

কেলছিয়ামঃ- গৰ্ভাৱতী মহীলাক দিনে ১৫ৰ পৰা ১৬ শ মিলি গ্ৰাম কেলছিয়াম প্ৰয়োজন।গৰ্ভৱতী মহীলা আৰু গৰ্ভস্থ সন্তানৰ সুস্থ আৰু মজবুত হাড়দিৰ বাবে কেলছিয়ামৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য। কেলছিয়াম যুক্ত আহাৰৰ ভিতৰত- গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী খাদ্য সামগ্ৰী মাখন, ছিজ, ক্ৰীম, দৈ, মেঠি, বিট, আঙুৰ, তৰমূজ আদি।
ফলিক এছিডঃ- গৰ্ভৱতী মহিলাক প্ৰথম তিনি মাহত প্ৰতিদিনে ৪ এম জি ফলিক এছিডৰ প্ৰয়োজন হয়। দৃতীয় আৰু তৃতীয় মাহৰ পৰা প্ৰতিদিনে ৬ এম জি ফলিক এছিডৰ প্ৰয়োজন হয়। পৰ্যাপ্ত পৰিমানে ফলিক এছিড ললে জন্মদোষ আৰু গৰ্ভপাত হোৱাৰ পৰা ৰক্ষা পাব পাৰি। লগতে গৰ্ভধাৰণৰ সময়ত হোৱা বমি –বমি ভাবৰ পৰাও ৰক্ষা পাব পাৰে । যেতিয়া এগৰাকী মহীলা গৰ্ভধাৰণৰ বাবে প্ৰস্তুত হয় তেতিয়াৰে পৰা ফলিক এছিড সেৱণ কৰিবলৈ আৰম্ভ কৰিব লাগে।
ফলিক এছিড যুক্ত আহাৰ হ’লঃ- দালি, ৰাজমাহ, পালেং, মটৰ, মাকৈ, ভেন্দি, চয়াবিন, কাবেলি বুট, স্তবেৰী, কল, কমলা, আপেল, ব্ৰেড আাদি। পালেং শাকৰ দৰে সেউজীয়া শাক পাঁচলি ফলিক এছিডৰ ভাল সমাবেশ। এক সমীক্ষাত দেখা গৈছে যিসকল মহীলাই গৰ্ভাৱস্থাৰ ৪ মাহৰ আগৰে পৰাই ফলিক এছিড নিৰ্দিষ্ট পৰিমানে গ্ৰহন কৰিছে তেনে মহীলাই জন্ম দিয়া শিশুৰ মানসিক বিকাশ হোৱা দেখা গৈছে।
ভিটামিনঃ- গৰ্ভাৱস্থাৰ সময়ত ভিটামিনৰ প্ৰয়োজনীয়তা বাঢ়ি যায়। খোৱা খাদ্য এনেকোৱা হ’ব লাগে যে অধিকৰ পৰা অধিক কেলৰী আৰু উচিত মাত্ৰাত প্ৰটিনৰ লগতে ভিটামিনৰো অভাব পূৰ কৰিব পাৰে। সেউজীয় শাক-পাঁচলি, গাখীৰ আদিৰ পৰা ভিটামিনৰ অভাব পূৰণ হয়।
আইঅডিনঃ-গৰ্ভাৱতী মহীলাক প্ৰতিদিনে ২০০ৰ পৰা ২২০ মাইক্ৰগ্ৰাম আইঅডিনৰ প্ৰয়োজন হয়। আইঅডিন শিশুৰ মস্তিস্কৰ বিকাশৰ বাবে খুবেই প্ৰয়োজন। আইঅডিনৰ অভাৱত শিশুৰ মানসিক ৰোগ, উজন বৃদ্ধি হোৱা আৰু মহিলাৰ গৰ্ভপাতৰ দৰে বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। গৰ্ভাৱতী মহীলাই ডাক্তৰৰ পৰামৰ্শ অনুসৰী থাইৰইড প্ৰফাইল পৰীক্ষা কৰিব লাগে। আইঅডিনৰ প্ৰাকৃতিক উপাদান বোৰ ডালিম, গাখীৰ, কণী, মাছ আদি। খাদ্যত আইঅডিন যুক্ত নিমখ প্ৰয়োগ আইঅডিনৰ অভাব পূৰণ কৰাৰ এটা ভাল উপায়।
