Dr Haris Well future : May 2020

Sunday, May 31, 2020

কেনেকৈ নিৰোগী হৈ থাকিব

কেনেকৈ নিৰোগী হৈ থাকিবঃ

জীৱন কালত আমি সদায় নিৰোগী হৈ থাকিবৰ বাবে খোৱা খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াতো অত্যন্ত জৰুৰী। কাৰণ আমি খোৱা বিভিন্ন খাদ্যৰ পৰাই আমাৰ দেহে প্ৰয়োজনীয় ভিন্ন ভিন্ন ভিটামিন লাভ কৰে। লগতে আমি সঠিক সময়ত খাদ্য সঠিক পৰিমানে খোৱাৰ উপৰতো গুৰুত্ব প্ৰদান কৰাতো অতি জৰুৰী।

আপোনালোকে হয়তো দেখিছে এনেকুৱা কিছুমান মানুহ আছে যি জীৱন কালত কেতিয়াও মাদক, দব্য বা মদ, ভাং, বিৰি, চিগাৰেট সেৱন কৰা নাই। আৰু বাহিৰৰ হোটেলত খাদ্য খালে স্বাস্থ্য়ৰ ক্ষতি হব বুলি কেতিয়াও বাহিৰত খাদ্য গ্ৰহন নকৰে যদিও কিন্তু সেই সকলৰ কেতিয়াবা গুৰুত্ব ৰোগ হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ একমাত্ৰ কাৰণ হল সময় মতে খাদ্য গ্ৰহন নকৰা বা খাদ্য খোৱা পাছত কিছুমান নিয়ম পালন নকৰা। আমি সকলোৱে জানো যে শৰীৰত ভিটামিনৰ অভাৱ পূৰনৰ বাবে  বিভিন্ন ধৰণৰ শাক পাচলি, ফল-মূল, গাখীৰ আদি খাব লাগে। এই বোৰ আমি নিয়মিত খোৱাৰ পাছতো কিন্তু প্ৰতি দুজনৰ ভিতৰত এজন ব্যক্তিৰ অৰ্থাত ৫০ শতাংশ মানুহৰ দেহত ভিটামিন, আইৰণ, কেলচিয়াম আদি শৰীৰৰ বাবে অতি প্ৰয়োজনীয় পোষণৰ অভাৱত ভূগিব লগা হৈছে। কাৰণ বহুলোকে খাদ্য খোৱা পাছত এনে কিছুমান কাম কৰে যাৰ বাবে খাদ্য ভালদৰে হজম হব নোৱাৰে আৰু খাদ্যৰ পৰা পাব লগা ভিটামিন, মিনাৰেলচ আদি আমাৰ শৰীৰে সঠিক ভাৱে গ্ৰহন কৰিব নোৱাৰে। তাৰ উপৰিও এনে কিছুমান দাঙৰ ভূল কাম আমি কৰো যাৰ বাবে শৰীৰত ভয়াৱহ এলাৰ্জী, দূৰ্বলতা আৰু সহজতে ভাল কৰিব নোৱাৰা কিছুমান ৰোগৰ উৎপত্তি হয়।

কি-কি-খাদ্য-খালে-নিৰোগী-হৈ--থাকিব খাদ্যও হব পাৰে দুৰাৰোগ্য ৰোগৰ কাৰক

আমাৰ শৰীৰৰ বাবে খাদ্য যিমান গৰুত্বপূৰ্ন খাদ্যৰ সৈতে জড়িত নীতি নিয়ম বোৰ আমি সদায় মানি চলাতো সিমানেই গৰত্বপূৰ্ন। খাদ্য খোৱাৰ সঠিক নিয়ম পালন কৰি আমি বিভিন্ন গুৰুত্ব ৰোগৰ টেবলেট খোৱাৰ পৰা নিজকে বছাই ৰাখিব পাৰো আৰু এক সুস্থ সৱল জীৱন যাপন কৰিব পাৰো।

শৰীৰৰ ওজন বৃদ্ধি বা মেদবহুলতা গেছ, এছিডিটি, দৃষ্টি শক্তিৰ বিসংগতি, ইউৰিকএচিড, থাইৰয়েড, মূৰৰ চুলি খৰা বা চুলিৰ অকাল পক্কতা, হাঁপানী আৰু বিভিন্ন ধৰণৰ হাওঁফাওঁ সম্পৰ্কীয়, স্বাস-প্ৰশ্বাস জনীত ৰোগ, ৰাতি টোপনি নহা সমস্যা, মূৰৰ বিষ, কোষ্ঠকাঠিন্য, ডায়েবেটিছ, হাৰ্টৰ বিভিন্ন ধৰণৰ ৰোগ আৰু যৌন দূৰ্ব্বলতাৰ দৰে গুৰুত্বৰ সমস্যাও খাদ্য খোৱাৰ নিয়ম ভালদৰে পালন নকৰা বাবে হব পাৰে। গতিকে আমি জানো আহক খাদ্য খোৱাৰ পিছত কোন বোৰ ভূল আমি কৰি আছো আৰু এই বোৰ তৎক্ষণত বন্ধ কৰাতো অতি প্ৰয়োজন।

