Dr Haris Well future : September 2018

Saturday, September 22, 2018

মানুহৰ দেহত থাইৰয়েডৰ পৰিমাণ কিমান থাকিব লাগে ? Normal thyroid levels, thyroid test T3, T4, TSH.

TFT কি? 

ই একপ্ৰকাৰৰ তেজৰ পৰীক্ষা হয়। যাক থাইৰয়েড গ্ৰন্থিৰ কাৰ্য ক্ষমতা চাবৰ বাবে কৰা হয়। ইয়াক থাইৰয়েড প্ৰফাইল
 Normal thyroid levels
বুলিও কোৱা হয়। ইয়াত T3,T4,TSH ৰ বিষয়ে আৰু ইয়াৰ সঠিক মাত্ৰাৰ বিষয়েও উল্লেখ কৰা হৈছে। থাইৰয়েড প্ৰফাইল বা থাইৰয়েড ফাংচন টেষ্ট-থাইৰয়েড গ্ৰন্থীয়ে নিজৰ কাম সঠিক ভাৱে কৰি আছেনে নাই চাবৰ বাবে কৰা হয়। এই পৰীক্ষাত TSH,T3,T4 ৰৰ অনুসন্ধান কৰা হয়। 

TSH
 এক প্ৰকাৰৰ হৰমন হয়, যি মগজুৰ পিটুৱেটৰি গ্ৰন্থিয়ে উৎপন্ন হয়। এই হৰমনে থাইৰয়েড গ্ৰন্থিৰ কাৰ্য প্ৰণালীক প্ৰভাৱিত কৰে। ইয়াৰ সম্পুৰ্ণ নাম থাইৰয়েড ষ্টিমুলেটিং হৰমন।

ইয়াৰ সঠিক পৰিমান 0.27-4.2 uIU/ML হ’ব লাগে।

T3 
ইয়াক ট্ৰাই আয়ডো থাইৰনিন আৰু ইয়াৰ নৰমেল ভেলু 0.8-2 Ng/ml.

T4 
ৰক কোৱা হয় থাইৰক্সিন হৰমন। ইয়াৰ নৰমেল ভেলু- 5.1-14.1 ug/dl. 

T3, T4 এই দুই বিধ হৰমন থাইৰয়েড গ্ৰন্থীৰ দ্বাৰা উপন্ন হয়। এই হৰমনে আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰক্ৰীয়াক নিয়ন্ত্ৰনত সহায় কৰে। যেনে পাচন ক্ৰীয়া বা মেটাবলিজিম, প্ৰটিনৰ উৎপাদন, দেহৰ শক্তি নিয়ন্ত্ৰন কৰা আৰু শৰীৰৰ বেলেগ হৰমনৰ উপৰতো এই হৰমনে প্ৰভাৱ বিস্তাৰ কৰে। এই হৰমনে আমাৰ হৃদপিণ্ড, লিভাৰ, কিডণি আদিকো প্ৰভাৱিত কৰে। আপোনালোকে বছৰত এবাৰ TFT নিশ্চিত ভাৱে কৰাওক। আৰু যদি ৰিপৰ্ট সঠিক নাহে তেনেহলে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰক।
DR HARIKANTA DAS

ভিডিঅটো চাবৰ বাবে তলৰ লিংকটোট ক্লিক কৰক
https://www.youtube.com/watch?v=6q160eLv_Z8

Thursday, September 20, 2018

নেপকিনৰ পৰা হ’ব পাৰে জৰায়ুৰ কে়ঞ্চাৰঃ-

ব্যৱহাৰ কৰোতে সতৰ্ক হোৱা উচিতঃ-

নেপকিনৰ_পৰা_হ’ব_পাৰে_জৰায়ুৰ_কে়ঞ্চাৰ
আধুনিক বিশ্বত কৰ্মব্যস্থতাৰ বাবে প্ৰতি গৰাকী নাৰীৰ জীৱনসংগী স্বৰুপ হৈ পৰিছে চেনিতেৰী নেপকিন। কিন্তু আপোনি জানেনে এইন চেনিতেৰি নেপকিন যে জৰায়ু কেঞ্চাৰৰ কাৰণ হব পাৰে?
বৰ্তমান বিশ্বত প্ৰায় ৭৫ শতাংশ মহীলাই মাহেকীয়া ঋতুস্ৰাবৰ সময়ত যৌনাংগত সজুৱতী, ৰাছেচ আৰু বিষৰ সমস্যাৰ সন্মূখীন হয়। ইয়াৰ বাবে জগৰীয়া আন এক উপাদান হ’ল মেহেকীয়াৰ সময়ত ব্যৱহাৰ কৰা চেনীতেৰি নেপকিন!আহকচোন আমি জানো- বৈজ্ঞানিক দৃষ্টিভংগীত এই চেনিতেৰী নেপকিননো কেনেকৈ তৈয়াৰ হয় আৰু ইয়াৰ কেনে ধৰনৰ ক্ষতিকাৰকৰ উপাদান থাকে? ইউ.এচ.এনভাইৰ’নমেন্ট প্ৰতেকচন এজেন্সিৰ এক গৱেষনাত প্ৰকাশ কৰা অনুসৰি –চেনিতেৰি নেপকিন তৈয়াৰ কৰিবলৈ ডাইঅক্সিন (Dioxin)নামৰ এক প্ৰকাৰৰ কেমিকেল ব্যৱহাৰ কৰা হয়। যি পোনপটীয়াকৈ কেন্সাৰৰ বাবে জগৰীয়া আৰু লগতে জৰায়ুৰ বিভিন্ন ধৰনৰ সংক্ৰমনৰ বাবেও জগৰীয়া হয়।
U.S. Environment Protection Agency ৰ ১৯৯৬ৰ এক গৱেষনাত দেখা গৈছিল যে প্ৰতিটো চেনিতেৰী নেপকিনতেই 400 ppt Dioxin থাকে। এই ডাইঅক্সিন সন্তান ধাৰন ক্ষমতা কমোৱাৰ লগতে না না ধৰনৰ ৰোগৰ বাবে দায়ী হয়। দীৰ্ঘ সময় ধৰি সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা চেনিতেৰী নেপকিনে মাহেকীয়াৰ স্ৰাৱত বাহিৰ হোৱা ৰক্তক জেলিত পৰিনত কৰি দিয়ে। আৰু ৫ ঘণ্টাৰ পাছত সেই সমূহত ফাংগাচ জমিবলৈ আৰম্ভ কৰি দিয়ে। আৰু চালৰ সংস্পৰ্শলৈ আ্হি চালত সংক্ৰমন হয়, খজুৱতী আৰু নানান ধৰনৰ সমস্যাই দেখা দিব পাৰে। পেডৰ তলত থকা প্লাষ্টিকৰ বাবে যেনেদৰে ৰক্ত বাহিৰ হ’ব নোৱাৰে ঠিক তেনেকৈ বায়ু চলা-চলতো বাধা প্ৰাপ্ত হয়। আৰু তেনে অৱস্থাত সহজে বেক্টেৰীয়া জমা হৈ ইয়াৰ পৰা সংক্ৰমন হ’ব পাৰে। প্ৰস্তুত প্ৰক্ৰিয়াত না না কেমিকেলেৰে ধুবলগা হয়। যাৰ ফলত পেডত থাকিযোৱা কেমিকেলে চালৰ ক্ষতি কৰিব পাৰে।

সাবধানতাঃ-

নেপকিন যিহেতু মহিলা সকলৰ জীৱনৰ এক অপৰীহাৰ্য অংগস্বৰুপ হৈ পৰিছে। গতিকে প্ৰতি গৰাকী মহিলাই এই নেপকিন ব্যৱহাৰ কৰে বা কৰিবই লাগিব। গতিকে কিছুমান সাবধানতা অৱলম্বন কৰিলে এই নেপকিনৰ পৰা হোৱা ভয়াবহ ক্ষতিৰ পৰা মহিলা সকলে নিজকে বছাই ৰাখিবলৈ সক্ষম হ’ব।
আপোনালোকে যি কোম্পেনিৰ নেপকিন ব্যৱহাৰ নকৰক কিয় প্ৰতি ৩ ঘন্টাৰ মূৰে মূৰে নেপকিন সললি কৰক। আজিকালি কিছুমান কোম্পেনিয়ে চিন্থেতিক নেপকিন প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰা দেখা গৈছে। এই বোৰৰ ব্যৱহাৰ বৰ্জন কৰি কপাঁহৰ পৰা তৈয়াৰী নেপকিন ব্যৱহাৰ কৰক।
ভিডিঅটো চাবৰ বাবে লিংটোত ক্লিক কৰক-

Sunday, September 16, 2018

নিমোনিয়া (pneumonia treatment)

নিমোনিয়া আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসা


নিমোনিয়া
নিমোনিয়া 
মানৱ দেহৰ বুকুৰ দুয়ো ফালে শ্বাস প্ৰশ্বাসৰ বাবে দুটা যন্ত্ৰ আছে। এই যন্ত্ৰ দুটাকে হাওঁফাওঁ বা শ্বাস যন্ত্ৰ বুলি কোৱা হয়। এই শ্বাস যন্ত্ৰ বা হাওঁফাওঁৰ মাজত শ্বস বায়ু থাকে। শ্বাস নলিৰ মাজেৰে এই বায়ু চলাচল কৰে। শ্বাসৰ যোগেদি বায়ু হাওঁফাওঁত প্ৰবেশ কৰে আৰু প্ৰশ্বাসৰত বাহিৰলৈ ওলাই যায়। শ্বাস-প্ৰশ্বাস হ’ল হাওঁফাওঁৰ প্ৰধান কাম। হাওঁফাওঁৰ মাজত ঠিক মৌচাক বা স্পঞ্জৰ দৰে অসংখ্য সৰু সৰু বায়ু মোনা আছে। ইয়াৰ মাজত বায়ু থাকে,ইয়াক ইংৰাজীত এয়াৰচেল বুলি কোৱা হয়। স্বাভাৱিক অৱস্থাত শ্বাস যন্ত্ৰ স্পঞ্জৰ দৰে কোমল হৈ থাকে,কিন্তু নিমোনিয়াত আক্ৰান্ত হলে শ্বাস যন্ত্ৰ টান বা স্ফীত হৈ পৰে।নিমোনিয়া শব্দটোৰ অৰ্থই হল শ্বাসযন্ত্ৰৰ প্ৰদাহ।আধুনিক চিকি
ৎসা বিজ্ঞানে শ্বাসযন্ত্ৰক আক্ৰান্ত কৰিব পৰা একাধিক জীৱানুৰ সন্ধান দিছে।

নিমোনিয়াৰ কাৰণঃ- 

বিভিন্ন ধৰণৰ জীৱানুৱে হাওঁফাওঁৰ বায়ুকোষ সমূহক আক্ৰমণ কৰি এই ৰোগৰ সৃষ্টি কৰে।এই জীৱানু বোৰৰ প্ৰধান বিধ হল নিউমক’ক্কাই (pneumococci)।ইয়াৰ বাহিৰেও ষ্টেপটো-নিমোনিয়া, ষ্টেপটো পায়োজিনচ, কেলবচাইলা নিমোনিয়া, মাইক্ৰ বেক্টেৰিয়াম, টিউবাৰকিউল’চিচ আদি জীৱানুৱে এই ৰোগ বিস্তাৰত সহায় কৰে। চৰ্দি, জ্বৰ, ব্ৰংকাইটিচ, কাহ, আদি ৰোগত ভোগাৰ পাছত নিমোনিয়া হোৱাৰ সম্ভাৱনা থাকে। অন্যহাতে বুকুত কোনো ধৰনৰ আঘাত লগা, কঠোৰ পৰিশ্ৰমৰপাছত ঘৰ্মাক্ত অৱস্থাত ঠাণ্ডা লগা। অধিক মাত্ৰাত বৰষুণত তিতা, তিতা কাপুৰ পৰিধান কৰা, তিতা মাটিত শয়ন কৰা, হৰ্থাত ঠাণ্ডা লগোৱা আদিও নিমোনিয়াৰ কাৰক হব পাৰে।

নিমোনিয়াৰ শ্ৰেণী বিভাগঃ- 

আধুনিক চিকিৎস্যা বিজ্ঞানী সকলে নিমোনিয়া ৰোগক কেইবাটৈাও ভাগত ভাগ কৰিছে। হাওঁফাওঁ বা শ্বাসযন্ত্ৰৰ প্ৰতিডাল বায়ুনলি আৰু বায়ু নলীৰ ক্ষুদ্ৰ শাখাবোৰ অতি পাতল আৱৰনৰ দ্বাৰা আবৃত হৈ থাকে। এই আৱৰণসনত ৰোগ হলে ব্ৰংকাইটিছ বোলে। দুয়ুতা শ্বাসযন্ত্ৰ বা হাওঁফাওঁ দুখন অতি পাতল আৱৰণে ঢাকি থয়। এই দুখন আৱৰক পৰ্দাক প্লুৰা বুলি কোৱা হয়। আৰু প্লুৰাৰ ৰোগ হলে তাক প্লুৰিচি বোলা হয়। প্লুৰিচি অতিবৃদ্ধি হৈ শ্বাসযন্ত্ৰক আক্ৰমন কৰিলে ইয়াকে নিমো-প্লুৰাইটিচ বোলে। লক্ষণ অুযায়ী নিমোনিয়াক তিনি শ্ৰেণীত বিভক্তকৰা হৈছে-

