Dr Haris Well future

Sunday, April 7, 2024

কি ভুলৰ বাবে আপোনাৰ কিডনীত হয়?

কি ভুলৰ বাবে আপোনাৰ কিডনীত হয়?

কিডনী পাথৰ বৰ সাংঘাটিক বিষ হয়। আমাৰ ওচৰত কেতিয়াবা ৰোগী আহে দেখি পাওঁ, না বঢ়িব  পাৰে না শুব পাৰে। ধৰফৰাই থাকে। বৰ বেয়া অৱস্থা হয়। যেতিয়া আমি বিষ নিৰাময় বাবে দৰব দিও সমস্যাতো নোহোৱা হয়। আৰু হৰ্থাৎ পুনৰ বিষৰ উতপত্তি হয়। কিছুমান মানুহৰটো দেখিবলৈ পাওঁ কিডনীৰ পাথৰ দৰৱ দিয়া পাছত পাথৰ প্ৰস্বাৱৰ সৈতে বাহিৰ হৈ যায়। তাৰ পাছত কিন্তু ৬ মাহ, ১ বছৰ পাছত পুনৰ একে সমস্যাকে লৈ আমাৰ ওচৰত আহে।

কিডনী-পাথৰ 

এনেকুৱা কি ভুল আমি কৰো যাৰ বাবে পুনৰ আমাৰ কীডনীত  পাথৰ জমা হয়।  আজি কথা পাতিম এনে ৬ টা ভুল কাম, যি বাৰে বাৰে আমাৰ কিডনীত পাথৰ জমা হোৱাত সহায় কৰে।

যদি আপোনাৰ কিডনীৰ পাথৰৰ সমস্যা আছে, যদি আপোনি সঘনাই কিডনীত পাথৰ হোৱা সমস্যাত ভুগি থাকে, তেনে হলে এই ভিডিঅটো গুৰুত্ব সহকাৰে চাওক।

কিডনীত পাথৰ কিয় হয়? আৰু ইমান যে প্ৰচণ্ড বিষ হয়। ইয়াৰ কাৰন কি? ইয়াৰ

উপৰতো ইতিমধ্যে মোৰ চেনেলত ভিডিঅ আছে আপোনালোকে চাব পাৰে।

কিডনীত  স্তন হলে কেনেধৰণৰ খাদ্য বৰ্জন কৰিব লাগে তাৰ ওপৰতো ভিডিঅ আছে ছাব পাৰিব।

কিন্তু আজি ইয়াত কেৱল আমি কি ভুল কৰো  আমি যে বাৰে বাৰে কিডনী ষ্টনৰ স্বীকাৰ হওঁ, সেই বিষয়ে আলোচনা কৰিম। আহক আমি বিষয় তোলে আগবাঢ়ো।

পুনৰ কৈছো, এনেকুৱা বহুত মানুহ পাইছো বহুত ডাঙৰ ডাঙৰ পাথৰ বাহিৰ হৈছে হোমিঅপেথিক মেডিচিনৰ জৰিয়তে।

মোৰ ঘৰতে আছিল ২১mm কিডনীৰ পাথৰ এতিয়া ৫mm. যেতিয়া বিষ হয় মেডিচিনলে মনত পৰে। আৰু যেতিয়া ঠিক হৈ থাকে সকলো পাহৰি যায়।

১০/১২mm পাথৰ লৈ আমাৰ ওচৰলৈ আহে মেডিচিন দিও বিষ নোহোৱা হয়। আৰু যেতিয়া সেই একেজন লোকৰ কিবা বেলেগ সমস্যা লৈ আমাৰ ওচৰলৈ আহে আমি সুধিলে কয় যে আপোনাৰ ঔষধে মোৰ কিডনীৰ পাথৰ ভাল কৰি দিলে। কোনোৱাই আমাক সুধে- এতিয়াতো বিষ নাই ছাৰ কিয় ঔষধ খাব লাগে? আচলতে আমি কৰা প্ৰথম ভুল এইটোৱেই। কিডনিত পাথৰ থাকিলে যে বিষ হবই তেনে কোনো কথা নাই। বিষ তেতিয়াহে হব যেতিয়া পাথৰটো লৰচৰ হৈ কিডনীৰ ভিতৰত ঘহাখাব।

প্ৰায় সকল লোকৰ কিডনী পাথৰৰ বিষ তেতিয়া উৎপন্ন হয়, যেতিয়া দৌৰে বা খেলা-ধূলা কৰি আছিল তাৰ পিছতেই হৰ্থাৎ বিষ উৎপত্তি হয়।

বিষ নহলে বুলিয়েই যদি পথাৰৰ কোনো ধৰণৰ দৰৱ নাখাই তেনে হলে লাহে লাহে পাথৰৰ আকাৰ বৃদ্ধি হৈ থাকিব আৰু ৪/৫ মাহৰ পাছত পুনৰ বিষ হব। গতিকে পাথৰ থকা লোকে কেতিয়াও এই সমস্যা অৱহেলা কৰিব নালাগে। প্ৰয়োজন হলে ৩/৪ মাহৰ মূৰে মূৰে আল্টাচনগ্ৰাৰ্ফী কৰাওক।

পানী কম  খোৱাতো কিডনীৰ পাথৰৰ আন এক অন্যতম কাৰন। আমাৰ ওচৰত অহা বহু মানুহে কয় পানী খাব নোৱাৰে, কোনো কোনোৱে কয় বেছি পানী খালে  বমি আহিব খুজে, পানী নোখোৱাতো আমি কৰা এটা গুৰুতৰ ভুল। আপুনি এবাৰত বহু পৰিমানৰ পানী একেলগে খাব নোৱাৰিব পাৰে, কাৰন আপুনাৰ পানী খোৱাৰ অভ্যাস নাথাকিব পাৰে।  গতিকে কাম কৰা মাজে মাজে আধাগিলাজ একগিলাজ কৈ পানী খোৱা কাৰক। যদি অফিচত থাকে বা পঢ়াশুনা কৰি থাকে তেনে হলে টেবুলত এটা পানী বটল ৰাখক। আৰু লাহে কম কমকৈ পানী খাওঁক। অন্তত দিনতোত ৮০/১০ গিলাজ পানী খাবলৈ চেষ্টা কৰক।

বহু মানুহ দেখিবলৈ পাওঁ ককালৰ বিষ হল, পেটৰ বিষ হল ফাৰমাছিৰ পৰা বিষৰ টেবলেট আনিলে খালে অলপ আৰাম পালে আৰু পাহৰি থাকিলে। চনগ্ৰাৰ্ফী নকৰাকৈ এনেদৰে ঔষধ গ্ৰহন কৰাতোও এটা ডাঙৰ ভুল।

এজন ৰোগী পাইছিলো কিডনী পাথৰ। মই সুধিলো নিবিষায় নেকি?  তেতিয়া কৈছে বিষৰ দৰব  প্ৰায় খাব লগা হয়। তাৰ পিছত USG কৰিবলৈ দিয়াত ১৮mm  পাথৰ গমেই নাপায়। USG নকৰাকৈ এনেদৰে ফাৰ্মাচীৰ পৰা ঔষধ কিনি খোৱাতো এটা ডাঙৰ ভুল।

গতিকে USG কৰাতো অতি জৰুৰী কাৰন কেতিয়াবা পাথৰৰ বাবে কিডনী ডেমেজ হৈ যাব পাৰে। গতিকে পাথৰটো কিমান ডাঙৰ, কোন খিনি ঠাইত আছে কিডনী কিবা ফুলা বা পানী জমা হোৱা সমস্যা হৈছে নেকি? বা কিডনীৰ পৰা প্ৰস্বাৱ থলীলৈ যোৱা নলী ডালত ফচি আছে নেকি। এইবোৰ জনাতো অতি জৰুৰী।

লগতে ক্ৰিটিনিনৰ পৰিমান বৃদ্ধি পাইছে নেকি? সেইটোও পৰীক্ষা কৰাটো জৰুৰী।

বহু মানুহে দেখিবলৈ পোৱা যায় কোনো অজ্ঞাত বেজৰ কাষ চাপে। কিবা বন দৰব নাযানো আৰু কি কি  প্ৰয়োগ কৰে। চিকিৎসা লোৱা জনে টো ভাবি থাকে ষ্টন শতম হল বুলি। কিন্তু মূৰকত গৈ  বহু সমস্যাৰ সন্মখীন হৈ জীৱন বিপদপন্ন কৰিব লগা হয়।

