Dr Haris Well future

Wednesday, July 18, 2018

ক্ৰিষ্টিয়ানো ৰোনাল্ডো জীৱনৰ পৰা ল'ব লগা এটি শিক্ষাঃ



অসমীয়া অনুবাদঃ ছা-হা-বা হাৰ্টি
*
( বিঃদ্ৰঃ অনুগ্ৰহ কৰি পোষ্টটো কপি নকৰিব। পঢ়ি ভাল লাগিলে ভাগবতৰা কৰিব পাৰে।) 
*
*
কিছুদিন আগতে ক্ৰিষ্টিয়ান ৰোনাল্ড'ক এটি অনুষ্ঠানত সম্বৰ্ধনা দিয়া হয়। সেই সভাত যেতিয়া তেওঁৰ হাতত এটি পুৰস্কাৰ তুলি দিয়া হ'ল, তেতিয়া সেই পুৰস্কাৰটো তেওঁ অ্যালবার্টো ফ্ৰানটাউ নামৰ এজন ব্যক্তিক সমৰ্পণ কৰি কলে, "হয়, আজি মই এজন নামীদামী খেলুৱৈ। কিন্তু আমাৰ এই সাফল্যৰ আতৰ যাৰ অবদান  ৰৈছে, তাৰ নাম - অ্যালবার্টো ফ্ৰানটাউ।"
*
সভাত উপস্থিত সকলোৱে জানিব বিচাৰিলে যে,  অ্যালবার্টো ফ্ৰানটাউ কোন?
ৰোনাল্ড' ক'লে, তেওঁ মোৰ বন্ধু। সৰুৰে পৰাই আমি একেলগে ফুটবল খেলিছিলোঁ। লিছবন স্প'ৰ্টছ  একাডেমীৰ পৰা খেলুৱৈ বাচনি কৰাৰ বাবে বাচনি কৰা কমিটিৰ দল  আমাৰ খেল চাবলৈ আহিছে। সিহঁতে ক'লে, যি খেলুৱৈয়ে সৰ্বাধিক গ'ল কৰিব তাকেই স্প'ৰ্টছ একাডেমীত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া হ'ব। সেইদিনাৰ খেলত আমাৰ দলটোৱে ৩-০ গ'লত জয় লাভ কৰিছিল। প্ৰথম গ'ল টো মই কৰোঁ। দ্বিতীয় গ'ল টো অ্যালবার্টো হেড মাৰি কৰে। তৃতীয় গ'ল টো আছিল সবাতোকৈ উত্তেজনাপূৰ্ণ। অ্যালবার্টো উইংৰ পৰা বলটো লৈ  গ'লকিপাৰৰ মুখামুখি হ'ল, গ'লকিপাৰক ড্ৰিবলড কৰি বলটো তেওঁ সিধা গ'ল পোষ্টত সুমুৱাই দিব পাৰিলহেঁতেন। কিন্তু তেওঁ খালি পোষ্টত বল সুমুৱাই নিদি, বলটো মোক পাছ কৰি দিলে আৰু মই গ'ল দিলো। ফলত মই লিছবন স্প'ৰ্টছ একাডেমীত ভৰ্তি হোৱাৰ সুযোগ লাভ কৰিলো।
*
খেল শেষ হোৱাৰ পাছত মই অ্যালবার্টোক সুধিলো, তুমি নিজেই দেখোন গ'ল টো দিব পাৰিলা হয়। সেয়া নকৰি মোক কিয় গ'ল দিবলৈ সুযোগ দিলা?
অ্যালবার্টো উত্তৰ দিলে, কাৰণ মই জানো তুমি মোতকৈ বহুত ভাল খেলুৱৈ।
*
ইয়াৰ পিছত সাংবাদিকসকলে অ্যালবার্টো ফ্ৰানটাউক বিচাৰি উলিয়াই। তেওঁৰ ওচৰত ৰোনাল্ড'ৰ কথাৰ সত্যতা জানিব বিচাৰিলে। অ্যালবার্টো ক'লে, হয়, এইটো সত্য ঘটনা। তেতিয়াৰ পৰা মোৰ ডাঙৰ খেলুৱৈ হোৱাৰ পথ বন্ধ হৈ যায় কাৰণ স্প'ৰ্টছ একাডেমীত যোৱাৰ সেইটো আছিল শেষ সুযোগ। আৰু তাৰ পাছৰে পৰা মই আজিলৈকে বেকাৰ।
*
সাংবাদিকসকলে অ্যালবার্টোৰ বিশাল সুদৃশ্য অট্টালিকা আৰু সন্মুখত মাৰ্ছিডিছ গাড়ী দেখি অবাক হৈ সুধিলে, আপুনি ক'লে যে আপুনি বেকাৰ। তেতিয়া হ'লে  ইমান দামী অট্টালিকা, গাড়ী ক'ৰ পৰা আহিল? আৰু আপোনাকো দেখি মনে হৈছে আপুনি ভালেই আছে।
অ্যালবার্টো ক'লে, হয়, এই সকলো ৰোনাল্ড'ৰ ভালপোৱাৰ দান।
*
Moral of the story:
---------------------------
*
পৃথিৱীত কিমানজন এনেকুৱা মানুহ আছে যিসকলে নিঃস্বাৰ্থভাৱে অন্য এজনৰ বাবে ত্যাগ স্বীকাৰ কৰে। বৰঞ্চ আমি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে চৰম নীচ কাম কৰিবলৈও দ্বিধাবোধ নকৰোঁ।
*
ৰোনাল্ড'  আৰু  অ্যালবার্টোৰ পৰস্পৰৰ বাবে কৰা এই ত্যাগ স্বীকাৰ অৱশ্যে এক শিক্ষনীয় বিষয়। এনেকুৱা ধৰণৰ স্বাৰ্থত্যাগ যদি আমি সকলোৱে নিজৰ বন্ধু-বান্ধৱী, ভাই-ভনী আৰু এজনে আনজনৰ বাবে কৰো তেতিয়া আমাৰ পৰস্পৰৰ মাজত এক মানবিক সম্পর্ক গঢ়ি উঠে আৰু তাৰ লগত তৈয়াৰ হয় এক সুন্দৰ সমাজ।
*
________________________________
(বিঃদ্ৰঃ এইটো ইন্টাৰনেটত ভাইৰেল হোৱা এটা পোষ্ট। পোষ্টটো বাংলা অনুবাদ #দেবযানী  বুলি উল্লেখ আছিল।)

