Dr Haris Well future : October 2018

Monday, October 29, 2018

চকুৰ নোমত থাকা ভয়ংকৰ পোক ডেমোদেক্সক( Demodex) আতৰাব কেনেকৈ?

আপোনাৰ চকুৰ নোমত থাকা ভয়ংকৰ পোক ডেমোদেক্সক( Demodex) আতৰাব কেনেকৈ?


মই আগৰ লিখাটোত মানুহৰ চকুৰ নোমত থকা ভয়ংকৰ দৈত্য ডেমোডেক্সৰ(Demodex) বিষয়ে কৈছিলো। বহু সংখ্যক ব্যক্তিয়ে এই ভয়ংকৰ পৰজীৱী(Parasite) বিধে কেনেধৰণৰ সমস্যাৰ সৃস্থি কৰে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি জানিব বিচাৰিছে। গতিকে এই বিষয়ে কিন্সিত আভাস দিবৰ বাবে এই লেখাটো আগবঢ়োৱা হৈছে।

ভয়ংকৰ পোক ডেমোদেক্সক( Demodex)
চকুৰ_নোমত_থাকা_ভয়ংকৰ_পোক_ডেমোদেক্সক_(Demodex)_আতৰাব_কেনেকৈ


Ø ডেমোডেক্স(Demodex)মানুহৰ চকুৰ নোমকোপত থাকে। 

Ø ডেমোডেক্স( Demodex)দীঘলে প্ৰায় ০.৩ চেন্টি মিটাৰ। 

Ø ডেমোডেক্স (Demodex) নামৰ এই ভয়ংকৰ পোকে মানুহৰ চালৰ কোষ আৰু তেল খায় জীয়াই থাকে। 

Ø ৰাতিৰ ভাগত এই ভয়ংকৰ পোক ডেমোদেক্সক( Demodex) সক্ৰীয় হয়। 

Ø ডেমোডেক্স (Demodex) নামৰ এই ভয়ংকৰ পোকে সংক্ৰামণৰ সৃস্টি কৰিব পাৰে(Contagious)। 
Ø বয়োজ্যেষ্ঠ ব্যক্তিৰ গাত বেখিকৈ থকা দেখা যায়। 

ভয়ংকৰ পোক ডেমোদেক্সক( Demodex)ৰ লক্ষণ কেনেকৈ চিনাক্ত কৰিব? 

Ø ডেমোডেক্স( Demodex)চকুত থাকিলে চকু ৰঙা হব পাৰে আৰু চকুৰ পতা ফুলি উঠিব পাৰে। 

Ø চকুৰ পতাত খজুৱতী হব পাৰে। 

Ø চকুৰ পতা বা পতাৰ উপৰৰ চেলাউৰীটো উফি হব পাৰে। 

Ø চকু পোৰণি, খচ খচনি অনুভৱ। 

Ø চকু শুকান। 
Ø চকুত খজুৱতী আৰু চকুত বালি খোমোৱাৰ দৰে অনুভৱ হব পাৰে। 


ডেমোডেক্স( Demodex)ৰ চিকিৎসাঃ 


           ডেমোডেক্স (Demodex) নামৰ এই ভয়ংকৰ পৰজীৱী পোক নিধনৰ বাবে চাহ তেল (Tea Tree Oil) অত্যন্ত উপযোগী। এই তেলে এই বিধ পৰজীৱী সংক্ৰামক পোক ধংস কৰি দিয়ে আৰু ইয়াৰ প্ৰতিকাৰো কৰে। 

           অৰৰ্গানিক চাহ তেলযুক্ত চাবোন (Tea tree oil Soap)  ব্যৱবাৰ কৰিলেও চকুৰ নোমত থকা বেক্টেৰিয়া আৰু ডেমোডেক্স (Demodex) নামৰ এই ভয়ংকৰ পৰজীৱী দৈত্যৰ বিৰুদ্ধে যুঁযদি ইয়াক ধংস কৰি দিব পৰা ক্ষমতা থাকে।