১/ চেকেঁণ্ডাৰী নিমোনিয়া- ই অন্য পীড়াৰ উপসৰ্গ ৰুপে প্ৰকাশ পায়(ওপৰত উল্লেখ কৰা ধৰণে টাইফইড আদি জ্বৰৰ লগত)

২/লবিউলাৰ কেতেৰেল নিমোনিয়া- ইয়াক ব্ৰংকো নিমোনিয়া বোলে। ইনফ্লুয়েঞ্জা আদি ৰোগৰ লগত এই ৰোগ প্ৰকাশ পায়। ইয়াত শ্বাসযন্ত্ৰ বা হাওঁফাওঁৰ দুটা ফাল বা কোনো এটা ফালৰ এটা লোব বা লোবৰ সামান্য অংশ আক্ৰান্ত হয়। এই ধৰণৰ পীড়া শিশু আৰু বৃদ্ধৰ অধিক হয়। আমাৰ বুকুৰ সোঁ আৰু বাওঁ দুয়ুফালে হোওঁফাওঁ আছে, ইয়াৰ সোঁ ফালৰ হাওঁফাওঁটোৰ তিনিটা আৰু বাওঁফালৰটোত দুটা (লোব lobe) আছে হাওঁফাওঁৰ এই প্ৰতিটো অংশকে ইংৰাজীত একো একোটা লোব বোলা হয়। 

৩/ লোবাৰ নিমোনিয়া ইয়াৰ হাওঁফাওঁৰ যিকোনো এফালৰ কোনোবা এটা অংশ অথবা সমস্ত অংশই আক্ৰান্ত হয়। একেলগে দুয়োটা হাওঁফাওঁ আক্ৰান্ত হলে তাক ডবল নিমোনিয়া আৰু এটা হাওঁফাওঁ আক্ৰান্ত হলে তাক চিংগল নিমোনিয়া বোলে।

ৰোগনিৰ্ণয়(diagnosis)-
শিশু সকলৰ ক্ষেত্ৰত যিদৰে হুপিং কাহ ব্ৰংকো নিমোনিয়াৰ উৎপতিৰ কাৰক বোলা হয়, তেনে দৰে বয়স্ক লোকৰ ক্ষেত্ৰত কোষৰ বায়ু স্ফীতি আৰু ইনফ্লুয়েঞ্জা নিমোনিয়াৰ উৎপতিৰ কাৰক বুলি কব পাৰি। ব্ৰংকিউলাচৰ প্ৰান্তিক অংশ ফুলি উঠে আৰু পিচলৈ পুঁজৰ সৃষ্টি হয়। এই ৰোগ লাহে লাহে ব্যাপক ভাবে বিস্তৃত হয় আৰু এয়াৰচেলবোৰক অকামিলা কৰি দিয়ে। দোয়োটা শ্বাসযন্ত্ৰৰ বিভিন্ন স্থানত ঘাঁৰ সৃষ্টি কৰে। এই ঘাঁবোৰ পকি পূঁজ নিৰ্গত হয় আৰু শ্বাসযন্ত্ৰৰ বিভিন্ন অংশক আক্ৰান্ত কৰে। এই অৱস্থাত এলভিওলাৰ প্ৰাচিৰত অসংখ্য ফুটাৰ সৃষ্টি হবও পাৰে। বুকুৰ এক্সৰে কৰিলে এই ৰোগ ধৰা পৰে 

ব্ৰংকো নিমোনিয়া আৰু লোবাৰ নিমোনিয়াৰ লক্ষণগত পাৰ্থক্যঃ 


বংকো নিমোনিয়াঃ- এই ৰোগ সংখ্যাত বহু কম হয়। এই ৰোগত ৰোগীৰ লক্ষণ বোৰলৈ লক্ষ্য কৰিলে প্ৰায় হুপিং কফৰ দৰে লক্ষণ দেখা পোৱা যায়। ষ্টেথেটস্কোপৰ দ্বাৰা পৰীক্ষা কৰিলেহে প্ৰকৃত ৰোগ নিৰ্ণয় কৰিব পাৰি।হুপিং কফৰ শেষত হুপ হুপ কৰি এটা শব্দ ওলাই। ব্ৰংকো নিমোনিয়াত সেইদৰে হুপ হুপ কৰি শব্দ নোলাই শেষত বুকুৰ বিষ হয়।

ব্ৰকো নিমোনিয়া হোৱাৰ কাৰণ আৰু লক্ষণঃ 

সাধাৰণতে ব্ৰংকাইটিচৰ পৰা ৰোগ আগবাঢ়ি ব্ৰংকো নিমোনিয়া হয়। ব্ৰংকো নিমোনিয়া কেতিয়াবা সাধাৰণ পানী লগাৰ দৰে আৰম্ভ হৈ ৰোগ আগবাঢ়ি ব্ৰংকো নিমোনিয়াত পৰিনত হয়। এই ধৰণৰ নিমোনিয়া বয়সীয়া লোক সকলৰ খুব কমৈ হয়, বিশেষকৈ সৰু ল’ৰা-ছোৱালি এই ৰোগত বেছিকৈ আক্ৰান্ত হোৱা দখিবলৈ পোৱা যায়। 

ব্ৰংকো নিমোনিয়াৰ লক্ষণ হলঃ- 
হৰ্থাৎ কঁপনিজ্বৰ হয়, জ্বৰ লাহে লাহে বৃদ্ধি হৈ ১০২-১০৮ ডিগ্ৰী পৰ্যন্ত পায়। নাড়ীৰৰ গতি দ্ৰুত হয়, সঘন শ্বস-প্ৰশ্বসৰ লগতে শ্বাস বন্ধ হোৱা দেখা যায়। এই ৰোগত ল’ৰা-ছোৱালী বিলাকে যেতিয়া কাহে তেতিযা মুখ চকু ৰঙা পৰে, মুখ উখহে । কাহোতে কাহোতে কেতিয়াবা বমি কৰি দিযে। কেতিয়াবা ৰোগ জটিল হৈ মূৰ্চ্ছা যায়। ৰোগী ১২ৰ পৰা১৮ দিন পৰ্যন্ত ভোগাৰ পাছত লাহে লাহে আৰোগ্য লাভ কৰে। ৰোগৰ প্ৰৱনতা বেছি হলে ভোগাৰ সময় অনিৰ্দিষ্টও হবগৈ পাৰে। আনকি ৰোগীৰ জীৱনৰ আশংকাও দেখা দিব পাৰে। সাধাৰণতে ব্ৰংকোনিমোনিয়াত জটিল উপসৰ্গই দেখা নিদিয়ে। জ্বৰৰ তাপমাত্ৰা খুব বেছি নহলেও জ্বৰ একে ৰাহে থাকে। 

লোবাৰ নিমোনিয়াঃ- 
লোবাৰ নিমোনিয়াত সাধাৰনতে RIGHT LOWER LOBE আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। এই জাতীয় নিমোনিয়া ব্ৰংকোনিমোনিয়াৰ দৰে ক্ৰমান্বয়ে উৎপতি নহয়। এই নিমোনিয়াত হৰ্ঠাৎ মেলেৰিয়া জ্বৰৰ দৰে কঁপি কঁপি জ্বৰ উঠে। জ্বৰৰ তাপ চাওঁতে চাওঁতে বৃদ্ধি পায়। ২৪ ঘণ্টাৰ ভিতৰত জ্বৰ ১০৪ৰ ৰ পৰা ১০৫ পৰ্যন্ত উঠিব পাৰে। জ্বৰৰ আৰম্ভনি বা কিছু ঘণ্টাৰ পাছত বুকুৰ এফালে বা দুয়োফালে বিষ হয়। হঁচি মাৰৰিলে,কাহিলে অতিৰিক্ত বিষ অনুভব হয়। ঘনাই শুকান কষ্টকৰ কাহ হয়। উশাহ-নিশাহ অতি ঘনাই লব লগিয়া হয়। নাড়ীৰৰ গতি মিনিটত ১২০ৰৰ পৰা১৩০ পৰ্যন্ত হয়। বুকুৰ বিষ থকাৰ কাৰণে উশাহ-নিশাহ টানিব বা এৰিব নোৱাৰে। যিফালৰ হাওঁফাওঁ আক্ৰান্ত হয়,সেইফালৰ মুখ ৰঙা পৰে,সেইফালে কাটি হৈ শুব লোৱাৰে। উভয় হাওঁফাওঁ আক্ৰান্ত হলে ওপৰলৈ মুখ কৰি শুব লগা হয়। কাহিলে বুকুৰ বিষৰ কাৰণে বুকুখন হেঁচামাৰি ধৰিব লগা হয়। কাঁহিলে যি অলপ কফ ওলাই সিওঁ ওঁঠত লাগি ধৰে। তেজ মিহলি হৈ থকাৰ বাবে কফ ৰঙচুৱা দেখা যায়।৬/৭ দিন জ্বৰত ভোগাৰ পাছত হৰ্ঠাৎ জ্বৰ কমি আহে, তেতিয়া জ্বৰ ৯০ ডিগ্ৰীৰৰ পৰা ৯৬ ডিগ্ৰী পৰ্যন্ত হোৱা দেখা যায়। এই ৰোগত সাধাৰণতে জটিল উপসৰ্গই দেখা দিয়ে।CYANOSIS নামৰ এক ধৰণৰ নীল ৰোগ দেখা দিয়ে। প্ৰস্বাব ঘন, গাঢ় হলধীয়া আৰু কম পৰিমানে হয়। জিভাত মলিৰ প্ৰলেপ পৰে। ৰোগৰ প্ৰথম অৱস্থাত, হাওঁফাওঁৰ আক্ৰান্ত হোৱা ঠাইত তেজ জমা হয়আৰু তেজ জমা হৈ থকা সময়লৈ শ্বাস-প্ৰশ্বাসত শব্দ (CRIPITATION ) হয়। দ্বিতীয় অৱস্থাত বায়ু মোনা বোৰত বিজলোৱা ৰখ উতপন্ন হয়। এই অৱস্থাত আকৌ স্বাভাৱিক উশাহ-নিশাহৰ লগে-লগে সোঁ সোঁ শব্দৰ লগতে ব্ৰংকাইটিচত হোৱা ধৰণৰ শব্দ হয়।


নিমোনিয়াত ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধঃ-


এণ্টিম টাৰ্ট (ANTIM TART)- ই নিমোনিয়াৰ এক উৎকৃষ্ট ঔষধ। বিষেশ কৈ শিশু আৰু বৃদ্ধসকলৰ কাৰণে ফলদায়ক। ৰোগীৰ সমস্ত হাওঁফাওঁৰ মাজত কফৰ ঘৰ ঘৰ শব্দ শুনা যায়। শ্বাস কষ্ট, বুকুৰ মাজত কফ পৰিপুৰ্ণ হৈ থকা, প্ৰচণ্ড কাহ, সামান্য জ্বৰ আৰু শৰীৰ ঘামি থাকে। উশাহ-নিশাহ লোৱাৰ পথ বোৰ বন্ধ হৈ যোৱাৰ দৰে হয়, কাহিলে বহুত কফ ওলাব যেন লাগে কিন্তু নোলায়।ৰোগী দুৰ্বল হৈ পৰে আৰু মূৰ্চছা যোৱাৰ দৰে হয়। এই লক্ষণ সমূহৰ লগতে ডায়েৰিয়া যদি থাকে তেনে অধিক ফলপ্ৰদ হয়।

ছেংগুনেৰিয়া(senguinaria can)ঃ-

senguineria can ব্যৱহাৰ কৰাৰ বিশেষ লক্ষণ হল, সোঁফালৰ হাওঁফাওঁ নিমোনিয়াত আক্ৰান্ত হয় আৰু সোঁফালৰ গাল, মুখ অতিৰিক্ত ৰঙা পৰে। বুকুৰ ভিতৰত জ্বলন হয়। চিত হৈ শুলে অলপ আৰাম পায়। অত্যন্ত শ্বাস কষ্ট হয়। কফ হাওঁফাওঁৰ ভিতৰত পচে দূৰ্গন্ধযুক্ত কফৱ ওলাই, উশাহ-নিশাহত গন্ধ ওলাই।

আৰ্ছেনিক এলবাম (Arsenic albm)