ঘৰতে দূপৰটেঙা আদিৰ দৰে ঔষধী গছৰ পাত বহুতে গ্ৰহন কৰে, আমিও উপদেশ দিও, সেৱণ কৰিবলৈ। কিন্তু আপোনালোকে পাথৰৰ আকাৰ, বা ই কিডনীত কৰা ক্ষতিৰ বিষয়ে জনাতো দৰকাৰ। যদি কোনবা কিডনীৰ ইউৰেথাৰত পাথৰটো বল্ক হৈ কিডনীটো হাইড্ৰনেফ্ৰচিছৰ সমস্যাই হৈছে বা। তেনে ক্ষেত্ৰত কি়ডনীতোৰ ক্ষয়  ডেমেজ হব পাৰে। কাৰন কিডনীৰ অধ্যাধিক প্ৰেছাৰ পৰা ফলত ক্ৰিয়েটিনিনৰ বৃদ্ধি হব পাৰে।কিডনী ফেইল হৈ বিভিন্ন সমস্যা সৃষ্টি হব পাৰে।

কিডনীৰ পাথৰ যদি আছে তেনেহলে দীঘলীয়া মাত্ৰাৰ সময়ত বিষ নাশক দৰব লগত ৰাখক যাতে জৰুৰীকালীন সময়ত ব্যৱহাৰ কৰিব পাৰে। হোমিঅপেথিকত এই পাথৰৰ সমস্যাই উতপন্ন কৰিব পৰা বিষ নাশকৰ বাবে বহুত সুন্দৰ মেডিচিন আছে। আপোনা লোকে অভিজ্ঞ হোমিঅপেথিক চিকিতসকৰ কাষচাপি এই মেডিচিন লব পাৰে।

গতিকে আপুনি যদি কিডনীৰ পাথৰ আছে সময়মতে USG কৰাওক দৈনিক ৮-১০ গিলাছ পানী খাওঁক। নিয়মীক হোমিঅপেথিক গ্ৰহণ কৰক চিকিতসকৰ পৰা পৰামৰ্শ গ্ৰহন নকৰাকৈ নিজেই পেইনকিলাৰ নাখাব। আপোনাৰ অৱহেলাই আপোনাৰ কিডনীৰ কেইতাৰ ব্যাপক ক্ষতি কৰিব পাৰে।

https://www.youtube.com/watch?v=9bY4SK668kc

hi I am Dr Hari

Monday, July 10, 2023

ডায়বেটিছ নিয়ন্ত্ৰণ কৰাৰ উপায় জানো আহক

ডায়বেটিছ নিয়ন্ত্ৰণ কৰাৰ উপায় জানো আহক-

ডায়বেটিছ এনে এক বেমাৰ যাক কেৱল খাদ্যৰ জড়িয়তেও নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি। যদি কোনো ধৰণৰ জটিল সমস্যা  নাথাকে। কিন্তু আজি কালি বহু ৰোগীৰ মনত এনে এক ধাৰণা দিবলৈ চেষ্টা কৰা হয় যে, যদি নিয়ন্ত্ৰণ কৰিব পৰা নায় বা খাদ্যৰ নিয়ন্ত্ৰণ কৰাৰ পাছতো যদি ডায়বেটিছ নিয়ন্ত্ৰণ কৰিব পৰা নাই তেনে হ'লে ঔষধ খাব লাগিব আৰু লাহে লাহে ঔষধ পৰিমাণ বাঢ়িব। আজি যদি আপোনি এটা টেবলেত খাইআছে তেনে হ'লে কিছুদিনৰ পাছত দুটাকৈ খাব লাগিব। টেবলেততো যদি আপোনাৰ কাম নহয় বা চুগাৰ নিয়ন্ত্ৰণ নহয়, তেনে হ'লে ইনছুলিন ল'ব লাগিব। ইনছুলিনো ঠিক  তেনেকৈ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিব লাগিব। আজি যদি আপোনি ১ বাৰ লৈছে ঠিক তেনেকৈ কিছুদিনৰ পাছত দুবাৰ কৈ ল'ব লাগিব। একবাৰ যদি টেবলেট বা ইনছুলিন লয় তেনে হ'লে গোটেই জীৱন লৈ থাকিব লাগিব।

কিন্তু মই বহু ডায়বেটিচ ৰোগীৰ লগত কথা পাতিছো দেখিছোঁ যে তেওঁলোকৰ জীৱন ধাৰণ প্ৰণালী ইমানেই বিসংগতিৰপূৰ্ণ যে এনেধৰণৰ বিসংগতিপূৰ্ণ জীৱন শৈলীয়েই তেওঁলোকৰ ডায়বেটিচৰ মূল কাৰণ। যেতিয়া তেখেঁত সকলৰ এই জীৱন শৈলী সংশোধন কৰিবৰ কাৰণে উপদেশ দিয়া হ'ল, খাদ্যৰ তালিকা নিয়ন্ত্ৰণৰ বাবে তালিকা প্ৰস্তুত কৰি দিয়া হ'ল, প্ৰায় সংখ্যক লোকৰে ডায়বেটিছ নিয়ন্ত্ৰণ লৈ আহিল।

মোৰ ওচৰলৈ অহা ৩৫/৪০ বছৰৰ যিমান বিলাক ব্যক্তি আহিছে ডায়বেটিচৰ বাবে টেবলেট ইনছুলিন লৈ থকা সকলোৰে হয়তো ইনছুলিন ২ বাৰৰ পৰা এবাৰ ল'ব লগা হৈছে। আৰু টেবলেট এৰি এতিয়া কেৱল খাদ্য নিয়ন্ত্ৰণ আৰু জীৱন ধাৰণৰ প্ৰণালী সংশোধন কৰি সুস্থ জীৱন কটাইছে। মাজতে যি কেইজন ব্যক্তিৰ চুগাৰ পুনৰ বাঢ়িছে তেওঁলোকে স্বীকাৰ কৰিয়ে যে তেওঁলোকৰ ডায়বেটিচ ভাল হ'ল বুলি ভাবি খোজকঢ়া, ব্যায়াম, প্ৰণায়াম, যোগ আদি কৰিবলৈ এৰি দিছে আৰু নিয়মীয়াকৈ মিঠাই খাবলৈ লৈছে। গতিকে মই সকলোকে অনুৰোধ কৰিম যাতে এনেধৰণৰ ভুল কেতিয়াও নকৰে।

ডায়বেটিচৰ পৰা হাত সাৰি থাকিবলৈ কেইটামান কৰণনীয় ইয়াতেই আপোনালোকক কম।

প্ৰথম কথা হ'ল যদি আপোনাৰ শৰীৰৰ ওজন বৃদ্ধি হৈছে তেনে হলে আপোনি ওজন কমাব লাগিব। তাৰ কাৰনে আপোনি দৈনিক ব্যায়াম কৰক। আৰু লগতে ভাত কমকৈ খাওঁক তাৰ পৰিবৰ্তে ফল-মূল চালাদ আদি যিমান পাৰে খাওঁক। ফলৰ ভিতৰত কল, আম আঙুৰ  কমাই খাব। বাকী বোৰ ফলমূল যিমান খাব খুজে খাওঁক। বহু ৰোগীক আমি দেখো আপেল, নাচপতি, মধুৰি আদি সকলো নাখায় চুগাৰ বঢ়াৰ  ভয়ত। কিন্তু চিন্তাৰ কাৰণ নাই ফলমূল নিচিন্ত মনে খাওঁক।

মে়ডিটেচন কৰক, যোগা কৰক যদি নিজেই কৰিবলৈ অসুবিধা পাই তেনে হলে আজিকালিতো সকলোতে যোগা চেন্টাৰ থাকে তাত  যাওঁক সময় উলিয়াই। যোগা আৰু মেডিটেচনে ডায়বেটিচৰ নিয়ন্ত্ৰণত যথেষ্ট  সহায় কৰে।

শাৰীৰিক ব্যায়াম জীৱনৰ এটা অবিচ্ছেদ্য অংগ বুলি ভাবি লওঁক। দিনতোত অন্তত ৪০ মিনিট খোজ কাঢ়ক। দিনত যদি ৪০ মিনিট খোজকাঢ়ে, ডায়বেটিচ সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ থাকিব। পাৰিলে খোজ কঢ়াৰ সময় সিনিত বেগাই খোজকাঢ়িবলৈ যত্ন কৰিব ।