খাদ্য খোৱাৰ পাছত ধূম্যপ্ৰান নকৰিবঃ    

প্ৰায় আমি দেখিবলৈ পাওঁ, এনেকুৱা বহু ব্যক্তি আছে যি খাদ্য খোৱা পাছতেই ধুম্যপ্ৰান কৰে আৰু খাদ্য খোৱাৰ পাছতেই ধুম্যপ্ৰান কৰাতো এক অভ্যাসত পৰিণত কৰি লয়। যি সকল ব্যক্তিয়ে ধুম্যপ্ৰান কৰে এনে ব্যক্তিয়ে খাদ্য খোৱাৰ পাছতেই চিগাৰেট খাই মনত আনন্দ পায়। কিন্তু সিকিৎসা বিজ্ঞানী আৰু চিকিৎসকৰ অভিমত অনুসৰি খাদ্য খোৱাৰ পিছতেই চিগাৰেট খোৱাটো অতি বিপদ জনক। কাৰণ খাদ্য খোৱাৰ পাছতেই যদি চিগাৰেট খায় তেনে হলে চিগাৰেটৰ যি ক্ষতি কাৰক প্ৰভাৱ এই প্ৰভাৱ ১০ গুনতকৈও বেছি বৃদ্ধি হৈ যায়। আমি যেতিয়া চিগাৰেট খাওঁ ইয়াৰ ধপাতত থকা নিকটিন অত্যধিক মাত্ৰাত আমাৰ তেজত প্ৰৱেশ কৰে আৰু এই নিকটিনে আমাৰ তেজত থকা অক্সিজেনৰ মাত্ৰা হ্ৰাস কৰে, যিয়ে আমাৰ পাচন প্ৰক্ৰিয়াত অত্যন্ত বেয়া প্ৰভাৱ পেলায়, যাৰ ফলত খাদ্যৰ পৰা সঠিক পোষণ আমাৰ শৰীৰে গ্ৰহন কৰিব নোৱাৰে। চিগাৰেটৰ ধোঁৱাত অন্তনিহিত কেমিকেল উপাদান খাদ্যত থকা মিনাৰেল, ভিটামিন আদিৰ গুন নষ্ট কৰি দিয়ে, যাৰ ফলত শৰীৰত সঠিক পোষণ নাপায়। খাদ্য খোৱাৰ পাছত  চিগাৰেট খোৱাৰ ফলত হাওঁফাওঁ বা শ্বাস যন্ত্ৰৰ কেন্সাৰ, কলন কেন্সাৰ আদি হোৱাৰ সম্ভাৱনা প্ৰায় ৫০শতাংশ বৃদ্ধি হয়।

চিকিৎসা বিশেষজ্ঞৰ মতে খাদ্য খোৱাৰ পাছত খোৱা এটা চিগাৰেটৰ প্ৰভাৱ একেলগে ১০ টাতকৈও বেছি ছিগাৰেটৰ খোৱাৰ সমান হয়। গতিকে যদি আপোনি চিগাৰেট খায় তেনে হলে এই বেয়া অভ্যাস আজিৰ এই মূহূৰ্ত্বৰ পৰাই পৰিত্যাগ কৰক, অথবা যদি অত্যন্ত এৰিব নোৱাৰে তেনে হলে নূন্যতম আধাঘন্টা ব্যৱধান ৰাখক।

খাদ্য খোৱাৰ পিছতেই বিছনাত বিশ্ৰাম লব নালাগেঃ

আমাৰ বহু মানুহৰ এটা অভ্যাস-পেট ভৰাই খাদ্য খোৱাৰ পিছতেই বিছনাত বিশ্ৰাম লোৱা। খাদ্য খোৱা পাছত মানুহৰ টুপনিও যথেষ্ট ভাল হয়। নিদ্ৰাও গভীৰ হয়। কিন্তু খাদ্য ভালদৰে হজম হবৰ বাবে শীৰৰ পোনহৈ থকাতো অত্যন্ত জৰুৰী। কাৰণ আমি খোৱা খাদ্য সদায় নিম্ৰ গ্ৰামী হয় আৰু যদি খাদ্য খোৱাৰ পাছতেই শুৱা হয় তেনে হলে খাদ্য হজম হোৱা গতি লেহেমীয়া হয়। আৰু খাদ্য হজম কৰিব বাবে  আমাৰ অন্তত যি এচিদিৰ উৎপত্তি হয় সেই এচিড উপৰলৈ আহি বুকুৰ জ্বলা পোৰা, এচিডটি, বদহজম, টেঙা উগাৰ, পেটত ঘাঁ লগা আদি  সমস্যা সম্ভাৱনা বৃদ্ধি হয়।

যদি কোনো ব্যক্তিৰ এবাৰ পাচন তন্ত্ৰসমন্বয়ী সমস্যা হয় তেনে হলে ইয়াৰ প্ৰভাৱ ব্যক্তিজনৰ সমগ্ৰ দেহতে হবলৈ ধৰে আৰু ক্ৰমান্বয়ে শৰীৰৰ বিভন্ন বোমাৰ হয়, ব্যক্তিজন ৰোগীয়া হবলৈ ধৰে।

    বহুতে কয় খাদ্য খোৱাৰ পাছত বাঁও কাটি হৈ শুব লাগে। কিন্তু খাদ্য খোৱাৰ পাছত যদি আপুনি বিছনাত যায় তেনে হলে সোঁ বা বাঁও যিকোনো কাটিয়েই নুশুৱক লাগিলে ইয়াৰ ফলত উজন বৃদ্ধি হবই। গতিকে খাদ্য খোৱা পাছত শুৱাৰ ব্যৱধান অন্তত দেৰৰ পৰা ২ ঘন্টা ৰাখক।

খাদ্য খোৱাৰ পাছত মিঠা খাব নালাগেঃ

টেঙা আৰু জ্বলা, মছলা যুক্ত খাদ্য খোৱাৰ পাছত বহু মানুহৰ মিঠা খোৱাৰ এটা অভ্যাস দেখিবলৈ পোৱা য়ায়। বিশেষকৈ আমি বহু মানুহৰ ঘৰত দেখিবলৈ পাওঁ ৰাতি খোৱাটো এক প্ৰকাৰৰ অভ্যাস। খাদ্য খোৱাৰ পাছত গুৰ বা ফলমূলৰ ৰস আদি খোৱাটো কোনোধৰণৰ অপকাৰ নহয়, কিন্তু চেনি বা চেনি দ্বাৰা প্ৰস্তত কৰা যিকোনো খাদ্যৰ পৰাই অপকাৰ হব পাৰে। মই আগৰ এটা লিখাত কৈছিলো যে মিথাৰ নামত চেনি খোৱাটো অতি বিপদজনক। কাৰণ আমি খোৱা খাদ্যত বিভিন্ন প্ৰকাৰে কেলৰি আৰু গ্লুকজ থাকেই কিন্তু খাদ্য খোৱাৰ পাছতেই গ্ৰহন কৰা চেনি যুক্ত খাদ্যই এই গ্লুকজ আৰু কেলৰিৰ মাত্ৰা অপ্ৰয়োজনীয় ভাৱে বৃদ্ধি কৰিব। শৰীৰত কেলৰি আৰু চুগাৰ বৃদ্ধিৰ হোৱাৰ বাবে মেদবহুলতা, বা পেট আৰু ককাঁলৰ অংশত ছৰ্বী জমা হোৱা আদিৰ সমস্যা লগতে ডায়েবেটিছ আৰু কিডনি সম্পৰ্কীয় বেমাৰৰ সম্ভাৱনা দুগুন বৃদ্ধি কৰে। চেনি প্ৰস্তুত কৰোতে বিভিন্ন ধৰণৰ কেমিকেল ব্যৱহাৰ কৰা হয়, যাৰ ফলত চেনি এচিডিক হৈ যায়। খাদ্য খোৱাৰ পাচত গ্ৰহন কৰা চেনিৰে প্ৰস্তুত কৰা খাদ্যই আমি খোৱা  খাদ্যক ভালদৰে পৰিপাক বা হজম হোৱাত বাধা দিয়ে আৰু লগতে তেজ আৰু প্ৰস্ৰাৱতো এচিডৰ মাত্ৰা বৃদ্ধি কৰে। গতিকে যদি মিঠা খাব বিছাৰে তেনে হলে খাদ্য খোৱাৰ পিছতেই নাখাই বেলেগ সময়ত খাব লাগে।

