Dr Haris Well future

Saturday, September 22, 2018

মানুহৰ দেহত থাইৰয়েডৰ পৰিমাণ কিমান থাকিব লাগে ? Normal thyroid levels, thyroid test T3, T4, TSH.

TFT কি? 

ই একপ্ৰকাৰৰ তেজৰ পৰীক্ষা হয়। যাক থাইৰয়েড গ্ৰন্থিৰ কাৰ্য ক্ষমতা চাবৰ বাবে কৰা হয়। ইয়াক থাইৰয়েড প্ৰফাইল
 Normal thyroid levels
বুলিও কোৱা হয়। ইয়াত T3,T4,TSH ৰ বিষয়ে আৰু ইয়াৰ সঠিক মাত্ৰাৰ বিষয়েও উল্লেখ কৰা হৈছে। থাইৰয়েড প্ৰফাইল বা থাইৰয়েড ফাংচন টেষ্ট-থাইৰয়েড গ্ৰন্থীয়ে নিজৰ কাম সঠিক ভাৱে কৰি আছেনে নাই চাবৰ বাবে কৰা হয়। এই পৰীক্ষাত TSH,T3,T4 ৰৰ অনুসন্ধান কৰা হয়। 

TSH
 এক প্ৰকাৰৰ হৰমন হয়, যি মগজুৰ পিটুৱেটৰি গ্ৰন্থিয়ে উৎপন্ন হয়। এই হৰমনে থাইৰয়েড গ্ৰন্থিৰ কাৰ্য প্ৰণালীক প্ৰভাৱিত কৰে। ইয়াৰ সম্পুৰ্ণ নাম থাইৰয়েড ষ্টিমুলেটিং হৰমন।

ইয়াৰ সঠিক পৰিমান 0.27-4.2 uIU/ML হ’ব লাগে।

T3 
ইয়াক ট্ৰাই আয়ডো থাইৰনিন আৰু ইয়াৰ নৰমেল ভেলু 0.8-2 Ng/ml.

T4 
ৰক কোৱা হয় থাইৰক্সিন হৰমন। ইয়াৰ নৰমেল ভেলু- 5.1-14.1 ug/dl. 

T3, T4 এই দুই বিধ হৰমন থাইৰয়েড গ্ৰন্থীৰ দ্বাৰা উপন্ন হয়। এই হৰমনে আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰক্ৰীয়াক নিয়ন্ত্ৰনত সহায় কৰে। যেনে পাচন ক্ৰীয়া বা মেটাবলিজিম, প্ৰটিনৰ উৎপাদন, দেহৰ শক্তি নিয়ন্ত্ৰন কৰা আৰু শৰীৰৰ বেলেগ হৰমনৰ উপৰতো এই হৰমনে প্ৰভাৱ বিস্তাৰ কৰে। এই হৰমনে আমাৰ হৃদপিণ্ড, লিভাৰ, কিডণি আদিকো প্ৰভাৱিত কৰে। আপোনালোকে বছৰত এবাৰ TFT নিশ্চিত ভাৱে কৰাওক। আৰু যদি ৰিপৰ্ট সঠিক নাহে তেনেহলে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰক।
DR HARIKANTA DAS

ভিডিঅটো চাবৰ বাবে তলৰ লিংকটোট ক্লিক কৰক
https://www.youtube.com/watch?v=6q160eLv_Z8