শাক-পাচলিবোৰ যিমান পাৰে বইল কৰি খাবলৈ চেষ্টা কৰিব। ভেন্দি , জিকা, গাজৰ, চালগোম, ভাত কেৰেলা, তিতা কেৰেলা, তিতা ভেকুৰী, আদিবোৰ বইল কৰি যিমান খাব পাৰে খাওঁক। চালাদ দৈনন্দিন খাদ্যৰ তালিকাত  অন্তৰ্ভূক্ত কৰিবই।

মেঠি শাক পোৱাৰ চিজনত মেঠি শাক, কবি, গাজৰ তিয়ঁহ, বিলাহী আদিবোৰ চালাদ বনাই যিমান পাৰে খাব। ডায়বেটিচ একদম নিয়ন্ত্ৰণ কৰি ৰাখিব। লগতে পাচলিৰ চুপ খাব পাৰি। এইবোৰত একদম কাবহাইড্ৰেট একেবাৰেই কম থাকে গতিকে চুগাৰ নিয়ন্ত্ৰণ সহায়ক হ'ব। কেৱল চালাদ ফলমূল চুপ আদি গ্ৰহন কৰাৰ লগতে নিয়মিত ৪০/৫০ মিনিট খোজকাঢ়ে ডায়বেটিচৰ কোনো ঔষধৰ প্ৰয়োজন নাই। কৰি চাওঁক  নিজেই  ফল  পাব।

নিমখ কম খাব। নিমখ বেছি খালে কিডনীত অত্যাধিক প্ৰেচাৰ পৰিব যাৰ বাবে ডায়বেটিচ নিয়ন্ত্ৰণত বাধা আহিব। চৰ্বীজাতীয় খাদ্য বা বেছি তেল‌ত দিয়া খাদ্য যিমান পাৰে কম খাব। নাখালে ভাল, কাৰন চৰ্বি যদি বেছি কৈ খাই ডায়বেটিচ নিয়ন্ত্ৰণত অসুবিধা হয়। আৰু এটা কথা মনত ৰাখিব যিকোনো আবস্থাতেই মানসিক চাপ এৰাই চলিব। মানসিক চাপে আপোনাৰ শাৰীৰত শকৰা পৰিমাণ বৃদ্ধি কৰি ডায়বেটিচৰ সমস্যা বৃদ্ধি কৰিব। সেইয়ে সস্বাভাৱিক জীৱন যাপন কৰক। মেডিটেচন কৰক খোজ কাঢ়ক ব্যায়াম কৰক।

 টোপনি ক্ষতি নকৰিব। টোপনি ক্ষতি কৰাতো ডায়বেটিচৰ এটা কাৰণ। টোপনি ভাল হ'লে ডায়বেটিচৰ নিয়ন্ত্ৰণ কৰাৰ সহায়ক হয়। গতিকে ৰাতি ১০ বজাৰ পৰা আপোনাৰ কাষৰ পৰা ম'বাইল ফোনতো আঁতৰাই ৰাখি তাৰ থাইত আপোনি ভাল এখন কিতাপ তুলিলৈ পঢ়িবলৈ আৰম্ভ কৰক। টোপনি সহজতে আহি যাব।

যদি আপোনাৰ ডায়বেটিচ সমস্যা আছে তেনে হ'লে নিয়মীয়াকৈ তেজৰ পৰীক্ষা কৰি চাওঁক। খালীপেটত এবাৰ চাব, যদি ১০০ মিলিগ্ৰাম প্ৰতি ডেচিলিটাৰত থাকে আৰু খাদ্য খোৱাৰ ডেৰ ঘন্টাৰ পিছত ১৪০ মিলিগ্ৰাম প্ৰতি ডেচিলিটাৰত থাকে তেনে হ'লে চিন্তাৰ কোনো কাৰন নাই। HBA¹C চাব (গ্লাইকচিলেট হিমগ্লবিন) ৬.৫ ভিতৰত থাকিলে কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই।

যদি এই সকলোবোৰ কৰাৰ পাছতো ব্লাড চুগাৰ নিয়ন্ত্ৰণ নাথাকে। তেনে হ'লে ঔষধ গ্ৰহণ কৰক। ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাতো অতি জৰুৰী দেই। কথাটো মনত ৰাখিব।  যদি  চুগাৰ নিয়ন্ত্ৰণ নাথাকে। আমাৰ দেহত অতি গুৰুত্বপূৰ্ণ অংগ কিডনী, হাৰ্ট, লিভাৰ, চকু আদি ক্ষতি হব, দেহৰ ৰক্তবাহী নলীকা আদিও বেয়া হ'ব যাৰ ফলত  জীৱন সংকটত পৰিব।

hi I am Dr Hari

Friday, July 9, 2021

৬ টা উৎকৃষ্ট হোমিঅেথি মেডিচিন পাইলচৰ ববে যি আপোনাক অপাৰেচনৰ পৰা বচাই ৰাখিব।

৬ টা উৎকৃষ্ট হোমিঅেথি মেডিচিন পাইলচৰ ববে যি আপোনাক অপাৰেচনৰ পৰা বচাই ৰাখিব।

Piles-treatmentজান্তিকতাৰ ধামসুমীয়াত মানুহৰ দৈনন্দিন জীৱন যত্ৰাৰ পৰিৱৰ্তন আৰু খাদ্যভ্যাখৰ বিসংগতিৰ বাবে মানুহৰ শৰীৰত বিভিন্ন দুৰাৰোগ্য ৰোগৰ উৎপতি হব ধৰিছে। তাৰোপৰি অত্যন্ত কাৰ্যব্যস্ততাৰ বাবে আমাৰ খোৱা-বোৱা আৰু কামৰ কোনো নিৰ্দিষ্ট সময় নোহোৱা হৈ পৰিছে। আৰু ইয়াৰ লগে লগে শাৰীৰিক ব্যয়াম বা খেলা-ধূলাৰ বাবে মানুহৰ হাতত একেবাৰে সময়ৰ অভাৱ হৈ পৰিছে। যাৰ বাবে মানুহে মানসিক চাপ বা মানসিক অশান্তি, বদ হজম, গেষ্ট্ৰিক, এচিডিটি, কোষ্ঠকাঠিন্যৰ সমস্যাত বেছিকৈ ভুগিবলৈ লৈছে। যদি এই সমস্যা সমূহ দীৰ্ঘদিন ধৰি হৈ থাকে তেনে হলে ব্যক্তি এজন পাইলচত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে। আৰু বহু ব্যক্তিৰ এই পাইলচৰ সমস্যাৰ বাবে অস্ত্ৰোপ্ৰচাৰ কৰিব লগা পৰিস্থিতিও উদ্ভৱ হয়।

হোমিঅপেথিকত এই পাইলচৰ সুউব সুন্দৰ ফলপ্ৰসু চিকিৎসা আছে। অস্ত্ৰোপ্ৰচাৰৰ প্ৰয়োজন নাই। হোমিঅপেথিক চিকিৎসাৰ জৰিয়তে কেচুমূৰীয়া বা পাইলচ সম্পুৰ্ণ নিৰামই কৰাটো সম্ভৱ। এবাৰ সম্পুৰ্ণৰূপে ভাল হোৱাৰ পাছত ভবিষ্যতে হোৱাৰো সম্ভাৱনা নাথাকে বা একেবাৰে কম থাকে।

বহু বেছি বিষ আৰু ৰক্ত নিৰ্গত হৈ থকা সমস্যা হলে কিছুদিন হোমিঅ ঔষধ সেৱন কৰিলেই এই ৰক্ত উলোৱা সমস্যাটো আৰু বিষ জ্বলা-পোৰা হোৱা সমস্যাতো উপশম হয়।

হোমিঅপেথিক ঔষধে আপোনাৰ যিবোৰ পেটৰ সমস্যাৰ বাবে কেচুমুৰীয়া বা পাইলচ হৈছে এই সমস্যাবোৰ যেনে দীৰ্ঘদিনিয়া গেছ, এচিডিটি, বদহজম আদিবোৰ নিৰাময় কৰি হজম শক্তি বৃদ্ধি কৰি লিভাৰৰ কাৰ্যক্ষমতা দ্ৰুত উন্নতি ঘটাই পৰিপাক ক্ৰিয়াক দ্ৰুত কৰি অন্ত পৰিস্কাৰ কৰে, কোষ্ঠকাঠিন্যৰ পৰা মুক্তি দিয়ে আৰু কেচুমূৰীয়া সমস্যাৰ পৰা স্থায়ী ভাৱে মুক্তি দি স্বাভাৱিক জীৱন যাত্ৰাত  সহায় কৰে।