খাদ্য খোৱাৰ লগে লগে খোঁজ কঢ়িব নালাগেঃ

আমাৰ বয়োজ্যেষ্ঠ ককা আইতা সকলে আমাক সততে উপদেশ দিয়ে খাদ্য খোৱাৰ পাছত খোঁজকঢ়াৰ বাবে। কিন্তু খাদ্য খোৱাৰ পাছত এশ খোঁজ কহাতো লাভ দায়ক যদিও কিন্তু খাই উঠিয়েই খোঁজ কঢ়াতো শৰীৰৰ পক্ষে উপকাৰী নহয়। খাদ্য খোৱাৰ পাছত আমাৰ খাদ্য পৰিপাক ক্ৰিয়াৰ বাবে আমাৰ অন্তত তেজৰ গতি দ্ৰুত হয়, কিন্তু খাদ্য খোৱাৰ লগে লগে খোঁজ কঢ়াৰ ফলত তেজৰ দ্ৰুত চলাচল আমাৰ পাছন তন্ত্ৰৰ পৰিৱৰ্তে শৰীৰৰ বেলেগ অংগ যেনে হাত ভৰি আদি সকলোতে দ্ৰুত হৈ যায় আৰু পাছন প্ৰক্ৰিয়া দ্ৰুত হোৱাৰ পৰিৱৰ্তে লেহেমীয়া হৈ যায়। যাৰ বাবে আমাৰ বিভিন্ন সমস্যা হবলৈ ধৰে। খোৱা খাদ্য যাতে ভালদৰে হজম হব পাৰে  তাৰ বাবে অন্তত খাদ্য খোৱা আধা ঘন্টা পাছতহে খোজ কাঢ়িব লাগে।

খাদ্য খোৱাৰ পাছতেই চাহ আৰু কফি খাব নালাগেঃ

চাহ আৰ কফিত caffeine আৰু tannic acid ৰ মাত্ৰা অত্যাধিক থাকে। গতিকে খাদ্য খোৱাৰ পাছতেই চাহ আৰু কফি খালে খাদ্যত থকা আইৰণ আৰু প্ৰটিন শৰীৰে ভালদৰে গ্ৰহন কৰিব নোৱাৰে। কাৰণ tannic acid এ আইৰণ আৰু প্ৰটিন ধ্বংস কৰি দিয়ে। যাৰ বাবে শৰীৰত লাহে লাহে আইৰণ আৰু পটিনৰ অভাৱ হবলৈ ধৰে আৰু এনিমিয়া, দূৰ্ৱলতা, মেদবহুলতা আৰু চুলিপকাৰ দৰে বিভিন্ন শাৰীৰিক সমস্যাৰ সন্মখীন হব লগা হয়। চাহ টো গৰম হয় আৰু লগতে ইয়াত চেনি মিলোৱাৰ বাবে এচিডিক হৈ যায়। খাদ্য খোৱা পাছত চাহৰ দৰে গৰম দব্যই এচিডিটি, হাইপাৰ এচিডিটি আৰু চালৰ ৰোগৰ উৎপন্ন কৰে। গতিকে খাদ্য খোৱাৰ লগে লগে চাহ কেতিয়াও খাব নালাগে।

খাদ্য খোৱাৰ লগে লগে কোতিয়াও গা ধুব নালাগেঃ

খাদ্য খোৱাৰ লগে লগে কোতিয়াও গা ধুব নালাগে। খাদ্য খোৱাৰ পাছত স্নান কৰিবৰ বাবে অন্তত আধাঘন্টা সময় অপেক্ষা কৰিব লাগে।

বহু মানুহৰ এটা অভ্যাস দেখিবলৈ পোৱা য়ায়। পূৱাৰ আহাৰ খোৱাৰ পাছতেই স্নান কৰা। কিন্তু খাদ্য খোৱাৰ পাছত আমাৰ অন্তত তাপমান যথেষ্ট বৃদ্ধি হয়, যাৰ বাবে খাদ্যৰ খোৱাৰ পাছতেই আমাৰ দেহত কিছু গৰম অনুভৱ হয় আৰু খাদ্য খোৱা লগে লগে যদি স্নান কৰা হয় তেনে হলে আমাৰ দেহ হৰ্থাৎ থাণ্ডা হয় আৰু খাদ্যৰ পাচন ক্ৰিয়াত ব্যাঘাট জন্মে। যাৰ বাবে পেটৰ বেমাৰ হোৱা সম্ভাৱনা বৃদ্ধি হয়।

