Dr Haris Well future : July 2019

Friday, July 19, 2019

টাইফয়েড জ্বৰ (TYPHOID FEVER)


টাইফয়েড জ্বৰ (TYPHOID FEVER) 


 টাইফয়েড-জ্বৰটাইফযেড বা টাইফয়েড জ্বৰ এক সংক্ৰামক ৰোগ। চালমোনেলা টাইফি নামৰ এক ধৰনৰ বেক্টেৰীয়াৰ সংক্ৰামনৰ দ্বাৰা এই ৰোগ হয়। সাধাৰনতে প্ৰদূষিত পৰিৱেশ, দূষিত পানী, দূষিত খাদ্যৰ মাধ্যমৰে এই ৰোগৰ জীৱানু সংক্ৰামন ঘটে। অন্যহাতে এই ৰোগৰ দ্বাৰা গ্ৰচিত ব্যক্তিৰ সংস্পৰ্শলৈ আহিলেও এই ৰোগ হব পাৰে। যদি লেতেৰা পানী বা খাদ্য অথবা আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শত এই ৰোগৰ বিজানু অন্য সুস্থ্য ব্যক্তিৰ দেহত প্ৰৱেশ কৰে তেনেহলে সেই সুস্থ্য ব্যক্তিজনৰ ১ ৰ পৰা ৩ সপ্তাহ ভিতৰত এই ৰগৰ লক্ষন প্ৰকাশ পাব পাৰে। এই ৰোগৰ প্ৰধান লক্ষন সমূহৰ ভিতৰত হল - জ্বৰ, মাথাৰ বিষ, বুকুৰ ওপৰত গুলপীয়া ৰঙৰ ডাগ পৰা, লিভাৰ ডাঙৰ হোৱা, প্লিহা ডাঙৰ হৈ যোৱা, পেটৰ বিষ, বদহজম, ডায়েৰিয়া, কুষ্ঠকাঠিন্য আদি। 

টাইফযেড কেনেকৈ সংক্ৰামন ঘটেঃ- 


দূষিত খাদ্য অথবা পানীৰ জৰিয়তে এই বেক্টেৰিয়া শৰীৰত প্ৰৱেশ কৰে। আৰু আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শৰ দ্বাৰাও এই ৰোগৰ বিজানুৰ সংক্ৰমন হয়। 

টাইফযেড জ্বৰ হলে কেনেধৰনে লক্ষন প্ৰকাশ পায়ঃ- 


সাধাৰনতে টাইফয়েডত আক্ৰান্ত হোৱা একৰ পৰা তিনি সপ্তাহৰ পাছত এই ৰোগৰ লক্ষন বা উপশৰ্গ প্ৰকাশ পাবলৈ আৰম্ভ হয়। এই চালমোনেলা টাইফিৰ দ্বাৰা আক্ৰান্ত শিশু হৰ্থাত অসুস্থহৈ পৰিব পাৰে। 

টাইফযেডৰ ইয়াৰ উপৰ্সগ সমূহ হলঃ 


প্ৰথম অৱস্থাত টাইফয়েডত আক্ৰান্ত ব্যক্তিৰ ডিঙিৰ বিষ, মাথাৰ বিষ, পেটৰ বিষ, মাথা ঘুৰুৱা, মাথা জিম জিম কৰা, গাৰ বিষ আদি হয়। ৰোগীয়ে শৰীৰৰ দূৰ্বল ও অৱসাদ অনুভৱ কৰে সাধাৰনতে জ্বৰ কেতিয়াবা কেতিয়াবা অলপ বাঢ়ে। ১০৩ ৰ পৰা ১০৪ ফাৰেন হাইট পৰ্যন্ত হব পাৰে। 

বমি বমি ভাৱ বা বমি হব পাৰে। ডায়েৰীয়া হব পাৰে। কুষ্ঠ কাঠিন্য হব পাৰে। পেটৰ ওপৰ ফালে নহলে পিঠিত গুলপীয়া দাগ হব পাৰে। ৰোগৰ প্ৰাবল্য বা তীব্ৰতা যদি বাঢি যায় মাৰাত্মক ডায়েৰীয়া হব পাৰে, তেজ বমি পৰ্যন্ত হব পাৰে। তীব্ৰ কোষ্ঠকাঠিন্য হব পাৰে। জ্বৰৰ কোবত ৰোগীয়ে চকুৰে কিবা কিবি কাল্পনিক বস্তু দেখা, ভয় খোৱা, প্ৰলাপ বকা আদি লক্ষন প্ৰকাশ পাব পাৰে। আনকি ৰোগী অচেতনো হৈ পৰিব পাৰে। শৰীৰৰ উজন দ্ৰুত গতি হ্ৰাস পাব পাৰে। 

বহু ৰোগীৰ ক্ষেত্ৰত প্ৰথম অস্থাত টাইফয়েড ৰোগ হোৱা বুলি ধৰিব পৰা নাযায়। আৰু দ্বিতীয় বা তৃতীয় সপ্তাহত ৰোগ চিনাক্ত হলে তেতিয়ালৈকে ৰোগে মাৰাত্মক ৰুপ ধাৰন কৰিবও পাৰে। ঔষধ গ্ৰহন কৰি থকাৰ সময়তো ৰোগীৰ বহু সময়লৈ জ্বৰ হৈয়ে থকা দেখিবলৈ পোৱা যায়। 


টাইফযেড কাৰ হোৱা সম্ভাৱনা থাকেঃ- 


(১) যি কসলে দূষিত পানী আৰু খাদ্য গ্ৰহন কৰে। কাৰন দূষিত পানী আৰু খাদ্যৰ জৰিয়তে এই চালমোনেলা টাইফি সংক্ৰমন ঘটে। 

(২) যি বোৰ থাইত ইতিমধ্যে টাইফয়েড ব্যাপক ভাৱে সংক্ৰমন ঘটিছে তেনে থাইত গলেও এই ৰোগ হব পাৰে। 

(৩) চিকিতসা কৰ্মী, যি সদায় চিকিতসা লয়ত ৰোগী ছোৱাচিতা কৰে সেই সকলৰ টাইফয়েড হোৱা সম্ভাৱনা বেছি থাকে। 

(৪) টাইফযেড ৰোগীৰ সংস্পৰ্শত থকা ব্যক্তি বা কোনো ক্ষেত্ৰত টাইফয়েড ৰোগীয়ে তৈয়াৰ কৰা খাদ্য খালেও ৰোগ হোৱাৰ সম্ভাৱনা থাকে। 