ৰোগৰ প্ৰৱণতা অত্যন্ত বৃদ্ধি পালে, অত্যন্ত দূৰ্বলতা, অত্যন্ত তৃষ্ণা, অৱসন্নতা, অস্থিৰতা, বুকুত খোঁচা মৰাৰ দৰে বেদনা ইত্যাদি লক্ষণ থাকিলে এই ঔষধ ফলদায়ক।

হিপাৰ চালফাৰ(hepar sulpher)

পুৰনি নিমোনিয়া ৰোগত এই ঔষধ বিশেষ উপকাৰী। কফ যদি পূঁজৰ দৰে হয়, সামান্য ঠাণ্ডা আৰু পূৱাৰ ভাগতকাহ বৃদ্ধি হয়, বুকুৰ বিষৰ লগতে স্পৰ্শকাতৰ ভাব থাকিলে এই ঔষধ প্ৰয়োগ কৰিলে সুফল পোৱা যায়।

ফচপৰাচ(phosphorus)

ই নিমোনিয়াৰ এটি প্ৰধান ঔষধ। এই ঔষধৰ বিশেষ লক্ষণ হল খুক খুককৈ কাহোতে কাহোতে ৰোগী কোঁচ খাই আহে। হাত, ভৰি, চকু, কাণ জ্বলা পুৰা কৰে। মামৰৰ দৰে ৰঙচুৱা কফ ওলাই বা লগতে তেজৰ আচঁ যুক্ত কফ ওলাই। বুকৰ ওপৰত গধুৰ বস্তুৰে হেঁচা মাৰি ধৰি থকাৰ দৰে অনুভব কৰে।কিছুমান ৰোগীৰ বাওঁফালে কাটি হৈ শুব নোৱাৰে। বুকুৰ ওপৰত সামান্য হেঁচা পৰিলে বিষ অতিৰিক্ত বাঢ়ে। অত্যন্ত জ্বৰ নাড়ী দুৰ্বল, চঞ্চল, বিকাৰ লক্ষণ, কাহিলে কামিহাড়ৰৰ তল ভাগত অত্যন্ত বিষ অনুভৱ হয়। বুকুত কফৰ চুৰ চুৰ শব্দ হয়, শ্বাস-প্ৰশ্বাস কষ্টকৰ হয়। নিমোনিয়া ৰোগত বিকাৰ ভাব দেখা দিলে এই ঔষধে খুব ভাল কাম কৰে। এই ৰোগত ব্ৰায়েনিয়াৰ পাছত এই ঔষধ খুবেই উপকৰি।

হায়োচিয়ামাচ(hyoscyamus) নিমোনিয়াৰ লগত মূৰৰ বিষৰ লক্ষণ থাকিলে, ৰাতি শুকান, দূৰ্বল কাহ হলে, বুকুত ঘৰ ঘৰ শব্দ হলে এই ঔষধ ফলপ্ৰসূ। কাহ যন্ত্ৰনাদায়ক, দূঃস্বপ্ন দেখা, প্ৰলাপ বকা, কাম ভাৱ অহা, প্ৰথম বা শেষ অৱস্থাত বিছনা চাদৰ আজোঁৰা কামোৰা আদি লক্ষণ দেখা দিলে এই ঔষধ প্ৰযোজ্য হয়।

চালফাৰ(sulphur)

ৰোগীৰ হাওঁফাওঁঅধিক আক্ৰান্ত হয়। হাওঁফাওঁৰ সকলো স্থানতে কফৰ ঘৰ ঘৰ শব্দ হয়, লগতে হাত ভৰি, মূৰ জ্বলা- পোৰা কৰা লক্ষণ প্ৰকাশ পায়। ৰোগীয়ে ঠাণ্ডা বতাহ বা ঠাণ্ডা ঠাইত খাকিব বিছাৰে স্নান কৰিলে উপসৰ্গ বৃদ্ধি পায়। এই লক্ষণ সমূহ প্ৰকাশ পালে এই ঔষধ দিনত মাত্ৰ ২/৩ বাৰ ব্যৱহাৰ কৰা উচিত।

চেলিডনিয়াম (chelidonium majus) 

যকৃতৰ ৰোগৰ লগত হাওঁফাওঁৰ যিকোনো ৰোগত chelidonium ব্যৱহাৰ হয়। 

একোনাইত(aconite nap)

ৰোগৰ আৰম্ভণিত এই ঔষধ ব্যৱহাৰ কৰা হয়। প্ৰথম অৱস্থাত মেলেৰিয়া জ্বৰৰ দৰে কঁপি কঁপি জ্বৰ উঠিলে, বুকুত বিষ হৈ অস্থিৰতা থাকিলে এই ঔষধটো(নিম্ন ক্ষমতাৰ)ঘনাই ডেৰ বা দুই ঘণ্টাৰ মূৰে মূৰে ব্যৱহাৰ কৰিব লাগে। 

মাৰ্কুৰিয়াচচল(mercurius sol)

এই ঔষধ সোঁফালৰ হাওঁফাওঁ নিমোনিয়াত আক্ৰান্ত হলে সাধাৰণতে ব্যৱহাৰ হয়। এই ৰোগৰ লক্ষণ হল,ৰাতি শুলে উপসৰ্গবোৰ অধিক হয়। ঘামিলে জ্বৰ বা উপসৰ্গ বোৰ নকমে। কাহোতে বুকুখন ঠেক জেন অনুভৱ কৰে আৰু উখাহ লোৱাত কষ্ট হয়। merc sol ব্যহাৰ কৰাৰ বিশেষ লক্ষণ হল, এবাৰ জাৰ, এবাৰ গৰম লাগি থকে, এইবোৰ লক্ষণ থকা নিমোনিয়াত merc sol ব্যৱহাৰ হয়। 

ৰাছটক্সঃ-

বৰষুণত তিতি, অনেক সময় তিতা কাপুৰেৰে খাকি, জেকা মাটিত শুই, বানপানীৰ সময়ত বা বানপানীৰ পাছত নিমোনিয়া হলে প্ৰথমে যেতিয়ালৈকে আন ঔষধৰ লক্ষণ নোলাই, তেতিয়ালৈকে RUSTOX ব্যৱহাৰ কৰি থাকিব লাগে। নিমোনিয়া, ব্ৰংকো নিমোনিয়া আদিত চাওঁতে চাওঁতে ৰোগ আগবাঢ়ি বলিয়ালি বকিলে, পাগলৰ দৰে কৰিলে ততালিকে RUS TOX ব্যৱহাৰ কৰিব লাগে। নিমোনিয়াত কিছুসময় বা কিছুদিন RUS TOX ব্যৱহাৰ কৰাৰ পিছতো বলিয়ালি বকা নকমিলে PHOSPHORUS ব্যৱহাৰ কৰিব লাগে। নিমোনিয়াত বলিয়ালি কৰিলে লক্ষণ অনুসাৰে BELLADONNA , HYOSCYAMUS NIGER, STRAMONIUM ব্যৱহাৰ হয়। নিমোনিয়াত ৰোগীৰ অন্তিম অৱস্থাত কিছুমাৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ (HEART FAIL) মৃত্যু হয়। হাৰ্টফেল হোৱাৰ পূৰ্ব লক্ষণ হল ৰোগীৰ কপালত বিন্দু বিন্দু চেচাঁ ঘাম হয়। হাত-ভৰি ক্ৰমান্ধয়ে চেচাঁ হৈ আহে। ঘনাই উশাহ-নিশাহ লয়। নাড়ীৰ গতি হাতৰ সৰু গাঁঠিটোৰ ওপৰত প্ৰায় পোৱা নেযায়। ক্ৰমান্ধয়ে হাতৰ ওপৰলৈ PULSE চলি আহি থাকে, শেষত মৃত্যু মুখত পৰে। উপৰুক্ত লক্ষণ সূহ দেখিলে lachesis, naja বা crataegus লক্ষণ অনুসাৰে ব্যৱহাৰ কৰিব লাগে।lachesis ব্যৱহাৰ কৰা লক্ষণ হল ৰোগীয়ে আতৰৰ পৰা বিচনী মাৰিবলৈ ইঙ্গিত দিয়ে। ওচৰত বিচনী মাৰিলে উশাহ বন্ধ হৈ যায়। শৰীৰৰ ওপৰত কপোৰ থাকিলে অসুবিধাবোধ কৰে। দলিয়াই পেলাই। এইবোৰ লক্ষণৰ লগতে শৰীৰৰ ৰং নীলা হে আহে। 

naja ব্যৱহাৰ কৰাৰ লক্ষণ হলঃ– ৰোগীয়ে অতি ঘনাই উশাহ-নিশাহ লবলগীয়া হোৱাত কোনো কথা উচ্চাৰণ কৰিব নোৱাৰে। শৰীৰৰ ৰং নীলা হয়। হাৰ্টফেল হোৱাৰ উপক্ৰম শাম কাটিলে লক্ষণ অনুসাৰে পুনৰ আন ঔষধ ব্যৱহাৰ কৰিব লাগে। উপৰিউক্ত ঔষধ সমূহৰ উপৰিও লক্ষণ অনুসাৰে নিমোনিয়াত Bacillinum, tuberculinum, belladonna, stramonium, antim Ars, senega , lycopodium , ferrum phos, capsicum, carbo veg ,china, cantharides, ipecac আদি ঔষধ সমূহ ব্যৱহাৰ কৰি ৰোগৰ পৰা পৰিত্ৰান পাব পাৰি। 

নিমোনিয়াৰ সময়ত লবলগীয়া সাবধানতাঃ- 


ৰোগীৰ বুকু, পিঠি,স ম্পুৰ্ণভাবে ঢাকি ৰখা উচিত। ৰোগীক পূৰ্ণ বিশ্ৰাম দিয়াৰ লগতে ৰোগী থকা ঘৰত যাতে মূক্ত বায়ু সোমাব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। ৰোগী স্থিৰ ভাবে শুই থকা উচিত। উঠা-নমা বা চলা ফুৰা কৰিব নালাগে।

প্ৰথ্যঃ- অত্যন্ত জ্বৰ থাকিলে চাগু বা বাৰ্লি সিজাই মিচিৰি দি খোৱাব। লঘু আৰু পুষ্টিকৰ খাদ্য দিয়া প্ৰয়োজন। ৰোগীৰ শক্তি বৃদ্ধিৰ বাবে সামান্য গাখীৰ, মাংসৰ চুপ দিব পাৰি।



ডা. হৰিকান্ত দাস।



Friday, September 14, 2018

বন্ধ্যাত্বৰ সফল হোমিঅপেথিক চিকিৎসা

 স্বামী বা স্ত্রীৰ বন্ধ্যাত্বৰ সফল হোমিঅপেথিক চিকিৎসা#
****************************************

পিতৃহোৱা গৌৰৱ অথবা মাতৃত্ব অৰ্জন হাবিয়াস প্ৰতিগৰাকী ব্যক্তিৰেই থাকে। কিন্তু শৰীৰ তন্ত্ৰৰ কাৰ্যপ্ৰণালীৰ
বিসংগতিৰ বাবে, এক, দুই বা তাতকৈ বেছি বছৰ চেষ্টা কৰাৰ পছতো গর্ভধাৰণত ব্যার্থ হলে তাকে চিকিৎসা বিজ্ঞানৰ ভাষাত বন্ধ্যাত্ব বোলি কোৱা হয়। ৮% দম্পতি বন্ধ্যাত্বৰ চিকাৰ হয়। বন্ধ্যাত্ব স্বামী বা স্ত্রী উভয়ৰে কাৰণে হব পাৰে।

বন্ধ্যত্ব দুই প্ৰকাৰৰ যেনে:

প্রাথমিক বন্ধ্যাত্ব :-
 বিবাহৰ পছত সকলো সুবিধা থকা সত্ত্বেও কেতিয়াও গর্ভধাৰণ নোহোৱাকে প্রাথমিক বন্ধ্যাত্ব বুলি কোৱা হয়।
দ্বিতীয় পর্যায়ৰ বন্ধ্যাত্ব :- 
কোনো মহিলা প্রথম বাৰ গর্ভধাৰণৰ পাছত দ্বিতীয় বাৰ আৰু যদি গর্ভধাৰণ কৰিব নোৱাৰে তেতিয়া তাক পৰবর্তী বা দ্বিতীয় পর্যায়ৰ বন্ধ্যাত্ব বুলি কোৱা হয়।

কাৰণ:- 
বন্ধ্যাত্ব স্বামী বা স্ত্রী যি কোনো এজনৰ কাৰণে হব পাৰে। কিন্তু আমাৰ সমাজত অন্যায় ভাবে কেৱলমাত্র মহিলাসকলকে ইয়াৰ বাবে দোষাৰোপ কৰা হয়। আনকি কোনো কোনো ক্ষেত্রত স্বামীক দ্বিতীয় বা তৃতীয় বিবাহৰ বাবেও উৎসাহিত কৰা দেখা যায়।