খাদ্য খোৱাৰ লগে লগে পানী খাব নালাগেঃ

পৌৰানিক আয়ুৰবেদত উল্লেখ কৰা অনুসৰি খাদ্য খোৱাৰ লগে লগে পানী খাব নালাগে। বহু লোকৰ খাদ্য খোৱা লগে লগে পানী খোৱা অভ্যাস দেখিবলৈ পোৱা যায়। খাদ্য খোৱা লগে লগে অত্যাধিক পানী খালে খাদ্য পাছন ক্ৰিয়া সম্পূৰ্ন ৰুপে বন্ধ কৰি দিয়ে। যাৰ বাবে খাদ্যৰ পৰা কোনো ধৰণৰ পোষণ লাভ কৰিব সক্ষম নহয়। অন্য হাতে খাদ্য পাচন ক্ৰীয়াত বাধা আহি পৰা বাবে অন্তৰ সমস্যা, অন্তৰ ঘাঁ, এচিডিটি, কোষ্ঠকাঠিন্য, শৰীৰ দূৰ্ব্বলতা, ইউৰিক এচিড আদিৰ সমস্যা হব পাৰে। গতিকে খাদ্য খোৱাৰ পাছত এক বা ২ ঘোট পানী খাব লাগে। যদি অত্যন্ত পানী খাব লগা হয় তেনে হলে খাদ্য খোৱা মাজতেই অলপ অলপ পানী খাব পাৰে। খাদ্য খোৱা পাছত যদি পানী পিয়াহ লাগে তেনে হলে ফলৰ ৰস খাব পাৰে। খাদ্য খোৱাৰ পাছত ফ্ৰিজৰ পানী বা বহুত বেছি ঠাণ্ডা পানী খাব নালাগে। কাৰণ পাচন ক্ৰীয়াক বিনষ্ট কৰিব বাবে ফ্ৰিজৰ পানী সাধাৰণ পানীতকৈ ১০ গুন বেছি ক্ষতিকাৰক হয়।

খাদ্য খোৱাৰ লগে লগে ব্ৰাছ কৰাতো আমাৰ দাঁতৰ বাবে কেতিয়াবা ক্ষতিকাৰক হব পাৰেঃ

ৰাতি শুৱাৰ আগত সকলোৱে ভালদৰে দাঁত ব্ৰাচ কৰাতো অতি প্ৰয়োজনী, কিন্তু খাদ্য খোৱাৰ লগে লগে ব্ৰাছ কৰাতো আমাৰ দাঁতৰ বাবে কেতিয়াবা ক্ষতিকাৰক হব পাৰে। বিশেষকৈ টেঙা ফল বা টেঙা জাতীয় খাদ্য খোৱাৰ পাছত, নেমু কমলা আৰু এনেধৰনৰ সকলো টেঙা যত চাইট্ৰিক এচিডৰ মাত্ৰা অধিক থাকে। এনেবোৰ বস্তু খোৱাৰ পাছত আমাৰ দাঁতৰ এনামেল কমজোৰ হৈ যায়। আৰু সেই বোৰ খোৱাৰ লগে লগে ব্ৰাছ কৰাৰ ফলত দাঁতৰ গুৰুতৰ ক্ষতি সাধন হব পাৰে। গতিকে খাদ্য খোৱাৰ ৩০ মিনিট পাছতহে ব্ৰাছ কৰিব লাগে।

চালাদ ভাতখোৱাৰ পিছত খাব নালাগেঃ

ফল আৰু চালাদ আমাৰ দেহৰ বাবে অত্যন্ত লাভদায়ক হয় আৰু সেইহে স্বাস্থ্য বিশেষজ্ঞ সকলে আমাক সদায় ফলমূল আৰু চালাদ খাবৰ বাবে  সততে উপদেশ দিয়ে। চালাদত খোৱা দ্ৰব্য সদায় ঠাণ্ডা হয় যাৰ বাবে চালাদ আমি খাদ্য গ্ৰহন কৰি থকাৰ মাজতে খাব লাগে। খাদ্য শেষ হোৱা পাছত চালাদ খালে আমাৰ পাচন ক্ৰিয়া লেহেমীয়া হৈ যায়।

ফলত ফাইবাৰৰ মাত্ৰা অত্যাধিক থাকে গতিকে এই বোৰ পাচনৰ বাবে ৩০ৰ পৰা ৪০ মিনিট সময়ৰ প্ৰয়োজন হয়। গতিকে খাদ্য খোৱাৰ পাছতেই যদি আমি ফল খাওঁ তেনে হলে আমাৰ খাদ্য পাচনক্ৰীয়া সমস্যা হোৱাৰ সম্ভাৱনা থাকে। আৰু যাৰ বাবে আমাৰ পেটত গ্ৰেছৰ উৎপত্তি হয়। গতিকে ফলমূলৰ পৰা সম্পূৰ্ন লাভৱান হব বাবে খাদ্য খোৱাৰ পাছতেই ইয়াক গ্ৰহন নকৰি বেলেগ সময়ত গ্ৰহন কৰাতোৱেইলাভ দায়ক।

এনেকুৱা বহু খাদ্য দ্ৰব্য আছে যিবোৰ বাহিৰৰ পৰা দেখাত অত্যন্ত ফলদায়ক যেন লাগে। আৰু লগতে এনেকুৱা কিছুমান খাদ্য আছে যিবোৰ একেলগে খালে আমাৰ দেহৰ প্ৰচুৰ ক্ষতি হব পাৰে।

ডা. হৰিকান্ত দাস।

কৰোনাৰ ভেকচিন ওলাল!

কৰোনাৰ-ভেকচিন-ওলাল 

যেনিয়েই যাওঁ এটাই মাত্ৰ প্ৰশ্ন কৰোনাৰ ভেকচিন উলাল? ভেকচিন কি, কিয় লব লাগে, ইয়াৰ বিষয়ে কোনোধৰণক জ্ঞান নথকা লোক, চহা গাৱলীয়া, হালোৱা, হজুৱা সকলোৰে এটাই প্ৰশ্ন কৰোনাৰ ভেকচিন উলালনে? কেতিয়া ওলাব, ২/৩ মাহৰ ভিতৰত আমি পামনে?

