চাইনোচাইটিছঃ
চাইনোচাইটিছ কি? কিয় হয়? কিয় ঘনাই ঘনাই চৰ্দি হয়, হাঁচি হয়, মূৰৰ বিষ হয়? অলপ ধুলিমাকতি
থকা থাইত গলেই কিয় মাথাৰ বিষ হয়? চৰ্দি, কাহ, হাচি আদি হৈ অৱস্থা কাহিল হয় আদি সকলো বিষয় আজি আমি আলোচনাকৰিম। লগতে কম এই চাইনোচাইটিছৰ পৰা কেনে ধৰণৰ বিপদ হব পাৰে আৰু এই ৰোগৰ পৰা কেনেকৈ বাছি থাকিব পাৰিব তাৰ বিষয়েও আমি আলোচলা কৰিম।
চাইনোচাইটিছ |
আমাৰ মুখমণ্ডলৰ হাড়বিলাকৰ মাজত কিছুমান সৰু সৰু গাঁতৰ দৰে ফুটা থাকে এইবোৰক চাইনাচ বুলি কোৱা হয়। আমাৰ মাথাৰ দুই অংশত চাইনাছ আছে। ইয়াক ফন্টেল চাইনাছ বুলি কোৱা হয়। মুখৰ উপৰৰ অংশৰ দুই ফালে মেকজিলাৰি চাইনাচ, চকুৰ দুই ফালে দুই অংশত ইথমইড চাইনাচ থাকে। এইবোৰ আমাৰ নাকৰ ফোটাৰ লগত সংযোজিত হৈ থাকে। এই ফুটাবোৰ বায়ুৰে পৰিপূৰ্ণ হৈ থাকে যাৰ বাবে আমাৰ ইমান ডাঙৰ লাউখোলাটো কঢ়িয়াই লৈ ফুৰাৰ পাছতো ঘধুৰ অনুভৱ নকৰো। লগতে যেতিয়া আমি নাকেৰে উশাহ লওঁ আমাৰ নাকৰ গহ্বৰৰ লগত সংলগ্ন এই মোনাবোৰ বা চাইনাছ বোৰে আমাৰ হাঁওফাওলৈ খোমোৱাৰ আগতেই বায়ুখিনিক আদ্ৰতা প্ৰদান কৰে। নাক গহ্বৰৰ বায়ুমোনা বা চাইনাছবোৰ আমি যেতিয়া অত্যাধিক ধূলিমাকতি থকা থাইত যাওঁ, বা যেতিয়া আত্যধিক দুষিত বায়ু গ্ৰহণ কৰো বা কেতিয়াবা বেক্টেৰিয়া, ভাইৰাচ, ভেকুৰ আদিব বাবে সংক্ৰমন ঘটি এই বোৰত প্ৰদাহৰ সৃস্টি হয় তেতিয়াই তাকে চাইনছাইটিছ হোৱা বুলি কোৱা হয়।
বৰ্তমান সময়ত এই চাইনোচাইটিছৰ প্ৰকোপ অতি দ্ৰুত গতিত বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। এক সমীক্ষা অনুসৰি ভাৰত বৰ্ষত প্ৰতি বছৰে ১০ মিলিয়ন লোক এই চাইনোছাইটিছ ৰোগত আক্ৰান্ত হয়।
এই চানোছাইটিছ মুখ্যত দুই প্ৰকাৰৰ হয়। একিউট বা নতুন আৰু ক্ৰনিক বা পোৰণা।
একিউট চাইনোচাইটিছঃ
চাৰি সপ্তাহতকৈ কম সময়ৰ বাবে হোৱা চাইনাচৰ সংক্ৰমনক একিউট চাইনোচাইটিছবুলি কোৱা হয়। এই সংক্ৰমন সাধাৰণতে বেক্টেৰিয়াৰ কাৰণে হয়।ক্ৰনিক বা পোৰণা চাইনোচাইটিছঃ
