Learn about Health tips, Home remedies, Homeopathic treatment, know more about Anthropological research work.
Sunday, June 9, 2019
Friday, June 7, 2019
এলাৰ্জী (allergy treatment)
এলাৰ্জী
পৃথিৱীত হয়তো এনে এজন ব্যক্তি নোলাব যি নেকি কিবা নহয় কিবা কাৰনত এলাৰ্জী সমস্যাত ভোগা নাই। ই এটা অতি পৰিচিত সমস্যা। সকলোৰে হয় এলাৰ্জী। কেতিয়াবা হৰ্থাৎ গাত বিজ বিজায়। খজুৱাই বা মহে দাহে কামোৰা দৰে ডমনা ডমন পাতি প্ৰচণ্ড খজুৱতী হয়। অথবা অকনমান ঠাণ্ডা লাগিলেই চৰ্দি হয়। ঘনাই ঘনাই চৰ্দি কাহ হয়। নাক বন্ধ হয়। উশাহ নিশাহত যথেষ্ট কষ্ট হয়। জলবায়ু পৰিৱৰ্তনৰ সময়ত অথবা অলপ ধূলি মাকতিৰ সংস্পৰ্শলৈ আহিলেই সমস্যাৰ সৃষ্টি হয়।
এই সকলোবিলাক সমস্যা একমাত্ৰ কাৰণ হব পাৰে এলাৰ্জী। আমাৰ শৰীৰত ঘটা এক ধৰনৰ বিৰূপ প্ৰতিক্ৰিয়াকে এক কথাত এলাৰ্জী বুলি কব পাৰি। ঋতু পৰিৱৰ্তনৰ সময়ত ধুলি বালি, ঠাণ্ডা বতৰ, খাদ্য বস্তু, মেডিচিন আদিৰ জৰিয়তে যদি কোনো এলাৰ্জেনৰ প্ৰকোপ শৰীৰে সহ্য কৰিব নোৱাৰিলে শৰীৰত এক অস্বাভাৱিক প্ৰতিক্ৰিয়া সৃষ্টি হয়। এই এলাৰ্জেন বিলাকক শৰীৰৰ পৰা আতৰাই পথাবৰ বাবে শৰীৰে এক বিশেষ প্ৰক্ৰিয়া আৰম্ভ কৰে। তেতিয়াই আমাৰ দেহত এক অস্বাভাৱিক প্ৰতিক্ৰিয়া সৃষ্টি হয়। যাক আমি এলাৰ্জীক ৰিয়েকচন বুলি কওঁ। আমাৰ দেহৰ এন্টিবডি বা ৰোগ প্ৰতিৰোধী ক্ষমতাই আমাক নিয়মিত ভাৱে এই এলাৰ্জেন বোৰৰ পৰা সুৰক্ষাদি আছে।
শৰীৰত এলাৰ্জীক ERECTION সৃষ্টিকাৰী এই এলাৰ্জেন বিলাকক আমি এন্টিজেন বুলিও কওঁ। শৰীৰত এই এন্টিজেন বোৰ প্ৰৱেশ কৰা পাছত এই বোৰক ধ্বংস কৰিবৰ বাবে আমাৰ তেজত থকা চেতৰক্তকনিকা বোৰে এন্টিবডিৰ সৃষ্টি কৰে। ইয়াৰ কাম হল এন্টিজেন বোৰ ধ্বংস কৰা। এই এন্টিবডি আকৌ উৎপন্ন হয় আমাৰ শৰীৰত থকা immunoglobulin E নামৰ এক প্ৰটিন জাতীয় পদাৰ্থৰ পৰা। এইখিনিতেই এটা কথা কৈথও। অকল ধূলি-বালি, অখাদ্যৰ বাবেই যে এন্টিবডি উৎপন্ন কৰে তেনে নহয় কেতিয়াবা কিছুমান শৰীৰত হানি বিঘিনি নঘটোৱা পদাৰ্থকো শৰীৰে এলাৰ্জেন হিচাপে গন্য কৰি এন্টিবডি উৎপন্ন কৰে। যেনে- প্ৰটিন জাতীয় কিছুমান খাদ্য- কচু, বেঙেনা ইত্যাদি। যিকোনো পদাৰ্থই এলাৰ্জীৰ সৃষ্টি কৰিব পাৰে। ভিন্ন ভিন্ন মানুহৰ বাবে এই এলাৰ্জী হোৱা বা এলাজেনো ভিন্ন ভিন্ন হব পাৰে। সচৰাচৰ আমি দেখি পোৱা এলাৰ্জেন বোৰৰ ভিতৰত ধুলি-মাকতি, ফুলৰ ৰেনু (pollen), কিছুমান শুং থকা গছ, কিছুমান ঔষধ যেনে- ibuprofen, sulfa