ক) স্বামীৰ কাৰণে বন্ধ্যাত্ব:-

o স্বামীৰ বীর্যত প্রয়োজনীয় সংখ্যক শুক্রাণু নাথাকিলে।
o মৃত শুক্রাণু বা বীর্যৰ শুক্রাণু বিহীন হলে।
o এটা অণ্ডকোষ বাল লুপ্ত প্রায় অণ্ডকোষ অথবা অণ্ডকোষ জন্মগত ভাবে নাথাকিলে।
o অণ্ডকোষৰ প্রদাহ, মাম্পচ বা ডিঙি ফুলা ৰোগৰ প্রদাহৰ কাৰণে।
o বিকৃত শুক্রাণু থাকিলে।
o যৌন কাৰ্যত অক্ষম হলে।
o শুক্রাণু বাছি থাকিবৰ বাবে প্রয়োজনীয় তাপ ও পৰিবেশ অণ্ড কোষত নাথাকিলে।
o যৌনাঙ্গত যক্ষ্মা, গনৰিয়া আদি ৰোগ থাকিলে। বন্ধ্যাত্ব হব পাৰে।
o

খ) #স্ত্রীৰ #কাৰণে #বন্ধ্যাত্ব:-

o যদি জৰায়ুৰ আকাৰ সৰু হয়।
o ডিম্বাশয়ে যদি সঠিক ভাবে কাম নকৰে।
o মাহেকীয়াৰ গণ্ডগোল থাকিলেঃ প্ৰতি গৰাকী মহিলা এটা বয়সত ঋতুপ্ৰপ্তি হয় আৰু ২৮ দিনীয়া সময়ৰ পৰক্ৰমা বেছভাগ মহিলাৰে থাকে। মহিলা এগৰাকীৰ মাহে মাহে যোনিদ্বাৰেদি ৰক্তস্ৰাব নিৰ্গত হোৱা প্ৰক্ৰিয়াক ঋতু বুলি কোৱা হয়। এই স্ৰাৱ কেইবাটাও গ্ৰন্থিৰ পৰা নিৰ্গত হোৱা হৰমনৰ যটিল প্ৰক্ৰিয়াৰ পৰা হে হোৱা দেখা যাই। হাইপোথেলামাছৰ পৰা GnRH, পিটুইটেৰীৰ পৰা LH, আৰু FSH নামৰ হৰমন নিৰ্গত হয়। হাইপোথেলামাছ GnRH ৰ বিসংগতি হোৱাৰ ফলত মাহেকীয়া হোৱৰ সময়ত তলপেটত খামুচি ধৰা বিষ হয়। বিষৰ লগতে বমি বমিৰ ভাব হোৱা, মূৰ ঘোৰোৱা আদি উপসৰ্গ দীৰ্ঘদিন ধৰি দেখা যায়। আৰু এই সমস্যা দীৰ্ঘ দিন ধৰি হৈ থাকিলে মহিলা বন্ধ্যাত্ব হোৱা দেখা যায়।
o অত্যাধিক শকত হোৱাৰ কাৰণেঃ- দেহৰ ওজন সঠিক নাথাকিলে বিসংগতিয়ে দেখা দিয়ে। মহিলাসকলৰ লিউটিনাইজিং হৰমন মাত্ৰাধিক হলে বেছি শকত হোৱা দেখা যায়। তেতিয়া শৰীৰৰ ওজন বেছি হোৱাৰ বাবে ডিম্বানুৰ ক্ষৰণৰ হাৰ কমি যায়। যাৰ ফলত মহিলা গৰাকী বন্ধ্যাত্ব হব পাৰে।
o বংশগত কাৰণ।
o জৰায়ুত টিউমাৰ থাকিলেঃ- কেতিয়াবা কেতিয়াবা মহিলাৰ ডিম্বকোষ বা প্ৰজনন অংগ কোনো কাৰণত বিকাশ হবলৈ ধৰে। জৰায়ুৰ অভ্যন্তৰৰ কোমল মাংসপেক্ষীৰ পৰা বিভিন্ন কাৰণত একাধিক টেমুনা (Fibromyoma) গঠিত হৈ মাহেকীয়া দীৰ্ঘদিন ধৰি হোৱা দেখা যায়। এই টেমোনাৰ বাবেও কেতিয়াবা জৰায়ুৰ মুখবন্ধ হৈ যায় আৰু বন্ধ্যাত্ব হোৱা দেখা যায়। এই ৰোগ হোৱাৰ মূল কাৰণ হল মহিলা সকল নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ নহয়। যাৰ ফলত বিশ্বত প্ৰতি বছৰত এই ৰোগত দহ লাখৰো বেছি মহিলা আক্ৰান্ত হয়।এই সমস্যা ভাৰতৰ নিচিনা উন্নয়নশীল দেশত বেছি।
o যক্ষ্মা, গনৰীয়া ইত্যাদি ৰোগ হলে।
উল্লেখিত কাৰণসমূহৰ উপৰিও মহিলাগৰাকীৰ ডিম্ব ক্ষৰণৰ সময়ত যৌনমিলন নহলে গর্ভধাৰণ নহয়।


ৰোগ নির্ণয়ৰ বাবে পৰীক্ষা :- 

বন্ধ্যাত্বৰ কাৰণ নির্ণয়ৰ বাবে প্রথমে স্বামীৰ বীর্য পৰীক্ষা কৰি চাব লাগে। লগতে স্বামীৰ শাৰীৰিক পৰীক্ষা কৰি চাবলগা হয়। যদি কোনো অসুবিধা ধৰা নপৰে তেতিয়া মহিলা গৰাকীৰ পৰীক্ষা কৰিব লাগে।

পৰামর্শ :- 

যদি কোনো দম্পতিৰ একেবাৰেই সন্তান নহয় অথবা সন্তান হোৱাৰ পাছত দ্বিতীয় সন্তান আশাকৰা সময়ত নহয় তেতিয়া তেওঁলোকক নিন্মলিখিত নিয়ম সমূহ মানি চলা উচিত।স্বামী ও স্ত্রী দুশ্চিন্তা মুক্ত থাকিব লাগিব (সকলো ঠিকে থকা পাছতো শতকৰা ২০ শতাংশ দম্পতিৰ ১ বছৰত সন্তান নহবও পাৰে, শতকৰা ১০ ভাগ দম্পতিৰ ২ বছৰতো সন্তান নহবও পাৰে)।


স্ত্রীৰ ডিম্বক্ষৰণৰ সময় অর্থাৎ মাহেকীয়া হোৱাৰ ১১ তম দিনৰ পৰা ১৮ তম দিন পর্যন্ত প্রতিদিন সম্ভব নহলেও ১ দিন মূৰে মূৰে স্বামীৰ সৈতে মিলনৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে।


স্বামীৰ বা স্ত্রীৰ কোনো জটিল ৰোগ বা যৌন ৰোগ থাকিলে তাৰ চিকিৎসা কৰাব লাগে। স্বামী বা স্ত্রীৰ ধূমপান, মদ্যপান, যি কোনো নিচা গ্রহণ, দীর্ঘদিন এন্টিহিস্টামিন খোৱা বর্জন কৰিব লাগিব। অতিৰিক্ত পৰিশ্রম, দুশ্চিন্তা, ওজন বেছি থাকিলে কমাব লাগিব।


চিকিৎসা, লক্ষণ :-

হোমিঅপেথিকত বন্ধ্যাত্ব ৰোগৰ চিকিৎসাৰ বাবে লক্ষণ ও তাৰ সবিশেষ জনাতো অত্যন্ত গুৰুত্বপূর্ণ বিষয়। প্রতিটো লক্ষণৰে হোমিঅপেথিকত বেলেগ বেলেগ ঔষধ আছে। এই সমস্যাত ভূক্তভোগীয়ে নিজেই অভিজ্ঞ হোমিঅপেথিক চিকিৎসকৰ কাষচাপি চিকিৎসা গ্ৰহণ কৰিলে এই বন্ধ্যাত্ব সমস্যাৰ পৰা সহজতে মুক্ত হব পাৰিব। 

বন্ধ্যাত্ব আৰোগ্য হোৱাত  সফলতা  পোৱা কিছুমান হোমিঅপেথিক ঔষধ হলঃ-

Kreosotu: বহুদিন ধৰি বগাস্ৰাৱ হোৱা, ঋতুস্ৰাৱৰ সময়ত আৰু পিছত বিষ আৰু যোনি মুখত ভয়ংকৰ খজুৱতী হোৱা। জৰায়ুৰ অভ্যন্তৰত Fibromyoma গঠিত হৈ বগাস্ৰাৱ বেছি হোৱা। চিৰিঙ্গলি পৰা আৰু পোৰণি বিষ হয়। বগাস্ৰাৱ অতি দূৰ্গন্ধযুক্ত, স্ৰাৱ শুকালে কাপোৰত গ্ৰাঢ় হালধীয়া দাগ পৰে। যোনি মুখত কেন্সাৰ বা কেন্সাৰ সদৃস ৰোগত এই দৰৱ বৰ উপযোগী।
Sepia: অত্যন্ত বিষণ্ণ আৰু কান্দুন স্বভাৱ। অকলে থাকিবলে ভয় কৰে, মানুহ আৰু বন্ধুৰ সৈতে দেখা কৰাত ভয় কৰে। ভয়ত জৰায়ুৰ ৰোগ হোৱা দেখা যায়। বেছি সময় কাপোৰ ধোৱাৰ পিছত জৰায়ুৰ বেমাৰ বেছি হয়। অতি সহজতে ঠাণ্ডা লাগে। বগাস্ৰাৱ হোৱাৰ সময়ত শৰীৰ বৰ দুৰ্বল অনুভৱ কৰে। সহজতে মুৰ্ছা যায়। সদায় মুখ আৰু মূৰ গৰম হোৱাৰ লগতে ভয় ভাব হয়। ইয়াক ধুবুনীৰ দৰব বোলা হয়, এই কাৰনেই- ৰোগী বেছি সময় কাপোৰ ধোৱাৰ পিছতেই বেমাৰ বৃ্দ্ধি হয়। এণ্ডোমিট্ৰাইটিছ জৰায়ুৰ বগাস্ৰাৱত পিঠিৰ বিষ বেছি হোৱা দেখা যায়।
Thalaspi bura pastoris: সৰহ পৰিমাণে স্ৰাৱ হয় আৰু বহুদিনলৈ ঋতুস্ৰাৱ হৈ থাকে। কলা গোট মৰা প্ৰচুৰ পৰিমাণে ৰক্তস্ৰাব হয়। জৰায়ু নিষ্কিয়তাৰ কাৰণে ৰক্তস্ৰাৱ বন্ধ কৰিব নোৱাৰে। এই দৰব একেৰাহে Thalaspi Q তিনিমাহ খালে জৰায়ু কেঞ্চা ঘাঁ শুকাই যায় আৰু বন্ধ্যাত্বৰ পৰা ৰক্ষা পোৱা দেখা যায়।
Medorrhinum: যি সকল মহিলাৰ ডিম্বকোষৰ লক্ষণ বন্ধ হৈ যোৱাৰ উপক্ৰম হয় তেনে মহিলাৰ কাৰণে বৰ ভাল কাম কৰে। ডিম্বকোষত চিষ্ট থকা মহিলাৰ বাবেও এই দৰব উপযোগী। গাঁঠি বাত, সিৰৰ বিষ বা মেৰুমজ্জাৰ আৰু ইয়াৰ শ্লেমাৰোগত ভাল ফল পোৱা যাযয়। সদায় ক্লান্তি, জীৱনী শক্তিৰ সৰ্বাংঙ্গীণ অৱসন্নতা নকন্দা কৈ কথা পাতিব নোৱাৰে। সদায় মৃত্যুৰ সময় সকলোকে পুৰ্বাভাস কৰে। অতিৰিক্ত খঙাল, অধৈৰ্য, খিংখিঙীয়া স্বভাৱৰ মেডৰিয়ামে হাইপোথেলামাছৰ বিসংগতি নোহোৱা কৰি সন্তান জন্ম দিয়াত সহায় কৰে। মাহেকীয়া ঋতুস্ৰাৱ নিয়মিত কৰে আৰু গৰ্ভধাৰণ কৰাত সুবিধা কৰা দেখা যায়।
Pulsatila: অনিয়মিত ঋতুস্ৰাৱ, দীৰ্ঘদিন ধৰি মাহেকীয়া হোৱাৰ সময়ত তলপেটত বিষ হোৱা, মাহেকীয়াৰ সময়ত বিষত বমি হোৱা, মাহেকীয়াৰ বিষ লাহে লাহে আহে আৰু হঠাত বিষ, কমি যায়। সকলো মহিলাৰ কাৰণে এই ঔষধ উপযোগী। বিশেষকৈ বিয়া হোৱাৰ আগত ডিম্বাণুৰ বিসংগতি হলে pulsatilla নামৰ ঔষধটোৱে বৰ ভাল কাম কৰে। বগাস্ৰাৱ, কণীৰ বীজলৰ নিচিনা বগাস্ৰাৱ হলে মাহেকীয়াৰ সময়ত তলপেটৰ বিষত কান্দি থকা ছোৱালীৰ বাবে বৰ উপযোগী। Fibroid tumour যদি জৰায়ুৰ মুখত থাকে, তেন্তে এই ঔষধটো সফলতাৰে ব্যৱহাৰ কৰিব পৰা যায়। সাধাৰণতে যি মহিলা অতি স্নেহশীল, শান্ত, নম্ৰ, ভয়াতুৰ আৰু সকলো কথাতে বাধ্য হোৱা প্ৰকৃতিৰ, তেনে মহিলাৰ বাবে এই ঔষধ ফলদায়ক। ইয়াৰ উপৰিও অৰাম মেটালিকাম, এভেনা চ্যটাইভা, এচিড ফচ, চেলেনিয়াম, ক্লেডিয়াম, অনোস্মোডিয়াম, আয়োডিয়াম, কোনায়াম, ন্যাট্রাম চালফ, নাইট্রিক এচিড, মার্কচল, চালফাৰ, থুজা, এগনাষ্টকাষ্ট, গ্ৰেফাইটিছ আদি ভালে সংখ্যক দৰব আছে এই বন্ধাত্ব চিকিৎসাৰ বাবে।
শেষত এটা কথাই আপোনা লোকক জনাব খুজো যে বন্ধ্যাত্বৰ কাৰণ আৰু নিৰাময় কৰাটো এটা যথেষ্ট জটিল বিষয়।গতিকে এজন অভিজ্ঞ হোমিঅ পেথিক চিকিৎসকে সম্পুৰ্ণ সাধনা শক্তি, বুদ্ধি গৱেষণালব্ধ জ্ঞান, অধ্যয়ণ প্ৰয়োগ কৰিহে বন্ধ্যাত্ব আৰোগ্য কৰাত সফলতা লাভ কৰিব পাৰে। এই ক্ষেত্ৰত ৰোগীয়ে চিকিৎসকক ইতিবাচক সহায়- সহযোগিতা আগবঢ়োৱাটো নিতান্তই প্ৰয়োজন। চিকিৎসকে ৰোগীৰ পৰা আস্থা, ধৌৰ্য আৰু নিয়মানুৱৰ্তিতা বিছাৰে বন্ধ্যাত্বৰ প্ৰতিটো লক্ষণ ভালদৰে অধ্যয়ন কৰি চিকিৎসা কৰিলে আৰোগ্য হোৱা সম্পূৰ্ণ সম্ভাৱনা থাকে।


