Dr Haris Well future

Saturday, August 4, 2018

গৰ্ভাৱতী মহিলাই কিকি খাব আৰু কিকি নাখাব || FOOD DURING PREGNANCY

FOOD DURING PREGNANCY     এক সুস্থ সবল শিশু জন্ম দিয়াটো সকলো মাতৃৰে কামনা আৰু এই ইচ্ছা পূৰণ কৰিবৰ বাবেই প্ৰতি গৰাকী মাতৃয়ে পূষ্টিকৰ আহাৰ গ্ৰহন কৰাতো অতি জৰুৰী।গৰ্ভাৱস্থাত মাতৃয়ে খোৱা আহাৰৰ পৰাই গৰ্ভস্থ সন্তানৰ শাৰীৰিক আৰু মানষিক উৎকৰ্ষ সাধন হয়। গতিকে গৰ্ভাৱতী মহিলাই এনেকুৱা আহাৰ খাব লাগে যি গৰ্ভস্থ সন্তানক সম্পূৰ্ন পুষ্টি যোগান ধৰে।সৰ্বসাধাৰনতে এগৰাকী মহীলাক দৈনিক ২১ শ কেলৰী প্ৰয়োজন হয়। কিন্তু এগৰাকী গৰ্ভাৱতী মহীলাক আহাৰত ৩০০ কেলৰী অতিৰিক্ত প্ৰয়োজন হয়। অৰ্থাত এগৰাকী গৰ্ভাৱতী মহীলাই প্ৰতি দিনে ২৪ শ কেলৰিৰ খাদ্য খাব লাগে। গৰ্ভাৱস্থাত এগৰাকী মহীলাই আইৰন, ফলিক এছিড, ভিতামিন D যূক্ত আহাৰ উপযুক্ত পৰিমানে খাব লাগে। যিটো শিশুৰ বিকাশত সম্পূৰ্ণ সহায়ক হয়। আহক এতিয়া আমি জানো গৰ্ভাৱস্থাত মহিলাই কি কি খাদ্য খাব লাগে আৰু কিমান পৰিমানৰ লব লাগে।
FOOD DURING PREGNANCY#সৰ্ব প্ৰথম প্ৰটিনঃ-গৰ্ভাৱতী মহীলাই প্ৰতিদিন ৬০ৰ পৰা ৭০ গ্ৰাম প্ৰতিন যুক্ত খাদ্য খাব লাগে।গৰ্ভাৱতী মহীলাৰ গৰ্ভাশয়, স্তন আৰু গৰ্ভৰ বিকাশ আৰু বৃদ্বিৰ বাবে প্ৰটিনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । শেষৰ ৬ মাহত প্ৰায় ২০ কিল’গ্ৰাম প্ৰটিনৰ প্ৰয়োজন হয়। প্ৰটিন যুক্ত আহাৰ ভিতৰত গাখীৰ আাৰু গাখীৰৰ পৰা তৈয়াৰী খাদ্য, পনীৰ, পায়খ, কাজু বাদাম, দাইল, মাছ, মাংস, কণী আদি।