Sunday, July 1, 2018

মানব জীৱন ধংসকাৰী ফাৰৰ্মলিন খোৱা বস্তুৰপৰা আতৰাব কেনেকৈ?? (lercadip)

মানব জীৱন ধংসকাৰী ফাৰৰ্মলিন খোৱা বস্তুৰপৰা আতৰাব কেনেকৈ?? (lercadip)


অধিক লাভ অৰ্জনৰ স্বাৰ্থতে একাংশ অসাধু ব্যৱসায়ীয়ে আমাৰ দেশত অবৈধ ভাৱে ফাৰ্মলিনৰ ব্যৱহাৰ কৰিবলৈ লৈছে।ফাৰৰ্মলিন মূলত টেক্সটাইল, প্লাস্টিক পেপাৰ, ৰং, কনস্ট্ৰাকশন আৰু মৃত দেহ সংৰক্ষণৰ কামত ব্যৱহাৰ কৰা হয়। কিন্তু এক শ্ৰেণীৰ যমদুত ৰূপি ব্যৱসায়ীয়ে বজাৰৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী সমূহত ব্যাপক ৰুপে ফাৰৰ্মলিন ব্যৱহাৰ কৰিবলৈ লৈছে। যিটোৱে বৰ্তমান মানৱ জাতিক লাহে লাহে মৃত্যুৰ পথ দেখুৱাবলৈ ধৰিছে।