(৫) শৰীৰিক ভাৱে অসুস্থ ব্যক্তি বা শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কম থকা ব্যক্তি, এইচআইভি আদি সংক্ৰমন থকা ব্যক্তিৰ টাইফয়েড ৰোগ হোৱাৰ সম্ভাৱনা বেছি থাকে। 

টাইফয়েড় কেনেকৈ চিনাক্ত কৰিবঃ- 


চিকিতসকে ৰোগৰ ইতিহাস জনাৰপাছত টাইফয়েড হৈছেনে নাই সেই বিষয়ে নিশ্চিত কৰিব পাৰে। প্ৰয়োজন সাপেক্ষে তেজ পৰীক্ষা, প্ৰস্বাৱ বা পায়খানা পৰীক্ষা অথবা বৰ্ণমেৰু পৰীক্ষা কৰাব পাৰে। 

টাইফযেডৰ জটিলতাঃ- 


দীৰ্ঘদিন ধৰি টাইফয়েড ৰোগ হৈ থাকিলে বিভিন্নধৰনৰ জটিলতা দেখা দিব পাৰে। ইয়াৰ ভিতৰত- পেটৰ ভিতৰত পাকস্থলীৰ পৰা ৰক্ত ক্ষৰনৰ হোৱা, অগ্নশয় ফুলি যোৱা, মেৰুদণ্ড সমক্ৰমন, মস্তিস্ক সংক্ৰমন ঘটি মেনিনজাইটিছ হোৱা, গল্ডব্লাডাৰ বা পিত্ৰ থলীত সংক্ৰমন, নিউমোনিয়া, শৰীৰৰ বিভিন্ন স্থানত ফোড়া, স্নায়বিক সমস্যা আনকি কিডনিৰো সমস্যা হব পাৰে। 

টাইফয়েড জ্বৰ প্ৰতিোৰধৰ বাবে কেনেধৰনৰ ব্যৱস্থা গ্ৰহন কৰিবঃ- 


চিকিতসকৰ পৰাৰ্মশ অনুযায়ী নিদ্ধাৰিত সময়ত ভেক্সিন গ্ৰহন কৰিলে ৰোগৰ পৰা বাছি থাকিব পৰা যায়। ভেক্সিন ব্যৱহাৰ কৰা ক্ষেত্ৰত নিশ্চিত ভাৱে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব। কোনো কোনো ক্ষেত্ৰত কেতিয়া ভেক্সিনে ১০০ শতাংশ কাম নকৰিবও পাৰে এই বেমাৰৰ পৰা বাছি থাকিবৰ বাবে নিজেও কিছুমান আনুসাংগ্ৰিক ব্যৱস্থা গ্ৰহন কৰা উচিত। শাক চবৰ্জি, ফল মুল আৰু ৰন্ধা বঢ়া কৰা বাছন বাতি সদায় পৰিষ্কাৰ পানীৰে ধূব লাগে। ৰন্ধা বঢ়া কৰা খাদ্যবোৰ ভালদৰে খিজাই খাব লাগে। খাদ্য খোৱা আৰু ৰন্ধা বঢ়া কৰাৰ আগতে বা খাদ্য প্ৰস্তুত কৰাৰ আগতে ভালদৰে চাবোনৰে হাত ধূব লাগে। পৰ্যাপ্ত পৰিমানে উতলাই বিজানুমুক্ত কৰা পানী খাব লাগে আৰু পানী যাতে দূষিত হব নোৱাৰে তাৰ বাবে ভালদৰে ঢাকন দি থব লাগে। আৰু ২৪ ঘন্টাৰ ভিতৰত খাব লাগে। ২৪ ঘন্টাৰ পাছত সংশোধন কৰা হলও সংৰক্ষীত পানী খাব নালাগে। ফুটপাটৰ দূকানৰ পৰা, যিকোনো হোটেল ৰেষ্টোৰাৰ পানী পৰাপক্ষত নোখোৱাই ভাল। সকলো সময়তে টয়লেট পৰিষ্কাৰ কৰি ৰাখিব লাগে। শিশুৰ ক্ষেত্ৰত টয়লেট কৰাৰ পাছত ভালদৰে হাত ভৰি পৰিষ্কাৰ কৰি ধূৱাব, খাদ্য খোৱাৰ আগত, খাদ্য প্ৰস্তুত আৰু পৰিৱ্শন কৰা আগত চাবোনেৰে ভালদৰে পৰিষ্কাৰ কৰি লব লাগে। 

পৰিষ্কাৰ পৰিচন্নতাই টাইফয়েডৰ পৰা বাছিৰ থকাৰ সহজ উপায়। যি সকল ব্যক্তিৰ সদায় বিভিন্ন কামৰ বাবে বাহিৰত থাকিব লগা হয় সেই সকলে বিভিন্ন থাইত খাব লগা হয়। এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। পানী প্ৰান কৰাৰ ক্ষেত্ৰত নিশ্চিত কৰিব যে খোৱা পানী খিনি বিশুদ্ধ হয়নে নহয়। লগতে খাদ্য গ্ৰহন কৰা ক্ষোত্ৰতো সাৱধানতা অৱলম্বন কৰিব। সদায় পুষ্টিকৰ আৰু সুষম আহাৰ গ্ৰহণ কৰিব। পৰ্যাপ্ত পৰিমানে তৰল যেনে ফলৰ ৰস আদি গ্ৰহন কৰিব। ঠাণ্ডা পানীৰ পৰিৰ্ৱতে কুঁহুমীয়া গৰম পানী খাব লাগে। ফ্ৰিজৰ খাদ্য খাব নালাগে। আপেল, কমলা, আঙুৰ, আনাৰস আদি ফলত ভিটামিন a আৰু ভিটামিন c থাকে গতিকে এই বোৰ খাদ্য খাব লাগে। 