এই তেল আৰু চাবোন সপ্তাহত ৩-৪ বাৰ ব্যৱহাৰ কৰিব পাৰে।




Dr Haris

9954340102

Sunday, October 28, 2018

খালী পেটত এইবোৰ কেতিয়াও নাখাব ||Dr Haris Well future

hi I am Dr Hari

সাৱধান চকুৰ নোমত থাকিব পাৰে ভয়ংকৰ পোক

সাৱধান আপোনাৰ চকুৰ নোমত থাকিব পাৰে ভয়ংকৰ পোকঃ

কঠিত আছে যে মানৱ শৰীৰ বিভিন্ন ব্যধিৰ মন্দিৰ। জীৱন কালত মানুহৰ দেহত বিভিন্ন কাৰনত বিভিন্ন ধৰনৰ বেমাৰে বাঁহ লৈ ব্যতিব্যস্ত কৰি তোলে। বিভিন্ন ধৰনৰ বেক্টেৰীয়া, মাইক্ৰ বেক্টেৰীয়া, ভাইৰাচ, ফাংগাচ আদিয়েই এই বেমাৰ সমূহৰ বাহক হয়। আজি মই আপোনালোকক এনে কিছুমান বিচিত্ৰ সংবাদ দিবলৈ উলাইছো যিবোৰ শুনাৰ পাছত আপোনাৰ গাৰ নোম শিহৰি উঠিব আমি আমাৰ শৰীৰটো সদায় চাফচিকুন কৰি ৰাখো আৰু আমি ভাবো যে, আমি আমাৰ শৰীৰটো বিষয়ে সকলো কথা জানো। কিন্তু বিজ্ঞানী সকলে বহু গৱেষনাৰ অন্তত কিছুমান বিচিত্ৰ সত্য উৎঘাটন কৰিবলৈ সক্ষম হৈছে।

(১)চকুৰ নোমঃ(demodex in eye hair)
DEMODEX
DEMODEX

আমাৰ চকুৰ যিবোৰ নোম থাকে এই বোৰ আমাৰ চকুকেইটাত ধুলি-বালিৰ পৰা ৰক্ষা কৰে। কিন্তু আপুনি জানি আচৰিত হব যে এই নোমৰ উপৰত এক প্ৰকাৰৰ ভয়ংকৰ পোক থাকে যাৰ নাম demodex.অকল এই demodex এই নহয় ইয়াৰ উপৰিও আৰু কেইবা প্ৰকাৰৰ জীৱানু থাকে। যদি আপুনি মাইক্ৰস্কুপৰ দ্বাৰা আপোনাৰ চকুৰ নোম পৰীক্ষা কৰি চায় তেনেহলে এই DEMODEX নামৰ পোকটো দেখা পাব।

(২)প্ৰতি চেকেণ্ডত মগজুৰ ৰাসায়নিক বিক্ৰিয়াৰ সংখ্যাঃ-

আপোনি জানে নে এক চেকেণ্ডত আমাৰ মগজুত কিমান বাৰ ৰাসায়নিক বিক্ৰিয়া হয়? এক লাখ হয়। থিকেই শুনিছে এক লাখ কেমিকেল ৰিয়েকচন আমাৰ মগজুত ঘটিত হৈ থাকে আৰু এই ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈ থকাৰ বাবেই আমি জীয়াই থাকো। যদি ইয়াৰ এটা কম হৈ যায় তেতিয়া হলে মানুহ জীয়াই থাকিব নোৱাৰে।

(৩)শৰীৰৰ তেজ হাজাৰ কিলোমিটাৰ দৌৰেঃ-


 আমি সকলোৱে জানো যে আমাৰ শৰীৰৰ তেজ সদায় দ্ৰুত গতিত চলাচল হৈ থাকে। কিন্তু আপুনি জানেনে তেজ কিমান কিলো মিটাৰ যায়। যদি আমি ইয়াৰ গতি জোখু তেতিয়া হলে গম পাব যে আমাৰ শৰীৰত তেজ প্ৰতি দিনে ১৯৩১২ কিলোমিটাৰ চলাচল কৰে। ইয়াক যদি আমি চাও তেনেহলে দেখিব যে ভাৰতৰ পৰা সুদুৰ আমেৰিকালৈ কে দূৰত্বৰ সমান গতি কৰে।

(৪) মগজুৰ ক্ষমতাঃ-

 মানুহৰ চকু ৫৭৬ মেগাপিকচেল হয়। কিন্তু আপুনি জানেনে আমাৰ মগজু ২.৫ PB ৰ হয়। আমি যে কওঁ এই গানটো ৫ mb ৰ হয়, ফিলিম খন ৫ gb ৰ হয়, এতিয়া চাওঁক প্ৰথম হল

kb- kilobyte

mb - megabyte

gb- gigabyte

tb- terabyte

pb- petabyte



1000gb = 1tb, আৰু 100TB = 1PB, PB মানে পেটা বাইট। আৰু আমাৰ মগজুত 2.5PB ৰ তথ্য সঞ্চয় কৰিব পৰা ক্ষমতা আছে। যিটো গণনাৰ বাহিৰত। সৰ্ব্ব সাধাৰন মানুহেটো 1/2 PB ৰ ব্যৱহাৰ নকৰে কিন্তু যিসকল বিজ্ঞানী, বিদ্ব্যান তেনে ব্যক্তিয়ে চাগেনিজৰ জীৱন কালত 1PB লৈকে ব্যৱহাৰ কৰি লয়।