কেলছিয়ামঃ- গৰ্ভাৱতী মহীলাক দিনে ১৫ৰ পৰা ১৬ শ মিলি গ্ৰাম কেলছিয়াম প্ৰয়োজন।গৰ্ভৱতী মহীলা আৰু গৰ্ভস্থ সন্তানৰ সুস্থ আৰু মজবুত হাড়দিৰ বাবে কেলছিয়ামৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য। কেলছিয়াম যুক্ত আহাৰৰ ভিতৰত- গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী খাদ্য সামগ্ৰী মাখন, ছিজ, ক্ৰীম, দৈ, মেঠি, বিট, আঙুৰ, তৰমূজ আদি।
ফলিক এছিডঃ- গৰ্ভৱতী মহিলাক প্ৰথম তিনি মাহত প্ৰতিদিনে ৪ এম জি ফলিক এছিডৰ প্ৰয়োজন হয়। দৃতীয় আৰু তৃতীয় মাহৰ পৰা প্ৰতিদিনে ৬ এম জি ফলিক এছিডৰ প্ৰয়োজন হয়। পৰ্যাপ্ত পৰিমানে ফলিক এছিড ললে জন্মদোষ আৰু গৰ্ভপাত হোৱাৰ পৰা ৰক্ষা পাব পাৰি। লগতে গৰ্ভধাৰণৰ সময়ত হোৱা বমি –বমি ভাবৰ পৰাও ৰক্ষা পাব পাৰে । যেতিয়া এগৰাকী মহীলা গৰ্ভধাৰণৰ বাবে প্ৰস্তুত হয় তেতিয়াৰে পৰা ফলিক এছিড সেৱণ কৰিবলৈ আৰম্ভ কৰিব লাগে।
ফলিক এছিড যুক্ত আহাৰ হ’লঃ- দালি, ৰাজমাহ, পালেং, মটৰ, মাকৈ, ভেন্দি, চয়াবিন, কাবেলি বুট, স্তবেৰী, কল, কমলা, আপেল, ব্ৰেড আাদি। পালেং শাকৰ দৰে সেউজীয়া শাক পাঁচলি ফলিক এছিডৰ ভাল সমাবেশ। এক সমীক্ষাত দেখা গৈছে যিসকল মহীলাই গৰ্ভাৱস্থাৰ ৪ মাহৰ আগৰে পৰাই ফলিক এছিড নিৰ্দিষ্ট পৰিমানে গ্ৰহন কৰিছে তেনে মহীলাই জন্ম দিয়া শিশুৰ মানসিক বিকাশ হোৱা দেখা গৈছে।

FOOD DURING PREGNANCYপানীঃ- গৰ্ভৱতী মহীলাই শৰীৰৰ প্ৰয়োজনীয় পানীৰ চাহীদা পূৰণ কৰিবৰ বাবে প্ৰতিদিন কমচেকম ৩ লিটাৰ বা ১০ৰ পৰা ১২ গিলাছ পানী খোৱাটো অতি আৱশ্যক। গৰম দিনত ১২ৰৰ পৰা ১৪ গিলাচ খাব লাগে। এটা কথা সদায় মনত ৰাখিব বিশুদ্ধ পানীহে সেৱণ কৰিব। নহলে সন্তানৰ ক্ষতি হ’ব পাৰে। বাহিৰত খোৱাৰ সময়ত সদায় লগত বিশুদ্ধ খোৱা পানী লবলৈ নাপাহৰিব। বিশ্বাস যোগ্য বতলিং পানীহে প্ৰান কৰিব। পানীৰ প্ৰতিটো টোপাল আপোনাৰ গৰ্ভাৱস্থাক সুস্থ আৰু সুৰক্ষীত ৰখাৰ সহায়ক হয়।

ভিটামিনঃ- গৰ্ভাৱস্থাৰ সময়ত ভিটামিনৰ প্ৰয়োজনীয়তা বাঢ়ি যায়। খোৱা খাদ্য এনেকোৱা হ’ব লাগে যে অধিকৰ পৰা অধিক কেলৰী আৰু উচিত মাত্ৰাত প্ৰটিনৰ লগতে ভিটামিনৰো অভাব পূৰ কৰিব পাৰে। সেউজীয় শাক-পাঁচলি, গাখীৰ আদিৰ পৰা ভিটামিনৰ অভাব পূৰণ হয়।

