Dr Haris Well future : November 2019

Friday, November 29, 2019

জলফাইঃ জলফাইয়ে হাৰ্টৰ বেমাৰ আৰু কেন্সাৰ প্ৰতিৰোধ কৰে!

জলফাইঃ জলফাইয়ে হাৰ্টৰ বেমাৰ আৰু কেন্সাৰ প্ৰতিৰোধ কৰে!

⇒ জলফাই
⇒ জলফাইৰ পৰিপুষ্টি গুণ
⇒ জলফাই উপকাৰিতা


 জলফাই-হাৰ্টৰ-বেমাৰ-আৰু-কেন্সাৰ-প্ৰতিৰোধ-কৰেজলফাই
তেঙা, প্ৰচুৰ আঁহ সমৃদ্ধ এবিধ সৰু ফল জলফাই। জলফাই নিয়মিত খালে খাদ্য হজম হোৱাত সহায় কৰে, লগতে জলফাইয়ে আমাৰ পাকস্থলি, ক্ষুদ্ৰান্ত, বৃহদান্ত আৰু কলন কেন্সাৰৰ ৰোগ প্ৰতিৰোধত সহায় কৰে।জলফাইৰ তেলও স্বাস্থ্যৰ পক্ষে অত্যন্ত উপকাৰী।জলফাই আচাৰ কৰি খোৱাতকৈ কেঁছাকৈ খালেহে ইয়াৰ পৰা বেছিকৈ পৰিপুষ্টি পোৱা যায়।

জলফাইৰ পুষ্টিগুণঃ

জলফাই ভিটামিন চিৰ ভাল উৎস।জলফাই খনিজ, ভিটামিন, ফাইবাৰ আৰু এন্টিঅক্সিডেন্ট সমৃদ্ধ।
    প্ৰতি ১০০ গ্ৰাম জলফাইত ১১৫-১৪৫ কিলোকেলৰি, ১১-১৫ % শৰ্কৰা, ৭৫-৮০% পানী, ৪-৬ % কাৰ্বহাইড্ৰেট, ৫৯ মিলিগ্ৰাম কেলচিয়াম আৰু ১৩ মিলিগ্ৰাম ভিটিমিন-চি থাকে।

জলফাই উপকাৰীতাঃ

১) জলফাই তেলত ফেটিএচিড আৰু এনিটিঅক্সিডেন্ট থকাৰ বাবে আমাৰ চুলি আৰু চালৰ বাবে অত্যন্ত উপকাৰী। জলফাই তেলে চুলিৰ গুৰি মজবুট কৰি চুলি সৰাত বাধা দিয়ে। জলফাইত থকা ভিটামিন ই এ আমাৰ চাল উজ্বল আৰু মসিন কৰে।
২) জলফাই তেল নিয়মিত সেৱন কৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা কমে।হাড়ৰ ক্ষয় ৰোধ কৰে।
৩) নিয়মিত জলফাই খালে গেষ্ট্ৰিক আৰু আলচাৰৰ সম্ভাৱনা কমে লগতে খাদ্য পৰিপাক ক্ৰিয়াত সহায়ক হয়।
৪)কলা জলফাই ভিটামিন ই ৰ ভাল উৎস। বিটামিন ই এ আমাৰ শৰীৰত জমাহোৱা আৱৰ্জনা বাহিৰ কৰাত সহায় কৰি মেড বহুলতাৰ সমস্যাৰ পৰা ৰক্ষা কৰে।লগতে ই কোষৰ অস্বাভাবিক গঠনক বাধা প্ৰদান কৰি কেন্সাৰৰ সম্ভাৱনা কমায়।
৫) জলফাইত মনচাটুৰেটেড ফেটচ থাকে। ই শৰীৰৰ ইনফ্লামেচন কমায়।
৬) নিয়মিত জলফাই খালে পিত্তস্থলীৰ পৰা পিত্তৰস নিসৰণত সহায়ক হয় আৰু গল্ডব্লাডাৰ ষ্টন হোৱাৰ প্ৰবনতা কমে।
৭) জলফাই প্ৰাকৃতিক এন্টিঅক্সিডেন্ট।জলফাইত প্ৰচুৰ ভিটামিন চি আছে। জলফাইয়ে জ্বৰ, চৰ্দ্দি আদি দূৰকৰাত সহায় কৰে, ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।
৮) জলফাইয়ে ব্লাড চুগাৰ নিয়ন্ত্ৰন ৰখাত সহায় কৰে।
hi I am Dr Hari

Thursday, November 28, 2019

পেনক্ৰিয়েটাইটিচ (Pancreatitis)

পেনক্ৰিয়েটাইটিচ  (Pancreatitis)

[পেনক্ৰিয়েটাইটিচ-কি-?-পেনক্ৰিয়েটাইটিচৰ-হোমিঅপেথিক-চিকিৎসা পেনক্ৰিয়েটাইটিচ কি?[/caption]
আমাৰ পেটৰ বাওঁ ফালে ওপৰৰ অংশত (Upper left part of the abdomen) লিভাৰৰ তলতে গছপাতৰ আকৃতিৰ প্ৰায় ১২ ৰ পৰা ২০ চেন্টিমিটাৰ দৈঘ্যৰ, ৭০ পৰা ১০০ গ্ৰাম ওজনৰ এটা অংগ আছে, এই অংগটোক পেনক্ৰিয়াচ বা আগ্নাশয় বুলি কোৱা হয়। পেনক্ৰিয়াচ মানৱ শৰীৰৰ অতি লাগতিয়াল অংগ৷ পেনক্ৰিয়াচৰ ইচলেটচ অৱ লেংগাৰহন (islet of Langerhans) নামৰ কোষসমূহত থকা আলফা কোষে গ্লুকাগন হৰম’ন (Glucagon’s) আৰু বিটা কোষসমূহে ইনচুলিন (insulin) হৰম’ন উৎপন্ন কৰি আমাৰ তেজত শৰ্কৰাৰ (চুগাৰ) পৰিমান নিয়ন্ত্ৰন কৰে। পেনক্ৰিয়াচৰ এচিনাৰ (acinar cell) কোষে খাদ্য হজম কৰা এনজাইম উৎপন্ন কৰে আৰু ডাক্টকোষৰ পৰা ওলোৱা বাইকাৰ্বনেটে পাকস্থলীৰ এচিড নিয়ন্ত্ৰন কৰাত সহায় কৰে৷
          অগ্নাশয় বা পেনক্ৰিয়াচটো কিবা বিসংগতিৰ বাবে ইনফ্লেমেচন হোৱা বা ফুলি, ৰঙাপৰি বিষ হোৱা অস্থাক পেনক্ৰিয়াটাইটিচ বোলা হয়৷ এই ৰোগ হলে পেনক্ৰিয়াচটো ফুলি উঠাৰ লগতে ইয়াৰ ৰস সংবাহী নলীডালো বন্ধ হৈ পৰে আৰু পেনক্ৰিয়াচৰ পৰা হজমী ক্ৰিয়াৰ সহায়ক এনজাইম ক্ষুদ্ৰান্ত্ৰলৈ (Small Intestine) ওলাই যাব নোৱাৰি পেনক্ৰিয়াচৰ কোষসমূহক নষ্ট কৰিবলৈ আৰম্ভ কৰে৷ ৰোগ বৃদ্ধি হলে ৰক্তক্ষৰণ, পুঁজ জমা হোৱা, চিষ্ট নাইবা কোষৰ গুৰুতৰ ক্ষতি হব পাৰে৷

পেনক্ৰিয়াটাটিচৰ লক্ষণঃ

পৃথিৱীৰ যিমান মানুহৰ পেটৰ বিষ হয় ইয়াৰে ৩ শতাংশৰ পেনক্ৰিয়াটাইটিচত বাবেই হয়। এই বেমাৰত অতি ভয়ংকৰ যন্ত্ৰনাদায়ক বিষ হয়। বিষ প্ৰথমে পেটৰ ওপৰৰ ফালে আৰম্ভ হয় আৰু লাহে লাহে পেটৰ দুইকাষে বা সমগ্ৰ পেটৰ লগতে পিঠিলৈকে প্ৰসাৰিত হয়।

পেনক্ৰিয়াটাইটিচ দুই ধৰণৰ হব পাৰেঃ

নতুন আৰু পুৰণা।একিউত পেনক্ৰিয়াটাইটিচত ৰোগীৰ পেটৰ বিষৰ লগতে জ্বৰ, বমি, অত্যন্ত অস্থিৰতা, ভোকনলগা, কোষ্ঠকাঠিন্য, পিয়াহ লগা, উগাৰ অহা, অত্যাধিক ঘাম হোৱা, অত্যন্ত দূৰ্বল হোৱা, মাথাৰ বিয হোৱা আদি লক্ষণ সমূহ প্ৰকাশ পাব পাৰে। একিউট পেনক্ৰিয়াটাটিছৰ প্ৰতি ৫ জন ৰোগীৰ ৪ জনৰ ৰোগ সিমান গুৰুতৰ নহয়৷ গুৰুতৰ হলেও সঠিক সময়ত সঠিক চিকিৎসা প্ৰদান কৰিলে ৰোগী সোনকালে আৰোগ্য হব পাৰে। পেনক্ৰিয়াটাইটিচ যদি গুৰুতৰ হয় তেতিয়া ৰোগীৰ ওশাহ নিশাহত কষ্ট হোৱা, কিডনি ফেইলৰ আৰু জণ্ডিছ আদি দেখাদিব পাৰে। শৌচত ছৰ্বী বা তেল জাতীয় পদাৰ্থ আৰু প্ৰস্ৰাৱত শকৰা নিৰ্গত হব পাৰে। প্ৰথম অৱস্থাত ৰোগৰ যন্ত্ৰনা কিছু কম হলেও দ্বিতীয় সপ্তাহত ৰোগীৰ শৰীৰত ইনফেকচন বৃদ্ধি হৈ চেপটিক কনডিচন হৈ ৰোগী সংকটত পৰাৰ সম্ভাৱনা থাকে।