ইস্কুলাচ হিপ্পোকাষ্টালামঃ- ( AESCULUS HIPPOCASTANUM )

পাইলচৰ-চিকিতসাশৌচ কৰাৰ কেইবা ঘন্টা লৈকে পায়খানাৰ দূৱাৰত জ্বলা-পোৰা আৰু ভিতৰৰ পৰা টানি থকাৰ দৰে বিয হয়। পায়ুদ্বাৰত খজুৱতী হয়। পাইলচৰ পদাহৰ বাবে মলদ্বাৰৰ ভিতৰত মল লাগি খোপামাৰি ধৰি থকাৰ দৰে অনুভৱ হয়। কোষ্ঠকাঠিন্যৰ প্ৰৱনতা হয়। কঁকালৰ বিষ হয়। মলাশয় গৰম আৰু শুকান, সৰু সৰু কাঁইটেৰে পূৰ্ণ হৈ থকাৰ দৰে বিষ হয়। মলাশয়ত চোকা কটাৰী খোমোৱাই দিয়াৰ দৰে বিষ হয়। পাইলচৰ গুটি বেঙুনীয়া অৰ্থাৎ বেঙেনা ৰঙৰ দৰে হয়। পাইলচৰ গুটিৰ পৰা কেতিয়াবা কেতিয়াবা তেজ নিৰ্গত হয়।

পোৰণি আৰু খজুৱতীৰ লগতে মলাশয়ত ক্ষত আৰু পৰিপূৰ্ণ ভাৱ হয়। মল টান আৰু শুকান, নিৰ্গত হওঁতে কষ্ট হয়। মলাশয় শুকান আৰু গৰম যেন লাগে। কঁকাল আৰু পিঠিৰ সংযোগ স্থলত অতিপাত বিষ হয়। এনেবোৰ লক্ষণ প্ৰকাশ পালে এই মেডিচিনৰ ৩ টোপাল কৈ দিনে ২-৩ বাৰ কৈ ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা উপসম পাব।

নাক্স ভমঃ-

পাইলচ বা কেচুমুৰীয়াৰ এক উৎকৃষ্ঠ মেডিচিন। কোষ্ঠকাঠিন্য নিৰাময়ত সহায় কৰে। কেচুমুৰীয়া বা পাইলচ ৰোগীৰ খাদ্য খোৱাৰ এক ঘন্টাৰ পাছতেই পেট গধূৰ লাগে। পায়খানাৰ নিস্ফল বেগ হয়, বাৰে বাৰে পায়খানাত যায়, কিন্তু পায়খানা নহয় বা পায়খানা কম হয়, আৰু কৰিম কৰিম লাগি থাকে। ডিঙিত কিবা খাদ্য সামগ্ৰী লাগি থকাৰ দৰে ভাব হয়। বহু মানুহৰ এনেকুৱা অনুভৱ হয় ডিঙিত কিবা খোৱা বস্তু লাগি থকাৰ দৰে হয়। ডিঙি খোপা মাৰি ধৰাৰ দৰে হয়। এই সমস্যাৰ বাবে বহুতে এণ্ডস্কপি পৰ্যন্ত কৰাই কিন্তু কোনোধৰণৰ বিসংগতি ধৰা নপৰে। ইয়াৰ লগে লগে জ্বলা-পোৰা থাকে।

যিসকল ব্যক্তিৰ অত্যাধিক জাংফুড, ফাষ্টফুড, জলা, মচলা, ভজা-পোৰা খাদ্য অনৰবৰত খায়। যিসকল ব্যক্তিয়ে ৰাতি বহুদেৰিলৈকে টোপনি খতি কৰে বিভিন্ন কাৰণত যান্ত্ৰিক জীৱন কতায়, উশৃংসল জীৱন যাপন কৰে তেনে লোকৰ পাইলচৰ সমস্যাত এই মেডিচিন অত্যন্ত কাৰ্যকৰী।

এনাকৰডিয়ামঃ- (ANACORDIUM )

পাইলচ-বা-কেচুমূৰীয়াৰ-ঔষধখালী পেটত পেটৰ বিষ হয়। লগতে মূৰো বিষ হয়। খাদ্য খালে পেট আৰু মূৰৰ বিষ ভাল হয়। টোপনিত প্ৰায় চক খাই উঠে। কথা পাহৰে অৰ্থাৎ স্মৃতি শক্তি লোপ পায়। পাইলচ ৰোগীৰ কোষ্ঠকাঠিন্য হয়। শৌচকৰাৰ খুউব ইচ্চা হয়, কিন্তু পায়খানাত বহিলে শৌচৰ প্ৰবনতা নোহোৱা হৈ যায়। মলাশয় পক্ষাঘাট হয়, মলাশয় যেন সোপাদি বন্ধ কৰা আছে তেনে অনুভৱ হয়। পেটৰ আমনি বাঢ়ি যায়। এনেকুৱা লক্ষণ প্ৰকাশপালে এই ঔষধৰ ২০০ ক্ষমতাৰ ৩ টোপালকৈ দিনে ৩-৪ বাৰ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা পৰিত্ৰান পাব পাৰিব।

চালফাৰ (SULPHUR)

পায়খানা কৰাৰ পিচত মলদ্বাৰত অত্যন্ত জ্বলন হয়। সকলো সময়তে পায়খানা দূৱাৰত খজুৱতী হয়। পুৱা বিছনাৰ পৰা দুখোঁজ দিয়াৰ লগে লগেই পায়খানাৰ বেগ আহে। ৰোগীয়ে সামান্য হুলস্থুল সহ্য কৰিব নোৱাৰে। অলপমান হুলস্থুল হলেই টোপনি ভাঙে। এনেকুৱা লক্ষণ থাকিলে SULPHUR মেডিচিনটো ৩ টোপাল কৈ দিনে ২ বাৰকৈ ব্যৱহাৰ কৰিব।

বায়নিয়াঃ- (Bryonia)

পায়খানা খুউব শকত আৰু টান হয়। পায়খানা কৰাৰ সময়ত অত্যন্ত যোৰ দিব লগা হয়। পায়খানাৰ ৰং ক’লা হয় আৰু পায়খানা বাহিৰ হবৰ বাবে বৰ কঠিন হয়। বহুত সময় কচৰৎ কৰিব লগা হয়। লগতে পাইলচত ভুক্তভূগী ব্যক্তিজনে অনৰবৰত পিয়াহ অনুভৱ কৰে, পানী খায়থাকিব বিছাৰে। এনেকুৱা লক্ষণ থাকিলে এই বায়নিয়া মেডিচিনটো ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা পৰিত্ৰান পাব পাৰি।

লাইকপডিয়ামঃ (LYCOPODIUM)

পাইলচ ৰোগীৰ অত্যাধিক পেতফোলাৰ সমস্যা হয়। পেটত প্ৰায় গৰ গৰ কল কল শব্দ হয়। পিছবেলাৰ ভাগলৈ পেট গধূৰ অনুভৱ কৰে। ভোক লাগে কিন্তু অলপ মান খাদ্য খোৱাৰ পিছতেই পেট ভৰি যায়। বুকু জলা-পোৰা কৰে লগতে তেঙা স্বাদযুক্ত উগাৰ আহে। এনেকুৱা লক্ষণ প্ৰকাশ পালে এই ঔষধৰ ২০০ ক্ষমটাৰ ৩ টোপাল কৈ ৰোগৰ প্ৰাবল্য অনুসৰি দিনত ২-৩ বাৰ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা পৰিত্ৰান পাব পাৰি।

কাৰ্বভেজঃ (CARBOVEG)