আইঅডিনঃ-গৰ্ভাৱতী মহীলাক প্ৰতিদিনে ২০০ৰ পৰা ২২০ মাইক্ৰগ্ৰাম আইঅডিনৰ প্ৰয়োজন হয়। আইঅডিন শিশুৰ মস্তিস্কৰ বিকাশৰ বাবে খুবেই প্ৰয়োজন। আইঅডিনৰ অভাৱত শিশুৰ মানসিক ৰোগ, উজন বৃদ্ধি হোৱা আৰু মহিলাৰ গৰ্ভপাতৰ দৰে বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। গৰ্ভাৱতী মহীলাই ডাক্তৰৰ পৰামৰ্শ অনুসৰী থাইৰইড প্ৰফাইল পৰীক্ষা কৰিব লাগে। আইঅডিনৰ প্ৰাকৃতিক উপাদান বোৰ ডালিম, গাখীৰ, কণী, মাছ আদি। খাদ্যত আইঅডিন যুক্ত নিমখ প্ৰয়োগ আইঅডিনৰ অভাব পূৰণ কৰাৰ এটা ভাল উপায়।

জিংকঃ-গৰ্ভৱতী মহীলাৰ বাবে প্ৰতিদিনে ১৫ ৰ পৰা ২০ মিঃগ্ৰাম জিংক আৱস্যক হয়। ইয়াৰ অভাৱত ভোক নালাগে শাৰীৰিক বিকাশ বন্ধ হৈ যাব পাৰে। পৰ্যাপ্ত পৰিমানে শৰীৰত জিংকৰ মাত্ৰা পূৰণ কৰিবৰ বাবে সেউজীয়া শাক-পাঁচলি আৰু মাল্টি ভিটামিন পৰিপূৰক লব পাৰে। বহু মহীলাই গৰ্ভাৱস্থাত দোমোজাত পৰে নন’ভেজ খাব নে নাখাব ইত্যাদি। যদি আপোনাৰ নন’ভেজ খোৱাৰ বাবে কোনো সমস্যা নহয় তেনে আপোনাৰ লগতে গৰ্ভস্থ সন্তানৰ বাবেও উপকাৰী হ’ব। যদি আপোনাৰ শৰীৰত আইঅডিনৰ পৰিমান পৰ্যাপ্ত পৰিমানে থাকে তেনেহলে নন’ভেজৰ প্ৰয়োগ ১০-১২ সপ্তাহৰ পৰা কৰিব পাৰে। নন’ভেজৰ ভিতৰত মাছ খোৱাটোৱেই সকলোতকৈ সুবিধাজনক হ’ব। ননভেজ খাদ্যত OMEGA3 ফেটি এছিড পৰ্যাপ্ত পৰিমানে পোৱা যায়। আৰু ই গৰ্ভস্থ সন্তানৰ বাবে বহু উপকাৰী।