ডা.হৰিকান্ত দাস
ফোন-9954340102

Wednesday, September 12, 2018

মেনিনজাইটিছ (Meningitis) ৰ হোমিঅ’পেথিক চিকি সাঃ-

মেনিনজাইটিছ(Meningitis)ৰ হোমিঅ’পেথিক চিকি সাঃ-

মানৱ শৰীৰৰ অস্থি সজ্জাৰ ভিতৰত থকা প্ৰধান প্ৰধান যন্ত্ৰ সমূহ অভ্যন্তৰীণ ঘৰ্ষণ ও বাহ্যিক চাপৰ লগতে
মেনিনজাইটিছ (Meningitis) ৰ হোমিঅ’পেথিক চিকি সাঃ-
যিকোনো ধৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জীবাণু (microorganism) আদিৰ পৰা ৰক্ষা পাবৰ বাবে এক পাতল আৱৰণৰ দ্বাৰা ঢকা থাকে। শৰীৰৰ এই গুৰুত্বপূৰ্ণ অংগ সমূহৰ অৱৰণী পৰ্দাৰ সকলোৰে বেলেগ বেলেগ নাম আছে। যেনে- হাঁও ফাঁও বা শ্বাস যন্ত্ৰৰ আৱৰণী পৰ্দাক প্লুৰা (Pleura), হৃদপিণ্ডৰ আৱৰণী পৰ্দাক পেৰিকাৰডিয়াম (Pericardium), অন্তৰ আৱৰণী পৰ্দাক পেৰিটনিয়াম (Peritoneum), থিক তেনেদৰে ডুৰামেটাৰ (Dura mater), এৰাকনয়ড মেটাৰ (arachnoid mater) আৰু পায়া মেটাৰ (pai mater) নামৰ তিনিটা জীৱন কোষৰ তৰপেৰে গঠিত মস্তিস্কৰ যি আৱৰণ আছে তাকে মস্তিস্কৰ আৱৰণ বা মেনিনজেচ (Meninges) বুলি কোৱা হয়। কিবা কাৰণত এই আৱৰণী পৰ্দা প্ৰদাহিত হ’লে তাকে মেনিনজাইটিছ বুলি কোৱা হয়। ই অতি যন্ত্ৰনা দায়ক ও জীৱনৰ প্ৰতি ভাবুকি সৃস্টি কাৰী ৰোগ।

মেনিনজাইটিছ (Meningitis) ৰোগ উতপত্তিৰ কাৰণঃ- 

চিকিতসা বিজ্ঞানৰ অত্যাধুনিক গৱেষণাত এই কথা স্পষ্ট হৈছে যে, মেনিংগকক্কাচ (Meningococcous) নামৰ এবিধ বিজানু এই ৰোগ উতপত্তিৰ মূল কাৰক। ইয়াৰ উপৰিও নিউমকক্কেল (Pneumococcal), ষ্ট্ৰেপটকক্কাচ (Streptococcus)আদি বিজানু আক্ৰমণ, টাইফয়েড, জ্বৰ, ইনফ্লুঞ্জা, নিউমেনিয়া, ব্ৰংকোনিউমোনিয়া, HIV সংক্ৰামণ, বসন্ত আদিৰ উপসৰ্গ, মস্তিস্কৰ যিকোনো ধৰণৰ আঘাট লগা, মাথাৰ হাঁৰ ভগা, কানৰ বিষ, তেজত phosphorus ion আৰু chloride of potash ৰ অভাব, মস্তিস্কত পানী জমাহোৱা (Hydrophobia) আদি।

মেনিনজাইটিছ (Meningitis)ৰ প্ৰকাৰ ভেদে লক্ষণঃ-

মেনিনজাইটিছ ৰোগক সাধাৰণতে দুটা ভাগত ভাগ কৰা হৈছে।

১) চিমপল (Simple) আৰু

২) টিউবাৰকিউলাৰ (Tubercular) মেনিনজাইটিছ।

চিমপল মেনিনজাইটিছত প্ৰকাশপোৱা লক্ষণ সমূহঃ-

 চিমপল মেনিনজাইটিছত প্ৰথম অৱস্থাত কিছুমান ৰোগীৰ কঁপি কঁপি জ্বৰ উঠে। জ্বৰত প্ৰলাপ বঁকে। চকু, মুখ, জিভা ৰঙা হৈ পৰে। ৰোগীয়ে খাদ্য খাওক বা নাখাওঁক অনবৰতে বমি কৰে। মূৰত অতিৰিক্ত বিষ অনুভৱ কৰে। হুল খোমোৱাৰ দৰে বিষ হয়। যন্ত্ৰনাত চিঞঁৰী উঠে গাৰুত মূৰ থেকেচে বা হেঁচামাৰি ধৰে। মুখৰ মাংস পেশী আৰু হাত-ভৰি কঁপে। চকুৰ মনি ঘুৰিবলৈ ধৰে। শৰীৰ অৱস হৈ পৰে আৰু ডিঙিৰ মাংস পেশী টানহৈ পৰে। মাজে মাজে ৰোগীয়ে বলিয়ালি বকে। এনে অৱস্থাত একৰ পৰা দুই সপ্তাহ থকাৰ পিছত বলিয়ালি বকা কমি অহে। ৰোগী অতিৰিক্ত দূৰ্বল হৈ পৰে। অজ্ঞান হৈ পৰে, অজ্ঞাতসাৰে বিচনাৰ কাপোৰ কোনি আজুৰে, দাঁত কৰচে। উশাহ-নিশাহত যথেষ্ঠ কষ্ট অনুভৱ কৰে। মাজে মাজে চিঞঁৰী উঠে। অজ্ঞাতসাৰে শৌচ-প্ৰস্ৰাৱ হয়। সমগ্ৰ শৰীৰত চেচা ঘাঁম উলাই। মূখৰ চেহেৰা কলা পৰে। জিভাত একধৰণৰ প্ৰলেপ পৰে। সমগ্ৰৰ শৰীৰ অৱশ হয় আৰু ডিঙিৰ মাংস পেশী অতিৰিক্ত তান হৈ বেঁকা হৈ পৰে। নাড়ীৰ গতি অনিয়মিত হয়।


টিউবাৰকিউলাৰ (Tubercular) মেনিনজাইটিছৰ লক্ষণঃ- 

টিউবাৰকিউলাৰ মেনিনজাইটিছত সাধাৰণতে শিশু বেছি আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায়।

ৰোগৰ উতপত্তিৰ কাৰৰণঃ- টিউবাৰকিউলাৰ মেনিনজাইটিছ সাধাৰণতে পুষ্টিকৰ আহাৰৰ অভাৱ, বসন্ত ৰোগৰ কূফল, হুপিংকফৰ উপসৰ্গ ৰুপে সৃষ্টি হ’ব পাৰে। যিকোনো ধৰণৰ মূৰত আঘাট পোৱা, কিছুমান চৰ্মৰোগ শৰীৰৰ ভতৰলৈ বহি গলে, কোনো ধৰণৰ মানসিক উত্তেজনা, কলেৰা ৰোগৰ পাৰ্শ্বক্ৰিয়া ইত্যাদি কাৰণ বশঃত টিউবাৰকিউলাৰ (Tubercular) মেনিনজাইটিছ উতপত্তি হয়।

মেনিনজাইটিছ (Meningitis) ৰ হোমিঅ’পেথিক চিকি সাঃ-
টিউবাৰকিউলাৰ মেনিনজাইটিছত আক্ৰান্ত হলে আক্ৰান্ত শিশুৰ কিছু দিনৰ পৰা টোপনি নোহোৱা হয়। সকলো সময়তে অস্থিৰ হৈ থাকে। মুখৰ চেহেৰা ক্ৰমান্বয়ে কলা হৈ আহে। ভোক ক্ৰমান্বয়ে নোহোৱা হৈ আহে। দূৰ্গন্ধময় শৌচ আৰু প্ৰস্ৰাৱ হয়। শৰীৰৰ অংগ প্ৰত্যংগ ক্ৰমান্বয়ে ক্ষীণ হৈ আহে। মাজে মাজে শুই থকা অৱস্থাত চিঞঁৰ মাৰি উঠে। কিছু সপ্তাহ এনে অৱস্থাত পাৰ হোৱাৰ পিছত অতিৰিক্ত জ্বৰ, মূৰৰ বিষ, শৰীৰৰ কঁপনী, বমি আদি আৰম্ভ হয়। মূৰত আৰু কঁপালত ভয়ংকৰ বিষ হয়। বিষৰ কাৰণে লৰা-ছোৱালীয়ে গাৰুত মূৰ থেকেচে আৰু চিতকাৰ কৰি উঠে। ডিঙিৰ মাংস পেশী অতিৰিক্ত টান হয় আৰু ডিঙি বেঁকা হৈ পৰে। এনে অৱস্থাত কিছুদি পাৰ হোৱাৰ পিছত বমি প্ৰায় বন্ধহৈ যায়। সম্পুৰ্ণ জ্ঞান লোপ পায়। মাজে মাজে বলিয়ালি বঁকে আৰু হথাত চিঞঁৰ মাৰি ওঠে। অজ্ঞাতে শৌচ-প্ৰস্ৰাৱ হয়। অলপ জ্বৰ থাকে। দাঁত কৰচে। ওঁঠ আৰু বিছনাৰ কাপোৰ চিকুতে। খাদ্য ও পানী খাব নোৱাৰা হয়। ওঁঠ আৰু ডিঙিত একপ্ৰকাৰ বগা স্ৰাৱ বহে। চকুৰ পলক একে থাইতে স্থিৰহৈ পৰে, চকু আধা মোদখাই থাকে। ডিঙি, পিঠি বেঁকা হৈ পৰে। পেটত এক ধৰণৰ উদ্বেদ ওলাই। অন্তিম অৱস্থাত সমষ্ট উপসৰ্গ বৃদ্ধি পায়। দেহৰ তাপমাত্ৰা ১০৩ পৰা ১০৪/১০৫ ডিগ্ৰী পৰ্যন্ত হয়। চকুৰ বগা অংশ ওলাই চকু স্থিৰ হৈ পৰে। শৰীৰৰ মাংস পেশী কোঁচখায়। ৰোগীৰ ডিঙি, পিঠি ধেনুৰ দৰে বেঁকা হৈ পৰে। অৱশেষত মৃত্যু পৰ্ষন্ত হয়।

