Dr Haris Well future

Sunday, July 1, 2018

মানব জীৱন ধংসকাৰী ফাৰৰ্মলিন খোৱা বস্তুৰপৰা আতৰাব কেনেকৈ?? (lercadip)

মানব জীৱন ধংসকাৰী ফাৰৰ্মলিন খোৱা বস্তুৰপৰা আতৰাব কেনেকৈ?? (lercadip)


অধিক লাভ অৰ্জনৰ স্বাৰ্থতে একাংশ অসাধু ব্যৱসায়ীয়ে আমাৰ দেশত অবৈধ ভাৱে ফাৰ্মলিনৰ ব্যৱহাৰ কৰিবলৈ লৈছে।ফাৰৰ্মলিন মূলত টেক্সটাইল, প্লাস্টিক পেপাৰ, ৰং, কনস্ট্ৰাকশন আৰু মৃত দেহ সংৰক্ষণৰ কামত ব্যৱহাৰ কৰা হয়। কিন্তু এক শ্ৰেণীৰ যমদুত ৰূপি ব্যৱসায়ীয়ে বজাৰৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী সমূহত ব্যাপক ৰুপে ফাৰৰ্মলিন ব্যৱহাৰ কৰিবলৈ লৈছে। যিটোৱে বৰ্তমান মানৱ জাতিক লাহে লাহে মৃত্যুৰ পথ দেখুৱাবলৈ ধৰিছে।

ফাৰৰ্মলিনে কি ক্ষতি কৰেঃ-

ফাৰৰ্মলিন যুক্ত গাখীৰ, মাছ, ফল-মুল, শাক-পাচলি দৈনন্দিন ব্যবহাৰ কৰা এই দব্য সমূহ সেৱন কৰি আমাৰ কনমানি সকলৰ শৰীৰিক ৰোগ প্ৰতিৰোধী ক্ষমতা হেৰাই যাবলৈ ধৰিছে। কিডনি, লিভাৰ আৰু আমাৰ দেহৰ সমগ্ৰ অংঙ্গ নষ্ট, বিকলাঙ্গতা আৰু তাটোত কৈ মাৰাত্মক কে়ন্সাৰৰ উপৰিও দিনক দিনে নানান যটিল ৰোগত ভুক্তভুগি হব ধৰিছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যিসকল সন্তান সম্ভৱা গৰ্ভাৱতি মহিলা তেওঁলোকে যদি ফাৰৰ্মলিন যুক্ত খাদ্য বেছিকৈ ব্যৱহাৰ কৰে তেন্তে সন্তান প্ৰসৱৰ সময়ত বহোতো যটিলতাৰ সন্মুখীন হয় আৰু সন্তানৰো জন্মগত বিখংগতিয়ে দেখা দিব পাৰে। অনকি বিকলাঙ্গ শিশুৰো জন্ম হব পাৰে। প্ৰথমে অবস্থাত ফাৰৰ্মলিন, হাড্ৰজেনপেৰক্সাইড, কাৰবাইড আদি বিভিন্ন ধৰণৰ ক্ষতিকাৰক কেমিকেল ব্যৱহাৰ কৰাৰ প্ৰতিফল স্বৰুপে পেতৰ বিষ, হাঁচি, কফ, উশাহ-নিশাহত কষ্ট, বদহজম আলচাৰ, চৰ্মৰোগ আদি বহু যটিল সমস্যই দেখা দিয়ে।


ফাৰৰ্মলিন দূৰিকৰণৰ বাবে কি কৰিবঃ-



১. চবজি ৰন্ধাৰ পূৰ্বে ১০ৰ পৰা ১৫ মিনিত সময় গৰম পানীত সামান্য নিমখ দি ডোবাই ৰাখিব। তাৰ পাছত সেই পানীখিনি পেলাই অন্য পৰিস্কাৰ পানিৰে ধূই লওক এই প্ৰক্ৰীয়া অনুসৰন কৰিলে চবজিৰ পৰা ফাৰৰ্মলিন আতৰি যায়।


২.ফল-মূল খোৱাৰ আগত কমেও ১ ঘন্টা সময় সামান্য গৰম পানীত ডোবাই ৰাখিব। আপেল জাতীয় ফলৰ ক্ষেত্ৰত বাকলি গোচাই হে খাব।
৩. ১ ঘণ্টাৰো অধিক সময় মাছ-মাংখ পানীত ডুবাই ৰাখিলে শতকৰা ৬০% ফাৰৰ্মলিন নষ্ট হৈ যায়।

