চুলিৰ অকাল পক্কতাঃ-
বৰ্তমান সময়ত অতি ব্যাপক ভাৱে দেখা দিয়া সমস্যা সমহূৰ ভিতৰত অন্যতম ৰুপে দেখাদিছে
অকালতে চুলি পকিবলৈ ধৰা সমস্যা। শ শ কম বয়সীয়া যুৱক যুৱতীৰ বাবে এই সমস্যা গভীৰ চিন্তাৰ কাৰক হৈ পৰিছে। বহু যুৱক যুৱতী এই সমস্যাক লৈ হতাশাত ভূগাও দেখিবলৈ পোৱা গৈছে। আমাৰ চিকিতসা অভিজ্ঞতাত ১০-১২ বছৰীয়া বহু কিশোৰ-কিশিৰী এই চুলিৰ অকাল পক্কতাৰ সমস্যাৰ চিকিতসা কৰিব লগা হৈছে। আমি সকলোৱে জানো যে আমাৰ জন্ম পৰা আৰম্ভ কৰি একেবাৰে পাপ্ত বয়স্কৰ আৰু ৪০/৪৫ বছৰ বয়সলৈকে চুলিৰ এক স্বাভাৱিক কলা ৰং থাকে আৰু যেতিয়া বয়স বৃদ্ধি হয় তেতিয়া প্ৰায় ৪০/৪৫ বছৰ বয়সৰ পৰা চুলি ৰং পৰিৱৰ্তন হয়। চুলিৰ ৰং ঢোঁৱা বৰনীয়া বা বগা হবলৈ ধৰে। এই অৱস্থা টোক আমি চুলি পকা বুলি কওঁ। ই এটা স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু যেতিয়া বয়সৰ আগতে অৰ্থাত ১০, ১৫, ২০, ২৫, ৩০, ৩৫ বছৰৰ বয়সতে চুলি পকিবলৈ ধৰে তেতিয়া সেই সমস্যাটোক pre mature gray of hair বা অকাল পক্কতা বুলি কোৱা হয়।
চুলি পকা |
আজি আমি আলোচনা কৰিম এই সমস্যাা কিয় হয়? ইয়াৰ বৈজ্ঞানিক দৃষ্টি ভংগী কি? এই বিষয়ে।
আমাৰ মূৰৰ লাওঁখোলাৰ ভিতৰত হেয়াৰ ফলিকল থাকে আৰু ইয়াৰ কাম হল চুলি উৎপন্ন কৰা। এই হেয়াৰ ফলিকল বিলাকত মেলানোচাইট নামৰ এক ধৰনৰ ৰঞ্জক পদাৰ্থ থাকে, ইয়াৰ পৰা মেলানিন উৎপন্ন হয়। এই মেলানিনে আমাৰ চুলি কলা কৰি ৰাখে। আৰু যদি কিবা কাৰনত এই মেলানিন নিঃসৰন কমি যায় তেতিয়াই আমাৰ চুলি পকিবলৈ ধৰে।
এতিয়া আহো চুলিৰ অকাল পক্কতাৰ কাৰণলৈঃ-
(১) চুলিৰ অকাল পক্কতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰকটো হল জেনেটিক বা বংশগত কাৰণ। যদি পৰিয়ালৰ ককাক আইটাক, মাক দেউতাকৰ এই অকাল পক্কতাৰ সমস্যা আছিল, মাক দেউতাকৰ ২০, ২৫, ৩০, ৩৫, বছৰ বয়সত যদি চুলি পকিছিল, তেনে হলে সন্তানৰো অকালতে চুলি পকাৰ পূৰ্ণ সম্ভাৱনা থাকে।
(২)অত্যাধিক মানসিক চাপ আৰু শাৰীৰিক পৰিশ্ৰমঃ- অত্যাধিক মানসিক চাপত ভোগা আৰু প্ৰয়োজনতকৈ বেছি শাৰীৰিক কষ্ট কৰাৰ বাবেও চুলিৰ অকালতে পকাৰ সমস্যা হব পাৰে।
(৩)অত্যাধিক কচমেটিক ব্যৱহাৰঃ- বৰ্তমান সময়ত কিশোৰ কিশোৰীৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী, প্ৰাপ্ত বয়স্কৰ সকলোৱে প্ৰায় কচমেটিক ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। বিভিন্ন প্ৰকাৰৰ জেল, স্প্ৰে, হেয়াৰ ড্ৰয়াৰ আদিৰ ব্যবহাৰ কৰা বাবে আমাৰ যি মেলানোচাইট কোষ এই বোৰ লাহে লাহে ধংস হবলৈ আৰম্ভ কৰে আৰু চুলি কলা কৰি ৰাখিবৰ বাবে মেলানিন উৎপন্ন কৰিব নোৱাৰা বাবে লাহে লাহে চুলি স্বাভাৱিক ৰং নষ্ট হৈ চুলি অকালতে বগা হবলৈ বা পকিবলৈ ধৰে।