Thursday, September 20, 2018

নেপকিনৰ পৰা হ’ব পাৰে জৰায়ুৰ কে়ঞ্চাৰঃ-

ব্যৱহাৰ কৰোতে সতৰ্ক হোৱা উচিতঃ-

নেপকিনৰ_পৰা_হ’ব_পাৰে_জৰায়ুৰ_কে়ঞ্চাৰ
আধুনিক বিশ্বত কৰ্মব্যস্থতাৰ বাবে প্ৰতি গৰাকী নাৰীৰ জীৱনসংগী স্বৰুপ হৈ পৰিছে চেনিতেৰী নেপকিন। কিন্তু আপোনি জানেনে এইন চেনিতেৰি নেপকিন যে জৰায়ু কেঞ্চাৰৰ কাৰণ হব পাৰে?
বৰ্তমান বিশ্বত প্ৰায় ৭৫ শতাংশ মহীলাই মাহেকীয়া ঋতুস্ৰাবৰ সময়ত যৌনাংগত সজুৱতী, ৰাছেচ আৰু বিষৰ সমস্যাৰ সন্মূখীন হয়। ইয়াৰ বাবে জগৰীয়া আন এক উপাদান হ’ল মেহেকীয়াৰ সময়ত ব্যৱহাৰ কৰা চেনীতেৰি নেপকিন!আহকচোন আমি জানো- বৈজ্ঞানিক দৃষ্টিভংগীত এই চেনিতেৰী নেপকিননো কেনেকৈ তৈয়াৰ হয় আৰু ইয়াৰ কেনে ধৰনৰ ক্ষতিকাৰকৰ উপাদান থাকে? ইউ.এচ.এনভাইৰ’নমেন্ট প্ৰতেকচন এজেন্সিৰ এক গৱেষনাত প্ৰকাশ কৰা অনুসৰি –চেনিতেৰি নেপকিন তৈয়াৰ কৰিবলৈ ডাইঅক্সিন (Dioxin)নামৰ এক প্ৰকাৰৰ কেমিকেল ব্যৱহাৰ কৰা হয়। যি পোনপটীয়াকৈ কেন্সাৰৰ বাবে জগৰীয়া আৰু লগতে জৰায়ুৰ বিভিন্ন ধৰনৰ সংক্ৰমনৰ বাবেও জগৰীয়া হয়।
U.S. Environment Protection Agency ৰ ১৯৯৬ৰ এক গৱেষনাত দেখা গৈছিল যে প্ৰতিটো চেনিতেৰী নেপকিনতেই 400 ppt Dioxin থাকে। এই ডাইঅক্সিন সন্তান ধাৰন ক্ষমতা কমোৱাৰ লগতে না না ধৰনৰ ৰোগৰ বাবে দায়ী হয়। দীৰ্ঘ সময় ধৰি সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা চেনিতেৰী নেপকিনে মাহেকীয়াৰ স্ৰাৱত বাহিৰ হোৱা ৰক্তক জেলিত পৰিনত কৰি দিয়ে। আৰু ৫ ঘণ্টাৰ পাছত সেই সমূহত ফাংগাচ জমিবলৈ আৰম্ভ কৰি দিয়ে। আৰু চালৰ সংস্পৰ্শলৈ আ্হি চালত সংক্ৰমন হয়, খজুৱতী আৰু নানান ধৰনৰ সমস্যাই দেখা দিব পাৰে। পেডৰ তলত থকা প্লাষ্টিকৰ বাবে যেনেদৰে ৰক্ত বাহিৰ হ’ব নোৱাৰে ঠিক তেনেকৈ বায়ু চলা-চলতো বাধা প্ৰাপ্ত হয়। আৰু তেনে অৱস্থাত সহজে বেক্টেৰীয়া জমা হৈ ইয়াৰ পৰা সংক্ৰমন হ’ব পাৰে। প্ৰস্তুত প্ৰক্ৰিয়াত না না কেমিকেলেৰে ধুবলগা হয়। যাৰ ফলত পেডত থাকিযোৱা কেমিকেলে চালৰ ক্ষতি কৰিব পাৰে।

সাবধানতাঃ-

নেপকিন যিহেতু মহিলা সকলৰ জীৱনৰ এক অপৰীহাৰ্য অংগস্বৰুপ হৈ পৰিছে। গতিকে প্ৰতি গৰাকী মহিলাই এই নেপকিন ব্যৱহাৰ কৰে বা কৰিবই লাগিব। গতিকে কিছুমান সাবধানতা অৱলম্বন কৰিলে এই নেপকিনৰ পৰা হোৱা ভয়াবহ ক্ষতিৰ পৰা মহিলা সকলে নিজকে বছাই ৰাখিবলৈ সক্ষম হ’ব।
আপোনালোকে যি কোম্পেনিৰ নেপকিন ব্যৱহাৰ নকৰক কিয় প্ৰতি ৩ ঘন্টাৰ মূৰে মূৰে নেপকিন সললি কৰক। আজিকালি কিছুমান কোম্পেনিয়ে চিন্থেতিক নেপকিন প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰা দেখা গৈছে। এই বোৰৰ ব্যৱহাৰ বৰ্জন কৰি কপাঁহৰ পৰা তৈয়াৰী নেপকিন ব্যৱহাৰ কৰক।
ভিডিঅটো চাবৰ বাবে লিংটোত ক্লিক কৰক-

Sunday, September 16, 2018

নিমোনিয়া (pneumonia treatment)