টাইফযেডৰ হোমিঅপেথিক চিকিতসাঃ


আপোনালোকে জানে যে হোমিঅপেথিকত ৰোগৰ চিকিতসা কৰা নহয়। ৰোগীকহে চিকিতসা কৰা হয়। লক্ষন অনুসৰি সঠিক সময়ত সঠিক মেডিচিন প্ৰয়োগ কৰি যিকোনো ধৰনৰ ৰোগ নিৰাময় কৰা সম্ভৱ। টাইফয়েড জ্বৰো হোমিঅপেথিকত খুউব সহজে নিৰাময় কৰা সম্ভৱ। তাৰ বাবে আপোনালোকে অভিজ্ঞ হোমিঅপেথিক চিকিতসকৰ কাষ চাপি সঠিক মাত্ৰাত ঔষধ গ্ৰহন কৰাটো খুউবেই প্ৰয়োজন। 

ইয়াত লক্ষণ অনুয়ায়ী কেইটামান ঔষধৰ বৰ্ননা আগ বঢ়াইছো প্ৰয়োগৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে অভিজ্ঞ হোমিঅপেথিক চিকিতসকৰ পৰামৰ্শ গ্ৰহন কৰিব। 

HOMEOPATHIC MEDICIN- 


BAPTISIA TINCORIA- টাইফইড জ্বৰৰ আৰম্ভনিতে ৰোগীৰ মুখ কন্দনা মূৱা দেখা যায়। চকুত পানী আহে। ৰোগীয়ে বলিয়াৰ দৰে উপৰলৈ ঘৰৰ চাল বেৰ চায়, জ্বৰ প্ৰৱল থাকে আৰু মূৰৰ প্ৰচণ্ড বিষ হয়। জ্বৰৰ প্ৰৱল অৱস্থাত মুখখন প্ৰায়ে ৰঙা পৰে, শৌচ প্ৰস্বাৱ দূৰ্গন্ধ হয়। যিফালেই ৰোগী শুৱে, সোংফালে বাওঁ হাতে বা উপৰলৈ মুখ কৰি যি ফালেই নুশুৱক কিয় সেই ফালেই থেতেলা খোৱাৰ দৰে বিষ হয়। সেই বাবেই সকলো সময়তেই ইকাতি সিকাতি কৰি থাকিব লগীয়া হয়। জ্বৰৰ তাপ ১০২ ৰপৰা ১০৪ পৰ্যন্ত হয়। ৰাতি পূৱা ভাগত তাপ কিছু কম থাকে। ৰাতি তাপ কিছু বাঢ়ে। গোটেই দিনটো বা ৰাতিটোত জ্বৰৰ তাপৰ কিছু পৰিৰ্ৱতন হৈ থাকে। সামান্য বালিয়ালি বকে। এনেবোৰ লক্ষন প্ৰকাশ পালে জ্বৰৰ আৰম্ভনিতে অৰ্থাত টাইফয়েডৰ প্ৰথম অৱস্থাত এই ঔষধ ১০-১২ দিন ব্যৱহাৰ কৰিলে ৰোগ আগবাঢ়িব নোৱাৰে আৰু ৰোগ নিৰাময় হয়। 

টাইফয়েডৰ দ্বিতীয় বা তৃতীয় অৱস্থাত BAPTISIA ব্যৱহাৰ কৰাৰ লক্ষন সমূহ হল- জিভা প্ৰথমে বগা পৰে আৰু জিভাৰ উপৰত ৰঙা গুটি গুটি থাকে। অজ্ঞান অৱস্থাত ৰোগী পৰি থাকে কথা সুধিলেই কথা দুই এষাৰ কওতেই অজ্ঞানহৈ পৰে বা কথা সুধিলে, উত্তৰ দিব খুজিলে অজ্ঞান হৈ পৰে। শৌচ প্ৰস্বাৱ ঘাম আদি দূৰ্গন্ধ হয়। একেৰাহে শুই থকাৰ বাবে শৰীৰত ঘাঁ হব পাৰে এই ঔষধৰ আন আন লক্ষনৰ লগতে প্ৰস্বাৱ আৰু শৌচৰ লগত তেজ উলোৱা লক্ষনো থাকিব পাৰে। এনে অৱস্থাত এই ঔষধটো দ্বাৰা জ্বৰ নকমিলে PYROGENIUM ব্যৱহাৰ কৰিব পাৰে। 

ৰোগ নিউমোনিয়াৰ লগত জৰিত rhus tox, phosphorus বা arsenic alba লক্ষন অনুয়ায়ী ব্যৱহাৰ কৰিলে ৰোগ শুনকালে আৰুগ্য হয়। প্লুৰিছি, ব্ৰঙ্কাইটিছ হলে brynia, phosphorus, kali mur, sulphur, antim trat, hepersulphaur আদি ঔষধ সমূহ লক্ষন অনুযায়ী ব্যৱহাৰ কৰিলে ৰোগ আৰুগ্য হয়। 

Homeopathic medicin Rhustox-এই ঔষধ ব্যৱহাৰ কৰা ৰোগীয়ে সকলো সময়তে ইকাতি খিকাতি কৰি থাকে। অস্থিৰকতাৰ লগত ভূল বকে, কথা সুধিলে উত্তৰ নিদিয়ে বা বিৰক্ত হোৱা যেন দেখুৱাই উত্তৰ দিয়ে। শৰীৰত বাত ৰোগৰ দৰে বিষ থাকে। জ্বিভাত ত্ৰিভুজ আকাৰৰ ৰঙা দাগ পৰে, ওঁঠত আৰু দাঁতত ৰঙা গেদেৰী পৰে। কেতিয়াবা প্ৰচুৰ পৰিমানে ঘাঁম হয়। শৰীৰৰত ঘাঁমচিৰ দৰে সৰু সৰু ফুহাঁ উলাই। ডায়েৰীয়া হয়, ঘনাই ঘনাই শৌচ কৰিব লাগে। পেটত বিষ থাকে। কেতিয়াবা কেতিয়াবা ডিচেন্টীৰ দৰে হয়। প্ৰচাৱ দ্বাৰেদি, নাকৰ বা শৌচৰ পথেদি কেতিয়াবা তেজ উলায়। শুকান- শুক শুক কৈ কাহ হয়। নিমোনিয়া হয়। কফৰ লগত কেতিয়াবা সামান্য তেজ মিহলি থাকে। এই বোৰ হল rhus tox ব্যৱহাৰৰ প্ৰধান লক্ষণ। 

কেতিয়াবা যদি সাধাৰন জ্বৰ হৰ্থাত টাইফইডৰ আকাৰ ধাৰন কৰিলে rhus tox ব্যৱহাৰ কৰিব লাগে। এই ঔষধটো ৩০ ক্ষমতা ২ টোপালকৈ ৰোগৰ প্ৰাবল্য অনুসৰি সঠিক প্ৰয়োগ কৰিলে ৰোগ নিৰাময় হয়। 