চাইনোচাইটিছ ঘনাই ঘনাই হৈ হৈ তিনি মাহ পৰ্যন্ত হৈ আছে বা তাতকৈ বেছি সময় ধৰি হৈ আছে এনে অৱস্থাটোক ক্ৰনিক চাইনোচাইটিছ ৱুলি কোৱা হয়। ইয়াৰ প্ৰধান কাৰণ সমূহ হল- বেক্টৰিয়া বা ফাংগাচ সংক্ৰমন, লগতে যদি এলাৰ্জিৰ সমস্যা থাকে-যাৰবাবে আপোনাৰ সঘনাই চৰ্দি হয়, নাক বৈ থাকে তেতিয়াও এই ক্ৰনিক চাইনোচাইটিছৰ সম্ভাৱনা বৃদ্ধি হয়। চিষ্টিক ফাইব্ৰচিচৰ কাৰণেও ক্ৰনিক চাইনোচাইটিছ সম্ভাৱনা বৃদ্ধি হয়। নাকৰ হাড় যদি বাকা হয় বা Deviated Nosal Septum , নাকৰ ভিতৰত হোৱা যিকোনো পৰিৱৰ্তন, নাকৰ ভিতৰত হোৱা গোটি বা Nasol polios ৰ বাবেও ক্ৰনিক চাইনোচাইটিছৰ সম্ভাৱনা বৃদ্ধি হয়। দাঁতৰ সংক্ৰমনৰ বাবেও চাইনোচাইটিছ হব পাৰে। অত্যাধিক মদ্যপাণ, ধূম্যপাণ, Immune power বা জীৱনী শক্তি দূৰ্বলৰ বাবেও চাইনোচাইটিছ হব পাৰে। এইচ আই ভি, যক্ষ্মা, ডায়বেটিছ, স্বাশ যন্তৰ সংক্ৰমন, কিছুমান নজল স্পে ব্যৱহাৰ কৰা, ফ্লৰিন যুক্ত পানীৰ সংস্পৰ্শলৈ অহা আদি কাৰণটো চাইনোচাইটিছ হব পাৰে।যদি আপোনি চাইনোচাইটিছত আক্ৰন্ত হৈ গল তেনে হলে কি হব? কেনে ধৰণৰ লক্ষণ প্ৰকাশ পাব?
বেছি সংখ্যক লোকৰেই চাইনোচাইটিছ আৰম্ভ হয় ছৰ্দিৰ পিছত। ছৰ্দি কাহ যেতিয়া ৮/১০ দিনলৈকে ভাল নহয় তেতিয়া একুইট চাইনোচাইটিছ হোৱাৰ সম্ভাৱনা প্ৰকট হয়। এই একুইট চাইনচাইটিছত যিটো আমাৰ ঘ্ৰাণ শক্তি sense of smell নোহোৱা হৈ যাব পাৰে অথবা নিশ্বাসত দূৰ্গন্ধ হব পাৰে। কাহ হয়, সৰ্ব্বসাধাৰণতে ৰাতিৰ ভাগত বেছি কাহ হব পাৰে আৰু ৰাতিপূৱাৰ লগে লগে কাহ কম হয়। লগতে যথেষ্ট ভগৰুৱা অনুভৱ হব পাৰে। মাথাৰ প্ৰচণ্ড বিষ আৰু জ্বৰ হব পাৰে। চকুৰ বিষ হব পাৰে, চকুৰ প্ৰচণ্ড বিষ আৰু ভিতৰৰ পৰা ৰচিৰে টানি থকাৰ দৰে বিষ হব পাৰে। নাক, গাল, কঁপাল আৰু দাঁততো তাব্ৰ বিষ হব পাৰে। নাকৰ পৰা পাতল ৰঙচুৱা, বগা, হালধীয়া পানী উলেৱাৰ লগতে ডিঙিত সংক্ৰমন হৈ সুৰ সুৰীয়া কাঁহ হব পাৰে।
ক্ৰনিক চাইনোচাইটিছটো এই সমূহ লক্ষণ দেখাপোৱা যায়। কিন্তু ইয়াৰ প্ৰধান বৈসিস্ট হল- এই লক্ষণ বোৰৰ কিছুসংখ্যক লক্ষণ ক্ৰনিক চাইনোচাইটিছত দেখিবলৈ পোৱা নাযায়। কিন্তু যি সমূহ লক্ষণ থাকে এই বোৰ ১২ সপ্তাহসৈকে থাকে।
এই চাইনচাইটিছৰ পৰা কেনে ধৰণৰ জটিলতা বা বিপদ আহিব পাৰে?
