Learn about Health tips, Home remedies, Homeopathic treatment, know more about Anthropological research work.
Sunday, September 3, 2023
Saturday, August 19, 2023
Monday, July 10, 2023
ডায়বেটিছ নিয়ন্ত্ৰণ কৰাৰ উপায় জানো আহক
ডায়বেটিছ নিয়ন্ত্ৰণ কৰাৰ উপায় জানো
আহক-
ডায়বেটিছ এনে এক বেমাৰ যাক কেৱল
খাদ্যৰ জড়িয়তেও নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি। যদি কোনো ধৰণৰ জটিল সমস্যা নাথাকে। কিন্তু আজি কালি
বহু ৰোগীৰ মনত এনে এক ধাৰণা দিবলৈ চেষ্টা কৰা হয় যে, যদি নিয়ন্ত্ৰণ
কৰিব পৰা নায় বা খাদ্যৰ
নিয়ন্ত্ৰণ কৰাৰ পাছতো যদি ডায়বেটিছ নিয়ন্ত্ৰণ কৰিব পৰা নাই তেনে হ'লে ঔষধ খাব লাগিব আৰু লাহে লাহে ঔষধ
পৰিমাণ বাঢ়িব। আজি যদি আপোনি এটা টেবলেত খাইআছে তেনে হ'লে কিছুদিনৰ পাছত দুটাকৈ খাব লাগিব। টেবলেততো
যদি আপোনাৰ কাম নহয় বা চুগাৰ নিয়ন্ত্ৰণ নহয়, তেনে হ'লে ইনছুলিন ল'ব লাগিব। ইনছুলিনো ঠিক তেনেকৈ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিব লাগিব। আজি
যদি আপোনি ১ বাৰ লৈছে ঠিক তেনেকৈ কিছুদিনৰ পাছত দুবাৰ কৈ ল'ব লাগিব। একবাৰ যদি টেবলেট বা ইনছুলিন
লয় তেনে হ'লে
গোটেই জীৱন লৈ থাকিব লাগিব।
কিন্তু মই বহু ডায়বেটিচ ৰোগীৰ লগত কথা
পাতিছো দেখিছোঁ যে তেওঁলোকৰ জীৱন ধাৰণ প্ৰণালী ইমানেই বিসংগতিৰপূৰ্ণ যে এনেধৰণৰ
বিসংগতিপূৰ্ণ জীৱন শৈলীয়েই তেওঁলোকৰ ডায়বেটিচৰ মূল কাৰণ। যেতিয়া তেখেঁত সকলৰ এই
জীৱন শৈলী সংশোধন কৰিবৰ কাৰণে উপদেশ
দিয়া হ'ল,
খাদ্যৰ তালিকা নিয়ন্ত্ৰণৰ বাবে তালিকা প্ৰস্তুত কৰি দিয়া হ'ল, প্ৰায় সংখ্যক লোকৰে ডায়বেটিছ
নিয়ন্ত্ৰণ লৈ আহিল।
মোৰ ওচৰলৈ অহা ৩৫/৪০ বছৰৰ যিমান বিলাক
ব্যক্তি আহিছে ডায়বেটিচৰ বাবে টেবলেট ইনছুলিন লৈ থকা সকলোৰে হয়তো ইনছুলিন ২ বাৰৰ
পৰা এবাৰ ল'ব
লগা হৈছে। আৰু টেবলেট এৰি এতিয়া
কেৱল খাদ্য নিয়ন্ত্ৰণ আৰু জীৱন ধাৰণৰ প্ৰণালী সংশোধন কৰি সুস্থ জীৱন
কটাইছে। মাজতে যি কেইজন
ব্যক্তিৰ চুগাৰ পুনৰ বাঢ়িছে তেওঁলোকে স্বীকাৰ কৰিয়ে যে তেওঁলোকৰ ডায়বেটিচ ভাল হ'ল বুলি ভাবি খোজকঢ়া, ব্যায়াম,
প্ৰণায়াম, যোগ আদি কৰিবলৈ এৰি দিছে আৰু নিয়মীয়াকৈ মিঠাই খাবলৈ লৈছে। গতিকে মই
সকলোকে অনুৰোধ কৰিম যাতে এনেধৰণৰ ভুল কেতিয়াও নকৰে।
ডায়বেটিচৰ পৰা হাত সাৰি থাকিবলৈ