পেনক্ৰিয়েটাইটিচৰ কাৰণঃ

একুইট পেনক্ৰিয়েটাইটিচৰ প্ৰধান কাৰণটো হল অত্যাধিক মদ্যপান কৰা আৰু পিত্ত পাথৰ। আনহাতে ভাইৰাচ সংক্ৰম যেনে কস্কেকি-বি (Coxsackie B), জাইটোমেগালি’ ভাইৰাচ (Zytomegalie), হেপাটাইটিচ-বি, হাৰপিজ, মাম্পচ আদি। বেক্টেৰিয়াৰ ভিতৰত যেনে লেজিনেলা (Legionella), লেপ্টস্পাইৰা, চালমোনেলা, এচপাৰযিলাচ (Aspirogilas) ফাংগাই, পৰজীৱী-পেলু, টস্কপ্লাজমা, ক্ৰাইপ্তস্পৰিডিয়াম (Cryptosporidium) আদি। কিছুমান ঔষধ যেনে ষ্টেৰইড, এইডচ আই ভিৰ  দৰব, মিগি বেমাৰৰ দৰব, ডায়েবেটিছৰ দৰৱ, বিষনাশক দৰৱ, এন্টিবায়টিক, টিবি, কেন্সাৰৰ ঔষধ আদি। অত্যাধিক মেদবহুল ব্যক্তিৰ তেজত চৰ্বি বা লিপিদৰ মাত্ৰা বেচি হলে (Hyperlipidaemia), কিবা যান্ত্ৰিক কাৰণত পেটত দুখ পালে, পেটৰ জটিল আস্ত্ৰোপ্ৰচাৰৰ ফলতো পেনক্ৰিয়াটাইটিচ হব পাৰে। অট’ ইমিউন ডিজিজ আৰু বংশগত কাৰণ, টিউমাৰ আদিৰ পৰাও পেনক্ৰিয়াটাইটিচ হব পাৰে, শৰীৰত কেলচিয়ামৰ অধিক্যৰ বাবেও পেনক্ৰিয়াটাইটিচ হোৱাৰ সম্ভাৱনা থাকে।

পেনক্ৰিয়েটাইটিচ ৰোগ নিৰ্নয়ঃ

তেজত এমাইলেজ (Amylase) আৰু লাইপেজ (Lipase) এনজাইমৰ পৰীক্ষা, এক্সৰে, পেটৰ আলট্ৰাচাউণ্ড, চিটি স্কেন, এম আৰ চি পি আদিৰ দ্বাৰা পেনক্ৰিয়াটাইটিচ ধৰা পৰে৷

পেনক্ৰিয়েটাইটিচ ৰোগৰ চিকিৎসা : –

পাৰম্ভিক অৱস্থাতে ৰোগ নিৰ্ণয় কৰি সঠিক ভাবে হোমিঅপেথিক চিকিৎসা প্ৰদান কৰিলে ৰোগ আগবাঢ়িব নোৱাৰে। কিন্ত ৰোগ গুৰুতৰ হলে ৰোগীক জৰুৰীভাবে চিকিৎসালয়ত ভৰ্তি কৰাতো অনিবাৰ্য্য৷ কাৰণ এনে অৱস্থাত ৰোগীক ইনটেনচিভ কেয়াৰৰ প্ৰয়োজন হব।
পেনক্ৰিয়েটাইটিচ সাৱধানতাঃ
ছৰ্বিযুক্ত খাদ্য এৰাই চলিব লাগে ৷ ডায়েবেটিচৰ সমস্যা থাকিলে থাকিলে নিয়ন্ত্ৰিত ৰাখিবৰ বাবে যত্ন কৰিব লাগিব। ৰোগীয়ে মদ, ভাং, বিড়ি, চিগাৰেট আদি ত্যাগ কৰিব লাগিব৷ জীৱনশৈলী পৰিৱৰ্তন কৰাৰ লগতে খাদ্যৰ প্ৰতিও বিশেষ গুৰুত্ব দিব লাগিব। মানসিক চাপ এৰাই চলিবলৈ যোগাসন কৰিব লাগে। চাহ, কফি পৰাপক্ষত এৰাই চলিব লাগে৷ দৈনিক পৰ্যাপ্ত পৰিমানে পানীখাব লাগে। প্ৰচুৰ পৰিমানে শাক-পাচলি, ফলমূল আদি খাব লাগে।
পেনক্ৰিয়েটাইটিচ হোমিঅপেথিক ঔষধঃ
পেনক্ৰিয়াটাইটিচ নিৰাময়ৰ বাবে হোমিঅপেথিকত অত্যন্ত পলপসু ঔষধ আছে। অতি বিচক্ষনতাৰে এই ঔষধ সমূহ সঠিক মাত্ৰাত ব্যৱহাৰ কৰিলে ৰোগ আৰোগ্য হয়। ইয়াৰ ভিতৰত-
১) লাইকপডিয়াম ২) কার্বভেজ ৩) কার্ব-এনিমেলিচ ৪) ইউৰেনিয়াম নাইট্রিকাম  ৪) মার্কুৰিয়চ চল  ৫) কেলিবাইক্ৰম  ৬) বেলাডোনা ৭) আয়ডিয়াম  ৮) আইৰিচ-ভার্চ  ৯) বৰাইটা মিউৰ  ১০) থুজা  ১১) আৰ্চেনিক  ১২) ফচফৰাচ ১৩) কোনিয়াম  ১৪) কেলকেৰিয়া কাৰ্ব  ১৫) হিপাৰ চালফাৰ আদি উল্লেখযোগ্য। চিকিৎসকৰ তত্তাৱধানত ঔষধ গ্ৰহন কৰাটো অতি প্ৰয়োজন।hi I am Dr Hari

Hernia Treatment: হাৰ্নিয়া কি?

Hernia Treatment:

⇒ হাৰ্নিয়া কি?
⇒ কিয় হয়?
⇒ কত হয় আৰু কাৰ হোৱাৰ সম্ভাৱনা থাকে? 
⇒ হাৰ্নিয়া কেনেকৈ চিনাক্ত কৰিব? 
⇒ অপাৰেচন নকৰাকৈ হাৰ্নিয়া কেনেকৈ ভাল
  কৰিব?

[caption id="attachment_1201" align="aligncenter" width="1280"]হাৰ্নিয়া-কি হাৰ্নিয়া


হাৰ্নিয়াঃ 

    আমাৰ পেটৰ আৱৰণি ছালখন ৯ টা তৰপেৰে গঠিত। ওপৰৰ ভাগত ছালখনৰ তলতেই চাবকিউটেনিয়াচ টিচু (Subcutaneous Tissue), চুপাৰফিচিয়েল ফেচিয়া (Superficial fascia), এক্সষ্ট্ৰাৰ্নেল অবলিগ মাচুল (External oblique muscle), ইন্টাৰনেল অবলিগ মাচুল (Internal oblique muscle), ট্ৰাৰ্নচভাৰ্চাচ এবডমিনিচ মাচুল (Transversus abdominis muscle), ট্ৰাৰ্নচভাৰ্চেলিচ ফেচিয়া (Transversalis fascia), প্ৰি-পেৰিটনিল এডিপচ (Preperitoneal adipose), এৰিয়লাৰ টিচু (Areolar tissue), পেৰিটনিয়াম (Peritoneum) এই ৯ টা তৰপেৰে আমাৰ পেটৰ ভিতৰৰ অংগবোৰ আবৰি ৰাখে। ইয়াৰে যদি কোনোবা এটা অংশ কিবা কাৰণত দূৰ্বল হৈ যায় তেতিয়া আমাৰ ক্ষুদ্ৰান্ত্ৰ বা বৃহদান্ত্ৰৰ কোনোবা এটা অংশ এই পেৰিটনিয়াম তৰপটো ভেদ কৰি বাহিৰলৈ ওলাই আহি ফুলি ওঠে বা কেতিয়াবা অণ্ডস্থলিলৈ নামি গুচি যায়। আমাৰ পেটৰ ভিতৰৰ খাদ্যনলী মুখৰ পৰা একেবাৰে গুহ্যদ্বাৰলৈকৈ বিস্তৃত আৰু ই ২০ ৰ পৰা ৩০ ফুট পৰ্যন্ত দীঘল হয়। হাৰ্নিয়া হলে ইয়াৰ কোনোবা এটা অংশ বাহিৰলৈ ফুলি আহি অস্বাভাৱিক অৱস্থাৰ সৃষ্টি কৰে। এই অৱস্থাটোকে হাৰ্নিয়া বুলি কোৱা হয়।