১. চকুৰ দৃস্টি শক্তি লোপ পাব পাৰে।
২. কানৰ সংক্ৰমন ঘটি স্ৰৱণ শক্তি হ্ৰাস পাব পাৰে।
৩.মুখমণ্ডলৰ হাড়ৰ ক্ষয় ৰোগ হব পাৰে যাক আমি ইংৰাজীত Osteomylitis বুলি কওঁ।
৪. মেনিনজাইটিছ হোৱাৰো সম্ভৱনা বৃদ্ধি হয়।
৫. অতি বৃদ্ধি অৱস্থাত সংজ্ঞাহীন, দৃস্টি হীন হৈ মৃত্যু পৰ্যন্ত হব পাৰে।
চাইনচাইটিছ হলে আপোনালোকে কেনে ধৰণৰ সাৱধানতা লবঃ
চাইনচাইটিছত ভুগিলে আপোনালোকে নিজেও কিছুমান নিয়ম মানি চলা অতি জৰুৰী।
১. ধূম্ৰ পাণ, মদ্য পান আদি কৰিব নালাগে।
২. থাণ্ডা লাগি চৰ্দ্দি জ্বৰ হলে চিকিতসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
৩. ধূলি ধোঁৱা প্ৰদূষণ যুক্ত থাইত পৰা পক্ষত যআব নালাগে। গলেওঁ মাক্স ব্যৱহাৰ কৰিব লাগে।
৪. কেতিয়াবা যদি দাঁতত ইনফেকচন হয় সোনকালে ডাক্টৰৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
৫. পৰ্যাপ্ত পৰিমানে পানী প্ৰাণ কৰিব লাগে।
৬. ৰাতি টোপনি ক্ষতি কৰিব নালাগে, শৃংখলিত জীৱন যাপন কৰিব লাগে।
৭. পৰ্যাপ্ত পৰিমানে ভিটামিন যুক্ত খাদ্য খাব লাগে, ফলমূল খাব লাগে।
৮. ফ্ৰিজৰ খাদ্য খাব নালাগে, চাহ, কফি আদি পৰাপক্ষত বৰ্যন কৰিব লাগে।
৯. আঁহ জাতীয় খাদ্য, সেউজীয়া শাক-পাচলি খাব লাগে।
১০. পৰিস্কাৰ পানীৰে গা ধূৱ লাগে।
এতিয়া আহো চিকিতসালৈঃ
চাইনচাইটিছৰ হোমিঅপেথিকত খুওব সুন্দৰ ফলপসু চিকিতসা আছে।
Acconite: মই আগতেই কৈছো যে চাইনোচাইটিছ প্ৰথম অৱস্থাত ধূলি মাকতি, পানীলগা জ্বৰৰ আদিৰ পৰাই উতপতি হয়। হৰ্থাত খুওব থাণ্ডা পৰিবেশত থাকি থাণ্ড লগাৰ বাবে যদি চৰ্দি জ্বৰ উতপন্ন হয় ২৪ ঘন্টাৰ ভিতৰতে এই মেডিচিনটো ৩০ ক্ষমতাৰ ২ ঘন্টাৰ মূৰে মূৰে ব্যৱহাৰ কৰিলে ৰোগ আগবাঢ়িব নোৱাৰে। যদি চৰ্দি কাহৰ লগতে মূৰত প্ৰচণ্ড বিষ থাকে তেনেহলে হোমিঅ পেথিক মেডিচিন Belladona 30 ক্ষমতাৰ ২ ঘন্টাৰ মূৰে মূৰে ব্যৱহাৰ কৰক। Belladona ই মূৰৰ বিশ নোহোৱা কৰি দিব।
Silesia: যদি চাইনোচাইটিছত সোঁফালে বিষ হয় তেনে হলে এই ঔষধে সুওব সুন্দৰ ফল দিয়ে। ৰোগী শীত কাতৰ হয়। ঠাণ্ডা পালেই ৰোগ বৃদ্ধি হয়। গতিকে ৰোগীয়ে সদায় গৰম কাপোৰেৰে শৰীৰটো আৱৰি ৰাখিব বিছাৰে। চাইনোচাইটিচত নাকৰ হাড়ৰ বিসংগতি থাকে, মূৰৰ বিষ হয়, নাকেৰে শ্লেমা বিহিৰ হয়, শ্লেমা খুওব ডাথ হয়। শ্লেমা ডাথ টুকুৰা টুকুৰ হয়, নাকত ঘাঁ হয়, তেজ উলাই আদি লক্ষণ থাকে। এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ Silesia চাইনাচাইটিছৰ এক অতি উতকৃষ্ট মেডিচিন। চাইনাচাইটিছৰ একেবাৰে যটিল অৱস্থাত এই দৰৱ খুওব উপযোগী।