৪. প্ৰথমে চাউল ধূৱা পানীত মাছ ডুবাই ৰাখক ১ঘণ্টা মান সময় তাৰ পাছত পৰিস্কাৰ পানীৰে ভালকৈ ধূলে প্ৰায় ৭০%ফাৰ্ৰ্মলিন দূৰ হয়।

৫. ভিনেগাৰ আৰু পানী মিহলাই ১৫ মিনিট মাছ, মাংস ডুবাই ৰাখিলে মাছ, মাংস ফাৰৰ্মলিন মুক্ত হয়।

৬. গাখীৰ ভলদৰে উতলালে ফাৰৰ্মলিন দূৰ হয়।

৭. শুকান মাছত প্ৰচুৰ পৰিমানে ফাৰৰ্মলিন ব্যৱহাৰ কৰে।সেইবাবে শুকান মাছ খোৱাৰ আগত ১ঘণ্টা গৰম পানীত ডুবাই ৰাখিব তাৰ পাছত ঠাণ্ডা পানীত ১ঘণ্টা ৰাখিব ফাৰৰ্মলিন মূক্ত হোৱাৰ লগতে তাৰ খোৱাদো বাঢ়িব।

ডা. হৰিকান্ত দাস।

Friday, June 29, 2018

মহিলাৰ বগা স্ৰাবৰ সমস্যা আৰু ইয়াৰ সফল হোমিঅ চিকিৎসাঃ-

আপোনি বাৰু বগাস্ৰাবৰ সমস্যাত ভূগিছে নেকি? বগাস্ৰাব জনিত সমস্যাৰ বাবে আপোনাৰ স্বাস্থ্যৰ দ্ৰুত অবনতি ঘটিছে নেকি?? আপোনাৰ ছোৱালী জনীৰ এই সমস্যা বাবে মনৰ উদ্যম নাইকীয়া হৈ গৈছে নেকি??? দীৰ্ঘ সময় ধৰি চিকিৎস্যা গ্ৰহণ কৰাৰ পাছতো এই সমস্যাৰ পৰা পৰিত্ৰান পোৱা নাই নেকি???? যদি আপোনি এই সমস্যাত ভোক্তভোগী আপোনি আমাৰ এই লিখাটো প্ৰথমৰ পৰা শেষলৈকে এবাৰ পঢ়ক। 
Leucorrhea বা বগাস্ৰাবৰ সমস্যাঃ-
 leucorrhea বা বগাস্ৰাবৰ সমস্যা বিশ্ব ব্যাপি মহিলা সকলৰ মাজত হুৱা এক গুৰুত্ব পুৰ্ণ সমস্যা ৰুপে পৰিগনিত হৈছে। এগৰাকী মহীলা প্ৰথম ঋতু হোৱাৰ পৰা ঋতুস্ৰাব বন্ধ হোৱা লৈকে এই দীঘলীয়া সময় ছোৱাত এবাৰ হলেও এই বগাস্ৰাব জনিত সমস্যাত ভোগা দেখিবল পোৱা যায়। স্বাভাৱিক অৱস্থাত মহিলা এগৰাকী যৌনাংগ সিক্ত কৰি ৰাখিবলৈ জৰায়ু মূখ যৌনাংগৰ বিভিন্ন গ্ৰন্থিৰ পৰা পাতল বীজলোৱা পদাৰ্থ নিসৰন হয়। এই পাতল বৰনীয়া বগাস্ৰাবে যৌনাংগক সুৰক্ষা প্ৰদান কৰাৰ লগতে ভিতৰৰ পৰা বিশাক্ত জীবানু আৰু মৃত কোষ বোৰ আতৰাই পেলাই। ঋতু স্ৰাবৰ আগত আৰু কেতিয়াবা ঋতুস্ৰাবৰ পিছত গৰ্ভাৱস্থা সময়ত আৰু যৌন ওত্তেজনা সময়ত এই স্ৰাব বেছিকৈ হয়। সৰ্বসাধাৰণতে হোৱা এই বগাস্ৰাব নোগোন্ধাই আৰু ই পৰীস্কাৰ হয়। যেতিয়া বোক্টেৰিয়াৰ ইনফেকচন