         গৰ্ভৱতী মহীলাই নিয়মিত পুষ্টিকৰ খাদ্য খাব লাগে। প্ৰতি ৪ ঘণ্টাৰ মূৰে মূৰে খাদ্য খাব লাগে। কিয়নো আপোনাৰ ভোক নালাগিলেও হয়টো গৰ্ভস্থ সন্তানৰ ভোক লাগিবও পাৰে। খোৱা খাদ্য কম পৰিমানে খাব লাগে। গাখীৰ পাগ নকৰা কৈ খাব নালাগে। মদ্যপান, ধূমপান একেবাৰে কৰিব নালাগে। চাহ, কফি যিমান পাৰে কমাই খাব। প্ৰতিদিন ২০০ মিঃগ্ৰাঃ ত কৈ বেছি কেফেইন লোৱা মহীলাৰ গৰ্ভপাত বা কম উজনৰ শিশু জন্ম হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। গৰ্ভাৱতী মহীলাই গৰম মছলা যুক্ত বস্তু খাব নালাগে। এনিমিয়াৰ পৰা ৰক্ষা পাবৰ ৱাবে বইল আঞ্জা, সেউজীয়া শাক-পাচলি, গুৰ, বইল মাংখ আদি খাব লাগে। পূৰ্ণগৰ্ভাৱস্থাত মহিলাৰ উজন ১০-১২ কেজি বৃদ্ধি হ’ব লাগে। গৰ্ভাৱস্থাত উপবাসে থাকিব নালাগে।
           গৰ্ভাৱতী মহীলাই ভেজিটেবল চুপ আৰু জুচ লব লাগে। ফাচফুডৰ দোকানত পোৱা যিকোনো খাদ্য যতদূৰ সম্ভৱ এৰাই চলিব লাগে। বেছি তেল যুক্তখাদ্য, বেছি টেঙা, বেছি জলা আৰু মছলা যুক্ত খাদ্য খাব নালাগে। ডাক্তৰৰ পৰামৰ্শ অনুসৰী ভিটামিন আৰু আইৰন টেবলেট নিয়মিত লব লাগে। গৰ্ভাৱস্থাত শিশুৰ মস্তিস্কৰ কোষিকা সমূহত অক্সিজেন যোগান ধৰাত সহায়ক হয়। গৰ্ভাৱস্থাৰ জটিলতা দূৰ কৰাৰ বাবে নাৰিকল খোৱাতো সহায়ক হব পাৰে। নাৰিকল খালে বহু ৰোগৰ পৰা ৰক্ষা পাব পাৰি। নাৰিকলৰ পানী গৰ্ভৱতী মহীলাৰ বাবে বহু লাভ দায়ক। মানুহৰ মাজত এটা ভূল ধাৰনা আছে যে গৰ্ভাৱতী মহীলাই নাৰিকলৰ পানী খাব নালাগে।