নিমোনিয়া আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসা


নিমোনিয়া
নিমোনিয়া 
মানৱ দেহৰ বুকুৰ দুয়ো ফালে শ্বাস প্ৰশ্বাসৰ বাবে দুটা যন্ত্ৰ আছে। এই যন্ত্ৰ দুটাকে হাওঁফাওঁ বা শ্বাস যন্ত্ৰ বুলি কোৱা হয়। এই শ্বাস যন্ত্ৰ বা হাওঁফাওঁৰ মাজত শ্বস বায়ু থাকে। শ্বাস নলিৰ মাজেৰে এই বায়ু চলাচল কৰে। শ্বাসৰ যোগেদি বায়ু হাওঁফাওঁত প্ৰবেশ কৰে আৰু প্ৰশ্বাসৰত বাহিৰলৈ ওলাই যায়। শ্বাস-প্ৰশ্বাস হ’ল হাওঁফাওঁৰ প্ৰধান কাম। হাওঁফাওঁৰ মাজত ঠিক মৌচাক বা স্পঞ্জৰ দৰে অসংখ্য সৰু সৰু বায়ু মোনা আছে। ইয়াৰ মাজত বায়ু থাকে,ইয়াক ইংৰাজীত এয়াৰচেল বুলি কোৱা হয়। স্বাভাৱিক অৱস্থাত শ্বাস যন্ত্ৰ স্পঞ্জৰ দৰে কোমল হৈ থাকে,কিন্তু নিমোনিয়াত আক্ৰান্ত হলে শ্বাস যন্ত্ৰ টান বা স্ফীত হৈ পৰে।নিমোনিয়া শব্দটোৰ অৰ্থই হল শ্বাসযন্ত্ৰৰ প্ৰদাহ।আধুনিক চিকি
ৎসা বিজ্ঞানে শ্বাসযন্ত্ৰক আক্ৰান্ত কৰিব পৰা একাধিক জীৱানুৰ সন্ধান দিছে।

নিমোনিয়াৰ কাৰণঃ- 

বিভিন্ন ধৰণৰ জীৱানুৱে হাওঁফাওঁৰ বায়ুকোষ সমূহক আক্ৰমণ কৰি এই ৰোগৰ সৃষ্টি কৰে।এই জীৱানু বোৰৰ প্ৰধান বিধ হল নিউমক’ক্কাই (pneumococci)।ইয়াৰ বাহিৰেও ষ্টেপটো-নিমোনিয়া, ষ্টেপটো পায়োজিনচ, কেলবচাইলা নিমোনিয়া, মাইক্ৰ বেক্টেৰিয়াম, টিউবাৰকিউল’চিচ আদি জীৱানুৱে এই ৰোগ বিস্তাৰত সহায় কৰে। চৰ্দি, জ্বৰ, ব্ৰংকাইটিচ, কাহ, আদি ৰোগত ভোগাৰ পাছত নিমোনিয়া হোৱাৰ সম্ভাৱনা থাকে। অন্যহাতে বুকুত কোনো ধৰনৰ আঘাত লগা, কঠোৰ পৰিশ্ৰমৰপাছত ঘৰ্মাক্ত অৱস্থাত ঠাণ্ডা লগা। অধিক মাত্ৰাত বৰষুণত তিতা, তিতা কাপুৰ পৰিধান কৰা, তিতা মাটিত শয়ন কৰা, হৰ্থাত ঠাণ্ডা লগোৱা আদিও নিমোনিয়াৰ কাৰক হব পাৰে।

নিমোনিয়াৰ শ্ৰেণী বিভাগঃ- 

আধুনিক চিকিৎস্যা বিজ্ঞানী সকলে নিমোনিয়া ৰোগক কেইবাটৈাও ভাগত ভাগ কৰিছে। হাওঁফাওঁ বা শ্বাসযন্ত্ৰৰ প্ৰতিডাল বায়ুনলি আৰু বায়ু নলীৰ ক্ষুদ্ৰ শাখাবোৰ অতি পাতল আৱৰনৰ দ্বাৰা আবৃত হৈ থাকে। এই আৱৰণসনত ৰোগ হলে ব্ৰংকাইটিছ বোলে। দুয়ুতা শ্বাসযন্ত্ৰ বা হাওঁফাওঁ দুখন অতি পাতল আৱৰণে ঢাকি থয়। এই দুখন আৱৰক পৰ্দাক প্লুৰা বুলি কোৱা হয়। আৰু প্লুৰাৰ ৰোগ হলে তাক প্লুৰিচি বোলা হয়। প্লুৰিচি অতিবৃদ্ধি হৈ শ্বাসযন্ত্ৰক আক্ৰমন কৰিলে ইয়াকে নিমো-প্লুৰাইটিচ বোলে। লক্ষণ অুযায়ী নিমোনিয়াক তিনি শ্ৰেণীত বিভক্তকৰা হৈছে-