পাইলচ হোৱা ব্যক্তিৰ স্বাস্থ্য অত্যন্ত বেয়া হয়, ভগ্নস্বাস্থ্য। যিবোৰ বস্তু খালে ৰোগ বৃদ্ধি হয় তেনেবোৰ বস্তু খাব বিছাৰে। মদাহীয়ে হুইস্কি, ব্ৰাণ্ডি আদি খাব বিছাৰে। পৰিপাক শক্তি অতি দূৰ্ব্বল, সহজতে হজম হোৱা বস্তু খাব নিবিছাৰে। পাকস্থলী আৰু অন্তত অতিপাত বায়ু জমা হয়। শুলে বৃদ্ধি হয়। খাদ্য আৰু পানী খোৱাৰ পিছত পেটত অশান্তিৰ বৃদ্ধি হয়। পাকস্থলী ফাটি যাব যেন লাগে। ৰাতি পলম কৈ খোৱা, অত্যাধিক মচলাৰে বনোৱা বস্তু খোৱাৰ ফলত সমস্যা বৃদ্ধি হয়। উগাৰ আহিলে পেটৰ অশান্তি সাময়িক উপসম হয়। সুনিৰ্বাচিত দৰবতো প্ৰতিক্ৰিয়াৰ অভাৱ। এনেকুৱা ধৰণৰ লক্ষণ থাকিলে এই ঔষধ ২০০ ক্ষমতাৰ দিনে ২-৩ বাৰ কৈ ৰোগৰ প্ৰাবল্য অনুসৰি ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা উপশম পাবলৈ সক্ষম হব।

ইয়াৰ ওপৰিও HAMAMELIS, COLINSONIA, CALCAREA FLOR, THUJA, CONIUM MAC, RATANHIA, CARICA PAPAYA, ACID NIT আদি ঔষধ সমূহ প্ৰয়োগ কৰিও পাইলচ সহজতে ভাল কৰিব পাৰি।

https://www.youtube.com/watch?v=nsRIylXtomchi I am Dr Hari

Saturday, July 3, 2021

কঁকালৰ বিষ হলে কি কি হোমিঅ’পেথিক মেডিচিন খাব ?

কঁকালৰ বিষ হলে কি কি হোমিঅ’পেথিক মেডিচিন খাব ?

কঁকালৰ-বিষআমাৰ ৰাজহাড়দালক চাৰিটা ভাগত বিভক্ত কৰা হৈছে। প্ৰথম অংশটো CERVICAL, দ্বিতীয় অংশটো THORACIC, তৃতীয় অংশটো লাম্বাৰ(LUMBER) আৰু চতুৰ্থ অংশটো অৰ্থাত একেবাৰে শেষৰ অংশটো secrum চেক্ৰাম। যেতিয়া আমাৰ LUMBER অংশত বিষ হয় তেতিয়া তাক আমি কঁকালৰ বিষ হোৱা বুলি কওঁ। সাধাৰণতে আমি আমাৰ ৰাজহাড় ডালৰ কঁকালৰ অংশ অৰ্থাৎ LUMBER ত বেছিকৈ সমস্যা হোৱা দেখিবলৈ পাওঁ। আমাৰ প্ৰতিজন মানুহৰেই কঁকালৰ বিষত ভোগাৰ অভিজ্ঞতা আছে। কাৰণ যিহেতু বিশ্বৰ প্ৰতি ১০ জনৰ ভিতৰত এজন লোক কঁকালৰ বিষত ভুক্তভোগী। পুৰুষৰ তুলনাত মহীলা সকলৰ কঁকালৰ বিষ বেছি হোৱা দেখিবলৈ পোৱা যায়।

ককাঁল বিষৰ হোমিঅ’পেথিক মেডিচিনঃ-

ARNICA MONTANA 200ARNICA-MONTANA-200

কঁকালৰ অত্যন্ত বিষ, বহিব নোৱাৰে। বহা চকীত পিঠিৰ অংশ স্পৰ্শ হোৱাৰ লগে লগে বিষ বৃদ্ধি হয়, কঁকালৰ বিষহোৱা অংশটোত হাত লগোৱাৰ লগে লগে বিষ হয়। ৰোগীয়ে বিষোৱা অংশত স্পৰ্শ কৰিলে চিঞৰি উঠে। বিছনাত শুব নোৱাৰে, শুৱা বিছনা টান অনুভৱ কৰে। কঁকালৰ বিষ কেতিয়াবা একেবাৰে ভৰিলৈকে অনুভৱ কৰে। বিষৰ প্ৰকোপত হাত, ভৰি লৰাব নোখুজে।

এনেধৰণৰ লক্ষণ প্ৰকাশ পালে ARNICA MONTANA 200  মেডিচিনটো ৩ টোপাল কৈ দিনে ৩-৪ বাৰকৈ খাব। ১৫-২০ দিন ব্যৱহাৰ কৰাৰ পাছত বিষৰ পৰা উপশম পাবলৈ সক্ষম হ’ব।

আপোনাৰ বিষ কিয় হৈছে বা কি হৈছে জানৰ প্ৰয়োজন নাই। যদি এই লক্ষণ সমূহ হৈছে। লাগিলে শ্লিপডিক্স হওঁক বা ডিক্স হানিয়েচনেই হওঁক বা অষ্টিয়আৰথাৰাইটিচেই হওঁক বা পোৰণা দূৰ্ঘটনা বসত দুখ পোৱা বিষেই হওঁক আপোনি এই দৰব ব্যৱহাৰ কৰি কঁকালৰ বিষ দূৰ কৰিবৰ বাবে সক্ষম হ’ব।

BRYONIA ALB 200 BRYO-NIA-ALB-200

বেজীয়ে বিন্ধাৰ দৰে, ফালি যোৱাৰ দৰে কঁকালৰ বিষ। বিষ ৰাতি বৃদ্ধি হয়। লৰচৰ কৰলে, উশাহ লোৱাৰ সময়ত, কাহ মাৰিলে বিষ বৃদ্ধি হয়। কঁকালৰ বিষ হোৱাৰ অংশত চাপদি শুলে উপশম হয়। এই লক্ষণ থাকিলে এই ঔষধৰ ৩০ ক্ষমতাৰ ৩ টেপালকৈ দিনে ৩-৪ বাৰ কৈ কিছুদিন ব্যৱহাৰ কৰিলে বিষৰ উপশম হয়।

RHUSTOXICODENDRON 30

কঁকালৰ বিষ। মোচোকা খোৱাৰ বাবে বা বৰকৈ কঁকালৰ পেক্ষীবন্ধনী টান খোৱাৰ ফলত হোৱা বিষ। অতিৰিক্ত গধূৰবস্তু দাঙি তুলিবলৈ টেষ্টা কৰাৰ ফলত মোচোকা খাই হোৱা কঁকালৰ বিষ বা উখ ঠাইৰ পৰা কোনো বস্তু হাতেৰে ঢুকি পোৱাৰ চেষ্টা কৰাৰ ফলত হোৱা কঁকালৰ বিষ। বিষ ইমানে বৃদ্ধি হয় যে, কঁকালৰ পেক্ষীবন্ধনী সন্ধীস্থানৰ পৰা বিছিন্ন হৈ গৈছে যেন অনুভৱ হয়।

RHUS-TOXICO-DENDRON-30কটাৰীৰে হাড়বোৰ চাঁচি থকাৰ দৰে অনুভৱ হয়। বিষ মাজনিখাৰ পাছত আৰু বৰষুণৰ বতৰত বা বৰষুণত তিতিলে বৃদ্ধি হয়।

কঁকালৰ বিষ হোৱা অংশত স্পৰ্শ কৰিলে ঘাঁ লগাৰ দৰে অনুভৱ হয়।

ৰাতিপূৱা বিছনাৰ পৰা উঠাৰ সময়ত যেতিয়া খোজকাঢ়িব কঁকালত ঘাঁ লগাৰ দৰে অনুভৱ হয়। একেবাৰে জঠৰ হৈ পৰাৰ দৰে হ’ব। অলপ সময় খোজকাঢ়িলে বিষ লাহে লাহে উপষম হ’ব।

বহিলে বা শুই থাকিলে বিষ বৃদ্ধি হয়। চলাফুৰা কৰিলে বিষ উপশম হয়। এনেকুৱা লক্ষণ প্ৰকাশ পালে এই ঔষধৰ ৩০ ক্ষমতাৰ ৩ টোপাল কৈ দিনে ৪-৫ বাৰ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা পৰিত্ৰান পাব পাৰি।

RUTA GRAVEOLENS

ৰোগী বিষত অস্থিৰ হৈ পৰে। শুই থকাৰ সময়ত সঘনাই ইকাতি সিকাতি কৰি থাকে। কঁকালৰ তলত ৰোগীয়ে এখন হাত ভৰাই বিষোৱা অংশত চাপ দি শুব বিছাৰে বা কিবা টানবস্তু বিষোৱা অংশত