হাৰ্নিয়াৰ কাৰণঃ

আমাৰ পেটৰ কিছুমান অংশ আন আন অংশবোৰতকৈ আপেক্ষিক ভাবে দূৰ্বল। পেটৰ ভিতৰত চাপ যদি বেছি হয়, যেনে দীৰ্ঘদিনীয়া পুৰণা কাঁহ, সঘনাই হৈ থকা দীৰ্ঘদিনীয়া হাঁচি, দীৰ্ঘদিন ধৰি কোষ্ঠকাঠিন্যত ভূগি থকা আদিৰ কাৰণত আমাৰ ক্ষুদ্ৰান্ত এই দূৰ্বল অংশৰে বিহিৰলৈ আহিব পাৰে। চিষ্টিক ফাইব্ৰয়েড, প্ৰষ্টেট গ্ৰন্থী ডাঙৰ হোৱা, অত্যাধিক চাপ প্ৰয়োগ কৰি প্ৰস্ৰাৱ কৰা, শৰীৰৰ ওজন বৃদ্ধি বা মেডবহুলতা, গধুৰ বস্তু দঙা, পৰিপুষ্টিৰ অভাব, ধুম্ৰপান, জিম কৰা, অস্ত্ৰোপ্ৰচাৰ আৰু বংশগত কাৰণতো হাৰনিয়া হব পাৰে।

হাৰ্নিয়াৰ প্ৰকাৰঃ

স্থান অনুযায়ী হাৰ্নিয়াক বিভিন্ন প্ৰকাৰত ভাগ কৰা হৈছে। ইয়াৰ ভিতৰত সাধাৰণতে দেখাপোৱা প্ৰকাৰ কেইটা হল- ইংগুইনেল হাৰ্নিয়া (Inguinal), ইনচিচনেল হাৰনিয়া (Incisonal), ফিমৰেল (Femoral), আম্বিলিকেল (Umbilical) আৰু হাইটাল বা হাইটাচ (Hiatal) হাৰ্নিয়া।

ইংগুইনেল (Inguinal) হাৰ্নিয়াঃ

তলপেটৰ ঠিকতলতেই আৰু অণ্ডকোষৰ অলপ ওপৰৰফালে কাষত যেতিয়া হাৰ্নিয়া হয় তাক ইংগুইনেল হাৰ্নিয়া (Inguinal) বুলি কোৱা হয়।
ইংগুইনেল (Inguinal) হাৰ্নিয়া কাৰ হোৱা সম্ভাৱনা থাকেঃ
বিশেষকৈ মহিলা আৰু বয়সস্থ ব্যক্তিৰ ইংগুইনেল হাৰনিয়া হোৱাৰ বেছি সম্ভাৱনা থাকে। অত্যাধিক ধূম্ৰপান কৰা ব্যক্তিৰ পেটৰ আৱৰণি কলা দূৰ্বল হোৱাৰ বাবেও ইংগুইনেল হাৰ্নিয়া হোৱাৰ সম্ভাৱনা থাকে। ক্ৰনিক কনষ্টিপেচনৰ সমস্যা থকা লোক সকলৰো ইংগুইনেল হাৰ্নিয়া হোৱাৰ সম্ভাৱনা থাকে। অপৈনত অৱস্থাত জন্ম হোৱা শিশুৰ (Premature birth Child) এই হাৰ্নিয়া হোৱাৰ সম্ভাৱনা থাকে। গৰ্ভৱতী মহিলাৰো ইংগুইনেল হাৰ্নিয়া হব পাৰে।

হাইটাচ বা হাইটাল (Hiatal or Hiatas):

পেটৰ ওপৰৰ আৰু বুকুৰ তলৰ সংযোগ স্থলত হোৱা  হাৰ্নিয়াক হাইটাচ হাৰ্নিয়া বুলি কোৱা হয়।
হাইটাচ বা হাইটাল (Hiatal) হাৰনিয়া কাৰ বেছি হোৱাৰ সম্ভৱাৱনা থাকেঃ
পুৰুষ, মহিলা উভয়ৰে এই হাৰনিয়া হব পাৰে। ৫০ উদ্ধৰ ব্যক্তি আৰু অত্যাধিক মেডবহুল ব্যক্তিৰ হাইটাচ বা হাইটাল (Hiatal) হাৰ্নিয়া হোৱাৰ সম্ভাৱনা বেছি থাকে।
আম্বিলিকেল (Umbilical) হাৰ্নিয়াঃ
নাভিত বা নাড়ীৰ আশে পাশে হোৱা হাৰ্নিয়াক আম্বিলিকেল হাৰ্নিয়া বুলি কোৱা হয়। এই হাৰ্নিয়াত ভাৰত বৰ্ষত প্ৰতি বছৰে ১ মিলিয়নতকৈয়ো অধিক লোক আক্ৰান্ত হয়।
আম্বিলিকেল (Umbilical) হাৰ্নিয়া কাৰ হোৱাৰ সম্ভাৱনা থাকেঃ  
এই হাৰ্নিয়া পুৰুষ, মহিলা, গৰ্ভৱতী মহিলা, নৱজাতক শিশু যাৰ জন্মতে ওজন কম হয় তেনে শিশুৰ হোৱা সম্ভাৱনা বেছি থাকে।
ফিমৰেল (Femoral) হাৰ্নিয়াঃ
অণ্ডকোষৰ অলপমান ওপৰৰ কাষতে, কৰঙনৰ চুকত হোৱা হাৰ্নিয়াক ফিমৰেল (Femoral) হাৰ্নিয়া বুলি কোৱা হয়।
ফিমৰেল (Femoral) হাৰ্নিয়া কাৰ বেছি হোৱা সম্ভাৱনা থাকেঃ
সৰ্বসাধাৰণতে শিশুসকলৰ মাজত এই হাৰ্নিয়া বেছিকৈ হোৱা দেখিবলৈ পোৱা যায়।
ইনচিচনেল (Incisonal) হাৰ্নিয়াঃ
বিশেষকৈ অস্ত্ৰোপ্ৰচাৰৰ পিছত কটা অংশত বা কটা লাইনৰ আশে পাশে হোৱা হাৰনিয়াক ইনচিচনেল হাৰনিয়া (Incisonal) বুলি কোৱা হয়। অস্ত্ৰোপ্ৰচাৰ কৰা ঠাইত পেৰিটনিয়াম লেয়াৰ কাট হোৱাৰ ফলত বা কটা অংশ দূৰ্বল হোৱাৰ বাবে এই হাৰ্নিয়া হোৱাৰ সম্ভাৱনা থাকে।
ইনচিজনেল (Incisonal) হাৰ্নিয়া কাৰ হোৱা সম্ভাৱনা থাকেঃ
যিহেতু অপাৰেচন কৰাৰ ৩ ৰ পৰা ৬ মাহলৈকে সেই অংশটো অতি সংবেদনশীল হৈ থাকে গতিকে বেছি দৌৰা, জপিওৱা, গধুৰ বস্তু দঙা, লোক বা খেলুৱৈৰ এই সমস্যা হোৱাৰ সম্ভাৱনা অধিক হয়। অত্যাধিক ওজন বৃদ্ধি হেৱা ব্যক্তি, গৰ্ভৱতী মহিলাৰো এই ইনচিচনেল (Incisonal) হাৰ্নিয়া হব পাৰে।

 হাৰনিয়াৰ লক্ষণঃ

পেটৰ কোনো অংশ বা অণ্ডস্থলিৰ কোনো অংশ ফুলি যোৱা, নাভিৰ এফালে বা চাৰিওফালে ফুলি যোৱা বা কিবা কাৰণত অস্ত্ৰোপ্ৰচাৰ কৰা ঠাই ফুলি যোৱা। ফুলি যোৱা ঠাইত আঙুলিৰে চাপদিলে তললৈ সোমায় যায় আৰু এৰি দিলে পূনৰ ফুলি অহে। বহুক্ষেত্ৰত এই হাৰ্নিয়া বিষহীন হয় আৰু ই বিশেষ অসুবিধাৰ সৃষ্টি নকৰে বা বিশেষ চিকিৎসাৰো প্ৰয়োজন নহয়। কিন্তু যেতিয়া ব্যক্তি জন বহু সময় ধৰি থিয়হৈ থাকে, গধুৰ বস্তু দাঙে, বা দৌৰে অথবা খেলাধুলা আদি কৰে, তেতিয়া বহু ব্যক্তিৰ ক্ষেত্ৰত হাৰ্নিয়া বেছিকৈ ফুলি ওঠি, বিষহৈ এক আস্বস্তিকৰ অৱস্থাৰ সৃষ্টি কৰে যাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাধ্যতামূলক হৈ পৰে। কোনো কোনো ক্ষেত্ৰত জৰুৰী আস্ত্ৰোপ্ৰচাৰৰো প্ৰয়োজন হৈ পৰে। বিশেষকৈ ইংগুইনেল হাৰ্নিয়াৰ ক্ষেত্ৰত তলপেটত প্ৰচণ্ড বিষ, পুৰণি, গধুৰ গধুৰ অনুভৱ, বমি বমি ভাব, বমি হোৱা আদি লক্ষণ প্ৰকাশ পাব পাৰে। নৱজাতক শিশুৰ ক্ষেত্ৰত কেতিয়াবা অকল শিশুৱে কন্দাৰ সময়ত, কাঁহাৰ সময়ত বা পেটত প্ৰেছাৰ পৰাৰ সময়তহে ইংগুইনেল হাৰনিয়া দৃষ্টিগোচৰ হব পাৰে।