Homeopathic medecin Arsenic alb- 

এই ঔষধটো ব্যৱহাৰ কৰাৰ প্ৰধান লক্ষনবোৰ হল- দিনৰ বা ৰাতিৰ ১২ বজাৰ পৰা ২ বজালৈকে উপসৰ্গবোৰ বাঢ়ে, খোৱাৰ লগে লগে বমি, শৌচ আদি হয়। ৰোগীয়ে মৰিম বুলি সকলো সময়তে কৈ থাকে। পিয়া লাগে কিন্তু পানী বেছি খাব নোৱাৰে। ইয়াৰ লগতে প্ৰৱল জ্বৰ, ভুল বকা, অতিশয় দূৰ্বল হোৱা, সকলো সময়তে অস্থিৰ হৈ থকা। বা বমি বমি হয় আৰু শৌচ বা বমি হোৱাৰ পাছত কিছুসময় নিতাল মাৰি পৰি থকা, নাকৰ পৰা, প্ৰস্বাৱত আৰু শৌচত তেজ উলোৱা, ব্ৰকাইটিছ হলে উশাহ নিশাহত ভয়ানক কষ্ট হোৱা আদি লক্ষনবোৰ থাকে। এনেবোৰ লক্ষন প্ৰকাশ পালে এই আৰচেনিক ঔষধটো ৩০ ক্ষমতাৰ ২ টোপালকৈ ৰোগৰ প্ৰাবল্য অনুসৰি সঠিক সময়ত প্ৰয়োগ কৰিলে ৰোগ মোক্ত হব পৰা যায়। 

Homeopathic medicin arnica- এই ঔষধ ব্যৱহাৰ কৰা প্ৰধান লক্ষন হল মূৰটো আৰু শৰীৰৰ ওপৰ অংশ গৰম থাকে ভৰিৰ ফালে চেচাঁ থাকে। মূখ চকু ৰঙা পৰে আৰু মূৰত তেজ উঠাৰ গতিকে অজ্ঞান ভাৱে উশাহ নিশাহ লেৱাত ঘেঁৰ ঘেঁৰনি হৈ পৰি থাকে। 

Crotolus horridus- septic typhoid ৰোগত এই ঔষধটো অত্যন্ত ফলপষু। 

Acid mur- টাইফয়েদৰ তৃতীয় - চতুৰ্থ সপ্তাহত এই দৰৰ ব্যৱহাৰ কৰা হয়। 

ইয়াক ব্যৱহাৰ কৰা প্ৰধান লক্ষন সমূহ হল- জিভা ভয়ানক শুকান থাকে, চামৰা দৰে হয় মুখত ঘাঁ পৰিপূৰ্ন হৈ থাকিব পাৰে। জ্বৰ প্ৰৱল থাকে। শৌচ কৰিবৰ সময়ত গুহ্যদ্বাৰ বাহিৰলৈ উলায় যায়, প্ৰস্বাৱ কৰিব সময়ত শৌচ বাহিৰ হয়। ৰোগী অতিশয় দূৰ্বল হোৱাৰ বাবে গাৰুত মূৰ থব নোৱাৰে, সকলো সময়তে গোঁ গোৱাই থাকে। কেতিয়াবা ৰাগীৰ দাঁত লাগে। হাঁত, ভৰি চেঁচা হয়, শৰীৰ অৱশ হয় আদি লক্ষন থাকে। 

Acid phosh- এই ঔষধৰ ব্যৱহাৰ কৰিব লগা ৰোগীয়ে মৃত্যু হোৱাৰ দৰে নিতাল মাৰি পৰি থাকে কিন্তু মাতিলে উত্তৰ দিয়ে, নাকটো মোহাৰি বা চিকুটি থাকে, বগা শৌচ হয়, প্ৰস্ৰাৱ গাখীৰৰ দৰে বগা হয়, শৌচৰ আগত পেটত শব্দ হয় আৰু শৌচৰ পৰিমানতকৈ বায়ু অধিক ওলায়। 

Beladonna- এই ঔষধৰ ব্যৱহাৰ কৰিব লগা ৰোগীৰ মুখ চকু ৰঙা পৰে, মূৰত ভয়ংকৰ বিষ থাকে। মূৰত ৰক্ত উঠাৰ বাবে শুব নোৱাৰে। চকু মুদিলে হিংসু জন্তু দেখি ভয় খাই চিঞৰি উঠে, জোৰে জোৰে বকে, মানুহক মাৰিবলৈ, কামুৰিবলৈ যায়, বিচনাৰ পৰা উঠি পলাবলৈ চেষ্টা কৰে 

Lechesis- যেতিয়া টাইফয়েডৰ সময়ত গাৰ বিষে ৰোগীক জৰ্জৰিত কৰি পেলায়, শৰীৰৰ ৰং নীলা বৰন ধাৰন কৰে, অতিশয় দূৰ্বল হোৱাৰ বাবে জিভা উলিয়াব নোৱাৰে, বা মেলিব নোৱাৰে, সেই সময়ত এই ঔষধ ব্যৱহাৰ কৰিব লাগে। ৰাতি শুলে বা শুব খুজিলে বা টোপনিৰ পৰা সাৰ পালে উপৰ্সগবোৰ অধিক হয়। জিভাৰ ওপৰত কলা ৰঙৰ ফোঁহা হয়। জিভাৰ শুকান থকাৰ বাবে জিভা ফাটি তেজ উলায়। এনেকুৱা লক্ষন প্ৰকাশ পালে এই ঔষধ ব্যৱহাৰ কৰিব লাগে। 