(৩)অট ইমিওন ডিজিজঃ- কেতিয়াবা AUTO IMMUNE DISEASE ৰ বাবেও চুলি অকালতে পকাৰ সমস্যা হব পাৰে। যেনে-থাইৰয়েডৰ সমস্যা- হাইপ বা হাইপাৰ থাইৰডিজিম, শ্বেতকুষ্ঠ (VITILIGO), পাৰ্নিচিয়াছ এনিমিয়া আদি বেমাৰ হলেও চুলিৰ অকাল পক্কতাৰ সমস্যা হব পাৰে।
(৪)বহুত বেছি সময় ধৰি ৰদত কাম কৰা ব্যক্তিৰো অকালতে চুলি পকাৰ সমস্যা হব পাৰে।
৫)এলাৰ্জীৰ বাবেও চুলি অকালতে পকাৰ সমস্যা হব পাৰে। যেনে শ্বাসনলী, হাওঁফাওঁ, চকু, নাক, আদিত সঘনাই হোৱা এলাৰ্জিও অকালতে চুলি পকা কাৰক হব পাৰে।
(৬) পুষ্টি হীনতা কাৰনঃ দীৰ্ঘদিন ধৰি পুষ্টি হীনতাত ভোগাৰ কাৰণে, টাইফাইড, মেলেৰিয়া, যক্ষ্মা আদি ৰোগত ভূগি থকাৰ ফলত বা অন্য কিবা কাৰনত পুষ্টি হীনতাত ভূগি লাহে লাহে শৰীৰত প্ৰটিন, আইৰন, কপাৰ, ভিটামিন বি-১২ আদিৰ অভাৱ হৈ গৈ থাকিলেও চুলিৰ অকাল পক্কতাৰ সমস্যা হব পাৰে।
(৭)কিছুমান ঔষধ সেৱন কৰা ফলতো চুলিৰ অকাল পক্কতাৰ সমস্যা হব পাৰে। যেনে ক্লৰকুইন, কেফেনচি, ইন্টাৰফেৰন অলফা আদি।
(৮)কেন্সাৰ ৰোগ, এইচ আই ভি সংক্ৰমন, চিষ্টিক ফাইব্ৰচিচ আদিৰ বাবেও চুলি অকালতে পকাৰ সমস্যা হব পাৰে।
(৯)অত্যাধিক ধূম্ৰপাণ আৰু ড্ৰাগছ সেৱনৰ ফলতো চুলিৰ অকাল পক্কতাৰ সমস্যা হব পাৰে।
চুলিৰ অকাল পক্কতাৰ ৰোধ কৰিব বাবে কিছুমান সাৱধানতা অৱলম্বন কৰাতো অতি জৰুৰী। কাৰন এবাৰ যদি চুলি পকিবলৈ আৰম্ভ কৰে তাক ৰোধ কৰাতো যটিল হৈ পৰে।
(১) চুলি পকা ৰোধ কৰিব বাবে কৃত্ৰিম পদ্ধতিৰে বা মেচিনৰ সহায়েৰে কেতিয়াও তিতা চুলি শুকোৱাৰ বাবে যত্ন কৰিব নালাগে।
(২) চুলি পোন কৰা ইলেক্ট্ৰিক ষ্ট্ৰি যাক হেয়াৰ ষ্ট্ৰেটনাৰ বুলি কোৱা হয়, ইয়াক ব্যৱহাৰ কৰিব নালাগে।
(৩) বিউটি পালাৰ বা চেলুন সমূহত কেতিয়াও কৃত্ৰিম ভাৱে চুলি পোনাব নালাগে। কাৰন কৃত্ৰিম চুলি পোনোৱাৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক জেল সমূহে চুলিৰ নোমৰ কোষ সমূহ নষ্ট কৰি মেলানিন উৎপন্ন হোৱাত বাধা প্ৰদান কৰি চুলিৰ অকাল পক্কতাৰ সমস্যা সৃষ্টি কৰে।
(৪) অত্যাধি মানসিক চাপ এৰাই চলিব লাগে।
(৫) ৰাতি টোপনি ক্ষতি কৰিব নালাগে।