হাৰ্নিয়া হলে কেনেধৰনৰ সাৱধানতা অবলম্বন কৰিবঃ

হাৰ্নিয়া হোৱা লোকে কিছুমান সাৱধানতা অৱলম্বন কৰাটো অতি জৰুৰী। দৌৰা, জপিওৱা, গধুৰ বস্তু দঙা আদি কাম কৰিব নালাগে, জোখতকৈ অধিক খাদ্য খাব নালাগে, খালীপেটত আধা গিলাছতকৈ বেছি পানী খাব নালাগে, খাদ্য খোৱাৰ পাছত তললৈ পেট পেলাই শুব নালাগে, চাইকেল, বাইক আদি চলোৱা আৰু যিকোনো ধৰণৰ শাৰীৰিক ব্যায়াম কৰাৰ অগতে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব লাগে। দীৰ্ঘ সময় ধৰি থিয়হৈ থকা কাম কৰিব নালাগে, চৰ্দ্দি-কাহ আদি হোৱাৰ লগে লগে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে, শৰীৰৰ ওজন সঠিক ৰাখিবৰ বাবে যত্ন কৰিব লাগে, প্ৰস্বাৱ-পায়খানা দেৰিলৈকে কেতিয়াও ৰাখি থব নালাগে, ধূম্ৰপান, মদ্যপান আদি কৰিব নালাগে। গেছ এচিডিটি বৃদ্ধি হোৱা খাদ্য যেনে- জাংফোড, ফাষ্টফুড, তেল, মচলা, ভজা-পোৰা অদি বৰ্জন কৰিব লাগে।

হাৰ্নিয়াৰ হোমিঅপেথিক চিকিৎসাঃ

হাৰ্নিয়াৰ অতি ফলপ্ৰসু হোমিঅপেথিক চিকিৎসা আছে। আপোনালোকে অভিজ্ঞ হোমিঅপেথিক চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঔষধ গ্ৰহন কৰি হয়টো অপাৰেচন নকৰাকৈয়ে এই সমস্যাৰ পৰা মুক্ত হব পাৰিব।
     ইয়াতে হাৰ্নিয়া ব্যৱহাৰ হোৱা কেইটামিন হোমিঅ পেথিক ঔষধৰ বিষয়ে উল্লেখ কৰিলো ব্যৱহাৰৰ ক্ষেত্ৰত অভিজ্ঞ হোমিথপেথিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহন কৰিলে নিশ্চিত ভাবে উপকৃত হব পাৰিব।
১) নাক্সভমিকা(Nux Vomica):
ফিমৰেল, ইংগুইনেল বা আম্বিলিকেল এই সকলো প্ৰকাৰৰ হাৰ্নিয়াৰ এক অতি উৎকৃষ্ট নেচাৰেল মেডিচিন। যিসকল লোকৰ দীৰ্ঘদিনীয়া কোষ্ঠকাঠিন্য সমস্যাব বাবে পেটৰ মাংসপেশী (Abdominal muscle) ঢিলাহৈ গৈ হাৰনিয়া হৈছে, যাৰ সদায় আঠালেতীয়া পায়খানা হয়, পায়খানা খোলুচা নহয়, এবাৰ পায়খানা কৰাৰ পাছত পুনৰ কৰিম কৰিম লাগি থাকে, বাৰে বাৰে পায়খানাত যায় কিন্তু পায়খানা নহয়। লগতে ৰোগীৰ এলকহল, চাহ, কফি প্ৰতি আসক্ত হৈ পৰে। দৈনিক অত্যাধিক চাহ, কফি খাব বিছাৰে, পেটৰ অশান্তিত ভূগে, খাদ্য খোৱাৰ পাছত পেট গধুৰ গধুৰ অনুভৱ কৰে লগতে পেটৰ মাংস পেশী সদায় ওলমি পৰাৰ (Abdominal muscle always experienced) প্ৰৱনতা হয়। নৱজাতকৰ আম্বেলিকেল হাৰ্নিয়াত এই ঔষধ অত্যন্ত ফলপ্ৰসু।
২) কেলকেৰিয়া কাৰ্বঃ (Calcarea Carbonica):
অত্যধিক মেদ বহুল শকত-আৱত মানুহৰ হাৰ্নিয়াৰ বাবে কেলকেৰিয়া কাৰ্ব এক উৎকৃষ্ট মেডিচিন। যাৰ অত্যাধিক ছৰ্বিৰ বাবে পেটৰ মাংসপেশী সমূহ দূৰ্বল হৈ গৈছে, যি কঁকালত টান কাপোৰ পিন্ধিব নোৱাৰে, কঁকালৰ বন্ধনি টান হলে অশান্তি অনুভৱ কৰে, তেনেলোকৰ হাৰ্নিয়াত এই মেডিচিন অত্যন্ত ফলপ্ৰসু।  শিশুৰ ক্ষেত্ৰত যিসকল শিশু শকত-আৱত, মেদবহুল, মূৰ অনবৰত ঘাঁমি থাকে, অত্যন্ত শীতকাতৰ হয়, দিম বা কণী খাই খুব ভাল পায়, চকপেন্সিল বা মাটি খাব বিছাৰে, তেনে শিশুৰ হাৰ্নিয়াত এই ঔষধ অত্যন্ত কাৰ্যকৰী।
৩) লাইকপডিয়ামঃ (Lycopodium)
যিসকল ৰোগীৰ হজমী শক্তি অতি দূৰ্বল, অত্যধিক গেছ এচিডিটিৰ সমস্যাত ভূগে, পেটত অনবৰত, গৰ গৰ, কল কল শব্দ কৰে, গৰম খাদ্য, গৰম পানী, মিঠা বস্তু খোৱাৰ হাবিয়াস হয়, এনে লোকৰ হাৰ্নিয়াত এই ঔষধ অত্যন্ত উপযোগী হয়।
৪) ৰাষ্টটক্সঃ (Rhus Toxicodendron)
অত্যাধিক ৱেইট লিফটিং কৰাৰ বাবে বা গধুৰ বস্তু দঙাৰ বাবে যদি পেটৰ মাংস পেশী দূৰ্বল হৈ হাৰ্নিয়া হয় তেনে হলে পেটৰ মাংস পেশীক শক্তিকৃত কৰিবৰ বাবে এই ঔযধ অত্যন্ত উপযোগী।
৫) চাইলিচিয়াঃ (Silicea)
যিসকল ৰোগীৰ যিকোনো সময়তে নিম্নাংগত অত্যধিক ঘাম হয়, অত্যাধিক ঠাণ্ডা অনুভৱ কৰে আৰু সদায় গৰম কাপোৰেৰে শৰীৰটো ঢাকি ৰাখিব বিছাৰে, এনে ধৰনৰ লক্ষণ থাকিলে এই চাইলিচিয়া ঔষধ ব্যৱহাৰ কৰি হাৰনিয়াৰ সমস্যাৰ পৰা মুক্ত হব পৰা হয়।
          বিশেষকৈ লাইকপডিয়াম মেডিচিনটো ইংগুইনেল হাৰ্নিয়াৰ বিশেষ মেডিচিন ৰূপে গণ্যকৰা হয়, যদি ইংগুইনেল হাৰ্নিয়া সোঁফালে হয় আৰু যদি মিঠা আৰু গৰম বস্তুৰ প্ৰতি ৰোগীৰ বেছি হাবিয়াস হয়। ঠাণ্ডা বস্তু বা কল্ডডিংকচৰ প্ৰতি হাবিয়াস হলে, কাটিহৈ শুলে ৰোগৰ উপশম হলে, অনবৰতে বমি কৰিম কৰিম লাগি থাকিলে ককিউলাচ ইণ্ডিকাচ (Cocculus Indicus) ঔষধটো ব্যৱহাৰ কৰিব লাগে। শিশুৰ বাওঁফালৰ ইংগুইনেল হাৰ্নিয়াত নাক্সভমিকা ব্যৱহাৰ কৰিব লাগে। সাধাৰণতে এই ঔষধ ব্যৱহাৰ কৰিব লগা শিশু অত্যন্ত খঙাল হয় আৰু দীৰ্ঘদিনীয়া কোষ্ঠকাঠিন্যৰ সমস্যাত ভূগি থাকে।
     শিশুৰ অম্বিলিকেল হাৰ্নিয়াত নাভিৰ ওচৰত অত্যন্ত বিষ হলে কেমোমিলা (Chamomilla) ঔষধটো ব্যৱহাৰ কৰিব লাগে।
          হাৰ্নিয়াৰ বাবে তলপেটত বিষ হলে বিষ নিৰাময়ৰ বাবে কলচিনথিন (Colocynthis) ঔষধটো ব্যৱহাৰ কৰিলে বিষ উপশম হয়।
ইয়াৰ উপৰিও হাৰ্নিয়াৰ পৰা সম্পূৰ্ণভাবে উপশম পাবৰ বাবে কেলকেৰিয়া ফ্লৰ (Calcarea flurica), কোনিয়াম মেক (Conium mac), থুজা (Thuja Occ), প্লামবাম মেট (Plumbum Metallicum), ডাইচকৰিয়া (Dioscorea), ওপিয়াম (Opium), একোনাইট (Aconite), অৰাম মেট (Aurum Met) আদি ঔষধ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা অপাৰেচন নকৰাকৈও হাৰ্নিয়া নিৰাময় কৰাৰ সম্ভয়।
DR HARIShi I am Dr Hari

শীতকালিন শিশুৰ বিভিন্ন সমস্যাৰ হোমিঅপেথিক চিকিৎসাঃ

⇒ চৰ্দি 
⇒ জ্বৰ 
⇒ কাহ
⇒ নাকৰ পৰা পানী ওলোৱা
⇒ চকু ৰঙা পৰা সমস্য
⇒ হোমিঅপেথিক চিকিৎসা