    আচলতে কোনো ৰোগৰ ভেকচিন প্ৰস্তত কৰাটো ইমান সাধাৰণ কথ নহয়। বিজ্ঞানী সকলৰ কঠোৰ পৰিশ্ৰম, অধ্যৱসায়, বহু সময় আৰু অৰ্থৰ বিনিময়তহে একো একোটা ভেকচিনে পূৰ্ণতা লাভ কৰে।

    বহু বিজ্ঞানীৰ নিৰন্তৰ সাধনা অৰু কষ্টৰ ফলত এতিয়ালৈকে বিশ্বত প্ৰায় ২৮ বিধ ৰোগৰ বিৰুদ্ধে চিতা বা ভেকচিন প্ৰস্তুত হৈছে আৰু এইবোৰ ব্যৱহাৰ কৰি বিভিন্ন মাৰাত্মক বেমাৰৰ পৰা প্ৰণ বছাবলৈ সক্ষম হৈছো।

    এডৱাৰ্ড জেনাৰৰ স্মলপক্স ভেক্সিন, লুই পেষ্টিউৰৰ এনথ্ৰাক্স (Antharx) আৰু জলাতংক ৰোগৰ ভেকচিনৰ পৰা এই সকলোবোৰ ভেকচিনৰ ইতিহাস চালে আমি দেখিবলৈ পাওঁ এই বোৰ প্ৰস্তুত কৰোতে ১/২ বছৰ নহয় ১৫ ৰৰ পৰা ২৫ বছৰ সময়ৰ প্ৰয়োজন হৈছিল আৰু আৰু হাজাৰ কৌটি টকাৰ খৰচৰ বিনিময়ত এইবোৰ প্ৰস্তুত কৰা হৈছিল।

    বৰ্তমান সময়ত অতি দ্ৰুত গতিত কৰোনাৰ ভেকচিনৰ প্ৰস্তুতিৰ গৱেষণা চলি আছে আৰু ই অতি সোনকালে সফল হব।

    কিন্তু ইয়াতে অপোনালোকক ইটা কথা কৈথওঁ- যিটো চিকেন পক্স(Chicken Pox)বা মাজু আইৰ ভেকচিন প্ৰস্তুত হওঁতে সময় লাগিছিল সুদীৰ্ঘ ২৫ বছৰ।

    কেন্সাৰ প্ৰতিৰোধী HPV ভেকচিনৰ বাবে সময় লাগিছিল ১৫ বছৰ।

    ৰোটা ভাইৰাছৰ ভেকচিনৰ বাবে সময় লাগিছিল ১৫ বছৰ আৰু আন ২৬ বিধ ভেকচিনৰ প্ৰস্তুত কৰোতে ১০ বছৰৰ উপৰত সময়ৰ প্ৰয়োজন হৈছিল।

    আচলতে এই ভেকচিন নো কি? একেবাৰে সহজ ভাবে কবলৈ গলে-কোনো এক বীজাণুকে সৰলীকৃত কৰি অৰ্থাত বীজাণুটোৰ বিনাষকাৰী গুণবোৰ নাইকিয়া কৰি লৈ সেই বিধ বিজাণুকে মানুহৰ দেহত খোমোৱাই দিয়া হয়। যেনে বসন্তৰ বীজাণু ভেৰিয়লা(Variola) বীজাণুকে ভেকচিনৰ দ্বাৰা সৰলীকৃত কৰি দেহত খোমোৱাই দিয়া হয়। দেহত বাহিৰৰ পৰা এনেদৰো সোমোৱাই দিয়া প্ৰক্ৰিয়াটোক ভেকচিনেচন বুলি কোৱা হয়।

    ভেকচিনেচনৰ দ্বাৰা ৰোগৰ বীজানুৰ দূৰ্বল ৰূপটো আমাৰ শৰীৰত প্ৰবেশ কৰাৰ ফলত আমাৰ শৰীৰৰ যি ইমিউন ছিষ্টেম (Immune System) আছে সেই ছিষ্টেমটো সক্ৰীয় হৈ উঠে আৰু এই বীজাণু বা (Antigen)বোৰৰ বিৰুদ্ধে যুযঁ কৰিবলৈ এন্টিবডীৰ সৃস্টি হয় আৰু এই শত্ৰুৰূপী বীজাণুক ধংসকৰি বেমাৰৰ পৰা আমাক বছাই ৰাখে।

    বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰ প্ৰায় ১০০ টাতকৈও অধিক প্ৰতিষ্ঠানে এই কোভিড-১৯ বিৰুধী ভেকচিন প্ৰস্তুতিৰ বাবে দিন ৰাত একাকাৰ কৰি গৱেষণা চলাই আছে। ইয়াৰে নভাভেকচ (Novavax), মডাৰ্না (Moderna), কেনচিনো (Cansiono), ফাইজাৰ(Pfizer), জনচন এণ্ড জনচন(Johnso and Johnson), চেনফি(Sanofi), অক্সফড বিশ্ববিদ্যালয় আৰু এষ্ট্ৰা জেনেকা(Astra Zeneca) ই গৱেষণাৰ যথেষ্ট অগ্ৰগতি হোৱাবুলি দাবী কৰিছে।

    ভয় আৰু উদ্বিগ্নতা, পৃথিৱীৰ লক্ষ লক্ষ মানুহৰ মৃত্যুৰ বিভিষিকা, অৰ্তনৈতিক দূৰাৱস্থা আৰু পৃথিৱীৰ সম্ভাব্য ধংসৰ ভয়ানক ৰূপটোৰ বাবে তস্ত্ৰমান সমগ্ৰ বিশ্ব।

    এনে এক দূৰ্যোগপূৰ্ণ সময়তোপৃথিৱীৰ মানৱ জাতিৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছ আমেৰিকা যুক্তৰাষ্ট্ৰক মৰ্ডানা নামৰ ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে। তেওঁলোকে ইতি মধ্যে প্ৰথম পৰ্যায়ৰ পৰীক্ষা সম্পৰ্ণ কৰিছে আৰু ইতিমধ্যে দ্বীতীয়টো পৰীক্ষণো সম্পৰ্ণ কৰা হব বুলি জানিব পৰা গৈছে।

    এই ভেকচিনৰ প্ৰস্তুতৰ বাবে পূৰ্বৰ অভিজ্ঞতা আৰু উন্নত প্ৰযুক্তি বিদ্যাই যথেষ্ট লাভবান কৰিছে গৱেষক তথা বিজ্ঞানী সকলক। ২০০৩ চনত পৃথিৱীত যি ছাৰ্ছ (SARS) মহামাৰী হৈছিল আৰু ২০১২ চনত MERS নামৰ আন এক মহামাৰীয়ে দেখা দিছিল। এই ছাৰ্ছ আৰু মাৰ্ছৰ যি SARS-CoV-1, আৰু MERS-CoV কৰোনা ভাইৰাছৰে এটা নতুন ভাইৰাছ SARS-CoV-2.