বা বিভিন্ন ধৰনৰ সংক্ৰমনৰ কাৰণে দূৰগন্ধ যুক্ত হব আৰু স্ৰাব হালধীয়া, মটিয়া, সেউজীয়া বা ৰঙচুৱা ৰঙৰ হব তেতিয়া ততকালিন ভাৱে চিকিৎসকৰ পৰামৰ্স লব লাগে। এই উপসৰ্গ যদি সময় মতে চিকিৎসা কৰা নহয় গুৰুতৰ ৰোগৰ কাৰণ হব পাৰে আৰু মহিলাৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰো সম্ভাৱনা থাকে।
বগাস্ৰাৱৰ কাৰণঃ 
ইয়াৰ কাৰণ হল বেক্টেৰিয়াৰ সংক্ৰমণ যেনে- বেক্টেৰিয়েল ভেজিনচিছ, টাইকমনিয়েচিছ, কেনডিদাইচিছ আদিয়েই প্ৰধান। একাধিক যৌন সংগী থকা মহিলাৰ এই বেক্টৰয়া ভেজিনাইচিছ সংক্ৰমন ঘটাৰ সম্ভাৱনা থাকে। এই বেক্টেৰিয়া সংক্ৰমন ঘটিলে মহিলা এগৰাকীৰ প্ৰস্ৰাব অত্যাধিক হব বা দূৰ্গন্ধ যুক্ত হব, স্ৰাৱৰ ৰং মতীয়া বা বগা হয় আৰু স্ৰাৱ পনীয়া হয়। ইয়াৰ প্ৰধান বৈশিষ্ট হল স্ৰাৱ কেঁচামাছৰ দৰে গোন্ধ হব। অসুৰক্ষীত যৌন সম্পৰ্কৰ দ্বাৰা পটযোৱাৰ পৰা ট্ৰাইকমনয়েচিছ হয়। ইয়াত লিউকৰীয়াত পীড়ীত মহিলা গৰাকীৰ দূৰ্গন্ধযুক্ত ঘোলা প্ৰস্ৰাৱ হয়। প্ৰস্ৰাৱ ঘনই ঘনাই হয় আৰু সৰহ পৰিমানে হয়। প্ৰস্ৰাৱ কঠিন হোৱা, যৌনাংগত খজুৱতী হোৱা, গুপ্তাংগ ফুলি উঠাৰ দৰে লক্ষণে দেখাদিব পাৰে। কেন্দীদাইচিছ বা ইয়েচ ইনফেচন বাবে বগা দৈ গাখীৰ বা মাখনৰ দৰে বা দীঘল খুতাৰ দৰে প্ৰচুৰ পৰিমানে স্ৰাৱ হয়। যৌনাংগৰ ভিতৰত অত্যাধিক অসহ্যকৰ খজুৱতী হয়, যৌনাংগ ৰঙাপৰে, উখহি উঠে আৰু বিষ হব পাৰে। মধুমেহত আক্ৰান্ত মহিলা, গৰ্ভাৱতী মহিলা, মানসিক চাপত ভোগা মহিলা বা অত্যাধিক এন্টিবায়টিক ব্যৱহাৰ কৰা মহিলা এই সংক্ৰমনৰ সহজে চীকাৰ হোৱা দেখিবলৈ পোৱা যায়। দীৰ্ঘ সময় ধৰি গুৰুতৰ সমস্যাত ভূগিথকা মহিলা, মানসিক অশান্তিত ভূগিথকা মহিলা আৰু এলেহুৱা জীৱন শৈলী বাবেও এই বগাস্ৰাৱৰ সমস্যাত ভূগিব পৰে। যৌনাংগ চাৰভিক্স বা অভাৰীত হোৱা আঘাটৰ বাবেও এই বগা স্ৰাৱৰ সমস্যাত ভূগিব পাৰে। যৌনাংগ বা অন্তাঃবাস সদাই অপৰিস্কাৰ থাকিলে, যৌনাংগত স্পে, জেল বা লুব্ৰিকেন বেছিকৈ ব্যৱহাৰ কৰিলে এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। খাদ্যত পৰিপুষ্টিৰ অভব হলে, সময়মতে খোৱালোৱা নকৰিলে বা বহুসময় ধৰি খালী পেটে থাকিলে, পণষ্টৰী বা প্ৰণ মোভি বেছিকৈ চালে এনে সমস্যাৰ সৃষ্টি হব পাৰে।