কেইটামান কৰণনীয় ইয়াতেই আপোনালোকক কম।
প্ৰথম কথা হ'ল যদি আপোনাৰ শৰীৰৰ ওজন বৃদ্ধি হৈছে
তেনে হলে আপোনি ওজন কমাব লাগিব। তাৰ কাৰনে আপোনি দৈনিক ব্যায়াম কৰক। আৰু লগতে ভাত
কমকৈ খাওঁক তাৰ পৰিবৰ্তে ফল-মূল চালাদ আদি যিমান পাৰে খাওঁক। ফলৰ ভিতৰত কল, আম আঙুৰ কমাই খাব। বাকী বোৰ ফলমূল যিমান খাব খুজে
খাওঁক। বহু ৰোগীক আমি দেখো আপেল, নাচপতি, মধুৰি আদি সকলো নাখায় চুগাৰ
বঢ়াৰ ভয়ত। কিন্তু চিন্তাৰ কাৰণ নাই
ফলমূল নিচিন্ত মনে খাওঁক।
মে়ডিটেচন কৰক, যোগা কৰক যদি নিজেই
কৰিবলৈ অসুবিধা পাই তেনে হলে আজিকালিতো সকলোতে যোগা চেন্টাৰ থাকে তাত যাওঁক সময় উলিয়াই। যোগা আৰু মেডিটেচনে ডায়বেটিচৰ
নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰে।
শাৰীৰিক ব্যায়াম জীৱনৰ এটা অবিচ্ছেদ্য
অংগ বুলি ভাবি লওঁক। দিনতোত অন্তত ৪০ মিনিট খোজ কাঢ়ক। দিনত যদি ৪০
মিনিট খোজকাঢ়ে, ডায়বেটিচ
সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ থাকিব। পাৰিলে খোজ কঢ়াৰ সময় সিনিত বেগাই
খোজকাঢ়িবলৈ যত্ন কৰিব ।
শাক-পাচলিবোৰ যিমান পাৰে বইল কৰি খাবলৈ
চেষ্টা কৰিব। ভেন্দি , জিকা, গাজৰ, চালগোম, ভাত কেৰেলা, তিতা কেৰেলা, তিতা ভেকুৰী, আদিবোৰ বইল কৰি যিমান খাব পাৰে খাওঁক।
চালাদ দৈনন্দিন খাদ্যৰ তালিকাত
অন্তৰ্ভূক্ত কৰিবই।
মেঠি শাক পোৱাৰ চিজনত মেঠি শাক, কবি, গাজৰ তিয়ঁহ, বিলাহী আদিবোৰ চালাদ
বনাই যিমান পাৰে খাব। ডায়বেটিচ একদম নিয়ন্ত্ৰণ কৰি ৰাখিব। লগতে পাচলিৰ চুপ খাব পাৰি।
এইবোৰত একদম কাবহাইড্ৰেট একেবাৰেই কম থাকে গতিকে চুগাৰ নিয়ন্ত্ৰণ সহায়ক হ'ব। কেৱল চালাদ ফলমূল চুপ আদি গ্ৰহন
কৰাৰ লগতে নিয়মিত ৪০/৫০ মিনিট খোজকাঢ়ে ডায়বেটিচৰ কোনো ঔষধৰ প্ৰয়োজন নাই। কৰি চাওঁক নিজেই
ফল পাব।
নিমখ কম খাব। নিমখ বেছি খালে কিডনীত
অত্যাধিক প্ৰেচাৰ পৰিব যাৰ বাবে ডায়বেটিচ নিয়ন্ত্ৰণত বাধা আহিব। চৰ্বীজাতীয় খাদ্য বা বেছি তেলত দিয়া
খাদ্য যিমান পাৰে কম খাব। নাখালে ভাল, কাৰন চৰ্বি যদি বেছি কৈ খাই ডায়বেটিচ
নিয়ন্ত্ৰণত অসুবিধা হয়। আৰু এটা কথা মনত ৰাখিব যিকোনো আবস্থাতেই মানসিক চাপ এৰাই
চলিব। মানসিক চাপে আপোনাৰ শাৰীৰত শকৰা পৰিমাণ বৃদ্ধি কৰি ডায়বেটিচৰ সমস্যা বৃদ্ধি
কৰিব। সেইয়ে সস্বাভাৱিক জীৱন যাপন কৰক। মেডিটেচন কৰক খোজ কাঢ়ক ব্যায়াম কৰক।
টোপনি