(৬) আজি কালি কিছুমান, চেলুন, বিউটি পালাৰে চুলি কলা কৰাৰ গেৰেন্টিসহ চিকিতসা আগবঢ়োৱা কথা শুনিলৈপোৱা গৈছে। তেনে বোৰ চিকিৎসা বিশ্বাস নকৰাই মংগল।
(৭) চুলি ৰং কৰা সময়ত সজাগ হব লাগে যাতে চুলিত লগোৱা ৰং মূৰৰ চালত নালাগে। তাৰ বাবে বিশেষ ভাৱে ধ্যান দিব।
(৮)খাদ্যঃ চুলিৰ অকাল পক্কতাৰ ৰোধ কৰা ক্ষেত্ৰত খাদ্যৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে। যথেষ্ট পৰিমানে আইৰন, ভিটামিন এ, বি আৰু খনিজ পদাৰ্থ, জিংক, কপাৰ, ইত্যাদি যুক্ত খাদ্য খাব। খেউজীয়া শাক পাচলি, হালধীয়া ফল মূল, ফুলকবি, কল, বিলাহী, দাইল, দৈ, জন্তুৰ লিভাৰ আদি খাব।
এতিয়া আহো হোমিঅপেথিক চিকিৎসালৈঃ
অকালতে চুলি পকা সমস্যাৰ হোমিঅপেথিকত খুওব সুন্দৰ সিকিৎসা আছে। যদি আপোনাৰ এনে সমস্যা সৃ্ষ্টি হৈছে তেনে পলম নকৰি শীঘ্ৰে আপোনাৰ সমীপৱতী হোমিঅপেথিক চিকিৎসক কাষ চাপিবলৈ পৰামৰ্শ আগবঢ়াম। ইয়াতে মই আপোনালোকক এই চুলিৰ অকাল পক্কতাৰ সমস্যাত সফল ভাৱে ব্যবহৃত কেইটামান হোমিঅ পেথিক মেডিচিনৰ লক্ষণ অনুসৰি বৰ্ননা আগবঢ়াম ।
অকালতে চুলি পকা সমস্যা সফল হোমিঅেথিক ঔষধঃ-
(১)lycopodiumঃ-
Lycopodium চুলিৰ অকাল পক্কতা এক উৎকৃষ্ট মেডিচিন। যদি গেছ আাৰু অত্যধিক এচিডিটি, কুষ্ঠ কাঠিন্য সমস্যাৰ লগতে ৰোগীৰ যদি গৰম পানী প্ৰাণ কৰা হাবিয়াস থাকে, লগতে যদি ৰোগীয়ে অত্যাধিক মিঠা বস্তু খায় ভাল পায় তেনে লক্ষণৰ লগতে যদি চুলিৰ অকাল পক্কতাৰ সমস্যা হয় তেনে হলে এই মেডিচিন ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা নিশ্চিত ভাৱে মুক্ত হব পাৰিব।
(২) natnum murঃ-
ৰক্তহীনতাত ভূগা দূৰ্বল ৰোগীৰ ক্ষেত্ৰত এই মেডিচিনে খুউব ভাল কাম কৰে। এই ঔষধে ৰোগীৰ স্বাস্হ্য স্বাাভাৱিক অৱস্হালৈ ঘুৰাই অনাত সহায় কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকৰে আৰু লাহে লাহে মেলানিন নিসৰনত সহায় কৰি চুলিৰ স্বাভাৱিক ৰং ঘুৰাই অনাত সহায় কৰে। লগতে যি সকল ব্যক্তিয়ে সঘনাই সাংঘাটিক ভাৱে মাঠা বিষৰ সমস্যাত ভূগে আৰু সূৰ্য্যৰ পোহৰত মূৰৰ বিষ বৃদ্ধি হয় লগতে কেচাঁ নিমখ খাবৰ বাবে আগ্ৰহ কৰে। কাঁহিৰ কাষত নিমখ নহলে খাদ্য খায় ভাল নাপায়। তেনে ব্যক্তিৰ বাবেও এই ঔষধ খুওব কাৰ্য্যকৰি।
(৩)PHOSPHORUSঃ-
অত্যন্ত ভেলুত্ৰবল মেডিচিন। চুলি খৰা সমস্যা লগতে যদি মূৰত খজুৱতী, উফিৰ সমস্যা হয় এই ঔষধে ভাল কাম কৰে। এই ঔষধে চুলি পকাত বাধা দিয়ে যি কাৰনতে চুলি নপকক কিয় এই ঔষধ ব্যৱহাৰ কৰিলে চুলি পকাৰ সমস্যাক প্ৰতিৰোধ কৰি দিয়ে।