১/ চেকেঁণ্ডাৰী নিমোনিয়া- ই অন্য পীড়াৰ উপসৰ্গ ৰুপে প্ৰকাশ পায়(ওপৰত উল্লেখ কৰা ধৰণে টাইফইড আদি জ্বৰৰ লগত)

২/লবিউলাৰ কেতেৰেল নিমোনিয়া- ইয়াক ব্ৰংকো নিমোনিয়া বোলে। ইনফ্লুয়েঞ্জা আদি ৰোগৰ লগত এই ৰোগ প্ৰকাশ পায়। ইয়াত শ্বাসযন্ত্ৰ বা হাওঁফাওঁৰ দুটা ফাল বা কোনো এটা ফালৰ এটা লোব বা লোবৰ সামান্য অংশ আক্ৰান্ত হয়। এই ধৰণৰ পীড়া শিশু আৰু বৃদ্ধৰ অধিক হয়। আমাৰ বুকুৰ সোঁ আৰু বাওঁ দুয়ুফালে হোওঁফাওঁ আছে, ইয়াৰ সোঁ ফালৰ হাওঁফাওঁটোৰ তিনিটা আৰু বাওঁফালৰটোত দুটা (লোব lobe) আছে হাওঁফাওঁৰ এই প্ৰতিটো অংশকে ইংৰাজীত একো একোটা লোব বোলা হয়। 

৩/ লোবাৰ নিমোনিয়া ইয়াৰ হাওঁফাওঁৰ যিকোনো এফালৰ কোনোবা এটা অংশ অথবা সমস্ত অংশই আক্ৰান্ত হয়। একেলগে দুয়োটা হাওঁফাওঁ আক্ৰান্ত হলে তাক ডবল নিমোনিয়া আৰু এটা হাওঁফাওঁ আক্ৰান্ত হলে তাক চিংগল নিমোনিয়া বোলে।

ৰোগনিৰ্ণয়(diagnosis)-
শিশু সকলৰ ক্ষেত্ৰত যিদৰে হুপিং কাহ ব্ৰংকো নিমোনিয়াৰ উৎপতিৰ কাৰক বোলা হয়, তেনে দৰে বয়স্ক লোকৰ ক্ষেত্ৰত কোষৰ বায়ু স্ফীতি আৰু ইনফ্লুয়েঞ্জা নিমোনিয়াৰ উৎপতিৰ কাৰক বুলি কব পাৰি। ব্ৰংকিউলাচৰ প্ৰান্তিক অংশ ফুলি উঠে আৰু পিচলৈ পুঁজৰ সৃষ্টি হয়। এই ৰোগ লাহে লাহে ব্যাপক ভাবে বিস্তৃত হয় আৰু এয়াৰচেলবোৰক অকামিলা কৰি দিয়ে। দোয়োটা শ্বাসযন্ত্ৰৰ বিভিন্ন স্থানত ঘাঁৰ সৃষ্টি কৰে। এই ঘাঁবোৰ পকি পূঁজ নিৰ্গত হয় আৰু শ্বাসযন্ত্ৰৰ বিভিন্ন অংশক আক্ৰান্ত কৰে। এই অৱস্থাত এলভিওলাৰ প্ৰাচিৰত অসংখ্য ফুটাৰ সৃষ্টি হবও পাৰে। বুকুৰ এক্সৰে কৰিলে এই ৰোগ ধৰা পৰে 

ব্ৰংকো নিমোনিয়া আৰু লোবাৰ নিমোনিয়াৰ লক্ষণগত পাৰ্থক্যঃ 


বংকো নিমোনিয়াঃ- এই ৰোগ সংখ্যাত বহু কম হয়। এই ৰোগত ৰোগীৰ লক্ষণ বোৰলৈ লক্ষ্য কৰিলে প্ৰায় হুপিং কফৰ দৰে লক্ষণ দেখা পোৱা যায়। ষ্টেথেটস্কোপৰ দ্বাৰা পৰীক্ষা কৰিলেহে প্ৰকৃত ৰোগ নিৰ্ণয় কৰিব পাৰি।হুপিং কফৰ শেষত হুপ হুপ কৰি এটা শব্দ ওলাই। ব্ৰংকো নিমোনিয়াত সেইদৰে হুপ হুপ কৰি শব্দ নোলাই শেষত বুকুৰ বিষ হয়।