FOOD DURING PREGNANCYআহক আমি জানো গৰ্ভৱতী মহীলাই নাৰিকল কিয় খাব লাগে- গৰ্ভাৱস্থাত মহীলাই বহু সমস্যাৰ সন্মুখীন হ’ব লগা হয়। গতিকে নাৰিকল খালে মহীলাই হৰমণৰ সমস্যাৰ পৰা বাছি থাকিব পাৰে। নাৰিকল গৰ্ভৱতী মহীলাৰ বাবে বহু উপকাৰী হয়। কিয়নো নাৰিকল গৰ্ভৱতী মহীলা আৰু গৰ্ভস্থ সন্তানক পৰিপুষ্টি দিব পৰা উপাদানেৰে সমৃদ্ব। নাৰিকল কলেষ্টৰেল শূন্য হয়। লগতে নাৰিকল খালে H D C কলেষ্টৰেল সথিক মাত্ৰাত থকাৰ সহায়ক হয়। নাৰিকলৰ পানী গৰ্ভৱতী মহীলাৰ কলেষ্টৰেল নিয়ন্ত্ৰন কৰাত সহায় কৰে। গৰ্ভাৱস্থাত মহীলা দূৰ্বল আৰু ডি হাইড্ৰেচনৰ সমস্যাৰ সন্মূখীন হ’ব লগা হয় আৰু নাৰিকল খালে এই সমস্যা দূৰ হোৱাত সহায়ক হয়। যদি গৰ্ভাৱতী মহীলাই প্ৰাকৃতিক নিমখ খাব বিছাৰে তেতিয়া নাৰিকলত প্ৰাকৃতিক নিমখো থাকে। নাৰিকল সেৱনৰ দ্ধাৰা ইমোন’চিস্টেমক শক্তিশালি কৰিব পৰা যায় আৰু গৰ্ভাৱস্থাৰ সময়ত ইনফেক্সন, ফ্লু আদি সমস্যাৰ পৰা ৰক্ষা পাব পাৰি। সাধাৰণতে নাৰিকলত এন্টি বেক্টেৰিয়েল, এন্টি ফাঙ্গেল, আৰু এন্টি ফ্লু উপাদান পোৱা যায়। ই গৰ্ভাৱতী মহীলাক বিভিন্ন সমস্যাৰ পৰা সকাহ দিব পাৰে। গৰ্ভাৱস্থাৰ সময়ত পাচন তন্ত্ৰক শক্তিশালী কৰা আৰু পেতৰ সমস্যাৰ পৰা ৰক্ষা পাবৰ বাবে নাৰিকল খাব লাগে। ইয়াৰ উপৰিও নাৰিকল সেৱনৰ দ্বাৰা কোষ্ঠকাঠিন্য সমস্যাৰ পৰাও বাছিব পৰা যায়। সৰ্বসাধাৰনতে গৰ্ভাৱস্থাত বহু মহীলা UTI ৰ দ্বাৰা পীড়ীত হোৱা দেখা যায়। নাৰিকল সেৱনৰ দ্বাৰা এই সমস্যাৰ পৰা বাছিব পৰা যায়। নাৰিকলৰ পানী খালে প্ৰস্ৰাবৰ সমস্যাৰ পৰাউ মূক্ত হব পাৰি। গৰ্ভাৱস্থাৰ সময়ত বিভিন্ন ধৰনৰ ঔষধ সেৱন কৰিৰ বাবে হোৱা পাৰ্শ্বক্ৰিয়াৰ পৰাও নাৰিকলৰ পানী সেৱন কৰিলে ৰক্ষা পোৱা সম্ভব গৰ্ভাৱস্থাৰ সময়ত অতিৰিক্ত উজন কমাবৰ বাবেও নাৰিকল খোৱাতো অতি আৱশ্যক। যদি আপোনী গৰ্ভৱতী তেনে সঠিক পৰিমানে ভিটামিন যুক্ত খাদ্য গ্ৰহণ কৰক আৰু সুস্থ সৱল সন্তানৰ মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰক। 