শীতকালিন-শিশুৰ-বিভিন্ন-সমস্যাৰ-হোমিঅপেথিক-চিকিৎসা শিশুৰ যতন

শিশু এটিৰ জন্মৰ লগে লগে শিশুটিৰ পিতৃ-মাতৃসহ পৰিয়ালৰ সকলো নৱজাতক শিশুটিৰ যতনৰ লগতে না না প্ৰকাৰৰ অপত্যাশিত বেমাৰ ব্যাধিক লৈ সকলো সময়তে উৎকন্ঠাত থকা দেখা যায়। দীৰ্ঘদিন অপেক্ষাত থকাৰ পাছত যেতিয়া শিশুটি মাকৰ কোলালৈ আহে, তেতিয়া প্ৰতি গৰাকী মাতৃয়ে কামনা কৰে , সন্তানটি সকলো প্ৰকাৰে সুস্থ থাকক আৰু শিশুটি সুকলমে ডাঙৰ দীঘল হওঁক। কিন্তু যেতিয়া অপত্যাসিত ভাবে শিশুটিৰ কিবা সমস্যা হয়, তেতিয়া মাক দেউতাক সহ পৰিয়ালৰ সকলো ব্যক্তি দূশ্চিন্তাত পৰে। তাতে যেতিয়া শীতকালৰ আগমন ঘটে পৰিয়ালৰ দূশ্চিন্তা আৰু বাঢি় যায়। শীতকালত শিশুসকলৰ চৰ্দি, জ্বৰ, কাহ, নাকৰ পৰা পানী ওলোৱা, চকু ৰঙা পৰা আদি ৰোগ হোৱাৰ সম্ভাৱনা থাকে। বেক্টেৰিয়া আৰু ভাইৰাচেই শিশুৰ এই ৰোগৰ প্ৰধান কাৰণ।

জ্বৰঃ

          ঠাণ্ডাৰ দিনত শিশুৰ প্ৰধান সমস্যা হল জ্বৰ। জ্বৰ কোনো ৰোগ নহয়, ই কিবা ৰোগৰ উপসৰ্গহে। ইয়াৰ প্ৰধান কাৰণ না না ধৰণৰ সংক্ৰমন। ইয়াৰ ভিতৰত ইনফ্লুয়েঞ্জা, ডায়েৰীয়াৰ পৰা আৰম্ভ কৰি হাম, বসন্ত আৰু যিকোনো ধৰণৰ ৰোগৰ প্ৰথম লক্ষণেই হল জ্বৰ। গতিকে শিশুৰ জ্বৰ হলে অৱহেলা কৰাটো একেবাৰে অনুচিত।

জ্বৰৰ কাৰণঃ

         বিভিন্ন কাৰণত নৱজাতকৰ জ্বৰ হব পাৰে। যেনেঃ বেক্টেৰিয়া আৰু ভাইৰাচৰ কাৰণে, শৰীৰত কোনো সংক্ৰমন দেখা দিলে আৰু কেতিয়াবা চিতা দিয়াৰ বাবেও নৱজাতকৰ জ্বৰ হব পাৰে।

জ্বৰ কেনেকৈ নিৰ্ণয় কৰিবঃ

        নৱজাতক শিশুৰ গাত চুই চাই জ্বৰ নিৰ্ণয় কৰাটো অলপ কঠিন হয়, কাৰণ নৱজাতক শিশুএটিক যিহেতু ঠাণ্ডাৰ পৰা বছাই ৰাখিবৰ বাবে মাঠা আৰু গাত কাপোৰে ঢাকি ৰখাৰ বাবে গা এনেই গৰম হৈ থাকে। যাৰ বাবে জ্বৰ নাথাকিলেও জ্বৰ হোৱা যেন অনুভৱ হব পাৰে। গতিকে শিশুৰ কাষলতিৰ তলত থামোমিটাৰ অলপ সময় ৰখাৰ পাছত যদি তাপমাত্ৰা ৯৯ ডিগ্ৰী ফাৰেনহাইটতকৈ বেছি পোৱা যায়, তেতিয়া জ্বৰ আছে বুলি গণ্য কৰা হয়।
জ্বৰৰ লক্ষণঃ
            নিম্নলিখিত লক্ষণ সমূহ দেখা দিলে আপোনালোকে বুজিব লাগিব যে শিশুটিৰ জ্বৰ হৈছে।
১) শিশু নিস্তেজ হৈ থকা আৰু অনবৰত টোপনি টোপনি ভাৱ হোৱা।
২) সকলো সময়তে আমনি কৰা অথবা কন্দাকটা কৰি থকা।
৩) পাতল পায়খানা আৰু বমি বমি ভাব বা বমি কৰা।
৪) মাকৰ গাখীৰ খাবলৈ ইচ্ছা নকৰা।
৫) উশাহ ঘন ঘন হোৱা আৰু শ্বাস প্ৰশ্বাসত সমস্যা হোৱা।
৬) শৰীৰত ফুট ফুট ঘামচিৰ দৰে ওঠা।
৭) ১২ ঘন্টা লৈকে প্ৰস্ৰাৱ নকৰা।
৮) শৰীৰ অত্যন্ত দূৰ্বল হোৱাৰ বাবে লেওসেও হৈ পৰা আৰু গা অত্যন্ত গৰম হোৱা।
৯) কেতিয়াবা শিশুৰ মাথাৰ তালু অলপ ফুলি ওঠাৰ লক্ষণ প্ৰকাশ পাব পাৰে।
নৱজাতক শিশুৰ জ্বৰ হলে লব লগা সাৱধানতাঃ
১) চিকিৎসকৰ পৰামৰ্শ গ্ৰহন কৰকঃ নৱজাতক শিশুৰ জ্বৰ হলে বা গাত হাম বা সৰু সৰু গুটি ওলালে, পাতল গোন্ধযুক্ত পায়খানা হলে, চকু হালধীয়া হলে, প্ৰস্ৰাৱ নহলে, মুখত ঘাঁ হলে বা ডিঙিৰ ভিতৰলৈকে বগা চামনি বহিলে, কাঁহ হলে, উশাহ-নিশাহত কষ্ট হলে, কঁপনি জ্বৰ হলে শীঘ্ৰে হোমিঅপেথিক চিকিৎসক অথবা শিশু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব। চিকিৎসকৰ পৰামৰ্শ গ্ৰহন নকৰাকৈ নিজে কেতিয়াও ঔষধ নুখোৱাব।
২) থামোমিটাৰৰ দ্বাৰা জ্বৰ নিৰ্ণয়ঃ দুই তিনি ঘন্টাৰৰ মূৰে মূৰে আপোনালোকে শিশুৰ জ্বৰ জুখিব আৰু ৰিডিং এখন বহী বা কাগজত লিখি ৰাখিব। তেতিয়া চিকিৎসকৰ বাবে জ্বৰৰ ধৰণ বুজা সুবিধা হয়। আজি কালি ১০০-১৫০ টকাতে বজাৰত ইলেক্ট্ৰনিক থামোমিটাৰ বজাৰত ওপলব্ধ।
৩) শিশুক সদায় স্বাভাৱিক তাপমাত্ৰাত ৰখাৰ চেষ্টা কৰিবঃ ঘৰৰ তাপমাত্ৰা স্বাভাৱিক ৰখাৰ বাবে চেষ্টা কৰিব। বেছি ঠাণ্ডা হলে ৰোম হিতাৰ ব্যৱহাৰ কৰিব পাৰে। ৰোমৰ উষ্ণতা ১৮ ৰৰ পৰা ২৫ ডিগ্ৰী চেলচিয়াচৰ ভিতৰত থাকিলে ভাল। দিনত ঘৰৰ খিৰিকি খুলি ৰাখিব লাগে যাতে পোহৰ আৰু বায়ু খোমাব পাৰে। অত্যাধিক কাপোৰ- কেথা-কম্বল আদি শিশুক নিদিব। বিশেষকৈ অত্যাধিক জ্বৰৰ সময়ত শিশুক মাথা ঢাকি নাৰাখিব, কাৰণ সৰু শিশুৰ মাথাৰ পৰাই বেছি তাপ নিৰ্গত হয়। জ্বৰ কমিবৰ বাবে মাথাৰ অংশ মুক্ত ৰখাৰ প্ৰয়োজন।
৪) স্পঞ্জিং কৰিব বা কোমল ভিজা কাপোৰেৰে গা মচি দিবঃ জ্বৰ বেছি হলে পৰিস্কাৰ তাৱেল বা কাপোৰ কুঁহুমীয়া পানীত তিয়াই চেপিব আৰু ভিজা কাপোৰখনেৰে প্ৰথমে হাত দুখন আৰু পৰ্যায়ক্ৰমে পেট, বুকু আৰু কপালত মচি দিব।
৫) জ্বৰৰ সময়ত শিশুক কি খোৱাবঃ নৱজাতক শিশুৰ জ্বৰ হলে যাতে শিশুটি দূৰ্বল হৈ যাব নোৱাৰে তাৰ বাবে সঘনাই মাকৰ গাখীৰ খোৱাব লাগে। ৬ মাহৰ ওপৰৰ শিশুৰ ক্ষেত্ৰত মাকৰ গাখীৰৰ ওপৰিও যাতে শৰীৰত পানী শূণ্যতাৰ সমস্যা হব নোৱাৰে তাৰ বাবে ফলৰ ৰস, চুপ আদি প্ৰচুৰ পৰিমানে খুৱাব লাগে।
৬) শিশুৰ টোপনিঃ নৱজাতক শিশুৰ টোপনি অতি গুৰুত্বপূৰ্ণ। জ্বৰ হলে শিশু শুব নিবিছাৰে, অনবৰত কন্দা কটা কৰে আৰু জ্বৰৰ লগতে কাঁহ থাকিলে শিশুৰ একেবাবে টোপনি নহয়, কিন্তু যেতিয়া শিশু টোপনি যায় তেতিয়া আৰাম দায়ক ভাৱে বাখিবলৈ যত্ন কৰিব। লক্ষ্য কৰিব শিশুটিৰ টোপনিত যাতে কোনো ধৰণৰ ব্যাঘাট নহয়।
৭) শিশুটিক পৰ্যাবেশনত ৰাখিবঃ নৱজাতক শিশুৰ জ্বৰৰ হলে সকলো সময়তে পৰ্যবেশনত ৰাখিব লাগে। জ্বৰ একেবাৰে নকমিলে বা জ্বৰৰ প্ৰকোপ বৃদ্ধি হৈ গৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব। শিশুক সকলো সময়তে মাকৰ সানিধ্যত ৰখাটো অত্যন্ত জৰুৰী।

