয়োজনীয় খনিজ দব্য মেগনেচিয়া, জিং, ফচফৰাচ আদি যোগান ধৰে। কবি প্ৰচুৰ ফাইবাৰৰ সমাহাৰ। হাড়ৰ ক্ষয়ৰোগ বা অষ্টিয়পৰছিছ ৰোগীয়ে কবি খোৱাটো অতি প্ৰয়োজন। কবিয়ে শৰীৰৰ উজন নিয়ন্ত্ৰনৰ লগতে ডায়েবেটিছ ৰোগীয়েও কবি খালে তেজত শকৰাৰ পৰিমান নিয়ন্ত্ৰন হয়। কিন্তু যদি থাইৰয়েড থাকে তেনে হলে বিপদজনক হব পাৰে। কবিত বিশেষকৈ (sulforaphan)  চালফৰফিন নামৰ এবিধ উপাদান থাকে যি তেজৰ গ্লুকজ নিয়ন্ত্ৰনত সহায় কৰে।

(৮) নহৰুঃ-

ইনচুলিন ৰেজিষ্ট্ৰেনচৰ কম কৰে। কোষৰ গঠন সঠিক ৰখাত সহায় কৰে। নহৰুত থকা আটাইতকৈ লাগতিয়াল উপাদানবিধ হ'ল চালফাৰযুক্ত এলিচিন (Allicin – diallyl disulphide oxide) - যাৰ অতুলনীয় এন্টিঅক্সিডেন্ট গুণৰ বাবে আমাৰ শৰীৰ পক্ষে অত্যন্ত লাভদায়ক হয়৷ নহৰুত আইৰণ, ক'পাৰ, মেগনেচিয়াম, মেংগানিজ, জিংক, চেলেনিয়াম, ফচফৰাচ, কেলচিয়াম, ভিটামিন-চি আৰু ভিটামিন-বি- বি-১, বি-২, বি-৩, বি-৬, ফলেট, ইলেকট্ৰলাইট, চ'ডিয়াম আৰু প'টেচিয়াম থাকে৷ ১০০ গ্ৰাম নহৰুত ১৫০ কেলৰি, ৩৩ গ্ৰাম কাৰ্বোহাইড্ৰেট, ৬.৩৬ গ্ৰাম প্ৰটিন, ৫০০ মিলিগ্ৰাম ফেট

উচ্চ ৰক্তচাপ কমোৱাত নহৰুৱে সহায়কৰাৰ লগতে তেজ পৰিষোধক হিচাপেও কাম কৰে৷ হাওঁফাওঁৰ কেন্সাৰ, প্ৰষ্টেট আৰু মূত্ৰাশয়ৰ কেন্সাৰ, পাকস্থলী আৰু ক'লনৰ কেন্সাৰৰ সম্ভাৱনা কমায়। নহৰুএ এন্টি-বেক্টেৰিয়েল, এন্টি-ভাইৰেল আৰু এন্টি-ফাংগেল ৰূপে কাম কৰে।

 (৯) পিঁয়াজঃ-

পিঁয়াজত প্ৰচুৰ পৰিমানে চালফাৰ থকাৰ বাবে ই এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল গুণ সমৃদ্ধ। সাধাৰণ চৰ্দ্দি কাহৰ লগতে হাৰ্টৰ সমস্যাৰ বাবেও পিঁয়াজ অত্যন্ত উপকাৰী। পিয়াজত oligofructose নামৰ ইনচলিবল ফাইবাৰ থাকে যি হাংগাৰ হৰমন নিয়ন্ত্ৰন কৰি চুগাৰৰ পৰিমান নিয়ন্ত্ৰনত সহায় কৰি গ্লুকজ নিয়ন্ত্ৰনত সহায় কৰে।

(১০) আদাঃ-

পাচনক্ৰীয়া সহায়ক হয়। বদহজম, কুষ্ঠকাঠিন্য, পোৰনা ঘাঁ, বমি কেন্সাৰ আদিৰ প্ৰতিৰোধ কৰে। আদাত এনেটিঅক্সিডেন্ট থাকে। কলেষ্ট্ৰৰেল নিয়ন্ত্ৰন কৰে। আদাত অত্যাধিক ফাইবাৰ থকাৰ বাবে গ্লুকজৰ শোষণ লেহেমীয়াকৰি তেজত গ্লুকজৰ মাত্ৰা নিয়ন্ত্ৰত ৰখাত সহায় কৰে।

(১১) ভেণ্ডিঃ-

ভেণ্ডিত প্ৰচুৰ পৰিমাণে কেলছিয়াম, আইৰণ, মেগনেছিয়াম, পটেছিয়াম, ভিটামিন, ফাইবাৰ আৰু নিউট্ৰেন্ট আদি থাকে। ভেণ্ডিয়ে ইনচুলিন নিসৰনত সহায় কৰি ব্লাড চুগাৰ নিয়ন্ত্ৰনত কৰে আৰু লগতে কলেষ্টৰেল নিয়ন্ত্ৰন কৰে। ভেণ্ডিত প্ৰচুৰ পৰিমাণে দ্ৰৱণীয় ফাইবাৰ থকাৰ বাবে দ্ৰুত গতিত হাৰ্টৰ ৰোগ নিৰাময় কৰাত সহায় কৰে। সেয়ে হৃদৰোগীয়েও ভেণ্ডি খাব লাগে। ভেণ্ডিয়ে হজমীশক্তি বৃদ্ধিকৰে, কোষ্ঠকাঠিন্য দূৰকৰে। হাৰ্ট আৰু ডায়েবেটিছ ৰোগীয়ে নিয়মিত ভেণ্ডি খালে বিভিন্ন সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে।