Kalibichrom: এই ঔষধ হোমিঅ পেথিকৰ এক অতি উতকৃষ্ঠ natural medicen হয়। নাকৰ শ্লেমা যদি একেবাৰে আখালেতীয়া হয়, টানিলে উলাই আহিব নেখুজে, সূতাৰ দৰে দীঘল হৈ পৰে। লগতে ডিঙিৰো সংক্ৰমন হয় কফ উলায় আৰু কফ ৰচীৰ দৰে দীঘল হয়। এনেকুৱা লক্ষন প্ৰকাশ পালে এই kalibichrom ঔষধটো ব্যৱহাৰ কৰিব লাগে।চাইনোচাইছিছত এই ঔষধত চকুৰ উপৰত বিষ থাকে উশাহ নিশাহতো কষ্ট হয়।
Merc Sol: অত্যন্ত ফলপসু মেডিচিন। যেতিয়া চাইনচাইটিছত নাকৰ শ্লেমা হালধীয়া বা সেউজীয়া হয়, লগতে নাকত পোৰমি অনুভৱ হয় তেনে এই ঔষধে খুউব ভাল কাম কৰে। জেপেটীয়া আঠালেটীয়া শ্লেমাৰ বাবে নাকত ঘাঁ হয়। নাকৰ শ্লেমাৰ লগতে মূৰত প্ৰচণ্ড বিষ থাকে, ৰোগীয়ে শৰীৰত সঘনাই গৰম-ঠাণ্ডাৰ অনুভৱ কৰে। এই মেডিচিনৰ এক বিশেষ বৈশিষ্ট হল- ৰোগীৰ অনবৰত লেলাৱতি হয়। চাইনাচাইটিছৰ অন্যান্য লক্ষণৰ লগতে যদি এই লেলাৱতি ওলোৱাৰ সমস্যা থাকে তেনেহলে এই মেডিচিনে সুন্দৰ কাম কৰে।
Palsatilla: চাইনাচাইটিছৰ আন এক গুৰুত্বপূৰ্ণ ঔষধ। ইয়াৰ অন্যতম লক্ষণ হল সেউজীয়া ৰংঙৰ শ্লেমা নাকেৰে বাহিৰ হয়। শ্লেমা কোমল হয়, লক্ষণ বোৰ সদায় পৰিৱৰ্তন হৈ থাকে। কেতিয়াবা গৰম, কেতিয়াবা ঠাণ্ডা অনুভৱ হয়। চকুৰ উপৰত প্ৰচণ্ড বিষ থাকে, বিষ পৰিৱৰ্তনহৈ নাক মুখলৈ আহে।
Spigelia আৰু Bryonia: বাওঁ ফালৰ মাথাৰ সন্মুখ ভাগৰ চাইনাচত সংক্ৰমন ঘটিলে এই দুই হোমিঅপেথিক মেডিচিনে খুওব ভাল কাম কৰে। যেতিয়া চাইনাচাইটিছ ৰোগীয়ে বাওঁ চকুৰ উপৰত এচাৰি থকাৰ দৰে তীব্ৰ বীষ অনুভৱ কৰে তেনে লক্ষণত Spigelia ব্যৱহাৰ কৰিলে ৰোগ সোনকালে উপশম হয়। আৰু যেতিয়া বাওঁ ফালৰ চাইনচাইটিছত মাঠা ফাটি যোৱাৰ দৰে প্ৰচণ্ড বিয হয় আৰু চলা ফুৰা কৰিলে বিষ অতি বৃদ্ধি হয়, জিৰনি ললে যদি বিষৰ উপক্ষম হয় তেন্তে এই Bryonia মেডিচিন ব্যৱহাৰ কৰিলে ৰোগ সহজতে নিৰাময় হয়।
Sengunaria, Natrum Mur, Sabadilla, Hydrastis, Lycopodium, Sticta, Thuja, Lemnominu, TMVhi I am Dr Hari
No comments:
Post a Comment
Thanks