শিশু ৰোগৰ হোমিঅপেথিক চিকিৎসাঃ

       শিশুৰ সকলো প্ৰকাৰৰ ৰোগৰে হোমিঅ পেথিকত খুব সুন্দৰ ফলপসু চিকিৎসা আছে। শিশুৰ যিকোনো ধৰণৰ সমস্যা হোৱাযেন দেখিলেই শীঘ্ৰে হোমিঅপেথিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
          হোমিঅপেথিক মেডিচিন Acconit Nap 6- এই ঔষধটো অপোনালোকে সদায় লগত ৰাখিব। যিকোনো হোমিঅপেথিক ফাৰ্মাচীত উপলব্ধ। শিশুৰ যিকোনো ধৰণৰ ৰোগত ব্যৱহাৰ কৰিবৰ বাবে এটা অতি উৎকৃষ্ট ঔষধ। যি ৰোগেই নহওঁক কিয় ২৪ ঘন্টাৰ ভিতৰত এই ঔষধে সকলো ৰোগতে কাম কৰে। কেৱল চালৰ ৰোগৰ বাহিৰে। শিশুক এই ঔষধ ১ চামুচ কুঁহুমীয়া পানীত ১ টোপাল দি ৰোগৰ পাবল্য অনুসৰি ২-৩ ঘন্টাৰ মূৰে মূৰে খোৱাব লাগে। ২৪ ঘন্টা পাৰ হোৱাৰ পাছত কিন্তু এই ঔষধে কাম নকৰিব।
         চৰ্দিহৈ নাকেৰে পানী ওলালে আৰু লগতে হাঁচি হলে শিশুক Allium cepa30 ঔষধটো ১ টোপালকৈ আৰু Bryonia Alb 30 ঔষধটো ১ টোপালকৈ ৰোগৰ প্ৰাবল্য অনুসৰি দুই তিনি ঘন্তাৰ মূৰে মূৰে ইটোৰ পিছত খিটো খুৱালে ৰোগৰ ওপশম হয়।
            চকু ৰঙা পৰিলে আৰু চকুৰে ফেচকুৰী ওলালে Belladona 30 আৰু Euphrasia 30 ঔষধ দুটা ৰোগৰ প্ৰাবল্য অনুসৰি দিনত দুই তিনিবাৰকৈ খুৱালে ৰোগ সহজতে উপশম হয়।
      গাত সৰু সৰু ৰঙা ৰঙা ঘামচিৰ দৰে গুটি ওঠিলে লক্ষণ অনুযায়ী- Rhustox30, Arsenic Alb30, Pulsatilla30 আদি ঔষধ সমূহ লক্ষণ অনুসৰি ব্যৱহাৰ কৰিলে ৰোগ নিৰাময় হয়।
       গাখীৰ ওকালিৱা বা বমি কৰাৰ সমস্যাত Arsenic Alb30, Aethusa30, Ipicac30, Nux30 আদি ঔষধ সমূহ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা শিশপক সহজতে মুক্ত কৰিব পৰা যায়।
           জিহ্বা, ডিঙিৰ ভিতৰত বগা প্ৰলেপ পৰা মুখত ঘাঁ হোৱা সমস্যাত –Antim Crud30, Borax30, Diptherinum30, Marc sol30 আদি ঔষধ সমূহ সফল ভাবে ব্যৱহাৰ কৰিব পৰা যায়।
           শিশুৰ পেটৰ সমস্যা হলে, পায়খানা হলে Chemomilla30, Antim crud30, Croton tiglium30, Podophyllum30, Lycopodium30,Chaina30 আদি ঔষধ ব্যৱহাৰ কৰি ৰোগ নিৰাময় কৰিব পৰা হয়।
          আমাৰ চিকিৎসা সেৱা প্ৰতিষ্ঠান “ডাক্তৰ হৰিচ হোমিঅপেথিক এণ্ড ফিজিঅথেৰাপি ক্লিনিক”ত শিশুৰ যিকোনো ধৰণৰ ৰোগৰ বিশেষ চিকিৎসা সেৱা আগবঢ়োৱা হয়। প্ৰয়োজন সাপেক্ষে যোগাযোৰ কৰিব পাৰে।
যোগাযোগৰ ঠিকনা- 
“ডাক্তৰ হৰিচ হোমিঅপেথিক
এণ্ড ফিজিঅথেৰাপি ক্লিনিক, গোগামুখ-গেৰুকামুখ পথ, 
জিলা ধেমাজি, অসম। ফোন নং- 9954340102

Wednesday, November 13, 2019

নেজেল পলিপ কি, কিয় হয়? ইয়াৰ চিকিৎসা

নেজেল পলিপ কি, কিয় হয়? ইয়াৰ চিকিৎসাঃ

নেজেল-পলিপ নেজেল পলিপ
মি আজি কথা পাতিম নেজেল পলিপচ বা পলিপাচৰ বিষয়ে। কেতিয়াবা ৰাতিপূৱা শুই উঠাৰ পাছত কোনো কোনো ব্যক্তিৰ ইমানেই হাঁচি হয়, হাঁচিয়াই হাঁচিয়াই অৱস্থা কাহিল হৈ যায়। কেতিয়াবা ঠাণ্ডাপানীত গাধুৱাৰ পাছত, কেতিয়াবা অলপমান ধুলি-বালি থকা ঠাইত গলেই নাকৰ পানী চকুৰ পানী একাকাৰ হোৱা হাঁচি যেন অন্তই নপৰিব। লগে লগে চৰ্দি, জ্বৰ জ্বৰ ভাব, মাথাৰ বিষ আদিয়ে ব্যক্তিজনৰ অৱস্থা কাহিল কৰি দিয়ে, আৰু কেতিয়াবা পূৱা শুইউঠাৰ পাছৰে পৰা ইমানেই হাঁচি হয়, হাঁচিয়াই হাঁচিয়াই একেবাৰে দূৰ্বল লেবেযান হৈ যায়। এই সমস্যাটোক লৈ যেতিয়া ব্যক্তি এজন ডাক্তৰৰ কায চাপে তেতিয়া ডাক্তৰে পৰীক্ষা নিৰীক্ষা কৰি কয় যে, ব্যক্তিজনৰ পলিপাচ হৈছে বা পলিপচ হৈছে। আৰু কোনো কোনো ডাক্তৰে ইয়াক লগে লগে অস্ত্ৰোপ্ৰচাৰ বাবে উপদেশ দিয়ে। মই এনেকুৱা কেইবাজনো ৰোগী পাইছো যি নেজেল পলিপচ অস্তোপ্ৰচাৰ কৰি ইতিমধ্য উঠাই দিয়া বুলি জনাইছে। তাৰ পিছতো কিন্তু একে সমস্যাকে লৈ মোৰ ওচৰত চিকিৎসা গ্ৰহন কৰিবলৈ আহিছে। যাৰ নেকি অপাৰেচন কৰিব লগা কোনো কাৰণেই নাছিল। আজি কালি কি কাৰণত নাজানো, কিছুমান ডাক্তৰে ৰোগীক নাকৰ পলিপচ বা পলিপাচ হোৱা বুলি অস্তোপ্ৰচাৰ কৰিবৰ বাবে উদগনি যোগায়।
এই পলিপাচ বা পলিপৰ সমস্যা কিন্তু এক গুৰুতৰ সমস্যা। বৰ্তমান ভাৰতবৰ্ষৰ ১০ মিলিয়নতকৈও অধিক লোক প্ৰতি বছৰে এই সমস্যাৰ সন্মুখীন হয়। আপোনিও হব পাৰে এই পলিপাচৰ চিকাৰ। গতিকে নেজেল পলিপচ বা পলিপাচ কি আপোনি জনাতো খুবেই প্ৰয়োজন।  নাকৰ সন্মুখভাগত সৰু সৰু কৈ বাঢ়ি অহা গুটি দুটাই পলিপ নেকি? এই দুটা কিটি পেলালেই সকলো সমস্যা শেষ নেকি? অস্ত্ৰোপ্ৰচাৰ নকৰাকৈ কোনবোৰ হোমিঅপেথিক মেডিচিনৰ দ্বাৰা এই সমস্যা নোহোৱা কৰিব এই সকলোবোৰ বিষয় আজি আপোনালোকক জনাম।
সাধাৰণতে আমাৰ যেতিয়া চৰ্দি-কাহ হয়, এলাৰ্জিৰ সমস্যা হয়, বেছি ধুলি-বালি থকা ঠাইত যাঁও, তোতিয়া আমাৰ হাঁচি হয় আৰু আমি আইনাত যেতিয়া আমাৰ নাকৰ ভিতৰত চাওঁ দেখা পাওঁ দুফালে দুটা গুটা বস্তু আৰু আমি এই গুটা বস্তু দুটাকে পলিপাচ হোৱা বুলি ভয় খায় যাওঁ। আচলতে নাকৰ পিছৰ ফালত (লেটাৰেল চাইড) থকা এই গুটিকেইটাই পলিপচ নহয়। এই কেইটাক টাৰবিনেট বুলি কেৱা হয়। আৰু যেতিয়া আমাৰ ঠাণ্ডা লাগে বা ছৰ্দি-কাহ, এলাৰ্জি আদিৰ সমস্যা হয়, তেতিয়া এই টাৰবিনেত কেইটা ফুলি উঠে আৰু এই কেইটাকে কাটি পেলাবৰ বাবে কেতিয়াবা কোনো কোনো চিকিৎসকে আমাক পৰামৰ্শ আগবঢ়ায় আৰু বহুতে অজ্ঞতাবসত অস্ত্ৰোপ্ৰচাৰ কৰি উঠাই দিয়ে।
আচলতে যেতিয়া পলিপচ হয় বা পলিপাচ হয়, তেতিয়া আমাৰ নাকৰ ভিতৰত যিটো লাইনিং আছে তাত এখন পাতল মিউকাচ মেমব্ৰেন বা পাতল এখন চালৰ আৱৰণ থাকে।  ভিতৰৰ চাইনাচৰ বোৰৰ পৰা টাৰ্বিনেটলৈকে থকা এই পাতল চালখনৰ কোনোবা অংশত চকুপানীৰ টোপালৰ দৰে গোটখায় আৰু লাহে লাহে এই চালখন ঢিলাহৈ তললৈ উলমি পৰে। ইয়াত বিয নাথাকে। ইয়াৰ পৰা কেন্সাৰ হোৱাৰো কোনো সম্ভাৱনা নাথাকে। এই চকু পানীৰ টোপালৰ দৰে উলমি পৰা অংশটো লাহে লাহে ডাঙৰ হৈ নাকৰ কোনোবা এফালে অথবা দুই ফালে বন্ধ কৰি দি এক জটিল সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই সমস্যাটোক আমি পলিপচ বুলি কওঁ।