ইয়াৰ উপৰিও- helleborus, aurum triphylium, carboveg,hyscymusnigrer, opium,nuxmoschata,marc sol, crotalus horridus,kalimur,kaliphosh, ferrum phos, sulpher, antim trat, heper sulph, gelsemium আদি বিভন্ন মেডিচিন আছে এই বোৰ লক্ষন অনুযায়ী ব্যৱহাৰ কৰি ৰোগ মুক্ত কৰিব পাৰি। 



hi I am Dr Hari

Sunday, July 14, 2019

উচ্চৰক্তচাপৰ সমস্যা থাকিলে এই ৮বিধ খাদ্য নাখাবঃ- 


বৰ্তমান সময়ত অত্যাধুনিক জীৱন যাত্ৰাত উচ্চৰক্তচাপৰ সমস্যা এক ভয়াৱহ সমস্যা ৰুপে পৰিগণিত
উচ্চ- ৰক্ত-চাপ
উচ্চ ৰক্তচাপ
হৈছে। ইয়াৰ লগে লগে হাৰ্টএটেক ব্ৰেইনষ্ট্ৰক আদি সমস্যাৰ সম্ভাৱনা বৃদ্ধি হৈছে। ব্যস্ততাপূৰ্ন জীৱনত মানুহৰ মানসিক চাপ দিনক দিনে ইমান বৃদ্ধি পাব ধৰিছে যাৰ বাবে আমি এই উচ্চৰক্ত চাপৰ সমস্যাৰ স্বীকাৰ হবৰ লগাত পৰিছে। এই ৰোগৰ কোনো নিৰ্দিষ্ট লক্ষন বা উপসৰ্গ নাই কোনো কোনো ক্ষেত্ৰত কেতিয়াবা মূৰৰ বিষ, মানসিক অবসাদ, দৃষ্টি শক্তিৰ সমস্যা, বমি বমি আৰু বমি হোৱা আদি লক্ষণ প্ৰকাশ পায়। 
         ৰক্তচাপৰ উচ্চ সীমা ১২০ ৰপৰা ১২৯ আৰু নিন্মসীমা ৮০ ত কৈ বেছি থাকে তেনেহলে তাক আমি উচ্চ ৰক্তচাপ বুলি কও। 

          উচ্চৰক্তচাপত ৰোগীয়ে কেৱল যদি ঔষধৰ ওপৰত নিৰ্ভৰ নকৰি খাদ্য নিয়ন্ত্ৰন কৰে তেনেহলে এই উচ্চৰক্তচাপৰ সমস্যাৰ পৰা বাছি থকাৰ সম্ভৱ। সেইয়েহে আজি ইয়াত উচ্চৰক্তচাপৰ ক্ষতিকাৰক ৮ বিধ বস্তুৰ বিষয়ে কম যি বোৰ খালে উচ্চৰক্তচাপত ভোগা ব্যক্তিৰ ক্ষতি হব পাৰে। 

প্ৰথম হল-- 

নিমখঃ- 

উচ্চৰক্ত চাপৰ অন্যতম কাৰন হল শৰীৰত অত্যাধিক ছডিয়াম জমা হোৱা। গতিকে যি সকল ব্যক্তিৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওলোকৰ বাবে নিমখ খুবেই ক্ষতিকাৰক। খুউব কম পৰিমানে নিমখ দি খোৱা খাদ্য প্ৰস্তুত কৰিব লাগে। যাতে শৰীৰত ছডিয়ামৰ পৰিমান বৃদ্ধি হব নোৱাৰে। কেঁচা নিমখ কেতিয়াও খাব নালাগে। কলা নিমখ বা অন্যান্য নিমখ যুক্ত বিস্কুট বা খাদ্য খাব নালাগে। 

ফাচফুড আৰু বেকাৰিঃ- 

বৰ্তমান সময়ত ফাচফুড খোৱাটো আমাৰ কিছুমান মানুহৰ বাবে দৈনন্দিন ৰুটিনত পৰিনত হৈছে। এই বোৰ খোৱাৰ বাবেও উচ্চৰক্তচাপৰ সমস্যা বৃদ্ধি হৈছে। প্ৰাকেটত থকা যিকোনো খাদ্যত উচ্চ ৰক্তচাপ বৃদ্ধি কৰিব পৰা উপাদান থাকে। এইবোৰত প্ৰচুৰ পৰিমানে ছডিয়াম, প্ৰিজাৰভেচিভ, বিষাক্ত ৰং, আৰু ক্ষতিকাৰক ছৰ্বি ডালডা, ব্যৱহাৰ কৰা হয়। এই বোৰ উপাদান উচ্চ ৰক্ত চাপৰ ৰোগীৰ বাবে অধিক ক্ষতিকাৰক। ইয়াৰ উপৰিও তেলত ভঁজা অধিক চৰ্বি যুক্ত মুখৰোচক খাদ্য খোৱাৰ পৰাও বিৰত থাকিব লাগে। 

কফিঃ 

কফি খালেও সাময়িক ভাৱে চাপ বাঢ়িব পাৰে।গতিকে যি সকল ব্যক্তিৰ উচ্চ ৰক্ত চাপৰ সমস্যা আছে তেওঁলোকে কফি সেৱন কৰাটো অনুচিত। কাৰন কেফেইনে ৰক্তনলীক উত্তেজিত কৰি ৰক্ত সঞ্চালন দ্ৰুত কৰে আৰু ৰক্তচাপ বৃদ্ধি কৰিব। যাৰ বাবে হৰ্থাত বৃদ্ধি হোৱা ৰক্তচাপে ষ্টোকৰ সৃষ্টি কৰিব পাৰে। গতিকে উচ্চ ৰক্তচাপ থাকিলে অতিৰিক্ত চা ও কফি খোৱাটো অনুচিত। 

ৰেড মিটঃ- 

ছাগলী, গহৰী, গৰু মাংস, হাঁহৰ মাংস বৰ্জন কৰাটো অতি জৰুৰী। কাৰন এই বোৰ মাংসত বেয়া কলেষ্টৰেলৰ পৰিমান বেছি থাকে। যি নেকি হৃদৰোগৰ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰে। 


কনীৰ কুঁহুমঃ-

উচ্চ ৰক্তচাপৰ ৰোগীয়ে কনীৰ কুঁহুম খাব নালাগে। কণীৰ কুহুঁম খালে ৰক্তচাপ বৃদ্ধি পায় আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি হয়। মূৰ্গীৰ চালত উচ্চমাত্ৰাত ছৰ্বি থাকে। যি মানুহৰ শৰীৰত কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি কৰে আৰু ষ্টোকৰ সম্ভাৱনা বৃদ্ধি কৰে। 