Dr Harikanta Das
Homeopathic physician and physiotherapist. Maa Homeopathic & Physiotherapy rehabilitation centre. Gogamukh,Dhemaji ,Assam. Ph-9954340102





liver chronic disease || লিভাৰ চিৰচিচ কিয় হয়?

liver chronic disease || লিভাৰ চিৰচিচ কিয় হয়?

চিৰোচিচ বা লিভাৰ চিৰচিচ নামৰ ৰোগৰ কথা আমি বহুতেই জানো। কিন্তু জন্ডিচ বুলি কলে আমি যিমান বিচলিত
হওঁ, লিভাৰ চিৰচিচৰ কথাটোত আমি ঠিক সিমান নহওঁ। অথচ বিশ্বব্যাপী পঞ্চাশ মিলিয়ন লোক এই ৰোগত আক্রান্ত। এই ৰোগত লিভাৰ তথা যকৃতৰ শেষ পর্যায়ত দীর্ঘস্থায়ী প্রদাহৰ কাৰণে ইয়াৰ স্বাভাবিক কাঠামো স্থায়ীভাবে বিনষ্ট হয়। ফলত ইয়াৰ কার্যক্ষমতা লাহে লাহে কমি গৈ থাকে। এটা পর্যায়ত লিভাৰ দুর্বলতা জনিত জটিলতাত ৰোগী মৃত্যু মুখত পৰে। লিভাৰৰ নিস্ক্রিয়তা, লিভাৰ ক্যান্সাৰ আৰু লিভাৰ জনিত মৃত্যুৰ অন্যতম কাৰণ হল এই চিৰচিচ।
  চিৰচিচ শব্দটোৰ প্রথম ব্যাখ্যা আগবঢ়াই বিখ্যাত ফৰাচী বিজ্ঞানী ডাঃ ৰিনে লেনেকে (Rene Laennec) ১৮১৯ খ্রীষ্টাব্দত । শব্দটি আহিছে গ্রীক শব্দ কিৰাচৰ (Kirrhos) পৰা। যাৰ অর্থ হালধীৰ দৰে হালধীয়া ৰঙ, যিটো লিভাৰৰ দীর্ঘস্থায়ী প্রদাহৰ বাবে ৰোগীৰ শৰীৰত দেখা যায়। আমি জানু যে যকৃত বা লিভাৰ হল মানুহৰ শৰীৰৰ এটি অতি গুৰুত্বপূৰ্ণ অঙ্গ। পিত্ত নিঃসৰণৰ দ্বাৰা খাদ্য হজম হোৱাৰ পৰা আৰম্ভ কৰি শৰীৰৰ যাৱতীয় বিপাকীয় কার্যাৱলী লিভাৰৰ দ্বাৰা সম্পাদিত হয়। গতিকে লিভাৰৰ অসুস্থতাৰ ফলাফল ব্যাপক ও ভয়াবহ হয় । বিভিন্ন কাৰণত লিভাৰ চিৰচিচ হব পাৰে। কাৰণ যিয়েই হওঁক নূন্যতম ছয় মাহধৰি প্রদাহ নহলে লিভাৰৰ স্বাভাবিক গঠন পৰিৱর্তন নহয়। লিভাৰ চিৰচিচ হবলৈ কমপক্ষেও ৪-১০ বছৰ সময় লাগে। ভাৰতত চিৰচিচৰ প্রধান কাৰণ শৰীৰত হেপাটাইটিচ ‘বি’ ভাইৰাচৰ সংক্রমণ।
ইয়াৰ ওপৰিও অন্যান্য কাৰণ সমূহ হল :-
o হেপাটাইটিচ ‘চি’ ভাইৰাচ সংক্রমণ।
o লিভাৰত অতিৰিক্ত চর্বি।
o অতিৰিক্ত মদ্যপান।
o ইমিউনলজিক্যেল ৰোগ: অটোইমিউন লিভাৰ ডিজিজ।
o প্রাইমাৰী বিলিয়াৰী চিৰচিচ।
o জেনেটিক বা বংশানুক্রমিক ৰোগ, যেনে: হেমোক্রমাটোচিচ, উইলচন্স ডিজিজ।
o কিছুমান অজ্ঞাত কাৰণটো লিভাৰ চিৰচিচ হব পাৰে।

           ৰোগী যদি নূন্যতম ছয় মাহ বা তাতকৈ বেচিদিন এই কাৰক সমূহত আক্রান্ত হৈ থাকে তেনে হলে লিভাৰত দীর্ঘ ম্যায়াদী প্রদাহৰ সৃষ্টি হৈ চিৰচিচলৈ ৰুপান্তৰিত হয়। এই ৰোগৰ আৰম্ভনিতে কোন ধৰণৰ উপসর্গ নাথাকে বুলিয়েই কব পাৰি। কিন্তু লাহে লাহে ৰোগী শাৰীৰিক দুর্বলতা, ভোক নলগা, পেট ফোঁলা, হজমৰ বিসংগতি এনে বোৰ নানা ধৰণৰ সমস্যা বাবে চিকিৎসকৰ কাষ চাপে। আটাইতকৈ ভয়াৱহ কথাটো হল বেমাৰটো অতি বৃদ্ধি নোহোৱা পৰ্যন্ত আক্ৰান্ত ৰোগী কোনো শাৰীৰিক সমস্যা বা ৰোগৰ কোন লক্ষণ দেখা নাযায়।
লিভাৰ চিৰচিচক মূলত দুই ভাগত ভাগ কৰা হয়ঃ

প্রথম- Compensated Cirrhosis. 