ক্ষতি নকৰিব। টোপনি ক্ষতি কৰাতো ডায়বেটিচৰ এটা কাৰণ। টোপনি ভাল হ'লে ডায়বেটিচৰ নিয়ন্ত্ৰণ কৰাৰ সহায়ক হয়।
গতিকে ৰাতি ১০ বজাৰ পৰা আপোনাৰ কাষৰ পৰা ম'বাইল ফোনতো আঁতৰাই ৰাখি তাৰ থাইত আপোনি
ভাল এখন কিতাপ তুলিলৈ পঢ়িবলৈ আৰম্ভ কৰক। টোপনি সহজতে আহি যাব।
যদি আপোনাৰ ডায়বেটিচ সমস্যা আছে তেনে
হ'লে
নিয়মীয়াকৈ তেজৰ পৰীক্ষা কৰি চাওঁক। খালীপেটত এবাৰ চাব, যদি ১০০ মিলিগ্ৰাম প্ৰতি
ডেচিলিটাৰত থাকে আৰু খাদ্য খোৱাৰ ডেৰ ঘন্টাৰ পিছত ১৪০ মিলিগ্ৰাম প্ৰতি ডেচিলিটাৰত
থাকে তেনে হ'লে
চিন্তাৰ কোনো কাৰন নাই। HBA¹C চাব (গ্লাইকচিলেট হিমগ্লবিন) ৬.৫ ভিতৰত
থাকিলে কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই।
যদি এই সকলোবোৰ কৰাৰ পাছতো ব্লাড চুগাৰ
নিয়ন্ত্ৰণ নাথাকে। তেনে হ'লে ঔষধ গ্ৰহণ কৰক। ব্লাড চুগাৰ নিয়ন্ত্ৰণ
কৰাতো অতি জৰুৰী দেই। কথাটো মনত ৰাখিব। যদি
চুগাৰ নিয়ন্ত্ৰণ নাথাকে। আমাৰ দেহত অতি গুৰুত্বপূৰ্ণ অংগ কিডনী, হাৰ্ট, লিভাৰ, চকু আদি ক্ষতি হব, দেহৰ ৰক্তবাহী নলীকা
আদিও বেয়া হ'ব
যাৰ ফলত জীৱন সংকটত পৰিব।
hi I am Dr Hari
-
Secondary Amenorrhoea:- Definition:-Secondary Amenorrhoea is the absence of menstruation for 6months or more in a woman in whom normal...
-
কঁকালৰ বিষ হলে কি কি হোমিঅ’পেথিক মেডিচিন খাব ? আমাৰ ৰাজহাড়দালক চাৰিটা ভাগত বিভক্ত কৰা হৈছে। প্ৰথম অংশটো CERVICAL, দ্বিতীয় অংশটো THORACIC, ত...
-
শীতকালিন শিশুৰ বিভিন্ন সমস্যাৰ হোমিঅপেথিক চিকিৎসাঃ ⇒ চৰ্দি ⇒ জ্বৰ ⇒ কাহ ⇒ নাকৰ পৰা পানী ওলোৱা ⇒ চকু ৰঙা পৰা সমস্য ⇒ হোমিঅপেথিক চিকিৎসা ...
-
আলচাৰৰ পৰা কেন্সাৰ হয় নেকি? ♦ আলচাৰৰ পৰা কেন্সাৰ হয় নেকি? ♦ কেনেকুৱা ধৰণক আলচাৰ কেন্সাৰলৈ পৰিৱৰ্তন হব পাৰে? ♦ আপোনাৰ যে পেটত ঘাঁ হৈছে আপোনি ...
-
অমৰ লতা, শগুণী লতা, অমৃতা বা গিলোয়ঃ অমৰ লতা কি কি শাৰীৰিক সমস্যাত ব্যৱহাৰ হয়? অমৰলতা ধাতুদূৰ্বল যৌন দূৰ্বলতা প্ৰেস্বাৱ জ্বলা প...
-
The Bogibil bridge to be the commission on November 2018. Bogibil bridge is a combined road and Rail bridge of Dhemaji District in Ass...
-
হাই প্ৰেচাৰ বা উচ্চৰক্ততাপত ভূগিলে কি খাবঃ উচ্চৰক্তচাপক নিৰব ঘাটক বুলি কোৱা হয়। কাৰণ দীৰ্ঘ সময় ধৰি কোনো ধৰণৰ লক্ষণ দেখা নিদিয়াকৈয়ে ই ...