চেনি যুক্ত খাদ্যঃ- 

অতিৰিক্ত চেনি বা মিঠা জাতীয় খাদ্য আমাৰ শৰীৰৰ বাবে খুবেই ক্ষতিকাৰক। কাৰন এই বোৰ খাদ্যই আমাৰ শৰীৰত মেদ জমা হোৱাত সহায় কৰে আৰু ইয়াৰ ফলত শৰীৰৰ উজন বৃদ্ধি হৈ শকত হৈ যায়। অতিৰিক্ত উজনৰ বাবে উচ্চ ৰক্তচাপৰ দৰে বেমাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। সেইয়ে অতিৰিক্ত চেনি জাতীয় খাদ্য পৰিহাৰ কৰক। মিঠাৰ পৰিৱতে সামান্য মৌ খাব পাৰে। 


আচাৰ আৰু চচ জাতীয় খাদ্যঃ- 

উচ্চ ৰক্ত চাপত ভোগা ৰোগীয়ে আচাৰ আৰু চৰ্চ জাতীয় খাদ্য গ্ৰহ কৰাতো একেবাৰে অনুচিত। কাৰন আচাৰ আৰ চচত নিমখ আৰু চেনিৰ পৰিমান খুউব বেছি থাকে। যিবোৰ উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ পক্ষে খুউবেই ক্ষতিকাৰক। 


এলকহল আৰু চফট ডিংকচঃ- 

এলকহল জাতীয় পানীয় খালে দ্ৰুত ভাৱে ৰক্তচাপ বৃদ্ধি পায়। তাৰ উপৰিও এলকহল আৰু চফৰ্ট ডিংকচ সমূহত প্ৰচুৰ কেলৰী থাকে। যি শৰীৰত উজন বৃদ্ধি কৰে। গতিকে এলকহল যুক্ত পনীয় বা চফডিংকচ নাখাই তাজা ফলৰ ৰস অথবা নেমুৰ চৰবত খালে ভাল। ইয়াৰ উপৰিও গাখীৰ বা দূৰ্গন্ধজাত খাদ্যও বৰ্জন কৰা উচিত। 

hi I am Dr Hari

Wednesday, July 10, 2019

অমৰ লতা, শগুণী লতা, অমৃতা বা গিলোয়ৰ ঔষধী গুন

অমৰ লতা, শগুণী লতা, অমৃতা বা গিলোয়ঃ


  • অমৰ লতা কি কি শাৰীৰিক সমস্যাত ব্যৱহাৰ হয়?
    অমৰ-লতা
    অমৰলতা
  • ধাতুদূৰ্বল
  • যৌন দূৰ্বলতা
  • প্ৰেস্বাৱ জ্বলা পোৰা
  • গেষ্ট্ৰিক
  • কোষ্ঠকাঠিন্য
  • উচ্চ ৰক্তচ্চাপ
  • শৰীৰৰ মেদবহুলতা বা অতিৰিক্ত ছৰ্বী নিয়ন্ত্ৰ
  • মেলেৰীয়া
  • টায়েফয়েদ জ্বৰ
  • বাত বিষ
  • বদহজম
  • এচিডিটি
  • ডায়েবেটিছ বা ব্লাড চুগাৰ নিয়ন্ত্ৰন
  • মগজু
  • হৃদযন্ত্ৰ
  • যকৃত
  • হাঁওফাঁওৰ দূৰ্বলতা।


শগুণী লতাৰ পৰা প্ৰস্তুত কৰা হয় হোমিঅপেথিক ঔষধঃ


          আপোনালোকে হয়তো জানে যে হোমিঅপেথিক মেডিচিন বিভিন্নধৰণৰ খনিজ পদাৰ্থ, জীৱ-জন্তু, গছ-লতাৰ পৰাই প্ৰস্তুত কৰা হয়। ১০০ টাতকৈও অধিক শাৰীৰিক সমস্যাত ব্যৱহাৰ হোৱা যিটো মেডিচিনৰ বিষয়ে আজি আপোনা লোকক কবলৈ উলাইছো এই মেডিচিনটো অমৰলতা, সিদ্ধিলতা বা শগুণীলতা বুলিও জনাজাত এজোপা লতাজাতীয় উদ্ভিদৰ পৰাই প্ৰস্তুত কৰা হয়। আমাৰ পৰিবেশৰ চৌপাশে থকা হাবি-জংঘল বোৰত এই লতাজাতীয় গছ প্ৰায়ে দেখিবলৈ পোৱা যায়। এই উদ্ভিদক 

  • হিন্দীত: গিলোয় giloy বুলি কোৱা হয়।
  • সংস্কৃতত -অমৃতা, মধুপৰ্নী, গুৰুচী বা অম্ৰুতাবলী বুলি কোৱাহয়।
  • ইংৰাজীত- মোন লিফ বুলি জনাযায়।
  • ইয়াৰ বৈজ্ঞানিক নাম Tinospora Cordifalia. Tinospora Cordifalia নামেৰেই হোমিঅপেথিক মেডিচিনো প্ৰস্তুত কৰা হয়। বেদ-উপনিষদৰ যুগৰে পৰাই এই উদ্ভিদক মহৌষধ ৰূপে ব্যৱহাৰ কৰি অহা হৈছে।

শগুণী বা অমৰলতাৰ পাত দেখাত পাণ সদৃশ, ডাল খহতা, সৰু সৰু কাইট যুক্ত, আৰু গছআলু বা কাঠআলুৰ নিচিনা গছত বগাই যায়। যিকোনো ডাল পুতিলে সহজে গজে। সেয়ে এই লতাবিধক অমৰলতা বোলা হয়। 

অন্যহাতে সংস্কৃতত ইয়াক অমৃতা বোলাৰ মূলতে ইয়াৰ সঠিক সেৱনত মানুহে অমৃতসম ফল লাভ কৰিব পাৰে। অৰ্থাত এই লতাবিধ নিজেও অমৰ আৰু আন জীৱকো অমৰ বা সহজে মৰিব নিদিয়ে। ইয়াক কেৱল ভাৰততহে পোৱা যায়। আন দেশত পোৱা নাযায়।

শগুণী লতাৰ গুণাগুণঃ


  • অমৰলতাক অমৃতা বা শগুণী লতা বোলাৰ মূলতে আমাৰ শৰীৰত হব পৰা ১০০ বিধৰো অধিক ৰোগক প্ৰতিৰোধ নাইবা অৰোগ্য কৰিব পৰা গুণ আছে।