RUTA-GRAVEOLENS-200

 ভৰাই লৈ শুব বিছাৰে। ৰোগীৰ কঁকালৰ হাড় স্থানচ্যুত হয়, যিটো ডিক্স হাৰ্নিয়েচন বুলি কোৱা হয়।

কঁকালৰ অংশৰ ৰাজহাড়ৰ ডিক্স বাহীৰলৈ উলাই আহে ৰাজহাড়ৰৰ ভৰ্টিব্ৰা ক্ষয় হয়। হাড়ৰ আৱ

ৰনিৰ প্ৰদাহ হয়। কেতিয়াবা দূৰ্ঘটনাত আঘাট পোৱাৰ পাছত টি বি হয়। হাড়ৰৰ টি বি ৰোগৰ বাবে হোৱা কঁকালৰ বিষ বা টিবিৰ বাবে হোৱা যিকোনো বিষতে এই ঔষধ অত্যন্ত উপকাৰী।

CALCEREA FLOR

কেতিয়াবা আপোনালোকে USG, CT, MRI  কৰালে ৰিপৰ্টত লিখে নহয় অষ্টিয় ফাইট হোৱা (osteophyte formation)CALCEREA-FLOR-200

বুলি অৰ্থাত কঁকালৰ ভাৰটিব্ৰাত অকনমানি জোঙা গজালৰ নিচিনা হাৰ বাড়ি আহে, সূচা-বিন্ধাৰ আৰম্ভ কৰে। ৰেডিয়েটিং পেইন হয়। একেবাৰে কঁকতালৰ পৰা তললৈকে। ভৰীৰ কলাফুলৰ লৈকে। কাৰণ এই জুঙা টুকুৰাটোৱে নাৰ্ভত খুচা মৰাৰ বাবে ৰক্ত সঞ্চালনত বাধা আহি পৰাৰ ফলত জিন জিনোৱা বিষ,  জ্বলা – পাোৰা কৰা বিষ, একেবাৰে কাৰেণ্ট লগাৰ দৰে অনুভৱ হয়। এই অৱস্থাটোত ৰোগীৰ একেবাৰে অসহ্যকৰ অৱস্থা হয়।

চিন্তাৰ প্ৰয়োজন নাই ১৫-২০ দিনৰ ভিতৰত অষ্টিয়ফাইট গলি যাব। নোহোৱা হৈ যাব। এই মেডিচিনৰ ২০০ ক্ষমতাৰ ২ টোপাল কৈ দিনে ২ বাৰ বা ৩ বাৰ ব্যৱহাৰ কৰক।

 

LEDUM PALLEDUM-PAL

কঁকালৰ বিষ বৰফ লগালে বা ঠাণ্ডা পানী লগালে আৰাম পালে লিডাম পাল মেডিচিনটোৰ ২০০ ক্ষমতাৰ ৩ টোপাল কৈ ২ বাৰ কিছুদিন ব্যৱহাৰ কৰিলে কঁকালৰ বিষৰ পৰা উপশম পাব পাৰি।

 

HYPHERICUM

পোৰণা আঘাট লগাৰ বাবে বহুদীনিয়া কঁকালৰ বিষত এই ঔষধ উপযোগী।

কঁকালৰ-বিষৰ-হোমিঅ-পেথিক-মেডিচিন

KALICARB

পোৰনি কঁকালৰ বিষত এই ঔষধ অতি ফলপসু। বিশেষ কৈ কঁকাল বিষৰ ৰোগীয়ে ৰাতি শুব নোৱাৰে, বহি থাকিবলৈ বাধ্য হয়। ৰাতি ২ ৰ পৰা ৩ বজাৰ ভিতৰত বিষৰ প্ৰকোপ বৃদ্ধি হয়। এনে ধৰণৰ লক্ষণ থাকিলে এই ঔষধ ব্যবহাৰ কৰি কঁকালৰ বিষৰ পৰা অতি সহজে উপশম পাব পাৰি।

 

https://www.youtube.com/watch?v=GuI0QWBfOKk

ডাঃ হৰিকান্ত দাস।hi I am Dr Hari

Sunday, June 27, 2021

আপোনাৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধী ক্ষমতা কমিছে বুলি কেনেকৈ জানিব?

আপোনাৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধী ক্ষমতা কমিছে বুলি কেনেকৈ জানিব?

immune-systemএজন ব্যক্তি সুস্থ হৈ থাকিবৰ বাবে শৰীৰ আৰু মন ভালে থকাতো অতি জৰুৰী। যদি শৰীৰ সুস্থ থাকে আমাৰ মনো সদায় প্ৰফুল্ল থাকে। আৰু যদি মন বা মানসিক স্থিতি ভালে থাকে তেতিয়া শৰীৰ শক্তিশালী হয়। গতিকে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি আমি সদায় গুৰুত্ব প্ৰদান কৰিব লাগে। মন ভলে থাকিলে শৰীৰ ভালে থাকে আৰু শৰীৰ ভালে থাকিলে মন ভালে থাকে।

গতিকে আমাৰ শৰীৰৰতোক সুস্থ ৰাখিবৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাতো প্ৰয়োজন।

আপোনাৰ শৰীৰত যে ৰোগ প্ৰতিৰোধী ক্ষমতা কমি গৈছে আপোনি কেনেকৈ জানিব। গতিকে আজি আপোনালোকক কম এনেকুৱা ৬ টা লক্ষণৰ বিষয়ে। যিটো জনাৰ পাছত আপোনি আপোনাৰ শৰীৰত ৰোগ প্ৰতিৰোধী ক্ষমতা বা ইমিউনিটি কমাৰ কথা জানিব পাৰিব।

বৰ্তমান সময়ত ব্যাপক ভাৱে চৰ্চাত থকা বিষয়টোৱে হ’ল ইমিউনিটি বা ৰোগ প্ৰতিৰোধী ক্ষমতা। যি আমাক বিভিন্ন ৰোগৰ পৰা বছাই ৰাখি সুস্থ হৈ থকাত সহায় কৰে। ২০১৯ ৱবৰ্ষৰ কোভিড ১৯ মহামাৰীৰ পিছৰ পৰাই পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়েই এই মহামাৰীৰ পৰা বাছি থাকিবৰ বাবে নিজৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিৰ বাবে বিভিন্ন ধৰণেৰে প্ৰয়াস কৰি আহিছে। লগতে যাতে বিভিন্ন সংক্ৰামক ৰোগৰ পৰা বাছি থাকিব পাৰি তাৰ বাবেও ইমিউনিটি বা ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাতো প্ৰয়োজন হৈ পৰিছে।

কেনেকৈ জানিব আপোনাৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধী ক্ষমতা কম হোৱা বুলি। দেহৰ ইমিউনিটি কম হোৱাৰ প্ৰথম কাৰণতো হ’ল

ইমিউনিটি কম হোৱাৰ প্ৰথম কাৰণ হল অত্যাধিক মানসিক চাপঃ-

সানসিক-চাপআমেৰিকান চাইকলজিকেল এচচিএচনৰ এক প্ৰতিবেদন অনুসৰি দীৰ্ঘদিন ধৰি মানসিক চাপত ভুগিলে বা মানসিক অশান্তিত ভুগিলে দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস হ’ব পাৰে। কাৰণ অত্যন্ত মানসিক চাপৰ ফলত শৰীৰত লিম্ফচাইট হ্ৰাস হয়, বিভিন্ন ধৰণৰ সংক্ৰমণৰ বিৰুদ্ধে যুজঁদি আমাক বিভিন্ন ৰোগৰ পৰা বছাই ৰখা তেজৰ যি চেতৰক্ত কণিকা, সেই চেত ৰক্ত কণিকা কমাই ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস কৰে। আপোনাৰ যেতিয়া লিম্ফচাইটৰ কমি য়াব তেতিয়া আপোনি সাধাৰণ চৰ্দি , ফ্লু আদি ভাইৰাচত খুউব সঘনাই আক্ৰান্ত হ’ব। সঘনাই চৰ্দি, ফ্লু হ’ব, জ্বৰ, পানী লগা আদি সমস্যাত ভুগিব।