       আমি আযাকৰিম এই নতুন কৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ ষি শক্তিখেল ই নিশ্চিতভাবে প্ৰস্তুত হব আৰু পৃথিৱীৰ বুকুৰ পৰা এই মাৰাত্মক ভাইৰাছৰ প্ৰভাৱ নোহোৱা হব। পৃথিৱী পুনৰ হাহিঁব।
hi I am Dr Hari

Wednesday, May 13, 2020

চ’ৰিয়াচিছ

’ৰিয়াচিছ

চ’ৰিয়াচিছ-ৰোগৰ-কাৰণ-কি চ’ৰিয়াচিছ

আজি আমি আলোচনা কৰিম বৰ্তমান সময়ত অতি ব্যাপক ভাবে দেখাদিয়া এটা গুৰুত্বপূৰ্ণ সমস্যা চ’ৰিয়াচিছ, এবাৰ যদি এই বেমাৰ কেনেবাকৈ হবলৈ হয় তেনেহলে গোটেই জীৱন পিছ এৰিবই নুখুজে! চিকিৎসা কৰি কৰি ৰোগী ভাগৰী পৰে। আজি আপোনালোকক কম চ’ৰিয়াচিছ কি? ইয়াৰ কাৰণ কি? ইয়াৰ লক্ষণ আৰু প্ৰকাৰৰ বিষয়েও আপোনালোকক কম।

শেহতীয়াকৈ চলোৱা এক অধ্যয়নত প্ৰকাশপোৱা অনুসৰি কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতেএ ৮ মিলিয়নতকৈও বেছি মানুহ এই চ’ৰিয়াচিছ ৰোগত আক্ৰান্ত। সমগ্ৰ বিশ্বৰ প্ৰায় ১২৫ মিলিয়ন লোক এই চ’ৰিয়াচিছৰ সমস্যাত ভূক্ত ভুগী। অৰ্থাত মুঠ জনসংখ্যাৰ ৩ শতাংশ লোকৰ এই চ’ৰিয়াচিছৰ সমস্যা আছে।

চ’ৰিয়াচিছ ৰোগৰ কাৰণ কি?

এই ৰোগৰ সঠিক কাৰণ কি বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও চ’ৰিয়াচিছক auto Immune ডিজিজৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে। Auto Immune ডিজিজ কি ইয়াক জানিবলৈ প্ৰথম আমি আমাৰ দেহৰ এন্টিবডি বা ৰোগ প্ৰতিৰোধী ক্ষমতা কি তাক জানিব লাগিব। আমাৰ শৰীৰত যি ৰোগ প্ৰতিৰোধী ক্ষমতা বা এন্টিবডি আছে, এইবোৰে আমাৰ শৰীৰত হানিকাৰক উপাদান যেনে- বেক্তেৰিয়া, ভাইৰাছ বা অন্য কোনো ৰোগৰ বীজাণু যাক Antigen বুলি কওঁ, এই Antigen বোৰ শৰীৰত প্ৰৱেশ কৰিলে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশকৰি এই বোৰক ধংস কৰি আমাক অসুস্থ কৰি ৰাখা। এই এন্টিবডিবোৰ আমাৰ শৰীৰৰ তেজত একেৰাহে চলাচল হৈ থাকে আৰু যেতিয়া কিবা Antigen ৰ উপস্থিতিৰ উমান পায় তেনে হলে এই Antigen বোৰক সংলগ্নকৰি ধৰি ৰাখি বাকী কোষবোৰলৈ সংকেট প্ৰেৰণ কৰি দিয়ে আৰু এইবোৰে আহি Antigen বোৰক আক্ৰমন কৰি ধংস কৰিবলৈ আৰম্ভ কৰি দিয়ে। ই আমাৰ শৰীৰৰ সাধাৰণ ৰোগ প্ৰতিৰোধী ব্যৱস্থা।

চ’ৰিয়াচিছ বেমাৰত এই এন্টিবডিবোৰে নিজৰ শৰীৰৰ ছালৰ কোষবিলাককে Antigen বা বাহিৰৰ পৰা জেহত প্ৰবেশ কৰা বেমাৰৰ বীজাণু বুলি ভাবিলয় আৰু ধংস কৰিবলৈ আৰম্ভ কৰি দিয়ে। যাৰ বাবে এই চ’ৰিয়াচিছ নামৰ জটিল Auto Immune ৰোগৰ উৎপত্তি হয়।

চ’ৰিয়াচিছ ৰোগ কিয় হয়?

বিশেষকৈ উশৃংসল জীৱন যাপন, বিভিন্ন ধৰণ অসাদ্য গ্ৰহণ, জীৱন শৈলীৰ পৰিৱৰ্তন আদি কাৰণত এই ৰোগ হব পাৰে। বিভিন্ন ধৰণৰ সংক্ৰমণৰ কাৰণেও এই ৰোগ হব পাৰে। চালত হোৱা আঘাট যেনে কটা-চিঙা, জুইয়ে পোৰা, চানবাৰ্ন (sunburn) ইত্যাদিৰ ফলত সেই ঠাইটুকুৰাত বা তাৰ আশেপাশে এইৰোগৰ উৎপত্তি হব পাৰে। বিষ নাষক ঔষধ, হাড্ৰক্সিক্ল’ৰ’কুইন, বিটা ব্লকাৰ আদি উচ্চ ৰক্তচাপত ব্যবহৃত কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলতো এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। মেদবহুলতাৰ বাবেও এই ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। আপেনালোকে হয়তো কেতিয়াবা মন কৰিছে অতি শকত লোকৰ ছালৰ ভাজত যেনে ব্ৰেষ্টৰ তলৰ অংশত বা পেটৰ ছৰ্বী উলমি থকা অংশৰ তলত কিছুমান মানুহৰ চ’ৰিয়াচিছৰ উৎপতি হোৱা দেখা যায়। শৰীৰৰ পৰিপুষ্টিৰ অভাৱৰ বাবেও চ’ৰিয়াচিছ হোৱা দেখা যায়। কেতিয়াবা গৰ্ভাৱস্থাত চ’ৰিয়াচিছৰ উৎপত্তি হোৱা দেখা যায়। বংশগত কাৰণতো এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। যদি ককাক আইটাক বা মাক দেউটাকৰ এই ৰোগ আছিল তেনে হ’লে সতি সন্ততিৰো এই ৰোগ হোৱাৰ আশংকা বৃদ্ধি হয়।

চ’ৰিয়াচিছ ৰোগ সোঁচৰা নেকি?