নেজেল পলিপচৰ সমস্যা কিয় হয়?

এই পলিপচ কেতিয়া অপাৰেচন কৰিব সেই বিষয়ে পিছত আলোচনা কৰিম। তাৰ আগতে আহো এই সমস্যা কিয় হয়? দীৰ্ঘদিন ধৰি যদি এলাৰ্জিৰ সমস্যাত ভূগি আছে, অথবা দীৰ্ঘদিন ধৰি যদি এজমাৰ সমস্যাত ভূগি আছে তেনেহলে এই নেজেল পলিপচ হোৱাৰ সম্ভাৱনা থাকে, সঘনাই যদি নাকৰ ইনফ্ৰেকচন হয় বা সঘনাই যদি চৰ্দি-পানী লগা সমস্যা হৈ থাকে বা ডাষ্ট এলাৰ্জিত যদি দীৰ্ঘদিন ধৰি ভূগি থাকে, যদি আপোনাৰ ইমিউন পাৱাৰ দূৰ্বল হয়। তেনে হলে সঘনাই নাকত হোৱা সংক্ৰমনৰ ফলত নাকৰ পাতল আৱৰনি চালখন ঢিলাহৈ যায় আৰু চকুপানীৰ টোপাল এটাৰ দৰে বা আঙুৰ এটাৰ দৰে তললৈ উলমি আহে। এই সমস্যাটোকে নেজেল পলিপচ বুলি কোৱা হয়।

নেজেল পলিপচ হলে কেনেকুৱা ধৰণৰ লক্ষণ প্ৰকাশ পাবঃ

য়াৰ প্ৰধান লক্ষণ সমূহৰ ভিতৰত হল- অত্যাধিক হাঁচি অহা, শুই উঠাৰ পিছত ঘনাই ঘনাই হাঁচি হয়, কেতিয়াবা বতৰ পৰিৱৰ্তনৰ লগে লগে বা অলপমান জলবায়ু পৰিৱৰ্তনৰ, বৰষুণ অহাৰ লগে লগেই হাঁচি আৰম্ভ হয়। নাক বন্ধহোৱাৰ দৰে অনুভৱ হয়, চৰ্দি লাগিলে  যেনেদৰে নাক বন্ধ হৈ যায় তেনেকুৱা অনুভৱ হয়। শুই থাকিলে নাক বন্ধ হোৱাৰ দৰে আনুভৱৰ লগতে নাকৰ ভিতৰত চেঁচা পানীৰ টোপাল পৰি থকাৰ দৰে অনুভৱ হয়, নাকৰ ভিতৰত কেতিয়াবা পোৰনি অনুভৱ হয়, নাকত অলপমান প্ৰেচাৰ পৰিলেই তেজ উলোৱা আদি লক্ষণ প্ৰকাশ পালেই পলিপচ হোৱাৰ সম্ভাৱনা থাকে। এনেকুৱা লক্ষণ প্ৰকাশ পালে অভিজ্ঞ চিকিৎসকৰ কাষচাপি পৰামৰ্শ গ্ৰহন কৰিব।

নেজেল পলিপচৰ হোমিঅপেথিক চিকিৎসাঃ

হোমিঅপেথিকত এই সমস্যাৰ বাবে খুব সুন্দৰ ফলপসু দৰব আছে। কোনোধৰৰ অপাৰেচন নকৰাকৈয়ে এই সমস্যাৰ স্থায়ী সমাধান কৰিব পৰা যায়। তাৰ বাবে আপোনালোকে অভিজ্ঞ হোমিঅপেথিক চিকিৎসকৰ কাষ চাপিব লাগিব। মই আগতেই আপোনালোকক কৈছো – কোনো কোনো চিকিৎসকে পলিপ বুলি নাকৰ যিকেইটা টাৰবিনেট এই দুটা অস্ত্ৰোপ্ৰচাৰ কৰি আতৰায় দিয়ে। গতিকে আপোনালোকে সতৰ্ক হব, স্বাভাৱিক অৱস্থাত ইয়াক অস্ত্ৰোপ্ৰচা কৰাৰ কোনো প্ৰয়োজন নায়। চৰ্দি,কাঁহ, এলাৰ্জি আদি হলে এই টাৰ্বিনেট কেইটা এনেও ফুলি উঠে, সেই বুলিয়েই ইয়াক কাতিপেলোৱাৰ প্ৰয়োজন নহয়। যদি আপোনাৰ পলিপচৰ সমস্যা হৈ ৮০-৯০ শতাংশ ব্লকহৈ গৈছে আৰু কপাল, নাক, গাল আদি ফুলি ৰঙাপৰিছে, চকু, নাক আদি পোৰনি হৈ একেবাৰে উশাহ-নিশাহ লব নোৱৰা অসহ্যকৰ অৱস্থা হৈছে। তেতিয়া জৰুৰী অৱস্থাত অস্ত্ৰোপ্ৰচাৰ কৰাব পাৰে। নহলে অলপ ধৰ্য্যধৰি হোমিঅপেথিক চিকিৎসা কৰাওক আৰু এই সমস্যাৰ পৰা সম্পূৰ্ণ ৰূপে মুক্ত হওঁক।hi I am Dr Hari

Saturday, November 9, 2019

শীতকালত চালৰ যতন

শীতকালত চালৰ যতনঃ

শীতৰ আগমনৰ লগে লগে আমাৰ চালৰ বিভিন্ন সমস্যা হবলৈ ধৰে। তাৰ ভিতৰত চাল শুকান আৰু খহতা হোৱা, ওঠঁ ফটা, ভৰিৰ গুৰুহা ফটাঁ, আদি নানান সমস্য হয়। লগতে মুখত শালমন বা পিমপলচ হোৱা খৰ-খজুৱতী আদি সমস্যাও দেখাদিয়ে। চালখন যেতিয়া শুকান হয় তেতিয়া চালত খজুৱতীও বেছি হয় আৰু অত্যাধিক খজুৱতীৰ ফলত চালত ইনফেকচন হয়, চাল ৰঙাপৰে আদি সমস্যআ হয়।
শীতকালত-চালৰ-যতন শীতকালত চালৰ যতন
        এই চালৰ সমস্যাক লৈ বহুতেই চিন্তিত হোৱা দেখিবলৈ পোৱা যায়। চালখনক সুৰক্ষিত কৰি ৰাখিবৰ বাবে বহু দামী দামী ক্ৰীম, বডিলোচন আদি ব্যৱহাৰ কৰাৰ লগতে বিউটিপাৰলাৰত গৈ বহু অৰ্থ ব্যয় কৰা পৰিলক্ষিত হয়। তাৰ পাছতো কিন্তু চালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম নহয়।
        শীতৰ এই সকলো সমস্যাৰ বাবে হোমিঅপেথিকৰ “sarcream” নামৰ এটা অতি ফলপসু ক্ৰীম আছে। ই অত্যন্ত ফলপদ বহুমুখী ক্ৰীম। ভৰি ফটা, চকুৰ গুৰিত কলা পৰা, সৰুসুৰা কটা-চিঙাৰ ঘাঁ, চানবাৰ্ণ, পিমপলচ, মুখৰ কলা দাগ আদি সকলো সমস্যাতেই এই ক্ৰীম ব্যৱহাৰ কৰিব পৰা যায়। পুৰুষ সকলে দাড়ি খুৰুৱাৰ পিছত লগাব পাৰে।
        ইয়াৰ উপৰিও আপোনালোকে মুখত হোৱা কলা দাগ গুচাবৰ বাবে HAPDEGO কোম্পানীৰ Marks Go ক্ৰীম ব্যৱহাৰ কৰিব পাৰে। Aqua Plus ফেচৱাচেৰে মুখখন ভালদৰে ধুই এই ক্ৰীম লগাব। খুউব সোনকালে মুখৰ কলা দাগ নোহোৱা হব। Dr Hari