তলত মেনিনজাইটিছত ব্যৱহৃত কেইটিমান ঔষধৰ নাম লক্ষণ নুসৰি উল্লেখ কৰা হৈছে যদিও প্ৰয়োগৰ ক্ষেত্ৰত অভিজ্ঞ হোমিঅপেথিক চিকিতসকৰ কাষ চাপিবলৈ পৰামৰ্শ আগবঢ়োৱা হল।



এপিচমেল(Apis mellifica)-এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীয়ে বিশেষকৈ লৰা-ছোৱালী বিলাকে মূৰৰ ভিতৰত হুল সুমোৱাৰ দৰে এক প্ৰকাৰৰ বিষ টোপনি যোৱাৰ পিছত বা টোপনিৰ পৰা সাৰ পোৱাৰ পিছত অনুভৱ কৰে আৰু সেই বোবে চি়ঞৰ মাৰি উঠে। শৰীৰৰ কোনো অংশ বা সমগ্ৰ শৰীৰতে জোকাৰণি উঠে। ৰোগীৰ ডিঙিৰ মাংস পেক্ষী টান হয়, মূৰ, পিঠি বেকা হৈ পৰে। অচেতন অৱস্থাত শৌচ, প্ৰস্ৰাৱ হলে এই ঐষধ ব্যৱহাৰ কৰিব পাৰি। এই লক্ষণ বোৰৰ লগতে যেই কোনো চৰ্ম ৰোগ শৰীৰৰ ভিতৰলৈ সোমাই যোৱাৰ পিছত, বা মস্তিস্কৰ যেই কোনো ৰোগৰ কাৰণে মেনিনজাইটিছ হলে apis mellifica ব্যৱহাৰ হয়।

CICUTA-VIROSA কোনো কোনো সময়ত দেহৰ তাপমাত্ৰা বৃদ্ধি আৰু কোনো সময়ত অত্যন্ত ঠাণ্ডা অনুভৱ। চকু আৰু মূখ ণ্ডলৰ পেক্ষী অত্যন্ত দূৰ্ব্বল, চকুৰ পতা জপাব নোবাৰে। দাঁত কামুৰী ধৰে, মাঠাৰ পিছফালে অত্যন্ত বিষ হয়। শ্বৱন শক্তি লোপ পোৱাৰ লগতে বাক্ শক্তিও হেৰাই। বুকুৰ পেক্ষী দূৰ্ব্বল হৈ পৰাৰ বাবে শ্বাস কষ্ট, কঁপনি হয় আৰু মুখেৰে ফেন ওলোৱা আদি লক্ষণ থাকিলে এই ঐষধ ব্যৱহাৰ হয়।

Belladonna জ্বৰৰ আৰু মস্তিস্কত ৰক্ত সঞ্চয়ৰ লগতে প্ৰলাপ বকে। চকু মুখ ৰঙাহৈ পৰে। মাঠা পিছফালৰ পৰা টানি থকাৰ দৰে অনুভৱ হয়। পোহৰ আৰু হুলস্থুলীয়া পৰিবেশ কোনোপধ্যেই সহ্য কৰিব নোৱাৰে। মাঠাৰ পচণ্ড যন্ত্ৰনা আদি লক্ষণ থাকিলে এই ঔষধ ব্যৱহাৰ হয়।

Cannabis indicia অত্যন্ত দূৰ্বল। মূৰৰ পিছফালে প্ৰচণ্ড বিষ হয়। অজ্ঞান অৱস্থাত ধনুৰ দৰে বেকাঁহৈ পৰি থাকে। শৰীৰ ঠাণ্ডা কিন্তু ঘাম ওলাই থাকে, নাৰীৰ গতি অত্যন্ত দূৰ্বল। পোহৰ আৰু শব্দ সহ্য কৰিব নোৱাৰে। আদি লক্ষণত এই ঔষধ ব্যৱহাৰ কৰিব পাৰি।

Carbo veg- হুপিং কফ, কলেৰা আদি ৰোগ বা যেই কোনো দূৰ্বল ৰোগৰ পৰিনাম ফলত মেনিনজাইটিছ বা যেই কোনো ধৰণৰ ৰোগ হওঁক প্ৰথমে এই ঔষধ ব্যৱহাৰ কৰিব পাৰি। carbo veg ব্যৱহাৰৰ পৰৱৰ্তী পৰ্যায়ত casticum আৰু শেষত tuberculinum ব্যৱহাৰ কৰিব পাৰি।

Actaea-racemosa- যেই কোনো ধৰণৰ মস্তিস্কৰ ৰোগ, মানসিক ওত্তেজনা যেনে- ভয়, খং, শোক, দুখ, হিংসা ইত্যাদিৰ কূফলৰ পৰা মেনিনজাইটিছ উতপ্ৰত্তি হলে এই ঔষধ দিঘলীয়া সময় ধৰি ব্যৱহাৰ কৰিব লাগে। Actaea-racemosa ব্যৱহাৰ কৰাৰ পিছত lycopodium, medorrhinum আদি ব্যৱহাৰ কৰিব পাৰি।

Netram-sulph- মেৰুদণ্ড ৰোগৰ পৰা মেনিনজাইটিছ হলে সাধাৰণতে এই ঔষধ ব্যৱহাৰ কৰা হয়। এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ মুৰৰ পিছফলে ভয়ঙ্কৰ বিষ থাকে, মূৰ পিছফালে বেঁকা হৈ পৰে, শৰীৰৰ মাংস পেশীবোৰ ভয়ঙ্কৰ ভাবে স্পন্দিত হয়। ৰোগী বলিয়ালি বকে, মাজে মাজে চিঞঁৰি উঠে। ৰোগী ডিঙি, পিঠি ধেনুৰ দৰে বেঁকা হৈ পৰা আদি লক্ষণ থাকে।

Hellebores-niger- এই ঔষধ ব্যৱহাৰ হোৱা ৰোগী সম্পুৰ্ণ অচেতন অৱস্থাত পৰিথাকে, গাৰুত মূৰটো ফাল সিফাল কৰে, কপালৰ মাংস পেক্ষী কোঁচ খাই যায়। অজ্ঞান অৱস্থাত একে স্থিৰে চাই থাকে। মাজে মাজে হাত দাঙি শূণ্যত কিবা ধৰাৰ দৰে খেপিয়াই, বিচনাৰ কাপোৰ ছোবাই। ৰোগীগ আংশিক বা সম্পূৰ্ণ শৰীৰ যথৰ হয়। ডিঙিৰ মাংস পেক্ষী টান হৈ ৰোগীৰ মূৰ আৰু পিঠি বেকাঁহৈ যায়। আজ্ঞান অৱস্থাত হঠাত চিঞঁৰ মাৰি উঠে।প্ৰস্ৰাৱ প্ৰায় বন্ধ থকা আদি লক্ষণত এই ঔষধ ব্যৱহাৰ হয়।

Argenium-nitricum-সকলো ধৰণৰ মস্তিস্কৰ ৰোগ- চিমপল মেনিনজাইটিছ, টিউবাৰকিউলাৰ মেনিনজাটিছ ইত্যাদি ৰোগত ৰোগীৰ মাংস পেক্ষী, হাত-ভৰি আৰু সমগ্ৰ শৰীৰতে জোকাৰণী একেৰাহে হৈ থাকিলে এই ঔষধ ব্যৱহাৰ কৰা হয়। 

Apocynum cannabinum – চিমপল মেনিনজাইটিছ বা হাইড্ৰোকেফেলাছ ৰোগত বিশেষকৈ লৰা-ছোৱালীৰ মূৰৰ হাড় যোৰা ফাঁকহৈ পৰে। ৰোগীৰ এটা চকু মূদখাই থাকে, এটা চকুৰে কোনো বস্তু দেখা নাপায়, কপাল ফুলি উঠে।ৰোগী সম্পূৰ্ণ অচেতন অৱস্থাত থাকিলে এই ঔষধ ব্যৱহাৰ কৰিব পাৰি।

ইয়াৰ উপৰি zincum met, phosphorus , agarics, ignatia, lechesis, Silesia, gelsemium, sulphur, bryonia, opium, veratum, arsenic iod, medorrhinum, kali-carbo, Calcarea-carbo, bryonia alb, glonoine আদি মেনিনজাইটিছ ৰোগৰ লক্ষণ অনুসৰি ব্যৱহাৰ হয়।

ডা. হৰিকান্ত দাস।
মা হোমিঅপেথিক আৰু ফিজিঅ থেৰাপি ক্লিনিক
গোগামুখ,ধেমাজি(অসম)।

Sunday, September 9, 2018

ব্ৰইলাৰ মাংসৰ দ্বাৰা মানুহৰ দেহত সোমাইছে অপ্ৰয়োজনীয় এন্টিবায়টিকঃ

ব্ৰইলাৰ মাংসৰ দ্বাৰা মানুহৰ দেহত সোমাইছে অপ্ৰয়োজনীয় এন্টিবায়টিকঃ
ব্ৰইলাৰ-মাংসৰ-দ্বাৰা-মানুহৰ-দেহত-সোমাইছে-অপ্ৰয়োজনীয়-এন্টিবায়টিক

আজি এই লেখাটোৰ জৰিয়তে আপোনালোকক জনস্বাস্থ্যৰ প্ৰতি ভয়াবহ ভাবুকি স্বৰূপ হৈ পৰা ব্ৰয়লাৰ চিকেনৰ বিষয়ে কম। বিশ্বত আজি ব্ৰয়লাৰ মাংসৰ ব্যাপক চাহিদাৰ বিষয়ে হয়তো বহলাই কোৱাৰ প্ৰয়োজন নাই। আপোনাৰ লগতে আপোনাৰ কণমানি টোৰো নিশ্চয় চিকেন অতি প্ৰিয়? এপিচ চিকেন নহলে হয়টো আপোনাৰ কণমানিটোৱে ভাত খাবই নোখোজে? কিন্তু আপোনি কেতিয়াবা ভাবিছেনে এই ব্ৰয়লাৰ চিকেনে যে আপোনাৰ জীৱনলৈ বিপদ মাতি আনিছে?

ব্ৰইলাৰ চিকেনৰ জনপ্ৰিয়তা আৰু দিনক দিনে বৃদ্ধি পেৱা ব্যাপক চাহিদা পূৰন কৰি অত্যাধিক মোনাফা লাভৰ স্বাৰ্থত একাংশ অসাধূ পোল্টি ব্যৱসায়ীয়ে এই ব্ৰয়লাৰ মূৰ্গী সমূহত ব্যাপক ৰুপত এন্টিবায়টিক ব্যৱহাৰ কৰিবলৈ লোৱা দেখা গৈছে। আৰু এই মাংসৰ দ্বাৰা অপ্ৰয়োজনীয় এন্টিবায়টিক বোৰ সোমাইছে মানুহৰ দেহত।(the Study by the centrer for science and Environments) CSE ৰ পদূষ পৰ্যবেক্ষণ লেবটৰীৰ এক গৱেষণাত দেখাগৈছে পোল্টিবোৰত ব্যাপক হাৰত ৬ বিধৰ এন্টিবায়টিক ব্যৱহাৰ হৈছে। এই বোৰ হলঃ-oxytetracycline, chlortetracycline, Doxycycline, Enrofloxacin, ciprofloxacin And Neomycine. এই এন্টিবায়টিক পোল্টিৰ কিবা ৰোগ হলেহে ব্যৱহাৰ কৰে এনে নহয় কোনো কাৰন নোহোৱাকৈয়ে এই এন্টিবায়টিকচ বোৰ ব্যৱহাৰ কৰা হয়। এই এন্টিবায়টিকচ সমূহ বিভিন্ন জীৱানুৰ দ্ধাৰ সৃষ্টি মানুহৰ বেমাৰত খুউবেই প্ৰয়োজন। কিন্তু অকাৰণে মূৰ্গীৰ মাংসৰ দ্ধাৰা মানুহৰ শৰীৰত প্ৰবেশ কৰাত বিভিন্ন মাইক্ৰ বেক্টেৰীয়া বা জীবানু সমূহৰ এই এন্টিবায়টিকৰ প্ৰতিৰোধী ক্ষমতা দিনক দিনে বৃদ্ধি পাব ধৰিছে৷ যাৰ বাবে বৰ্তমান সময়ত মানুহৰ দেহত সৰু সুৰা ৰোগ হলেওঁ সহজতে ভাল হোৱাটো দুসাধ্য হৈ পৰিছে আৰু মানুহৰ জীৱনৰ প্ৰতি আশংকান নামি আহিছে। চেপটিক, নিউমোনিয়া, টিউবাৰকুলাচিচৰ দৰে ৰোগ চিকিৎসা দিনক দিনে জটিল হৈ পৰিছে। এই খিনিতে আপোনালোকক এটা কথা জনাই থওঁ যে ইউৰোপৰ দেশ সমূহত পশু-পক্ষীক এন্টিবায়টিক দিয়াটো দণ্ডনীয় অপৰাধ। যিটো আমাৰ দেশত বাধাহীন ভাৱে ব্যৱহাৰ কৰি থকা হৈছে।