বহুতেই প্ৰশ্নকৰে বা বহুতৰে মনত সন্দেহ হয় যে এই ৰোগ সোঁচৰা নেকি? এই ৰোগ সোঁচৰা নহয়, ইয়াকলৈ শংকাৰ কোনো কাৰণ নায়।

চ’ৰিয়াচিছ ৰোগত ভূগাৰ সম্ভাৱনা থাকে?

শিশুৰ পৰা বৃদ্ধ লৈকে যিকোনো ব্যক্তিৰ এইৰোগত ভুগিব পাৰে। সাধাৰণতে ২০/৩০ বছৰ বয়সৰ  লোক এইৰোগ বেছিকৈ ভুগা দেখা যায়।।

চ’ৰিয়াচিছৰ লক্ষণ

পচণ্ড খজুৱতীৰ লগতে ৰঙা, মটীয়া, বগা মাছৰ বাকলীৰ দৰে তৰপ তৰপ অনুজ্জল, ৰোক্ষ, ফাটি যোৱা ডাঠ চালৰ তৰপ দেখা যায়। হাতৰ কিলাকটিত, আঠুঁত, পেট, বুকু, মূৰৰ পিছফালে তৰপ তৰপ ডাঠ উফিৰ নিচিনা লেতেৰা চামনি দেখা যায়। চালৰ ডাঠ তৰপটো উঠায় দিলে খজুৱাই দিলে সামান্য তেজ ওলায়। কেতিয়াবা হাত আৰু ভৰিৰ নখতো এইৰোগ হোৱা দেখা যায়। হাত ভৰিৰ নখত চ’ৰিয়াচিছ ৰোগ হলে নখ বিকৃত হোৱাৰ লগতে ইয়াৰ স্বাভাৱিক বৰণ সলনি হয় আৰু নখবোৰ মৰি আঙুলিৰ পৰা উঠি যাব পাৰে। দীৰ্ঘ দিন ধৰি চ’ৰিয়াচিছ ৰোগ হৈ থাকিলে গাঠীঁবিলাক ফুলি উঠি গাঠীঁৰ বিষ(arthritis)হব পাৰে।

চ’ৰিয়াচিছৰ প্ৰকাৰৰঃ

চ’ৰিয়াচিছ ভালগাৰিচ্:- সাধাৰণতে এইবিধ চ’ৰিয়াচিছ ৰোগেই বেছিকৈ দেখা যায়। চ’ৰিয়াচিছ ভালগাৰিচ সৰ্বসাধাৰণতে কিলাকূটি, আঁঠু, মূৰৰ পিছফালে চালত, কঁকাল, পিঠিত আদিত বেছিকৈ হোৱা দেখা যায়। চ’ৰিয়াচিছ ভালগাৰিচত চালৰ ওপৰত চিলভাৰ কালাৰৰ ডাঠ তৰপৰ পৰে আৰু চালত কম বেছি পৰিমানে খজুঁৱতি থাকে। কেতিয়াবা আক্ৰান্ত অংশত খজুৱালে তেজ তেজ বিৰিঙে।

গেটেট চ’ৰিয়াচিছ(Guttate Psoriasis):-

কম বসয়ীয়া লোকৰ মাজত এইবিধ চ’ৰিয়াচিছ বেছিকৈ দেখিবলৈ পোৱা যায়। গ’লৰ সংক্ৰমণ, মানসিক চাপ বা আঘাত বা কোনো ঔষধৰ পাৰ্শ্চক্ৰিয়াৰ ফলত মূলতঃ বুকু, ভৰি বা বাহুৰ ওপৰত ঘূৰণীয়া আকৃতিৰ পাতল ৰঙা ৰঙা ফুট ফুট দাগ দেখা যায়।

নখৰ চ’ৰিয়াচিছ:-

নখত চ’ৰিয়াচিছ নখৰ আকৃতি, ৰং, গঠনৰ বিকৃতি ঘটে। নখবোৰ ফাঁট মেলিব পাৰে আৰু আঙুলীৰ পৰা এৰি আহাৰ সমস্যা হব পাৰে।

মূৰৰ চ’ৰিয়াচিছ:-

মূৰৰ ওপৰৰ যি থাইত হয় সেই থাইৰ চালখন ৰঙা পৰি খঁজুৱাই আৰু সেই থাই ডোখৰৰ চুলি সৰিব ধৰে আৰু বগা উফিৰে ভৰ্তি হোৱা দৰে হয়।

ইনভাৰ্চ(Inverse Psoriasis):-

অত্যন্ত শকত লোকৰ এইবিধ চ’ৰিয়াচিছ হোৱা দেখা যায়। বিশেষকৈ কাষলতিৰ তলত, কৰঙণৰ চুকত, জননেন্দ্ৰিয়ৰ কাষত বা স্তনৰ তলত বগা উজ্জল দাগ হব পাৰে। খজুঁৱতিৰ লগতে কেতিয়াবা বিষো হব পাৰে। বেছিকৈ ঘঁহনি খালে বা খজুৱালে ই বাঢ়ি যায়।

পাচটুলাৰ চ’ৰিয়াচিছ (Pustular Psoriasis) :-

এবিধ অতি সাংঘাটিক ধৰনৰ চ’ৰিয়াচিছ। এইবিধ চ’ৰিয়াচিছ হলে ব্যক্তি জনৰ সম্পূৰ্ণ শৰীৰটোত ছাল যোৱাৰ নিচিনা হয় আৰু চালৰ তলত অলপ অলপ পুঁজ জমা হয়। কেতিয়াবা জ্বৰ, বিষ, খজুৱতি, দুৰ্বলতা ইত্যাদিও হব পাৰে।