drug, penicillin আদি। কীট পটংগৰ শুং বা বৰলৰ শুং, মহৰ কামুৰনি, মৌ আদি। কিছুমান খাদ্য যেনে –মিছা মাছ, বেঙেনা, কচু, কনি, কঠাল আদি। ঘৰচীয়া বা পোহনীয়া জীৱ জন্তৰ নোমৰ পৰাও এলাৰ্জী হব পাৰে। এই সকলোবোৰ কথা নিৰ্ভৰ কৰে ব্যক্তিজনৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ উপৰত। কাৰ হব কাৰ নহব এই কথা পূৰ্ব্বানুমান কৰিব নোৱাৰি।
আমাৰ তেজত থকা এন্টিবডিয়ে যেতিয়া এটা এলাৰ্জেন চিনাক্ত কৰে আৰু তাক ধ্বংস কৰিবলৈ চেষ্টা কৰে। সেই এন্টিবডি বিলাকে কিছুমান chemical বা ৰাসায়নিক পদাৰ্থ ক্ষৰণ কৰে। যাক mediator বুলি কোৱা হয়। আমাৰ শীৰৰত mast call নামৰ এবিধ চেল থাকে যিবোৰ এলাৰ্জীক reaction ৰ সময়ত উত্তেজিত হয়। আৰু এই cell বোৰৰ পৰাই এন্টিবডি নিৰ্গত হয়। আমাৰ দেহৰ চাল, খাদ্য নলী আৰু শ্বাস-প্ৰশ্বাস তন্ত্ৰত এই চেল বোৰ বেছিকৈ থাকে। সেই কাৰনে এলাৰ্জীক reaction এই অংগ সমূহত বেছিকৈ দেখা যায়। এলাৰ্জীক reaction ৰ সময়ত mast cell ত থকা এন্টিবডি বিলাকে বিভিন্ন ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰে। ইয়াৰ ভিতৰত হিষ্টামিন প্ৰধান। এই হিষ্টামিন অত্যাধিক নিৰ্গত হোৱা বাবে শৰীৰত এলাৰ্জী উৎপন্ন হয় আৰু কেতিয়াবা এলাৰ্জীৰ প্ৰকোপ বৃদ্ধি হৈ মানুহৰ শ্বাস প্ৰশ্বাস তন্ত্ৰ আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুও ঘটিব পাৰে। যাক আমি ANAPHYLAXIS বুলি কঁও। মই আগতেই কৈছো মানুহৰ এলাৰ্জীৰ প্ৰভাৱ কম বা বেছি হোৱাটো নিৰ্ভৰ কৰে ব্যক্তিজনৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উপৰত। বৰ্তমান সময়ত ব্যস্ততাপূৰ্ন জীৱন শৈলী, খাদ্যভ্যাস আৰু সঠিক পোষনৰ অভাৱৰ বাবেই মানুহ শাৰীৰিক আৰু মানসিক ভাৱে দূৰ্ব্বল হোৱাটো স্বাভাৱিক হৈ পৰিছে। যাৰ ফলত মানুহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমি গৈছে। সেইয়ে এলাৰ্জী সমস্যাওঁ দ্ৰুত গতিত বৃদ্ধি হৈছে। এটা কথা মন কৰিব লগীয়া যে, যেতিয়া এজন মানুহৰ ডাঙৰ বেমাৰ হৈ দূৰ্ব্বল হৈ পৰে তেতিয়া মানুহ জন খুওব খিং খিঙিয়া স্বভাৱৰ হয় আৰু সৰু সৰু কথাতে অধিক খং উঠে। ঠিক তেনেদৰে শৰীৰৰত ৰোগ প্ৰতিৰোধী ক্ষমতা কমি গলে শৰীৰৰ অংগ পতংগ বোৰ সংবেদনশীল হৈ পৰে। আৰু সৰু সৰু কিছুমান কাৰক যেনে – ধুলি, ধোৱা, বতৰ পৰিৱৰ্তন, ঠাণ্ডা বতাহ, ঠাণ্ডা পানী, খাদ্য সামগ্ৰীৰ দ্বাৰাও শৰীৰত বিৰুপ প্ৰতিক্ৰিয়া সৃ্ষ্টি হয়। আৰু অতি সংবেদনশীল হৈ পৰে। যাক আমি HYPERSENSILIVITY REACTION বা Allergic REACTION বুলি কওঁ।