ইমিউনিটি কম হোৱাৰ দ্বিতীয় লক্ষণ হল সকলো সময়তে চৰ্দি হোৱাঃ-

প্ৰাপ্ত বয়স্ক লোকৰ ক্ষেত্ৰত বছৰত ২ বাৰ বা তিনি বাৰ চৰ্দি কাহত ভুগাটো একেবাৰে স্বাবাৱিক কথা। আৰু সপ্তাহ বা ১০ দিনৰ ভিতৰত পূণৰ স্বাভাৱিক অৱস্থালৈ আহে। আৰু আমাৰ দেহত এই চৰ্দি ফ্লুৰ ভাইৰাচ প্ৰতিৰোধী এন্টিবডিবোৰে ৩/৪ দিনৰ ভিতৰত এইবোৰ প্ৰতিৰোধ কৰি লয়। কিন্তু যদি আপোনাৰ একেৰাহে সকলো সময়তে চৰ্দি লাগি থাকে, চৰ্দি যদি সহজে ভাল হ’ব নুখুজে, তেলে হলে জানিব লাগিব যে আপোনাৰ দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা দূৰ্ব্বল হৈছে।

ইমিউনিটি কম হোৱাৰ তৃতীয় লক্ষণ হল সঘনাই মাত্ৰাধিক পেটৰ সমস্যা হোৱাঃ-

immune-systemআপোনাৰ যদি সঘনাই ডায়েৰীয়া, গ্ৰেছ, কোষ্ঠকাঠিন্যৰ সমস্যা হয় তেনে হলে আপোনি বুজিব লাগিব যে আপোনাৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা কৰবাত নহয় কৰবাত দূৰ্ব্বল হৈছে।

গৱেষণাৰ তথ্য অনুসৰি প্ৰায় ৯০ শতাংশ ৰোগ প্ৰতিৰোধী ক্ষমতা কম হোৱাতো পৰিপাক সম্বন্ধীয় সমস্যাৰ পৰাই হয়। বা পৰীপাক তন্ত্ৰৰ পৰাই হয়। কাৰণ আমাৰ পৰিপাক তন্ত্ৰত থকা প্ৰ’বায়টিকচ বা উপকাৰী বেক্টেৰীয়া বা অনুজীৱই আমাৰ অন্তক সংক্ৰমণৰ পৰা ৰক্ষা কৰে। আৰু ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিত সহায় কৰে। যদি এই উপকাৰী বেক্টেৰীয়াবোৰ আমাৰ অন্তত কমি যায় তেতিয়া আমাৰ দেহত ভাইৰাছ, দীৰ্ঘস্থায়ী পদাহ, গেছটাইটিছ, আলচাৰ,মেলিনা, এচিডিটি আদিৰ লগতে অট ইমোন ডিজিজ, ৰিমাটইড আঠাৰাইটিছ, এচিলি, ভিটিলেগ’ আদিৰ দৰে ৰোগ হোৱাতো সহায় কৰে।

ইমিউনিটি কম হোৱাৰ চতুৰ্থ লক্ষণটো হল শৰীৰত ঘাঁ শুকোৱাত পলম হোৱাঃ-

 

immune-system

আপোনাৰ যদি কটা-চিঙা ঘাঁ, পোৰা ঘাঁ বা আচোঁৰ খোৱা ঘাঁ হয় আৰু এই ঘাঁ সমূহ শুকোৱাত স্বাবাৱিকতে বেছি দিন লাগে। তেনে হলে বুজিব লাগিব যে আপোনাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমিছে। কাৰণ যেতিয়া আমাৰ কটা-চিঙা,পোৰা ঘাঁ হয় তেতিয়া সেই ঠাইখিনিত নতুন চাল উৎপন্ন কৰিবৰ বাবে আমাৰ শৰীৰে বিশুদ্ধ তেজ (NUTRIENT RICH BLOOD) যোগান দিয়ে। যাৰ বাবে দ্ৰুতগতিত ঘাঁ শুকোৱাত সহায় হয়।

এই ঘাঁ শুকোৱাৰ প্ৰক্ৰিয়া স্বাস্থ্যকৰ প্ৰতিৰোধক কোষৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু যদি আপোনাৰ ইমিউনিটি চিষ্টেম দূৰ্ব্বল হয় তেতিয়া আপোনাৰ চাল পূণৰ তৈয়াৰ কৰিব নোৱাৰা হয়। যাৰ বাবে আপোনাৰ ঘাঁ শুকোৱাৰ প্ৰক্ৰিয়া দীঘলীয়া হয়।

ইমিউনিটি কম হোৱাৰ পঞ্চম লক্ষণ হল সঘনাই সংক্ৰমণ বা (infections) হোৱাঃ-

যদি আপোনি সঘনাই সংক্ৰমণৰ সমস্যাৰ সন্মোখীন হয় তেতিয়া হলে আপোনি জানিব লাগিব যে আপোনাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমিছে।

আমেৰীকান একাডেমি অফ এলাৰ্জী, এজমা এণ্ড ইমিওন’লজিৰ তথ্য অনুসৰি প্ৰাপ্ত বয়স্কৰ লোকৰ ক্ষেত্ৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কম হোৱাৰ কেইটামান লক্ষণৰ কথা উল্লেখ কৰিছে ।

ইয়াৰ ভিতৰত হ’লঃ-

What-is-black-fungus-in-human?

১) কাণৰ সংক্ৰমণঃ- এক বছৰত কৈ অধিক সময় কাণৰ সংক্ৰমণ হ’ব পাৰে।

২) বছৰত ২ বাৰ নিমোনিয়াত ভুগা।

৩) ক্ৰণিক ছাইনো ছাইটিছ বা বছৰত তিনিবাৰ লৈকে বেক্টেৰীয়েল ছাইনোছাইটিছত ভুগা।

৪) বছৰত যদি দুবাৰ কৈ এণ্টিবায়টিকছ লব লগা হয়। তেনে হলে আপোনি জানিব লাগিব যে আপোনাৰ ইমিউনিটি কমিছে।

৫) সকলো সময়তে ভাগৰুৱা বা দূৰ্ব্বল অনুভৱ কৰাঃ-

সকলো সময়তে ভাগৰুৱা অনুভৱ কৰা, খোজকাঢ়িলে ঘৰুৱা কাম কৰিলে, বা খেলা-ধূলা কৰিলে যদি অলপতে ভাগৰ লাগে , কাম কৰিবলৈ মন নাযায়, টোপনী টোপনী অনুভৱ কৰি থাকে তেনে হলে আপোনি জানিব লাগিব যে আপোনাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমি গৈছে।

weakened-immune-system

এই লক্ষণ সমূহ যদি আপোনি দেখিবলৈ পায় তেনে হলে আপোনি সতৰ্ক হোৱা উচিত। আপোনাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিৰ বাবে আপোনী আপোনাৰ জীৱন যাত্ৰাত কিছু পৰিৱৰ্তন কৰিব লাগিব।

১) আপোনি সদায় পুষ্টিকৰ সুষম খাদ্য গ্ৰহণ কৰক।

২) টোপনি খতি নকৰিব। যথেষ্ট সময় তোপনি মাৰক।

৩) নিয়মিত শাৰীৰিক ব্যায়াম কৰক। সপ্তাহত কমেউ ৫ দিন ব্যায়াম কৰক।

৪) সদায় খাদ্য খোৱাৰ আগত হাত পৰিস্কাৰ কৈ চাবোনেৰে ধুৱক।

৫) অত্যাধিক ওজন বা মেদ বহুল লোক সকলে দেহৰ স্বভাৱিক ওজন বজাই ৰাখিবৰ বাবে চেষ্টা কৰক।

৬) ধূম্ৰপাণ, মদ্ৰপাণ, চাধা, ঢপাত আদিৰ সেৱন বৰ্জন কৰক।

৭) সদায় মানসিক চাপ এৰাই চলি হাঁহি- ফুৰ্টি কৰি থাকক, পৰিয়ালৰ লগত সময়কটাওক। আপোনাৰ সক্ৰিয়তাই তথা কাৰ্য ক্ষমতাই সুস্বাস্থ্যৰ মূল চাবি-কাঠি। গতিকে সুস্থ জীৱনৰ বাবে সকলোৱে স্বাস্থ্য ৰক্ষাৰ নীতি মানি চলক।

  

 hi I am Dr Hari

Saturday, June 19, 2021

আলচাৰৰ পৰা কেন্সাৰ হয় নেকি?

আলচাৰৰ পৰা কেন্সাৰ হয় নেকি?