এৰিথ্ৰডাৰমিক (Erythrodermic Psoriasis):-

Erythrodermic Psoriasis চ’ৰিয়াচিছ হলে শৰীৰৰ ৮০ শতাংশ পৰ্য্যন্ত বিয়পি যাব পাৰে। Erythrodermic Psoriasis চ’ৰিয়াচিছত আক্ৰান্ত হলে মানুহজনৰ শৰীৰৰ তাপমাত্ৰা সলনি হব, হৃদযন্ত্ৰৰ ধৰফৰনি বাঢ়ি যায় আৰু শৰীৰৰ চালবিলাক এৰি যাব ধৰে আৰু চালত জ্বলনি পোৰণি হয়। থিকমতে চিকিৎসা নকৰিলে ইয়াৰ ফলত মানুহৰ মৃত্যু পৰ্য্যন্ত হব পাৰে।

Arthritis চ’ৰিয়াচিছ:-

একেৰাহে বহু বছৰ ধৰি চ’ৰিয়াচিছত আক্ৰান্ত হলে শৰীৰৰ গাঠিবিলাক আক্ৰান্ত হৈ গাঠিৰ বিষ হব পাৰে আৰু গাঁঠিবিলাক ফুলিব পাৰে যাক ইংৰাজীত Arthritis বুলি কোৱা হয়।

চ’ৰিয়াচিছৰ ফলত হব পৰা জটিলতা:-

চ’ৰিয়াচিছৰ পৰা কিছুমান জটিলতা আহিব পাৰে।

যেনে চালখন ডাঠ হৈ যাব পাৰে অতিমাত্ৰা খজুৱতিৰ ফলত সেই থাইত ইনফেকচন হব পাৰে বা বেক্টেৰিয়াৰ সংক্ৰমণ ঘটিব পাৰে।

Pustular Psoriasis ৰ ফলত শৰীৰত ডিহাইড্ৰেছন আৰু ইলেকট্ৰলাইতৰ ভাৰসাম্য হীনতা হব পাৰে। হীনমন্যতা, মানসিক আশান্তি, চকুৰ জটিলতা- যেনে: য়ুভিয়াইটিচ্, কনজাংটিভাইটিচ্, চকুৰ পতাৰ সংক্ৰমণ।

হৃদৰোগ :- ষ্ট্ৰোক্, উচ্চ ৰক্তচাপ, শৰীৰৰ চৰ্বী বঢ়া।

স্নায়ুজনিত :- পাৰ্কিনচন বেমাৰ। কিডনীৰ অসুখ। ডায়েবেটিছ। শৰীৰৰ বিপাক সম্পৰ্কীয় ৰোগ , Irritable bowel syndrome, Crone’s disease, Multiple sclerosis ইত্যাদি । কৰ্কট ৰোগ। আৰ্থাটিচ (গাঠিৰ বিষ)। হোমিঅপেথিক চিকিৎসা আৰু আৰু জীৱনশৈলীৰ পৰিবৰ্তনৰ জড়িয়তে এই বেমাৰৰ পৰা সহজে আৰোগ্য লাভ কৰিব পৰা যায়।

হোমিঅপেথিক চিকিৎসাঃ

চ’ৰিয়াচিছৰ যিহেতু এক জটিল ৰোগ, ই এক প্ৰকাৰ Auto Immune ডিজিজ হয়, গতিকে ইয়াক ভাল কৰিবৰ বাবে ধয্যসহকাৰে চিকিৎসা কৰি ঔষধ গ্ৰহণ কৰিব লাগিব। আমি দেখিবলৈ পাওঁ এনেকুৱা বহু ৰোগী আছে যি ১/২ মাহ ঔষধ গ্ৰহণ কৰাৰ পিছতেই ভাগৰি পৰে বা বেলেগ বেগ ঔষধৰ ট্ৰাইল আৰম্ভ কৰে। এনেকুৱা কৰিলে ৰোগীয়ে অসুবিধাৰ সন্মুখীন হব পাৰে। গতিকে অলপ ধৰ্য্যসহকাৰে ঔষধ গ্ৰহণ কৰিলে নিশ্চত ভাবে আপোনালোকে এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হব।

     এনে ধৰণৰ ৰোগীক চিকিৎসকে সুক্ষ্মভাবে পৰ্যবেশন কৰাতো অতি জৰুৰী। ৰোগীৰ পৰ্যবেশনৰ পাছত সঠিক ঔষধ নিৰ্বাচন কৰা হয়। গতিকে আপোনালোকৰ যদি এনে সমস্যা হয় নিশ্চিত ভাবে এজন অভিজ্ঞ হোমিঅপেথিক চিকিৎসকৰ কাষচাপিব, নিশ্চত ভাবে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হব।

     এয়াতে মই সৰ্বসাধাৰণতে এই চ’ৰিয়াচিছত ব্যৱহাৰ হোৱা কেইটামান ঔষধৰ বিষয়ে উল্লেখ ৰকিছো ব্যৱহাৰৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

R-65, চ’ৰিয়াচিছৰ বাবে এটা উৎকৃষ্ট জাৰ্মান কম্বিনেচন হয়। এই ঔষধটোৰ পৰা ১০ টোপালকৈ দিনে ৩ বাৰ ১/৪ কাপ পানীৰ লগত খাদ্যা খোৱাৰ আধা ঘন্টাৰ আগত খাব। লগতে R-21  এই ঔষধটোও ১০ টোপালকৈ ১/৪ কাপ পানীৰ লগত দিনে ৩ বাৰকৈ লব যথেষ্ট ভাল ফল লাভ কৰিব। ইয়াৰ উপৰিও হোমিঅপেথিক ঔষধ Arsenic Alb, Graphites, Sulphur, Petroleum, Calcaria Carbonica, Staphysagria, Mercuria, Rhus Tox, Mezereum আদি বহু মেডিচিন আছে এইবোৰ ৰোগীক চোৱাৰ পাছত নিৰ্বাচন কৰি গ্ৰহণ কৰিবলৈ দিয়া হয়।
hi I am Dr Hari