ডা. হৰিকান্ত দাস।
মা হোমিঅ আৰু ফিজিঅথেৰাপি ক্লিনিক। গোগামুখ,ধেমাজি(অসম)
ফোন-9954340102

Thursday, September 6, 2018

মদ এৰাৰ খহজ উপায়ঃ

৩০ দিনত মদখোৱাৰ বদ অভ্যাস এৰকঃ
 মদ এৰাৰ খহজ উপায়ঃ

         বৰ্তমান সময়ত এনে বহু ব্যক্তি আছে যি নেকি নিজৰ মদ্য প্ৰাণৰ বদ অভ্যাষৰ বাবোই ঘৰসংসাৰৰ লগতে নিজৰ জীৱনো দুৰ্বিশহ কৰিতুলে।এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি পৃথিৱীত মৃত্যু হোৱা ১৮ জন মানুহৰ ১ জন মদখোৱাৰ বাবেই মৃত্যু হয়। পথ দূৰ্ঘটনাৰ মুখ্যকাৰণটো মদ্যপ্ৰাণ কৰি গাড়ীচলোৱা বুলিয়েই গণ্যকৰা হৈছে। এটা গৱেষণাত পোৱাগৈছে যে পৃথিৱীত প্ৰায় ৬% লোক কেৱল মদখোৱাৰ বাবেই মৃত্যু হয়।

       আজিকালি বহু মহিলাই ব্যাপক ৰুপত মদ্যপ্ৰাণ কৰিবলৈ লোৱা দেখাগৈছে।যাৰ বাবে তেনে মহিলাৰ প্ৰজনন ক্ষমতাৰ উপৰত প্ৰভাব পৰিছে। এনে মহিলাই অপৰিপক্ক মগজুৰ শিশু বা বিকলাংগ শিশুৰ জত্ম দিবলগা হৈছে।ইয়াৰ উপৰিও অসুস্থ সামাজিক বাতাবৰণ, যেনে- মাৰ-পিত,ঘৰুৱা অশান্তি, অত্মহত্যা আৰু বলাতকাৰৰ নিচিনা সামাজিক অপৰাধ মদৰ কাৰণেই বাঢ়ব ধৰিছে। আৰ্থিক দন্যতাও মদ্যপ্ৰাণ কাৰক হোৱা দেখা যায়।

এজন ব্যক্তিয়ে ১ দিনত ১০ ML তকৈ যদি বেছি মদখায় তেতিয়া ১০ বছৰৰ ভিতৰত cirrhosis হব cirrhosis of the liver incurable disease । এবাৰ যদি লিভাৰ সৰ্ম্পূণৰুপে ডেমেজ হয় ১ বছৰৰ ভিতৰত ব্যক্তিজনৰ মৃত্যু হব পাৰে। 

হোমিঅপেথিক ঔষধঃ

হোমিঅপেথিক ঔষধৰ দ্বাৰা অতিসহজে মদখোৱাৰ বদ অভ্যাস নোহোৱা কৰিব পৰা যায়। মদ্যপ্ৰাণৰ বদ আভ্যায এৰোৱাবৰ বাবে তলত কাইতামান হোমিঅপেথিক ঔষধৰ নাম উল্লেখ কৰা হল। ব্যৱহাৰৰ ক্ষেত্ৰত অভিজ্ঞ হোমিঅ চিকিতসকৰ কাষ চাপিবলৈ পৰামৰ্শ অগবঢ়ালো।

1. Caladium 200 / 2 টোপালকৈ ২ বাৰ লব পাৰে।
2. Acid SulphQ / 10 টোপালকৈ ২ বাৰ লব পাৰে।
3. Avena setQ / 20 টোপালকৈ ৪ বাৰ লব পাৰে।
4. Daphne indQ / 20টোপালকৈ ৩ বাৰ লব পাৰে।(বিড়ি-চিগাৰেট খোৱাৰ আভ্যাস থাকিলে এই দৰবে খুব ভাল কাম কৰে।)



5. Passiflora inc Q / Nux VomQ / KurchiQ / Argentum Nit / Arum Mur আদি দৰব সমূহ দ্বাৰা অতিসহজে মদখোৱাৰ বদ অভ্যাস নোহোৱা কৰিব পৰা যায়।

Wednesday, September 5, 2018

Cancer || ভাৰত আৰু চিনত পৃথিৱীৰ আধাতকৈও বেছি কেন্সাৰ ৰোগীয়ে বাস কৰেঃ

ভাৰত আৰু চিনত পৃথিৱীৰ আধাতকৈও বেছি কেন্সাৰ ৰোগীয়ে বাস কৰেঃ


cencerভাৰতৰ এটা বিখ্যাত নিউজ চেনেলতপ্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি ভাৰতত আতি দ্ৰুত গতিত বৃদ্ধি পাইছে কেন্সাৰ আক্ৰান্তৰ সংখ্যা। বৰ্তাম সময়ত পৃথীৱীৰ আধাতকৈও বেছি কেন্সৰ ৰোগীৰ বাসস্থান ভাৰত আৰ চিন।এচিয়া মহাদেশৰ এই দুই বৃহৎ উন্নয়নশীল দেশত এই দুৰাৰোগ্য ব্যাধিয়ে লক্ষ্য লক্ষ্য মানুহৰ জীৱন কাঢ়ি নিয়াৰ লগতে দেশৰ অৰ্থনৈতিক উন্নয়নটো বাধা প্ৰদান কৰিছে্। প্ৰতি বছৰে ভাৰতত ১০ লক্ষ্যাধিক মানুহ এই কেন্সাৰ বেমাৰত আক্ৰান্ত হয়। ২০৩৫ চনত এই সংখ্যা ১৭ লাখৰো অধিক হোৱাৰ সম্ভাৱনা আছে।

       এক সমীক্ষাত চিনত প্ৰতি ৫ জন মানুহৰ এজন কেন্সাৰ বেমাৰত মৰে বুলি কোৱা হৈছে। সমীক্ষা অনুযায়ী অত্যাধিক ধপাত সেৱন কৰা, ৰোগ নিৰ্নয়ত পলম হোৱা, অস্বাস্থকৰ পৰিবেশ, দেশৰ সাধৰণ শ্ৰেণীৰ মানুহৰ মজত উপযুক্ত স্বাস্থ্যসেৱাৰ অভাবেই ভাৰতত কেন্সাৰ বেমাৰৰ প্ৰকোপ বৃদ্ধি মূল কাৰণ বুলি গন্যকৰা হৈছে।

    আন্যহাতে সৰ্বসাধাৰণ মানুহৰ মাজত স্বাস্থ্য সম্প্ৰৰ্কীয় সজাগতাৰ অভাৱ আৰু পৰম্পৰাগত চিকিৎসা আৰু অন্ধবিশ্বাস, কূ-সংস্কাৰেও ভাৰতত এই ৰোগত মৃত্যুৰ সংখ্যা বঢ়াই তুলিছে। এই কেন্সাৰ ৰোগ প্ৰতিৰোধৰ বাবে ভাৰতত ব্যাপক সজাগতা অভিযানৰ প্ৰয়োজন আছে।

Tuesday, September 4, 2018

তেজৰ গ্ৰুপৰ বিষয়ে জানিব লগা কিছু কথা || Blood groups

তেজৰ গ্ৰুপৰ বিষয়ে জানিব লগা কিছু কথাঃ 
blood-grops

আমি প্ৰত্যোকেই তেজৰ গ্ৰুপৰ বিষয়ে কিছু কথা জনাতো অতি জৰুৰী। আজি এই লেখাটোৰ জৰীয়তে তেজৰ গ্ৰুপৰ অনুসাংগ্ৰিক কিছুকথা অৱগত কৰিম। যিবোৰ কথা জনাৰ পাছত আপোনি হয়তো কাৰোবাৰ বহুমূলীয়া জীৱন বচাবৰ বাবে সক্ষম হব।
প্ৰথমে আহো কোন গ্ৰুপৰ তেজ কিমান শতাংশ পোৱা যায়?

প্ৰতি ৩ জন ব্যক্তিৰ মাজত এজনত পোৱা যায় 0+ 

অৰ্থাৎ ৩৭.৪ শতাংশ। (আটাইতকৈ সহজ লভ্য এই 0+ গ্ৰুপ)।

প্ৰতি ৩ জন ব্যক্তিৰ মাজত এজনত পোৱা যায় A+ গড়ে ৩৫.৭ শতাংশ।

প্ৰতি ১২ জন ব্যক্তিৰ মাজৰ এজনত পোৱা যায় B+ গড়ে ৮.৫ শতাংশ৷

প্ৰতি ২৯ জনৰ মাজত এজনত পোৱা যায় AB+ গড়ে ৩.৪ শতাংশ।

প্ৰতি ১৫ জনৰ মাজত এজনত পোৱা যায় O- গড়ে ৬.৬ শতাংশ ।

প্ৰতি ১৬ জনৰ মাজত এজনত পোৱা যায় A- গড়ে ৬.৩ শতাংশ।

প্ৰতি ৬৭ জনৰ মাজত এজনত পোৱা যায় B- গড়ে ১.৫ শতাংশ।

প্ৰতি ১৬৭ জনৰ মাজত এজনত পোৱা যায় AB- গড়ে .৬ শতাংশ (অতি নগন্য অনুপাত)।


এতিয়া জানো আহক কোন গ্ৰুপৰ মানুহে কোন গ্ৰুপৰ মানুহক তেজ দিব পাৰে৷

তেজৰ - গ্ৰুপ

O-(ঔ নেগেটিভ)ৰ মানুহে O- পৰা তেজ লব পাৰে।

O+(ঔ পজিটিভ)ৰ মানুহে এ O+, O- পৰা তেজ লব পাৰে।

A-(এ নেগেটিভ) ৰ মানুহে A- আৰু O- পৰা তেজ লব পাৰে৷

A+(এ পজিটিভ)ৰ মানুহে A+, A-, O+, আৰু O- ৰ মানুহৰ পৰা তেজ লব পাৰে৷

B- (বি নেগেটিভ)ৰ মানুহে B- আৰু O- পৰা তেজ লব পাৰে৷

B+ (বি পজিটিভ)ৰ মানুহে B+, B-, O+, আৰু O- পৰা তেজ লব পাৰে৷

AB-(এ বি নেগেটিভ)ৰ মানুহে AB-, B-, A-, O- পৰা তেজ লব পাৰে৷

AB+(এ বি পজিটিভ)ৰ মানুহে AB+, AB-, B+, B-, A+, A-, O+, O- পৰা তেজ লব পাৰে৷ অথাৎ আটাইকেইটা গ্ৰুপৰ পৰাই লব পাৰে।

আপোনালোকে সহজ ভাবে এটা কথা মনত ৰাখিলেই হল-


O গ্ৰুপটো UNIVERSAL DONOR অথাৎ O ব্লাড গ্ৰুপৰ মানুহে সকলো ব্লাড গ্ৰুপৰ মানুহকে তেজ দিব পাৰিব।

তেজৰ - গ্ৰুপAB ব্লাড গ্ৰুপটো universal recipient অথাৎ AB ব্লাড গ্ৰুপৰ মানুবে সকলো ব্লাড গ্ৰুপৰ মানুবৰ পৰাই তেজ লব পাৰিব।

A ব্লাড গ্ৰুপৰ মানুহে A আৰু AB ব্লাড গ্ৰুপৰ মানুহক দিব পাৰিব।

B ব্লাড গ্ৰুপৰ মানুহে B আৰু AB ব্লাড গ্ৰুপৰ মানুহক তেজ দিব পাৰিব।



জনহিতাৰ্থে এই পষ্টটো চেয়াৰ কৰিবৰ বাবে অনুৰোধজনালো। আপোনাৰ এটা চেয়াৰে হয়টো বহুজনৰ জীৱন বছাব পাৰে। ধন্যবাদ।।





Sunday, September 2, 2018

থাইৰয়ড ৰোগ || thyroid home treatment.