  • অমৰলতা প্ৰচুৰ পৰিমানে কেলচিয়াম, ফচফৰাচ, প্ৰটিন আদি দেহৰ পৰিপুষ্টি যোগাব পৰা নানা উপাদানেৰে সমৃদ্ধ। ইয়াৰ বিভিন্ন ৰোগ নিবাৰক গুণ থকাৰ উপৰি দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধি কৰে।
  • পাচন শক্তি বৃদ্ধি কৰাৰ লগতে বদ হজম, এচিডিতি, গেষ্ট্ৰিক, পেট জলাপোৰা, আমাশয়, গ্ৰহণী, কোষ্ঠকাঠিন্য, অৰুচি, অভোক, উগাৰ, বমিভাৱ আদি যিকোনো পেটৰ ৰোগৰ বাবে অত্যন্ত উপকাৰী।
  • অমৰলতা সেৱন কৰিলে পেটৰ বা শৰীৰত জমাহোমা বিষাক্ত অলাগতিয়াল আৱৰজনা বাহিৰ হয়।
  • অমৰলতাই দুষিত ৰক্ত শোধন কৰাৰ লগতে শৰীৰত ৰক্ত বৃদ্ধি কৰি ৰক্ত হীনতা দূৰ কৰে। ই লগতে কোলেষ্ট্ৰ'ল আৰু ব্লাড চুগাৰ নিয়ন্ত্ৰন কৰে। দেহৰ হিমোগ্লবিনৰ অভাৱ দুৰ কৰে।
  • উচ্চ ৰক্তচ্চাপ নিয়ন্ত্ৰনত সহায় কৰে।
  • মগজু, হৃদযন্ত্ৰ, যকৃত, হাঁওফাঁওৰ দুৰ্বলতাৰ বাবে অমৰলতা অত্যন্ত উপকাৰী।
  • অমৰ লতাই শৰীৰৰ অতিৰিক্ত চৰ্বি, মেদবহুলতা বা অতিৰিক্ত ওজন হ্ৰাস কৰে।
  • সৰ্দি, জ্বৰ, কাহ, এজমা, মেলেৰীয়া, টায়েফয়েদ আদি ৰোগৰ বাবে অতি উপকাৰী।
  • অমৰলতাৰ এন্টি ভাইৰেল, এন্টি বেক্টেৰিয়েল গুণ থকাৰ বাবে যিকোনো ভাইৰেল বা বেক্টেৰীয়াজনীত ৰোগৰ সংক্ৰমনক বাধা দিব পাৰে।
  • ডেংগী, স্বাৱাইনফ্লু, জাপানিজ এনকেফেলাইটিচ ৰোগৰ বাবে হিতকাৰী।
  • মহিলাৰ বন্ধাত্ব ৰোগতো আমৰ লতা অত্যন্ত উপযোগী।
  • ই পুৰুষ মহিলা উভয়ৰে যৌনক্ষমতা বৃদ্ধি কাৰক।
  • গাঠিঁ বিষ, বাতবিষ, অৰ্থ'ৰাইটিচ, হাড়ৰ বিষ, হাড় ভঙা আদিত নিয়মিত খোৱাৰ লগতে পাত বা ঠাৰি থেতেলি প্ৰলেপ লগালে সোনকালে উপসম হয়।
  • অমৰলতাই গাৰ চালৰ উজ্জলতাও বৃদ্ধি কৰে।
  • খজুৱতি, এলাৰ্জী ৰোগতো উপকাৰী।
  • স্মৃতি শক্তিৰ লগতে ই দৃষ্টি শক্তিও বৃদ্ধিকৰে।
  • জন্ডিচ আৰু কৰ্কত ৰোগত অমৰলতা ব্যৱহাৰ কৰিলে ৰোগ সোনকালে আৰুগ্য হয়।
  • ‍ অমৰলতাত এন্টি এজিং, এন্টি ভাইৰেল, এন্টি আক্সিডেন্ট গুণ থকাৰ বাবে নিয়মিত সেৱনত শৰীৰ নিৰোগী, বয়সৰ চাপহীনহৈ সুস্বাস্থ্য লাভ হয়। আপোনালোকে যিহেতু ইয়াক বিচাৰি আনি মেডিচিন প্ৰস্তুত কৰি লোৱাটো সম্ভৱ নহব গতিকে হোমিঅপেথিক দৰবৰ দোকান এই মেডিচিন সহজতলভ্য। আপোনালোকে সংগ্ৰহ কৰি লব পাৰে।

  • এতিয়া আহো হোমিঅ পেথিকত ইয়াৰ প্ৰয়োগলৈঃ-


ইয়াৰ পৰা প্ৰস্তুতকৰা হোমিঅপেথিক মেডিচিনটোৰ নাম হল Tinospora Cordifalia. আপোনালোকে সমস্যাত ভূগিলে যাতে সহজতে এই মেডিচিন ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে লক্ষণ অনুযায়ী ইয়াৰ ব্যৱহাৰৰ থুলমূল বৰ্ণনা আগবঢ়োৱা হল।