গেষ্ট্ৰিক, এচিডিটিৰ ঘৰুৱা চিকিৎসা

গেষ্ট্ৰিক, এচিডিটিৰ ঘৰুৱা চিকিৎসাঃ

ৰ্তমান সময়ত ব্যাপক ভাৱে দেখা দিয়া সমস্যাটোৱেই হল এচিডিটিৰ সমস্যা। প্ৰতি ১০ জন মানুহৰ ভিতৰত ৮ জনেই এই সমস্যাত ভুক্তভূগী। বহু ব্যক্তিয়ে এই সমস্যাৰ ঘৰুৱা ভাবে তাৎক্ষণিক উপশম পাবৰ বাবে কিবা বিধান পাব নেকি জানিব বিছাৰে, গতিকে আজি আমি এই এছিডিটিৰ পৰা ঘৰুৱা ভাৱে উপশম কেনেকৈ লাভ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম।
          এচিডিটিৰ লক্ষণ সমূহৰ ভিতৰত- সঘনাই বমি বমি ভাব হোৱা বা বমি হোৱা, টেঙা ওগাৰ অহা বা টেঙা বমি হোৱা, বুকুৰ জ্বলাপোৰা, পেটত পোৰণি হোৱা, খাদ্য খোৱাৰ পাছত পেটত অশান্তি হোৱা বা পেট গধুৰ গধুৰ লগা, মূৰ ঘুৰোৱা বা মূৰ অচণ্ডাই কৰা, খাদ্য ভালদৰে হজম নোহোৱা, পেটফোলা আৰু কোষ্ঠকাঠিন্য আদিয়েই প্ৰধান। এই এচিডিটিৰ বাবেই আমাৰ খাদ্যনলীটো জ্বলাপোৰা কৰে, বুকু গধুৰ গধুৰ অনুভৱ হয়।
গেষ্ট্ৰিক-এচিডিটিৰ-ঘৰুৱা-চিকিৎসা গেষ্ট্ৰিক, এচিডিটিৰ ঘৰুৱা চিকিৎসা
          পেটত যেতিয়া এচিডিটিৰ মাত্ৰা বৃদ্ধি হৈ যায়, তেতিয়া এই এচিড পেটৰ পৰা খাদ্যনলীয়েদি উজাই মুখলৈকে আহিব পাৰে, ফলত ডিঙিত, খাদ্যনলী আদিত ঘাঁ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। সাধাৰণতে অত্যাধিক মচলাযুক্ত খাদ্য খোৱা, ফুটপাথৰ দোকান হোটেল-ৰেষ্টোৰাত ফাষ্টফুড, জাংফুড, মচলাযুক্ত, জ্বলা, ভজা-পোৰা খাদ্য খোৱা, খাদ্য সময়মতে নোখোৱা আদি কাৰণতো এই এচিডিটিৰ সমস্যা হয়। এই সমস্যা যদি দীৰ্ঘদিন ধৰি হৈ থাকে তেনে হলে গুৰুতৰ সমস্যাৰ সৃস্টি হব পাৰে। বহু সময়ত আমি এই সমস্যাবোৰ সাধাৰণ সমস্যাৰুপে গণ্যকৰি গুৰুত্ব নিদিওঁ। কিন্ত সুস্বাস্থ্যৰ বাবে আমাৰ পাকস্থলীক সুস্থ ৰখাটো অতি জৰুৰী। যদি আমাৰ পেট আৰু পাচন শক্তি সঠিক নাথাকে তেনে হলে শৰীৰৰ কিবা নহয় কিবা ৰোগ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে।
          অত্যাধিক এচিডিটিৰ সমস্যা দীৰ্ঘদিন ধৰি হৈ থাকিলে পেট আৰু ক্ষুদ্ৰান্ত্ৰত কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে। গতিকে এই এচিডিটিৰ সমস্যা সঠিক সময়ত চিকিৎসা কৰাটো অত্যন্ত জৰুৰী। বহুলোকে এচিডিটিৰ সমস্যা দূৰ কৰিবৰ বাবে খালীপেটত দৈনিক গেছৰ টেবলেট খোৱা দেখিবলৈ পোৱা যায়। খালীপেটত খোৱা এই দৰবে কেতিয়াও এচিডিটি দূৰ কৰিব নোৱাৰে, বৰঞ্চ কেতিয়াবা ই সমস্যা আৰু অধিক গুৰুতৰ কৰি তুলিব পাৰে। ইতিমধ্যে বহু গবেষকে মত পোষণ কৰিছে যে, গেষ্ট্ৰিকৰ ঔষধ দীৰ্ঘদিন ধৰি গ্ৰহণ কৰিলে ষ্টমাক কেন্সাৰৰ সম্ভাৱনা থাকে।
          গতিকে আমি জানো আহক ঘৰুৱা উপায়েৰে এই এচিডিটি কেনেকৈ নোহোৱা কৰিব পাৰি তাৰ ফলপ্ৰসু ঘৰৱা উপায়ৰ বিষয়ে। লগতে এচিডিটিৰ সমস্যা হলে গ্ৰহণ কৰিব লগা সাৱধানতাৰ বিষয়েও।

১) গাখীৰ আৰু ঘিঁ

১ গিলাচ পানীত ২০ এম এল ঠাণ্ডা গাখীৰ আৰু এক চামুচ খাটি ঘিঁ মিলাই সেৱন কৰিলে এচি়ডিটিৰ সমস্যা সহজতে উপশম হয়। লগতে পেট আৰু বুকুৰ জ্বলাপোৰা সমস্যাও সহজতে নোহোৱা হয়। যি সকল লোকৰ এচিডিটিৰ সমস্যা আছে তেওঁলোকে পুৱা আৰু ৰাতি ভাত খোৱাৰ পাছত এই মিশ্ৰন গ্ৰহন কৰিলে খুওব সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হব।

২) জীৰা আৰু কলা নিমখ অথবা জীৰা আৰু নেমুঃ

আধা চামুচ জীৰা পাউদাৰ, আধাচামুচ হালধী আৰু আধা চামুচ কলানিমখ মিলাব আৰু ইয়াৰ লগত নেমুটেঙা অলপ গৰম কৰি আধাচামুচ ৰস মিলাই খালে এচিডিটিৰ সমস্যাৰ পৰা তাৎক্ষনিক ভাবে মুক্ত হবলৈ সক্ষম হব। পেটৰ জ্বলাপোৰা, পেট গধুৰ লগা, টেঙা উগাৰ আদি তাৎক্ষনিক ভাবে নোহোৱা কৰিবৰ বাবে এই মিশ্ৰন ব্যৱহাৰ কৰিব পাৰে। এই মিশ্ৰন যেতিয়াই আপোনি অধিক এচিডিটিৰ সমস্যা সন্মুখীন হয়, তেতিয়াই ব্যৱহাৰ কৰিব।

৩) টিয়হ, তুলসিৰ পাত আৰু আজুৱাইনঃ

তুলসিৰ পাত পিহি লব, বাকলি নুগুচোৱাকৈ টিয়হ মিক্সিত জুচ বনাই লব। ১ গিলাচ জুচত ১ চামুচ তুলসীৰ পেষ্ট আৰু আধা চামুচ আজুৱাইন পাউদাৰ মিলাই সেৱণ কৰিব। এই মিশ্ৰনে পেটত থকা এচিডৰ মাত্ৰা কম কৰি পেটৰ আৰু বুকুৰ জ্বলাপোৰা, কুষ্ঠকাঠিন্য আদি দূৰকৰি পেত ঠাণ্ডা ৰসাত সহায় কৰে।

৪) এলভেৰা জুচঃ

পূৱা খালীপেটত দৈনিক এলভেৰা জুচ সেৱন কৰিলেও এচিডিটিৰ সমস্যা দূৰ হয়। এচিডিটিৰ সমস্যা যদি অত্যাধিক থাকে তেনেহলে দিনত ৩ বাৰলৈকে এলভেৰাৰ জুচ সেৱন কৰিব পাৰে।
৫) লং, ইলাচি, চফ, গুৰ, জীৰা আৰু আমলখি পাউদাৰেও গেচ, এচিডিটিৰ সমস্যা দূৰ কৰাত সহায় কৰে। ইলাইচিয়ে পাকস্থলিত খাদ্য হজম হোৱাত সহায় কৰি পেটত এচিডৰ মাত্ৰা নিয়ন্ত্ৰনত সহায় কৰে।
ইলাইচিয়ে গেছ আৰু এচিডিটিৰ সমস্যাত এন্টাচিডৰ দৰে কাম কৰে। খাদ্য খোৱাৰ পাছত  ১ বা ২ টা ইলাইচি অথবা ইলাইচিৰ পাউদাৰ মিচিৰিৰ সৈতে দৈনিক সেৱন কৰিব পাৰে।
          খাদ্যখোৱাৰ পাছত চফ আৰু গুৰ কম পৰিমানে খালে খাদ্য হজম হোৱাত সহায় হয়। গেছ আৰু এচিডিটিৰ সমস্যা উপশম হয়। Dr Hari