   এই ৰোগীৰ চিৰচিচ অৱস্থাত স্বাভাবিক মানুহৰ দৰেই সাধাৰণ সমস্যা অথবা তেজবমি বা পায়খানা কোলা হোৱাৰ সমস্যাৰ বাবে চিকিৎসকৰ উচৰলৈ আহে । নিয়মিত শাৰীৰিক স্বাস্থ্য পৰীক্ষাত ইয়াৰ অধিকাংশৰেই চিৰচিচ ধৰা পৰে।
দ্ব্বিতীয়ত- Decompensated Cirrhosis. 
কোনো কোনো ৰোগী শৰীৰত পানী জমা অবস্থাত, জন্ডিচৰ বাবে বা অজ্ঞাত কাৰণত চিকিতৎসকৰ শৰণাপন্ন হয়।
চিৰচিচ আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ লক্ষণীয় দিশ সমূহঃ-

o ৰোগ নির্ণয় (Diagnosis)
o ৰোগৰ কাৰণ নির্ণয় (Aetiology)
o ৰোগৰ বাবে সৃষ্ট জটিলতা নির্ণয় (Complication)
o ৰোগীৰ বর্তমান অবস্থা (Present Status)|
এই চাৰিটা বিষয়ৰ বাবে ৰোগীক বিভিন্ন পৰাক্ষা নিৰীক্ষা কৰাৰ প্ৰয়োজন। মূল চিকিৎসা এই দিশ সমূহৰ প্ৰতি লক্ষ্যৰাসি কৰা হয়। 

লিভাৰ চিৰচিচৰ পৰৱৰ্তী জটিলতা কিছু লক্ষণ এনে ধৰণৰ- 

ডিঙীৰ ৰক্তনলী টান হৈ যোৱা আৰু ৰক্তক্ষৰণ, বাৰে বাৰে অজ্ঞান হৈ পৰা, পেট ও শৰীৰত পানী জমা, জন্ডিচ, কিডনিৰ বিকলতা, প্রস্রাবৰ সমস্যা ইত্যাদি।
       ৰোগ প্রতিৰোধৰ বাবে অগ্রসৰ হোৱাৰ পূর্বে ৰোগ নির্ণয়েই হল এই ৰোগৰ পৰা বচাৰ একমাত্ৰ উপায়। যেহেতু হেপাটাইটিচ ‘বি’ ভাইৰাচ সংক্রমণেই এই ৰোগৰ প্রধান কাৰণ, সেহে হেপাটাইটিচ ‘বি’ ৰ সংক্রমনণ প্রতিৰোধ কৰা জৰুৰী। তাৰ বাবে হেপাটাইটিচ ‘বি’ ৰ চিতা লব লাগে, নিৰাপদ ৰক্ত গ্ৰহণ, ডিচপজেবল বেজি ব্যবহাৰ আৰু ব্লেড, ৰোজৰ, ব্রাচ, ক্ষুৰ আদি যেন বহুতে ব্যবহাত কৰিব নোৱাৰে তাৰ বাবে সাৱধান হব লাগে। ‘বি’ ভাইৰাচত আক্রান্ত মাহিলা গর্ভবতী হলে সন্তান জন্মদিয়াৰ লগে লগে দুই ধৰণৰ চিতা দিয়া বাঞ্চনীয়। ইয়াৰ উপৰি পৰিয়ালৰ কোনো এজন ব্যক্তি চিৰচিচত আক্ৰান্ত হলে বাকী সদস্যসকলেও সাৱধানতা অৱলম্বন কৰিব লাগে আৰু প্ৰযোজন অনুসৰি লিভাৰ ৰোগৰ বিশেষজ্ঞ সৈতে পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
উন্নয়নৰ লগে লগে দেশত যিমান নগৰ চহৰ গঢ়ি উঠিছে সিমানেই বৃদ্ধি পাব ধৰিছে উশৃংসল জীৱন যাপন আৰু মদ্যপানৰ সমস্যা, প্রক্রিয়াজাত খাদ্য গ্রহণ আৰু ফাস্ট ফুড কালচাৰৰ ফলত সৃষ্টি হৈছে অতিৰিক্ত মেদ। যাৰ বাবে লিভাৰত চর্বি জমাহোৱাৰ লগতে চিৰচিচৰ সম্ভাৱনাও বাঢ়িছে। গতিকে সৃংশলীত জীবন ও খাদ্যাভ্যাস, নৈতিকতা বিৰোধী কাম কাজ পৰিহাৰ, পৰিশ্রম ও ব্যায়াম আৰু ডায়বেটিচ নিয়ন্ত্রনৰ দ্বাৰা এই ৰোগৰ পৰা মুক্ত থাকা সম্ভব। আৰু যি এই ৰোগত আক্রান্ত সি নিয়মিত লিভাৰ ৰোগ বিশেষজ্ঞেৰ পৰামর্শ গ্ৰহন, পৰীক্ষা নিৰীক্ষা ও আজীবন চিকিৎসা গ্রহণৰ দ্বাৰা ইয়াৰ পৰা সৃষ্ট জটিলতা সমূহৰ পৰা নিজকে মুক্ত ৰাখিব পাৰে।
মনত ৰাখিব সুশৃঙ্খল জীবন যাপন আৰু নিয়মিত খাদ্যাভাসেহে আপোনাক সুস্থ সৱল আৰু দীৰ্ঘ জীৱী কৰি ৰাখিব। 