  • জ্বৰঃ- 

ই জ্বৰৰ এক উতকৃষ্ট মেডিচিন। কিছুমান লৰা ছোৱালি সঘনাই জ্বৰত ভূগি থাকে। ১০-১৫ দিনৰ মূৰে মূৰে জ্বৰ ছৰ্দি হয়। ভিতৰে ভিতৰে জ্বৰ হৈ থাকে। কেইদিন মান ভালে থাকে পূনৰ হয়। জীৱনী শক্তি দূব্বৰ্ল মানুহ। ৰক্তহীনতাত ভূগে। কিবা নহয় কিবা ৰোগ হয়। আৰু ইয়াৰ লগতে জ্বৰ হলে এই মেডিচিন ব্যৱহাৰ কৰিব লাগে। টাইফয়েড ৰোগত এই মেডিচিন ব্যৱহাৰ কৰিলে খুউব ভাল ফল পোৱা যায়। মেলেৰিয়া জ্বৰৰ বাবেও এই মেডিচিন অতি উতকৃষ্ট। যদি জ্বৰৰ প্ৰকোপ দূপৰীয়া সময়ত বেছি হয়, জ্বৰৰ আগে আগে যদি বহুত বেছি ঠাণ্ডা লাগে। আৰু কপনি হয়, লগতে ছৰ্দি হয়, বমি বমি ভাৱ থাকে বা বমি হয়। আৰু বমিৰ লগত যৰ্দি পিত্ৰ বাহিৰ হয়, লগতে যদি মূৰৰ প্ৰচণ্ড বিষ হয়, তেন্তে এই মেডিচিনটো মাদাৰটিনচা ১০ টোপালকৈ ১/৪ কুহুমীয়া গৰম পানী লগত ১ ঘন্টা মূৰে মূৰে ৩- ৪ বাৰ খোৱাৰ পাছতেই জ্বৰৰ পৰা উপষম পাবলৈ সক্ষম হব। দীৰ্ঘ দিনীয়া টাইফয়েড ৰোগৰ বাবেও এই ঔষধ অত্যন্ত উপযোগী। জ্বৰ খুউব কম মাত্ৰাত হয়। যদি থাৰমো মিটাৰেৰে জুখে তেনেহলে জ্বৰ ৯৯ ৰ পৰা ১০০ ডিগ্ৰী ফাৰেনহাইটৰ ভিতৰত থাকে। ৰোগীয়ে যিকোনো খাদ্য খালে তিতা তিতা খোৱাদ অনুভৱ কৰে। লগতে বহু বেছি পানী পিয়াহ অনুভৱ কৰে। এনেকুৱা লক্ষন প্ৰকাশ পালে এই ঔষধ ১৫ টোপালকৈ ৪/১ কাপ পানীৰ লগত দিনে ৩-৪ বাৰ কৈ ১০/১৫ দিনলৈ ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা নিশ্বিত ভাৱে মুক্ত হব পাৰিব।

যদি দিঘলীয়া সময় ধৰি যৌন ৰোগ- যেনে চিফলিচ বা গনৰীয়াত ভূগি আছে তেনেহলে এই টেনিচপৰা অত্যন্ত ফলপষু মেডিচিন। যদি পুৰুষৰ ধতু দূৰ্ব্বল সমস্যা হয়। ৰাতি টোপনিত কবনোৱাৰাকৈ ধতুবাহিৰ হয়। ধতু পাতল হৈ যায়। spume count কম হৈ যায়। আৰু যদি সদায় জ্বৰ জ্বৰ অনুভৱ হয়। দূৰ্ব্বল অনুভৱ হয়। কামত মন নবহা হয়। তেনেহলে এই টেনিচপৰা মেডিচিনটো ১৫ টোপালকৈ দিনে ৪/৫ বাৰ ১ মাহ মান ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা নিশ্চত ভাৱে উপকৃত হব পাৰিব।

  • জণ্ডিছ বেমাৰৰো ই এটা উতকৃষ্ট মেডিচিন। বাৰে বাৰে মেলেৰীয়া হোৱা পাছত কিছুমান মানুহৰ পাণ্ডুৰোগ বা জণ্ডিছ হয়। বা মেলেৰিয়া ভাল কৰিব কাৰনে কুইনাইন আদি মেডিচিন ব্যৱহাৰ কৰা পাছত জণ্ডিছ বেমাৰ হলে এই মেডিচিন অতি কাযৰ্কৰী।

  • লিভাৰৰ বিসংগতিৰ বাবে যদি বদ হজম, এচিডিটি, কুষ্ঠকাঠিন্য হয়, খাদ্যৰ প্ৰতি অৰুচি হয়, কেতিয়াবা বমি বমি ভাৱ হয়, পেট ফুলে, বিশেষকৈ খাদ্য খোৱাৰ পাছত পেত গধুৰ গধুৰ অনুভৱ হয়। এনেকুৱা লক্ষণ প্ৰকাশ পালে এই টেনিচপৰা মেডিচিনটো ১০ টোপালকৈ আধাকাপ পানীৰ লগত দিনে ৪ বাৰ কৈ খালে এই সমস্যাৰ পৰা নিশ্চত ভাবে উপকৃত হব।

  • স্প্লিনৰ যিকোনো সমস্যাতেই এই টেনিচপৰা ব্যৱহাৰ কৰিব পাৰি।

  • প্ৰেস্ব্ৰাৱত যদি অত্যন্ত জ্বলা পোৰা হয়। প্ৰেস্বাৱ ঘনাই ঘনাই হয়। তল পেট গধুৰ গধুৰ লাগে, সামান্য বিষ থাকে। অশান্তি দায়ক বিষৰ লগতে জ্বলা পোৰাৰ প্ৰকোপ বাঢ়ে। দীৰ্ঘদিন ধৰি প্ৰস্বাৱৰ সমস্যা হৈ থাকে, প্ৰস্বাৱৰ পৰীক্ষাত যদি পুঁজচেলৰ উপস্থিতি ধৰা পৰে তেনেহলে এই টেনিচৰ পৰা এক উতকৃষ্ট ঔষধ।

  • ট্ৰেকিকাডিয়াৰ বেমাৰত যদি হৃদ যন্ত্ৰৰ ধপ ধপনি বৃদ্ধি হয়। অলপতে যদি ভয় খায় হাৰ্টৰ ধপ ধপনি বাঢ়িযায়, উশাহত কষ্ট হয়। নাড়ীৰ গতি যদি ১৩০/১৪০ পযৰ্ন্ত বাঢ়ি যায় তেনে হলে এই টেনিচপৰা অতিকাৰ্যকৰী মেডিচিন। এই মেডিচিন ১০ টোপাল কৈ আধাকাপ পানীৰ লগত ৩ ঘন্টাৰ মূৰে মূৰে ১ মাহলৈকে ব্যৱহাৰ কৰিব লাগে। ৰোগ নিশ্চত ভাবে নিৰাময় হব।

  • যদি বাট বিষ, ৰক্তহীনতা, ব্লাড চুগাৰ, গেছ, এচিডিটি, একজিমা, এলাৰ্জী বা যিকোনো চালৰ ৰোগত ভূক্তভোগী তেনেহলে এই টেনিছৰ পৰা ঔষধটো ১০ টোপালকৈ দিনে ৪ বাৰ দীৰ্ঘ সময় ধৰি ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা নিশ্চিত ভাৱে উপকৃত হব পাৰিব। শেষত সকলোলৈকে এক অনুৰোধ- গৰ্ভঅৱস্থাত এই ঔষধ যাতে কোনেউ ব্যৱহাক নকৰে। গৰ্ভৱতী মহিলাই এই ঔষধ ব্যৱহাৰ কৰিলে বিপদ হব পাৰে।

hi I am Dr Hari