ব্ৰকো নিমোনিয়া হোৱাৰ কাৰণ আৰু লক্ষণঃ 

সাধাৰণতে ব্ৰংকাইটিচৰ পৰা ৰোগ আগবাঢ়ি ব্ৰংকো নিমোনিয়া হয়। ব্ৰংকো নিমোনিয়া কেতিয়াবা সাধাৰণ পানী লগাৰ দৰে আৰম্ভ হৈ ৰোগ আগবাঢ়ি ব্ৰংকো নিমোনিয়াত পৰিনত হয়। এই ধৰণৰ নিমোনিয়া বয়সীয়া লোক সকলৰ খুব কমৈ হয়, বিশেষকৈ সৰু ল’ৰা-ছোৱালি এই ৰোগত বেছিকৈ আক্ৰান্ত হোৱা দখিবলৈ পোৱা যায়। 

ব্ৰংকো নিমোনিয়াৰ লক্ষণ হলঃ- 
হৰ্থাৎ কঁপনিজ্বৰ হয়, জ্বৰ লাহে লাহে বৃদ্ধি হৈ ১০২-১০৮ ডিগ্ৰী পৰ্যন্ত পায়। নাড়ীৰৰ গতি দ্ৰুত হয়, সঘন শ্বস-প্ৰশ্বসৰ লগতে শ্বাস বন্ধ হোৱা দেখা যায়। এই ৰোগত ল’ৰা-ছোৱালী বিলাকে যেতিয়া কাহে তেতিযা মুখ চকু ৰঙা পৰে, মুখ উখহে । কাহোতে কাহোতে কেতিয়াবা বমি কৰি দিযে। কেতিয়াবা ৰোগ জটিল হৈ মূৰ্চ্ছা যায়। ৰোগী ১২ৰ পৰা১৮ দিন পৰ্যন্ত ভোগাৰ পাছত লাহে লাহে আৰোগ্য লাভ কৰে। ৰোগৰ প্ৰৱনতা বেছি হলে ভোগাৰ সময় অনিৰ্দিষ্টও হবগৈ পাৰে। আনকি ৰোগীৰ জীৱনৰ আশংকাও দেখা দিব পাৰে। সাধাৰণতে ব্ৰংকোনিমোনিয়াত জটিল উপসৰ্গই দেখা নিদিয়ে। জ্বৰৰ তাপমাত্ৰা খুব বেছি নহলেও জ্বৰ একে ৰাহে থাকে। 

লোবাৰ নিমোনিয়াঃ- 
লোবাৰ নিমোনিয়াত সাধাৰনতে RIGHT LOWER LOBE আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। এই জাতীয় নিমোনিয়া ব্ৰংকোনিমোনিয়াৰ দৰে ক্ৰমান্বয়ে উৎপতি নহয়। এই নিমোনিয়াত হৰ্ঠাৎ মেলেৰিয়া জ্বৰৰ দৰে কঁপি কঁপি জ্বৰ উঠে। জ্বৰৰ তাপ চাওঁতে চাওঁতে বৃদ্ধি পায়। ২৪ ঘণ্টাৰ ভিতৰত জ্বৰ ১০৪ৰ ৰ পৰা ১০৫ পৰ্যন্ত উঠিব পাৰে। জ্বৰৰ আৰম্ভনি বা কিছু ঘণ্টাৰ পাছত বুকুৰ এফালে বা দুয়োফালে বিষ হয়। হঁচি মাৰৰিলে,কাহিলে অতিৰিক্ত বিষ অনুভব হয়। ঘনাই শুকান কষ্টকৰ কাহ হয়। উশাহ-নিশাহ অতি ঘনাই লব লগিয়া হয়। নাড়ীৰৰ গতি মিনিটত ১২০ৰৰ পৰা১৩০ পৰ্যন্ত হয়। বুকুৰ বিষ থকাৰ কাৰণে উশাহ-নিশাহ টানিব বা এৰিব নোৱাৰে। যিফালৰ হাওঁফাওঁ আক্ৰান্ত হয়,সেইফালৰ মুখ ৰঙা পৰে,সেইফালে কাটি হৈ শুব লোৱাৰে। উভয় হাওঁফাওঁ আক্ৰান্ত হলে ওপৰলৈ মুখ কৰি শুব লগা হয়। কাহিলে বুকুৰ বিষৰ কাৰণে বুকুখন হেঁচামাৰি ধৰিব লগা হয়। কাঁহিলে যি অলপ কফ ওলাই সিওঁ ওঁঠত লাগি ধৰে। তেজ মিহলি হৈ থকাৰ বাবে কফ ৰঙচুৱা দেখা যায়।৬/৭ দিন জ্বৰত ভোগাৰ পাছত হৰ্ঠাৎ জ্বৰ কমি আহে, তেতিয়া জ্বৰ ৯০ ডিগ্ৰীৰৰ পৰা ৯৬ ডিগ্ৰী পৰ্যন্ত হোৱা দেখা যায়। এই ৰোগত সাধাৰণতে জটিল উপসৰ্গই দেখা দিয়ে।CYANOSIS নামৰ এক ধৰণৰ নীল ৰোগ দেখা দিয়ে। প্ৰস্বাব ঘন, গাঢ় হলধীয়া আৰু কম পৰিমানে হয়। জিভাত মলিৰ প্ৰলেপ পৰে। ৰোগৰ প্ৰথম অৱস্থাত, হাওঁফাওঁৰ আক্ৰান্ত হোৱা ঠাইত তেজ জমা হয়আৰু তেজ জমা হৈ থকা সময়লৈ শ্বাস-প্ৰশ্বাসত শব্দ (CRIPITATION ) হয়। দ্বিতীয় অৱস্থাত বায়ু মোনা বোৰত বিজলোৱা ৰখ উতপন্ন হয়। এই অৱস্থাত আকৌ স্বাভাৱিক উশাহ-নিশাহৰ লগে-লগে সোঁ সোঁ শব্দৰ লগতে ব্ৰংকাইটিচত হোৱা ধৰণৰ শব্দ হয়।