♦ আলচাৰৰ পৰা কেন্সাৰ হয় নেকি?

♦ কেনেকুৱা ধৰণক আলচাৰ কেন্সাৰলৈ পৰিৱৰ্তন হব পাৰে?

♦ আপোনাৰ যে পেটত ঘাঁ হৈছে আপোনি কেনেকৈ জানিব?

আমাৰ ওচৰলৈ বহু ৰোগী আহে আৰু কয় আলচাৰ সমস্যাৰ পৰা তেখেঁতৰ ভয় হৈছে কাৰণ আলচাৰৰ পৰাইতো কেন্সাৰ হয়। বহুতৰে মুখত শুনিবলৈ পোৱা এটা সাধাৰণ কথা আলচাৰ মানেই যেন কেন্সাৰ। ই এটা ভুল ধাৰণা।

গেষ্ট্ৰিক-আলচাৰ

আলচাৰ দুই ধৰণৰ হয়ঃ

আমাৰ পেটত দুই ধৰণৰ আলচাৰ হয় এক গেষ্ট্ৰিক আলচাৰ আৰু দ্বিতীয়টো ডিওডেনেল আলচাৰ। ডিওডেনেল আলচাৰ কেন্সাৰলৈ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা একেবাৰেই নাথাকে, কৰবাত .০০১ শতাংশহে কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে। ৯৯.৯৯৯% কেন্সাৰ হোৱাৰ সম্ভাৱনা নাথাকে।

গেষ্ট্ৰিক আলচাৰৰ ক্ষেত্ৰত ভালদৰে চাবলগা হয়। কেতিয়াবা পৰীক্ষা কৰি চাবলগা হয় ই সাধাৰণ আলচাৰ নে? অথবা আলচাৰৰ দৰে ই গেষ্ট্ৰিক কেন্সাৰ। এনেকুৱা নহয় যে আলচাৰ কেন্সাৰলৈ ৰুপান্তৰ হৈছে। জলিংগাৰ এলিচাৰ চিণ্ডম নামৰ এক বেমাৰৰ বাবে কিন্তু কেতিয়াবা কেন্সাৰ হ’ব পাৰে। এই বেমাৰ হ’লে আমাৰ লিভাৰত টিউমাৰ হ’ব পাৰে বা পেনক্ৰিয়াচ, ক্ষুদ্ৰান্ত আদিত হব আৰু ইয়াৰ কাৰণে এচিড অধিক উৎপন্ন হব। ইয়াৰ বাবে জলিংগাৰ এলিচাৰ চিণ্ডম আৰম্ভ হব আৰু ই কেন্সাৰৰ দৰে আলচাৰৰ সৃষ্টি কৰিব পাৰে। কিন্তু ই একেবাৰে কম, কেতিয়াবা কৰবাত দেখা পোৱা যায়।

যেতিয়া আমি আলচাৰৰ কথা ভাবো তেতিয়া কেন্সাৰৰ কথা ভবাৰ স্থল নাথাকে। ডিওডেনেল আলচাৰৰ কথা আহিলেও কেন্সাৰৰ সম্ভাৱনাৰ কথা একেবাৰে নাহে। কিন্তু গেষ্ট্ৰিক আলচাৰৰ ক্ষেত্ৰত কেন্সাৰৰ কথা ভবা হয়। সেইয়েহে যেতিয়া এণ্ডস্কপি কৰা হয় আৰু এণ্ডস্কপিত য়েতিয়া গেষ্ট্ৰিক আলচাৰ ধৰা পৰে, তেতিয়া চিকিৎসকে সেই আলচাৰৰ ওচৰৰ পৰা অলপ মাংস সংগ্ৰহ কৰি ইয়াৰ বা’য়পচি কৰায় নিশ্চত হয় যে কেন্সাৰৰ দৰে কিবা ডেভলপ হৈছে নেকি।

গেষ্ট্ৰিক-আলচাৰআলচাৰৰ লক্ষণঃ-

যদি আপোনাৰ আলচাৰৰ দৰে বেমাৰ আছে তেনে হলে আপোনাৰ কেনেকুৱা ধৰণৰ লক্ষণ প্ৰকাশ পাব।

১) প্ৰথম লক্ষণ হ’ল অত্যাধিক এচিডিটিৰ বাবে পেটৰ পোৰণি হ’ব। পোৰণি নাভিৰ ওপৰৰ অংশত হ’ব।

২) বিষঃ-

বিষ হ’ব। যদি আপোনাৰ ডিওডেনেল আলচাৰ হৈছে তেনে হলে বিষ খালীপেটত হ’ব। আৰু যেতিয়া আপোনি কিবা খাব- পানী খালে, নাচপতিখালে বা বিস্কুত খালে বা যিকোনো বস্তু খোৱাৰ পাছত আপোনাৰ বিষ উপষম হ’ব।

যদি আপোনাৰ গেষ্ট্ৰিক আলচাৰ হৈছে আপোনি কিবা খোৱাৰ লগে লগে আপোনাৰ বিষ আৰু অধিক বৃদ্ধি হৈ যাব।

এই বিষ যেতিয়া ডিওডেনেল আলচাৰ হয় তেতিয়া কেতিয়াবা আপোনি ৰাতি ১/২ বজাত সাৰ পাব। কাৰণ ধৰক আপোনি ৰাতি ৯ বজাত খাদ্য খালে আৰু ৰাতি ১/২ বজা মানত আপোনাৰ খাদ্য খোৱাখিনি স্তমাকৰ পৰা আগলৈ গতি কৰিব আৰু ডিউডেনামটো খালী হৈ যাব। যেতিয়া  ডিওডেনামতো খালীহৈ যাব এচিডে পুণৰ আঘাত কৰিবলৈ ধৰিব যাৰ বাবে বিষৰ উৎপতি হৈ যাব, খুউব পেটৰ জ্বলাপোৰা আৰু বিষ হব। গতিকে আপোনি ৰাতি ১/২ বজাত উঠি বিস্কুত, পানী অথবা কিবা খালে যদি পেটৰ বিষ উপশম হয় তেনে হলে আপোনি জানিব লাগিব যে আপোনাৰ ডিওডেনেল আলচাৰ হৈছে। অৰ্থাত খালী পেটত হোৱা বিষ যেতিয়াই নহওঁক কিয়, যদি খাদ্য খালে ঠিক হয়। তেনে হলে আপোনি বুজিব লাগিব আপোনাৰ ডিওডেনেল আলচাৰ হৈছে।বমি-ভাৱ-হোৱা,

পেটৰ বিষ, জ্বলা-পোৰা যেতিয়া খাদ্যখালে বৃদ্ধি হয় তেনে হলে আপোনি বুজিব লাগিব যে আপোনাৰ গেষ্ট্ৰিক আলচাৰ হৈছে। কেৱল জ্বলা-পোৰা আৰু বিষেই নহয় ইয়াৰ ওপৰিও পেট গধূৰ লগা, পেটত খামুচি ধৰা, পেট কামুৰা আৰু  কেতিয়াবা বমি বমি ভাৱ বা বমিও হ’ব পাৰে। লগতে দেহৰ ওজন কমি যাব পাৰে। কাৰণ আলচাৰৰ দৰে বেমাৰ হ’লে ভুক কমি যায় যাৰ ফলত দেহৰ ওজনো কমি যোৱাৰ সমস্যা হ’ব পাৰে।

আটাইতকৈ ভয়াৱহ কথাটো হল ৫০ শতাংশ লোকৰ ক্ষেত্ৰত কিন্ত আলচাৰৰ দৰে গুৰুতৰ সমস্যাৰ কোনো ধৰণৰ লক্ষণ দেখা দিয়াৰ পৰিলক্ষিত নহয় বুলি এক চিকিৎস্যা সম্পৰ্কীয় অধ্যয়নত দেখা গৈছে। বহু সংখ্যক ব্যক্তিৰ দেখা যায় পেটত আলচাৰ আছে কিন্তু কোনো ধৰণৰ লক্ষণ প্ৰকাশ পোৱা নাই। কিবা বেলেগ সমস্যাৰ বাবে এণ্ডস্কপি কৰোৱাৰ পাছত ই ধৰা পৰে। যে ব্যক্তিজনৰ আলচাৰ হৈছে। ৫০ শতাংশ ৰোগীৰ আলচাৰ উহ্য হৈ থাকে।

DR HARIKANTA DAS