লক্ষণঃ 
এই বগা স্ৰাৱৰ সমস্যাত ভূগিলে মহিলা গৰাকীৰ কিকি লক্ষণ প্ৰকাশ পাব পাৰে? এই বাস্ৰাৱ হলে দেখা দিয়া অনুসাংগ্ৰিক লক্ষণ সমূহ হল- 
Ø তল পেটত অত্যন্ত বিষ হোৱা।
Ø যৌন সংগমৰ সময়ত বিষ অনুভৱ কৰা লগতে কঁকালত বহু কষ্টকৰ বিষ হোৱা। কেতিয়াবা ইমান বেছি বিষ হয় যে কোনো ধৰণৰ ঔষধৰ দ্বাৰাই এই বিষৰ উপষম পাবলৈ সক্ষম নহয়।  
Ø চক্ৰৰ আহে বহু বেছি দূৰ্বল হয়, এনেকুৱা হয় যেন দূৰ্বলতাৰ কাৰণে পৰিযাব। 
Ø চকুৰ তলত দাৰ্ক চাৰ্কল বা কলা দাগ পৰে আৰু এনে অৱস্থাত বিভিন্ন ধৰণৰ ঔষধ খোৱাৰ পাছতো এই বগাস্ৰাৱৰ সমস্যাৰ পৰা পৰিত্ৰান পাবলৈ সক্ষম নহয়। সাধাৰণতে কিছুমান ঔষধে এই ৰোগত কামেই নকৰে আৰু এনে কিছুমান মহিলা আছে যি নেকি ডাক্তৰৰ পৰামৰ্শ মানি নচলে আৰু জীৱনশৈলী পৰিৱৰ্তন কৰিব নিবিছাৰে অৰু খোৱালোৱা বাছি খাব নিবিছাৰে। তাৰ কাৰণে এই ৰোগত বছৰ বছৰ ধৰি ভূগি থকা দেখিবলৈ পোৱা যায়। 
Ø এই লিউকৰিয়াত পেটৰ বিষ থাকে যেনে মাহেকীয়া আৰম্ভ হোৱাৰ আগত বা পাছত বহুত বেছি বিষ হয়। মনত সদায় বিষন্ন ভাব থাকে, শৰীৰ দূৰ্বল থাকে, কামত ভালদে মনদিব নোৱাৰে, মনত সদায় নিগেটিভ চিন্তা ধাৰাই ক্ৰীয়া কৰি থাকে আৰু মনৰ উদ্যম হেৰুৱাই পেলাই। 
Ø স্কুলীয়া ছাত্ৰী পঢ়াশোনাত মনযোগ দিব নোৱাৰে। লগৰীয়াৰ সতে মিলা মিছাত বিৰক্তি প্ৰকাশ কৰে। অকলে থাকিব বিছাৰে। এনে ধৰণৰ কিছুমান মানসিক পৰিৱৰ্তনো এই ৰোগ হলে আহিব পাৰে।
Ø এই সমস্যাৰ পৰা কেনেদৰে পৰিত্ৰান পাবঃ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ভোক্ত ভোগী মহিলা গৰাকীয়েও কিছুমান নিয়ম নীতি মানি চলাটো প্ৰয়োজন হয়। 