Friday, August 3, 2018

কিডনিত পাথৰ হলে কি খাব আৰু কি নাখাবঃ

কিডনিত পাথৰ হলে কি খাব আৰু কি নাখাবঃ

সাধাৰণতে কিডনিত পাথৰ হোৱা লোকসকলে কি খাব আৰু কি নাখাব তাকলৈ দুমোজাত পৰা দেখা যায়। তলত কিডনিত পাথৰ হোৱা ৰোগীসকলৰ বাবে কি খাব আৰু কি নাখাব তাৰে থুল মূল আভাষ দিয়া হ'ল- 

#নাখাবঃ 

অত্যধিক প্ৰটিনযুক্ত খাদ্য, শীতল পানীয়, অত্যধিক পিউৰিন যুক্ত খাদ্য যেনে - মাংস, মছলাযুক্ত খাদ্য, ফাষ্টফুড, পেকেটত ৰখা খাদ্য, ফুলকবি, ব্ৰুকলি, বেঙেনা, বীন, ভেণ্ডি, কেপ্সিকাম, বিলাহী, তিয়ঁহ, পালেং, ক'লা আঙুৰ, আমলখি, কিৱি ফল, ষ্ট্ৰবেৰি, ময়দা আৰু ময়দাৰ দ্বাৰা বনোৱা খাদ্য, অ'টচ্,অত্যধিক মিঠাবস্তু, কফি, কাজু বাদাম, চকলেট, আফিং, ৰাজমাহ, মাছৰূম, মটৰমাহ, কেলছিয়ামৰ পৰিপূৰক, অত্যধিক নিমখীয়া খাদ্য, কিছুমান সাগৰীয় মাছ ইত্যাদি।




#খাবঃ

মূগদাইল, মাটি মাহ, নাৰিকল আৰু নাৰিকলৰ পানী, এলোভেৰাৰ ৰস, নেমুৰ ৰস বা চাইট্ৰাচযুক্ত ফল যেনে- কমলা, মৌচুমী ইত্যাদি , মাকৈ ফলৰ ওপৰৰ ফালে থকা চুলিৰ নিচিনা অংশ, আনাৰস, দৈ, দৈৰঘোল, অমিতা, নহৰু, পাষাণভেদ বা পাতেগজা পাতৰ ৰস, গাজৰ, তিতা কেৰেলা, আলু, মূলা, ৰঙালাও, কল, নেমু, এপ্ৰিকট, আহোম বগৰী, আপেল, আলমণ্ড, বাৰ্লি, চিৰা, ইত্যাদি । কিডনিত পাথৰ হোৱা ৰোগীয়ে দৈনিক অপৰ্যপ্ত পানী প্ৰাণ কৰিব লাগে। ৰাতিপুৱা খালি পেটত নেমুৰ চৰবত আৰু দৈনিক এটাকৈ কল খোৱা ভাল।