নিমোনিয়াত ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধঃ-


এণ্টিম টাৰ্ট (ANTIM TART)- ই নিমোনিয়াৰ এক উৎকৃষ্ট ঔষধ। বিষেশ কৈ শিশু আৰু বৃদ্ধসকলৰ কাৰণে ফলদায়ক। ৰোগীৰ সমস্ত হাওঁফাওঁৰ মাজত কফৰ ঘৰ ঘৰ শব্দ শুনা যায়। শ্বাস কষ্ট, বুকুৰ মাজত কফ পৰিপুৰ্ণ হৈ থকা, প্ৰচণ্ড কাহ, সামান্য জ্বৰ আৰু শৰীৰ ঘামি থাকে। উশাহ-নিশাহ লোৱাৰ পথ বোৰ বন্ধ হৈ যোৱাৰ দৰে হয়, কাহিলে বহুত কফ ওলাব যেন লাগে কিন্তু নোলায়।ৰোগী দুৰ্বল হৈ পৰে আৰু মূৰ্চছা যোৱাৰ দৰে হয়। এই লক্ষণ সমূহৰ লগতে ডায়েৰিয়া যদি থাকে তেনে অধিক ফলপ্ৰদ হয়।

ছেংগুনেৰিয়া(senguinaria can)ঃ-

senguineria can ব্যৱহাৰ কৰাৰ বিশেষ লক্ষণ হল, সোঁফালৰ হাওঁফাওঁ নিমোনিয়াত আক্ৰান্ত হয় আৰু সোঁফালৰ গাল, মুখ অতিৰিক্ত ৰঙা পৰে। বুকুৰ ভিতৰত জ্বলন হয়। চিত হৈ শুলে অলপ আৰাম পায়। অত্যন্ত শ্বাস কষ্ট হয়। কফ হাওঁফাওঁৰ ভিতৰত পচে দূৰ্গন্ধযুক্ত কফৱ ওলাই, উশাহ-নিশাহত গন্ধ ওলাই।

আৰ্ছেনিক এলবাম (Arsenic albm)

ৰোগৰ প্ৰৱণতা অত্যন্ত বৃদ্ধি পালে, অত্যন্ত দূৰ্বলতা, অত্যন্ত তৃষ্ণা, অৱসন্নতা, অস্থিৰতা, বুকুত খোঁচা মৰাৰ দৰে বেদনা ইত্যাদি লক্ষণ থাকিলে এই ঔষধ ফলদায়ক।

হিপাৰ চালফাৰ(hepar sulpher)

পুৰনি নিমোনিয়া ৰোগত এই ঔষধ বিশেষ উপকাৰী। কফ যদি পূঁজৰ দৰে হয়, সামান্য ঠাণ্ডা আৰু পূৱাৰ ভাগতকাহ বৃদ্ধি হয়, বুকুৰ বিষৰ লগতে স্পৰ্শকাতৰ ভাব থাকিলে এই ঔষধ প্ৰয়োগ কৰিলে সুফল পোৱা যায়।

ফচপৰাচ(phosphorus)