(১২) বিলাহীঃ-

বিভিন্ন ধৰনৰ ফাইটনিউটেন্ট থাকে। (lycopen,b-cortene,anthocyanin havonids) এন্টিঅক্সিডেন্ট থাকে। উচ্চ মাত্ৰাত lycopene, মিনাৰেল, ফলিক এচিড, লিনলেনিক এচিড থাকে। প্ৰতি ১০০ গ্ৰাম বিলাহীত প্ৰটিন ১৪ গ্ৰাম, কাৰ্বহাইড্ৰেট ৫৬ গ্ৰাম, ফেট ২ গ্ৰাম, ২৫৮ কেলৰি, ১২ গ্ৰাম ডায়েটেৰি ফাইবাৰ থাকে। বিলাহীত থকা এন্টিঅক্সিডেন্টে অপকাৰী ক’লেষ্টেৰলৰ (এল ডি এল আৰু ট্ৰাইগ্লিচাৰাইডৰ) পৰিমান হ্ৰাস কৰে৷ ভিটামিন-ই আৰু ভিটামিন-চি হাৰ্ট আৰু আমাৰ তেজৰ বাবে উপযোগী৷ বিলাহীত উচ্চ পৰিমাণত থকা প’টেচিয়ামে তেজৰ নলী বহলাই ৰাখি ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে৷ দৃষ্টি শক্তিৰ উন্নতি সাধন কৰে। কুকুৰীকণা আৰু আন চকুৰ অসুখ বিলাহীত থকা ভিটামিন-এৰ বাবে উপশম হয়৷ বিলাহীৰ ডাইয়ুৰেটিক (প্ৰসাবৰ পৰিমাণ বঢ়োৱা) গুণৰ বাবে কিডনি আৰু প্ৰসাবৰ সংক্ৰমণ কমে৷ প্ৰষ্টেটৰ, হাওঁফাওঁৰ, মূত্ৰাশয়ৰ, পাকপ্ৰণালী আদিৰ কৰ্কট ৰোগ বিহালীত থকা লাইকোপেন আৰু আন আন এন্টিঅক্সিডেন্টে প্ৰতিৰোধ কৰাত সহায় কৰে। শৰীৰৰ অপকাৰী ফ্ৰি-ৰেডিকেলৰ বিলাহীয়ে বিনষ্ট কৰে, শৰীৰত ব্লাডচুগাৰ নিয়ন্ত্ৰলত সহায় কৰে।

(১৩) কেৰেলাঃ-

ইনচুলিন নিসৰন বৃদ্ধি কৰে ব্লাড গ্লুকজ কম কৰে। তিতা কেৰেলাত ভিটামিন বি-১, বি-২, বি-৩, বি-৬, বি-৯, ভিটামিন-চি, ভিটামিন-ই, ভিটামিন-কে আৰু খনিজ- মেগনেচিয়াম, মেংগানিজ, জিংক, চেলেনিয়াম, কেলচিয়াম, ফচফৰাচ, আইৰণ, কপাৰ, ফাইটো নিউট্ৰিয়েণ্ট- বিটা-কেৰটিন, আলফা- কেৰটিন আৰু লিউচিন-জিয়াঝেনথিন, ইলেকট্ৰলাইট- প’টেচিয়াম আৰু চ’ডিয়াম অদ্ৰৱনীয় ডায়টেৰী ফাইবাৰ থাকে৷ প্ৰতি ১০০ গ্ৰাম কেৰেলাত থাকে ১৭ কিলো কেলৰি, কাৰ্বোহাইড্ৰেট ৩.৭ গ্ৰাম, প্ৰটিন ১ গ্ৰাম, চৰ্বি ১৭০ মিলিগ্ৰাম, ডায়টেৰী ফাইবাৰ ২.৮ গ্ৰাম থাকে৷ পানীৰ পৰিমান হ’ল ৯৪ গ্ৰাম৷

বিশ্ব স্বাস্থ্য সংস্থা আৰু বিভিন্ন দেশ বিদেশৰ বিশ্ববিদ্যালয়ত বহু বছৰৰ পৰা তিতা কেৰেলাৰ ওপৰত নানান গৱেষণা চলি আহিছে৷আমৰিকাৰ চেণ্ট লুইচ বিশ্ববিদ্যালয়ে বক্ষৰ কৰ্কট ৰোগৰ নিৰাময় আৰু প্ৰতিৰোধত তিতা কেৰেলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি দাবী কৰিছে৷ শেহতীয়াকৈ শ্ৰীলংকাৰ পেৰাডেনিয়া বিশ্ববিদ্যালয়ে কেৰেলাৰ গুটিয়ে কেঞ্চাৰ কোষ বিনষ্ট কৰিবলৈ সক্ষম বুলি দাবী কৰিছে আৰু কেণ্ডি জেনেৰেল হস্পিতেলত ইয়াৰ প্ৰয়োগ আৰম্ভ কৰিছে৷