থাইৰয়ড ৰোগ

বৰ্তমান সময়ত থাইৰয়েডৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি হ’ব ধৰিছে।পুৰুষেই হওঁক বা মহিলাই হওঁক সকলোৱে এই বেমাৰ
thyroid-treatment
ত ভূক্তভোগি হোৱা দেখিবলৈ পোৱা গৈছে। সৰ্ব্বসাধাৰনতে চাবলৈ গলে এই থাইৰয়েড বহুত ভয়ঙ্কৰ বেমাৰো নহয়। কিন্তু যদি ইয়াৰ চিকিৎস্যা সঠিক সময়ত কৰোৱা নহয় ই মানুহৰ মৃত্যু ঘটাব পাৰে। লগতে এই থাইৰয়েডৰ সমস্যাই আমাৰ শৰীৰ একেবাৰে কামনোহোৱা কৰি পেলোৱাৰ লগতে বিভিন্ন বেমাৰৰ ভাণ্ডাৰলৈ ৰোপান্তৰ কৰি পেলাব পাৰে। গতিকে এই এই লিখাটোত আজি আপোনালোকক অতি সহজভাৱে এই ঠাইৰয়েডৰ বিষয়ে অৱগত কৰিম। এই থাইৰয়ড কি? কেনেকৈ হয়? ইয়াৰ লক্ষণ আৰু ইয়াৰ  ঘৰুৱা চিকিৎস্যাৰ বিষয়েও উল্লেখ কৰা হৈছে। যাতে আপোনালোক সকলোৱে এই বেমাৰৰ পৰা বাছি থাকিব পাৰে। এই সমস্যা আমাৰ শৰীৰৰ ভিতৰতে উৎপন্ন হয়। বৰ্তমান যান্ত্ৰিকতাৰ যুগত মানুহে বিভিন্ন কামৰ মাজত নিজৰ যত্ন লবলৈ আহৰি নাপায়। অনিয়মীয়া খোৱা লোৱা পৰীৱৰ্তীত জীৱন শৈলীৰ বাবেই এই বেমাৰৰ উৎপত্তি হয়। সেইবাবে আজি কালি এই সমস্যা দ্ৰুত গতিত বাঢ়িব ধৰিছে। এই বেমাৰ সাধাৰণতে মহীলাসকলৰ বেছি হোৱা দেখা গৈছে। আজি কালি এই বেমাৰ সৰু ল’ৰা-ছোৱালীৰো হোৱা পৰিলক্ষিত হৈছে।

 থাইৰয়েড আচলতে কি? 

থাইৰয়েড আচলতে ৰোগ নহয়। আমাৰ দেহৰ এটা গ্ৰন্থিৰ নাম। যাৰ বাবে এই ৰোগ হয়। ডিঙিৰ স্বাস নলীৰ ওপৰত আৰু স্বৰ যন্ত্ৰৰ দুয়োফালে আৱৰি থকা গ্ৰন্থিটোকে থাইৰয়েড বুলি কোৱা হয়। এই থাইৰয়েড গ্ৰন্থিটো ত্ৰিভূজ আকাৰৰ। ইয়াৰ পৰা হোৱা বেমাৰকো থাইৰয়েড বুলি কোৱা হয়। এই থাইৰয়েড এনে ৰোগ যি সম্পূৰ্ণ হৰমনৰ উপৰত নিৰ্ভৰশীল। আমাৰ থাইৰয়েড গন্থীয়ে শৰীৰৰ পৰা আইয়ডিন শোষন কৰি ইয়াক তৈয়াৰ কৰে। আৰু এই থাইৰয়েড গন্থীৰ পৰা বিশেষ ভাৱে T3,T4 আৰু TSH উপন্ন হয়। যাৰ বাবে আমাৰ শৰীৰৰ মেটাবলিজিম সঠিক থাকে আৰু শৰীৰৰ কোষিকাসমূহ যাতে সঠিক ভাবে কাম কৰিব পাৰে তাৰ বাবে এই হৰমনে অত্যন্ত জৰুৰী হয়। যেতিয়া আমাৰ থাইৰয়েড গন্থীয়ে সঠিক ভাৱে কাম কৰিব নোৱাৰে আৰু আমাৰ শৰীৰৰত প্ৰয়োজন অনুযায়ী T3T4 আৰু TSH হৰমন যদি আৱশ্যক অনুযায়ী শৰীৰে যোগান নাপায় তেতিয়া থাইৰয়েডে বেমাৰ উৎপত্তি হয়। T3 T4 আৰু TSH হৰমনৰ সন্তুলন হীনতাৰ বাবেই শৰীৰত এই থাইৰয়েডে বেমাৰৰ উৎপত্তি হয়।

 থাইৰয়েড দুই ধৰনৰ হয়ঃ- 

থাইৰয়ড ৰোগ
hypothyroidism আৰু hyperthyroidism. যেতিয়া hypothyroidism হয় তেতিয়া আমাৰ থাইৰয়েড গন্থীয়ে সঠিক ভাৱে কাম কৰিব নোৱাৰে। কাৰ্য প্ৰণালী বাধা প্ৰাপ্ত হয়। আৰু প্ৰয়োজনীয় হৰমন T3 T4 উৎপন্ন কৰিব নোৱাৰা হয়। Hyperthyroidism ত থাইৰয়েড গন্থীয়ে দ্ৰুত গতিত কাৰ্য কৰিবলৈ ধৰে আৰু T3, T4 হৰমন অধিক মাত্ৰাত উৎপন্ন কৰিবলৈ লয় আৰু TSH ৰ মাত্ৰা কমি যায়।বেছি ভাগ লোকৰ hypothyroidism ৰ সমস্যা হয়। এই দুই ধৰনৰ সমস্যাতেই স্বাস্হ্য ব্যাপক ক্ষতি হয়।

থাইৰয়েডৰ লক্ষণঃ- 

আৰম্ভনিতে এই বেমাৰে কোনো ধৰনৰ লক্ষণ দেখা পোৱা নাযায়।যেতিয়া লাহে লাহে ৰোগী বিভান্ন ধৰনৰ সমস্যা আৰম্ভ হবলৈ ধৰে তেতিয়াহে এই বেমাৰৰ লক্ষণ প্ৰকাশ হয়। কিন্তু এই লক্ষণ সমূহ কিবা সৰু সৰু সমস্যা বুলি মানুহে অৱহেলা কৰি থাকে। যাৰ বাবে এই বেমাৰ বৃদ্ধি হবলৈ সুবিধা পায়। সাধাৰনতে এই বেমাৰৰ লেখত লবলগীয়া গুৰুত্ব পূৰ্ন লক্ষন নাথাকে। 

HYPOTHYROIDISM ৰলক্ষনঃ- 

হথাৎ উজন কমি যোৱা, এলাহ অনুভৱ কৰা, সহজতে ভাগৰুৱা অনুভৱ কৰা, কামত মন নবহা, ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যোৱা, ভৰি ফোলা, খোজ কঢ়াত অসুবিধা পোৱা, শৰীৰত অত্যাধিক ঠাণ্ডা লগা, মাংসপেক্ষী আৰু অস্হিসন্ধিত বিষ হোৱা। কুষ্ঠ কাঠিন্যহোৱা, মূখ আৰু চকু শুকাই যোৱা, মাহেকীয়া অনিয়মীয়াত হোৱা, চাল শুকাই যোৱা আৰু চুলি সৰিৱলৈ ধৰা, সদায় মানসিক চাপত থকা, হতাশাত ভূগা, সামান্য কথাতে উত্তেজিত হোৱা স্বৰ ৰোক্ষ আৰু হুতা হৈ যোৱা এই সমুহ হাইপ থাইৰয়েডিজিমৰ লক্ষণ হয়।

HYPERTHYROIDISIM:-

উজন হৰ্থা্ৎ কমি যোৱা, ভোক বৃদ্ধি হোৱা, অত্যাধিক ঘাম হোৱা, মাংস পেক্ষী কমযোৰ হৈ যোৱা, হাত ভৰি কপঁনি হোৱা, মানসিক চাপ আৰু হাৰ্টবিট বাঢ়ি যোৱা, টোপনি নহা আৰু বাকি সমূহ লক্ষণ দুইটাৰে একেই হয়। 

এই সমূহ হল থাইৰয়েডৰ লক্ষণ আৰু থাইৰয়েডৰ পৰা হোৱা সমস্যা। এই সমূহ লক্ষণ বা অসুবিধা আপোনাৰ যদি হয়, তেনেহলে আপোনি নিশ্চিত হব যে আপোনাৰ থাইৰয়েডৰ সমস্যা হৈছে।

এতিয়া আহো থাইৰয়েড হোৱা কাৰণ সমূহলৈঃ- সৰ্ব্বপ্ৰথমে খাদ্যত আয়ডিনৰ পৰিমান কম হোৱা বা অত্যাধিক হোৱা। অত্যাধিক মানসিক চাপত ভোগা, কিছুমান ঔষধৰ পাশ্বক্ৰীয়া বাবে, গৰ্ভাৱস্হাত শৰীৰত হৰমনৰ পৰিৱৰ্তনৰ হোৱা, চয়াবিন জাতীয় খাদ্য দব্য অধিক খোৱাৰ বাবে আৰু অধিক প্ৰদুষৰ বাবেও থাইৰয়েডৰ সমস্যা হব পাৰে।

এতিয়া আহো চিকিৎসালৈঃ-
মই আগতেই কৈছো এই বেমাৰ এক সাধাৰন বেমাৰ। আৰম্ভনিতে যদি আপোনি সময় মতে পুষ্টিকৰ খাদ্য খায়, নিয়মিত ব্যাম কৰে তেনেহলে এই বেমাৰ নিজেই ঠিক হৈ যায়। তথাপিওঁ এই থাইৰয়েড সহজে ভাল কৰিব বাবে আপোনা লোকে ঘৰুৱা কিছুমান উপায় কৰিব পাৰে। 

(১)ৰঙা পিয়াজঃ-অত্যন্ত ফলপসু। এটা ৰঙাপিয়াজ আধা কাটি ৰাতি শুবৰ সময়ত আপোনাৰ থাইৰয়েড গণ্ঠীৰ আশে পাশে মাচাজ কৰক আৰু নোধোৱাকৈ ৰাতি শুই যাওঁক। ইয়াৰ পৰা আপোনি যথেষ্ট উপকাৰ পাব।

(২)পুষ্টিৰ খাদ্যঃ- ঘৰুৱা ভাৱে তৈয়াৰ কৰা পুষ্টিকৰ খাদ্য খাওঁক। বাহিৰৰ হোটেলৰ খাদ্য আৰু আনহাইজেনিক খাদ্য নাখাব। কেঁছা ধনীয়া, কেঁছা হালধী দিয়া গাখীৰ খাওঁক, পিয়াজ, বিলাহী, জালুক, অশ্বগন্ধা, সেউজীয়া শাক-পাচলী,গাজৰ আদি পুষ্টিকৰ খাদ্য খাব লাগে। নিতৌ ২ গিলাছ জাতিলাওঁৰ ৰস অথবা ফল মূলৰ ৰস খাব লাগে। নাৰিকলৰ পানী খাব। থাইৰয়েডৰ সমস্যা সোন কালে ভাল হব।

(৩)পানীঃ-দিনত কমেও ৩ লিটাৰ পানী খাওঁক। পানী খালে শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ হৈ যায়।
থাইৰয়ড ৰোগ

(৪)ব্যায়ামঃ-নিতৌ পোৱা কোমল ৰদত নিয়মীত ব্যায়াম কৰক। চাব যাতে ব্যায়াম কৰা সময়ত শৰীৰৰ পৰা ঘাম বাহিৰ হয়। লগতে অনুলোম বিলোম প্ৰনায়াম আৰু আশন কৰক। তেতিয়া থাইৰয়েড সহজে নিয়ন্ত্ৰন হব। এই সমূহ ঘৰুৱা যতনৰ দ্বাৰা যদি আপোনাৰ থাইৰয়েডৰ সমস্যা আৰম্ভনি অৱস্থাত আছে তেনে হলে নিশ্চিত ভাবে সমস্যা সমাধান হব। যদি আপোনাৰ থাইৰয়েডৰ সমস্যা বহুত বাঢ়ি গল আৰু তাৰ বাবে আপোনি বহু সমস্যাত ভূগি আছে তেনেহলে আপোনি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰক।আৰু সঠিক চিকিৎসা কৰাওঁক। মেডিচিনৰ লগতে এই সমূহ ঘৰুৱা উপায় অৱলম্বন কৰক। তেতিয়া থাইৰয়েড সহজে নিয়ন্ত্ৰন হব। মনত ৰাখিব থাইৰয়েড হলে চাহ, কফি, সাগৰীয় মাছ, নিমখ, এলকহল,বনস্পতি ঘিঁ, ৰেডমিট আৰু অধিক আয়ডিন যুক্ত খাদ্য কেতিয়াও নাখাব। এই বোৰ পৰা থাইৰয়েড বৃদ্ধি হয়। 

ডা.হৰিকান্ত দাস।