ই নিমোনিয়াৰ এটি প্ৰধান ঔষধ। এই ঔষধৰ বিশেষ লক্ষণ হল খুক খুককৈ কাহোতে কাহোতে ৰোগী কোঁচ খাই আহে। হাত, ভৰি, চকু, কাণ জ্বলা পুৰা কৰে। মামৰৰ দৰে ৰঙচুৱা কফ ওলাই বা লগতে তেজৰ আচঁ যুক্ত কফ ওলাই। বুকৰ ওপৰত গধুৰ বস্তুৰে হেঁচা মাৰি ধৰি থকাৰ দৰে অনুভব কৰে।কিছুমান ৰোগীৰ বাওঁফালে কাটি হৈ শুব নোৱাৰে। বুকুৰ ওপৰত সামান্য হেঁচা পৰিলে বিষ অতিৰিক্ত বাঢ়ে। অত্যন্ত জ্বৰ নাড়ী দুৰ্বল, চঞ্চল, বিকাৰ লক্ষণ, কাহিলে কামিহাড়ৰৰ তল ভাগত অত্যন্ত বিষ অনুভৱ হয়। বুকুত কফৰ চুৰ চুৰ শব্দ হয়, শ্বাস-প্ৰশ্বাস কষ্টকৰ হয়। নিমোনিয়া ৰোগত বিকাৰ ভাব দেখা দিলে এই ঔষধে খুব ভাল কাম কৰে। এই ৰোগত ব্ৰায়েনিয়াৰ পাছত এই ঔষধ খুবেই উপকৰি।

হায়োচিয়ামাচ(hyoscyamus) নিমোনিয়াৰ লগত মূৰৰ বিষৰ লক্ষণ থাকিলে, ৰাতি শুকান, দূৰ্বল কাহ হলে, বুকুত ঘৰ ঘৰ শব্দ হলে এই ঔষধ ফলপ্ৰসূ। কাহ যন্ত্ৰনাদায়ক, দূঃস্বপ্ন দেখা, প্ৰলাপ বকা, কাম ভাৱ অহা, প্ৰথম বা শেষ অৱস্থাত বিছনা চাদৰ আজোঁৰা কামোৰা আদি লক্ষণ দেখা দিলে এই ঔষধ প্ৰযোজ্য হয়।

চালফাৰ(sulphur)

ৰোগীৰ হাওঁফাওঁঅধিক আক্ৰান্ত হয়। হাওঁফাওঁৰ সকলো স্থানতে কফৰ ঘৰ ঘৰ শব্দ হয়, লগতে হাত ভৰি, মূৰ জ্বলা- পোৰা কৰা লক্ষণ প্ৰকাশ পায়। ৰোগীয়ে ঠাণ্ডা বতাহ বা ঠাণ্ডা ঠাইত খাকিব বিছাৰে স্নান কৰিলে উপসৰ্গ বৃদ্ধি পায়। এই লক্ষণ সমূহ প্ৰকাশ পালে এই ঔষধ দিনত মাত্ৰ ২/৩ বাৰ ব্যৱহাৰ কৰা উচিত।

চেলিডনিয়াম (chelidonium majus) 

যকৃতৰ ৰোগৰ লগত হাওঁফাওঁৰ যিকোনো ৰোগত chelidonium ব্যৱহাৰ হয়। 

একোনাইত(aconite nap)

ৰোগৰ আৰম্ভণিত এই ঔষধ ব্যৱহাৰ কৰা হয়। প্ৰথম অৱস্থাত মেলেৰিয়া জ্বৰৰ দৰে কঁপি কঁপি জ্বৰ উঠিলে, বুকুত বিষ হৈ অস্থিৰতা থাকিলে এই ঔষধটো(নিম্ন ক্ষমতাৰ)ঘনাই ডেৰ বা দুই ঘণ্টাৰ মূৰে মূৰে ব্যৱহাৰ কৰিব লাগে। 

মাৰ্কুৰিয়াচচল(mercurius sol)

এই ঔষধ সোঁফালৰ হাওঁফাওঁ নিমোনিয়াত আক্ৰান্ত হলে সাধাৰণতে ব্যৱহাৰ হয়। এই ৰোগৰ লক্ষণ হল,ৰাতি শুলে উপসৰ্গবোৰ অধিক হয়। ঘামিলে জ্বৰ বা উপসৰ্গ বোৰ নকমে। কাহোতে বুকুখন ঠেক জেন অনুভৱ কৰে আৰু উখাহ লোৱাত কষ্ট হয়। merc sol ব্যহাৰ কৰাৰ বিশেষ লক্ষণ হল, এবাৰ জাৰ, এবাৰ গৰম লাগি থকে, এইবোৰ লক্ষণ থকা নিমোনিয়াত merc sol ব্যৱহাৰ হয়। 