Ø স্বাস্থ্য ভালে বাখিবৰ বাবে সময়মতে খোৱালোৱা কৰিব লাগে। প্ৰচুৰ পৰিমানে পানী, ফলৰ ৰস, সুষম আহাৰ খাব লাগে। এই বোৰ স্বাস্থ্য ভালে ৰাখিবৰ বাবে অপৰৰি হাৰ্য্য হয়। স্বাস্থ্য ভালে থাকিলে বগাস্ৰাৱত ভোগা সম্ভাৱনা কম হয়।
এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মনৰ পৰা দূঃচিন্তা আতৰাই ৰখাটো অতি জৰুৰী। 
  1. যৌনাংগ শুকান বা পৰিস্কাৰ কৰি ৰাখিব লাগে। 
  2. নিকাৰক কোনো সামগ্ৰী যোনাংগ পৰিস্কাৰ কৰাত ব্যৱহাৰ কৰিব নালাগে।
  3. অপৰিস্কাৰ কাপোৰ কানি ঋতুস্ৰাৱৰ সময়ত ব্যৱহাৰ কৰিব নালাগে।
  4. ঋতুস্ৰাৱৰ সময়ত ব্যৱহাৰ কৰা পেড ২\৩ ঘন্টাৰ মূৰে মূৰে সলাব লাগে যাতে তাত বেক্টেৰিয়াৰ সংক্ৰমন ঘটিব নোৱাৰে। 
  5. চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ধৰণৰ এন্টিবায়টিকচ বা স্টেৰইড অদি ঔষধ ব্যৱহাৰ কৰিব নালাগে।
  6. যৌন সংক্ৰমনৰ পৰা বাছি থাকিবৰ বাবে যৌন সস্পৰ্শৰ সময়ত সাৱধানতা অৱলম্বন কৰিব লাগে যাতে বেক্টেৰিয়াৰ সংক্ৰমন বা বিভিন্ন ধৰণৰ বেমাৰৰ সংক্ৰমন ঘটিব নোৱাৰে তাৰ বাবে নিযেই সাৱধান হোৱা উচিত। 
  7. পৰা পক্ষত কোমল কপাহী কাপোৰৰ অন্তাঃবাস ব্যৱহাৰ কৰিব লাগে। এনে ধৰণৰ কিছুমান নিয়ম পালন কৰিলে এই বগাস্ৰাৱৰ সমস্যাৰ পৰা বাছি থাকিব পৰা হয়।
  8. বহু চিকিৎসা কৰাৰ পাছতো যদি আপোনি এই সমস্যাৰ পৰা উপশম পাবলৈ সক্ষম হোৱা নাই তেনেহলে হোমিঅপেথিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক, মই এতিয়ালৈকে এই সমস্যাত ভূগা শ শ মহিলাক চিকিৎসা কৰি আৰুগ্য কৰিবলৈ সক্ষম হৈছো। আপোনালোককো পৰাণৰ্শ আগ বঢ়াম- এবাৰ মাত্ৰ এই চিকিৎসা গ্ৰহণ কৰক আৰু আজীৱন সুস্থহৈ জীৱন যাপন কৰক।আপোনালোকক স্বাস্থ্যৰ প্ৰতি সজাগ আৰু সচেতন কৰি সু-স্বাস্থ্যৰ অধিকাৰী কৰাটোৱেই আমাৰ মূল লক্ষ্য আৰু উদেশ্য। এই লেখাটোৰ পৰা অপোনাৰ লগতে আনেও যাতে উপকৃত হব পাৰে তাৰ বাবে লেখাটো চেয়াৰ কৰিব, এনে ধৰণৰ লেখা পাই থাকিবৰ বাবে পেজটো Like কৰিব।
ডা.হৰিকান্ত দাস।
ফোন-9954340102
মা হোমিঅপেথিক আৰু ফিজিঅথেৰাপি ক্লিনিক।
গোগামুখ, ধেমাজি (অসম)।