ফাৰৰ্মলিনে কি ক্ষতি কৰেঃ-

ফাৰৰ্মলিন যুক্ত গাখীৰ, মাছ, ফল-মুল, শাক-পাচলি দৈনন্দিন ব্যবহাৰ কৰা এই দব্য সমূহ সেৱন কৰি আমাৰ কনমানি সকলৰ শৰীৰিক ৰোগ প্ৰতিৰোধী ক্ষমতা হেৰাই যাবলৈ ধৰিছে। কিডনি, লিভাৰ আৰু আমাৰ দেহৰ সমগ্ৰ অংঙ্গ নষ্ট, বিকলাঙ্গতা আৰু তাটোত কৈ মাৰাত্মক কে়ন্সাৰৰ উপৰিও দিনক দিনে নানান যটিল ৰোগত ভুক্তভুগি হব ধৰিছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যিসকল সন্তান সম্ভৱা গৰ্ভাৱতি মহিলা তেওঁলোকে যদি ফাৰৰ্মলিন যুক্ত খাদ্য বেছিকৈ ব্যৱহাৰ কৰে তেন্তে সন্তান প্ৰসৱৰ সময়ত বহোতো যটিলতাৰ সন্মুখীন হয় আৰু সন্তানৰো জন্মগত বিখংগতিয়ে দেখা দিব পাৰে। অনকি বিকলাঙ্গ শিশুৰো জন্ম হব পাৰে। প্ৰথমে অবস্থাত ফাৰৰ্মলিন, হাড্ৰজেনপেৰক্সাইড, কাৰবাইড আদি বিভিন্ন ধৰণৰ ক্ষতিকাৰক কেমিকেল ব্যৱহাৰ কৰাৰ প্ৰতিফল স্বৰুপে পেতৰ বিষ, হাঁচি, কফ, উশাহ-নিশাহত কষ্ট, বদহজম আলচাৰ, চৰ্মৰোগ আদি বহু যটিল সমস্যই দেখা দিয়ে।


ফাৰৰ্মলিন দূৰিকৰণৰ বাবে কি কৰিবঃ-



১. চবজি ৰন্ধাৰ পূৰ্বে ১০ৰ পৰা ১৫ মিনিত সময় গৰম পানীত সামান্য নিমখ দি ডোবাই ৰাখিব। তাৰ পাছত সেই পানীখিনি পেলাই অন্য পৰিস্কাৰ পানিৰে ধূই লওক এই প্ৰক্ৰীয়া অনুসৰন কৰিলে চবজিৰ পৰা ফাৰৰ্মলিন আতৰি যায়।


২.ফল-মূল খোৱাৰ আগত কমেও ১ ঘন্টা সময় সামান্য গৰম পানীত ডোবাই ৰাখিব। আপেল জাতীয় ফলৰ ক্ষেত্ৰত বাকলি গোচাই হে খাব।
৩. ১ ঘণ্টাৰো অধিক সময় মাছ-মাংখ পানীত ডুবাই ৰাখিলে শতকৰা ৬০% ফাৰৰ্মলিন নষ্ট হৈ যায়।

৪. প্ৰথমে চাউল ধূৱা পানীত মাছ ডুবাই ৰাখক ১ঘণ্টা মান সময় তাৰ পাছত পৰিস্কাৰ পানীৰে ভালকৈ ধূলে প্ৰায় ৭০%ফাৰ্ৰ্মলিন দূৰ হয়।

৫. ভিনেগাৰ আৰু পানী মিহলাই ১৫ মিনিট মাছ, মাংস ডুবাই ৰাখিলে মাছ, মাংস ফাৰৰ্মলিন মুক্ত হয়।

৬. গাখীৰ ভলদৰে উতলালে ফাৰৰ্মলিন দূৰ হয়।

৭. শুকান মাছত প্ৰচুৰ পৰিমানে ফাৰৰ্মলিন ব্যৱহাৰ কৰে।সেইবাবে শুকান মাছ খোৱাৰ আগত ১ঘণ্টা গৰম পানীত ডুবাই ৰাখিব তাৰ পাছত ঠাণ্ডা পানীত ১ঘণ্টা ৰাখিব ফাৰৰ্মলিন মূক্ত হোৱাৰ লগতে তাৰ খোৱাদো বাঢ়িব।

ডা. হৰিকান্ত দাস।