Journel of Endopharmacologyৰ জানুৱাৰী ২০১১ চনত প্ৰকাশিত তথ্য মতে তিতা কেৰেলা দৈনিক ২ গ্ৰাম খালে ১ গ্ৰাম মেটফৰ্মিনৰ প্ৰায় সম পৰিমানৰ তেজৰ চুগাৰ নিয়ন্ত্ৰণ হোৱা পৰিলক্ষিত হয়৷ তিতা কেৰেলাত থকা লেক্টিন নামৰ প্ৰটিনে তেজত থকা চুগাৰৰ পৰিমান কমোৱাত ইনচুলিনৰ দৰে কাম কৰে৷

তিতা কেৰেলাত থকা পলিপেপ্টাইড-পি নামৰ ফাইটোনিউট্ৰিয়েণ্টে তেজৰ চুগাৰ হ্ৰাস কৰে৷ তিতা কেৰেলাত থকা ’চাৰটিন’ আৰু এবিধ লেক্টিনেও তেজৰ চুগাৰ কমায়৷

তিতা কেৰেলাত থকা এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন-বি গোটে শৰীৰৰ বাবে বিপদজনক ফ্ৰি-ৰেডিকেল হ্ৰাস কৰে আৰু ফলত দেহত বয়সৰ ছাপ কমকৈ পৰে আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰে৷ কেৰেলাৰ নিয়মীয়া সেৱনে প্ৰষ্টেট, বক্ষ, জৰায়ু আদিৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে৷

তিতা কেৰেলাত থকা এণ্টিঅক্সিডেণ্ট, ফাইটোনিউট্ৰিয়েণ্ট আৰু ভিটামিনৰ সহায়ত আমাৰ শৰীৰৰ ইমিউনিটি বঢ়ায় অৰ্থাৎ ৰোগ প্ৰতিৰোধত সহায় কৰে৷

(১৪) গাজৰঃ-  

vitamin C, D, E আৰু K, বিটাকেৰাটিন থাকে। এন্টিঅক্সিডেন্টৰ ভাল উতস।

ই ভিটামিন-এৰ উ্ৎকৃষ্ট উৎস ৰুপে সৰ্বজনবিদিত। ইয়াত থকা কেৰ’টিন নামৰ উপাদানবিধেই ইয়াক ভিটামিন-এ সমৃদ্ধ কৰি তুলিছে আৰু সেয়ে হয়তো কেৰ’টিন শব্দৰ পৰাই ইয়াৰ ইংৰাজী নাম Carrot ।

১০০ গ্ৰামত গাজৰত- প্ৰ’টিন(০.৯ গ্ৰাম), চৰ্বি (০.২ গ্ৰাম),আঁহ (১.২গ্ৰাম), কাৰ্বোহাইড্ৰেট (১০.৬ গ্ৰাম),আইৰন(২.২ মি: গ্ৰাম), কেলচিয়াম (৮০ মি: গ্ৰাম), মেগনেছিয়াম (১৪ মি: গ্ৰাম), ফছফৰাছ (৩০ মি: গ্ৰাম), ছ’ডিয়াম (৩৫.৬ মি: গ্ৰাম), পটাছিয়াম (১০৮ মি: গ্ৰাম), কপাৰ (০.১৩ মি: গ্ৰাম), ভিটামিন-এ (৩২৫০ আই ইউ, বি১ (০.০৪ মি: গ্ৰাম), বি২ (০.০২ মি: গ্ৰাম), বি৩ (০.৬ মি: গ্ৰাম), চি (৩ মি: গ্ৰাম)আৰু শক্তি ৪৭ কেলৰি।  উল্লিখিত ভিটামিনসমুহৰ উপৰি গাজৰত সামান্য পৰিমাণে ভিটামিন-ডি, ই, বায়’টিন আৰু ফলিক এচিডো থাকে ।

গাজৰে দৃষ্টিশক্তি বৃদ্ধিৰ লগতে শৌচ-প্ৰস্ৰাৱ খোলোচা কৰা, ফিষ্টুলা আৰু গ্ৰহণীৰ প্ৰতিৰোধৰ ক্ষেত্ৰতো ই ফলদায়ক ভুমিকা গ্ৰহণ কৰে। এফালে ই কম কেলৰিসমৃদ্ধ আৰু আনফালে টক’কিনিক (Teknik) নামৰ ইনছুলিন উৎপাদনকাৰী এবিধ হৰম’নো সৃষ্টিকৰাৰ বাবে মধুমেহ বা ডায়েবেটিছ ৰোগত ভোগা লোকৰ বাবে গাজৰ উপকাৰী।

 hi I am Dr Hari