Wednesday, June 27, 2018

কিডনী পাথৰ হলে কি খাব আৰু কি কি খাব নালাগে || (dietary chart for urinary stone former)


কিডনী পাথৰ হলে কি খাব আৰু কি কি খাব নালাগে

বৰ্তমান সময়ত কিডনীৰ বেমাৰৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাব ধৰিছে।
বিশ্বৰ ২০ শতাংশ লোক ক্ৰনিক কিডনী বেমাৰত ভোক্তভোগি হোৱা দেখা গৈছে।
এই কিডনী ৰোগৰ ভিতৰত অন্যতম হ’ল মূত্ৰ পাথৰী। কিডনী পাথৰ হোৱা ৰোগীয়ে কি কি খাব লাগে কি কি খাব নালাগে তাক লৈ বহো চিন্তিত হোৱা দেখা যায়। পাথৰি হোৱা লোক সকলে কি কি খাদ্য খোৱা উচিত আৰু কি কি খাদ্য খোৱা অনুচিত তাৰ বিষয়ে আলোতনা আগবঢ়োৱা হৈছে।

  • মূত্ৰ পাথৰি হোৱা ব্যক্তিয়ে প্ৰচুৰ পৰিমাণে পানী খাব লাগে। তেতিয়া সহজতে পাথৰ সৃষ্টি হ’ব নোৱাৰে।
  • পৰা পক্ষত প্ৰচুৰ পৰিমাণে নাৰিকলৰ পানী খাব লাগে কাৰণঃ- নাৰিকলৰ পানীত উচ্চ হাৰত পতাচিয়াম আৰু মেগনেচিয়াম থাকে, গতিকে ই পাথৰ গঠন হোৱাত বাধা প্ৰদান কৰে। 
  •  কেঁছা পাছলি, গাজৰ, কেৰেলা উচ্চ মিনাৰেল যুক্ত, খাব লাগে ই পাথৰ গঠন হোৱাত বাধা প্ৰদান কৰে।
  •  ফল-মূল, ফল-মূলৰ ৰস, কল খাব লাগে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন B6 পোৱা যায়। সি দেহত (oxalic acid) ক্ষয় কৰি পাথৰ গঠনত বাধা দিয়ে।

· নেমুঃ- 
        নেমুতেঙাত চাইট্ৰিক এছিড থাকে। গতিকে পতাচিয়াম অক্সিলেট প্ৰতিৰোধ কৰি পাথৰ গঠন হোৱাত বাধা প্ৰদান কৰে।

  • · তৰমোজ খাবঃ-তৰমোজত পানী আৰু পতাচিয়াম থাকে ই পাথৰ হোৱাত বাধা দিয়ে। 
  • আনাৰসৰ ৰখ খাবঃ- আনাৰসৰ ৰখত প্ৰচুৰ পৰিমাণে এনজাইম থাকে ই প্ৰস্বাৱৰ পাথৰ গঠন হোৱাত বাধা প্ৰদান কৰে ।

ফাইবাৰঃ-
বাৰ্লি আৰু অটচ খাব লাগে ষ্টন গঠন হোৱাত বাধা দিয়ে।

কি কি খাব নালাগেঃ-
      পালেং আৰু মৰিছা নাখাব। কাৰণ ইয়াত প্ৰৰ্যাপ্ত পৰিমাণৰ(oxalate) থাকে। যি সহজতে পাথৰ গঠন হোৱাত সহায় কৰে।

Ø ফুলকবি, বেঙেনা আৰু মাচৰোমঃ-ইয়াত উচ্চ ইউৰিক এছিড আৰু পিউৰিন থাকে যি ষ্ট্ৰন সৃষ্টিৰ কাৰক ৰুপে গন্য কৰা হয়।

Ø আটলাছ আৰু আঙুৰ নাখাব, অত্যাধিক(oxilat)থাকে। যি পাথৰ জমা হোৱাত সহায় কৰে।

ৰঙালাওঃ-  ৰঙালাওত উচ্চ হাৰত ইউৰিক এছিড থাকে। ই পাথৰ জমা হোৱাত সহযোগিতা আগবঢ়াই।

Ø ষ্টবেৰি খাব নালাগে ই উচ্চ অক্সিলেত যুক্ত গতিকে ই পাথৰ গঠনৰ সহায়ক। 

Ø কি কি আমিষ খাদ্য খাব নালাগেঃ- ছাগলী মাংস, কুকুৰা মাংস, মাছ, কণি খাব নালাগে কাৰণ এইবোৰত ইউৰিক এছিড আৰু পিউৰিণ উচ্চ হাৰত থাকে। গতিকে এইবোৰ খাদ্যৰ পৰা পাথৰ হোৱাৰ সম্ভাৱনা থাকে।

Ø কাজুবাদামঃ-কাজুত উচ্চ অক্সিলেত উপাদান থাকে আৰু ই প্ৰস্বাবত পাথৰ হোৱাত সহায় কৰে।

Ø চকলেট, কেক, ছাহ, কফি আদি খাব নালাগে এইবোৰ উচ্চ অক্সিলেতৰ সমষ্টি গতিকে এইবোৰে মূত্ৰ পাথৰি সৃষ্টি হোৱাত অৰিহনা যোগায়।

Ø শীতল পনীয়, উচ্চ নিমখ যুক্ত আৰু বেছি চেনি যুক্ত পনীয় বা খাদ্য খাব নালাগে।

এই বোৰৰ পৰাও পাথৰ হোৱাৰ সম্ভাৱনা থাকে।