(৫)প্ৰতি দিনে গ্ৰহণ কৰা উশাহঃ-

আমি সকলোৱে উশাহ লওঁ কিন্তু আপুনি জানেনে আমি এদিনত কিমান বাৰ উশাহ লওঁ? ইয়াৰ উত্তৰ হল প্ৰায় ২৩১০০ বাৰ যদি আপুনি এথাইত বাহিলৈ এদিন হিচাপ কৰে তেতিয়া আপুনি গম পাব।

(৬)এদিনৰ হাৰ্টবিটঃ

আমাৰ হৃদপিণ্ডটোৰ এদিনৰ হাৰ্টবিট প্ৰায় ১,১৫,২০০ বাৰ।

(৭)জীৱন কালত এজন মানুহে ৫ বছৰ আন্ধাৰত কটায়ঃ-

আমি সদায় যিকোনো সময়তে চকুৰ পলক পেলাওঁ আৰু তেতিয়া ১ চেকেণ্ডৰ বাবে হলেও আমি নেদেখা হওঁ এই পলকত আন্ধাৰ হোৱা সময় খিনি লগ লগালে আমি গোটেই জীৱন কালত প্ৰায় ৫ বছৰ দিন আন্ধাৰত থকাৰ সমান হয়।

(৮)শৰীৰৰ নাৰ্ভৰ দৈৰ্ঘ্যঃ- 

আমাৰ শৰীৰ নাৰ্ভ সমূহ যদি জোৰা লগোৱা হয় তেতিয়া ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৭৫ কিলো মিটাৰ হব।

(৯) হাঁচিৰ গতিঃ- 

আমি সকলোৱে কিবা নহয় কিবা কাৰনত হাঁচি মাৰিব লগা হয়।যদি আমি এই হাঁচিৰ গতি জোখো তেতিয়া ইয়াৰ গতি হব ১৬০ কিলোমিটাৰ প্ৰতি ঘন্টাত।

(১০)পকী দেৱালতকৈও মজবুট মানুহৰ হাড়ঃ-

মানুহৰ জংঘাস্থি অৰ্থাৎ ঠাইৰ হাড় সকলোতকৈ টান হয়। যদি ইয়াৰ মজবুটী জোখা হয় তেতিয়া গম পাব যে ইয়াৰ দৃঢ়তা কংকিততকৈও মজবুট হয়।

(১২) আমাৰ হাওঁফাওঁ-

আমাৰ হাওঁফাওঁত থকা খালী ঠাইবোৰ এখন টেনিচ কটৰ সমান।

(১৩)মানুহৰ মুখৰ ভিতৰত থকা অনুজীৱঃ-

আমাৰ মুখৰ ভিতৰত আমাৰ অজ্ঞাতেই এখন জীৱানুৰ ব্ৰহ্মাণ্ড আছে। যদি এই জীৱানুবোৰ হিচাপ কৰা হয় তেন্তে প্ৰায় ৭০০ কৌটি হব।

(১৪)জিহ্বাৰ চাপঃ-

আমি জানো যে প্ৰতিজন মানুহৰে হাতৰ আঙুলিৰ চাপ বেলেগ বেলেগ হয়। কিন্তু আপোনি জানেনে আমাৰ জিহ্বাটো একক ধৰনৰ ৰেখা থাকে। যিবোৰ কোনো ব্যক্তিৰ কাৰো সৈতে নিমিলে।

(১৫)মগজুৰ নিউৰনৰ সংযোগৰ গতিঃ

আপোনালোক জ্ঞাত যে আমাৰ মগজুৰ এটা নিউৰনে অন্য এটা নিউৰনৰ সৈতে যোগা যোগ ৰক্ষা কৰি চলে আৰু এই সংযোগৰ গতি যদি আমি জুখো তেতিয়া হলে গম পাব যে ৪০০ কিলোমিটাৰ প্ৰতি ঘন্টাৰ গতিত এটা নিউৰনে আনটোৰ লগত সংযোগ স্হাপন কৰে। যিটো এখন বোলেট ট্ৰেইনৰ গতিৰ সমান। আমাৰ মগজুত সদায় বৈদ্যুতিক সংবাহ প্ৰৱাহ অব্যাহত থাকে কিন্তু আমি গমেই নাপাওঁ।পৃথিৱীৰ সকলো বিলাক যন্ত্ৰৰ ভিতৰত আমাৰ মগজু এনে এটা যন্ত্ৰ যি নেকি ইমান বোৰ কাৰ্য সম্পাদন কৰে কোনো ধৰনৰ শব্দ নোহোৱাকৈ।


(১৬)চালৰ পৰিৱৰ্তনঃSKIN SHED-

প্ৰতি দিনে এজন ব্যক্তিৰ ১০ লাখ চাল কোষ খহি পৰে। যদি ইয়াক জোখা হয় এক বছৰত মানুহৰ প্ৰায় ২ কেজি চাল সৰে।


(১৭) এজন ব্যক্তিৰ জীৱন কালৰ খাদ্যঃ-

এজন ব্যক্তিয়ে জীৱন ভৰ খোৱা খাদ্য যদি জোখা হয় তেনেহলে প্ৰায় ৩৫ টন হব।

Dr Harikanta Das

Thursday, October 4, 2018

ক্ৰিয়েটিনিন কিমান বাঢ়িলে কিডনি বেয়া হয়? what is a dangerous creatinine level

ক্ৰিয়েটিনিন কিমান বাঢ়িলে কিডনি বেয়া হয়?