ৰাছটক্সঃ-

বৰষুণত তিতি, অনেক সময় তিতা কাপুৰেৰে খাকি, জেকা মাটিত শুই, বানপানীৰ সময়ত বা বানপানীৰ পাছত নিমোনিয়া হলে প্ৰথমে যেতিয়ালৈকে আন ঔষধৰ লক্ষণ নোলাই, তেতিয়ালৈকে RUSTOX ব্যৱহাৰ কৰি থাকিব লাগে। নিমোনিয়া, ব্ৰংকো নিমোনিয়া আদিত চাওঁতে চাওঁতে ৰোগ আগবাঢ়ি বলিয়ালি বকিলে, পাগলৰ দৰে কৰিলে ততালিকে RUS TOX ব্যৱহাৰ কৰিব লাগে। নিমোনিয়াত কিছুসময় বা কিছুদিন RUS TOX ব্যৱহাৰ কৰাৰ পিছতো বলিয়ালি বকা নকমিলে PHOSPHORUS ব্যৱহাৰ কৰিব লাগে। নিমোনিয়াত বলিয়ালি কৰিলে লক্ষণ অনুসাৰে BELLADONNA , HYOSCYAMUS NIGER, STRAMONIUM ব্যৱহাৰ হয়। নিমোনিয়াত ৰোগীৰ অন্তিম অৱস্থাত কিছুমাৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ (HEART FAIL) মৃত্যু হয়। হাৰ্টফেল হোৱাৰ পূৰ্ব লক্ষণ হল ৰোগীৰ কপালত বিন্দু বিন্দু চেচাঁ ঘাম হয়। হাত-ভৰি ক্ৰমান্ধয়ে চেচাঁ হৈ আহে। ঘনাই উশাহ-নিশাহ লয়। নাড়ীৰ গতি হাতৰ সৰু গাঁঠিটোৰ ওপৰত প্ৰায় পোৱা নেযায়। ক্ৰমান্ধয়ে হাতৰ ওপৰলৈ PULSE চলি আহি থাকে, শেষত মৃত্যু মুখত পৰে। উপৰুক্ত লক্ষণ সূহ দেখিলে lachesis, naja বা crataegus লক্ষণ অনুসাৰে ব্যৱহাৰ কৰিব লাগে।lachesis ব্যৱহাৰ কৰা লক্ষণ হল ৰোগীয়ে আতৰৰ পৰা বিচনী মাৰিবলৈ ইঙ্গিত দিয়ে। ওচৰত বিচনী মাৰিলে উশাহ বন্ধ হৈ যায়। শৰীৰৰ ওপৰত কপোৰ থাকিলে অসুবিধাবোধ কৰে। দলিয়াই পেলাই। এইবোৰ লক্ষণৰ লগতে শৰীৰৰ ৰং নীলা হে আহে। 

naja ব্যৱহাৰ কৰাৰ লক্ষণ হলঃ– ৰোগীয়ে অতি ঘনাই উশাহ-নিশাহ লবলগীয়া হোৱাত কোনো কথা উচ্চাৰণ কৰিব নোৱাৰে। শৰীৰৰ ৰং নীলা হয়। হাৰ্টফেল হোৱাৰ উপক্ৰম শাম কাটিলে লক্ষণ অনুসাৰে পুনৰ আন ঔষধ ব্যৱহাৰ কৰিব লাগে। উপৰিউক্ত ঔষধ সমূহৰ উপৰিও লক্ষণ অনুসাৰে নিমোনিয়াত Bacillinum, tuberculinum, belladonna, stramonium, antim Ars, senega , lycopodium , ferrum phos, capsicum, carbo veg ,china, cantharides, ipecac আদি ঔষধ সমূহ ব্যৱহাৰ কৰি ৰোগৰ পৰা পৰিত্ৰান পাব পাৰি। 

নিমোনিয়াৰ সময়ত লবলগীয়া সাবধানতাঃ- 


ৰোগীৰ বুকু, পিঠি,স ম্পুৰ্ণভাবে ঢাকি ৰখা উচিত। ৰোগীক পূৰ্ণ বিশ্ৰাম দিয়াৰ লগতে ৰোগী থকা ঘৰত যাতে মূক্ত বায়ু সোমাব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। ৰোগী স্থিৰ ভাবে শুই থকা উচিত। উঠা-নমা বা চলা ফুৰা কৰিব নালাগে।

প্ৰথ্যঃ- অত্যন্ত জ্বৰ থাকিলে চাগু বা বাৰ্লি সিজাই মিচিৰি দি খোৱাব। লঘু আৰু পুষ্টিকৰ খাদ্য দিয়া প্ৰয়োজন। ৰোগীৰ শক্তি বৃদ্ধিৰ বাবে সামান্য গাখীৰ, মাংসৰ চুপ দিব পাৰি।



ডা. হৰিকান্ত দাস।