জিংকঃ-গৰ্ভৱতী মহীলাৰ বাবে প্ৰতিদিনে ১৫ ৰ পৰা ২০ মিঃগ্ৰাম জিংক আৱস্যক হয়। ইয়াৰ অভাৱত ভোক নালাগে শাৰীৰিক বিকাশ বন্ধ হৈ যাব পাৰে। পৰ্যাপ্ত পৰিমানে শৰীৰত জিংকৰ মাত্ৰা পূৰণ কৰিবৰ বাবে সেউজীয়া শাক-পাঁচলি আৰু মাল্টি ভিটামিন পৰিপূৰক লব পাৰে। বহু মহীলাই গৰ্ভাৱস্থাত দোমোজাত পৰে নন’ভেজ খাব নে নাখাব ইত্যাদি। যদি আপোনাৰ নন’ভেজ খোৱাৰ বাবে কোনো সমস্যা নহয় তেনে আপোনাৰ লগতে গৰ্ভস্থ সন্তানৰ বাবেও উপকাৰী হ’ব। যদি আপোনাৰ শৰীৰত আইঅডিনৰ পৰিমান পৰ্যাপ্ত পৰিমানে থাকে তেনেহলে নন’ভেজৰ প্ৰয়োগ ১০-১২ সপ্তাহৰ পৰা কৰিব পাৰে। নন’ভেজৰ ভিতৰত মাছ খোৱাটোৱেই সকলোতকৈ সুবিধাজনক হ’ব। ননভেজ খাদ্যত OMEGA3 ফেটি এছিড পৰ্যাপ্ত পৰিমানে পোৱা যায়। আৰু ই গৰ্ভস্থ সন্তানৰ বাবে বহু উপকাৰী।
গৰ্ভৱতী মহীলাই নিয়মিত পুষ্টিকৰ খাদ্য খাব লাগে। প্ৰতি ৪ ঘণ্টাৰ মূৰে মূৰে খাদ্য খাব লাগে। কিয়নো আপোনাৰ ভোক নালাগিলেও হয়টো গৰ্ভস্থ সন্তানৰ ভোক লাগিবও পাৰে। খোৱা খাদ্য কম পৰিমানে খাব লাগে। গাখীৰ পাগ নকৰা কৈ খাব নালাগে। মদ্যপান, ধূমপান একেবাৰে কৰিব নালাগে। চাহ, কফি যিমান পাৰে কমাই খাব। প্ৰতিদিন ২০০ মিঃগ্ৰাঃ ত কৈ বেছি কেফেইন লোৱা মহীলাৰ গৰ্ভপাত বা কম উজনৰ শিশু জন্ম হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। গৰ্ভাৱতী মহীলাই গৰম মছলা যুক্ত বস্তু খাব নালাগে। এনিমিয়াৰ পৰা ৰক্ষা পাবৰ ৱাবে বইল আঞ্জা, সেউজীয়া শাক-পাচলি, গুৰ, বইল মাংখ আদি খাব লাগে। পূৰ্ণগৰ্ভাৱস্থাত মহিলাৰ উজন ১০-১২ কেজি বৃদ্ধি হ’ব লাগে। গৰ্ভাৱস্থাত উপবাসে থাকিব নালাগে।
গৰ্ভাৱতী মহীলাই ভেজিটেবল চুপ আৰু জুচ লব লাগে। ফাচফুডৰ দোকানত পোৱা যিকোনো খাদ্য যতদূৰ সম্ভৱ এৰাই চলিব লাগে। বেছি তেল যুক্তখাদ্য, বেছি টেঙা, বেছি জলা আৰু মছলা যুক্ত খাদ্য খাব নালাগে। ডাক্তৰৰ পৰামৰ্শ অনুসৰী ভিটামিন আৰু আইৰন টেবলেট নিয়মিত লব লাগে। গৰ্ভাৱস্থাত শিশুৰ মস্তিস্কৰ কোষিকা সমূহত অক্সিজেন যোগান ধৰাত সহায়ক হয়। গৰ্ভাৱস্থাৰ জটিলতা দূৰ কৰাৰ বাবে নাৰিকল খোৱাতো সহায়ক হব পাৰে। নাৰিকল খালে বহু ৰোগৰ পৰা ৰক্ষা পাব পাৰি। নাৰিকলৰ পানী গৰ্ভৱতী মহীলাৰ বাবে বহু লাভ দায়ক। মানুহৰ মাজত এটা ভূল ধাৰনা আছে যে গৰ্ভাৱতী মহীলাই নাৰিকলৰ পানী খাব নালাগে।

Dr Harikanta Das
Homeopathic physician and physiotherapist. Maa Homeopathic & Physiotherapy rehabilitation centre. Gogamukh,Dhemaji ,Assam. Ph-9954340102
No comments:
Post a Comment
Thanks