এতিয়া আহো এলাৰ্জীৰ লক্ষনলৈ-
এলাৰ্জীৰ চালত হোৱা লক্ষনঃ-
ছালত বিজবিজোৱা, ৰঙা পৰা, খজুৱতি হোৱা, ফুলি উঠা, পানী জোলা আদি।
মুখণ্ডলত হোৱা লক্ষনঃ
মুখমণ্ডল, ডিঙি, চকুৰ পতা ফুলিউঠা, জিভা ফুলি বা উখহি উঠা, মাত ভাঙি যোৱা, মুৰৰ বিষ আদি।
নাকত হোৱা লক্ষনঃ
নাকৰ ফুটা বন্ধ হৈ যোৱা, নাকৰ পৰা পানী ওলোৱা, হাঁচি, নাক আৰু ডিঙিৰ পৰা ডাঠ বিজলুৱা পদাৰ্থ উলোৱা ইত্যাদি।
চকুত হোৱা লক্ষনঃ
চকু ৰঙা পৰা, খজুৱতি, চকুৰ পতা ফুলি যোৱা ইত্যাদি।
পাকস্থলিত হোৱা লক্ষনঃ
পেটৰ বিষ, বমি ভাৱ, ডায়েৰিয়া, তেজযুক্ত ডায়েৰিয়া ইত্যাদি।
হাওঁফাওঁত হোৱা লক্ষনঃ
হাওঁফাওঁৰ পৰা সোঁ সোঁ শব্দ হোৱা, দীঘল দীঘল উশাহ নিশাহ লোৱা,বা উশাহ চুটি চুটি হোৱা, স্বাশ কষ্ট আদি।
অন্যান্য লক্ষন সমূহঃ-
ভাগৰুৱা বা এলাহ, মূৰ অচণ্ডাই কৰা বা, মূৰ পাতল পাতল লগা অজ্ঞান হৈ যোৱা, গোটেই শৰীৰত ৰঙা চকলা চকল দাগৰ লগতে খজুৱতী হোৱা আদি।
এলাৰ্জেনৰ প্ৰকাৰ আৰু মানুহজনৰ ৰোগ প্ৰতিৰোধী ক্ষমতা অনুযায়ী লক্ষণ সমূহো ভিন ভিন হয়। ওপৰোক্ত লক্ষণ সমূহৰ যিকোনো লক্ষণ দেখা দিলেই চিকিৎসকৰ ওচৰ চপা উচিত। কাৰণ Allergic reaction খুব কম সময়ৰ ভিতৰতে ভয়ানক ৰূপ লব পাৰে।
এলাৰ্জীৰ ফলত হব পৰা জটিলতা –
এলাৰ্জীৰ ফলত শৰীৰৰ বিভিন্ন অংগ বা অংশ আক্ৰান্ত হব পাৰে।
যদি নাকৰ শ্লেষ্মাৱৰন আক্ৰান্ত হয় তেন্তে তাৰ পৰা এলাৰ্জিক ৰাইনাইটিচ বা সহজ ভাষাত চৰ্দী বা পানী লগা (hay fever) উৎপন্ন হয়।
তাৰ পৰা অলপ ভিতৰত naso pharynx আক্ৰান্ত হ‘লে adenoid প্ৰভাৱিত হয়।
Oro pharynx আক্ৰান্ত কৰি টনচিলাইটিচৰ সৃষ্টি কৰে।
মূখমণ্ডলৰ চাইনাচক আক্ৰান্ত কৰি চাইনাচাইটিছৰ সৃষ্টি কৰে।
লগতে মূৰৰ ফালে আক্ৰমণ কৰি মাইগ্ৰেইনৰ মূৰৰ বিষৰ সৃষ্টি কৰিব পাৰে।
ই আমাৰ চুলি সৰা বা চুলিৰ অকাল পক্কতাৰ কাৰণো হব পাৰে ।
এই এলাৰ্জী যদি শ্বাস নলীৰ তলৰ অংশত গুছি যায় তাৰ পৰা ব্ৰংকিয়েল এজ্মাৰ সৃষ্টি হয়।
যদিও ওপৰত উল্লেখ কৰা বেমাৰবোৰৰ নাম বা লক্ষণ ভিন ভিন হয় ইঁহতৰ কাৰণ একেটাই। সেইটো হৈছে এলাৰ্জী।
পৰীক্ষাগাৰত কৰিব লগীয়া পৰীক্ষা –
তেজৰ সম্পূৰ্ণ কোষৰ সংখ্যা নিৰ্ণয় (Complete blood count) । এইটো পৰীক্ষাত তেজৰ ইওচিনোফিল নামৰ কোষৰ সংখ্যা বেছিকৈ ওলাব পাৰে।
IgE বা Immunoglobulin E এন্টিবডিৰ পৰীক্ষাৰ সহায়ত মানুহজনৰ কি কি পদাৰ্থৰ প্ৰতি এলাৰ্জী আছে তাক পৰীক্ষা কৰা হয়।