আমাৰ দেশত প্ৰায় ১০ শতাংশ মহিলা আৰু ৭ শতাংশ পুৰুষ কিডনী ৰোগত আক্ৰান্ত হয়। ভাৰতীয় চিকিৎসা সেৱা প্ৰতিষ্ঠানৰ এক সমীক্ষা অনুসৰি প্ৰতি এশ জন ভাৰতীয়ৰ ১৭ জনেই কিডনী সমস্যাত ভুক্ত ভোগী। 

ক্ৰিয়েটিনিন কিমান বাঢিলে কিডনি বেয়া হয়
এই কিডনী ৰোগৰ বহু কাৰন আছে। তাৰ ভিতৰত উল্লেখযোগ্য কাৰন সমুহ হল-
(১) ডায়েবেটিডছ। 
(২) উচ্চৰক্তচাপ।
(৩) বংশগত বা জেনেটিক কাৰণ যেনে-মেদবহুলতা আলস্য জীৱন যাপন, শাৰীৰিক অভাব। 
(৫) অত্যাধিক মদ্যপ্ৰাণ।
(৬) অত্যাধি্ক ধূম্ৰপ্ৰাণ।
(৭) অত্যাধিক জ্বলা-পোৰো, তেল মচলা আদি খাদ্য খোৱা।
(৮) অত্যাধি মাছ মাংস খোৱা।
(৯) পৰ্যাপ্ত পৰিমানে পানী নোখোৱা।
(১০) ভিটামিন বি আৰু ডিৰ অভাৱ।
(১১) বিষনাষক দৰব আৰু এন্টিবায়টিক ব্যাপক মাত্ৰাত ব্যৱহাৰ কৰা। 
(১২) গ্ৰেষ্টিকৰ দৰব ব্যাপক মাত্ৰাত ব্যৱহাৰ কৰা আদি।

এতিয়া আহো মূল বিষয়লৈ-

ক্ৰিয়েটিনিনঃ

 কিমান চিৰাম ক্ৰিয়েটিনিন লেৱেলত কিমান শতাংশ কিডনী বেয়া হব? 

পুৰুষৰ প্ৰতি ডেচিলিটাৰ লিটাৰ তেজত ক্ৰিয়েটিনিনৰ স্বাভাৱিক মাত্ৰা হল - ০.৬ ৰ পৰা ১.২ মিলিগ্ৰাম।

মহিলা- প্ৰতি ডেচিলিটাৰ ০.৬ ৰ পৰা ১.১ মলিগ্ৰাম। 

যদি-
ক্ৰিয়েটিনিনৰ পৰিমান প্ৰতি ডেচিলিটাৰ তেজত ১.৫ মিলিগ্ৰাম হলে - ২৫% কিডনী বেয়া হোৱা বুলি ধৰিব পৰা যায়।

ক্ৰিয়েটিনিনৰ পৰিমান প্ৰতি ডেচিলিতাৰত ২ মিলিগ্ৰাম হলে ৫০% কিডনী বেয়া হোৱা বুলি ধৰিব পৰা যায়।

ক্ৰিয়েটিনিনৰ প্ৰতি ডেচিলিটাৰত পৰিমান ৩.৫ মিলিগ্ৰাম হলে ৭৫% কিডনী বেয়া হোৱা বুলি ধৰিব পৰা যায়।

ক্ৰিয়েটিনিনৰ পৰিমান প্ৰতি ডেচিলিটাৰত ৫ মিলিগ্ৰাম হলে ৯০% কিডনি বেয়া হোৱা বুলি ধৰিব পৰা যায়।

ক্ৰিয়েটিনিনৰ পৰিমান ৬ৰ পৰা ৮মিলিগ্ৰাম প্ৰতি ডেচি লিতাৰ হলে ৯৫% কিডনী বেয়া হোৱা বুলি ধৰিব পৰা যায়। 


৪০ উদ্ধৰ ব্যক্তি সকলে পৰাপক্ষত বছৰৰ মূৰত এবাৰকৈ কিডনি সম্বন্ধীয় পৰীক্ষা কৰোৱা ভাল।
ভিডিঅটো চাবৰ বাবে তলৰ লিংকটোত ক্লিক কৰক-


ডাঃ হৰিকান্ত দাস।