কিছুমান ইনজেকচন লগোৱাৰ আগতে ছালত পৰীক্ষা (skin test) কৰিব দিয়া হয়।
এলাৰ্জীৰ প্ৰতিৰোধ –
যি কাৰকৰ পৰা এলাৰ্জীৰ সৃষ্টি হয় সেই কাৰকৰ পৰা আতৰি থকাই একমাত্ৰ প্ৰতিৰোধ। লগতে আমি সুষম আহাৰ, ফলমূল, সেউজীয়া শাক পাচলি বেছিকৈ সেৱন কৰিব লাগে। ধূলি বালি বা প্ৰদূষিত বাতাবৰণৰ পৰা পাৰ্য্যমানে আতৰি থাকিব লাগে।
চিকিৎসা –
আধুনিক চিকিৎসা ব্যৱস্থাত এণ্টি – হিষ্টামিনিক, ষ্টেৰইড ইত্যাদি ব্যৱহাৰ কৰা হয় আৰু অতি ভয়াবহ Allergic reaction ৰ ক্ষেত্ৰত এপিনেফ্ৰিন নামৰ ঔষধ (injection) ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও এলাৰ্জীৰ ফলত হোৱা বিভিন্ন লক্ষণ বা জটিলতাৰ বাবে সেই লক্ষণ বা জটিলতা অনুযায়ী চিকিৎসা কৰা হয়।
হোমিঅপেথিক চিকিৎসা – আগলৈ.................
Subscribe to:
Comments (Atom)
-
এই সমস্যা শিশুৰ পৰা বৃদ্ধলৈকে লকলোৰে হয় যদিও কিন্ত মহিলাসকলহে এই সমস্যাত বেছিকৈ ভাৰক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায়।এই সংক্ৰমনৰ বাবে প্ৰস্ৰাৱ...
-
আমাৰ দেহক কৰ্মযক্তিৰ বাবে বিশুদ্ধ ৰক্তৰ প্ৰয়োজন হয়।হৃদপিণ্ডই ধমনী সমুহৰ যোগেদি এই বিশুদ্ধ ৰক্ত সমগ্ৰ শৰীৰত যোগান ধৰে। কিন্তু নিজৰ স্...
-
At my last article I have discussed about one of the important ovarian factor, PCOS (Poly cystic Ovarian Syndrome),so today i am going to ...
-
ভাৰত আৰু চিনত পৃথিৱীৰ আধাতকৈও বেছি কেন্সাৰ ৰোগীয়ে বাস কৰেঃ ভাৰতৰ এটা বিখ্যাত নিউজ চেনেলতপ্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি ভাৰতত আতি ...
-
২. চজিনা পাত : English: Drum stick:Botanical :Moringa oleifera: অস্থি মজবুত কৰে, ৰক্তসংশোধন কৰে,ডায়বেটিছ নিয়ন্ত্ৰনত সহায় কৰে, হজমী ...
-
সাৱধান আপোনাৰ চকুৰ নোমত থাকিব পাৰে ভয়ংকৰ পোকঃ কঠিত আছে যে মানৱ শৰীৰ বিভিন্ন ব্যধিৰ মন্দিৰ। জীৱন কালত মানুহৰ দেহত বিভিন্ন কাৰনত বিভিন্ন ধৰ...
-
আপোনি বাৰু বগাস্ৰাবৰ সমস্যাত ভূগিছে নেকি? বগাস্ৰাব জনিত সমস্যাৰ বাবে আপোনাৰ স্বাস্থ্যৰ দ্ৰুত অবনতি ঘটিছে নেকি?? আপোনাৰ ছোৱালী জনীৰ এই সমস্য...
-
কি ভুলৰ বাবে আপোনাৰ কিডনীত হয়? কিডনী পাথৰ বৰ সাংঘাটিক বিষ হয়। আমাৰ ওচৰত কেতিয়াবা ৰোগী আহে দেখি পাওঁ, না বঢ়িব পাৰে না শুব পাৰে। ধৰফৰাই থাকে...
-
Homeopathic Case-Taking Name: Date of birth: ______________ Gender: _______B/P: ____ Weight: ____ Height: ______ Marital Status: ____...